অন্যযুগ/


মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা

(৯)



        পেৰুনিকা ফুলা বতৰতে ষ্টেপানে কাম কৰা স্কুলঘৰৰ ৰং কৰা কাম যিহেতু সমাপ্ত হৈছিল, স্কুলত সকলো আজৰি হৈ আছিল; সেয়ে স্কুলৰপৰা শিক্ষামূলক ভ্ৰমণ এটাত যোৱাৰ কথা ওলাইছিল। পিছে ক'লৈ যাব? কোনোবা এজনে কৈ উঠিছিল— লঞ্জস্কো পলজে প্ৰকৃতি উদ্যান (Lonjsko Polje Nature Park)।

          এনেবোৰ ভ্ৰমণ ভাল পায় ষ্টেপানে। ষ্টেপানে ভাবে— এই যে মানুহে জীৱনটোক যিমান পাৰি স্থায়ী বুলি ভাবিবলৈ চেষ্টা কৰে, সদায় স্থিৰতা বিচাৰে, পাহৰি যায় যে জীৱনটো এটা চলমান যাত্ৰা। এই চলমান যাত্ৰাৰেই হয়তো এক অংশ এনেবোৰ ভ্ৰমণ! মানুহে সাধাৰণতে পাহৰি থাকিবলৈ ভাল পায় যে জগতৰ একোৱেই স্থায়ী নহয়– সকলো গতিশীল, পৰিৱৰ্তনশীল। অৱশ্যে পৰিৱৰ্তনশীলতাই হৈছে জীৱনৰ সৌৰভ আৰু সৌন্দৰ্য। ভ্ৰমণৰো সৌন্দৰ্য আছে। যিদৰে পৃথিৱীত নতুন কিবা এটাৰ প্ৰতিশ্ৰুতি সদায় থাকে। ক্ষয়ত, ধ্বংসত নিহিত হৈ থাকে পুনৰুদ্ধাৰৰ বীজ, নতুনৰ সপোন, আশা।

        গাড়ী ষ্টেপানৰ ঘৰৰ পদূলিৰ আগেদিয়েই পাৰ হৈ যাব। সেয়ে তেওঁ স্কুললৈ নগ'লেও হ'ব; মলেঁয়াৰ সৈতে পদূলিতে বাছত উঠিব। 

            পুৱা নিজেই কফি আৰু বিস্কুট খাই, মলেঁয়াক দুটা মাছ খাবলৈ দি সাজু হৈ আছে ষ্টেপান। আজিৰ দিনটো মলেঁয়াৰ বাবে হ'ব এটা বিশেষ দিন। তাইৰ জীৱনৰ প্ৰথমটো সমূহীয়া ভ্ৰমণৰ দিন।

            দুখন স্কুল-বাছ পাৰ হৈ গ'ল ষ্টেপানৰ ঘৰৰ সমুখৰ পথেৰে। তৃতীয়খন স্কুল-বাছ তেওঁৰ পদূলিত ৰ'ল। দুৱাৰ খুলি হাত জোকাৰি ষ্টেপানক মাতিলে কোনোবা এজনে। টাৱেল এখনেৰে মলেঁয়াৰ ঠেং দুখন মেৰিয়াই, বুকুত মলেঁয়াক সুমুৱাই লৈ ষ্টেপান গাড়ীত উঠিলহি।

: ডব্ৰ জুট্ৰ (dobro jutro)।— ষ্টেপান গাড়ীত উঠাৰ লগে লগে কেইবাজনেও ষ্টেপানক সুপ্ৰভাত জনালে।

: ডব্ৰ জুট্ৰ...।— ষ্টেপানেও সকলোকে সুপ্ৰভাত জনালে।

: মলেঁয়াকো লগত লৈ আহিছে!— ডেকা শিক্ষক বৰিশ্লাভে সুধিলে। তেওঁৰ ওঁঠত হাঁহি।

: হয়। আজি মলেঁয়াৰ বাবে বিশেষ দিন। তাইৰ প্ৰথম সামূহিক ভ্ৰমণ।— ষ্টেপানে হাঁহি উত্তৰ দিলে।

: খুব জমিব ন মলেঁয়া!— মলেঁয়ালৈ চাই বৰিশ্লাভে পুনৰ হাঁহিলে।

            মলেঁয়াৰ বাবে পৰিৱেশটো আচহুৱা। একেলগে ইমানবোৰ মানুহ দেখাই নাই তাই। তাতে ঘৰঘৰণি শব্দ তোলা ইঞ্জেনেৰে চলি যোৱা তাইৰ অপৰিচিত বাছখনৰ বুকুত। সেয়ে তাই ষ্টেপানৰ বুকুত লিপিট খাই ধৰাৰ দৰে কৰিছে। তাইৰ কণমানি চকুহালেৰে ইফালে সিফালে চাইছে। ষ্টেপানে বুজিছে, মলেঁয়া সহজ হ'ব পৰা নাই। তাইক সহজ কৰি তুলিবলৈ ষ্টেপানে গাড়ীৰ খিৰিকিখন খুলি দিলে। ঠোঁটখনৰ অকণমান খিৰিকিৰে বাহিৰলৈ উলিয়াই মলেঁয়াই যেন সতেজ বতাহৰ পৰশ ল'লে!

            গাড়ীৰ ভিতৰৰ পৰিৱেশটো মলেঁয়াৰ বাবে আচহুৱা হ'লেও তাই কিন্তু গাড়ীত থকা প্ৰতিজনৰে চিনাকি। তেওঁলোকে ষ্টেপানৰপৰা মলেঁয়াৰ খা-খবৰ লৈয়ে থাকে। মলেঁয়াক লালন-পালন কৰা বাবে তেওঁলোকে ষ্টেপানক প্ৰশংসা কৰে। আনকি স্কুল কৰ্তৃপক্ষই কেতিয়াবা ষ্টেপানে বিচাৰিলে তেওঁক স্কুলৰপৰা সোনকালে ঘৰলৈ যাবলৈও দিয়ে। মলেঁয়াক ডাঙৰ-দীঘল কৰাত স্কুল কৰ্তৃপক্ষৰ এনে পৰোক্ষ সহযোগৰ কথা ষ্টেপানে কেতিয়াও পাহৰিব নোৱাৰে।

: জাগ্ৰেৱ পালোঁহি!— ল'ৰা-ছোৱালীবোৰ কিৰিলিয়াই উঠিল।

: জাগ্ৰেৱ— আমাৰ ৰাজধানী। দেশৰ ৰাজধানী।— শিক্ষক এজনে কৈ উঠিল।

            জাগ্ৰেৱ জানো দেশৰ কেৱল ৰাজধানী!— ষ্টেপানে ভাবিলে। আচলতে জাগ্ৰেৱ কেৱল ৰাজধানী চহৰেই নহয়; ই হৈছে ক্ৰ'ৱেছিয়াৰ সৰ্ববৃহৎ চহৰ আৰু দেশখনৰ সংস্কৃতিৰো কেন্দ্ৰবিন্দু। দেশখনৰ উত্তৰ-পশ্চিম অংশত, মেডভেড'নিকা পাহাৰৰ দক্ষিণ ঢালত, সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১২২ মিটাৰ উচ্চতাত, ছাভা নদীৰ উপত্যকাৰ সমতলত অৱস্থিত। পাহাৰৰ উত্তৰ দিশৰ অৰণ্য, আঙুৰৰ বাগিচাৰে মনোমোহা গাঁও আৰু প্ৰাচীন দুৰ্গৰ এলেকা জাগৰ্জে। পশ্চিম আৰু মধ্য ইউৰোপৰ পৰা এড্ৰিয়াটিক সাগৰ আৰু বাল্কন উপদ্বীপলৈ যোৱা ঘাইপথ আৰু ৰে'লপথৰ সংযোগস্থলত থিয় দি আছে এই জাগ্ৰেৱ চহৰ।

: ইয়াৰ পৰা কিছুদূৰ গ'লেই বিখ্যাত কেথেড্ৰে'লটো পাম।— কোনোবা এজনে ক'লে।

: জাগ্ৰেৱৰ উল্লেখযোগ্য পুৰণি অট্টালিকাসমূহৰ ভিতৰত এই কেথেড্ৰে'লটো অন্যতম। পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।— ল'ৰা-ছোৱালীবোৰক বৰিশ্লাভে বুজালে।

            কেথেড্ৰে'লটোলৈ ষ্টেপান কেইবাবাৰো আহিছে। জাগ্ৰেৱৰ আকাশ-ৰেখাত এই  কেথেড্ৰে'লৰ উচ্চ যমজ শিখৰে আধিপত্য বিস্তাৰ কৰিছে। এই কেথেড্ৰে'লটো জাগ্ৰেৱৰ এটা লেণ্ডমাৰ্ক। দূৰৰ পৰা, চহৰৰ বহু ঠাইৰ পৰা শিখৰ দুটা দেখা যায়। যদিও এই নব্য গথিক (neo-Gothic) কেথেড্ৰে'লটো সম্পূৰ্ণৰূপে ঊণবিংশ শতিকাত নিৰ্মাণ কৰা হৈছিল, তথাপি এই কেথেড্ৰে'ল নিৰ্মাণৰ কাম বহু আগৰ পৰাই হৈ আছিল। ১০৯৩ চনত যেতিয়া হাংগেৰীৰ ৰজা প্ৰথম লাডিছলাছে বিশ্বপৰ আসনখন চিছাকৰ পৰা জাগ্ৰেৱলৈ স্থানান্তৰিত কৰে, তেতিয়া তেওঁ সেই সময়ৰ গীৰ্জাটোক কেথেড্ৰে'ল হিচাপে ঘোষণা কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত কেথেড্ৰে'লটোৰ নৱনিৰ্মাণ আৰম্ভ হয় আৰু ১২১৭ চনত সম্পূৰ্ণ হয়। হাংগেৰীৰ ৰজা দ্বিতীয় এণ্ড্ৰুৱে ইয়াক পৱিত্ৰ কৰে। ১২৪২ চনত মংগোলসকলে এই ভৱনটো ধ্বংস কৰে যদিও কেইবছৰমানৰ পাছত বিশ্বপ টিমোথিয়ে পুনৰ নিৰ্মাণ কৰায়। পঞ্চদশ শতিকাত যেতিয়া অট্টোমানসকলে ব'ছনিয়া আৰু ক্ৰ’ৱেছিয়া আক্ৰমণ কৰাৰ ভাবুকি দিছিল, তেতিয়া কেথেড্ৰে'লটোক সুৰক্ষিত কৰিবলৈ কেথেড্ৰে'লৰ চাৰিওফালে দ্ৰুতগতিত এখন দেৱাল নিৰ্মাণ কৰা হৈছিল, য’ত অট্টোমান সৈন্যৰ ওপৰত চকু ৰাখিবলৈ ঘূৰণীয়া টাৱাৰো নিৰ্মাণ কৰা হৈছিল। সপ্তদশ শতিকাত যেতিয়া অট্টোমান আক্ৰমণৰ ভাবুকি শেষ হৈছিল তেতিয়া এটা ঘণ্টা টাৱাৰ নিৰ্মাণ কৰা হৈছিল। ঊণবিংশ শতিকাত প্ৰতিৰক্ষা ব্যৱস্থা ভাঙি কেথেড্ৰে'লৰ সন্মুখভাগ সম্পূৰ্ণৰূপে মুকলি কৰা হয়। ঊণবিংশ শতিকাৰ শেষৰ ফালে হোৱা ভয়ংকৰ ভূমিকম্পৰ ফলত এই কেথেড্ৰে'লটোৰ যথেষ্ট ক্ষতি হৈছিল। কেথেড্ৰে'লৰ ঠিক সন্মুখতে সোণালী মেৰী স্তম্ভ আৰু চাৰিওফালে থকা ফেৰেস্তাৰ সোণালী মূৰ্তিবোৰে কেথেড্ৰে'ল চৌহদটোৰ শোভা বঢ়াইছে। সেই শোভা দৰ্শনৰ বাবে ষ্টেপানে কেইবাবাৰো তেওঁ পত্নীক লগত লৈ আহিছিল। কেথেড্ৰে'লটোৰ নিৰৱতা আৰু প্ৰাচীনতাত যেন নিজক বিচাৰি পাইছিল ষ্টেপানে।

            মলেঁয়াৰ লগতে ষ্টেপানেও চালে বাহিৰৰ দৃশ্যৰাজি। জাগ্ৰেৱ চহৰৰ ব্যস্ততা, চঞ্চলতা আৰু প্ৰাচীনতা। ক্ৰ’ৱেছিয়াৰ ৰাজধানী আৰু মুখ্য চহৰ জাগ্ৰেৱ এতিয়া ব্যস্ত। উত্তৰে মেডভেড'নিকা পাহাৰৰ ঢালত আৰু দক্ষিণে ছাভা নদীৰ উপত্যকাৰ এই চহৰতে এদিন পঢ়িছিলহি ষ্টেপানৰ দুই পুত্ৰই। জাগ্ৰেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল সিহঁত। ইয়াৰ পৰাই আৰম্ভ হৈছিল সিহঁতৰ বিদেশ পৰিক্ৰমা।

: আমাৰ দেশ, আমাৰ জাগ্ৰেৱ বিচিত্ৰ নহয়নে বাৰু!— ষ্টেপানৰ কাষৰ ছীটত বহি অহা বৰিশ্লাভে ক'লে।

: নিশ্চয়। আচলতে সকলো দেশেই বিচিত্ৰ। অৱশ্যে সকলোতকৈ বিচিত্ৰ প্ৰকৃতি।

: মই পঢ়িছোঁ— জাগ্ৰেৱৰ বিষয়ে সবিশেষ। জাগ্ৰেৱৰ পুৰণি চহৰখন পাহাৰত মধ্যযুগীয় দুটা বসতিৰে গঠিত— গ্ৰীচ নাগৰিকৰ বসতি, যাক ত্ৰয়োদশ শতিকাত মংগোলীয়সকলৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ বাবে নিৰ্মাণ কৰা দেৱালেৰে আগুৰি থকাৰ সময়ত গ্ৰেডেক নামেৰে নামকৰণ কৰা হৈছিল। আনটো বসতি হৈছে ষোড়শ শতিকাত দুৰ্গ নিৰ্মাণ কৰা গীৰ্জাৰ বসতি কাপটল। এই দুখন চহৰ ঊণবিংশ শতিকালৈকে প্ৰতিদ্বন্দ্বী সত্তা হিচাপে চলি আছিল। যেতিয়া নতুন আট্টালিকাৰ শাৰীয়ে দুই চহৰক সংযোগ কৰিলে আৰু দক্ষিণলৈ ছাভাৰ সমতললৈকে সম্প্ৰসাৰিত হ’ল তেতিয়া হৈ পৰিল চৌহদ আৰু ৰাজহুৱা আট্টালিকাৰ এখন সৰলৰেখাযুক্ত নতুন চহৰ।— বৰিশ্লাভে ক'লে।

: হয়। সঠিক কথা। কুৰি শতিকাত এই চহৰৰ সম্প্ৰসাৰণ পূব আৰু পশ্চিম দিশলৈ আগবাঢ়ি যায় আৰু ১৯৪৫ চনৰ পাছত ছাভা নদীৰ দক্ষিণ (সোঁফালে) পাৰত নতুন আৱাসিক নিৰ্মাণৰ কাম আৰম্ভ হয়। মেডভেডনিকা পাহাৰৰ উত্তৰত বনাঞ্চল, আঙুৰৰ বাগিচা, চিত্ৰময় গাঁও আৰু প্ৰাচীন চ্যাট'ৰ জাগৰ্জে অঞ্চলেৰে জাগ্ৰেৱ সঁচাকৈয়ে বিচিত্ৰ।— ষ্টেপানে সংযোগ কৰিলে।

        এইবাৰ বহাৰ পৰা থিয় হ'ল বৰিশ্লাভ। গাড়ীৰ সন্মুখৰ ঠাইলৈ গৈ মাউথ স্পীকাৰটো তুলি ল'লে। বিশেষ ভংগীত ৰৈ তেওঁ ল'ৰা-ছোৱালীবোৰে বুজি পোৱাকৈ ক'বলৈ আৰম্ভ কৰিলে—

: তোমালোক সকলোৱে মন দি শুনা। আমাৰ দেশৰ ৰাজধানী জাগ্ৰেৱৰ পুৰণি কালত দুটা ভাগ আছিল। গ্ৰেডেক আৰু কাপটল। গ্ৰেডেকৰ উল্লেখযোগ্য পুৰণি আট্টালিকাসমূহৰ ভিতৰত আছে গ'থিক শৈলীৰ ছে'ণ্ট মাৰ্কাছৰ চাৰ্ছ, ছে'ণ্ট কেথেৰিনৰ বেৰক চাৰ্ছ, পূৰ্বৰ জেচুইট মঠ জিৰিনস্কি আৰু অৰ্চিচৰ প্ৰাসাদ আৰু নব্য ধ্ৰুপদী ড্ৰাস্কোভিচ প্ৰাসাদ আদি। কেপটলত ত্ৰয়োদশ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ ভিতৰৰ ছে'ণ্ট ষ্টিফেনৰ গথিক কেথেড্ৰে'ল আছে। ঊণবিংশ শতিকাৰ শেষৰ ফালে এই কেথেড্ৰে'লটো পুনৰুদ্ধাৰ কৰা হৈছিল। কেথেড্ৰে'লৰ ওচৰতে জাগ্ৰেৱৰ আৰ্চবিশ্বপসকলৰ বেৰক প্ৰাসাদ আছে, য’ত ছে'ণ্ট ষ্টিফেনৰ চেপেল আছে। ক্ৰ'ৱেছিয়াৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে জাগ্ৰেৱ একাডেমী অৱ ছায়েঞ্চ এণ্ড আৰ্টছ আৰু জাগ্ৰেব বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যালয় ইয়াতেই আছে। কেইবাখনো আৰ্ট গেলেৰীত পুৰণি আৰু আধুনিক দুয়োবিধৰ সংগ্ৰহ আছে। আছে শিল্প, নাট্য, সংগীতৰ বিভিন্ন সংগ্ৰহালয় আৰু একাডেমী।

            আধুনিক জাগ্ৰেৱৰ কথা প্ৰথম উল্লেখ কৰা হৈছিল ১০৯৩ চনত, যেতিয়া ইয়াত ৰোমান কেথ'লিক বিচপৰিক (Bisporic) প্ৰতিষ্ঠা কৰা হৈছিল। ১২৪১-৪২ চনত মংগোলীয় আক্ৰমণৰ পিছত গ্ৰেডেক ৰাজকীয় শক্তিমুক্ত চহৰত পৰিণত হয় আৰু ইয়াত দুৰ্গ নিৰ্মাণ কৰা হয়; এই দুৰ্গসমূহৰ অংশ আছিল কেইবাটাও টাৱাৰ; যিবোৰ এতিয়াও থিয় হৈ আছে। ৰাজনৈতিক কেন্দ্ৰ হিচাপে জাগ্ৰেৱে ক্ৰ’ৱেছিয়াৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যিয়ে প্ৰথমে তুৰস্কৰ বিৰুদ্ধে আৰু পাছলৈ অষ্ট্ৰিয়াই জাৰ্মানীকৰণৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। ঊণবিংশ শতিকাত ক্ৰ'ৱেছিয়াৰ জাতীয় পুনৰুজ্জীৱনৰ সময়ত এই চহৰখন আছিল পেন-যুগোশ্লাভিয়া আন্দোলন আৰু ক্ৰ'ৱেছিয়ান স্বাধীনতা আন্দোলন দুয়োটাৰে কেন্দ্ৰবিন্দু। ১৯১৮ চনৰ অক্টোবৰ মাহত জাগ্ৰেৱত বৈঠকত মিলিত হোৱা ক্ৰ'ৱেছিয়ান ডায়েটে (Croatian Diet) অষ্ট্ৰিয়া-হাংগেৰীৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি ক্ৰ'ৱেছিয়া, শ্ল'ভেনিয়া আৰু ডালমেটিয়াক স্বাধীন ৰাষ্ট্ৰ বুলি ঘোষণা কৰে। ডিচেম্বৰ মাহত নতুন ক্ৰ’ৱেছিয়াই ছাৰ্বিয়া, শ্ল'ভেনিয়া আৰু মণ্টেনেগ্ৰোৰ সৈতে ৰাষ্ট্ৰসংঘত প্ৰৱেশ কৰে। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজত ক্ৰ'ৱেছিয়াৰ জাতীয় স্বায়ত্তশাসনৰ আকাংক্ষী আৰু কেন্দ্ৰীকৰণৰ প্ৰতি ছাৰ্বিয়াৰ প্ৰৱণতাৰ মাজত গুৰুতৰ পাৰ্থক্য অব্যাহত আছিল আৰু জাগ্ৰেৱ ক্ৰ'ৱেছিয়ান কৃষক দল (Croatian Peseant Party)-ৰ কেন্দ্ৰ আছিল। ১৯৪৫ চনৰ মে’ মাহত যুগোশ্লাভিয়াৰ পৃথকীকৰণ আৰু জাৰ্মানীয়ে আত্মসমৰ্পণ কৰাৰ কিছু সময়ৰ পিছতে ক্ৰ’ৱেছিয়ান ৰাষ্ট্ৰৰ পতন ঘটে। ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈকে ক্ৰ’ৱেছিয়া যুগোশ্লাভিয়াৰ অংশ আছিল।

            দীঘলীয়াকৈ কথাখিনি কৈ বৰিশ্লাভ পুনৰ ষ্টেপানৰ কাষত বহিলহি।

: ঠিকেই ক'লোঁনে?— ষ্টেপানক সুধিলে।

: ঠিকেই কৈছা। অৱশ্যে ইমান কম সময়তে সকলো সামৰি লোৱা সম্ভৱো নহয়। এটা মজাৰ সংগ্ৰহালয়ৰ কথা ক'বলৈ পাহৰিলা তুমি।

: কোনটো সংগ্ৰহালয়?

: ভগ্ন সম্পৰ্কৰ যাদুঘৰ— Museum of Broken Relationships।

: ছেঃ, পাহৰি গ'লোঁ নহয়! 

: হ'ব আৰু দিয়াঁ!

            গাড়ী গৈ আছে। জাগ্ৰেৱ পাৰ হৈ লঞ্জস্কো পলজেক প্ৰকৃতি উদ্যান পাবলৈ ৭৫ কিলোমিটাৰ অতিক্ৰম কৰিব লাগে। এঘণ্টামানৰ বাট। ল'ৰা-ছোৱালীবোৰে গান গাবলৈ আৰম্ভ কৰিছিল। কিৰিলিয়াবলৈ ধৰিছিল। মলেঁয়াৰ কিন্তু এইবোৰত মন নাই। ষ্টেপানৰ কোলাত বহি তাই একান্তমনে খিৰিকিৰে চাই গৈছে বাহিৰৰ পৃথিৱীখন। ষ্টেপানে হাতৰ ঘড়ীলৈ চালে— এঘাৰ বাজি পাৰ হৈছে। লঞ্জস্কো পলজে প্ৰকৃতি উদ্যানলৈ আৰু বেছি দূৰ নাই।

            লঞ্জস্কো পলজে প্ৰকৃতি উদ্যানখন ছাভা নদীৰ অৱবাহিকা অঞ্চলৰ জলজ সমভূমিত, ছিছাক আৰু ষ্টাৰা গ্ৰেডিস্কা চহৰৰ মাজত অৱস্থিত। এই উদ্যানখনে ডানুবিয়ান অৱবাহিকাৰ বানপানীত বুৰ যোৱা নদীৰ সমভূমিৰ এক অনন্য প্ৰাকৃতিক দৃশ্য আৰু পৰিৱেশ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। এই অঞ্চলত ছাভা নদীখনে মেৰুকৰণ আৰম্ভ কৰি সাধাৰণ আৰ্দ্ৰ অঞ্চলৰ সৃষ্টি কৰে যিয়ে ইয়াৰ প্ৰৱাহ আৰু চাৰিওফালৰ অঞ্চলৰ ৰূপ বহু পৰিমাণে নিৰ্ধাৰণ কৰে। মুঠ ৫০৬৫০ হেক্টৰ মাটিৰ লঞ্জস্কো পলজে প্ৰকৃতি উদ্যানখন সমগ্ৰ ডানুবিয়ান অৱবাহিকাৰ অন্যতম বৃহৎ জলাশয় অঞ্চল। উদ্যানখনৰ অঞ্চলত প্ৰায় ১২০০০ হেক্টৰ চৰণীয়া পথাৰ সকলো বাসিন্দাৰ পশুধনে ব্যৱহাৰ কৰে। এসময়ত সমগ্ৰ মধ্য ইউৰোপতে ঊণবিংশ শতিকাৰ শেষলৈকে বিস্তৃত হৈ থকা সাংস্কৃতিক পৰিৱেশৰ শেষ উদাহৰণ এইবোৰ। এই অঞ্চলটোত IUCN-ৰ ৰঙা তালিকা অনুসৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিপন্ন বুলি বিৱেচিত প্ৰজাতিৰ বগা ঠেংযুক্ত ঈগল, ফেলকন, পিগমি পানীকাউৰী, ফেৰুজিনাছ হাঁহ, দাগযুক্ত ঈগল, উদ, বিশেষ প্ৰজাতিৰ বাদুলি, ইউৰোপীয় পুখুৰী কাছ, ইউৰোপীয় সাধাৰণ গছৰ বেং, নীলা মাটি ভেকুলী আদি এই অঞ্চলত পোৱা যায়। প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে এই অঞ্চলটো প্ৰকৃতি সুৰক্ষা আইন অনুসৰি ১৯৯০ চনৰ পৰা প্ৰকৃতি উদ্যান হিচাপে সংৰক্ষিত হৈ আহিছে আৰু ১৯৯৩ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়ৰ তালিকাত (ৰামছৰ স্থান) অন্তৰ্ভুক্ত কৰা হৈছে। চৰাইৰ প্ৰজাতিৰ প্ৰাচুৰ্যৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানখনৰ নিৰ্দিষ্ট অঞ্চলসমূহ হৈছে ক্ৰাপজে দল, ৰাকিটা আৰু ড্ৰাজিব্লাটো অঞ্চলসমূহ বিশেষ পক্ষীবিজ্ঞানৰ সংৰক্ষিত বনাঞ্চলৰ শ্ৰেণীত সুৰক্ষিত কৰা হৈছে। সমগ্ৰ উদ্যানখন ইউৰোপৰ গুৰুত্বপূৰ্ণ চৰাই অঞ্চলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই উদ্যানৰ ভিতৰতে অৱস্থিত চিগোক গাঁওখনত বৃহৎসংখ্যক হোৱাইট ষ্টৰ্কে বাহ সাজে। সেয়ে ১৯৯৪ চনত গাঁওখনক ইউৰোপীয় ষ্টৰ্ক গাঁও (European Storke Village) বুলি ঘোষণা কৰা হৈছে।

              অতি সোনকালেই তিনিওখন গাড়ী গৈ লঞ্জস্কো পলজেক প্ৰকৃতি উদ্যানৰ মূল প্ৰৱেশপথত ৰ'ল। কাষতে থকা টিকট ঘৰৰ পৰা টিকট লোৱা হ'ল। ষ্টেপানৰ কোলাত উঠি যোৱা মলেঁয়াক দেখি নিৰাপত্তাৰক্ষী এজনে ৰগৰ কৰিলে— "চৰাইটোৰ বাবে টিকট কিনা হ'ল জানো!"

            নিৰাপত্তাৰক্ষীজনৰ কথা শুনি সকলোৱে হাঁহিলে। প্ৰৱেশ পথৰ একাষে থকা তথ্য-ফলকখনলৈ চকু গ'ল ষ্টেপানৰ। তাত উদ্যানখনৰ বিষয়ে এনেদৰে উল্লেখ আছে— "১৯৯০ চনত লঞ্জস্কো পলজেক প্ৰকৃতি উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। ক্ৰ'ৱেছিয়াৰ ৰাজধানী আৰু মধ্য ক্ৰ'ৱেছিয়াৰ অন্যান্য ঠাইৰ পৰা ইয়ালৈ সহজে অহা-যোৱা কৰিব পৰা যায়। এই অঞ্চলটো আটাইতকৈ বিখ্যাত ষ্টৰ্ক চৰাইৰ বাবে। অন্যান্য ৩৫০-টা প্ৰজাতিৰ চৰায়েও লঞ্জস্কো পলজেক নিজৰ ঘৰ কৰি লৈছে। তদুপৰি ইয়াত থলুৱা প্ৰজাতিৰ গৰু, প’ছাভিনা ঘোঁৰা (Posavina horses), টুৰ’পলজে গাহৰি (Turopolje pigs) আদিও যথেষ্ট সংখ্যক পোৱা যায়।"

: এইখন নেশ্যনেল পাৰ্ক আমাৰ দেশৰ চহকী ঐতিহ্য?— বৰিশ্লাভে ষ্টেপানলৈ চাই ক'লে।

: নিশ্চিতভাৱে। লঞ্জস্কো পলজে প্ৰকৃতি উদ্যানৰ সাংস্কৃতিক মূল্যবোধক প্ৰকৃতিৰ সৈতে মানৱ জনসংখ্যাৰ শতিকাজোৰা সুসম সহাৱস্থানৰ ফল বুলিব পাৰি; য’ত ছাভা নদীয়ে ইয়াৰ প্ৰাকৃতিক বানপানী-চক্ৰৰ সৈতে প্ৰধান ভূমিকা পালন কৰে। উপনৈসমূহৰ সৈতে ছাভা নদীৰ প্ৰভাৱ কৃষি অঞ্চলৰ বৈশিষ্ট্য থকা সাংস্কৃতিক পৰিৱেশৰ ৰূপতাত্ত্বিক, প্ৰাকৃতিক, নান্দনিক আৰু কাৰ্যকৰী বৈশিষ্ট্যসমূহৰ ওপৰতো পৰিছে।

: আপুনি কিন্তু বহু কথা জানে। থাকেহে একো নোকোৱাকৈ!

: আজিকালি কওঁ। মলেঁ‌য়া আছে নহয় শুনিবলৈ!

                কথাষাৰ কৈ সামান্য হাঁহিলে ষ্টেপানে। বৰিশ্লাভেও হাঁহিলে আৰু ক'লে—

: এই এলেকাটোৰ বিষয়ে আৰু কওকচোন।

: প্ৰকৃততে সাংস্কৃতিক পৰিৱেশ আৰু সাংস্কৃতিক পৰিচয়ৰ বৈশিষ্ট্যসমূহ পৰম্পৰাগত গ্ৰাম্য বসতিৰ সৈতে জড়িত। স্থান, নিৰ্দিষ্ট পৰিৱেশ আৰু পৰম্পৰাগত কাঠৰ স্থাপত্যৰ বাবে বিখ্যাত এই এলেকাটোৰ নৃতাত্ত্বিক দিশ, পৰম্পৰাগত মূল্যবোধসমূহ সংৰক্ষিত হৈ থকা জীৱনশৈলী, খেতি, দক্ষতা আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা ক'ব পাৰি। অঞ্চলটোত সপ্তদশ শতিকাৰ শেষৰ ফালে আৰু অষ্টাদশ শতিকাৰ আৰম্ভণিলৈকে স্থায়ীভাৱে আৰু অবিৰতভাৱে বসবাস কৰিছিল, যেতিয়া ইউৰোপৰ এই অংশত অট্টোমান বিজয়ীসকলৰ শতিকা পুৰণি ভাবুকি বন্ধ হৈছিল।

          দলটো লঞ্জস্কো পলজে প্ৰকৃতি উদ্যানৰ ভিতৰুৱা ছিগোচ নামৰ গাঁওখনত উপস্থিত হ'লহি। ষ্টেপানে কোলাৰ পৰা নমাই দিলে মলেঁয়াক। তাই এতিয়াৰ পৰা তেওঁৰ কাষে কাষে দীঘল দীঘল ঠেংকেইটাৰে ৰাজকীয় ভংগিমাৰে খোজকাঢ়ি যাব। 

                ছিগোচ এলাপেচা গাঁও নহয়; এইখন সমগ্ৰ ইউৰোপৰে এখন বিখ্যাত গাঁও। ছিগোচক কোৱা হয় ইউৰোপৰ ষ্টৰ্ক গাঁও বুলি (European Storke Village)। এইখন গাঁৱলৈ বুলি বছৰি হাজাৰ হাজাৰ লোক আহে হোৱাইট ষ্টৰ্কৰ বাহবোৰ চাবলৈ। হোৱাইট ষ্টৰ্কৰ বিষয়ে গৱেষণা কৰিবলৈ, নিৰীক্ষণ কৰিবলৈ আহে গৱেষকৰ দল। ফটো তুলিবলৈ আহে ফটোগ্ৰাফাৰৰ দল।

            ষ্টেপানৰ বাবে ছিগোচ নতুন নহয়। তেওঁ একাধিকবাৰ আহিছে এইখন বিশেষ গাঁৱলৈ। সেয়ে তেওঁৰ চিনাকি চৌপাশ। আচলতে আজিৰ এই শিক্ষামূলক ভ্ৰমণত ষ্টেপানে ইয়াত ৰূপায়ণ কৰিছে গাইডৰ ভূমিকা। নেচাৰ পাৰ্কখনৰ বিষয়ে ইটো সিটো কৈ আহিছে তেওঁ। ল'ৰা-ছোৱালীবোৰ আৰু লগত অহা শিক্ষকসকলে প্ৰকৃতি আৰু ইতিহাস সম্পৰ্কে ষ্টেপানৰ মুখেৰে ওলোৱা কথাবোৰ বৰ আগ্ৰহেৰে শুনিছে। ভাল পাইছে সকলোৱে।

             ষ্টেপানৰ বিপৰীতে মলেঁয়াৰ বাবে এয়া একেবাৰে নতুন পৰিৱেশ। তাই ষ্টেপানৰ কাষে কাষে দীঘল দীঘল বেঙা মেলি গৈ থকা অৱস্থাতে পৰম উৎসুকতাৰে চাই গৈছে ইফালে সিফালে। তাই যেন ষ্টেপানে কাম কৰা স্কুলখনৰ এক কৌতূহলী শিক্ষাৰ্থীহে! তাই যেন ছিগোচৰ বুৰঞ্জী খুঁচৰিবলৈ অহা এজনী জ্ঞানান্বেষী গৱেষিকা ছোৱালীহে!

            ওখ গছ কেইজোপামান থিয় দি আছে ছিগোচৰ আলিবাটৰ কাষত। গছ কেইজোপাৰ তলত মানুহ বহিব পৰাকৈ পকাৰে সাজি থোৱা আছে কেইবাখনো বেঞ্চ। ষ্টেপানকে ধৰি দলটোৰ বহুখিনি বেঞ্চকেইখনত বহিল। স্কুলৰ বান্ধোনৰ পৰা মুক্ত হৈ থকা ল'ৰা-ছোৱালীবোৰৰ কিন্তু বহাত মন নাই। সিহঁত ইফাল-সিফাল কৰাত, ইটো-সিটো চোৱাতহে ব্যস্ত। তাৰ মাজতে মাৰ্ক'ই আহি ষ্টেপানৰ কাষত ৰৈ থকা মলেঁয়াৰ গাত হাত ফুৰাই দিলেহি। মলেঁয়াৰ বাবে ইতিমধ্যে মাৰ্ক' চিনাকি হৈ উঠিছে। সেয়ে তাইৰ গাত দিবলৈ দিছে তাক। অন্যথা অচিনাকি লোকে তাইক চুবলৈ গ'লে তাই ঠোঁটখন মেলি খং প্ৰকাশ কৰাৰ লগতে ভয় দেখুৱায়।

      ইফালে-সিফালে যোৱা ল'ৰা-ছোৱালীবোৰক বৰিশ্লাভকে ধৰি লগত যোৱা আন শিক্ষক-শিক্ষয়িত্ৰী কেইগৰাকীয়ে গছ কেইজোপাৰ তললৈ আহিবলৈ নিৰ্দেশ দিয়াত সকলো তালৈ আহিল। গছৰ তলত বহি, থিয় হৈ লগত লৈ যোৱা লঘু আহাৰ গ্ৰহণ কৰিলে সকলোৱে। মলেঁয়ায়ো খালে ব্ৰে'ড দুটুকুৰা। আজিকালি মলেঁয়াই ষ্টেপানে যোগাৰ কৰি দিয়া মাছৰ উপৰি মানুহে খোৱা প্ৰায় সকলো খাদ্যৰে ভাগো পায়, জুতিও লয়। ষ্টেপানৰ খোৱা পাত্ৰৰ পৰাও তাই মন গ'লেই চান কাঢ়ি খায়।

: আজিকালি মলেঁয়াই ব্ৰেডো খায়!— মাৰ্ক'ই ব্ৰেড খাই থকা মলেঁয়ালৈ চাই থাকি বৰ ফূৰ্তিৰে ক'লে।

: শিকিছে আৰু তাই।— ষ্টেপানে কথাষাৰ কৈ হাঁহিলে।

: ইয়াত পিছে এতিয়ালৈকে আমাৰ কোনো ষ্টৰ্কৰ লগত দেখা-দেখি হোৱাই নাই যে!— মাৰ্ক'ই নিজক কোৱাৰ দৰে ক'লে।

: আৰু অলপ দূৰ গ'লেই ষ্টৰ্কৰ ক'ল'নি দেখিবলৈ পাম ৰ'বা।— ষ্টেপানে ক'লে।

        পাতলীয়া আহাৰ গ্ৰহণৰ পাছত সকলো আগবাঢ়ি গ'ল ছিগোচৰ আলিবাটেৰে। কিছুদূৰ যোৱাৰ পাছতে দেখা গ'ল কেইবাটাও কাঠেৰে নিৰ্মিত পুৰণি ঘৰ। ঘৰবোৰৰ ওপৰত দেখা গৈছে ষ্টৰ্কৰ বাহ। এটা বা দুটা বাহ নহয়; প্ৰতিটো ঘৰৰ ওপৰতে কমেও তিনিটাকৈ বাহ আছে। প্ৰতিটো বাহতে আছে দুই-তিনিটাকৈ পোৱালি। কোনোবাটোত দেখা গৈছে পোৱালিৰ কাষত ৰৈ থকা মাক বা দেউতাকক। কোনোবাটোত আকৌ দেখা গৈছে পোৱালিক আহাৰ খুৱাই থকা দৃশ্য। খাদ্য খোৱাৰ পৰত পোৱালিবোৰৰ ব্যস্ততা আৰু চিঞৰ-বাখৰ কৰা কাৰবাৰটো দেখি ল'ৰা-ছোৱালীবোৰে বেছ ৰং পাইছে।

: ইয়াত ঢেৰ ষ্টৰ্ক আছে?— মাৰ্ক'ই ষ্টেপানক সুধিলে।

: বহুত আছে। মানুহতকৈও বেছি।— ষ্টেপানৰ উত্তৰ।

: মানুহতকৈ বেছি মানে!— উৎসুক হৈ উঠে বৰিশ্লাভ।

: হয়। মানুহতকৈও বেছি।

: কেনেকৈ?

: ছিগোচৰ জনসংখ্যা কিমান বাৰু জানানে?

            বৰিশ্লাভে মূৰটো ইফালৰ পৰা সিফাললৈ কেইবাবাৰো ঘূৰালে। এনেকৈয়ে তেওঁ ষ্টেপানৰ প্ৰশ্নটোৰ উত্তৰ তেওঁৰ হাতত নথকাৰ কথা জনালে।

: ছিগোচৰ জনসংখ্যা মাত্ৰ ১২০ জন।— ষ্টেপানে নিজেই নিজৰ প্ৰশ্নটোৰ উত্তৰ দিবলগীয়া হ'ল।

: আৰু ষ্টৰ্কৰ সংখ্যা?— মাৰ্ক'ই টপককৈ সুধিলে।

: দুশতকৈও বেছি। ইয়াত আহি বাহ সাজি, পোৱালি জগাই, সেই পোৱালিবোৰ উৰণীয়া হ'লে দক্ষিণ আফ্ৰিকালৈ যায়গৈ ষ্টৰ্কবোৰ। পাছৰ বছৰত আকৌ আহে।

: দুশ ষ্টৰ্ক একেলগে উৰিলে বৰ বেলেগ এটা দৃশ্য হ'ব কিন্তু দেই!— বৰিশ্লাভে ক'লে।

: নিশ্চয়কৈ এক মনোমুগ্ধকৰ দৃশ্য।— ষ্টেপানে মিচিকিয়ালে।

: আমাৰ ল'ৰা-ছোৱালী সকলোৱে শুনাকৈ আপুনি এই বিষয়ে অলপ বহলাই কৈ দিয়কচোন।— বৰিশ্লাভে ষ্টেপানক অনুৰোধ কৰিলে আৰু সকলোকে ওচৰ চাপি আহিবলৈ নিৰ্দেশ দিলে।

ল'ৰা-ছোৱালীবোৰ ওচৰ চাপি আহিল। ষ্টেপানে ক'বলৈ আৰম্ভ কৰিলে—

: এই গাঁৱত মানুহতকৈ ষ্টৰ্কৰ সংখ্যা অধিক। ইয়াত দুই শতাধিক ষ্টৰ্ক ১২০ জন লোকৰ সৈতে মিলিজুলি কেইবামাহো বাস কৰে। এইখন গাঁৱৰ প্ৰায় প্ৰতিটো ঘৰৰ ওপৰতে এটাকৈ হ'লেও বাহ থাকে আৰু তাত নিৰাপদে পোৱালি জগাই বংশবৃদ্ধি কৰে ষ্টৰ্কবোৰে। এই ঠাইখনৰ শান্তিপূৰ্ণ আৰু প্ৰাকৃতিক পৰিৱেশ ষ্টৰ্কৰ আচৰণ নিৰীক্ষণৰ বাবে একেবাৰে উপযুক্ত। ইয়াৰ মানুহে এই চৰাইবোৰক অশান্তি নিদিয়ে। তাৰ বিপৰীতে যত্নহে লয়, যাতে ইহঁতৰ সংখ্যা অধিক বৃদ্ধি হয়। আনকি জুন মাহৰ প্ৰতিটো শেষ শনিবাৰে ইয়াত উৎসৱৰ আয়োজন কৰা হয়। এই দিনটোক কোৱা হয় The Day of Storks। 'ষ্টৰ্কছৰ দিন'টোত ইয়াত সাংস্কৃতিক, বিনোদনমূলক আৰু জ্ঞানবৰ্ধক কাৰ্যসূচী উদযাপন কৰা হয়।

: ইয়ালৈ ষ্টৰ্কবোৰ কেতিয়া আহে?— ল'ৰা-ছোৱালীৰ জাকটোৰ মাজৰ পৰা ল'ৰা এটাই সুধিলে।

: ক্ৰ'ৱেছিয়াৰ এই অংশটোলৈ সাধাৰণতে ১৫ মাৰ্চৰ আশে-পাশে আহে, গ্ৰীষ্মৰ শেষৰ ফালে বা ছেপ্টেম্বৰৰ আৰম্ভণিলৈকে থাকে আৰু শীতকাল কটাবলৈ দক্ষিণ আফ্ৰিকালৈ যায়গৈ। যিহেতু এইটো বৰ দীঘলীয়া ভ্ৰমণ, গতিকে ইহঁতে পোনপটীয়াকৈ উৰিবলৈ নাযায়, শক্তি সঞ্চয় কৰিহে উৰে। এই যাত্ৰাত ষ্টৰ্কবোৰে উৰণৰ বেলিকা গৰম বতাহৰ সোঁত ব্যৱহাৰ কৰে; গতিকে গন্তব্যস্থানত উপনীত হ’বলৈ তুৰস্ক আৰু ছুডানৰ ওপৰেদি যায়। যাত্ৰাৰ পূৰ্বে ষ্টৰ্কবোৰ শ্ল'ভেনিয়া আৰু অন্যান্য দেশৰ আন ভ্ৰমণ সংগীৰ বাবে অপেক্ষা কৰে। যেতিয়া জাক পাতি উৰি যায়, তেতিয়া সেয়া এটা আচৰিত দৃশ্য হয়; কাৰণ বহু হাজাৰ চৰাইৰ এই দলটো কেইবা কিলোমিটাৰ দীঘল হয়। তোমালোকে কল্পনা কৰাঁচোন এনে এক দৃশ্য।

: সাধাৰণতে হোৱাইট ষ্টৰ্কে ঘৰৰ ওপৰৰ চিমনিতহে বাহ সজা দেখিছিলোঁ আমি। কিন্তু আজি ইয়াত দেখা বাহবোৰৰ সৰহখিনিয়েইচোন চিমনিত সজা নাই।— বৰিশ্লাভে নিজকে কোৱাৰ দৰে ক'লে।

: ষ্টৰ্কে চিমনিত বাহ সাজে বুলি জনা যায় আৰু আমিও তেনে ধৰণৰ দৃশ্য দেখি আহিছোঁ। কিন্তু ছিগোচ গাঁৱৰ প্ৰতিটো ঘৰতে খুব কমেইহে চিমনি আছে। অৱশ্যে ইয়াৰ ঘৰবোৰত চিমনি আৰু খিৰিকি কমকৈ থকাৰ অন্তৰালত এক মজাৰ কাহিনী আছে।— ষ্টেপানে লাহেকৈ ক'লে।

: কি কাহিনী? শুনাওকচোন।— মাৰ্ক' আগ্ৰহী হৈ উঠিল।

: এই এলেকাত আগতে ঘৰৰ চিমনি আৰু খিৰিকিৰ সংখ্যা অনুসৰি কৰ আৰোপ কৰা হৈছিল। সেয়ে ইয়াৰ বাসিন্দাসকলে চিমনি আৰু খিৰিকি কমকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’লে। ঘৰত যিহেতু চিমনি নাথাকে বা কমকৈ থাকে, সেয়ে চুলাৰ ধোঁৱাই চালখনৰ আৰ্দ্ৰতা বৃদ্ধি কৰাত চালবোৰ হোৱাইট ষ্টৰ্কৰ বাহৰ ওজন সহ্য কৰিব পৰা হৈছিল।

: চিমনি আৰু খিৰিকিৰ বাবে কৰ লোৱাটো কিন্তু বৰ মজাৰ কাহিনী আছিল দেই।— বৰিশ্লাভে হাঁহিলে।

: ইয়াৰ ঘৰবোৰৰ নিৰ্মাণ শৈলীলৈ মন কৰিছানে! ইয়াত থকা ঘৰবোৰে পুৰণি স্থাপত্য ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। বৰ্তমান ছিগোচকে ধৰি লঞ্জস্কো পলজেৰ সমগ্ৰ অঞ্চলটোত প্ৰায় ৭০০টা পুৰণি ঘৰ সংৰক্ষণ কৰা হৈছে। ঘৰবোৰলৈ চোৱাঁচোন— তক্তাৰে নিৰ্মিত বেৰেৰে নিৰ্মাণ কৰা হৈছিল, যিবোৰ অনুভূমিকভাৱে ৰখা হৈছে আৰু কাঠৰ জইষ্টেৰে সংযোগ কৰা হৈছে। গোটেই গঠনটো ঠেক গেবল চালেৰে আবৃত।— ষ্টেপানে ক'লে।

            কথা পাতি থাকোঁতেই ষ্টেপানৰ চকু গ'ল ষ্টৰ্কৰ বাহ এটালৈ। বাহটোত দুটা পোৱালি আৰু মাকজনী আছে। সিহঁতৰ ওচৰত উৰি আহি পৰিছেহি মতা চৰাইটো। চৰাইটোৰ আগমনৰ লগে লগে পোৱালি দুটাই ডেউকা জোকাৰি জোকাৰি কেক্ কেক্ কৈ চিঞৰিছে। সিহঁতে ঠিকেই বুজিছে— দেউতাকে সিহঁতৰ বাবে খাদ্য আনিছে; হয়তো মাছ অথবা ভেকুলী। নাইবা সৰু সৰীসৃপ। ষ্টেপানে সন্তানক আহাৰ খুৱাবলৈ উদ্যত ষ্টৰ্কটোলৈ চালে আৰু তেওঁৰ কাষতে থকা মলেঁয়াক বুকুৰ উচ্চতালৈকে দাঙি ধৰি বাহটোৰ ফালে আঙুলিয়াই দেখুৱালে।

           মলেঁয়াই কিবা বুজিলেনে নাই ষ্টেপানে নাজানে। সমগোত্ৰীয় দৰ্শনেৰে মলেঁয়া তৃপ্ত হ'লনে নাই তাক জনাৰো উপায় নাই ষ্টেপানৰ হাতত। কিন্তু মলেঁয়া এদিন সলনি হ'ব! তেওঁৰ কাষত সৰু ছোৱালী এজনীৰ দৰে থকা মলেঁয়া এদিন বয়স্ক হ'ব। তাইকো সমগোত্ৰীয় সংগীৰ প্ৰয়োজন হ'ব। তেতিয়াও কিন্তু তাইৰ প্ৰতি থকা ষ্টেপানৰ বুকুৰ ভালপোৱাৰ নিজৰাটো একে ছন্দৰে, একে গতিৰে, একে সুৰেৰে বৈ থাকিব— একো সলনি নোহোৱাকৈ। কেৱল সলনি হ'ব সময়। জীৱন সলনি হ'ব।

            পৰিৱৰ্তন ভাল নেকি? নাজানে ষ্টেপানে। হয়তো ভাল, হয়তো ভাল নহয়। পৰিৱৰ্তনে মানুহক কিছু অনিশ্চয়তাৰ সন্মুখীন কৰায়। জীৱনটোও পৰিৱৰ্তনীয়। জীৱনত কিমানবাৰ যে পৰিৱৰ্তন, অনিশ্চয়তাৰ সন্মুখীন হ’বলগীয়া হয়। এনেদৰেই জীৱন তৃপ্ত হয়। পৰিৱৰ্তন যিহেতু নিয়ম— গতিকে, সকলো সলনি হয়। জীৱন অহৰহ পৰিৱৰ্তিত হৈ আছে। হৈ থাকিব। কিন্তু একেই থাকিব মলেঁয়াৰ প্ৰতি তেওঁৰ ভালপোৱা আৰু দায়িত্ব।                                                                                         


       (আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ