দাদুল দেৱকৃষ্ণ বৰুৱা
(১৫)
চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ
থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে। গৈ আছে ষ্টেপানৰ
জীৱনৰ এটা এটা লহমা। তেওঁ জানে— গতিশীলতাই জীৱন; স্থবিৰতাই মৰণ। গৈ আছে বাবেই চাভা
হৈ আছে নৈ। ৰৈ গ’লেই হ’ব এখন মৰা নৈ— মৰনৈ।
কথাখিনি ভাবি ভাবি ষ্টেপানে গছজোপাতে আঁউজি
দিলে। শীতৰ আঁচোৰে লঠঙা কৰি থৈ যোৱা গছজোপা। এখিলাও পাত নাই। শীতৰ কশাঘাতত লঠঙা হৈ
পৰাৰ দৰেই নিঃসংগতাৰ আঘাতে মানুহক জীৰ্ণ-শীৰ্ণ কৰি তোলে। গছডাল কিন্তু নিঃসংগ নহয়।
চৰাইৰ বাহ এটা আছে শীৰ্ষভাগত।
ষ্টেপান বহাৰ পৰা উঠিল। থিয় হৈ ওখ গছজোপাৰ
আগত থকা চৰাইৰ বাহটোলৈ চালে। কি চৰাইৰ বাহ জানিব বিচাৰিলে তেওঁ। কিন্তু বাহটো যথেষ্ট
উচ্চতাত থকা বাবে সেইটো কি চৰাইৰ বাহ তেওঁ নিশ্চিত হ’ব নোৱাৰিলে। বাহটোলৈ চাই অবাক
হ’ল ষ্টেপান। তেওঁ যিটো দৃশ্য দেখিলে, দেখাৰ পাছত সেই দৃশ্যটো বাস্তৱ নে বিভ্ৰম দোমোজাত
ৰ’ল ষ্টেপান। তেওঁ দেখিলে— লাহে লাহে জ্বলি উঠিছে বাহটো। একুৰা জুইলৈ পৰ্যবসিত হৈছে
শুকান ঠাল-ঠেঙুলিৰ বাহটো। সেই জুইৰ মাজত ডেউকা প্ৰসাৰিত কৰি বহি আছে এটা অদ্ভূত চৰাই।
চৰাইটোক ঘেৰি ধৰিছে জুইৰ শিখাই। তথাপি অলৰ অচৰ এই আজৱ পক্ষী। জুই বিয়পি পৰিছে চৰাইটোৰ
উজ্জ্বল ৰঙা পাখিৰ ডেউকা দুখনলৈ। পুৰি আনিছে ক্ৰমান্বয়ে। জহি-খহি আহিছে চৰাইটোৰ অৱয়ব।
খুব কম সময়ৰ ভিতৰতে জ্বলি ছাই হৈ গ’ল বাহটো আৰু সেই আজৱ চৰাইটো। ষ্টেপানক আৰু অধিক
আচৰিত কৰি এইবাৰ জ্বলি ছাই হৈ যোৱা বাহটো আৰু চৰাইটোৰ ঠাইত ক্ৰমশঃ প্ৰকট হ’ল আকৌ এটা
চৰাই। এয়া কি দৈৱিক ঘটনা! আচৰিত হ’ল তেওঁ। হঠাৎ বিজুলী চমকৰ দৰে ষ্টেপানৰ মগজুৰ কোষে
কোষে বাগৰি গ’ল এক উজ্জ্বল জ্যোতি। স্বতস্ফূৰ্তভাৱে তেওঁৰ মুখেৰে উচ্চাৰিত হ’ল— ‘ফিনিক্স’!
ষ্টেপান আৰু বেছি আচৰিত হ’ল, যেতিয়া দেখিলে পুনৰ্জন্ম লোৱা চৰাইটো আচলতে বেলেগ চৰাই
নহয়; তেওঁৰে আপোন মলেঁয়া। ডেউকা মেলি সূৰ্যৰ দিশে মূৰ তুলি থিয় দিছে মলেঁয়া! তেওঁ
আশ্চৰ্যচকিত হৈ চিঞৰি উঠিল— "মলেঁয়া"!
খকমককৈ সাৰ পালে ষ্টেপান। দুই মিনিটমানলৈ
তেওঁ ইফাল সিফাল নকৰাকৈ বিছনাতে পৰি ৰ’ল।সপোনটো যেন তেওঁ এতিয়াও দেখি আছে— চাভাৰ পাৰৰ
লঠঙা গছজোপাত জ্বলি থকা চৰাইৰ বাহটো। জ্বলি থকা চৰাইটো। ছাই হৈ যোৱা বাহটো আৰু চৰাইটোৰ
ঠাইত হঠাৎ আবিৰ্ভাৱ ঘটা মলেঁয়া! হয়, তেওঁ সপোনত ফিনিক্স দেখিলে। মলেঁয়া কি ফিনিক্সৰ
নব্য সংস্কৰণ! মলেঁয়া কি ৰূপকথাৰ সেই জাতিস্মৰ ফিনিক্সৰ অবিনাশী যাত্রাৰ এটা অংশ!
সপোনত হেনো সুখ আছে। আৰু শান্তি? শান্তি আছে
বোলে শ্মশানত। এয়া ষ্টেপানে জনা-বুজা হোৱা দিনতে দেউতাকৰ মুখত শুনা কথা। মানুহে কয়—
ভাবি থকা কথাকেই সপোনত বেছিকৈ দেখা যায়। কিন্তু তেওঁতো ভাবি থকা নাছিল ফিনিক্স পখীৰ
কথা। তেন্তে কিয় দেখিলে? কি ইংগিত দিলে এই সপোনে? নিজকে প্ৰশ্ন কৰা ষ্টেপানৰ মনলৈ
আহিল সপোন বিষয়ক তেওঁ সবাতোকৈ ভালপোৱা উক্তিটো। ভিনচেন্ট ভেন গখৰ সেই উক্তি—
"মই ছবি অঁকাৰ সপোন দেখোঁ আৰু পাছত নিজৰ সেই সপোনত ৰং সানো।"
শোৱাৰ পৰাই বিছনাৰ কাষতে থকা চুইছটো টিপিলে
ষ্টেপানে। কোঠাটো পোহৰাই জ্বলি উঠিল বাল্বটো। তেওঁৰ বিছনাৰ কাষতে মলেঁয়াৰ বাবে ঠিক
কৰি ৰখা বিছনাখনলৈ চালে। মলেঁয়া টোপনিত মগন। এইবাৰ দেৱালত আঁৰি থোৱা ঘড়ীটোলৈ চালে
তেওঁ। ৪ বাজিবলৈ ১৭ মিনিট বাকী। পুৱতি নিশা। পুৱতি নিশাৰ সপোন হেনো ফলিয়ায়! ষ্টেপানে
পুনৰ মলেঁয়াৰ ফালে চালে। সেইজনী যেন মলেঁয়া নহয়, সপোনৰ ফিনিক্স পখীটিহে আহি শুই
আছেহি মলেঁয়াৰ শেতেলিত! মলেঁয়া যদি সঁচাকৈয়ে ফিনিক্স হ’লহেঁতেন; তাই ভগা ডেউকাখনেৰে
সৈতে কঢ়িয়াই ফুৰা জীৱনটো জুইত পুৰি নতুন জীৱন লভিব পাৰিলেহেঁতেন।সঁচাকৈয়ে তেনে হোৱাহ’লে
তেওঁতকৈ সুখী মানুহ আন কোনো নাথাকিলহেঁতেন এই পৃথিৱীত।
বিছনাৰ কাষতে থকা টেবুলখনৰ পৰা পানীৰ বটলটো
লৈ দুঘোটমান খাই বাল্বৰ চুইছটো অফ্ কৰি দিলে ষ্টেপানে। পোহৰ পৰি থাকিলে মলেঁয়া সাৰ
পাই যাব পাৰে। সেয়ে আন্ধাৰতে পৰি থাকি তেওঁ আকৌ টোপনি যাবলৈ চেষ্টা কৰিলে।কিন্তু টোপনি
নাহিল।দুচকুত ভাহি থাকিল সপোনৰ সেই ফিনিক্স পখী।
ৰাতি পুৱাল। ষ্টেপান দুৱাৰ খুলি বাহিৰ ওলাল।
পিছে পিছে ওলাই আহিল মলেঁয়া। দাঁত ব্ৰাছ কৰি, মুখ-হাত ধুই, কফি একাপ কৰি ষ্টেপান বাৰাণ্ডাৰ
নিৰ্দিষ্ট চকীখনত বহাৰ লগে লগে মলেঁয়া বাহিৰত ৰ’দ পুৱাই থকাৰ পৰা তেওঁৰ ওচৰ পালেহি।
প্লেটৰ পৰা বিস্কুট এটা ঠোঁটখনেৰে টানি নিলে তাই। আজিকালি ষ্টেপানৰ আহাৰৰ ভাগ লোৱাৰ
অভ্যাস কৰিছে তাই। ষ্টেপানে ভালেই পাইছে। কেতিয়াবা অন্ততঃ তাইলৈ মাছৰ যোগাৰ নহ’লে
নিজে খোৱা খাদ্য অলপকে খুৱাব পাৰিব!
৮ বজাত স্কুললৈ ওলাল ষ্টেপান। চোতালতে মলেঁয়াক
মাছ দুটা খাবলৈ দি দুৱাৰ বন্ধ কৰিলে তেওঁ। স্কুলত তেওঁৰ বিশেষ কাম নাই আজি। নিজৰ উপস্থিতি
জনাই আহিবৰ বাবেহে ওলাইছে। মনত ৰাতিৰ পৰাই সপোনটোৰ অগা-ডেৱা। ভিতৰি উদ্বিগ্ন হৈ আছে
তেওঁ— সঁচাকৈয়ে ঘটিব নেকি সপোনত দেখাৰ দৰে কিবা এক প্ৰতীকী ঘটনা!
সৰু-সুৰা কাম দুটামান কৰি স্কুলত এঘণ্টামান
থাকি উভতি আহিল ষ্টেপান। গে’ট খোলাৰ শব্দ শুনি মলেঁয়াও পদূলি পালেহি। তাই বুজিলে—
উভতি আহিছে ষ্টেপান। ষ্টেপানৰ কাষে কাষে খোজকাঢ়ি তাই পদূলিৰ পৰা তেওঁক সদায়েই আদৰি
আনেগৈ। এই আদৰণি ষ্টেপানৰ সদায় প্ৰিয়। আজিও ভাল লাগিল।
দিনৰ আহাৰ কৰি ষ্টেপান বাতৰি কাকতত মগন হ’ল।
মলেঁয়াই চোতালত পায়চাৰি কৰিছে। তাইক আজি বাহটোত উঠোৱা হোৱা নাই। মাৰ্ক’ আহি পালেহে
সেই কামটো কৰিব পৰা যাব। সি স্কুলৰ জিৰণিৰ সময়ত আহি ষ্টেপানৰ লগ লাগি মলেঁয়াক ওপৰত
থকা বাহটোত তুলি থৈ আহেগৈ। সন্ধিয়া পুনৰ আহি নমায়হি। মলেঁয়াৰ বাবে এজন সংগী বিচাৰিবলৈ
ইয়াতকৈ আৰু সুকীয়া উপায় নাই ষ্টেপানহঁতৰ।তেওঁলোকৰ এই উপায়ে কাম দিলেই হয় আৰু!কিন্তু
যোৱানিশা দেখা সপোনটোৰ পাছৰে পৰা ষ্টেপানৰ মনটোক এক বুজাব নোৱৰা ব্যাকুলতাই ছানি ধৰিছে।
সেই সপোন ভালৰ বাবেই দেখিলে নে বেয়াৰ বাবে দেখিলে তাকে ভাবি থাকিবলৈ লৈছে তেওঁ। কাকো
কোৱাও নাই সপোনৰ সেই ফিনিক্স পখীৰ কথাটো।সেয়ে মনত এই চেপা উত্তেজনা। এই উত্তেজনা প্ৰশমনৰ
এটাই উপায়— কাৰোবাক ক’ব লাগিব।কাক ক’ব? ষ্টেপান বহাৰ পৰা উঠি টেলিফোনটোৰ ওচৰ পালেগৈ।চিনাকি
নম্বৰটো ডায়েল কৰিলে।সিপাৰে মিষ্টাৰ ইগৰৰ মাত।
: মই ষ্টেপানে কৈছোঁ।— ষ্টেপানে মাত দিলে।
: কোৱাঁ বন্ধু।— মিষ্টাৰ ইগৰে স্বভাৱসুলভ
হাঁহিটো মাৰিলে।
: এপাক আহিবা নেকি!
: কিবা বিশেষ কথা আছে? নে নতুন কাম ওলাল!
: কথাহে আছে। বিশেষ কথা।
: যাম। ঘৰত থাকি থাকি আমনিহে লাগিছিল।ক’ৰবালৈ
ওলাই যাম বুলি ভাবি আছিলোঁ। তুমি মাতিলা যেতিয়া যামেই আৰু।
: আহাঁ তেন্তে।
টেলিফোনিক বাৰ্তালাপ সামৰি ষ্টেপান পুনৰ বাহিৰলৈ
আহিল। মলেঁয়াই তেতিয়া তেওঁ এৰি যোৱা বাতৰি কাকতখন ঠোঁটেৰে আঁজুৰি তললৈ নমাই লৈ ঠেং
আৰু ঠোঁটৰ সন্মিলিত আক্ৰমণেৰে থকা-সৰকা কৰি পেলাইছে। আজিকালি তাইৰ এনে দুষ্টামি আগতকৈ
বাঢ়িছে। অৱশ্যে এইখিনি দুষ্টামি ভাল লাগে ষ্টেপানৰ। আপোন পুত্ৰ-কন্যাই কৰা আমনিৰ দৰে
ভাল লগা এইখিনি আমনি। তথাপি তেওঁ কৃত্ৰিম খং দেখুৱাই ধমক দিলে মলেঁয়াক। ধমক খাই তায়ো
উচাৎ মাৰি বাৰাণ্ডাৰ পৰা চোতাললৈ নামি গ’ল। তেনেতে গে’টতে চাইকেলখন আওজাই থৈ মাৰ্ক’
চোতাল পাইছিলহি। তাক দেখাৰ লগে লগে মলেঁয়া খৰ খোজেৰে তাৰ ওচৰ পালেগৈ। আজিকালি তাৰ
সতেও বন্ধুত্ব গাঢ় হৈছে মলেঁয়াৰ।
: আহাঁ মাৰ্ক’। এইৰ উৎপাত চৰিছে আজি। সোনকালে
বাহত তুলি দিলেহে গম পাব।— ষ্টেপানে হাঁহি হাঁহি ক’লে।
: ব’লক তেতিয়াহ’লে, ৰৈ নাথাকোঁ।— মাৰ্ক’ই
ক’লে।
: এইক ধৰাঁ তেন্তে।
: আহক।
মাৰ্ক’ই মলেঁয়াক ধৰিলে। তাই মাৰ্ক’ৰ কবলৰ
পৰা ওলাই যাবলৈ চেষ্টা কৰিলে যদিও সফল নহ’ল। তায়ো হয়তো ঠিকেই বুজিছে যে এতিয়া তাইক
ওপৰত থকা বাহটোত এৰি আহিবগৈ।
জখলাৰে উঠি গ’ল মাৰ্ক’। মলেঁয়াক ভালদৰে ধৰি
লৈ গৈছে সি। ঘৰৰ মূধচত থকা বাহটোত নি তাইক বহাই দিলেগৈ। নাই, তাই নাথাকে তাত। ওলাই
আহিল বাহটোৰ পৰা। মাৰ্ক’ই পুনৰ বাহটোত ৰাখিলে। এই কামটো কেইবাবাৰো কৰিবলগীয়া হ’ল মাৰ্ক’ই।
অৱশেষত তাই বাহটোৰ পৰা ওলাই কাষতে থিয় দি ৰ’ল। তায়ো হয়তো বুজি পালে যে মিছাকৈ যুঁজ
দি লাভ নাই!
নিজৰ দায়িত্ব পালন কৰি মাৰ্ক’ গ’লগৈ। সি
আকৌ সন্ধিয়া আহিব— মলেঁয়াক মূধচৰ পৰা নমাবলৈ। মাৰ্ক’ যোৱাৰ কেইটামান মিনিটৰ পাছতে
মিষ্টাৰ ইগৰ ওলালহি। ষ্টেপানৰ সতে দুয়ো দুখন চকীত বহি কথাত মচগুল হ’ল।
: যোৱানিশাৰ পৰা বৰ অস্থিৰতাত ভুগিছোঁহে।—
ষ্টেপানে ক’লে।
: কিয়?— আচৰিত হ’ল মিষ্টাৰ ইগৰ।
: সপোন এটা দেখিলোঁ।
: বেয়া সপোন নেকি?
: ভাল নে বেয়া নাজানো; কিন্তু মই দেখা সপোনটো
অদ্ভূত।
: কি দেখিলানো তুমি!— কৌতূহলী হৈ উঠে মিষ্টাৰ
ইগৰ।
: ফিনিক্স পখী।— লাহেকৈ ক’লে ষ্টেপানে।
: কেনেকৈ?— অধিক আগ্ৰহী হৈ উঠিল মিষ্টাৰ ইগৰ।
ষ্টেপানে পুৱতি নিশাৰ সপোনটো বৰ্ণনা কৰিলে
মিষ্টাৰ ইগৰক। বৰ মনোযোগেৰে শুনিলে তেওঁ ষ্টেপানৰ বৰ্ণনা। শেষত ক’লে—
: তুমি বৰ ভাগ্যৱানহে ষ্টেপান। মানুহে ফিনিক্সৰ
সপোন দেখে বুলি মই প্ৰথম জানিলোঁ আজি। একো বেয়া নহয় বুজিছা; সকলো ঠিক হ’ব। মৃত্যু
জিনি নতুন জীৱন লাভ কৰিব পৰা ফিনিক্স দেখাটোৱে আশাৰ বতৰাই আনিব চাবা।
ষ্টেপানে জানে— পৃথিৱীৰ বিভিন্ন দেশত ফিনিক্স
নামৰ আশ্চর্যকৰ চৰাইবিধৰ বর্ণনা পোৱা যায়। কোনো কোনোৱে চৰাইবিধক ‘অগ্নিপখী’ বুলিও কয়।
এই চৰাইবিধে মৃত্যুৰ পূর্বে নিজৰ বাহ সাজে আৰু সেই বাহত নিজেই জুই জ্বলাই লৈ তাতে আত্মাহুতি
দিয়ে। এই চৰাইবিধ ইমানেই পৱিত্র যে মৃত্যু পথযাত্রী মানুহকো সাময়িকভাৱে জীৱন দিব পাৰে
বুলি বিশ্বাস কৰা হয়। আৰৱ, পাৰস্য, চীন, জাপান, কোৰিয়া, গ্রীচ, ৰোম, মিছৰৰ সংস্কৃতিত
জড়িত হৈ আছে এই ৰূপকথাৰ পখী। যীশুৰ জন্মৰ অন্ততঃ পাঁচশ বছৰ আগেয়ে গ্রীক লেখক হিৰ’ড’টাছে
লিখিছিল মিছৰত প্ৰচলিত ফিনিক্সৰ গল্প। সঁচাকৈয়ে ফিনিক্স পক্ষী আছিল নে নাই সেই লৈ
বহুজনে বহু কথা কৈছিল। কিন্তু চৰাইবিধ কাল্পনিক এটা প্ৰজাতি বুলি সৰহসংখ্যকে বিশ্বাস
কৰিছিল।
: ফিনিক্স ৰহস্যময়। মোৰ সপোনটোও কি ৰহস্য
হৈয়ে ৰ’ব!— ষ্টেপানে ক’লে।
: ফিনিক্স ৰহস্যময় হ’লেও এক দীঘলীয়া পৰিক্ৰমা
আছে এই ৰূপকথাৰ পখীৰ।— মিষ্টাৰ ইগৰে মাত লগালে।
: অলপ অচৰপ জানো বাৰু।— ষ্টেপানে মূৰ দুপিয়ালে।
: প্রথম ফিনিক্স পখীৰ কল্পনা কৰিছিল ফিনিছীয়
সভ্যতাত। অৱশ্যে অন্যান্য সভ্যতাতো অনুৰূপ পখীৰ সন্ধান পোৱা গ’ল। ফিনিছীয় পুৰাণ, চীনীয়
পুৰাণ, গ্রীক পুৰাণ আৰু প্রাচীন মিছৰীয়সকলৰ বর্ণনাত ফিনিক্স পখীৰ উল্লেখ বিদ্যমান।—
মিষ্টাৰ ইগৰে ফিনিক্স পখীৰ থুলমূল পৰিচয় এটা দিলে।
: মিছৰীয় সভ্যতাত ফিনিক্সৰ কিন্তু এটা সুকীয়া
নাম আছিল।— ষ্টেপানে ক’লে।
: জানো। কিন্তু মই এতিয়া পাহৰিলোঁ।— মিষ্টাৰ
ইগৰে হাঁহিলে।
: মোৰ কিন্তু মনত আছে।
: তেন্তে কি আছিল কৈ দিয়াঁ তুমিয়েই।
: প্রাচীন মিছৰত ফিনিক্স আছিল ‘বেনু’
(Bennu) নামেৰে পৰিচিত। হালধীয়া, কমলা, ৰঙা আৰু সোণালী আদি নানা ৰঙেৰে ৰঙীন আছিল স্বপ্নিল
পখী বেনু। অৱশ্যে কোনো কোনো বৰ্ণনাত উল্লেখ থকামতে ধূসৰ নীলা, বেঙুনীয়া আৰু শুকুলা
ৰঙৰ মিশ্ৰণেৰে অত্যন্ত সুন্দৰ আছিল এই স্বপ্নময় পখী। কোনোবাই কয় বেনু পখী ৫০০ বছৰ
জীয়াই থাকে। আকৌ কোনো কোনোৰ মতে এই পক্ষীবিধ বাচি থাকে হাজাৰ বছৰৰো অধিক কাল। মৃত্যুৰ
সময় আহিলে এই চৰাইবিধে বুজি পায় আৰু মৃত্যুৰ আগেয়ে নিজেই সাজি লোৱা বাহত জুই জ্বলাই
ভস্মীভূত হৈ যায় আৰু সেই ছাইৰ পৰা পুনৰ জন্ম হয় শিশু ফিনিক্স।Bennu শব্দৰ অর্থই হ’ল
জুইৰ পৰা প্রস্ফুটিত বা জন্ম লোৱা।— ষ্টেপানে কিছু দীঘলীয়াকৈ ক’লে।
: বাহ্...। তুমিচোন ফিনিক্সৰ বিষয়ে মোতকৈ
বেছি জানা। সেয়ে তোমাৰ সপোনতো ফিনিক্স আহিছে।— মিষ্টাৰ ইগৰে হাঁহি হাঁহি ক’লে।
হওঁতে হয়। ষ্টেপানে ফিনিক্সৰ বিষয়ে কিছু
কথা জানে। জানে মানে কিতাপৰ পাতত পঢ়িবলৈ পোৱা কথাহে সেইখিনি। তেওঁ পঢ়িবলৈ পোৱামতে
মিছৰৰ এখন পুৰাণত কোৱা হৈছে যে, মিছৰীয় দেৱতা অচাইৰিছৰ হৃদয়ৰ পৰা জন্ম হৈছিল ফিনিক্স
পখী। অন্য কিছুমান পুৰাণত অৱশ্য কোৱা হৈছে যে ৰা দেৱতাৰ মন্দিৰৰ পৱিত্র বৃক্ষত লগা
জুইৰ পৰা ফিনিক্স পখী জন্ম হৈছিল। ৰা দেৱতাৰ মন্দিৰৰ পবিত্র স্তম্ভ বেনবেন পাথৰৰ ওপৰত
বাস কৰিছিল ফিনিক্স পখী। মৃত্যুৰ সময় সমাগত হ’লে চিনামন গছৰ ডাল আৰু ঠাল-ঠেঙুলি যোগাৰ
কৰি সেইবোৰ নিজৰ বাহত ৰাখি জুই লগাই দিয়ে। সেই জুইত ছাই হৈ যায় ফিনিক্স পখী। পাছত
সেই ছাইৰ পৰাই জন্ম হয় এক নতুন ফিনিক্সৰ। আনহাতে নীল নদী শুকাই যোৱা আৰু পুনৰ পানীৰে
উপচি পৰাৰ সতে মিছৰীয়সকলে ফিনিক্স পখীৰ মৃত্যু আৰু পুনর্জন্মৰ মিল বিচাৰি পায়। নীল
নদীৰ প্লাৱনৰ সময়ত এই সুন্দৰ চৰাইটোৱে আশ্রয় লয় উচ্চভূমিত। তেতিয়া এনে লাগে যেন পানীত
সূর্যটোহে ভাহিছে! হিৰ’ড’টাছে এই বেনুক ফিনিক্স পখী বুলি অভিহিত কৰি গৈছে।
: পাৰস্যৰ ফিনিক্স পখীও সুকীয়া।— ষ্টেপানে
মাত লগালে।
: পাৰস্যৰ ফিনিক্সৰ বিষয়েও জানা তুমি!
: পঢ়িবলৈ পাইছিলোঁ এই বিষয়ে।
: কোৱাঁচোন তেন্তে।
: পাৰস্যৰ সভ্যতাত ফিনিক্স পখী ‘হুমা’ নামেৰে
পৰিচিত। হুমা মানে হল স্বর্গৰ পখী। এই সভ্যতাৰ মানুহে বিশ্বাস কৰিছিল যে হুমা পখী শত
শত বছৰ বাচি থকাৰ অন্তত জুইত পুৰি ভস্মীভূত হয়। পাছত সেই ছাইৰ পৰাই পুনৰ্জন্ম হয়।
ধৰণা কৰা হয়— ফিনিক্স পখীয়ে একেলগে পুৰুষ আৰু স্ত্রী সত্তা বহন কৰে। এখন ডেউকা আৰু
এখন ঠেং হ’ল পুৰুষৰ, অন্যখন ঠেং আৰু ডেউকা হ’ল নাৰীৰ। ফিনিক্স পখীয়ে কেতিয়াও কোনো
প্রাণী হত্যা নকৰে, বৰং মৃত পশুৰ মাংস খায়। বিশ্বাস কৰা হয় যে, ফিনিক্সৰ ছায়া যদি
কাৰোবাৰ ওপৰত পৰে তেন্তে তেনে লোকৰ বাবে সৌভাগ্য অপেক্ষা কৰি আছে। যদি কোনো কাৰণত কোনো
লোকৰ মূৰত এই পক্ষী আহি পৰেহি, তেতিয়া সেই ব্যক্তি এদিন ৰজা হ’বই হ’ব। এয়া হৈছে পাৰস্যৰ
লোকবিশ্বাস।— ষ্টেপানৰ পুনৰ দীঘলীয়া বৰ্ণনা।
ষ্টেপান আৰু মিষ্টাৰ ইগৰে ফিনিক্সৰ কথা পাতি
থাকোতেই মাৰ্ক’ ওলালহি। স্কুল ছুটীৰ পাছত মলেঁয়াৰ ওচৰলৈ অহাটো তাৰ নৈমিত্তিক কৰ্তব্য।
চাইকেলখন চোতালৰ একাষে ৰাখি সি ষ্টেপান আৰু মিষ্টাৰ ইগৰে কথা পাতি থকা বাৰাণ্ডাত উঠিলহি।
: পালাহি।— ষ্টেপানে মাত লগালে।
: অঁ। স্কুল ছুটী হ’ল।— মাৰ্ক’ই উত্তৰ দিলে।
: খবৰ কেনে মাৰ্ক’?— মিষ্টাৰ ইগৰে সুধিলে।
: ভালে আছোঁ। ...মলেঁয়াই ঘৰৰ মূধচত অকলে
থিয় দি ইফালে সিফালে চাই আছে।
: বেচেৰীলৈ বেয়াই লাগে। কিন্তু ভাল কিবা
এটা হওক বুলিয়েই তাইক অকলে ৰাখিছোঁ।— ষ্টেপানে ক’লে।
: আমি ফিনিক্স পক্ষীৰ কথা পাতি আছিলোঁ।— মিষ্টাৰ
ইগৰে মাৰ্ক’ক উদ্দেশ্যি ক’লে।
: আকৌ পাতক। ময়ো শুনিম।— মাৰ্ক’ই হাঁহিলে।
: আমি ইতিমধ্যে মিছৰ আৰু পাৰস্যৰ ফিনিক্স
সম্পৰ্কে কথা পাতিলোঁ।— ষ্টেপানে ক’লে।
: এতিয়া কোন দেশৰ ফিনিক্সৰ কথা ক’ব?— মাৰ্ক’ই
সুধিলে।
: গ্ৰীচৰ।— ষ্টেপানে লাহেকৈ ক’লে।
: কওকচোন।
ষ্টেপানে আৰম্ভ কৰিলে—
: প্রাচীন গ্রীক পুৰাণত ফিনিক্স হ’ল এক পৱিত্র
‘অগ্নিপখী’। গ্রীক ভাষাত Phoenix মানে The brilliant one কিম্বা বেঙুনীয়া বা ৰঙা আৰু
নীলাৰ সংমিশ্ৰণত সৃষ্ট ৰং। প্রাচীন গ্রীক মিথ অনুসৰি এই অগ্নিৰঙা ফিনিক্স পখী ৫০০ বছৰ
বাচি থাকে। গ্রীকসকলে বিশ্বাস কৰে এই পখী আৰৱত বাস কৰে। প্রতিটো পুৱা ফিনিক্সে নিজৰ
বাসস্থানৰ ওচৰৰ এটা কুঁৱাৰ পানীত স্নান কৰে আৰু সূর্য দেৱতা এপ’ল’ই নিজৰ ৰথ থমাই দিয়ে
ফিনিক্স পখীৰ গান শুনিবৰ বাবে। অন্য কিছুমান পুৰাণৰ মতে, জীৱনৰ একেবাৰে শেষ প্রান্তত
উপনীত হৈ ফিনিক্সে ডালচেনি, গন্ধসৰৈ প্রভৃতি সুগন্ধি উদ্ভিদেৰে তৈয়াৰ কৰে এটা বাহ।
তাৰ পাছত সেই বাহত নিজেই জুই জ্বলাই দিয়ে। বাহসহ ফিনিক্স পখীটি পুৰি ছাই হৈ যায়।
কিন্তু ইয়াতেই সকলো শেষ নহয়, কাৰণ ভস্মীভূত ছাইৰ পৰা পুনৰ জাগি উঠে আন এটি অগ্নিবর্ণ
ফিনিক্স পখী।
: বেছ মজাৰ কাহিনী।— মাৰ্ক’ই কৈ উঠিল।
: ৰোমান চিত্রকলাত ফিনিক্স ঈগল হিচাপেই পৰিচিত।লেবাননৰ
মানুহে ফিনিক্সক তেওঁলোকৰ প্রাচীন আৰু আধুনিক সংস্কৃতিৰ প্রধান বাহক জ্ঞান কৰে।— এইবাৰ
মিষ্টাৰ ইগৰে ক’লে।
: ভাৰতীয় সংস্কৃতিৰ ‘গড়ূৰ পক্ষী’ৰ লগত ফিনিক্স
পক্ষীৰ মিল দেখা যায়। গড়ূৰ হ’ল দেৱতা বিষ্ণুৰ বাহন। চীন দেশত আকৌ ফিনিক্স পখী ‘ফেংহুয়াং’
নামেৰে পৰিচিত। ৰাছিয়াৰ ‘ফায়াৰ বার্ড’, জাপানীসকলৰ ‘হোও পক্ষী’, আমেৰিকানসকলৰ ‘থাণ্ডাৰ
বার্ড’ৰ লগত ফিনিক্সৰ মিল বিচাৰি পোৱা যায়। ইহুদি পুৰাণৰ ‘মিলহাম পক্ষী’ বা ‘হল পক্ষী’
ফিনিক্স নামেৰে পৰিচিত। ইহুদীসকলৰ বিশ্বাস যে এই পক্ষী আছিল অমৰ।
ষ্টেপানৰ কথাখিনি শুনি মাৰ্ক’ বিস্ময়াভিভূত
হ’ল। সি ভাবিলে— মানুহজনে ইমান কথা জানে! অৱশ্যে ফিনিক্সৰ বিষয়ে সাধাৰণ দুই-এটা কথা
সি ককাকৰ মুখতো শুনিবলৈ পাইছিল। কিন্তু ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ ওচৰত থাকিলে সি বহু
কথা জানিব পাৰে। এইবোৰ স্কুলত নপঢ়োৱা কথা; অথচ জানি ভাল লগা আৰু জানিবলগীয়া। ষ্টেপানৰ
মুখত ফিনিক্সৰ কথাখিনি শুনাৰ পিছত তাৰ মনলৈ আহিল— ফিনিক্স বাৰু সঁচাকৈয়ে আছিলনে! মনলৈ
অহা প্ৰশ্নটো সি ষ্টেপান আৰু মিষ্টাৰ ইগৰৰ সমুখত তুলি ধৰিলে।
: তোমাৰ প্ৰশ্নৰ উত্তৰ ষ্টেপানেহে দিব পাৰিব।—
মিষ্টাৰ ইগৰে ক’লে।
: ফিনিক্স চৰাই সঁচাকৈয়ে আছিলনে নাই ময়ো
নাজানো।— ষ্টেপানে ক’লে।
: আপুনিতো পঢ়িছে ফিনিক্সৰ বিষয়ে। তাৰ পৰাই
কওকচোন ফিনিক্স আচলতে দেখিবলৈ কেনেকুৱা।— মাৰ্ক’ই ক’লে।
: ফিনিক্স পক্ষী আকাৰত বা দেখাত ঠিক কেনে
আছিল সেয়া জনা সম্ভৱ নহয়। অৱশ্যে পৃথিৱীৰ প্রাচীন ইতিহাসত ফিনিক্স পখীৰ বর্ণনা আছে।
পুৰাকথা আৰু লোক-ইতিহাসত ফিনিক্সৰ ৰূপৰ যি বর্ণনা, সেই বৰ্ণনাতা দেখা যায় যে, সোণালী
আৰু ৰঙা মিশ্ৰিত শৰীৰ, বেঙুনীয়া, নীলা আৰু সেউজীয়াৰ সমাহাৰযুক্ত, মূৰত বিশাল কীৰিটি,
ডিঙিত অলংকাৰসদৃশ পাখি। কোনো কোনো লেখাৰ মতে ঠেং দুখন জুইৰ পৰা তৈয়াৰী।— ষ্টেপানৰ
দীঘলীয়া বৰ্ণনা।
: সঁচাকৈয়ে অতুলনীয় এই স্বপ্নময় পক্ষী!
—মাৰ্ক’ই বিৰবিৰালে।
: পুৰাণ মতে ফিনিক্স বাচি থাকে ৫০০ৰ পৰা ৫৪০
বছৰ পৰ্যন্ত। কোনো কোনোৰ মতে ফিনিক্সৰ আয়ুসকাল ১০০০ বছৰৰ পৰা ১৪৬০ বছৰ পর্যন্ত। সঙ্গীহীন,
অকলশৰীয়াকৈ বাচি থাকে এই পক্ষী।বৃদ্ধকালত উপনীত হোৱা বুলি জনাৰ লগে লগে ফিনিক্সে জীৱনৰ
প্ৰথম তথা শেষৰটো বাহ সাজিবলৈ আৰম্ভ কৰে। তাতেই নিজক জ্বলাই, ছাইৰ পৰা লাভ কৰে পুনৰ্জন্ম।—
মাৰ্ক’ৰ কৌতূহল দূৰ কৰিলে ষ্টেপানে।
ষ্টেপানে ক’লে স্বর্গৰ অচিন পক্ষী মর্ত্যলৈ
নামি আহিলে কিদৰে তেতিয়া জন্ম হয় ‘মিথ’ৰ। ক’লে পুৰাণবর্ণিত অলৌকিক, অতিলৌকিক বিশ্বাস
আৰু গল্প এসময়ত কেনেদৰে হৈ উঠে একোটা সভ্যতা, দেশ-জাতিগোষ্ঠী-সংস্কৃতিৰ প্রতীক। অটোমান
অত্যাচাৰৰ পৰা মুক্ত হোৱা আধুনিক গ্রীক জাতিয়ে প্রতীক হিচাপে লোৱা ফিনিক্স পক্ষীৰ কথাও
কৈ গ’ল অনৰ্গলভাৱে। আমেৰিকাৰ গৃহযুদ্ধত ধ্বংস হৈ যোৱা জর্জিয়াৰ আটলাণ্টা চহৰে যেতিয়া
পুনৰ মূৰ তুলি উঠিল, তেতিয়া যে সাহস হিচাপে ৰাখিছিল এই স্বপ্নীল পখীকেই সেই কথাও ক’বলৈ
নাপাহৰিলে। আনহাতে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱর্তী নতুন ইউৰোপৰ পৰিচায়ক হিচাপে বেলজিয়ামে
প্রকাশ কৰা ‘শান্তি মুদ্রা’ৰ প্রতীকো যে আছিল ফিনিক্স সেই কথাকো ক’লে তেওঁ। যুদ্ধ আৰু
জীৱনৰ, মৃত্যু আৰু অমৰতাৰ দৃষ্টান্ত এই ফিনিক্স পক্ষীৰ বিষয়ে যিমানখিনি তেওঁ জানে,
সেই সকলোখিনি হিয়া উজাৰি কৈ গ’ল তেওঁ।
কথা-বতৰা পাতি থকাৰ মাজতে ষ্টেপান গৈ কফি
কৰি আনিলে। তিনিও ফকিৰ কাপত চুমুক দিলে। কফি পানৰ সময়তে ঘৰৰ মূধচত শুনা গ’ল মলেঁয়াৰ
অস্বাভাৱিক আটাহ। কফিৰ কাপ হাতত লৈ তিনিও লৰালৰিকৈ বাহিৰলৈ ওলাই আহিল। চোতালত ৰৈ তিনিও
ঘৰৰ মূধচলৈ চালে। তেওঁলোকৰ বাবে তেতিয়া অপেক্ষা কৰি আছিল এক বহু প্ৰতীক্ষিত দৃশ্য।
মলেঁয়াক কেন্দ্ৰ কৰি চৰাই এটা উৰি আছে চাৰিওফালে।
চৰাইটো মলেঁয়াৰ সমগোত্ৰীয়— এটা হোৱাইট ষ্টৰ্ক। চৰাইটোলৈ চাই চাই মলেঁয়াই চিঞৰি আছে।
কেইপাকমান ঘূৰি চৰাইটো মলেঁয়াৰ পৰা সামান্য দূৰত ৰ’ল। ষ্টেপানে দেখিয়েই চিনিব পাৰিলে—
চৰাইটো মতা চৰায়েই। লাহে লাহে মলেঁয়াৰ ওচৰ চাপি গ’ল। মলেঁয়াই ডিঙিটো আগুৱাই দি ঠোঁটখন
চৰাইটোৰ ঠোঁটখনত লগাই দিলে। চৰাইটো আৰু কাষ চাপি গ’ল। মলেঁয়াও সামান্য আগবাঢ়ি আহিল।
ঠোঁটে ঠোঁটে লগাই দুয়ো বিশেষ মাতেৰে আনন্দ প্ৰকাশ কৰিলে।
মলেঁয়া আৰু আগমন ঘটা চৰাইটোৰ আনন্দমুখৰ আচৰণ
দেখি আনন্দিত হৈ উঠিল ষ্টেপান, মিষ্টাৰ ইগৰ আৰু মাৰ্ক’। ষ্টেপানৰ চকুহাল জিলিকি উঠিল
এক সুকীয়া জ্যোতিৰে। অৱশেষত মলেঁয়াৰ ওচৰলৈ সংগী আহিল। তাই সুখী হ’ব এতিয়া! কিন্তু
লগে লগে তেওঁৰ বুকুখনে হাহাকাৰ কৰিও উঠিল। এই হাহাকাৰ— হেৰুওৱাৰ ভয়ত। মলেঁয়াই কিজানি
চৰাইটোৰ লগ পাই তেওঁৰ ওচৰলৈ আহিবলৈ অস্বীকাৰ কৰে!
: মই নকৈছিলোনে তোমাৰ সপোনে ভাল খবৰৰ ইংগিত
দিছে বুলি। দেখিছা, কিমান ভাল লগা খবৰ আহিল। অৱশেষত মলেঁয়াই সংগী পাইছে। কিমান যে
ভাল লগা কথা।— মিষ্টাৰ ইগৰে ক’লে।
: এই আনন্দতে মিঠাই খাবও পাৰি।— মাৰ্ক’ই হাঁহি
হাঁহি ক’লে।
: মিঠাই কিয়, কাইলৈ এটা খানাকেই খাব পাৰি।—
ষ্টেপানে মুখত তৃপ্তিৰ হাঁহি এটা লৈ ক’লে।
বেলি লহিয়াইছিল। ৰাঙলী বেলিৰ কিৰণে দিনান্তত
শেষ চুমা যাচি যাবলৈ ওলাইছে। সেই চুমাৰ ছিটিকনি আহি পৰিছেহি মলেঁয়া আৰু তাইৰ কাষত
আহি ৰোৱা নতুন চৰাইটোৰ দেহতো। ইতিমধ্যে ইটোৱে সিটোৰ পাখিত ঠোঁট বুলাবলৈ আৰম্ভ কৰিছে।
এই স্পৰ্শ চেনেহৰ। এই স্পৰ্শ প্ৰেম-ভালপোৱাৰ। ষ্টেপানৰ এনে লাগিল— ডেউকা ভগা মলেঁয়াক
ভালপোৱা দিবলৈকে যেন কোনো অচিন ঠাইৰ পৰা উৰি আহি পৰিছেহি স্বপ্নময় এটি ফিনিক্স পখী।
কি নাম হ’ব বাৰু তাৰ?
(আগলৈ)