অন্যযুগ/


জীৱনৰ ভৰশূন্যতাৰ বেদনা : ননী বৰপূজাৰীৰ শিল্পকৰ্মৰ মাজত আনন্দৰ সন্ধান

 প্ৰশান্ত মিশ্ৰ


    জীৱনৰ ভৰশূন্যতাৰ অসহনীয় বেদনাৰ অন্ধকাৰৰ মাজত হয়তো কলাই আমাৰ বাবে কঢ়িয়াই আনে আনন্দৰ এচেৰেঙা ৰ'দ!কবিয়ে অৱশ্যে কয়- "কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব/ সহজ হ'ব মোৰ কাতৰ উশাহ (হীৰেন ভট্টাচাৰ্য)!"কিন্তু তেওঁৰ কাব্য পাঠেই আমাৰ নিৰানন্দ মনত আনন্দৰ জোৱাৰ তোলে! কাৰণ তেওঁৰ কবিতাৰ মাজত ব্যক্তিগত দুখ সামাজিক দুখলৈ পৰিৱৰ্তিত হয়! ফলত পাঠকে তেওঁৰ পাঠত নিজক বিচাৰি পাই অনিৰ্বচনীয় সুখ অনুভৱ কৰে! সংগীতজ্ঞ বে'থ'ফে'নৰ জীৱনলৈ নামি অহা শাৰীৰিক দুৰ্যোগৰ ভিত্তিত লিখা  প্ৰখ্যাত গল্প "বে'থ'ফে'ন"তো সৌৰভ কুমাৰ চলিহাই দুখৰ মাজতো বে'থ'ফে'নৰ সাংগিতিক সৃষ্টিত আনন্দৰ ব্যগ্ৰ অণ্বেষণ মন কৰিছিল! বে'থ'ফে'নে তেওঁৰ সংগীতৰ মাজেৰে যেন সুখৰ সন্ধান কৰিছিল!

   কলাকাৰৰ জীৱনতো দুখ থাকে; কিন্তু তেওঁ তাৰ মাজতে জীৱনৰ জয়গান গায়; মানুহক আনন্দ প্ৰদান কৰে ।নিজৰ জীৱনৰ দুখক তেওঁ কলালৈ ৰূপান্তৰ কৰে; সেই কলাৰ ৰসাস্বাদন কৰি সাধাৰণ মানুহে জীৱনৰ অৰ্থহীনতাৰ মাজতো অৰ্থৰ সন্ধান কৰে; জীৱন যুঁজত যুঁজিবলৈ প্ৰেৰণা লাভ কৰে। এজন লিখক বা শিল্পীয়ে নিজৰ জীৱনৰ আৱেগক সন্তুলিত কৰি যেতিয়াই সাধনাত মগ্ন হয়, তেওঁৰ লেখা বা শিল্পকৰ্মই উৎকৰ্ষৰ ফালে ধাৱমান হয়।

    সমকালীন ভাৰতবৰ্ষৰ এজন উল্লেখযোগ্য চিত্ৰশিল্পী ননী বৰপূজাৰীৰ একক চিত্ৰ প্ৰদৰ্শনী চোৱাৰ সৌভাগ্য ঘটিল। এই সময়ছোৱাত কাকতালীয়ভাৱে গৃহচহৰত উপস্থিত থকাৰ বাবে! অপূৰ্ব অভিজ্ঞতা!বিচিত্ৰ মানৱ মনৰ অভিব্যক্তি, তীব্ৰ ৰাজনৈতিক ব্যংগ, ভৱিষ্য দৃষ্টি আৰু লোককথা আধাৰিত বহুমাত্ৰিক ছবিবোৰ অৰ্থৱহ আৰু দৰ্শন সমৃদ্ধ। বৰপূজাৰীৰ শিল্পকৰ্মই আমাক অন্য এখন জগতৰ মুখামুখি কৰায় : আমি আমাৰ মুখাৱয়বৰ মাজতে আন এজনক দেখোঁ; ক্ষমতাৰ বাবে আমি দৌৰি ফুৰোঁ; জীৱনৰ লজ্জা অথবা পংকিলতাত নিমজ্জিত হৈ আমাৰ মুখৰ ৰং সলনি হয়; আৰু তাৰ মাজতে আমি দুখৰ বাঁহী বজাই  পোহৰ বিচাৰোঁ! ননী বৰপূজাৰী এগৰাকী সুবিশাল সৃষ্টিশীল মনৰ শিল্পী। আমাৰ অল্প শিক্ষিত শিল্পজ্ঞানে সেই জগত ঢুকি নাপায়। কিন্তু তেওঁৰ শিল্পকৰ্ম দৰ্শনে আমাৰ সন্তাপিত মনত এক অনাবিল আনন্দ অনুভূতিৰ জন্ম দিয়ে; আমি ৰসাপ্লুত হৈ জীয়াই থকাৰ সাৰ্থকতা উপলব্ধি কৰোঁ ! ননী বৰপূজাৰীও অসুস্থ! কিন্তু তেওঁ সৃষ্টিৰ মাজেৰে জীৱন আৰু জগতৰ ভিন্ন দিশ বিশ্লেষণ কৰি সুখী আৰু সুন্দৰ মানৱ জীৱনৰেই সন্ধান কৰিছে!তেওঁৰ শাৰীৰিক কষ্ট সৃষ্টিৰ তাড়নাত নগণ্য হৈ পৰিছে! দুখক তেওঁ পৰাস্ত কৰিছে! তাতেই তেওঁৰ শিল্পকৰ্মৰ সাৰ্থকতা! আৰু সেয়াই তেওঁক অমৰত্ব প্ৰদান কৰিব!


ননী বৰপূজাৰীকেইখনমান ছবি:










  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ