অন্যযুগ/


ৰ'দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী


-৮ -


(১)

দ বেছেৰীয়া গাঁৱৰ পৰা গৈ ভোমোৰাগুৰি জাহাজ ঘাট পাওগৈ মানে প্ৰায় আবেলি হৈছিল৷ জাহাজ ঘাটত দেখিলো অজস্ৰ মানুহ, জাহাজত উঠি  পাৰ হবলৈ হেতা-ওপৰা লগাইছে৷ মানুহৰ ভিৰ থেলি সৰু দাদাই আমাক টিকট কাউণ্টাৰৰ ওচৰলৈ লৈ গ’ল৷  জাহাজৰ কৰ্মচাৰী দুজনমানৰ সৈতে কথা পতা দেখিলো দাদাই৷ অলপ পিছত জাহাজৰ কৰ্মচাৰী এজন আহি দেউতাৰ সৈতে আমাৰ পৰিয়ালটোক জাহাজৰ ভিতৰলৈ লৈ গ’ল৷ দেউতাক নি কোনোমতে ভিতৰত বহুৱালেগৈ৷ আমি বাকী বিলাক থিয় হৈ থাকিলোঁ৷ এটা সময়ত জাহাজ চলিল৷ জাহাজখন চলাৰ পিছত তাৰ মানুহে দেউতাক কোৱা শুনিল,  সেইখনেই বোলে অন্তিম জাহাজ৷ সন্ধিয়া হ’লে জাহাজ চলোৱাটো বোলে সম্ভৱ  নহ’ব৷ মানুহ নিয়ন্ত্ৰণ কৰাটোৱেই টান হ’ব৷ আমাৰ দেউতাক বোলে জাহাজৰ মানুহে দেখিয়েই চিনি পাইছিল৷ দেউতাই একেবাৰে সত্ৰাধিকাৰৰ সাজত গৈছিল৷ দেউতা ওখ-পাখ মানুহ আছিল৷ মানুহে দূৰৰ পৰাই দেখিলে দেউতাক চিনি পায়৷ এটা সময়ত জাহাজ গৈ শিলঘাটত লাগিলগৈ৷ আমি জাহাজৰ পৰা নামোতে এন্ধাৰ হৈছিল যদিও ঘাটত পৰ্যাপ্ত বিজুলী চাকিৰ ব্যৱস্থা কৰা হৈছিল৷ তেতিয়ালৈকে আমি নাজানো আমি কলৈ যাম, কেনেকৈ যাম! পুৱাৰ পৰা পেচাব কৰাৰ সময়,সুযোগ পোৱা নাছিলো৷ সেই কাৰণে ছেগ বুজি ওচৰতে অকণমান মুকলি ঠাই পাই মই পেচাব কৰিবলৈ গৈছিলো৷ হথাৎ মোক ওচৰত নেদেখি মা-দেউতাহঁতৰ হাহাকাৰ লাগি গ’ল৷৷ মাজু দাদাই বিচাৰি গৈ মোক পেচাব কৰি থকা অৱস্থাতে পাই কাণ খনত ধৰি দেউতাহঁতৰ ওচৰলৈ টানি লৈ আহিল৷

(২)

তেনেতে এজন বয়োজ্যেষ্ঠ লোক আমাৰ ফালে আগ বাঢ়ি আহি দেউতাক মাত লগালেহি৷ তেখেতে দেউতাক চিনি পাইছিল৷ মানুহজনে নিজৰ পৰিচয় ডাঙি ধৰি দেউতাক কলৈ যাব সুধিলে৷ দেউতাই একো ক’ব নোৱাৰাত তেখেতে আমাৰ পৰিয়ালটোক তেখেতৰ ঘৰলৈকে লৈ যোৱাৰ কথা কলে৷ দেউতায়ো আপত্তি নকৰিলে৷ তেখেতে পিছে পিছে মানুহৰ ভিৰৰ মাজেৰে আমাক লৈ গৈ জীপ এখনত বহুৱালেগৈ৷ তাৰ পৰা যাত্ৰা আৰম্ভ হ’ল৷ শিলঘাট টাউন পোৱাৰ পিাচত জীপখন ৰাখি আমাক নামিবলৈ ক’লে৷ প্ৰথমে আমি মানুহজনৰ ঘৰ পোৱা বুলিয়েই ভাৱিছিলোঁ৷ পাছত তেওঁ ক’লে সেইখন ভবানন্দ গোস্বামীৰ ঘৰ, শিলঘাট অঞ্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি৷ ভবানন্দ গোস্বামীয়ে দেউতাক জানে৷  তাতে আমাক মুখ-হাত ধুই ক্ষন্তেক জিৰাবলৈ ক’লে৷ কিয়নো পুৱাৰ পৰা আমাৰ পৰিয়ালটোৱে ক’তো এধানমানি জিৰাবলৈ সুৰুঙা পোৱা নাছিলো৷ খোৱা-বোৱাৰ কথাতো বাদেই৷ ইফালে ঠাণ্ডা দিন৷ ভবানন্দ গোস্বামীৰ ঘৰত চাহ-তাহ খোৱাৰ পাছত আকৌ জীপত উঠিলোঁ৷ বাটত যাওঁতেহে দেউতাৰ সৈতে হোৱা কথা-বতৰাৰ পৰা জানিব পাৰিলো মানুহ জনৰ নাম পদুম শৰ্মা৷ তেখেত হাটবৰৰ সমীপৰ শাকমুঠীয়া বাগিচাৰ বৰ কেৰাণী৷ আমাক তেখেতে বাগিচাৰ কোৱাৰ্টাৰলৈকে লৈ গৈছে৷ এটা সময়ত পদুম শৰ্মাৰ বাগিচাৰ কোৱাৰ্টাৰত উঠিলোগৈ৷ ঘৰখনত ভৰি দিহে স্বস্তিৰ নিশ্বাস পেলালোঁ৷ তেওঁলোকৰ তাত ৰেডিঅ’ আছিল৷  পুৱা-গধূলী ৰেডিঅ’ৰ ওচৰতে আমি কটাইছিলো যুদ্ধৰ বা-বাতৰি লৈ৷

 

(৩)

 

শাকমুঠীয়া বাগিচাৰ কোৱাৰ্টাৰত আমি এসপ্তাহ মানহে থাকিলো৷ পদুম শৰ্মাৰ সহধৰ্মিনী আৰু দুজন বুজন বয়সৰ পুত্ৰক পাইছিলোঁ৷ তাতে আমি কিছুদিন থকা-মেলা কৰিছিলোঁ৷ মোৰ এটা কথা আজিও মনত আছে৷ সাধাৰণতে আমাৰ ঘৰত ভাত খোৱাৰ পাছত খোৱা কাঁহী-বাটি, বাচন-বৰ্তন আদি ৰাতিয়েই ভালদৰে ধুই পখালি পাকঘৰৰ মজিয়াখন মচি-কাচি চাফা কৰি থোৱা হয় যাতে পুৱা পৰিচ্ছন্ন পাকঘৰটোত সোমাই কাম কৰিবলৈ সুবিধা হয়৷ পদুম শৰ্মাৰ ঘৰত দেখিছিলোঁ ভাত-পানী খোৱা হোৱাৰ পাছত পাকঘৰত তলা লগাই থোৱা হয়৷ পুৱা বাগানৰ কাম কৰা মানুহ আহি ৰাতিৰ খোৱা-বোৱা কৰা কাঁহী-বাটি,কেৰাহী-বটুৱা আদি বাহিৰলৈ উলিয়াই নি ধোৱাৰ লগতে পাকঘৰটো বাঢ়নীৰে সাৰি চাফা কৰে একেখিনি মানুহে৷ পাকঘৰটো ৰাতিটো তেনেকৈ থোৱা আৰু চোতাল সৰা বাঢ়নীৰে পুৱা সাৰি চাফা কৰা কথাটো মাই মুঠেও ভাল পোৱা নাছিল৷ কিন্তু একো কোৱাৰ ৰাস্তা নাছিল মাৰ৷

শাকমুঠীয়া বাগিচাত কিছুদিন থকাৰ পিছত তাৰ পৰা হাটবৰত থকা মহা প্ৰিয়নাথ শৰ্মাৰ ঘৰলৈ আহিলোঁ৷ সেইখন ক্ষীতিশ শৰ্মা(কাণুদা, বৰ্তমান প্ৰয়াত), বিশিষ্ট সাহিত্যিক উপেন বৰকটকী(উমাদা)হঁতৰ ঘৰ৷ নগাঁও-যোৰহাট ঘাইপথৰ দাঁতিতে ঘৰ৷ পুৱা-গধূলি মিলিটাৰীৰ ডাঙৰ ডাঙৰ কনভয় অহা-যোৱা কৰি থাকে৷ আমি চোতালৰ পৰা বাই-বাই, টা-টা দিওঁ সেনা  বাহিনীক৷ মহাহঁতৰ ঘৰৰ কাষৰ স্কুলখনত এটা ডাঙৰ আশ্ৰয় শিৱিৰ পতা হৈছিল, য’ত  উত্তৰপাৰৰ পৰা ভাগি অহা মানুহখিনিয়ে আশ্ৰয় ল’বলগীয়া হৈছিল৷ কাণুদা-উমাদাহঁতৰ হাতত ধৰি পুৱা-গধূলি প্ৰায়ে শিবিৰটোলৈ গৈছিলোঁ৷ কাণুদাহঁতে মানুহবিলাকৰ থকা-খোৱাৰ সুবিধা-অসুবিধাৰ খা-খবৰ ৰাখি আছিল নিতৌ৷

 

(৪)

 

এটা সময়ত যুদ্ধৰ সমাপ্তিৰ খবৰ আহিল৷ খবৰ পায়েই আমি হাটবৰৰ পৰা  প্ৰায় এমাহৰ পিছত নিজৰ গাঁও, নিজৰ ঘৰলৈ উভতিলো৷ গাঁও আহি পোৱাৰ লগে লগে যোৱাৰ দিনটোৰ দৰেই চুবুৰীয়া মানুহখিনি আমাক চাবলৈ বাটলৈ ওলাই আহিল৷ মানুহখিনিক দেখি কিবা এটা অপৰাধবোধ জাগিছিল  মোৰ মনত৷ দেউতা গাড়ীৰ পৰা নমাৰ লগে লগে পূৰ্ৱৰ দৰেই সাদৰ-সম্ভাষণ জনালে মানুহখিনিয়ে৷ দেউতায়ো আটাইৰে কুশল-মঙ্গলৰ খবৰ ল’লে৷ তাৰ মাজৰে এজনে দেউতাক গহীনভাৱে কবলৈ নেপাহৰিলে,’আপানালোকে আমাক নিঠৰুৱাকৈ এৰি থৈ গৈছিল৷ আমি কিন্তু নমৰিলো৷ বৰঞ্চ আপোনালোকৰ বাৰী-ঘৰৰ কুটা এগছো হৰণ-ভগন হবলৈ নিদি ৰাতি ৰাতি পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিলো৷’ দেউতাই মানুহজনক কি ক’লে নুশুনিলো৷ মোৰ কিন্তু মানুহজনৰ কথা শুনি চুবুৰীয়া মানুহখিনিৰ প্ৰতি কৃতজ্ঞতাৰে মনটো ভৰি গৈছিল৷

আমি ঘৰলৈ ঘূৰি অহাৰ পিছত আমাৰ আত্মীয়-স্বজনে কোৱা শুনিছিলোঁ তেজপুৰৰ দাঁতি কাষৰীয়া মানুহখিনিৰ বোলে সেইখিনি সময়ত অবৰ্ণনীয় অৱস্থা হৈছিল৷ ৰাতি ৰাতি কোলাত কেঁচুৱা, মূৰত খোৱা বস্তু, কাপো-কানিৰ টালি-টোপোলা লৈ ল’ৰা-ছোৱালী, মতা-মাইকী, বুঢ়া-থেৰা হেজাৰ হেজাৰ মানুহ কোনোবাই খোজ কাঢ়ি, নহলে কোনোবাই গৰুগাড়ীৰে ব্ৰহ্মপুত্ৰৰ বালি চৰলৈ ঢাপলি মেলিছিল৷ মানুহবিলাকৰ দুখে কুলাই-পাচিয়ে তেনেই নধৰা অৱস্থা৷ সেইফালৰ পৰা আমি ঘৰৰ পৰা গুচি যোৱাটো শুভবুদ্ধিৰ পৰিচায়কেই আছিল৷ অন্যথা চীনা সৈন্যই কচু কটা নিদিলেও যমৰ যাতনা ভূগিব লগীয়া হ’লহেঁতেন৷ পিছতহে শুনিলো,তেজপুৰ টাউন জনশূন্য হৈ পৰিছিল৷ পগলা জেলৰ মানুহ বিলাকক জেলৰ ভিতৰৰ পৰা ৰাজপথলৈ উলিয়াই দিয়া হৈছিল৷ ষ্টেট বেঙ্কৰ টকাবিলাক পদুম পুখুৰীলৈ দলিয়াই দিয়া হৈছিল৷

এই ঘটনাই আমাৰ মনত যি গভীৰ সাঁচ বহুৱালে সেয়া কাহানিও পাহৰা সম্ভৱ নহয়৷ আজিও সেই অভাৱনীয় দৃশ্যবিলাক জলজল-পটপটকৈ চকুৰ আগত ভাঁহি  আছে৷  (আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ