লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ
অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস
(৭)
সৌন্দৰ্যৰ এই
আটাইবোৰ সংজ্ঞাৰ অন্তিম ফল কি? যিবোৰ সংজ্ঞাই কলাৰ ধাৰণাক সাঙুৰি
লোৱাত ব্যৰ্থ হৈছে, আৰু যিয়ে এই ধাৰণা দিয়ে যে সৌন্দৰ্য্য
গঢ়ি উঠে হয় উপযোগিতাত, নহয় এটা উদ্দেশ্যৰ সৈতে নিজকে মিলাই
লোৱাত, নতুবা প্ৰতিসাম্যত, নতুবা শৃংখলাত,
নতুবা সংগতিত, নতুবা স্নিগ্ধতাত, নতুবা
অংশবোৰৰ সমন্বয়ত, নতুবা একতা আৰু বিভিন্নতাত, নতুবা
এই আটাইবোৰৰ বিভিন্ন মিলনত, সৌন্দৰ্যৰ এই বেঠিক সংজ্ঞাবোৰক, বস্তুগত
সংজ্ঞাৰ এইবোৰ অসন্তোষজনক প্ৰচেষ্টাক বিবেচনালৈ নানিলে সৌন্দৰ্যৰ আটাইবোৰ
নন্দনতাত্বিক সংজ্ঞাই দুটা মৌলিক ধাৰণালৈকে আমাক লৈ আহে। প্ৰথমটোৰ মতে সৌন্দৰ্য
হৈছে স্বতন্ত্ৰ অস্তিত্বসম্পন্ন (নিজ গুণে বৰ্তি থকা) কিবা এটা, পৰম
বিশুদ্ধতাৰ, ধাৰণাৰ, সত্তাৰ, ইচ্ছাৰ, নাইবা
ঈশ্বৰৰ বিভিন্ন প্ৰকাশৰ এটা; দ্বিতীয়টো হৈছে
সৌন্দৰ্য ইয়াৰ বস্তুসমূহৰপৰা ব্যক্তিগত সুবিধা নিবিচৰাকৈ আমি গ্ৰহণ কৰা এক ধৰণৰ
আনন্দ।
দ্বিতীয়
শ্ৰেণীৰ নন্দনতাত্ত্বিক দাৰ্শনিকসকলক গণনালৈ ননাকৈ ক'বলৈ হ'লে
ইয়াৰে প্ৰথমটো সংজ্ঞা গ্ৰহণ কৰিছিল ফিষ্টে, শ্বেলিং, হেগেল, শ্বপেনহাৱাৰ, আৰু
দাৰ্শনিকীকৰণ কৰা ফৰাচীসকল, কাজিন, জুফ্ৰ'য়, ৰেৱাইছন, আৰু
অন্যসকলে। আৰু সৌন্দৰ্যৰ এই একে বস্তুগত-ৰহস্যবাদী সংজ্ঞাটো আমাৰ সময়ৰ
গৰিষ্ঠসংখ্যক শিক্ষিত মানুহে গ্ৰহণ কৰে।ই এটা বহলভাবে বিয়পি পৰা ধাৰণা, বিশেষকৈ
জ্যেষ্ঠ প্ৰজন্মৰ মাজত।
দ্বিতীয়
মতটোৱে, যে সৌন্দৰ্য হৈছে আমি গ্ৰহণ কৰা এক বিশেষ ধৰণৰ
আনন্দ, কোনো ধৰণৰ ব্যক্তিগত সুবিধা পোৱাটো যাৰ লক্ষ্যত
নপৰে, মূলতঃ অনুমোদিত হৈছে ইংৰাজ নন্দনতাত্ত্বিক
লেখকসকলৰপৰা, আৰু ইয়াত অংশ লৈছে আমাৰ সমাজৰ অন্য অংশই, ঘাইকৈ
কনিষ্ঠ প্ৰজন্মই।
গতিকে
সৌন্দৰ্যৰ সংজ্ঞা দুটা (আৰু ইয়াৰ অন্যথা হ'ব নোৱাৰে): এটা
হৈছে
এই ধাৰণাটোক সৰ্বোচ্চ পৰিপূৰ্ণতা দিয়া, ঈশ্বৰৰ ধাৰণাৰ
সৈতে মিলিত কৰা বস্তুগত, ৰহস্যবাদী সংজ্ঞা – এটা
চমকপ্ৰদ সংজ্ঞা, যাৰ ভিত্তি নাই; আনটো, ইয়াৰ
বিপৰীতে, এটা বৰ সৰল আৰু বোধগম্য বিষয়ীগত সংজ্ঞা, যিয়ে
সৌন্দৰ্যক বিবেচনা কৰে এনে এটা বস্তু হিচাপে যিয়ে আনন্দ দিয়ে (মই 'আনন্দ
দিয়ে' কথাষাৰৰ লগত 'সুবিধা আদায়ৰ
লক্ষ্য নথকাকৈ' শব্দকেইটা লগ লগাই নিদিলোঁ, কাৰণ
'আনন্দ দিয়ে' কথাটোৱে স্বাভাৱিকতেই লাভৰ ধাৰণাটোৰ
অনুপস্থিতি আগতীয়াকৈ ধৰিয়েই লয়)।
এপিনে
সৌন্দৰ্যক এক ৰহস্যময় আৰু উচ্চ স্থানবিশিষ্ট কিবা এটা বুলি ধৰা হয়, কিন্তু
দুৰ্ভাগ্যক্ৰমে একে সময়তে ই বৰ অনিৰ্দিষ্ট আৰু ফলস্বৰূপে দৰ্শন, ধৰ্ম
আৰু স্বয়ং জীৱনকে ই আঁকোৱালি লয় বুলি ধৰি লোৱা হয় ( শ্বেলিং আৰু হেগেল, আৰু
তেওঁলোকৰ জাৰ্মান আৰু ফৰাচী অনুগামীসকলৰ তত্ব অনুসৰি); নাইবা, অন্যহাতে
(কাণ্ট আৰু তেওঁৰ অনুগামীসকলৰ সংজ্ঞাৰপৰাই উদ্ভূত) সৌন্দৰ্য হৈছে কেৱল আমি পোৱা
এটা নিৰ্দিষ্ট বিধৰ স্বাৰ্থৰহিত আনন্দ। আৰু সৌন্দৰ্যৰ এই ধাৰণাটোও, যদিও
ই দেখাত বৰ স্পষ্ট, দুৰ্ভাগ্যক্ৰমে, বেঠিক; কাৰণ
ই অন্যটো দিশত বহলভাৱে মেল খাই যায়, উদাহৰণস্বৰূপে, ই
সুৰাৰপৰা, খাদ্যৰপৰা, এখন কোমল ছালক
স্পৰ্শ কৰাৰপৰা পোৱা আনন্দক অন্তৰ্ভুক্ত কৰে, গায়', ক্ৰেলিক
আৰু অন্যসকলে স্বীকাৰ কৰাৰ দৰেই।
এইটো
সঁচা যে সৌন্দৰ্যৰ নন্দনতাত্ত্বিক মতবাদবোৰৰ বিকাশৰ পাছত , আমি
এইটো লক্ষ্য কৰিব পাৰো যে, যদিও প্ৰথমতে (যি সময়ত নন্দনতত্ত্বৰ
বিজ্ঞানৰ বুনিয়াদ প্ৰতিষ্ঠা কৰা হৈছিল) সৌন্দৰ্যৰ আধিভৌতিক সংজ্ঞাই অধিক
প্ৰভাৱশালী আছিল, তথাপি যিমানেই আমি আমাৰ সময়ৰ অধিক
ওচৰ
চাপোঁ, সিমানেই অধিক এটা পৰীক্ষামূলক সংজ্ঞা (অলপতে
এটা শৰীৰতাত্ত্বিক ৰূপ গ্ৰহণ কৰা) সম্মুখলৈ আহে, যাতে অৱশেষত আমি
আনকি ভেৰঁ আৰু চাল্লিৰ নিচিনা নন্দনতাত্ত্বিককো লগ পাওঁ, যিয়ে
সম্পূৰ্ণৰূপে সৌন্দৰ্যৰ ধাৰণাৰপৰা পলোৱাৰ চেষ্টা কৰে।কিন্তু তেনেকুৱা নন্দনতাত্ত্বিকে
খুব কমহে সাফল্য অৰ্জন কৰে, আৰু জনতাৰ গৰিষ্ঠসংখ্যকৰ বাবে, লগতে
শিল্পী আৰু শিক্ষিত লোকৰ বাবেও সৌন্দৰ্যৰ এটা ধাৰণা সুদৃঢ়ভাৱে ধৃত
হয়, যিয়ে বেছিভাগ নন্দনতাত্ত্বিক চুক্তিত সন্নিৱিষ্ট সংজ্ঞাসমূহ গ্ৰহণ
কৰে, উদাহৰণ স্বৰূপে, যিয়ে সৌন্দৰ্যক
হয়তো কিবা ৰহস্যবাদী বা আধিভৌতিক বস্তু হিচাপে, নাইবা এটা
বিশেষ ধৰণৰ আমোদ হিচাপে মানি লয়।
তেনেহ'লে সৌন্দৰ্যৰ
এই ধাৰণাটোনো কি, যাক আমাৰ মহলৰ আৰু সময়ৰ মানুহবোৰে ইমান
অনমনীয়ভাৱে কলাৰ সংজ্ঞা দিওঁতা হিচাপে ধৰি লয়?
বিষয়গত
দিশৰপৰা, আমি সেইটোকে সৌন্দৰ্য বুলি কওঁ যিয়ে আমাক এক
বিশেষ ধৰণৰ আনন্দ দিয়ে।
বস্তুগত
দিশৰপৰা, আমি পৰম পৰিপূৰ্ণ কিবা এটাকে সৌন্দৰ্য বুলি কওঁ, আৰু
আমি ইয়াক এনে ধৰণৰ বুলি স্বীকৃতি দিওঁ এই কাৰণেই যে এই পৰম পৰিপূৰ্ণতাৰ প্ৰকাশৰপৰা
আমি এটা বিশেষ ধৰণৰ আনন্দ পাওঁ; গতিকে এই বস্তুগত সংজ্ঞাটোও বেলেগ ৰূপত
দাঙি ধৰা এটা বিষয়গত ধাৰণাই। বাস্তুৱিকতে সৌন্দৰ্যৰ দুয়োটা ধাৰণা প্ৰকৃততে এটাই, আৰু
সেয়া হৈছে আমাৰ দ্বাৰা এটা বিশেষ ধৰণৰ আনন্দ লাভ, উদাহৰণস্বৰূপে, আমি
সেইবোৰ বস্তুকে 'সৌন্দৰ্য' বুলি কওঁ যিয়ে
আমাৰ আনন্দ দিয়ে আমাৰ মনত কোনো আকাংক্ষা জাগ্ৰত নকৰাকৈয়ে।
কথাবোৰ
এনেকুৱা হোৱাত এইটো স্বাভাৱিক যেন লাগিব যে কলাৰ বিজ্ঞানে সৌন্দৰ্যৰ
(অৰ্থাৎ যিয়ে আনন্দ দিয়ে) ওপৰত প্ৰতিষ্ঠিত কলাৰ সংজ্ঞাৰে নিজকে সন্তুষ্ট কৰিবলৈ
অস্বীকাৰ কৰিব, আৰু এটা সাধাৰণ সংজ্ঞা বিচাৰিব, যিটো
সকলো কলাত্মক উত্পাদনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, আৰু
যাৰ প্ৰসংগেৰে আমি সিদ্ধান্ত কৰিব পাৰিম এটা নিৰ্দিষ্ট বস্তু কলাৰ জগতৰ
অন্তৰ্ভূক্ত হয়নে নহয়। কিন্তু তেনে কোনো সংজ্ঞাৰ যোগান ধৰা হোৱা যে নাই, সেইটো
পঢ়ুৱৈয়ে মই ইতিমধ্যে দিয়া নন্দনতত্ত্বসমূহৰ সাৰাংশসমূহৰপৰাই দেখা পাব, আৰু
তেওঁ যদি সেই মূল নন্দনতাত্ত্বিক কৰ্মবোৰ পঢ়াৰ কষ্টখিনি কৰে, তেনেহ'লে
তেওঁ
এইবোৰৰ পৰা এই কথাটো অধিক স্পষ্টভাৱে আৱিষ্কাৰ কৰিব। পৰম সৌন্দৰ্যক ইয়াৰ মাজতে
সংজ্ঞাৱদ্ধ কৰাৰ সকলো প্ৰচেষ্টাই – প্ৰকৃতিৰ অনুকৰণ
হিচাপেই হওঁক, নাইবা ইয়াৰ বস্তুবোৰৰ প্ৰতি প্ৰশস্ততাই হওক, নাইবা, অংশবোৰৰ
এটা সংযোগেই হওক, নাইবা প্ৰতিসাম্য, নাইবা, সংগতি, নাইবা
বিভিন্নতাৰ মাজৰ একতা হিচাপেই হওক – হয়তো একোৱেই
সংজ্ঞাৱদ্ধ নকৰে, নাইবা কিছুমান কলাত্মক উত্পাদনৰ কেৱল কিছুমান দিশহে সংজ্ঞাৱদ্ধ কৰে, আৰু
প্ৰতিগৰাকী মানুহে যিবোৰ বস্তুক কলা বুলি ধৰি লৈছিল আৰু এতিয়াও ধৰি লয়, সেই
আটাইবোৰ বস্তু আঁতৰাই থয়।
সৌন্দৰ্যৰ
কোনো বস্তুনিষ্ঠ সংজ্ঞা নাই। প্ৰচলিত সংজ্ঞাবোৰ (আধিভৌতিক আৰু পৰীক্ষামূলক উভয়েই)
সেই ব্যক্তিনিষ্ঠ সংজ্ঞাৰ সৈতে একে, (যদিও কথাটো
অদ্ভূত যেন লাগে), যিটো এনেকুৱা যে কলা হৈছে যিয়ে সৌন্দৰ্যক
প্ৰকাশিত কৰায়, আৰু সৌন্দৰ্য্য হৈছে যিয়ে আনন্দ দিয়ে (কোনো
আকাংক্ষাক প্ৰৰোচিত নকৰাকৈ)। বহুতো নন্দনতাত্বিকে এনেকুৱা এটা সংজ্ঞাৰ অপ্ৰতুলতা
আৰু
অস্থায়িত্ব অনুভৱ কৰে, আৰু ইয়াক এটা দৃঢ় ভিত্তি দিবলৈ নিজকে
এই প্ৰশ্নটো কৰে এটা বস্তুই কিয় আনন্দ দিয়ে। আৰু তেওঁলোকে সৌন্দৰ্য সম্পৰ্কীয়
আলোচনাটোক ৰুচি সম্পৰ্কীয় এটা প্ৰশ্নলৈ ৰূপান্তৰিত কৰে, যেনেকৈ
হাচ্ছেন, ভ’ল্টেৰ, ডিডেৰো, আৰু
অন্যসকলে কৰিছিল। কিন্তু ৰুচিৰ সংজ্ঞা দিয়াৰ সকলো প্ৰচেষ্টা নিশ্চয়
অথলে যাব, কাৰণ যিহেতু পঢ়ুৱৈয়ে ইয়াক নন্দনতত্ত্বৰ
ইতিহাসৰপৰা আৰু পৰীক্ষামূলক উভয় ধৰণেই পাব পাৰে। এটা বস্তুৱে কিয় এগৰাকী লোকক
আনন্দ দিয়ে আৰু আন এগৰাকীক অসন্তুষ্ট কৰে, আৰু তাৰ
ওলোটাটোৱো হয়, তাৰ কোনো ব্যাখ্যা নাই আৰু থাকিব নোৱাৰে। গতিকে
নন্দনতত্ত্বৰ প্ৰচলিত গোটেইখিনি বিজ্ঞানে আমি ইয়াৰ পৰা যি বিচাৰিব পাৰোঁ সেইখিনি
কৰাত ব্যৰ্থ হয়, নিজকে বিজ্ঞান বুলি কোৱা এটা মনস্তাত্বিক
কাৰ্য্য হিচাপে ই কলাৰ, নতুবা সুন্দৰ বস্তুৰ (যদি কলাৰ মূল
বস্তু সেয়াই হয়), নাইবা ৰুচিৰ প্ৰকৃতিৰ (যদি ৰুচিয়ে কলাৰ প্ৰশ্ন
আৰু ইয়াৰ গুণ নিৰ্ধাৰিত কৰে) মান আৰু বিধি ব্যাখ্যা নকৰে, আৰু
তাৰ পাছত, এনে সংজ্ঞাবোৰৰ ওপৰত ভিত্তি কৰি সেইবোৰ উৎপাদনক
কলা হিচাপে স্বীকৃতি দিয়ে, যিবোৰ এই বিধিসমূহৰ সৈতে মিলি যায়, আৰু
এইবোৰৰ আওতালৈ নহাবোৰক প্ৰত্যাখ্যান কৰে। কিন্তু নন্দনতত্ত্বৰ এই বিজ্ঞান গঠিত হয়
প্ৰথমতে কিছুমান উৎপাদনক কলা হিচাপে স্বীকৃতি দিয়াত (কাৰণ এইবোৰে আমাক আনন্দ দিয়ে)
আৰু তাৰ পাছত কলাৰ এনেকুৱা এটা তত্ব গঢ়ি তোলাত যে সেই আটাইবোৰ উৎপাদন যিয়ে এক
শ্ৰেণীৰ মানুহক আনন্দ দিয়ে ইয়াৰ সৈতে খাপ খাই পৰিব লাগে। এটা কলা সূত্ৰ আছে যাৰ
মতে আমাৰ শ্ৰেণীটোৱে পছন্দ কৰা নিৰ্দিষ্ট কিছুমান উৎপাদন কলা হিচাপে স্বীকৃত - -
ফিডিয়াচ, চফ’ক্লিছ, হোমাৰ, টাইটিয়ান, ৰাফেল, বাখ, বিথোভেন, ডাণ্টে, শ্যেইকছপীয়েৰ, গ্যেটে, আৰু
অন্যান্য - - আৰু নন্দনতাত্বিক বিধিসমূহ এনেকুৱা হ’ব লাগে যাতে ই
এই আটাইবোৰ উৎপাদনক সাঙুৰি লয়। নন্দনতাত্বিক সাহিত্যত আপুনি অবিৰাম কলাৰ গুণ আৰু
গুৰুত্ব সম্পৰ্কে অভিমত বিচাৰি পাব, যিবোৰ এনে কোনো নিৰ্দিষ্ট বিধিৰ ওপৰত
প্ৰতিষ্ঠিত নহয় যিবোৰৰ জৰিয়তে কোনোবা এটা বস্তুক ভাল অথবা বেয়া বুলি ধৰি লোৱা হয়, ই
প্ৰতিষ্ঠিত হৈছে এনেকুৱা এটা বিচাৰৰ ওপৰত যে আমি গঢ়ি তোলা কলা সূত্ৰৰ সৈতে এই
কলাটো মিলি যায় নে নাযায়।
কিছুদিনৰ
আগতে মই ফলজেল্টৰ কুলিখিততকৈ নিলগৰ এখন কিতাপ পঢ়ি আছিলোঁ। কলাত্মক কৰ্মত নৈতিকতাৰ
দাবী সম্পৰ্কে আলোচনা কৰি লেখকে চিধাচিধি কৈছিল যে আমি কলাত নৈতিকতা বিচাৰিব
নালাগে। আৰু ইয়াৰ প্ৰমাণ হিচাপে তেওঁ এই কথাটো আগ বঢ়াই দিছিল যে আমি যদি এনেকুৱা
দাবী মানি লওঁ, শ্যেইকছপীয়েৰৰ ৰোমিঅ’ এণ্ড
জুলিয়েট আৰু গ্যেটেৰ উইলহেল্ম
মেয়ষ্টাৰ ভাল কলাৰ সংজ্ঞাৰ সৈতে খাপ নাখাব; কিন্তু
দুয়োখন কিতাপকে যিহেতু আমাৰ কলাৰ সূত্ৰৰ অন্তৰ্ভূক্ত কৰা হৈছে, তেওঁ
সামৰণি মাৰিছে এইবুলি কৈ যে দাবী অন্যায়। সেই কাৰণে কলাৰ এনেকুৱা এটা সংজ্ঞা
বিচাৰি পোৱাটো প্ৰয়োজনীয় যিটো সৃষ্টিকৰ্মবোৰৰ সৈতে মিলি যায়; আৰু
নৈতিকতাৰ দাবীৰ পৰিৱৰ্তে ফলজেল্টে মানি লৈছে যে কলাৰ ভিত্তি হৈছে গুৰুত্বপূৰ্ণ
হোৱাৰ দাবী (Bedeutungsvolles)।
প্ৰচলিত
আটাইবোৰ নন্দনতাত্বিক মান প্ৰতিষ্ঠিত হৈছে এই নক্সাৰ ওপৰত। সঁচা কলাৰ সংজ্ঞা দিয়াৰ
পৰিৱৰ্তে, আৰু তাৰ পাছত কোনটো সৃষ্টিকৰ্মই এই সংজ্ঞা মানি
চলিছে অথবা চলা নাই এই কথাৰ বিচাৰেৰে কোনটো ভাল কলা আৰু কোনটো নহয় এইটো
সিদ্ধান্তলৈ অহাৰ পৰিৱৰ্তে সৃষ্টিকৰ্মৰ এটা নিৰ্দিষ্ট শ্ৰেণীক, যিয়ে
কিছুমান কাৰণত নিৰ্দিষ্ট এক শ্ৰেণীৰ মানুহক আনন্দ দিয়ে, কলা
বুলি গ্ৰহণ কৰা হয়, আৰু তাৰ পাছত এই আটাইবোৰ উৎপাদনক
সাঙুৰি লোৱাকৈ কলাৰ সংজ্ঞা এটা গঢ়ি তোলা হয়। অলপতে মই এখন
ভাল জাৰ্মান কিতাপ, মুথাৰৰ The History of Art in the
Nineteenth Century – ত এই পদ্ধতিৰ এটা লেখত ল'বলগীয়া উদাহৰণ
পাইছিলোঁ। প্ৰি-ৰাফেলাইট, ডেকাডেণ্ট আৰু প্ৰতীকবাদীসকলক (যিসকলক
ইতিমধ্যে কলা সূত্ৰত অন্তৰ্ভূক্ত কৰা হৈছে) বৰ্ণনা কৰোতে তেওঁ কেৱল তেওঁলোকৰ
প্ৰৱণতাক দোষাৰোপ কৰাৰ সাহস নকৰাকৈয়ে থকা নাছিল, বৰং তেওঁ
আন্তৰিকতাৰে প্ৰচেষ্টা চলাইছিল নিজৰ মানৰ বিস্তৃতি ঘটাবলৈ যাতে ই তেওঁলোক আটাইকে
অন্তৰ্ভূক্ত কৰি লয়, কাৰণ তেওঁৰ দৃষ্টিত তেওঁলোকে বাস্তৱবাদৰ
মাত্ৰাধিক্যৰ এটা বৈধ প্ৰতিক্ৰিয়াক প্ৰতিনিধিত্ব কৰিছিল। কলাত যিমানেই উন্মাদনা
দেখা যাওঁক কোনো কথা নাই, যেতিয়াই এবাৰ তেওঁলোকে সমাজৰ উচ্চ
শ্ৰেণীবোৰৰ মাজত গ্ৰহণযোগ্য হৈ উঠিল তত্ক্ষণাত এটা তত্ব উদ্ভাৱন কৰা হ'ল
তেওঁলোকক ব্যাখ্যা কৰিবলৈ আৰু অনুমোদন দিবলৈ; ঠিক যেন ইতিহাসত
কেতিয়াও এনে সময় অহা নাছিল যেতিয়া মানুহৰ কোনো নিৰ্দিষ্ট বিশেষ মহলে মিথ্যা,
বিকৃত
আৰু বোধহীন কলাক চিনাক্ত আৰু অনুমোদন কৰা নাছিল, যি কলাই পৰৱৰ্তী
সময়ত কোনো চিন ৰাখি যোৱা নাছিল আৰু সম্পূৰ্ণৰূপে পাহৰণিৰ গৰ্ভত লুকাই পৰিছিল।আৰু
কলাৰ উন্মাদনা আৰু বিকৃতিয়ে কিমান দূৰলৈকে যাব, বিশেষভাবে
যেতিয়া , ঠিক আমাৰ দিনৰ নিচিনাকৈ, ই জানে যে ইয়াক ভ্ৰান্তিহীন বুলি ধৰি
লোৱা হয়, সেইটো দেখা যাব আজি আমাৰ পৰিমণ্ডলত কলাত কি কৰা হৈছে তাৰ দ্বাৰাই।
(আগলৈ)