অন্যযুগ/


মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা


(৭)


            দাঢ়ি খুৰাবলৈ লৈছিল ষ্টেপানে। বাৰাণ্ডাত চাপৰ টুল এখনত বহি ষ্টেপানে দাঢ়ি খুৰায়। মুখত ছেভিং ক্ৰীম অলপ সানি ব্ৰাছডালেৰে ঘঁহি লোৱাৰ পাছত ৰেজৰডালেৰে খুব লাহে লাহে আৰু সাৱধানে দাঢ়ি খুৰায় তেওঁ। তেওঁ দুদিনৰ অন্তৰে অন্তৰে এই কামটো কৰে। আজিও আনদিনাৰ দৰে ক্ষৌৰকৰ্ম কৰিবৰ বাবে ষ্টেপানে দৰকাৰী বস্তুকেইপদ গোটাই ল'লে। তেনেতে মলেঁয়াও আহি ওচৰতে ৰ'লহি।

            ছেভিং ক্ৰীম অলপ দুগালত সানি ল'লে ষ্টেপানে। ব্ৰাছডাল পানীৰ মাগটোত জুবুৰিয়াবলৈ লওঁতেই মলেঁয়াই তাইৰ ঠোঁটখনেৰে ঠেলি দিলে মাগটো। মলেঁয়াৰ ঠেলাত বাগৰি পৰা মাগটোৰ পানীখিনি মজিয়াৰে বৈ গ'ল। ষ্টেপানে মলেঁয়াৰ ফালে চালে। মলেঁয়া নিৰ্বিকাৰ— যেন একোৱেই হোৱা নাই! তাই যেন একোৱেই কৰা নাই!

            ষ্টেপান বহাৰ পৰা উঠি ভিতৰলৈ গ'ল। মাগটোত আকৌ পানী ভৰাই আনিলে। নিৰ্দিষ্ট টুলখনত বহি লৈ আকৌ ব্ৰাছডাল পানীৰ মগটোত জুবুৰিয়াবলৈ ল'লে। একে সময়তে মলেঁয়াই পুনৰ ঠোঁটখনেৰে মাগটো ঠেলি দিলে। আগৰ বাৰৰ দৰেই এইবাৰো পানীখিনি বৈ গ'ল সৰু সুঁতি এটা হৈ। পুনৰ মলেঁয়ালৈ চালে ষ্টেপানে। তাই আগৰ বাৰৰ দৰেই নিৰ্বিকাৰ। যেন একো হোৱাই নাই!

            : কি হৈছে তোৰ? মোক দাঢ়ি খুৰাবলৈ নিদিয়!

            কথাষাৰ কৈ ষ্টেপান আকৌ উঠি গ'ল ভিতৰলৈ বুলি। হাতত মগটো।

       পানীৰ মাগটো হাতত লৈ ষ্টেপান দুৱাৰমুখ পাওঁতেই দেখিলে— মলেঁয়াই ঠোঁটখনেৰে চেপি লৈ ছেভিং ব্ৰাছডাল আঁতৰলৈ আছাৰ মাৰি দিছে। ছেভিং ক্ৰীমটোও যথাস্থানত দেখা নাপালে ষ্টেপানে। ঠোঁটৰ হেঁচাত টিউবৰ পৰা সমস্ত ক্ৰীম ওলাই মজিয়াত পৰি আছে। খুব কম সময়ত চলিল মলেঁয়াৰ এই তাণ্ডৱ। আচৰিত হ'ল ষ্টেপান। ভাবিলে তেওঁ— এইৰ আকৌ কি হ'ল আজি! কিয়বা উৎপাত লগাইছে!

        : তোৰ কি হৈছে আজি? কিবা জগৰ লগালোঁ নেকি মই? হ'ব দে, তোৰ ওচৰত আজিৰ পৰা দাঢ়ি খুৰাবলৈ নবহোঁ।— কথাষাৰ কৈ ছেভিং ব্ৰাছডাল বুটলি লৈ ভিতৰৰ বেছিনটোৰ সন্মুখ পালেগৈ ষ্টেপান।

          বেছিনৰ টেপ খুলিলে তেওঁ। আৰু ছেভিং ব্ৰাছডাল পানীত তিয়াই দুগালত ঘঁহিবলৈ আৰম্ভ কৰিলে। গালত লগাই লোৱা ছেভিং ক্ৰীমখিনি ইতিমধ্যে শুকাই গৈছে, সেয়ে কিছু জোৰকৈ ঘঁহিবলগীয়া হ'ল ব্ৰাছডাল। বেছিনটোৰ সন্মুখত থকা আইনাখনত চাই চাই তেওঁ ৰেজৰ চলালে। দুদিনত যিমানকণ বাঢ়িছিল ষ্টেপানৰ পকা দাঢ়ি, সেইখিনি ৰেজৰে চাঁচি নিলে। আকৌ নিমজ হৈ পৰিল দুগাল। তেওঁৰ ভাল লাগে গাল দুখন নিমজ হৈ থাকিলে। কিবা কাৰণত দুদিনতকৈ অধিক সময় দাঢ়ি নুখুৰুৱাকৈ থাকিলে তেওঁৰ নিজকে লেতেৰা লেতেৰা লাগে।

           দাঢ়ি খুৰাই, মুখখন টাৱেল এখনেৰে মচি মচি ষ্টেপান ষ্ট'ৰ ৰূমলৈ গ'ল। হাতত ৱাইপাৰডাল লৈ তেওঁ কোঠাটোৰ পৰা ওলাই আহিল। ৱাইপাৰডালেৰে তেওঁ মলেঁয়াই পেলাই দিয়া মাগৰ পানীখিনি চাফা কৰিব। বাৰাণ্ডা পাই তেওঁ হতবাক। তেওঁ যিখন সৰু আইনাত মুখ চাই চাই দাঢ়ি খুৰায়, সেই আইনাখন মলেঁয়াই ঠোঁটখনেৰে টুকুৰিয়াই টুকুৰিয়াই ইতিমধ্যে কেইবাটাও টুকুৰাত ভাগ কৰি পেলাইছে।

            পুৱাতেই আজি মলেঁয়াৰ ইমান দুষ্টালি! দুবাৰকৈ পানীভৰ্তি মাগটো লুটিয়াই দিছে, ছেভিং ব্ৰাছডাল আঁতৰলৈ আছাৰ মাৰি দিছে, ছেভিং ক্ৰীমৰ টিউবটো চেপি ক্ৰীমখিনি উলিয়াই পেলাইছে তাই। এতিয়া আকৌ আইনাখনো কেইবা টুকুৰা কৰি ভাঙিছে। খং উঠিল ষ্টেপানৰ। দুকোবমান দিবৰ মন গৈছে মলেঁয়াক। কিন্তু নিদিলে। উঠি অহা খং জামৰিবলৈ দি তেওঁ মজিয়াখন চাফা কৰিবলৈ ৱাইপাৰডাল ঘঁহাব বিচাৰিলে। কিন্তু নাই, মলেঁয়া আঁতৰি নিদিয়ে। মাগটোৰ পৰা যিখিনি ঠাইত দুবাৰকৈ পানী পৰিছিল, সেইখিনিৰপৰা তাই আঁতৰি নিদিয়ে। 'তোক চাফা কৰিবলৈ নিদিওঁ, কি কৰিবি' জাতীয় ভাব এটা লৈ তাই থিয় হৈ আছে। ষ্টেপানে ৱাইপাৰডালেৰে তাইক ঠেলি আঁতৰাই লৈ পানীখিনি মচি দিব বিচাৰেহে, মলেঁয়া অহি আকৌ সেই ঠাইত থিয় দিয়েহি। কেইবাবাৰো একেই কাণ্ড। জামৰি যোৱা খংটো আকৌ উঠি আহিল ষ্টেপানৰ। ৱাইপাৰডাল ওলোটাই লৈ ষ্টিকডালেৰে মলেঁয়াৰ পিঠিত সৰু সৰুকৈ কোব দুটা মাৰিলে আৰু তাইক ধৰি লৈ একেকোবে ষ্ট'ৰ ৰূম পোৱালেগৈ। ষ্ট'ৰ ৰূমত তাইক সুমুৱাই বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে আৰু পুনৰ বাৰাণ্ডালৈ আহি মজিয়াত পৰা পানীখিনি মচি পেলালে ষ্টেপানে।

            আনদিনা হোৱা হ'লে এইখিনি সময়ত ষ্টেপানে হাতত কফিমাগটো লৈ বহিলহেঁতেন আৰু মলেঁয়াৰ সমুখত থাকিলহেঁতেন আগদিনাই চাভাত বৰশী বাই আনি জীয়াই ৰখা মাছ দুটামান। আজিও একেই দৃশ্য দেখা গ'লহেঁতেন ষ্টেপানৰ ঘৰৰ বাৰাণ্ডাত। কিন্তু মলেঁয়াৰ দুষ্টামি আৰু ষ্টেপানৰ খঙে দৃশ্যপট সলাই পেলালে। 

                আজি, এই মুহূৰ্তত ষ্টেপান অকলে বহি আছে নিৰ্দিষ্ট চকীখনত। মলেঁয়াক ষ্ট'ৰ ৰূমত আৱদ্ধ কৰি তেওঁ অলপো সুখ অনুভৱ কৰা নাই; কিন্তু তাই যিখিনি দুষ্টালি কৰিছে, সেয়া শাস্তি পাবৰ বাবে যথেষ্ট। ষ্টেপানৰ মনত পৰে ল'ৰাহঁতলৈ। সিহঁতে সৰুতে কৰা দুষ্টামিয়ে যেতিয়া সীমা চেৰাইছিল, তেতিয়া তেওঁ পঢ়া কোঠাত সুমুৱাই ৰাখি অংক কৰিবলৈ লগাই দিছিল। কেতিয়াবা লগাই দিছিল ফুলনি চাফাই কৰিবলৈ। যিখিনি সময় অংক কৰিবলৈ দিছিল বা বাগিচাৰ কামত লগাইছিল, সেইখিনি সময়ত মুখেৰে মাত মাতিলে শাস্তিৰ ম্যাদ দুগুণ হৈছিল। লাহে লাহে সিহঁত পূৰঠ হৈছিল। দুষ্টামি এৰিছিল। আৰু এতিয়া তেওঁকেই এৰি বেলেগ দেশত ব্যস্ত সিহঁত। তেওঁৰ নাতিহঁতে যেতিয়া দুষ্টামি কৰে তেতিয়া বাৰু দেউতাকহঁতে কি শাস্তি দিয়ে? নাতিহঁত যদি আজি তেওঁৰ কাষত থাকিলহেঁতেন! তেওঁ বাৰু কি কৰিলেঁহেঁতেন সিহঁতক দেউতাকহঁতৰ শাস্তিৰ পৰা ৰেহাই দিবৰ বাবে! চকুহাল মুদি ভাবিব ধৰিলে ষ্টেপানে...

            ভিন্ন বয়সৰ তিনিটা ল'ৰা। ষ্টেপানৰ নাতি। সিহঁতে চোতালত ফুটবল এটা গুৰিয়াই লৈ ফুৰোঁতে কেইবাটাও ফুলৰ টাব ভাগিল। ষ্টেপানৰ বৰপুত্ৰই টাবকেইটা ভগা দেখি খঙতে সিহঁত তিনিটাক সৰু এছাৰি এডালেৰে কোবাবলৈ ধৰিছে। তিনিওটা এছাৰিৰ কোব খোৱাৰ পৰা বাচিবলৈ দৌৰি আহি ষ্টেপানক সাবটি ধৰিছেহি। ষ্টেপানেও হাঁহি হাঁহি সিহঁত তিনিটাক ধৰি লৈ বৰপুত্ৰক মিছা ধমক দি আঁতৰাই পঠাইছে। এছাৰিৰ কোব খোৱাৰ পৰা ৰক্ষা পাই তিনিওটাই ককাকৰ দুগাল চুমাৰে ওপচাই দিছে। সিহঁত আকৌ ফুটবলটো লৈ চোতালত ব্যস্ত হৈ পৰিছে। তেওঁ বাৰাণ্ডাত বহি চাইছে নাতিহঁতৰ ৰং-ধেমালি। এৰা, হাতীতকৈ নাতি ডাঙৰ!

            খটক্!

        গে'টখন খোলাৰ চিনাকি শব্দটো শুনি ষ্টেপানৰ ভাবনাত যতি পৰিল। ভাবনাৰ নাতিকেইটাৰ পৰা তেওঁৰ চকুহাল আঁতৰি গৈ গে'টখন পালেগৈ।  গে'ট খুলি সোমাই আহিছে মিষ্টাৰ ইগৰ।

            : অকলে বহি আছা যে!

            ষ্টেপানে কিবা এষাৰ ক'বলৈ নৌপাওঁতেই মিষ্টাৰ ইগৰে ক'লে।

            : অকলশৰীয়া যে!— সামান্য হাঁহি ষ্টেপানে ক'লে।

            : কিয়! মলেঁয়া আছে নহয়। পিছে তাইক দেখা নাই যে। কেনি গ'ল?— মিষ্টাৰ ইগৰে প্ৰশ্ন কৰিলে।

            : তাইক বন্দী কৰি থৈছোঁ।

            : কিয়? কিবা কৰিলে?— হাঁহি হাঁহি সুধিলে মিষ্টাৰ ইগৰে।

          ইগৰৰ প্ৰশ্নৰ উত্তৰত ষ্টেপানে মলেঁয়াই কৰা দুষ্টামিৰ বিৱৰণ দিলে। মিষ্টাৰ ইগৰে মলেঁয়া আৰু ষ্টেপানৰ এই নিষ্কলুষ কাণ্ডৰ কথা জানিব পাৰি হাঁহিলে মাথোন । তেওঁ হাঁহি হাঁহিয়েই ক'লে— "হ'ব আৰু দিয়াঁ। এতিয়া তাইক মুকলি কৰি লৈ আনা। তাই চাগে দুষ্টামিৰ শাস্তি ভোগ কৰি অনুতপ্ত এতিয়া!"

            : মুকলি কৰিম বাৰু; কিন্তু তাৰ আগতে তোমাৰ আৰু মোৰ বাবে কফি তৈয়াৰ কৰি লওঁ ৰ'বা।

            : ঠিক আছে। তাইৰ বাবেও খোৱাৰ যোগাৰ কৰি আনিবলৈ নাপাহৰিবা।

            : আনিম, আনিম। যোগাৰ হৈয়ে আছে। তাইৰ বাবে 'ষ্টক' কেতিয়াও খালী নকৰোঁ মই। কিন্তু তাই দুষ্ট হোৱা বাবেহে শাস্তি পাইছে আজি।

            ষ্টেপানে দুটা কফিমাগত কফি বাকিলে। এটা মাগ তেওঁৰ নিজৰ বাবে; আনটো মিষ্টাৰ ইগৰৰ বাবে। ডাঙৰ প্লেট এখনত কেইখনমান বিস্কুট ল'লে। কফিমাগ আৰু বিস্কুটৰ প্লেটখন ট্ৰে' এখনত লৈ মিষ্টাৰ ইগৰৰ কাষতে থকা চাপৰ, ঘূৰণীয়া টেবুলখনত থৈ পুনৰ ভিতৰলৈ সোমাই গ'ল ষ্টেপান। তেওঁ পোনে পোনে গৈ ষ্ট'ৰ ৰূমৰ দুৱাৰমুখত ৰ'লগৈ। ভিতৰত কিবা শব্দ শুনে নেকি দুৱাৰত কাণ এখন লগাই শুনিলে। নাই, ভিতৰখন নিৰৱ। মলেঁয়া নিৰৱ।

           দুৱাৰখন খুলি দিলে ষ্টেপানে। মলেঁয়া মন মাৰি থিয় হৈ আছে চুক এটাত। দুৱাৰ খোলাৰ শব্দ শুনিও তাই দুৱাৰমুখলৈ চোৱা নাই। হয়তো অভিমান কৰিছে। তাই বিচাৰিছে— ষ্টেপানে তাইৰ অভিমান ভাঙক! ষ্টেপান কাষ চাপি গ'ল তাইৰ। দুহাত মেলি মলেঁয়াক ধৰি বাহিৰলৈ উলিয়াই আনিলে। আনোতে কৈ আহিল— "ওফোন্দ পাতি থাকিব নালাগে, ব'ল। বাহিৰত আলহী আছে।"

            মলেঁয়াক লৈ বাৰাণ্ডা পালেহি ষ্টেপান। দুয়োকে দেখি মিষ্টাৰ ইগৰে হাঁহিলে আৰু ক'লে— "যুদ্ধ শেষ! এতিয়া শান্ত এই পৃথিৱী! গতিকে কফিত চুমুক দি দি আমি এতিয়া কথা পাতিব পাৰোঁ।"

            : ৰ'বা ইগৰ। এইৰ বাবেও আহাৰ লৈ আহোঁ।

            কথাষাৰ কৈ ষ্টেপান পুনৰ ভিতৰলৈ সোমাই গ'ল আৰু হাতত প্লাষ্টিকৰ বহল পাত্ৰ এটা লৈ ওলাই আহিল। পাত্ৰটোত অলপ পানী আছে। পানীখিনিত মজলীয়া আকাৰৰ তিনিটা জীৱন্ত কমন নেচ (Common nase) মাছে নাচি আছে। সেইকেইটা কালি চাভাত বৰশী বাই আনিছিল ষ্টেপানে। পাত্ৰটো মলেঁয়াৰ সমুখত দি ক'লে— "খা। আজিৰ দৰে দুষ্টামি কৰিলে লঘোণে থাকিব লাগিব। ...আমাৰো কফি আৰম্ভ কৰিব লাগে ইগৰ।"

        মলেঁয়াই চুচুক চামাককৈ জীয়া মাছ এটা পাত্ৰটোৰ পৰা ঠোঁটখনেৰে তুলি আনিলে। মাছটোৱে ছটফটাই উঠিল। তাকে দেখি মিষ্টাৰ ইগৰে ক'লে— "বুজিছা ষ্টেপান, এই পৃথিৱীত কোনোবা চিকাৰ, কোনোবা চিকাৰী! কিন্তু কেতিয়াবা চিকাৰীও চিকাৰ হয়।"

            : চিকাৰ আকৌ কেনেকৈ চিকাৰী হ'ব?— কফিত চুমুক দি সুধিলে ষ্টেপানে।

            : মলেঁয়াই যে মাছটো খাইছে, এইটো তাইৰ বাবে চিকাৰ। কিন্তু কিবা কাৰণত যদি মাছটো মলেঁয়াৰ ডিঙিত লাগি ধৰে, মলেঁয়াই যদি গিলিব নোৱাৰি, উশাহ ল'ব নোৱাৰি মৃত্যুমুখত পৰিবলগা হয়, তেন্তে মলেঁয়া চিকাৰীৰ সলনি চিকাৰ হ'ব! অৱশ্যে চিকাৰ চিকাৰী হোৱা ঘটনা খুব কমেইহে আছে।

            : এৰা। পৃথিৱীখন সঁচাকৈয়ে বিচিত্ৰ। বিচিত্ৰ প্ৰকৃতি জগত।— ষ্টেপানে মিষ্টাৰ ইগৰৰ সতে সহমত পোষণ কৰিলে।

            : ঈশ্বৰে পৃথিৱীখন এনেদৰে সৃষ্টি কৰিছে যে মানুহে প্ৰকৃতিৰ পৰা জীৱন জীব পাৰে আৰু শিকাৰ অলেখ উৎস বিচাৰি পাব পাৰে। মানুহে সৃষ্টিৰ শ্ৰেষ্ঠ জীৱ বুলি দাবী কৰিলেও জীৱ-জন্তু আৰু চৰাইৰ পৰা শিকিবলগীয়া বহুত কথা আছে! নেতৃত্বৰ গুণৰ পৰা আৰম্ভ কৰি কৌশল, পৰিয়ালৰ বন্ধনলৈকে আমি পশু-পক্ষীৰ দৈনন্দিন কাম-কাজৰ পৰা বহু কথা শিকিব পাৰোঁ। জানানে ষ্টেপান, এই যে আমি ঈগলক শক্তিশালী, কাৰ্যক্ষম চিকাৰী চৰাই বুলি জানো; চৰাইৰ ৰজা এই ঈগলে নিজৰ জীৱনত সাতটা নীতি মানি চলে, যিবোৰ আমাৰ বাবে অতি শিকিবলগীয়া আৰু অনুসৰণযোগ্য।— মিষ্টাৰ ইগৰে দীঘলীয়াকৈ ক'লে।

            : ঈগলৰ নীতি?

           : অঁ। আচলতে এইবোৰ ঈগলে মানুহৰ নিচিনাকৈ বান্ধি লোৱা নিয়ম নহয়; কিন্তু ঈগলৰ এইবোৰ আচৰণৰ পৰা আমি শিকিব পাৰোঁ। তুমি নাজানা নেকি ঈগলৰ এই সপ্তনীতিৰ বিষয়ে?

            : নাজানো। কোৱাঁচোন বাৰু তুমি।

         : শুনা তেন্তে। ...ঈগলবোৰ আকাশত বহু ওপৰলৈ উৰি যায়। ইহঁত কেতিয়াও আন সৰু চৰাইৰ লগত উৰি নুফুৰে। আন কোনো চৰাই ঈগলৰ সমান উচ্চতাত উপনীত হ’ব নোৱাৰে। ঈগলে দল বান্ধি নহয়, অকলে উৰাৰ সিদ্ধান্ত লয়।

            : ইয়াৰ পৰা আমি কি বুজিম?— কফিত চুমুক দি ষ্টেপানে সোধে।

          : মানুহ হিচাপে আমি এনে মানুহৰ লগত খোজ কাঢ়িব লাগে, যিসকলৰ সপোন নিজৰ সপোনৰ সতে মিলে, যাৰ লগত নিজৰ দৃষ্টিকোণ একে হয়, আৰু যাৰ লগত নিজৰ ব্যক্তিগত বিকাশ সম্ভৱ হয়। একে মনৰ মানুহৰ লগত বন্ধুত্ব গঢ়ি তোলা উচিত, যিদৰে কাউৰী আৰু আন চৰাইৰ পৰা ঈগলবোৰ আঁতৰি থাকে।

            : বৰ সজকথা এফাঁকি ক'লাহে মিষ্টাৰ ইগৰ। দ্বিতীয়টো নীতিৰ কথা কোৱাচোন বাৰু।

          : ঈগলৰ দৃষ্টিশক্তি তীক্ষ্ণ। যাৰ ফলত আকাশত থকা সময়ত ৫ কিলোমিটাৰ পৰ্যন্ত দূৰলৈকে দেখা পায়, সেয়াও স্পষ্টকৈ! যেতিয়া ঈগলে নিজৰ চিকাৰ বিচাৰি পায় তেতিয়া ই তাৰ ওপৰত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰি চিকাৰ ধৰিবলৈ অগ্ৰসৰ হয়। যিয়েই বাধা নাহক লাগে, ঈগলে চিকাৰ বিচাৰি নোপোৱালৈকে কেতিয়াও তাৰ পৰা চকু আঁতৰাই নিদিয়ে। ইয়াৰ তাৎপৰ্য আমি এনেদৰে বিচাৰ কৰিব পাৰোঁ— যেনেকৈ ঈগলে সকলো বস্তু অতি স্পষ্টকৈ দেখে, কিন্তু কেৱল এটা প্ৰাণীৰ ওপৰতহে গুৰুত্ব দিয়ে, ঠিক তেনেকৈ আমিও সকলো জানিব লাগিব, সচেতন হ'ব লাগিব; কিন্তু এটা কামতহে মনোনিৱেশ কৰা উচিত। বা ক'ব পাৰি— নিজক চিনি লোৱা, এটা লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেই লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে লাগি থাকা; লাগিলে যিমানেই বাধাই নাহক, মনোযোগ নেহেৰুৱাবা।

            কথাখিনি কৈ মিষ্টাৰ ইগৰে খালী হোৱা কফিমাগটো ট্ৰেখনত থ'লে। ইতিমধ্যে ষ্টেপানৰো কফি শেষ হৈছিল। তেৱোঁ মিষ্টাৰ ইগৰৰ দৰেই মাগটো ট্ৰে'খনত ৰাখিলে। সেই সময়তে মলেঁয়াই শেষৰটো মাছ প্লাষ্টিকৰ পাত্ৰটোৰ পৰা ঠোঁটেৰে তুলি আনিছে। মাছটো ছটফটাই উঠিছে মলেঁয়াৰ ঠোঁটৰ চেপাত। মিষ্টাৰ ইগৰে মলেঁয়াই মাছটো ঠোঁটত লৈ খোৱাৰ আয়োজন কৰাৰ ফালে চাই ক'লে— "বুজিছা ষ্টেপান, ঈগলৰ তৃতীয়টো নীতি মলেঁয়াই জীয়া মাছ খোৱাৰ দৰেই।"

            : মানে?— আচৰিত হয় ষ্টেপান।

         : মানে ঈগলে সদায় জীৱিত প্ৰাণীহে খাদ্য হিচাপে খায়। কেতিয়াও মৰা বস্তু নাখায়। যিদৰে এতিয়া মলেঁয়াই জীয়া মাছ খাই আছে।

            : ইয়াৰ তাৎপৰ্য বা কি? কোৱাচোন।

         : আমাক সদায় শক্তিৰ প্ৰয়োজন হয় আৰু সেই শক্তি আহে খাদ্যৰ পৰা। কিন্তু ঈগলে কেতিয়াও মৃতদেহ নাখায়, বৰঞ্চ জীৱন্ত আৰু সতেজ চিকাৰৰ পিছতহে ব্যস্ত হয়। এই গতিশীল জগতখনত আগবাঢ়ি থাকিবলৈ হ’লে মানুহে নিজকে সদায় শেহতীয়া তথ্যৰে 'আপ-টু-ডে'ট' কৰি ৰাখিব লাগিব। প্ৰতিটো ছেকেণ্ডতে বহু সলনি হৈ আছে। গতিকে সকলো সময়তে শেহতীয়া তথ্য আৰু খবৰ জানিব লাগিব। এই নতুন তথ্যই জীৱনৰ উদ্দেশ্য স্পষ্ট কৰিবলৈ নতুন শক্তি প্ৰদান কৰে। আমাৰ আশে-পাশে থকা কিছুমান মানুহ মৰা আৰু পচি যোৱা মাংসৰ দৰে। তেওঁলোকে সদায় আমাক নিৰুৎসাহ যোগোৱা কথাহে কয়। গতিকে তেনে লোকৰ পৰা নিলগত থাকিব লাগে।

        : সঁচাকৈয়ে দেই। মই মলেঁয়াক তুলি-তালি ডাঙৰ-দীঘল কৰিব নোৱাৰিম বুলি কমবোৰ মানুহে কৈছিলনে। কেইবাজনেও মোক পগলা বুলিয়েই কৈছিল। মই তেওঁলোকৰ কথালৈ কাণ নিদি নিজৰ কামত ধৰিলোঁ বাবেহে মলেঁয়া আজি মোৰ লগৰীয়া হৈ আছে।— মিষ্টাৰ ইগৰৰ কথাখিনি শুনি ষ্টেপানে ক'লে।

          : আমাৰ সমাজখনত এনে ধৰণৰ মানুহেই অধিক; যিদৰে চৰাইৰ জগতত কাউৰীৰ সংখ্যা বেছি। মানুহৰূপী ঈগলৰ সংখ্যা সদায় তাকৰীয়া, যিদৰে পক্ষীৰ জগততো ঈগলৰ সংখ্যা কম।

            : হয়। ঠিক কৈছা। এইবাৰ চতুৰ্থটো নীতিৰ বিষয়ে কোৱাচোন।

        : শুনা। ...ঈগল ধুমুহাৰ পৰা আঁতৰি নাথাকে, বৰঞ্চ ধুমুহাৰ গতিবেগ ব্যৱহাৰ কৰি ওপৰলৈ উৰি যায়। আন চৰাইবোৰ পাত আৰু গছৰ আঁৰত লুকাই থকাৰ সময়ত ঈগলে ধুমুহাৰ বিৰুদ্ধে ডেউকা জোকাৰি, ধুমুহাৰ গতিবেগ ব্যৱহাৰ কৰি ডাৱৰৰ মাজেৰে উৰি যায়। বতাহৰ গতি বৃদ্ধি হ’লে ঈগলে ডেউকা জোকাৰি যোৱা বন্ধ কৰি স্বয়ংক্ৰিয়ভাৱে উৰি যায়। ধুমুহাক যেন ঈগলে বৰ ভাল পায়!

            : ইয়াৰ তাৎপৰ্যটোও একেকোবে কৈ দিয়াঁ।

            : প্ৰত্যাহ্বানক প্ৰত্যাহ্বান হিচাপে নহয়, সুযোগ হিচাপেহে চাব লাগে। ধুমুহাৰ সময়ত বাকী সকলো চৰায়ে আশ্ৰয় বিচৰাৰ বিপৰীতে ঈগলে ধুমুহাৰ মাজতো উৰণত ব্যস্ত। ধুমুহাৰ গতি ব্যৱহাৰ কৰি প্ৰতিকূল বতৰতো ঈগল জীয়াই থাকে। গতিকে সফলতাৰ ভোকত থকা এজন সপোন দেখা মানুহেও প্ৰতিটো প্ৰত্যাহ্বান গ্ৰহণ কৰা উচিত। কেৱল প্ৰতিকূল পৰিস্থিতিয়েহে নতুন কথা শিকাব পাৰে, সমস্যা সমাধানৰ মহান দক্ষতাৰ ক্ষেত্ৰত নিখুঁত কৰিব পাৰে। গতিকে প্ৰত্যাহ্বান এৰাই চলিব নালাগে, ইয়াৰ সন্মুখীন হ’ব লাগে, শক্তিশালী হৈ যুঁজিব লাগে। ঈগলৰ দৰেই ইয়াক বাধা হিচাপে নহয়, শক্তিলৈ ৰূপান্তৰিত কৰিব লাগে। ...তুমিও কিন্তু ঈগলৰ এই নীতিটো কামত খটুৱাই আছাঁ।

            : কেনেকৈ?— অবাক হয় ষ্টেপান।

            : এইযে তোমাৰ শ্ৰীমতী ঢুকাল, তোমাৰ ল'ৰাহঁত বিদেশলৈ গুচি গ'ল, তাৰ পাছতো কিন্তু তুমি হাৰ মনা নাই জীৱনৰ ওচৰত। নিঃসংগতাক তুমি প্ৰত্যাহ্বান হিচাপে লৈ সেই প্ৰত্যাহ্বান ওফৰাবলৈ জটিল বুলি জানিও মলেঁয়াক জীয়াই তুলিছা, প্ৰতিপালন কৰিছা। এতিয়া তুমি তাইৰ সংগসুখ লাভ কৰিছা।

            : হওঁতে ঠিক কথাই কৈছা তুমি। ...এতিয়া পিছে ঈগলৰ পঞ্চমটো নীতিৰ বিষয়ে কোৱাঁ।

          : যদি কোনো স্ত্ৰী আৰু পুৰুষ ঈগলে কেতিয়াবা বন্ধুত্ব কৰিবলৈ বিচাৰে, তেন্তে স্ত্ৰী ঈগলে প্ৰথমে পুৰুষ ঈগলৰ প্ৰতিশ্ৰুতিৰ পৰীক্ষা লয়।

            : পৰীক্ষা লয়? কেনেকৈ?

            : সেইটো এটা বেছ মজাৰ কাৰবাৰ। শুনা।

        : সাক্ষাতৰ পাছত মাইকী ঈগল তললৈ নামি আহি গছৰ ডাল এটা তুলি লয়। পিছে পিছে মতা ঈগলটোও উৰি যায়। মাইকী ঈগলে ডালটো লৈ ওপৰলৈ উৰি যায় আৰু নিৰ্দিষ্ট উচ্চতা পোৱাৰ পাছত ডালটো গছৰ তললৈ পেলাই দিয়ে। পিছে পিছে যোৱা মতা ঈগলটোৱে সেই ডালটো ধৰিবলৈ তললৈ নামি আহে আৰু ডালটো লৈ মাইকী ঈগলৰ ওচৰ পায়গৈ। এই প্ৰক্ৰিয়াটো কেইবা ঘণ্টা ধৰি পুনৰাবৃত্তি কৰা হয় যেতিয়ালৈকে মাইকী ঈগল নিশ্চিত নহয় যে পুৰুষ ঈগলে ডালটো ঘূৰাই অনাৰ কামটো আয়ত্ত কৰিছে। ইয়াত পুৰুষ ঈগলৰ তেওঁৰ প্ৰতি থকা প্ৰতিশ্ৰুতি দেখুওৱা হৈছে। অৰ্থাৎ আমি ইংৰাজীত যিটোক Commitment বুলি কওঁ। প্ৰথমে ‘কমিটমেণ্ট’ দেখুৱাব লাগিব, পাছতহে বন্ধুত্ব হ'ব।

               : সঁচাকৈয়ে বৰ মজাৰ কাৰবাৰচোন।

            : অঁ। ইয়াৰ পৰা মানুহে শিকিবলগীয়া শিক্ষাটো হ’ল— ব্যক্তিগত জীৱনতেই হওক বা পেছাদাৰী জীৱনতেই হওক, কাৰোবাৰ লগত কোনো চুক্তি বা সম্পৰ্ক স্থাপন কৰাৰ আগতে তেওঁৰ প্ৰতিশ্ৰুতি পৰীক্ষা কৰা উচিত। যিজনে 'কমিটমেণ্ট' ৰক্ষা কৰিব পাৰে, সেইজনৰ সতেহে কাম কৰিব লাগে।— কিমান ধুনীয়াকৈ আমাক এই কথা ঈগলে শিকাইছে!

            : বৰ লায়কৰ কথা কৈছাহে আজি। শুনি থাকিবলৈকে মন গৈছে।— ষ্টেপানে ক'লে।

            : ঈগলৰ বাহ দেখিছা তুমি?— মিষ্টাৰ ইগৰে প্ৰশ্ন কৰিলে।

            : নাই দেখা। কিয় সুধিলা?

            : ঈগলৰ বাহটোতে ঈগলৰ ষষ্ঠটো নীতি আছে।

            : কোৱাঁচোন।— পৰম আগ্ৰহেৰে ষ্টেপানে ক'লে।

            : কণী পৰাৰ সময়ত পুৰুষ আৰু স্ত্ৰী ঈগলে পাহাৰৰ ওপৰত বাহ সাজে, য'ত চিকাৰীয়ে আক্ৰমণ কৰাৰ আশঙ্কা নাথাকে। বাহ সজাৰ সময়ত ঈগলে প্ৰথমে বাহ সাজিবলৈ কিছুমান কাঁইটীয়া ডাল পাৰি লয়। তাৰ পাছত গছৰ সৰু সৰু ডাল কিছুমান পাৰে। তাৰ পাছত পাৰে কিছুমান কাঁইট আৰু শেষত পাৰে কিছুমান কোমল ঘাঁহ। এনেয়ে চাবলৈ গ'লে ঈগলকনো কিমান ডাঙৰ বাহ লাগে! কিন্তু সৰু বাসস্থানৰ নিৰাপত্তাৰ বাবে ঈগলে বাহৰ বাহিৰফালে কাঁইট আৰু টান গছৰ ডাল মেলি দিয়ে। ঈগলৰ পোৱালিবোৰৰ উৰিবলৈ শিকাৰ সময় হ'লে মাতৃ ঈগলে সিহঁতক বাহৰ বাহিৰলৈ উলিয়াই দিয়ে; কিন্তু পৰি যোৱাৰ ভয়ত পোৱালিবোৰ ঘূৰি আহে। তেতিয়া মাক ঈগলে বাহৰ সকলো কোমল ঘাঁহ আঁতৰাই পেলায় আৰু পোৱালিবোৰক পুনৰ বাহিৰলৈ উলিয়াই দিয়ে। এইবাৰ যেতিয়া পোৱালিবোৰ ঘূৰি আহে, তেতিয়া কোমল ঘাঁহবোৰ আঁতৰাই দিয়াৰ ফলত কাঁইটে আঘাত কৰে, তেতিয়া সিহঁত নিজে জঁপিয়াই বাহিৰ ওলাই আহে। সিহঁতে হয়তো ভাবে— মৰমিয়াল মাক-দেউতাকে বাৰু সিহঁতক কিয় এনে কৰিছে? পিছে এইবাৰ পিতৃ ঈগলে সন্তানক উদ্ধাৰৰ কামত নিয়োজিত হয়। পোৱালিবোৰ তললৈ পৰি যোৱাৰ আগতেই পিঠি পাতি ধৰি বাহলৈ উৰুৱাই লৈ আহে পুৰুষ ঈগলে। পোৱালিবোৰে ডেউকা জোকাৰিবলৈ আৰম্ভ নকৰালৈকে এই প্ৰক্ৰিয়া চলি থাকে।

            : বেলেগ কিন্তু দেই। সঁচাকৈয়ে শিকিবলগীয়া কথা এইবোৰ।

            : অঁ। ঈগলৰ বাহ আৰু পোৱালি জগোৱা কাৰবাৰটোৰ পৰা বহু শিক্ষা ল'ব পাৰি। ঈগলে নিৰাপদ আশ্ৰয়স্থল গঢ়ি তোলাৰ প্ৰস্তুতিয়ে যিকোনো পৰিৱৰ্তনৰ বাবে প্ৰস্তুতি চলাবলৈ শিকায়। পৰিয়ালৰ সকলো কাম-কাজত সকলোৰে স্বতস্ফূৰ্ত অংশগ্ৰহণ সদায় বাঞ্ছনীয়। লগতে পৰিয়ালৰ কনিষ্ঠ সদস্যসকলৰ বাবেও ই এক উৎকৃষ্ট আদৰ্শ দাঙি ধৰে। যেতিয়া ঈগলৰ পোৱালিবোৰে কাঁইটৰ খোচ খায়, তেতিয়া সিহঁতে ডেউকা জোকাৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই সিহঁতে সঁচাকৈয়ে নতুন কিবা এটা আৱিষ্কাৰ কৰে। সিহঁতে আৱিষ্কাৰ কৰে যে সিহঁত উৰিব পাৰে। ঈগলৰ এই প্ৰক্ৰিয়াৰ পৰা আমি শিকিব পাৰোঁ যে আমি আৰামদায়ক স্থানত থাকিলে নতুন একো শিকিব নোৱাৰিম, জীৱনৰ বিষয়ে নাজানিম, আমাৰ সামৰ্থ্যৰ প্ৰতি সচেতন নহ’ম। এক কথাত ক’বলৈ গ’লে comfort zone-অৰ পৰা ওলাই আহিব লাগিব! অন্যথা নতুন কিবা এটা শিকাটো কেতিয়াও সম্ভৱ নহয়। পৃথিৱীত যিয়েই নহওক কিয়, পিতৃ-মাতৃয়ে কেতিয়াও সন্তানৰ অসুবিধা হোৱাটো কামনা নকৰে। মাতৃ ঈগলে নিজৰ পোৱালিবোৰ বাহৰ পৰা উলিয়াই দিব বিচাৰে, যাতে সিহঁতে উৰিবলৈ শিকে, আনহাতে পিতৃ ঈগলে সিহঁতক পৰি যোৱাৰ পৰা ৰক্ষা কৰে— এয়াইতো পিতৃ-মাতৃৰ ধৰ্ম।

            মিষ্টাৰ ইগৰে কোৱা ঈগলৰ ষষ্ঠটো নীতিৰ কথাই ষ্টেপানক ভবাই তুলিলে। সঁচাকৈয়ে কোনো পিতৃ-মাতৃয়ে সন্তানৰ অহিত কামনা নকৰে। সকলোৱে সন্তানক সৰ্বোৎকৃষ্ট হোৱাটো কামনা কৰে। তেওঁলোকেও বিচাৰিছিল। সিহঁত সঁচাকৈয়ে উপযুক্ত হ'ল। আনকি দেশ এৰি বিদেশত চাকৰি কৰিব পৰা হ'ল। সিহঁতো ঈগল হ'ল! পুতেকহঁত বিদেশত থকাক লৈ ষ্টেপান প্ৰথমবাৰলৈ সুখী হ'ল। মিষ্টাৰ ইগৰে শুনোৱা ঈগলৰ ষষ্ঠটো নীতিয়ে তেওঁক নতুন দৃষ্টিৰে চাবলৈ শিকালে পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্কক। মনটো পাতল পাতল লাগিল ষ্টেপানৰ। তেওঁৰ মনৰ ঈগলটো যেন উৰিব বিচাৰিছে!

              : কিবা ভাবিছা?

              মিষ্টাৰ ইগৰৰ প্ৰশ্নত থতমত খালে ষ্টেপানে। একো নক'লে তেওঁ। মাথোঁ মিচিকিয়ালে।

          : সপ্তমটো নীতিৰ বিষয়ে জানিবলৈ মন নাই যোৱা নেকি তোমাৰ?— পুনৰ প্ৰশ্ন কৰিলে মিষ্টাৰ ইগৰে।

            : কোৱাঁ, কোৱাঁ। কিয় নুশুনিম।— উৎসুকতাৰে ক'লে ষ্টেপানে।

          : ঈগলৰ বয়স বাঢ়ি অহাৰ লগে লগে সিহঁতৰ ডেউকা ক্ৰমশঃ দুৰ্বল হৈ পৰে, যাৰ ফলত আগৰ দৰে বেগেৰে উৰিব নোৱৰা হয়। যেতিয়া ঈগলে দুৰ্বল অনুভৱ কৰে, তেতিয়া শিল থকা ঠাইত আশ্ৰয় লয় আৰু শিলত ঘঁহাই ঘঁহাই নিজৰ নখবোৰ ভাঙি পেলায়, ঠোঁটেৰে কামুৰি কামুৰি পাখিবোৰ এটা এটাকৈ উভালি পেলায়। এই কষ্টকৰ পৰিক্ৰমাৰ অন্তত সেই দুৰ্বল ঈগলটো ৰৈ থাকে নতুনকৈ পাখি গজালৈ, নতুন নখ হোৱালৈ। এসময়ত নতুন পাখি গজে, নখ সবল হয়। তেতিয়া পুনৰ বিজুলী বেগেৰে উৰি যায় ঈগল। ...এইটো অৱশ্যে কাহিনীহে; ঈগলৰ এনে পুনৰ্জন্ম বাস্তৱিক নহয়। তথাপি আমি এই কাহিনীটোৰ পৰাও আমি শিক্ষা ল'ব পাৰোঁ।

            : এই কাহিনীৰ তাৎপৰ্যও কৈ দিয়াঁচোন।

         : শুনা— যেতিয়া নিজৰ কৰ্তব্য, দায়িত্ব, পঢ়া-শুনা আদিৰ ধামখুমীয়াই আমনি অনুভৱ কৰায়, তেতিয়া বিৰতি লোৱাৰ সিদ্ধান্ত ল'ব লাগে। নিজক সময় দিব লাগে। এই সময়খিনিত ব্যক্তিগতভাৱে চিন্তা কৰিব লাগে যে নিজৰ বাবে কি অৰ্থপূৰ্ণ আৰু কোনবোৰ অৰ্থশূন্য। ঈগলে পাখিবোৰ উভালি পেলোৱাৰ দৰে সেই অপ্ৰয়োজনীয় দায়িত্ববোৰ জোকাৰি পেলাই দিব লাগে যিবোৰে মানুহক লেহেমীয়া কৰি ৰাখে আগুৱাই যোৱাৰ পথ বন্ধ কৰি দিয়ে। পৰীক্ষা কৰিব লাগে— কোনবোৰ বেয়া অভ্যাস আছে নিজৰ। সেই বেয়া অভ্যাসবোৰ ঈগলে খহাই পেলোৱা পাখিৰ দৰে জোকাৰি পেলাব লাগে; আকৌ নতুন যাত্ৰা আৰম্ভ কৰিব লাগে।

            মিষ্টাৰ ইগৰৰ মুখেৰে ঈগলৰ বিষয়ে শেষ কাহিনীটো শুনি ষ্টেপানে নিজেই নিজক বুজালে— ঠিকেইতো! তেওঁৰ কাষত নাথাকি বিদেশত থাকিল বাবেই অহৰহ পুতেকহঁতৰ বিষয়ে চিন্তা কৰি থকাটোৱে বহু সময়ত তেওঁক কাম-কাজৰ বেলিকা অন্যমনস্ক কৰিহে তোলে। অথচ সিহঁত ঠিকেই আছে। তেওঁহে মিছাতে চিন্তা কৰি মন ভাৰাক্ৰান্ত কৰি ৰাখে। এইবোৰ চিন্তা কাহিনীটোত ঈগলে পুৰণি পাখি উভালি পেলোৱাৰ দৰে জোকাৰি পেলাই দিব লাগে, যাতে দুখৰ বোজা পাতল হয়; ঈগলৰ দৰে জীৱন নতুন হয়!

            : কিবা ভাবিছা?— ভাবুক হৈ পৰা ষ্টেপানক দেখি মিষ্টাৰ ইগৰে ক'লে।

            : ওঁ।

            : কি ভাবিছা!

            : মানুহ ঈগলৰ দৰে হ'ব লাগে। কামেৰে।

            : ঠিক কথা।

            : আজি কিন্তু বৰ মজাৰ কথা উলিয়ালা তুমি। মানুহৰ মন সলনি কৰিব পৰা কথা।

         : কেৱল ঈগলেই নহয়, প্ৰকৃতিৰ প্ৰতিটো উপাদানেই আমাক আমাক নতুন নতুন কথা শিকায়। আমি পথালিচকুৱা মনিচেহে গম-গতি নলওঁ। ...মাজে-সময়ে এনেবোৰ কথা পাতিব লাগে।— মিষ্টাৰ ইগৰে ক'লে।

            : আমাৰ কথা শুনি শুনি মলেঁয়া টোপনি গ'ল চোঁৱা।

            ষ্টেপানৰ কথা শুনি মিষ্টাৰ ইগৰে মলেঁয়াৰ ফালে চালে। ঠেং এটা কোঁচাই, এটা ঠেঙৰ ওপৰত ভৰ দি, ডিঙিটো তললৈ নমাই আনি, ঠোঁটখন বুকুৰ পাখিৰ মাজত সুমুৱাই লৈ মলেঁয়া টোপনি গৈছে। তাই যেন এটা কেঁচুৱাহে!

(ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ