স্মৃতিৰেখা দেৱী
সেউজপুৰৰ বৰতলত বহুত দিনৰ মূৰত মহাৰাজ কেশৰীয়ে এখন সভা আহ্বান কৰিছে। খবৰটো পাই প্ৰজাসকল এক প্ৰকাৰ চিন্তাতে পৰিছে। ৰাজ্যখনত একো অথন্তৰ হোৱা নাইতো! নিৰ্দিষ্ট সময়তকৈ আগতেই বৰতলত উপস্থিত হোৱা বাটলুৱে ৰাইজ বহিবৰ বাবে জা-যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে।
যোৱা ডেৰ-দুই মাহতে ৰাজ্যখনলৈ অনেক পৰিৱৰ্তন আহিছে। কেইবাজনো নতুন প্ৰজাৰ আগমন ঘটিল সেউজপুৰলৈ। এহালি কপৌ, এহালি ময়ূৰ-ময়ূৰী, কেইবাটাও বান্দৰ, শহা, গাহৰি আদিৰে ৰাজ্যখন তেনেই ভৰি উঠিল। মহাৰাজ কেশৰীৰ ইচ্ছাত বাটলুৱেও লগৰী এজনী গোটাই ল’লে। এতিয়া পাঁচোটা সন্তানৰ সৈতে বাটলুৰ সুখৰ সংসাৰ।
: ‘‘এ চাব চাব।’’— পিছফালৰ পৰা বাটলুৱনীৰ মাতষাৰ শুনি ঘূৰি চাই বাটলুৱে সুধিলে৷
: ‘‘কি হ’লনো ইমানকৈ চিঞৰিবলৈ?’’
বৰতলৰ ইপিনে সিপিনে গোট খোৱা ৰাইজলৈ চাই বাটলুৱনীয়ে ক’লে,
: ‘‘ইমান ডাঙৰ পাতখিলা অকলে দাঙিবলৈনো কি হৈছে? ময়ো অকণমান ধৰি দিওঁ দিয়ক।’’ দুয়ো কঁঠালগুটিয়াই কঁঠালপাতখিলা দাঙি নি নিৰ্দিষ্ট ঠাইত পাৰি দিলেগৈ। সিহঁতৰ পাঁচোটা পোৱালি দৌৰ মাৰি গৈ আথে-বেথে পাতখিলাতে বহি ল’লেগৈ।
তেনেতে চট্চটী নামৰ শালিকীজনী হুৱাদুৱাকৈ আহি খবৰ দিলেহি— ‘‘অতিথিসকল আহি পশ্চিম সীমান্তইদি সেউজপুৰত প্ৰৱেশ কৰিছে। অলপ পৰৰ পাছতে আহি পাবহি।’’
তাই বাটলুক সুধিলে, ‘‘সকলো আয়োজন শেষ হ’লনে? মই মহাৰাজক খবৰ দিবগৈ লাগে...।’’
বাটলুৱে একো ক’বলৈকে নাপালে, চট্চটীয়ে উৰা মাৰিলেই।
ৰাইজৰ মাজত গুণগুণনি উঠিল, ‘‘কোন আহিছে? কোনোবাই কিবা খবৰ পাইছেনে? আগতীয়াকৈ খবৰ পালে বাটলুৱেহে পাব।’’ দুজনমানে বাটলুক সুধিলেহি। তেতিয়াহে সি মন কৰিলে, ‘‘অ, হয়তো। কোন অতিথি আহিছে, কিয় আহিছে, ক’ৰ পৰা আহিছে সেইবোৰ দেখোন ৰাইজে একো গমকে নাপায়। গতিকে তেওঁলোকে হুলস্থূল কৰিবই?’’
সি হুলস্থূল কৰি থকা ৰাইজখনক শান্ত কৰিবলৈ বুলি সি মহাৰাজৰ আসনৰ কাষতে থকা ওখ ঠাইকণত উঠি চিঞৰি চিঞৰি ক’বলৈ ধৰিলে,
: ‘‘ৰাইজ, ৰাইজ!’’
কোনেও তাৰ মিহি মাতটো শুনা নাই। কথাটো মন কৰি মিচিক নামৰ শহাটোৱে মলুৱা মেকানিকে সাজি উলিওৱা মাইকটো বাটলুক ঠিক কৰি দিলেহি। তেতিয়াহে তাৰ মাতষাৰ ৰাইজে শুনিবলৈ পালে—
: ‘‘শ্ৰদ্ধেয় ৰাইজ। আপোনালোক শান্ত হওক। মহাৰাজ কেশৰীয়ে নিশ্বয় এক মহান উদ্দেশ্য আগত ৰাখি আজি এই সভাখন আহ্বান কৰিছে। আমাৰ মংগল আৰু ভৱিষ্যতৰ প্ৰজাসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি তেখেতে দূৰ বিদেশৰ পৰা দুজন অতিথি নিমন্ত্ৰণ কৰি আনিছে। তেওঁলোক কিয় আহিছে, কি কথা, কি বতৰা আপোনালোকে অলপ সময়ৰ পাছতে গম পাব। এতিয়া মহাৰাজ আহি পাবৰ সময় হৈছে। গতিকে আপোনালোকে ধৈৰ্য ধৰি অপেক্ষা কৰক।’’
তেনে সময়তে দেখা গ’ল কেশৰী মহাৰাজে লগত মহামন্ত্ৰী বৃকোদৰ হাতী, প্ৰধান সেনাপতি বাঘ হিতৰাম আৰু সভাপণ্ডিত বগলীৰ সৈতে দুজন অতিথিক আগ বঢ়াই আনিছে। ছ্যুট-টাই পৰিহিত দুজন গুলপীয়া ৰঙৰ নিপোটল গাহৰি।
সকলোৰে মাজে মাজে অতিথিৰ সৈতে মহাৰাজ আগ বাঢ়ি গৈ নিৰ্দিষ্ট মঞ্চত উঠিলগৈ। বাটলুৱে মহাৰাজৰ নামত জয়ধবনি ঘোষণা কৰাৰ লগতে অতিথিৰ প্ৰতি আদৰণিসূচক ঘোষণা দিলে।
সেউজপুৰৰ সমস্ত প্ৰজাই বিদেশী অতিথিৰ খোজ-কাটল, সাজ-পাৰ, অংগী-ভংগী দেখি তধা লাগিল। ইমান সুন্দৰ, ইমান আকৰ্ষণীয় ! বগী নামৰ গাভৰু গাহৰিজনীয়েতো চকুৰ পচাৰ পেলাবলৈকে পাহৰি পেলালে।
: ‘‘মৰমৰ সেউজপুৰবাসী।’’— মহাৰাজ কেশৰীৰ মাত শুনি সকলো সন্ত্ৰস্ত হৈ শুনিবলৈ ধৰিলে— ‘‘আজি আমাৰ বাবে অতি সৌভাগ্যৰ দিন। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সুদূৰ ইংলেণ্ডৰ পশুপাম ৰপৰা এই দুজন অতিথি আহি সেউজপুৰত উপস্থিত হৈছেহি। সকলোৱে তেওঁলোকক আদৰণি জনাওক।’’
বান্দৰসকলে হাতচাপৰি বজালে। বাকী সকলো জন্তুৱে যেয়ে যেনেকৈ পাৰে শব্দ কৰি অতিথি দুজনক আদৰণী সম্ভাষণ জনালে। ময়ূৰ-ময়ূৰীয়ে আগ বাঢ়ি গৈ অতিথি দুজনক ফুল-পাতৰ মালা দুডাল পিন্ধাই দিলেগৈ।
: ‘‘এতিয়া আহিল চিনাকি পৰ্ব। এখেত, মোৰ সোঁকাষে ইংলেণ্ডৰ ‘জমিদাৰী পাম’-ক ‘পশুপাম’-লৈ পৰিৱৰ্তন ঘটোৱা বৰাগাহৰি, গুৰুগম্ভীৰ ব্যক্তিত্বৰ অধিকাৰী, নিজৰ মতত চলা, অত্যন্ত সাহসী ‘নেপোলিয়ন’-ৰ সুপুত্ৰ ‘জেপোলিন’।’ কেশৰীৰ কথা শেষ হোৱাৰ লগে লগে প্ৰজাসকলে প্ৰদৰ্শন কৰা উৎসাহৰ মাজতে অতিথি গাহৰিজনে বহাৰ পৰা উঠি সোঁফালৰ হাতোৰাখন দাঙি বিশেষ ভংগীত কৈ উঠিল, ‘‘হেল্ল’ এ’ভ্ৰিব’ডি।’’
এইবাৰ মহাৰাজে দ্বিতীয়জনক চিনাকি কৰালে— ‘‘এওঁৰ নাম ‘জেক’। ‘পশুপাম’-ৰ একালৰ প্ৰাণৱন্ত বাকপটু নেতা ‘স্ন’বল’-ৰ নাতিয়েক। এওঁ ককাদেউতাকৰ সমানেই প্ৰাণৱন্ত আৰু বাকপটু।’’
ৰাইজৰ মাজত আকৌ হাঁহি-স্ফূৰ্তিৰ শব্দ শুনা গ’ল। ‘জেকে’ও সকলোৰে প্ৰতি সৌহাৰ্দ্যসূচক ‘হাই এ’ভ্ৰিব’ডি’ বুলি কৈ সোঁহাতোৰাখন জোকাৰি দিলে।
মহাৰাজে পুনৰ আৰম্ভ কৰিলে, ‘‘আমি আটায়ে জানো যে বৰ্তমান যুগত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে শিক্ষা। শিক্ষাৰ মাহাত্ম্য কি কাকো নিশ্চয় বুজাই ক’ব নালাগে। মানুহ জাতিয়ে শিক্ষাৰ যোগেদিয়েই আকাশতো ঘৰ সাজিব পৰা হৈছে বুলি খবৰ পাইছোঁ। মানুহে শিক্ষাৰ যোগেদিয়েই নিজৰ জীৱন আনন্দদায়ক আৰু আৰামদায়ক কৰি তুলিছে। গতিকে আমিনো কিয় পিছ পৰি থাকিম? এই কথা চিন্তা কৰিয়েই মই মোৰ সুহৃদ বয়স্ক বন্ধুকেইজনৰ সৈতে আলোচনা কৰি সমগ্ৰ বিশ্বৰে বনভ্ৰমণ কৰিবলৈ ওলাই অহা ইংলেণ্ডৰ এই দুজন শিক্ষিত আৰু সাহসী ব্যক্তিক আমাৰ ৰাজ্যলৈ নিমন্ত্ৰণ কৰিলোঁ। মোৰ উদ্দেশ্য, আমাৰ ৰাজ্যৰ সকলোকে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তোলা। ইংলেণ্ডৰ ঘাইকৈ এনিমেল ফাৰ্মৰ প্ৰতিজন ব্যক্তিৰ দৰে সকলো দিশতে আমাৰ ৰাজ্যৰ প্ৰজাসকলো শিক্ষিত তথা পাৰদৰ্শী হোৱাটো মই বাঞ্ছা কৰোঁ। আমাৰ ভৱিষ্যৎ প্ৰজন্ম যাতে এনে বিজ্ঞান-প্ৰযুক্তিৰ যুগত কোনো বিপদত নপৰে, তাৰ বাবেই মোৰ এই প্ৰচেষ্টা। মোৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই এই দুজন ব্যক্তি আমাৰ ৰাজ্যত প্ৰৱেশ কৰাটোক মই আমাৰ সৌভাগ্য বুলি ভাবিছোঁ আৰু দুয়োকে পুনৰাই আদৰণি জনাই ধন্যবাদ জনাইছোঁ।’’
আটায়ে আকৌ পৰম উৎসাহ প্ৰকাশ কৰিলে।
: ‘‘কিন্তু মহাৰাজ। এইখিনিতে মোৰ কথা এষাৰ ক’বলগীয়া আছিল।’’— চেৰেলি নামৰ ছাগলীজনী বহা ঠাইতে থিয় হৈ মহাৰাজৰ ফালে চাই ৰ’ল। ৰজা কেশৰীৰ সন্মতি লাভ কৰি তাই ক’বলৈ ধৰিলে—
: ‘‘আমাৰ শিক্ষা-দীক্ষাৰ বাবে দেখোন বগলীপণ্ডিত আছেই। আমাৰ পো-পোৱালিহঁতক দেখোন তেওঁ শিক্ষা দিয়ে আছে। আকৌনো এইদুজন নতুন মাষ্টৰ কেলেই?’’
মহাৰাজ চেৰেলিৰ প্ৰশ্নত কিছু অস্বস্তিত পৰিল। বিদেশী অতিথি দুজনলৈ চাই তেওঁ বুজিলে যে তেওঁলোকে চেৰেলিৰ কথাৰ সাৰমৰ্ম একো বুজি পোৱা নাই। তেতিয়াহে তেওঁ কিছু সহজ হ’ল।
(অহা সংখ্যালৈ বাট চোৱা।)