অন্যযুগ/


মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা



(৫)

          দেওবাৰটোলৈ ৰৈ থাকে ষ্টেপান। এইটো দিনত তেওঁ মলেঁয়াক বেছি সময় দিব পাৰে। মলেঁয়াৰ সতে তেওঁ গোটেই দিনটো কটাব পাৰে বুলি ক'লেও ভুল কোৱা নহয়।

       মলেঁয়া আগতকৈ বহুখিনি সুস্থ হৈ উঠিছে। ষ্টেপানে যতনাই দিয়া মাছ খাই খাই টনকিয়াল হৈ উঠিছে। ষ্টেপানৰ মৰম বুজি পোৱা হৈছে। সেয়ে হয়তো তেওঁৰ কাষে কাষেই থাকে তাই। এইজন মানুহৰপৰা তাই যে সদায় নিৰাপত্তা পাই থাকিব সেই কথা হয়তো বুজি উঠিছে!

         কফি-মাগটো ব্লেক কফিৰে পূৰাই হাতত লৈ বাৰাণ্ডাৰ একাষে থকা নিজৰ নিৰ্দিষ্ট চকীখনত বহিলহি ষ্টেপান। তেওঁৰ চকীখনৰ ওচৰতে মলেঁয়াৰ বাবে মাছ জীয়াই ৰখা পাত্ৰটো। চাভা নৈত বৰশী বাই পোৱা জীয়া মাছবোৰ তেওঁ এই পাত্ৰটোতে ৰাখে। মলেঁয়াই মন গ'লেই তাৰপৰা মাছ খাব পাৰে। এতিয়াও তেওঁ কফিৰ কাপত চুমুক দিয়াৰ সময়তে মলেঁয়াই পাত্ৰটোৰপৰা মাছ এটা উলিয়াই ডিঙিটো কচালি কচালি মাছটো পেট পোৱালেগৈ। এয়াই তাইৰ ব্ৰেকফাষ্ট। কেৱল ব্ৰেকফাষ্টেই নহয়; দুপৰীয়া বা বিয়লিৰ আহাৰো সদায় একেই থাকে মলেঁয়াৰ— মাছ হ'লেই হয়। মলেঁয়াই মাছ খোৱাৰ ফালে চাই থাকি ষ্টেপানে ভাবিলে— মানুহকহে বিধে বিধে ব্যঞ্জন লাগে, ফল-মূল লাগে, গাখীৰ-পানী লাগে।

        টেলিফোনটো বাজি উঠিল।

     কফি-মাগটো কাষৰ টেবুলখনতে থৈ ষ্টেপান ভিতৰ পালেগৈ। ফোনটোৰ ৰিচিভাৰডাল তেওঁ কাণৰ কাষলৈ নি স্বভাৱসুলভ মাতেৰে ক'লে— 'হেল্ল'।

: কি খবৰ ষ্টেপান!

       সিপাৰে মিষ্টাৰ ইগৰৰ মাত।

: আছোঁ, আছোঁ... ভালে আছোঁ।— ষ্টেপানৰ উত্তৰ।

: মলেঁয়াৰ খবৰ?

: তাই ব্ৰেকফাষ্ট কৰি আছে।

      মিষ্টাৰ ইগৰক উত্তৰটো দি হাঁহিলে ষ্টেপানে। তেওঁৰ কথা দূৰণিৰপৰা শুনি থকা মিষ্টাৰ ইগৰেও ৰস পাই হাঁহিলে।

: তোমাক এটা খবৰ জনাবৰ বাবে ৰিং কৰিলোঁ।

: কোৱাঁচোন, কোৱাঁ...।

: আজিৰ 'নভি লিষ্ট'ৰ দেওবৰীয়া পৰিপূৰিকাখন চাইছানে?— মিষ্টাৰ ইগৰে প্ৰশ্ন কৰিলে।

: নাই চোৱা এতিয়ালৈকে। কিবা বিশেষ...!

       ষ্টেপান কৌতূহলী হৈ উঠিল। কিবা নিশ্চয় বিশেষ বাতৰি বা লেখা আছে হয়তো আজিৰ বাতৰি কাকতত। সেয়ে তেওঁ মিষ্টাৰ ইগৰক উত্তৰ দিবলৈ সুবিধা নিদি আকৌ সুধিলে— "কি আছে কোৱাচোন।"

: মই কৈ নিদিওঁ। তুমি নিজে চাবা। ভাল পাবা বুলি মোৰ বিশ্বাস। ... এতিয়া আৰু কথা নবঢ়াওঁ; তুমি কাকতখন পঢ়ি লোৱাঁ, পাছত কথা হ'ম।

         মিষ্টাৰ ইগৰে কলটো কাটি দিলে।

     ষ্টেপান উৎসুক হৈ পৰিল ইগৰৰ ফোনকলটো পাই। তেওঁ ভিতৰৰপৰা ওলাই লৰালৰিকৈ পদূলিৰ গেটখনৰ ওচৰ পালেগৈ। গেটতে বাতৰি কাকত ৰাখিবৰ জোখাৰে টিনৰ বাকচ এটা বান্ধি ৰাখিছে তেওঁ। হকাৰে তাতে দৈনিক বাতৰি কাকতখন দি যায়হি। তেওঁ আনি পঢ়েহি। অকলশৰীয়া অৱস্থাত বাতৰি কাকতত বুৰ গৈ থাকিয়েই ভাল পায় তেওঁ। কিন্তু আজিকালি তেওঁৰ জীৱনলৈ মলেঁয়া অহাত বাতৰি কাকতক দিয়া সময় কিছু কমিছে।

      ষ্টেপানে আগৰেপৰাই 'নভি লিষ্ট'খনেই পঢ়ি আহিছে। ক্ৰ'ৱেছিয়াৰ আটাইতকৈ আটাইতকৈ পুৰণি বাতৰি কাকতখনেই হৈছে Novi list। এইখনৰ লগত কিবা এটা আৱেগ জড়িত থকাৰ দৰে লাগে ষ্টেপানৰ। আৱেগ জড়িত নিশ্চিতভাৱে থাকিব; কাৰণ ১৯০০ চনৰপৰা প্ৰকাশ পাই অহা কাকতখনত তেওঁৰ নিজৰো ডেকা বয়সত দুই-এটা লেখা ওলাইছিল।

         টিনৰ বাকচটোৰপৰা বাতৰি কাকতখন লৈ ষ্টেপান নিজৰ চকীখনত বহিলহি। চশমাযোৰ পিন্ধি তেওঁ মূল কাকতখনৰ মাজৰপৰা দেওবৰীয়া পৰিপূৰিকাখন উলিয়ালে পৰম আগ্ৰহেৰে। মুখ্য-পৃষ্ঠাটোত এটা পেংগুইনৰ ফটো। তলত লিখা আছে— 'মাছ কিনি খোৱা এটা পেংগুইনৰ সঁচা কাহিনী'। তেওঁ পলম নকৰি কাহিনীটো গো-গ্ৰাসে পঢ়িবলৈ আৰম্ভ কৰিলে—

      কিউছু জাপানৰ দক্ষিণতম দ্বীপ। এই দ্বীপৰ এখন উপকূলীয় চহৰ হৈছে শ্বিবুছি। ইউকিঅ’ নিছিমোটোৱে চহৰৰপৰা কিছু নিলগত পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে কুৰি শতিকাৰ আশীৰ দশকত চান ৰোডত বাস কৰিছিল। পেছাত তেওঁ এজন নিৰ্মাণ প্ৰৱন্ধক। তেওঁৰেই প্ৰিয় বন্ধু আকিহিৰো। পেছাত মাছমৰীয়া। তেওঁ কিন্তু উলামুলা মাছমৰীয়া নহয়। তেওঁৰ এখন সৰু জাহাজ আছিল। এই জাহাজখনৰ সহায়তেই তেওঁ প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰত নীলা ফিছাৰ টুনা মাছ ধৰিছিল। বছৰত ছমাহ সাগৰতে কটোৱাটো তেওঁৰ অভ্যাসত পৰিণত হৈছিল।

       এবাৰ এক পাৰিবাৰিক সমাৱেশত ইউকিঅ’ই বন্ধু আকিহিৰোক ক’লে যে তেওঁৰ প্ৰিয় সাগৰীয় জীৱটো হৈছে পেংগুইন। সেয়ে ঘৰৰ আলহী-কোঠাত এটা ষ্টাফড পেংগুইন ৰাখিবলৈ তেওঁৰ বৰ হেঁপাহ। ইউকিঅ'ৰ হেঁপাহৰ কথা জানি বন্ধু আকিহিৰোৱে ক'লে যে ষ্টাফড পেংগুইন পোৱাটো বৰ কঠিন। অষ্ট্ৰেলিয়া বা নিউজিলেণ্ডত বিচাৰিলেহে পোৱা যাব। তেওঁ বন্ধুক কথা দিলে যে, জাহাজ লৈ তালৈ গ'লে তেওঁৰ হেঁপাহৰ সম্পদটো বিচাৰিব বাৰু।

       প্ৰতি বছৰৰ দৰে ১৯৮৬ চনত আকিহিৰো জাহাজ লৈ সাগৰ-যাত্ৰাত ওলাল। অধিক মাছৰ সন্ধানত তেওঁ প্ৰশান্ত মহাসাগৰৰপৰা দক্ষিণ ভাৰত মহাসাগৰ পালেগৈ। এদিন দুপৰীয়াৰ কথা। আকিহিৰোৰ জাহাজৰ মাছমৰীয়াসকলে পানীৰপৰা জালখন টানি অনাৰ পৰত নাৱিকসকলে টুনা মাছৰ সৈতে জালত ধৰা পৰা এটা ৰজা পেংগুইন (King Penguin) দেখা পালে। জালত লগোৱা তাঁৰ এডালে ইতিমধ্যে পেংগুইনটোৰ এখন ডেউকা ভাঙি পেলাইছিল। নিজকে মুক্ত কৰাৰ উদ্দেশ্যে চলোৱা এক হতাশাজনক প্ৰচেষ্টাত তাৰ ঠোঁটতো ঘা লাগিছিল। নাৱিকসকলে আহত পেংগুইনটোক এৰি দিব বিচাৰিছিল। কিন্তু আকিহিৰো মান্তি নহ'ল। তেওঁ ভাবিছিল যে যদি ডেউকা ভঙা পেংগুইনটোক সাগৰত এৰি দিয়া হয় তেন্তে হাঙ্গৰে খাব নাইবা নিজৰ খাদ্য চিকাৰ কৰিব নোৱাৰাকৈয়ে সি মৃত্যুৰ মুখত পৰিব।

          জাহাজখনৰ শীতল কক্ষ; য'ত সাগৰত ধৰা মাছবোৰ ৰখা হয়, তাতেই মৃতপ্ৰায় পেংগুইনটো ৰখাৰ ব্যৱস্থা কৰি চিকিৎসা আৰম্ভ কৰিলে আকিহিৰোৱে। খাবলৈ সৰু মেকৰেল আৰু চাৰ্ডিন মাছ দিয়া হ'ল। চিকিৎসা আৰু খাদ্য খাই লাহে লাহে পেংগুইনটো সুস্থ হৈ উঠিল। প্ৰথম অৱস্থাত পেংগুইনটো দিনটোৰ বেছিভাগ সময় ঠাণ্ডা কোঠাটোতে আছিল যদিও ক্ৰমান্নয়ে সি জাহাজখনৰ সকলোৰে লগত সহজ হ'বলৈ আৰম্ভ কৰিছিল। লাহে লাহে গোটেই দিনটো সি ডেকত ঘূৰি ফুৰি সাগৰ চাবলৈ ধৰিলে। তাক মুকলি কৰি ৰখা হৈছিল যদিও সি সাগৰত জঁপিয়াই পলাবলৈ সামান্যতমো চেষ্টা কৰা নাছিল। ডেকত থাকি গৰম লাগিলে সি ভিতৰৰ ঠাণ্ডা কোঠাটোলৈ নামি যায়। লাহে লাহে সি জাহাজখনৰে এজন হৈ পৰিল। এইদৰে প্ৰায় তিনিমাহ কটোৱাৰ পাছত আকিহিৰোৰ জাহাজ শ্বিবুছি বন্দৰলৈ উভতি আহিল। সেই নিশাই আকিহিৰোৱে ইউকিঅ’ নিছিমোটোলৈ ফোন কৰিলে— “কাইলৈ ​​ৰাতিপুৱাই আহাঁ। মই তোমাৰ বাবে এটা জীয়া পেংগুইন লৈ আহিছোঁ। বাছি থাকে নেকি চোৱা যাওক। যদি বাছি নাথাকে, তেন্তে ষ্টাফড কৰি ঘৰতে থৈ দিবা।"

        আকিহিৰোৰপৰা ফোনকলটো পোৱাৰ পাছত উৎফুল্লিত হৈ উঠিল ইউকিঅ'। উত্তেজনাৰ বাবেই ৰাতি তেওঁৰ টোপনি নাহিল। পাছদিনা ৰাতিপুৱাই গাড়ীৰে তেওঁ আকিহিৰোৰ ঘৰ পালেগৈ আৰু দহ বছৰীয়া মতা পেংগুইনটো তেওঁ নিজৰ ঘৰলৈ লৈ আহিল। ইউকিঅ’ৰ পত্নীয়ে পেংগুইনটোৰ নাম ৰাখিলে— ‘লালা’ (LaLa)।

        ইউকিঅ’ৱে বন্ধুক প্ৰতিশ্ৰুতি দি আহিল— তেওঁ পেংগুইনটোক জীয়াই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। আকিহিৰোৱে হাঁহিছিল; কাৰণ শ্বিবুছিৰ গৰম আৰু আৰ্দ্ৰ পৰিৱেশত শীতকালীন দেশৰ আবাসী পেংগুইন এটাক জীয়াই ৰখাটো প্ৰায় অসম্ভৱ কথা। তথাপি নিচিমোটো পৰিয়াল, স্থানীয় পশু চিকিৎসক আৰু ইউকিঅ’ৰ বন্ধুসকলে পেংগুইনটোক বচাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিলে। লালাৰ বাবে ইউকিঅ'ৰ ঘৰৰ চিৰিৰ তলত এটা কাঁচৰ ঘৰ নিৰ্মাণ কৰা হ’ল। সেই কোঠাটোত এয়াৰ কণ্ডিচনাৰ স্থাপন কৰা হ'ল, যিয়ে কোঠাটোৰ উষ্ণতা দহ ডিগ্ৰী চেলছিয়াছৰপৰা মাইনাছ দহ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি কৰিব পাৰে। কোঠাটোত আইনা এখন লগোৱা হ'ল। যাতে পেংগুইনটোৱে ইয়াৰ প্ৰতিফলন দেখি ঘৰত সংগী আছে বুলি ভাবি লয়। পেংগুইনৰ চৰিত্ৰ ভালদৰে বুজিবলৈ ইউকিঅ’ই পেংগুইন বিষয়ক বহু কিতাপ কিনিলে।

         লালা ক্ৰমান্বয়ে নিছিমোটো পৰিয়ালৰ লগত খাপ খাই পৰিল। কেইদিনমানৰ ভিতৰতে সি ঘৰত ঘূৰি ফুৰিবলৈ ধৰিলে। জ্ঞানী মানুহৰ দৰে ঘৰৰ প্ৰতিটো বস্তু চাই থাকিবলৈ ধৰিলে। ইউকিঅ’ই পিছফালৰ বাৰীত কাম কৰি থকা সময়ত তেওঁৰ গাৰ কাষতে থিয় হৈ থাকি তেওঁৰ কামবোৰ চাই থাকিবলৈ ধৰিলে। সন্ধিয়া যেতিয়া ইউকিঅ’ৰ ছোৱালী দুজনীয়ে পঢ়িবলৈ বহে, তেতিয়া লালা নিয়মিতভাৱে সিহঁতৰ কোঠালৈ আহিবলৈ ধৰিলে। তাৰ মুখৰ অভিব্যক্তিয়ে যেন ক'বলৈ চেষ্টা কৰিলে— "তোমালোকে পঢ়ি আছানে, নে ফাঁকি মাৰি আছা?" লালাৰ অভিব্যক্তি দেখি ইউকিঅ’ৰ ছোৱালী দুজনীয়ে হাঁহে।

      প্ৰতিদিনে ৰাতিপুৱা ইউকিঅ' লালাৰ বাবে মাছ কিনিবলৈ বজাৰলৈ যায়। লালাই এই সকলোবোৰ নিজৰ কোঠাৰপৰাই দেখা পায়। সদায় যোৱাৰ দৰে এদিন ইউকিঅ' লালাৰ বাবে মাছ কিনিবলৈ ওলাই গ’ল। কিন্তু ৰাস্তাত মানুহবোৰৰ চিঞৰ শুনি তেওঁ পিছলৈ ঘূৰি চালে। তেওঁ দেখিলে— লালা তেওঁৰ পিছে পিছে আহি আছে। ইউকিঅ’ আচৰিত হ’ল। তেওঁ কিন্তু লালাক ঘৰলৈ ঘূৰাই অনাৰ পৰিৱৰ্তে মাছৰ বজাৰলৈ লৈ গ’ল। মাছ কিনা দোকানখনৰ মানুহবোৰে পেংগুইনটো দেখি থতমত খালে। ইউকিঅ’ই ক’লে যে তেওঁ এই পেংগুইনটোৰ বাবেই প্ৰতিদিনে মাছ কিনিবলৈ আহে। দৈনিক পাঁচটা মাছ লালাৰ বাবে অনা হৈছিল। ইউকিঅ’ই লালাক দোকানতে ব্ৰেকফাষ্ট দিবলৈ ক’লে। লালাৰ মুখৰ আগত এটা চাৰ্ডিন মাছ দিলে দোকানীয়ে। মাছটো গিলি লালাই দোকানৰ মাছবোৰ নিৰীক্ষণ কৰিবলৈ ধৰিলে অভিজ্ঞ বজাৰ কৰা এজনৰ দৰে— যেন ভাল লাগিলেহে কিনিব! দোকানীজনে ইউকিঅ’ৰ বেকপেকটোত চাৰিটা মাছ ভৰাই দিলে। লালাই গোটেই কাৰবাৰটো দেখিলে।

      ৰাতিপুৱা ইউকিঅ’ৰ লগত বজাৰলৈ আহিবলৈ পাই লালা উৎফুল্লিত হৈ পৰিল। সেইদিন ধৰি ইউকিঅ’ই লালাক প্ৰতিদিনে মাছ কিনিবলৈ লৈ যাবলৈ ধৰিলে। ইউকিঅ'ৰ লগত লালা বজাৰলৈ যোৱা দৃশ্যটো চাবৰ বাবে চুবুৰীৰ মানুহবোৰ নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰিবলৈ ধৰিলে। কিছুদিনৰ ভিতৰতে অঞ্চলটোত জনপ্ৰিয় হৈ পৰিল লালা। বজাৰলৈ যোৱাৰ বাটত কাষৰ ঘৰৰ দুৱাৰত কাকো নেদেখিলে অলপপৰ ৰৈ দিয়ে লালা। যেন ক’ব বিচাৰে— মানুহবোৰ ক’লৈ গ’ল! আজি দেখা নাই যে!

         এদিন ইউকিঅ'ই অলপ ধেমালি কৰোঁ বুলি তেওঁৰ কণমানিজনীৰ বেকপেকটো লালাৰ পিঠিত বান্ধি দিলে। তেওঁক আচৰিত কৰি লালা দুৱাৰেদি ওলাই ৰাস্তা পালেগৈ। সি অকলে বজাৰলৈ যোৱা পথেৰে আগবাঢ়িল। তাৰ পিছে পিছে আছিল নিছিমোটো পৰিয়াল আৰু ওচৰ-চুবুৰীয়া। সকলোকে আচৰিত কৰি লালা গৈ দোকানখন পালেগৈ— য'ৰ পৰা তাৰ বাবে সদায় মাছ কিনা হৈছিল। দোকানীজনো আচৰিত হ'ল। ইউকিঅ' সেইদিনা দোকানখনত সোমোৱা নাছিল। তেওঁ দূৰৰপৰা দোকানীজনক ইংগিত দিলে লালাৰ বেকপেকত মাছ ভৰাই দিবলৈ।

        দোকানীজনে পাঁচটা মাছ লৈ লালাৰ বেকপেকত ভৰাই দিব বিচাৰিলে; কিন্তু লালাই বেকপেকত মাছ ভৰাবলৈ নিদিয়ে। সি দোকানতে ব্ৰেকফাষ্ট কৰিব বিচাৰিলে। দোকানীজনে যেতিয়া লালাক মেকৰেল মাছ এটা খাবলৈ দিলে, তাৰ পাছতহে আজ্ঞাকাৰী পুত্ৰৰ দৰে মনে মনে থিয় দি থাকিল। দোকানীজনে মাছখিনি লালাৰ বেকপেকত ভৰাই দিলে। দোকানৰপৰা ওলাই ঘৰলৈ খোজ দিলে লালাই। সেইদিনা ৰাজপথত লালাৰ আচৰিত কাণ্ড চাবলৈ বিপুল জনসমাগম হৈছিল। এই বিষয়ে কিন্তু লালাৰ কোনো ধাৰণা নাছিল। দায়িত্বশীল ঘৰৰ গৰাকীৰ দৰে বজাৰ কৰাৰ পাছত লালা পোনে পোনে ঘৰলৈ গ’ল।

      সেয়াই আৰম্ভণি। তেতিয়াৰপৰাই লালাই প্ৰতিদিনে ৰাতিপুৱা গা ধুই নিজৰ বাবে মাছ কিনিবলৈ বজাৰলৈ যাবলৈ আৰম্ভ কৰিছিল। ইউকিঅ' আৰু লালাৰ লগত মাছ কিনিবলৈ যোৱাৰ প্ৰয়োজন নাছিল। কাৰণ তেওঁ জানিছিল যে, গোটেই বাটটোত বহু চকুৱে লালাক চাই থাকে। অঞ্চলটোত লালা সঁচাকৈয়ে জনপ্ৰিয় হৈ উঠিল। ওচৰৰ ঘৰবোৰৰ বাসিন্দাসকলে গ্ৰীষ্মকালত গোটেই পথটোতে পানী ঢালি দিছিল যাতে মানুহৰ বাবে গৰম পিটচ ৰাস্তাত খোজ কাঢ়িবলৈ লালাৰ অসুবিধা নহয়।

        লালাই নিজৰ বাবে আৱণ্টিত মাছ কিনি প্ৰতিদিনে ঘৰলৈ উভতি আহিছিল। ইউকিঅ’ই মাহৰ শেষত মাছৰ দাম নিৰ্ধাৰণ কৰি দোকানীক মুঠ টকাখিনি দিয়েগৈ। অৱশ্যে মেকৰেল আৰু চাৰ্ডিন মাছৰ বাহিৰে লালাৰ পছন্দৰ আন মাছ বজাৰখনত ওলোৱা নাছিল। দোকানীসকলে দুবাৰকৈ ব্ৰেকফাষ্টত বেলেগ প্ৰজাতিৰ মাছ আগবঢ়াবলৈ চেষ্টা কৰিছিল যদিও লালাই সেই মাছ প্ৰত্যাখ্যান কৰিছিল। সি যেন ক'ব বিচাৰিছিল—  "মোৰ পছন্দৰ মাছটো দিলে দিয়ক, নহ'লে মই গুচি যাম। পুৱাই পুৱাই মিছামিছিকৈ জ্বলাব নালাগে।" তাৰ আচৰণ ইমানেই ৰাজকীয় আছিল।

       ইউকিঅ’ৰ ল’ৰা নাছিল। লালাই তেওঁৰ পুত্ৰ হ'ল। যেতিয়া ইউকিঅ' বিছনাত পৰি থাকে, লালাই তেওঁৰ লগত ধেমালি কৰে। ঠোঁটেৰে চুলিখিনি কুটকুটাই দিয়ে। তিনিফুটীয়া লালাই কেতিয়াবা ইউকিঅ’ক নিজৰ কোঠালৈ ঠেলি ঠেলি লৈ যায়। হাড়লৈকে ঠাণ্ডা পেলোৱা ঠাণ্ডা কোঠাটোত ইউকিঅ’ শুই থাকিবলগীয়া হয়। লালা মহা আৰামত ইউকিঅ'ৰ বুকুত বহি থাকে। এনেকৈয়ে প্ৰায় বাৰ বছৰ পাৰ হ’ল।

        দুটা ভিন্ন প্ৰজাতিৰ প্ৰাণীৰ মাজত থকা এই প্ৰকৃত প্ৰেম সংবাদ মাধ্যমৰ দৃষ্টিৰপৰা সাৰি নগ'ল। দেশী-বিদেশী সাংবাদিকৰ ভিৰ লাগিল ইউকিঅ’ৰ ঘৰত। ঘৰত এনেদৰে ভিৰ লগাটো লালাই ভাল নাপালে। বিৰক্ত হৈ সি এটা কোঠাৰপৰা আন এটা কোঠালৈ গুচি যায়। লালা সংবাদ মাধ্যমৰ বাবে বিশ্ববিখ্যাত হৈ পৰিল। কেৱল জাপানৰ আন দ্বীপসমূহৰপৰাই নহয়, জাপান ভ্ৰমণলৈ অহা বিদেশী পৰ্যটকসকলো লালাক চাবলৈ আহিল। আহোঁতে লগত লালাৰ প্ৰিয় মাছবিধ লৈ আহিছিল।

       বাইছ বছৰ বয়সত লালাৰ মৃত্যু ঘটে ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহত। সন্তানক হেৰুৱাই ইউকিঅ’ৰ মন বিধ্বস্ত হৈ পৰিল। যদিও তেওঁ জানিছিল যে ৰজা পেংগুইনৰ আয়ুস অতি বেছি দীঘলীয়া হ'লে ত্ৰিছ বছৰহে। তথাপি তেওঁ শোক চম্ভালিব পৰা নাছিল। অসুস্থ হৈ পৰিল তেওঁ। বন্ধু আকিহিৰোৱে লালাৰ মৃতদেহটো ষ্টাফড কৰি ঘৰতে ৰাখিবলৈ ক’লে। ইউকিঅ’ই কান্দি কান্দি ক’লে— “কোনোবাই নিজৰ সন্তানৰ শৰীৰটো এনেদৰে ড্ৰয়িং ৰূম সজাব পাৰিবনে!”

        ফুলেৰে আবৃত এখন পাৰ্কত লালাক সমাধিস্থ কৰা হৈছিল। সেইদিনা লালাৰ ওচৰ-চুবুৰীয়া শ শ লোক অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায়ৰ ক্ষণত উপস্থিত আছিল। মাছ বেপাৰী হিৰোকিওৰ দুচকুৰেও ইউকিঅ’ৰ দৰেই পাৰ ভাঙি বৈ আহিছিল চকুলোৰ ধল। হাজাৰ কিলোমিটাৰ দূৰৰপৰা আহি সকলোৰে হৃদয় জয় কৰা লালাক কোনেও পাহৰিব বিচৰা নাছিল। সেয়েহে যিটো পথেৰে লালাই বজাৰৰপৰা প্ৰতিদিনে মাছ আনিছিল, সেই পথটোৰ নাম ৰাখিলে লালা-চান পথ।

      লালাৰ কাহিনীটো পঢ়ি শেষৰ ফালে চকু চলচলীয়া হ'ল ষ্টেপানৰ। মাটিৰ মানুহ আৰু সাগৰৰ পেংগুইনৰ মাজৰ এই আত্মিক বান্ধোনৰ সত্য কাহিনীটোৱে ষ্টেপানক যেন বুজাই দিছে— সবাতোকৈ শ্ৰেষ্ঠ আৰু সৰল ভাষা হৈছে মৰম! যি ভাষাই মানুহ আৰু প্ৰকৃতিৰ আনবোৰ প্ৰজাতিৰ মাজৰ দূৰত্ব চমুৱাই আনিব পাৰে অনায়াসে!

         বাতৰি কাকতখন টেবুলত থৈ ষ্টেপানে এইবাৰ মলেঁয়াৰ ফালে চালে। তেওঁৰ ভৰিৰ ওচৰতে ঠেং দুখন কোঁচাই, মজিয়াত বুকুখন দি নিশ্চিন্তে বহি আছে মলেঁয়া। হঠাৎ মলেঁয়াক তেওঁৰ ইউকিঅ'ৰ পুত্ৰসম পেংগুইন লালাৰ দৰে লাগিল। তেওঁ ঠিক কৰিলে— ইউকিঅ'ই লালাক পুত্ৰৰ মৰ্যাদা দিয়াৰ দৰে তেওঁ মলেঁয়াক নিজ কন্যাৰ দৰে অপত্য-স্নেহেৰে আৱৰি ৰাখিব।

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ