(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)
প্ৰশান্ত মিশ্ৰ
(৪)
ধৰ্ম সম্বন্ধে ধাৰণা:
ধৰ্ম সন্দৰ্ভত অ’ত ত’ত বিক্ষিপ্তভাৱে নিজস্ব অভিমত প্ৰকাশ কৰিলেও, এই বিষয়ে দুখন পুথিও লিখি উলিয়াইছে শমাৰ্দেৱে৷ এখন ‘ধৰ্ম আৰু সমাজ’ (১৯৮০) আৰু আনখন ‘অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক’ (১৯৯৮) বিষয়ক৷ ব্ৰাহ্মণ পৰিয়ালত জন্মলাভ কৰা হেতুকে শশী শমাৰ্দেৱৰ শৈশৱৰ জগতখন তেখেতৰ ভাষাতেই পূজা-পাতল, যাগ-যজ্ঞ, অৰ্চনা- উপাসনা, ব্ৰত-উপবাস আদিৰ ঘিট্ঘিটনিৰ মাজত গঢ় লৈ উঠা৷ ‘ধৰ্ম আৰু সমাজ’-ৰ পাতনিতেই তেখেতে এই কথা উল্লেখ কৰিছে৷ কিন্তু পাছৰ জীৱনত মাৰ্ক্সবাদকেই জীৱনৰ পাথেয় হিচাপে গণ্য কৰা শৰ্মাদেৱে শৈশৱৰ জগতখন অতিক্ৰম কৰি ধৰ্মক নতুন দৃষ্টিকোণেৰে চাবলৈ শিকিলে৷ তেখেতে লিখিছে- “জগতত দেখা বা শুনা সকলো বস্তু মানুহৰ মূৰ আৰু হাতৰ সৃষ্টি৷ আনকি ঈশ্বৰ বা ভগৱান বোলা সত্তাটিও মানুহৰ উৰ্বৰ মস্তিষ্কৰেই উদ্ভাৱনা৷”
শৰ্মাদেৱে সৰল মনেৰে বিশ্বাস কৰিছিল - “যিদিনা জগতৰ পৰা শোষণ-নিষ্পেষণৰ লগে-লগে অজ্ঞতা আৰু দুৰ্বলতাও বিলোপ হ’ব, সিদিনা অৱশ্যেই ঈশ্বৰ বিশ্বাসো জগতৰ পৰা তিৰোহিত হ’ব৷”
শ্ৰেণীসমাজৰ সৃষ্টিৰ আগলৈ ধৰ্ম বুলিবলৈ একো নাছিল৷ সেইসময়ত উদ্বৃত্ত উৎপাদনো নাছিল৷ কিন্তু উৎপাদন সঁজুলিৰ উদ্ভৱ আৰু সিবোৰৰ ক্ৰমাগত বিকাশে একশ্ৰেণী উদ্বৃত্তজীৱীৰ জন্ম দিলে৷ শ্ৰেণীৰ আৱিৰ্ভাৱ হ’ল আৰু কালক্ৰমত সমাজৰ তলৰ শ্ৰেণীটোৱে নিজ অস্তিত্ব ৰক্ষাৰ কাৰণে অদৃশ্য শক্তিৰ ওচৰত মূৰ নত কৰিলে৷ “ধৰ্ম আৰু সমাজ”ত এই মতৰেই প্ৰতিফলন ঘটিছে৷ গ্ৰন্থখনত শমাৰ্দেৱে আগবঢ়োৱা ‘পুৰোহিত’, ‘যজ্ঞ’, ‘যৰ্জুবেদ’, ‘দুহিতা’, আদি শব্দৰ অৰ্থৰ বিশ্লেষণো মনকৰিবলগীয়া৷
ধৰ্মৰ উৎপত্তি, বিকাশ সম্পৰ্কে শশী শৰ্মাদেৱৰ সতে মতৰ অমিল থাকিলেও গ্ৰন্থখনত উল্লেখ কৰা কেতবোৰ মন্তব্যই যি কোনো প্ৰগতিশীল লোকৰে অন্তৰ চুই যাব৷ তেনে কেতবোৰ মন্তব্য হ’ল -
১ ৷ মংগলৰ কামনাত (এই)
কাল্পনিক স্বেচ্ছাচাৰী নিষ্ঠুৰ শক্তিৰ তৃপ্তিৰ অৰ্থে কত অমংগল, কত অশান্তিকৰ কৰ্মই যে নঘটিছে৷
২ ৷ ধৰ্মৰ নামত মানুহক পশুতকৈ হীন
কৰা হ’ল৷
৩ ৷ অধিক লাভ, অধিক মুনাফা, অধিক সুখ-সম্ভোগ আদি আকাংক্ষা
শ্ৰেণীবিভক্ত সমাজৰ অন্যতম মূল চৰিত্ৰ৷ এনেবোৰ আকাংক্ষাই ধৰ্মজগতত অনেক
কু-সংস্কাৰৰ সৃষ্টি কৰিছে৷
৪ ৷ ধৰ্মৰ মূল আদৰ্শ শ্ৰেণী
স্বাৰ্থ পূৰণ৷ ধৰ্মৰ নামত দুৰ্বল শ্ৰমিক শ্ৰেণীক অন্ধ কৰি ৰাখি অবাধ শোষণৰ পথ
মুকলি কৰি ৰখা এই ধৰ্মৰ লক্ষ্য৷
৫ ৷ ৰাষ্ট্ৰ বা
শাসনযন্ত্ৰৰ মূল লক্ষ্য হ’ল শাসনৰ নামত ৰাইজক শোষণ কৰি, মূৰ তুলি যতে ৰাইজে কোনো দিনেও একগোট হৈ থিয় দিব নোৱাৰে, তাৰ কাৰণে ছলে-বলে কৌশলে
আৱশ্যকীয় বিভাজন আৰু শাসন নীতিৰ প্ৰৱৰ্তন
কৰা৷ ৰাষ্ট্ৰ বা শাসনযন্ত্ৰৰ অবাধ শোষণত চিৰকাল সহায় কৰি আহিছে ধৰ্মই৷
অৱশেষত শৰ্মাদেৱ এই সিদ্ধান্তত উপনীত হৈছে : “হাজাৰ হাজাৰ বছৰ জুৰি যি ধৰ্মই কোটি-কোটি নৰ-নাৰীক নিযাৰ্তিত, অপমানিত, লাঞ্চিত আৰু বঞ্চিত কৰি আহিছে, সেই ধৰ্মক আজিৰ সংগ্ৰামী মানুহে বৰ্জন কৰা তেনেই স্বাভাৱিক৷” আজীৱন সংগ্ৰামী শৰ্মাদেৱে এনেকৈ কৈয়ে ক্ষান্ত থকা নাই৷ তাৰ প্ৰতিফলন ঘটাইছিল তেখেতৰ নিজৰ জীৱন কালতো৷ নিজে প্ৰগতিশীল মতাদৰ্শ গ্ৰহণ কৰি নিজৰ ল’-ছালি কেইটাক নিজস্ব পছন্দ অনুসৰি ভিন-ভিন ধৰ্ম-জনগোষ্ঠীৰ স’তে বৈবাহিক সম্বন্ধ স্থাপন কৰাইছিল৷ আমাৰ সমাজত আৰ্দশৰ এনে অনুশীলন বিৰল ঘটনা বুলিয়েই বিবেচিত হৈছে৷ কিন্তু আৰ্দশৰ অনুশীলন কৰি শমাৰ্দেৱ দৰাচলতেই ‘মানুহ’ ৰ পযাৰ্য়লৈ উঠি গৈছে৷ ‘ক্ষুদ্ৰত্ব’ ৰ পৰা ‘বৃহৎ’ লৈ যোৱাৰ ই এক মহৎ প্ৰয়াস!
জ্যেতিষ শাস্ত্ৰৰ বিষয়েও শমাৰ্দেৱে কঠোৰ মন্তব্য কৰিছে৷ শৰ্মাদেৱে লিখিছে, “জ্যোতিষক বিজ্ঞান বোলা হয়৷ কিন্তু গ্ৰহ-শান্তি, গ্ৰহ-যজ্ঞ, গ্ৰহ-কবচৰ ব্যৱস্থা দিয়া জ্যোতিষক কোনে বিজ্ঞানৰ শাৰীত ধৰিব?” শশী শমাৰ্দেৱে দৃঢ়ভাৱে মত প্ৰকাশ কৰিছে যে এনেবোৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ মূলতে প্ৰধানতঃ দুটা শক্তিয়ে কাম কৰে - (১) কামনা-বাসনা পূৰণৰ আকাংক্ষা আৰু (২) অজ্ঞতা বা অজান ভয় বা বিপদৰ পৰা মুক্তি৷
ধৰ্ম সম্বন্ধীয় শশী শৰ্মাদেৱৰ আনখন গ্ৰন্থ হ’ল- ‘অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক’৷ গ্ৰন্থখন সুলিখিত৷ দহটা অধ্যায়ত বিভক্ত গ্ৰন্থখনত অসমৰ হিন্দু-মুছলমানৰ সমন্বয়ৰ বিষয়ে শমাৰ্দেৱে এইদৰে লিখিছে -
‘‘অসমৰ হিন্দু-মুছলমানৰ সমন্বয়- সম্প্ৰতিৰ মূলত আছিল অসমৰ কিৰাত-মংগোল গোষ্ঠীকে ধৰি ভিন-ভিন গোষ্ঠীৰ অসমবাসী- অসমীয়াসকলৰ সবল স্বাধীনতাবোধ, উদাৰ মানসিকতা আৰু সাংস্কৃতিক চেতনা৷ যিবোৰে তেওঁলোকক কৰি তুলিছিল আত্মপ্ৰত্যয়ী বা আত্মবিশ্বাসী৷ সেইকাৰণে সকলো প্ৰকাৰৰ সংকীৰ্ণতাবোধৰ পৰাও তেওঁলোক আছিল মুক্ত৷ মুছলমানৰ সংস্পৰ্শ বা সান্নিধ্যত অপবিত্ৰ, বিজতৰীয়া বা দুৰ্বল হৈ পৰাৰ আশংকাও তেওঁলোকৰ মনে-চিতে নাছিল৷ সেয়েহে বহিৰাগত মুছলমানসকলোকো তেওঁলোকৰ মাজলৈ আদৰি নিব পাৰিছিল; মেলত ঠাই দিছিল, দায়িত্বপূৰ্ণ বিষয়বাব দিছিল আৰু সম্পূৰ্ণ অসমীয়া ৰূপে গঢ়ি তুলিবলৈও হৈছিল সমৰ্থ৷ সিয়ে কেৱল অসমত অসমীয়া মানুহৰ সংখ্যাই বৃদ্ধি কৰা নাছিল, গুণগতভাৱেও সমৃদ্ধি বা উত্তৰোত্তৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতো দৃঢ়তাৰে পদক্ষেপ দিবলৈ সমৰ্থ হৈছিল৷” কিন্তু সমন্বয়ৰ এই প্ৰক্ৰিয়াত ‘সাম্ৰাজ্যবাদী ব্ৰিটিছৰাজেই বিষ ঢালি গ’ল’ বুলি শৰ্মাদেৱে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে! শশী শমাৰ্দেৱে ধৰ্ম-সম্প্ৰদায়কে ধৰি সকলো স্তৰৰ শ্ৰেণীলোপ কৰি সাম্যৰ ভেটিত নতুন সমাজ গঢ়াৰ সপোন দেখিছিল৷ সেয়েহে তেখেতে লিখিছে -“সকলোস্তৰৰ শ্ৰেণীসমাজৰ বিলুপ্ত সাধনৰ লগে-লগে হিংসা, ঘৃণাহীন, শান্তি-সম্প্ৰীতিময় নতুন সমাজৰ পূবেৰুণে দেখা দিব৷” তাৰবাবে তেখেতে বাম আৰু গণতান্ত্ৰিক শক্তিক দুৰ্ভেদ্য ৰাজনৈতিক সংগঠন গঢ়ি তুলি ৰাজনৈতিক ক্ষমতা দখল কৰি সমাজৰ ৰূপান্তৰ সাধন কৰিবলৈ আহ্বান জনাইছিল৷ হিন্দু-মুছলমানৰ সাংস্কৃতিক ভবিষ্যত সন্দৰ্ভত শশী শমাৰ্দেৱে আশা ৰাখিছিল যাতে উভয় সম্প্ৰদায়ৰ লোকসকলে বিবেকৰ পোহৰত মনুষ্যত্ববোধক সমুজ্জ্বল কৰি তুলি শুদ্ধ গণতান্ত্ৰিক সংস্কৃতি গঢ়ি অসম তথা ভাৰতত শান্তিপূৰ্ণ সহাৱস্থানৰ পথ মুকলি কৰে৷ তেখেতে ইয়াৰ বাবে আমাৰ শিক্ষাব্যৱস্থাই মানুহক শ্ৰেণীপ্ৰভু হিচাপে গঢ়ি তোলাতকৈ শ্ৰেণীহীন, বিভেদহীন জীৱন গঢ়িবলৈ শিকোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে৷ তেখেতে লিখিছিল - “আমাৰ শিক্ষাব্যৱস্থাক এনে যথাৰ্থ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ সহ-অৱস্থানৰ অভিমুখীকৈ গঢ়ি তুলিব নোৱাৰি মানে, সমাজৰ নতুন ভবিষ্যৎ ঘন ঘটাচ্ছন্ন হ’বলৈ বাধ্য৷”
সমগ্ৰ জীৱন জুৰি শৰ্মাদেৱে ধৰ্মৰ সহিষ্ণুতাৰ ওপৰত গুৰুত্ব দিছিল৷ ‘ধৰ্মই শোষণৰ পথ মুকলি কৰে’ অথবা ‘সুন্দৰ সমাজ গঢ়িবলৈ ধৰ্মৰ প্ৰয়োজন নাই’ বুলি দৃঢ়বিশ্বাসী শমাৰ্দেৱে সমাজৰ উন্নয়নৰ স্বাৰ্থতে, দৰিদ্ৰ জনসাধাৰণৰ মংগলৰ বাবেই ধম¹য় উদাৰতাৰ পোষকতা কৰিছিল৷ ‘অসমৰ হিন্দু -মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক’ শীৰ্ষক গ্ৰন্থ ৰচনাৰ ঘাই উদ্দেশ্যও অসমৰ এই দুই প্ৰধান ধৰ্মালম্বী মানুহৰ মাজত সমন্বয় সাধন কৰা আৰু তাৰ যোগেদি সমৃদ্ধিশালী শান্তিপূৰ্ণ অসম গঢ়া৷ কথা আৰু কামৰ সংগতিত দৃঢ়বিশ্বাসী শমাৰ্দেৱৰ নিজৰ জীৱনতে আমি তাৰ নিদৰ্শন বিচাৰি পাওঁ৷ ইয়াতকৈ আৰু এজন মানুহে সমাজলৈ কি ‘বাণী’ প্ৰেৰণ কৰিব?
(৫)
সাহিত্য-সংস্কৃতিৰ বিৱৰ্তন
সম্পৰ্কে অভিমত :
উদ্দেশ্যধৰ্মিতা শশী শৰ্মাদেৱৰ ৰচনাৱলীৰ অন্যতম প্ৰধান বৈশিষ্ট্য৷ শৰ্মাদেৱৰ লেখক-জীৱন সুন্দৰ সমাজ গঢ়াৰ আদৰ্শৰে গঢ় লৈ উঠা৷ সেই সমাজ শ্ৰেণীহীন, শোষণহীন, জাতি, ধৰ্ম-বৰ্ণহীন৷ সমাজতান্ত্ৰিক সমাজ গঢ়িবলৈ বিচৰা শমাৰ্দেৱে সকলো মানুহকে ভালপায় আৰু মানুহৰ কল্যাণ কামনাই তেখেতৰ লেখনিৰ কেন্দ্ৰীয় সুৰ৷ সেয়েহে, সাহিত্যত তেখেতে বাস্তৱতাক ফুটাই তোলাতো বিচাৰে৷ সাম্যবাদী চেতনা শমাৰ্দেৱৰ মতে কেৱল এটা চেতনাই নহয়, সি এক জীৱন প্ৰৱাহ৷ কেতবোৰ লেখকৰ বাবে সাম্যবাদী চেতনা এটা ‘চোলা’ হে মাথোন হৈ থকাত শমাৰ্দেৱে সেইসকল লেখকক কঠোৰ ভাৱে সমালোচনা কৰিছিল৷ তেখেতৰ মতে -“জীৱন প্ৰবাহ আৰু সৃষ্টিৰ চেতনা এক আৰু অভিন্ন ৰূপে প্ৰতিপন্ন নহয় মানে, দেশৰ ব্যাপক জনগণক সাম্যৰ প্ৰতি আকৃষ্ট কৰা অসম্ভৱ৷ সাম্যবাদীৰ সাহিত্য কৃতিৰ মূল লক্ষ্য জীৱনক সুখী, সমৃদ্ধিশালী আৰু আনন্দমুখৰ কৰি তোলা৷ কিন্তু এই জীৱন একমাত্ৰ ব্যক্তি বা পাৰিবাৰিক জীৱনেই নহয়, এই জীৱন মহাজীৱন, মহাজাগতিক জীৱনো৷” শমাৰ্দেৱে স্পষ্ট ভাষাত লিখিছিল - “যাৰ চিত্তত বিপ্লৱৰ জুই জ্বলি উঠিছে সিয়েই কেৱল সাহিত্যকে ধৰি কলাকৃতিৰ মাজেৰেই নহয়, জীৱন-প্ৰৱাহৰ মাজেদিও সংগ্ৰামৰত হয় শ্ৰেণীহীন, বিভেদ-বিচ্ছিন্নতাহীন এখন নতুন পৃথিৱী গঢ়িবলৈ, যিখন পৃথিৱী হ’ব সমাজতান্ত্ৰিক বাস্তৱবাদীৰ দ্বাৰা আকাংক্ষিত এটা সুখী পৰিয়ালস্বৰূপ৷ যাৰ চিত্তত এই চেতনা দহ-দহীয়াকৈ জ্বলি উঠা নাই, সমগ্ৰ পৃথিৱীক এটা যথাৰ্থ সুখী পৰিয়ালৰূপে গঢ়ি তোলাৰ অৰ্থে জীৱন আৰু সৃষ্টিৰ মাজেদি প্ৰযত্নৱান হোৱা নাইচ সেইসকলৰ মানত সমাজতন্ত্ৰ-সাম্যবাদ এটা চোলা হৈয়ে থাকে৷” অন্য সাম্যবাদী বহুতো সাহিত্যিকৰ স’তে শৰ্মাদেৱৰ পাৰ্থক্য এইখিনিতেই৷ শমাৰ্দেৱৰ জীৱন আৰু সৃষ্টি অভিন্ন৷ তেখেতে যি আদৰ্শ সমাজ গঢ়াৰ বাবে সৃষ্টিত ব্ৰতী হৈছিল, নিজৰ জীৱনতো তাৰ প্ৰতিফলন ঘটাইছিল৷ শমাৰ্দেৱৰ ‘প্ৰগতি’ ৰ সংজ্ঞাও চিন্তা উদ্ৰেককাৰী৷ তেখেতৰ মতে, “প্ৰগতিৰ মূল লক্ষ্য মুক্তি, মানৱীয় মুক্তি সংস্কাৰৰ সকলো প্ৰকাৰৰ শিকলিৰ বান্ধোনৰ পৰা মুক্তি আৰু মনুষ্যত্বৰ সকলোপ্ৰকাৰৰ গ্লানিৰ পৰা মুক্তিচ এই মুক্তি সুস্থ জীৱন ধাৰণৰ কাৰণে সকলো প্ৰকাৰৰ বাধাৰ পৰা মুক্তি৷” সেইকাৰণেই তেখেতে অৰ্থনৈতিক বৈষম্য দূৰ হোৱাটো কামনা কৰিছিল আৰু সাহিত্যৰ মাজত সেই সত্য উদ্ভাষিত হৈ উঠাতো বিচাৰিছিল৷ অসমীয়া, ভাৰতীয় তথা বিশ্ব-সাহিত্যতো সেয়েহে তেখেতে সমাজতান্ত্ৰিক বাস্তৱতাৰ প্ৰকাশ বিচাৰিছিল৷ যি লেখক ভবিষ্যতমুখী আৰু বাস্তৱবাদী, সেইলেখকক তেওঁ সদায় উচ্ছ আসন দিছিল৷ তেখেতৰ সমালোচনা সাহিত্যসমূহত আমি এই কথা প্ৰত্যক্ষ কৰোঁ৷ আনকি পৌৰাণিক সাহিত্যৰ বিশ্লেষণতো তেখেতে লৌকিকতাৰেই বিচাৰ কৰিছে৷ মাধৱকন্দলিৰ ‘ৰামায়ণ’, ‘কথাগুৰু চৰিত’ (এটি সমীক্ষা) আদি গ্ৰন্থৰো শৰ্মাদেৱে মাক্সৰ্বাদী বিশ্লেষণ আগবঢ়াইছে৷ তেখেতৰ এই বিজ্ঞানসন্মত বিশ্লেষণে এই পৌৰাণিক গ্ৰন্থসমূহৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিছে৷ মুঠতে, শমাৰ্দেৱৰ স্পষ্ট অভিমত হ’ল - “সাহিত্য মানেই হ’ল সামাজিক চিন্তা-চেতনা, ভাৱ-অনুভূতিৰ ধাৰক আৰু বাহকস্বৰূপ৷ বস্তু বা বাস্তৱক প্ৰাধান্য দি ৰচনা কৰা সাহিত্য মানেই এই সত্য অনুভৱ কৰাত সহায় কৰে৷”
শমাৰ্দেৱৰ কাপৰ পৰা ওলোৱা ‘সাহিত্যত বিৱৰ্তন’ (১৯৮৪), ‘সাহিত্যত বাস্তৱৰ স্বপ্ন’ (১৯৮৭), ‘সাহিত্য আৰু সংস্কৃতি’ (১৯৯৭) আদি উল্লেখযোগ্য গ্ৰন্থৰো কেন্দ্ৰীয় ভাৱনা হ’ল সাহিত্যত বাস্তৱতাৰ সন্ধান, সমাজতান্ত্ৰিক সমাজ গঢ়াৰ সপোন৷
‘সংস্কৃতিৰ বিৱৰ্তন’ (১৯৮১) নামৰ অকণমানি গ্ৰন্থখনত সংস্কৃতি সন্দৰ্ভত শমাৰ্দেৱে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে৷ পুথিখনত আদিম সমাজৰ পৰা মানুহৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনৰ যি ক্ৰমবিৰ্ৱতন ঘটিছে তাৰ সঠিক বৰ্ণনাই মানুহৰ সংস্কৃতিৰ ইতিহাস বুলি মতপ্ৰকাশ কৰিছে৷ তেওঁৰ মতে জীৱনধাৰা বা জীৱনযাত্ৰাৰ পদ্ধতিয়ে সংস্কৃতি আৰু ই এক ব্যাপক অৰ্থৰ ধাৰক আৰু বাহক৷ তেখেতে লিখিছে - “আদিম জীৱন আছিল ভ্ৰাম্যমান জীৱন, ইঠাইৰ পৰা সিঠাইলৈ, ই প্ৰান্তৰ পৰা সি প্ৰান্তলৈ জীৱনৰ ন-ন সুযোগ সুবিধাৰ আকাংক্ষাত মানুহৰ প্ৰব্ৰজন ঘটিছিল আৰু প্ৰব্ৰজনে ঘটাইছিল সাংস্কৃতিক সমন্বয়৷” শমাৰ্দেৱৰ মতে শ্ৰেণীসমাজ আৰম্ভৰ লগে-লগে উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ ৰূপান্তৰ ঘটাৰ লগে-লগে সমাজলৈ বিচ্ছিন্নতা আৰু বিভিন্নতা নামি আহিল৷ আদিম মানৱৰ গণসংস্কৃতি অপসংস্কৃতিলৈ পৰিৱৰ্তিত হ’ল৷ গ্ৰন্থখনত লেখক শমাৰ্দেৱে বুজোৰ্ৱা শ্ৰেণীকেই পুঁজিবাদী সমাজত সৃষ্ট অপসংস্কৃতিৰ হোতা বুলিছে৷ ভাৰতৰ সংস্কৃতিক অৱক্ষয় দেখিও শমাৰ্দেৱ মৰ্মাহত হৈ পৰিছিল৷ মাক্সৰ্বাদৰ ‘বিচ্ছিন্নতা’ সমস্যাৰ উল্লেখ কৰি শ্ৰমৰ বিভাজন অৰ্থাৎ ব্যক্তিগত সম্পত্তিৰ অস্তিত্বই সৃষ্টি কৰা অপহৰণ প্ৰক্ৰিয়াৰ ফলত কিদৰে বিচ্ছিন্নতাবোধ উদয় হয় তাৰ ঐতিহাসিক ব্যাখ্যা আগবঢ়াইছিল৷ তেখেতে সুদৃঢ় মত প্ৰকাশ কৰিছিল যে সমষ্টিবোধৰ চেতনাইহে বিছিন্নতা আৰু তাৰ পৰা উদ্ভৱ হোৱা অপসংস্কৃতিৰ উচ্ছেদ সাধিব পাৰে৷ ভবিষ্যত সমাজৰ সংস্কৃতিৰ বিষয়ে ক’বলৈ গৈ শমাৰ্দেৱে লিখিছিল - “নতুন দিনৰ ন সমাজতান্ত্ৰিক সংস্কৃতি গঢ়িবলৈ হ’লে আমি বিজতৰীয়া হ’ব নেলাগে আৰু আমাৰ নিজস্ব বৈশিষ্ট্যও পৰিহাৰ কৰাৰ প্ৰশ্ন নুঠে; লাগে কেৱল সমন্বয় সাধনৰ কাৰণে মন৷” জ্যোতিপ্ৰসাদৰ মতৰ প্ৰতিধবনী কৰি শশী শমাৰ্দেৱেও নিজস্ব বৈশিষ্ট্যৰ ভেটিত আমাৰ সংস্কৃতিক বিশ্বমুখী কৰি তোলাত গুৰুত্ব দিছিল৷ তেখেতৰ মতে বিশ্বসমাজতন্ত্ৰ প্ৰতিষ্ঠা হ’লেহে বিশ্বজনীন, মংগলময় সংস্কৃতি গঢ় লৈ উঠিব৷
(ক্ৰমশঃ)