দাদুল দেৱকৃষ্ণ বৰুৱা
(১১)
যোৱা তিনিদিন
ষ্টেপানৰ গা বেয়া। জ্বৰত ভুগি আছে। ঘৰতে থকা দুই-এবিধ দৰব খাই নিজক সুস্থ কৰাৰ
চেষ্টা চলাইছে। প্ৰথম দুদিনতকৈ তৃতীয় দিনটোত গা টঙাইছে ষ্টেপানে। গালৈ অলপ বল
আহিছে যদিও মুখলৈ ৰুচি ঘূৰি অহা নাই। খাবৰ ইচ্ছা একেবাৰেই নাযায়। তথাপি নিজৰ
মনটোক বুজাই বঢ়াই খাইছে ষ্টেপানে। কাৰণ তেওঁ সুস্থ হৈ থকাটো বৰ জৰুৰী— মলেঁয়াৰ
বাবে।
অসুখৰ দিনবোৰত
ষ্টেপানৰ মনলৈ বৰকৈ আহে মাক আৰু পত্নীৰ কথা। সৰু কালত জ্বৰ-কাহ হ'লেই মাকে তেওঁৰ
কমখন যতন লোৱা নাছিল। ভৰিত গৰম তেলেৰে সেক দিয়াৰ পৰা আৰম্ভ কৰি বাৰীতে পোৱা বনৌষধ
আনি খুওৱালৈকে কি কি যে কৰা নাছিল তেওঁ। ৰাতি দুপৰ তেওঁৰ কপালত হাত বুলাই নিচুকণি
গীত শুনাইছিল। একেদৰে বিয়াৰ পিছত অসুখৰ দিনবোৰত ষ্টেপানক পত্নীয়ে গৰম পানী যতনাই
দিয়া, গাটোত মালিচ কৰি দিয়া, সময় মতে দৰৱ খুৱাই দিয়া আৰু তেওঁ খাই ভালপোৱা
খাদ্য ৰান্ধি খুৱাবলৈ যত্নত ত্ৰুটি ৰখা নাছিল। ষ্টেপানে খাবলৈ মন নকৰিলেও 'এই
চামুছেই শেষ' বুলি কেই চামুছ খুৱাইছিল ঠিক নাই। ষ্টেপানে তেতিয়া ভাবিছিল— আচলতে
প্ৰতিগৰাকী নাৰীয়েই মাতৃ। মমত্ববোধেৰে মহীয়ান তেওঁলোক। তেওঁ লাগিলে মাতৃয়েই
হওক, পত্নীয়েই হওক, ভগ্নীয়েই হওক কিম্বা যিকোনো নাৰীয়েই হওক। নাৰীয়ে নিচুকাব
জানে— অসুখতেই হওক বা জীৱনৰ বেয়া দিনতেই হওক। আইৰ নিচুকণিৰ দৰে উত্তম ঔষধ ক'তোৱেই
পাবলৈ নাই।
ষ্টেপানৰ যে গা বেয়া
সেই কথা মলেঁয়াই বুজি পাইছে। তাই সেয়ে বাহিৰত ঘূৰি ফুৰাতকৈ অধিক সময় ষ্টেপানৰ
বিছনাৰ কাষে কাষেই কটাইছে। মাজে সময়ে তাইৰ ঠোঁটটো ষ্টেপানৰ মূৰত লাহেকৈ লগাই
দিয়ে। তাই যেন বুজাব খোজে— "মই আছোঁ তোমাৰ কাষত"!
হয়, মলেঁয়া আছে
ষ্টেপানৰ কাষত। কিন্তু তাই কিয়েইবা কৰি দিব পাৰে তেওঁক! তাই ৰান্ধিব নোৱাৰে, তাই
ঘৰৰ চাফাই কাম কৰিব নোৱাৰে। কিন্তু এই মুহূৰ্তত তাই কোনেও কৰিব নোৱৰা কাম কৰি আছে
ষ্টেপানৰ বাবে। সেয়া হৈছে সংগদান। নিসংগ এজনক সংগ দিয়াৰ সমান সৎ কাম হয়তো নাই!
ষ্টেপানৰ এই অসুখৰ
সময়ত ঘণ্টাৰ পাছত ঘণ্টা ধৰি তেওঁৰ কাষত থাকিবলৈ কোনো আত্মীয়-স্বজন নাই। কিন্তু
মলেঁয়া এই সময়ত তেওঁৰ বাবে আপোনতকৈও আপোন হৈ সংগ দিছে। বুকুৰ ভাষা মুখেৰে ফুটাই
ক'ব নোৱাৰিলেও তাইৰ চকুহালত জিলিকা মনৰ ভাষা ঠিকেই পঢ়িছে ষ্টেপানে। তাইৰ ভাল হৈ
থকা ডেউকাখন বিশেষ ভংগীত কোবোৱা, ডিঙিটো বিশেষ ধৰণে বেঁকা কৰা আৰু ঠোঁটটোৰে কৰা
শব্দ বুজি পায় ষ্টেপানে। কোনোবা এখিনিত মিলি যায় পখীৰ বুকুৰ ভাষা আৰু মানুহৰ মনৰ
কথা। এক হৈ যায় ষ্টেপান আৰু মলেঁয়াৰ গাথা।
ষ্টেপান পিতৃ!
মলেঁয়া কন্যা!
মলেঁয়াই বেছিদিন
মাকৰ মৰম পোৱা নাছিল। কিন্তু ষ্টেপানে বাৰু তাইক দিব পাৰিছেনে পিতৃৰ চেনেহ!
কেতিয়াবা এনেকৈও ভাবে তেওঁ। পক্ষীৰ জগতত পিতৃস্নেহ আৰু মাতৃস্নেহ কিমান গভীৰ সেই
বিষয়ে বৰ বেছি নাজানে ষ্টেপানে। কিন্তু মানুহৰ ক্ষেত্ৰত মাক আৰু সন্তান এক
চিৰন্তন বন্ধনেৰে বান্ধ খাই থাকে। মাক আৰু সন্তানৰ বাহিৰে এনে বিশুদ্ধ প্ৰেমৰ সম্পৰ্ক
সততে দেখা নাযায়। মাতৃয়ে সন্তানক সদায় নিস্বাৰ্থভাৱে ভাল পায়। সন্তানক বচাবলৈ
নিজৰ প্ৰাণ আহুতি দিব পাৰে।
পৃথিৱীৰ সকলো মাতৃয়ে
সন্তানক বেছি ভাল পোৱাৰ কাৰণ আছে। মাতৃ আৰু সন্তানৰ এই প্ৰকৃত প্ৰেমৰ আঁৰত আছে
বৈজ্ঞানিক কাৰণ। গৱেষণাত দেখা গৈছে যে মাক আৰু সন্তানৰ স্নেহৰ আঁৰত হৰম'নৰ বিশেষ
প্ৰভাৱ আছে। অক্সিট’চিন নামৰ হৰম’ন নিৰ্গত হোৱাৰ ফলতে এগৰাকী মাতৃয়ে নিজৰ সন্তানক
ভাল পায়। অক্সিট’চিন হৰম’নে মাতৃ আৰু সন্তানৰ মাজৰ বন্ধন গভীৰ কৰে আৰু এই কাৰণেই
মাতৃয়ে নিজৰ সন্তানক আন সকলোতকৈ বেছি ভাল পায়। এগৰাকী মাতৃয়ে যেতিয়া সন্তানক
স্পৰ্শ কৰে বা ধৰি থাকে তেতিয়া এই অক্সিট’চিন হৰম’নৰ নিৰ্গমন বাঢ়ি যায়। প্ৰসৱৰ
সময়তো প্ৰসৱৰ বিষ কমাবৰ বাবে এই অক্সিট’চিন হৰম’নৰ নিৰ্গমন বাঢ়ি যায় যাতে
মাতৃয়ে বিষ সহ্য কৰিবলৈ সক্ষম হয়। সাধাৰণতে কোৱা হয় যে যেতিয়া এগৰাকী মাতৃয়ে
নিজৰ সন্তানক স্তনপান কৰায় তেতিয়া দুয়োৰে মাজত সম্পৰ্ক সুদৃঢ় হয়; কিন্তু
বৈজ্ঞানিক সত্যটো হ’ল যে, অক্সিট’চিন হৰম’ন নিৰ্গত হোৱাৰ বাবে মাতৃসকলে সন্তানক
স্তনপান কৰাই ভাল পায়। আঁৰত যি কাৰণেই নাথাকক কিয়, এটা কথত ষ্টেপান নিশ্চিত—
পৃথিৱীৰ প্ৰতিগৰাকী মাতৃয়েই একক, অনন্যা।
মানুহৰ দৰেই নিজৰ
সন্তানক অপত্য স্নেহেৰে আবৰি ৰাখে আনবোৰ প্ৰাণীৰ মাতৃয়ে। অৱশ্যে বহু সময়ত পক্ষী
জগতত মাতৃত্বৰ মমতাক লৈ বিভিন্ন গুজব বিয়পি পৰাও দেখা যায়। তেনে এটা গুজব হ'ল
এনেধৰণৰ— "অভাৱৰ সময়ত পেলিকানে পোৱালিক খুৱাবৰ বাবে নিজৰ বুকুত খুটি তেজ
উলিয়ায়। মাতৃৰ এই তেজৰ পুষ্টিগুণে শিশুক বচাই ৰাখিব পাৰে, তেতিয়ালৈকে পর্যাপ্ত
পৰিমাণৰ খাদ্য পোৱা নাযায়।"
এই গুজবটো মূলতঃ এটা
পৌৰাণিক উপকথা; যিটো খ্রীষ্টীয় প্রতীক হিচাপে ব্যৱহৃত হয়। স্পষ্টভাৱে ক'বলৈ গ'লে
এই উপকথাটো যীশু আৰু যীশুৰ নৈশভোজৰ প্রতীক। এই উপকথাৰ আৰু এটা সংস্কৰণ হৈছে—
"মাতৃ পেলিকানে মৃত্যুপথৰ যাত্রী নিজৰ সন্তানক পুনৰ জীৱিত কৰাৰ বাবে নিজৰ
ৰক্ত পান কৰায়।" কিন্তু বাস্তৱত পেলিকানে পোৱালিক নিজৰ ৰক্ত পান নকৰায়।
ৰক্তপান পেলিকানৰ খাদ্যাভ্যাসৰ বাহিৰত। প্রকৃতিবিদসকলৰ মতে, পেলিকানৰ ঠোঁটৰ
প্রান্তত ৰঙচুৱা বৰণ পর্যবেক্ষণ কৰি এনে ধাৰণা কৰা হয় যে, ইহঁতে নিজৰ বুকুত আঘাত
কৰি পোৱালিবোৰক ৰক্ত পান কৰায়। বাস্তৱত যিটো সম্ভৱ নহয়। ষ্টেপানে ভাবে— এইবোৰ
কাহিনীৰ বাস্তৱ স্থিতি যিয়েই নহওক কিয়, এইবোৰে জীৱকুলৰ বিষয়ে মানুহক আৰু অধিক
জানিবলৈ আকৰ্ষিত কৰি আহিছে সেয়া নিশ্চিত। অৱশ্যে কাহিনীৰ অন্তৰালতো থাকে কাহিনী।
যিদৰে আছে মলেঁয়া তেওঁৰ আশ্ৰয়ত থকাৰ কাহিনী।
অসুখত ভুগি থকা
তিনিদিন হ'ল ষ্টেপানৰ। আজি আগৰ দুদিনতকৈ আৰাম পাইছে তেওঁ। যোৱা দুদিন তেওঁ আন এটা
দুঃচিন্তাতো ভুগি আছে। সেইটো হ'ল— মলেঁয়াৰ বাবে তাইৰ খাদ্য ভাণ্ডাৰত খাদ্য নাই,
কালিয়েই শেষ হ'ল। তেওঁ বৰশী বাবলৈও যাব পৰা নাই, আনহাতে বজাৰলৈ গৈও মলেঁয়াৰ বাবে
মাছ কিনি আনিব পৰা নাই। ভোক লাগিলে মলেঁয়াই আজিকালি নিজে গৈ তাইৰ বাবে মাছ জীয়াই
ৰখা পাত্ৰটোৰ পৰা মাছ খায়গৈ। কিন্তু সিদিনা মিষ্টাৰ ইগৰৰ বৰশীত উঠা মাছটো
মলেঁয়াই আজিও খোৱা নাই। কালিয়েই এইটো মাছৰ বাদে মলেঁয়ালৈ বুলি ৰখা মাছবোৰ তাই
খাই শেষ কৰিছিল। কিন্তু কিয় জানো এই বিশেষ মাছটো তাই খাবলৈ ইচ্ছা কৰা নাই।
: খাচোন এইটোকে।—
মলেঁয়াক মাছ জীয়াই ৰখা পাত্ৰটোৰ ওচৰলৈ নি ষ্টেপানে ক'লে।
মলেঁয়াই পানীখিনিলৈ
চালে। পাত্ৰটোত জীয়ন দি ৰখা মাছটো লাহেকৈ ঠোঁটটোৰে ঠেলি ইফালৰ পৰা সিফাললৈ নিলে।
ষ্টেপানে তাইৰ কাণ্ড নিৰৱে চাই ৰ'ল। তেওঁ বুজিলে— মাছটো খোৱাৰ মতলব নাই মলেঁয়াৰ।
: তই তাৰমানে
সঁচাকৈয়ে মাছটো নাখাৱ!
মলেঁয়া নিৰৱ। এই
নিৰৱতাৰেই তাই হয়তো বুজাই দিছে— মাছটো তাই নাখায়। মাছটো তাইৰ ভাল লাগিছে! আচৰিত
হয় ষ্টেপান। চিকাৰী যে চিকাৰৰ বন্ধু হ'ব পাৰে সেয়া মলেঁয়াই যেন বুজাই দিছে।
চৰাই আৰু মাছৰ
বন্ধুত্ব অবাস্তৱ যেন লাগিলেও চিকাৰ আৰু চিকাৰীৰ মাজত বন্ধুত্ব গঢ়ি উঠাৰ বহু সঁচা
ঘটনাৰ কথা ষ্টেপানে জানে। এবাৰ তেওঁ Novi list-অত এনে এটা ঘটনাৰ বিষয়ে পঢ়িবলৈ
পাইছিল। ঘটনাটো আছিল ভাৰতৰ। ষ্টেপানৰ এতিয়া ফটফটীয়াকৈ মনত আছে Times of Indiaত
প্ৰকাশিত বাতৰিটো Novi list-অত অনুবাদ কৰি প্ৰকাশ পোৱাৰ বিষয়ে সবিশেষ। কাহিনীটো
তেওঁ বেলেগকো কৈছে বহুবাৰ।
ভাৰতৰ গুজৰাটৰ এখন
দুৰ্গম গাঁৱত এজন গৃহস্থৰ এহাল বলধ আৰু এজনী গাইগৰু আছিল। হঠাৎ এদিন গৃহস্থই লক্ষ্য
কৰিলে যে ৰাতি এটা নাহৰফুটুকীৰ আবিৰ্ভাৱ হৈছে। ভয়তে তেওঁ পৰিয়ালৰ সৈতে ভিতৰতে
সোমাই থাকিল। তেওঁ ভাবিলে— আজি তেওঁৰ গৰু আজি নাহৰফুটুকীৰ খাদ্য হ'ব! কিন্তু তেওঁ
সৰু খিৰিকিখনেৰে বাহিৰলৈ চাই দেখিলে— বলদহাল আৰু আৰু গৰুজনীয়ে জঁপিওৱা নাই বা
চিঞৰ-বাখৰো কৰা নাই। বৰঞ্চ শান্ত হৈহে আছে। ইয়াৰ পাছত তেওঁ যিটো দৃশ্য দেখিলে,
সেয়া আছিল অভূতপূৰ্ব।
নাহৰফুটুকীটো পোনে
পোনে গৰুজনীৰ ওচৰলৈ গ’ল। গৰুজনীয়েও বাঘটোক লাহেকৈ ‘হাম্বা’ বুলি কৈ যেন সম্ভাষণ
জনালে! তাৰ পাছত নাহৰফুটুকীটো গাইজনীৰ ওচৰত বহু সময় বহি থাকিল। যেন দুয়োটা
সমগোত্ৰীয়! এনেদৰেই আৰম্ভ হ'ল সিহঁতৰ বন্ধুত্ব! চিকাৰ আৰু চিকাৰীৰ আশ্চৰ্যকৰ
বন্ধুত্ব। নাহৰফুটুকী আৰু গাইজনীৰ সহাৱস্থানে গৃহস্থক আচৰিত কৰি তুলিলে। তেতিয়াৰ
পৰা প্ৰতি নিশা নাহৰফুটুকীটোৱে বন্ধুক লগ কৰিবলৈ আহিবলৈ ধৰিলে। সিহঁতে যথেষ্ট সময়
একেলগে কটায়। ৰাতিপুৱা হোৱাৰ আগতেই নাহৰফুটুকীটো বন্ধুক এৰি যায়গৈ।
গৃহস্থই জনোৱা মতে,
প্ৰতি নিশা ৯ বজাৰ পৰা ১১ বজাৰ ভিতৰত নাহৰফুটুকীটো গাইজনীৰ ওচৰলৈ আহিছিল। তাৰ খোজত
কোনো ধৰণৰ আক্ৰমণাত্মক লক্ষণ দেখা নগৈছিল। গতিকে গৃহস্থৰো বাঘটোৰ প্ৰতি কোনো
নেতিবাচক চিন্তা মনলৈ অহা নাছিল। কেতিয়াও বাঘটোক মাৰি পেলোৱা বা ফান্দত পেলোৱাৰ
কথা ভবা নাছিল।
প্ৰায় এমাহ
নিয়মীয়াকৈ অহাৰ পিছত বাঘটো এমাহমান আহিবলৈ এৰি দিছিল যদিও পাছত আকৌ আহিবলৈ
ধৰিলে। কিন্তু এনেদৰে আহি থকা বাঘটো পৰৱৰ্তী সময়ত পুনৰ গাইজনীৰ ওচৰলৈ অহা দেখা
নগ'ল। জন্তুটোৰ মৃত্যু হ’ল নে দূৰৰ হাবিলৈ গুচি গ’ল কোনেও নাজানিলে।
নাহৰফুটুকীটো আৰু
গাইজনীৰ এই বন্ধুত্বক লৈ বহু উৰাবাতৰি আৰু কল্পনাৰো সৃষ্টি হৈছিল। বহুতে ক'বলৈ
লৈছিল যে বাঘটোৱে পোৱালি অৱস্থাতে নিজৰ মাকক হেৰুৱাইছিল। সেয়ে গাইজনীক দিনৰ ভাগত
মেলি থোৱা অৱস্থাত গাখীৰ খাই জীৱন নিৰ্বাহ কৰিছিল। সেইবাবেই গাইজনীৰ প্ৰতি তাৰ
মমতা জাগিছিল। এই গুজবটো কিন্তু সঁচা নাছিল। সেই সময়ত Times of India-অক দিয়া এক
সাক্ষাৎকাৰত পৰিৱেশবিদ এইচ চি সিঙে কৈছিল— '‘হয়তো, বাঘটো স্থানীয় বাঘ আছিল। এই
কিশোৰ নাহৰফুটুকীটোৰ গাত বনৰীয়া নাহৰফুটুকীৰ স্বভাৱ কিছু কম আছিল। গৰু, ছাগলী আদি
পোহনীয়া জীৱ-জন্তু সদায় খেতিপথাৰত দেখি অভ্যস্ত হোৱা বাবেই হয়তো তাৰ এই
পোহনীয়া জন্তুবোৰ চিকাৰ কৰাৰ প্ৰবৃত্তি গঢ় লৈ উঠা নাছিল।"
মলেঁয়াই মাছটো
নোখোৱা বাবে ষ্টেপানৰ মনলৈ আহিল নাহৰফুটুকী আৰু গাইগৰুৰ এই সঁচা কাহিনীটো। তেওঁ
ভাবিলে— প্ৰকৃতি জগতখন সঁচাকৈয়ে বিস্ময়কৰ। সঁচাকৈয়ে মানুহৰ সমাজতকৈ বহু ওপৰত!
মানুহৰ স্বাৰ্থৰ বিপৰীতে প্ৰকৃতি ৰাজ্যত বিৰাজ কৰে সহাৱস্থানৰ নীতি। মন কৰিলে
একেদিনাই দহটা হৰিণ বধিব পৰা বাঘে সেয়ে প্ৰয়োজনতহে চিকাৰ কৰে। অৰণ্যত দুৰ্বলীৰ
ওপৰত সুযোগ পালেই বলশালীৰ দমন নচলে। সেইবাবেই বৰ্তি আছে অৰণ্যৰ অন্তেষপুৰত
প্ৰকৃতিৰ অমলতা; জীৱকুলৰ কোমলতা!
হঠাৎ টেলিফোনটো বাজি
উঠিল। মলেঁয়াৰ ওচৰৰ পৰা দুৰ্বল খোজেৰে ষ্টেপান টেলিফোনটোৰ ওচৰলৈ আহিল। ৰিচিভাৰটো
তুলি লৈ তেওঁ ক'লে— "হেল্ল'..."।
: হেল্ল'...!— সিপাৰত
চিনাকি কণ্ঠস্বৰ।
: ...।— মাতটো যেন
ওলাব বিচৰা নাই ষ্টেপানৰ! কিবা এটাই যেন সোপা মাৰি ধৰিছে!
: ভালে আছানে দেউতা!—
পুনৰ ভাহি আহিল চিনাকি মাতটো। সেয়া ষ্টেপানৰ বৰপুত্ৰৰ কণ্ঠ।
: আছোঁ...!— সৰুকৈ
মাতটো ওলাল ষ্টেপানৰ।
: তোমাক বৰ দুৰ্বল
যেন লাগিছে। অসুখত ভুগি আছা?
পুতেকৰ প্ৰশ্নটোৰ কোনো
উত্তৰ নিদিলে ষ্টেপানে। তেওঁ ওলোটাই ক'লে— "তোমালোকৰ খবৰ ঠিকেই আছে
বোধকৰোঁ!"
: আমি ভালে আছোঁ
দেউতা। অহা মাহত তোমাৰ ওচৰলৈ গৈ আছোঁ।— পুতেকৰ উৎহাসী মাত।
ষ্টেপানৰ সমস্ত
দুৰ্বলতা যেন নিমিষতে নোহোৱা হৈ গ'ল। তেওঁ যেন তিনিদিন পূৰ্বৰ সেই তজবজীয়া
মানুহজন হৈ উঠিল। হ'বৰ কথাই। সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা তেওঁৰ বৰপুত্ৰ আহিব পৰিয়ালৰ
সতে। ষ্টেপানৰ নিৰৱ ঘৰখন মুখৰিত হৈ উঠিব পো-বোৱাৰী আৰু নাতিৰ কথা-বতৰাৰে,
আনন্দ-ফূৰ্তিৰে। যদি তেওঁৰ পত্নীও থাকিলহেতেঁন এই আনন্দৰ ভাগ ল'বলৈ! আনন্দৰ মাজতে
হুমুনিয়াহ এটা সৰি পৰিল ষ্টেপানৰ বুকুৰপৰা।
পাঁচ মিনিটমান ইটো
সিটো কথা পাতি ফোনটো ৰাখিলে ষ্টেপানে। ভিতৰি ভিতৰি এক উৎসাহ অনুভৱ কৰিলে তেওঁ।
দুৰ্বল দেহলৈ যেন ঘূৰি আহিল হেৰাই যোৱা শকতি। অলপ হাউলি ওচৰতে থকা মলেঁয়াৰ
মূৰটোতে চুমা দিলে তেওঁ। মলেঁয়ায়ো চালে ষ্টেপানলৈ। গৰাকীৰ চকুত তাই দেখা পালে
আনন্দৰ প্ৰতিফলন।
বাহিৰলৈ ওলাই আহিল
ষ্টেপান। লগে লগে মলেঁয়াও আহিল। বাহিৰত এজাক ৰ'দ। ষ্টেপানৰ মনৰ ভিতৰতো আন এজাক
ৰ'দ। তেওঁ সিন্ধান্ত ল'লে— ঘৰটোত নতুনকৈ ৰং কৰাব লাগিব। খালী হৈ থকা বিছনাকেইখনলৈ
নতুন কাপোৰ-কানি গোটাব লাগিব। অৱশ্যে তাৰ আগতেই তেওঁ এটা একুৰিয়াম যোগাৰ কৰিব
লাগিব। মলেঁয়াই খাবলৈ অস্বীকাৰ কৰা মাছটোৰ বাবে একুৰিয়াম এটা বৰ দৰকাৰী হৈ
উঠিছে। একুৰিয়াম এটা যোগাৰ কৰাৰ কথা ভাবোঁতেই ষ্টেপানৰ বুকুৰ একুৰিয়ামত খলকনি
তুলিলেহি অপত্য স্নেহৰ চিৰন্তন মাছটোৱে। বাৰাণ্ডাৰ নিৰ্দিষ্ট স্থানত থকা তেওঁৰ
চকীখনত বহি কাষতে থিয় দি থকা মলেঁয়াৰ ডিঙিটো বুকুৰ মাজলৈ টানি আনিলে ষ্টেপানে।
(আগলৈ)