অন্যযুগ/
আমাৰ বিদ্যালয়ত শিক্ষা প্ৰদানৰ সমস্যা
ড˚ নলীন বৰঠাকুৰ
এটা জাতি আৰু জাতিটোৱে জন্ম দিয়া
শিক্ষা-ব্যৱস্থাৰ মাজত এৰাব নোৱৰা সম্পৰ্ক থাকে। জাতিটোৰ চিন্তা-ভাবনা আৰু ইতিহাস ইয়াৰ ভাষাৰ
দ্বাৰা প্ৰকাশ কৰা হয়। এই ইতিহাসৰ মাজত থাকে জাতি বা জনগোষ্ঠীটোৰ গীত-মাত, সাধু কথা, ফকৰা-যোজনাৰ দৰে বৈশিষ্ট্যমূলক সাংস্কৃতিক উপাদানসমূহ।
সেই বাবে এনে উপাদান প্ৰকাশ কৰিব পৰা সাহিত্য, গীত-মাত আদিয়ে বিশেষ বৈশিষ্ট্য প্ৰকাশ কৰিব পাৰে। এই বৈশিষ্ট্যৰ বাবে অসমীয়া গীত-মাত আৰু সাহিত্য
তামিল, তেলেগু অথবা ইংৰাজী গীত-মাত
আৰু সাহিত্যতকৈ পৃথক হয়। নিজস্ব শিপাৰ পৰা ৰস আহৰণ কৰাৰ লগতে বিশ্বৰ চিন্তা-চৰ্চাৰ
সৈতে পৰিচিত হৈ এজন ব্যক্তিৰ মানসিকতাৰ পৰিধি ডাঙৰ হয়। সেই বাবে আমি বিশ্বাস কৰোঁ যে নিজস্ব জাতিগত শিক্ষাৰ লগত
বিশ্বক সংযোজিত কৰিব পৰা শিক্ষা প্ৰদান, আমাৰ বিদ্যালয়সমূহৰ অন্যতম দায়িত্ব।
বৰ্তমান বিশ্বৰ সৈতে আমি সংযোগ
স্থাপন কৰিব পৰাৰ সহজ উপায় হৈছে ইংৰাজী ভাষাৰ আশ্ৰয় গ্ৰহণ। কিন্তু ইংৰাজী ভাষাৰ উচ্চাৰণ
আৰু প্ৰকাশভংগী অসমীয়া ভাষাৰ সৈতে পৃথক। উদাহৰণস্বৰূপে, ইংৰাজী ভাষাত ‘put’-ৰ উচ্চাৰণ ‘পুট’, কিন্তু ‘but’-ৰ উচ্চাৰণ ‘বাট’। সেইদৰে ‘gh’-ৰ উচ্চাৰণ কেতিয়াবা ‘ঘ’ আৰু কেতিয়াবা ‘ফ’ হয় (টাফ্)। তদুপৰি ইংৰাজী
ভাষাৰ প্ৰকাশভংগীও অসমীয়া ভাষাতকৈ পৃথক। সেইবাবে এজন ইংৰাজৰ দৰে ইংৰাজী ভাষাৰ ৰচনা
বা গ্ৰন্থ পঢ়ি তাৰ ৰস গ্ৰহণ কৰা আমাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কঠিন হৈ পৰে। ৰবীন্দ্ৰনাথে ‘শিক্ষাৰ হেৰফেৰ’ শিৰোনামৰ ৰচনাখনত এই সমস্যাটোৰ
আলোকপাত কৰিছে। তেওঁ লক্ষ্য কৰিছে যে গ্ৰহণ কৰা পাঠৰ সৈতে কল্পনাক সংযোগ কৰিব নোৱৰা
বাবে
আমাৰ ছাত্ৰ-ছাত্ৰীয়ে
পাঠ গ্ৰহণৰ দ্বাৰা আনন্দ লাভ কৰিব নোৱাৰে, গতিকে তেওঁলোকৰ বাবে শ্ৰেণীকোঠাৰ
সময়ছোৱা নিৰানন্দৰ হয়।
ইংৰাজী ভাষা শিক্ষাৰ ক্ষেত্ৰত,
ৰবীন্দ্ৰনাথে
ভাষা আৰু ভাবৰ মাজৰ
সংযোগত গুৰুত্ব প্ৰদান কৰিছে। ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাৰ পাঠ আৰু গ্ৰন্থ পঢ়ি তাৰ অৰ্থ আৰু ৰসৰ সন্ধান কৰিবলৈ
চেষ্টা কৰে। কিন্তু ইংৰাজী-মাতৃভাষাৰ অভিধানৰ সহায়ত ইংৰাজী গ্ৰন্থৰ ৰস গ্ৰহণ কৰা সহজ নহয়। এই অসহায়
পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ বাবে এহাতে থাকে গ্ৰন্থ-জগত আৰু আনহাতে থাকে স্থানীয় পৰিৱেশ, আৰু দুয়োটাকে সংযোগ কৰিবলৈ একমাত্ৰ
সাৰথি অভিধানৰ সেতু। (তাহাদের গ্ৰন্থজগৎ
একপ্ৰান্তে আর তাহাদের বসতি জগৎ অন্য প্ৰান্তে,
মাজখানে কেবল বসতি অভিধানের সেতু)। একমাত্ৰ অভিধানে বিদেশী
ভাষা এটাৰ ভাব আমাৰ
ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত প্ৰকাশ কৰিব নোৱাৰে। সেই কাৰ্য শিক্ষকৰ সহায়ৰ দ্বাৰাহে সম্ভৱ।
সেই বাবে আমি আশা কৰোঁ শিক্ষকসকলেহে নিজৰ পঢ়া-শুনাৰ ক্ষেত্ৰ বিস্তৃত কৰি বিদেশী ভাষাৰ ভাব সঠিক ৰূপত ছাত্ৰ-ছাত্ৰীৰ
ওচৰত উপস্থাপন কৰিব পাৰিব। বহু ক্ষেত্ৰত এই কাৰ্য কৰিব নোৱৰা বাবে শিক্ষা গ্ৰহণ যান্ত্ৰিক হৈ পৰে। মাথোঁ ইংৰাজী ভাষাৰ ক্ষেত্ৰতে
নহয়, অসমীয়া ভাষাৰ ক্ষেত্ৰতো এনে হয়।
উদাহৰণস্বৰূপে কৃষিপ্ৰধান অসমৰ, বিশেষকৈ নগৰাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীৰ ধানখেতিৰ সম্পৰ্কে জ্ঞান অতি কম।
তেওঁলোকে খেতিৰ বাবে মাটি চহোৱাৰ পৰা ভূঁই ৰোৱা, ধান দোৱা, মৰণা মৰা, কাতি বিহুত পথাৰত বন্তি জ্বলোৱা, লখিমী চপোৱা আদি বিভিন্ন কাৰ্যকলাপৰ
সৈতে অপৰিচিত হৈ থাকে। সেইদৰে বিয়ানামৰ পৰা বৰগীতলৈকে, অসমীয়া সংগীতৰ বিশাল ভাণ্ডাৰ আৰু ধৰ্মীয় তথা লৌকিক আচাৰ আদিৰ
সৈতেও এওঁলোক অপৰিচিত হ’বলৈ আৰম্ভ কৰিছে। শিক্ষকসকলে
ভাষাজ্ঞানৰ পৰা মৰণা মৰালৈকে সকলো কথা শ্ৰেণীকোঠাত শিকোৱা সম্ভৱ নহয়। কিন্তু তেখেতসকলে
যদি ছাত্ৰ-ছাত্ৰীৰ মনত নিজৰ জনগোষ্ঠীয় ৰীতি-নীতি, সংগীত, লোক-সাহিত্যক চমু অথচ চিন্তাকৰ্ষক ধৰণে সুমুৱাব পাৰে, তেনেহ’লে শিক্ষাৰ সৈতে জনকৃষ্টিৰ সংযোগৰ
পথ মুকলি হ’ব। অৰ্থাৎ, ৰবীন্দ্ৰনাথেচিন্তা কৰা ‘ভাষা শিক্ষাৰ সৈতে ভাব শিক্ষা’ আমাৰ শিক্ষণ-পদ্ধতিৰ প্ৰধান স্তম্ভ
হিচাপে
গণ্য কৰিব
লাগে বুলি আমি ভাবোঁ।
মাতৃভাষাৰ সৈতে ইংৰাজী ভাষা জনা
ছাত্ৰ-ছাত্ৰীৰ দুটা দিশত লাভ হয়। বিভিন্ন ধৰণৰ গীত-মাত, গছ-গছনি,
নৈ, চৰাই-চিৰিকতি, বিস্তৃৰ্ণ পথাৰ, ছটা ঋতু,
মায়াময় কুঁৱলিৰে
আবৃত অসমৰ প্ৰাকৃতিক পৰিৱেশত বাস কৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ পৰিৱেশৰ পৰা নিশ্চয়
আনন্দ আহে। এই আনন্দেবাধ প্ৰকাশ কৰিব পৰা ক্ষমতা আহৰণ কৰাত সফল হোৱা কাৰ্যই মনলৈ সাৰ্থকতা
আনে। এনে আনন্দৰ প্ৰকাশ মাতৃভাষাৰ যোগেদিহেসম্ভৱ, বিদেশী ভাষাৰ যোগেদি নহয়। তেনেহ’লে ইংৰাজীৰ দৰে বিদেশী ভাষাৰ প্ৰয়োজন ক’ত?
শিক্ষাগ্ৰহণৰ এটা উদ্দেশ্য হৈছে
আনক গ্ৰহণ কৰিবলৈ হৃদয় প্ৰসাৰিত কৰা। আমি নিজৰ বাদে আনক হীন চকুৰে চাম, আৰু তেওঁলোকৰ বিষয়ে অজ্ঞ হৈ থাকিম, এনে চিন্তা আমাৰ বাবে আত্মঘাতী
হয়। ইয়াৰ বাবে আমি বিভিন্ন সমাজৰ ভাষা, সমস্যা, ৰীতি-নীতি, সংস্কৃতি, ধৰ্ম, ইতিহাস আদি জানিবলৈ আগ্ৰহী হ’ব লাগিব। যেতিয়া আমি কোনো বিদেশী ভাষা কোৱা সমাজ এখনৰ কথা জানিবলৈ
ইচ্ছা কৰিম, তেতিয়া আমাৰ বাবে বিদেশী ভাষা জনাৰ আৱশ্যকতা বাঢ়ে। সেইবাবে বৰ্তমান বিশ্বৰ
সকলো দেশে ইংৰাজী ভাষা শিকাত গুৰুত্ব প্ৰদান কৰিছে। আনহে নালাগে ফৰাচী, জাৰ্মান, চীন, ৰাছিয়া আদি মহাশক্তিমান দেশেও নিজৰ ভাষিক জাত্যাভিমান একাশৰীয়া
কৰি ইংৰাজী শিকিবৰ বাবে আগবাঢ়ি
আহিছে। ইয়াৰ
কাৰণ হৈছে বিভিন্ন জাতিৰ বিজ্ঞান,
দৰ্শন, ৰাজনীতি, সমাজনীতি আদি বিভিন্ন বিষয়ত প্ৰতিদিনে
উৎকৃষ্ট গ্ৰন্থ ইংৰাজী ভাষাত প্ৰকাশ হৈছে। ইয়াত একমাত্ৰ ইংৰাজসকলৰে নহয়, বিশ্বৰ বিভিন্ন অগ্ৰগামী অভিজ্ঞতা
আৰু চিন্তাই স্থান লাভ কৰিছে।
আমি জানো যে বৰ্তমান বিশ্বৰ চালিকা
শক্তি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আৱিষ্কাৰ
আৰু ইয়াৰ বিশ্লেষণ ইংৰাজী ভাষাৰ যোগে প্ৰকাশিত হয়। সেইবোৰ বুজিবৰ বাবে ইংৰাজী
ভাষাৰ জ্ঞানৰ অতীৱ প্ৰয়োজন। চীনৰ দৰে বহু দেশে সেইবোৰ নিজৰ ভাষালৈ নিৰন্তৰ অনুবাদ কৰি
গৈছে। এই ক্ষেত্ৰত ইংৰাজী ভাষাৰ বৈজ্ঞানিক শব্দৰ প্ৰতিশব্দ
নিজৰ ভাষাত সৃষ্টি কৰি লৈছে যদিও
সামগ্ৰিকভাৱে
বিজ্ঞানৰ বিষয় এটা বুজিবৰ বাবে,
নিজৰ মানুহৰ
বৈজ্ঞানিক বোধশক্তিও সৃষ্টি কৰিছে। অৰ্থাৎ
এই ক্ষেত্ৰত নিজৰ ভাষা আৰু বিদেশৰ বৈজ্ঞানিক ভাবৰ মাজত
চীনাসকলে সংযোগ স্থাপন কৰিব পাৰিছে। ইয়াৰ ফলত তেওঁলোকৰ মানসিক দিগন্ত প্ৰসাৰিত হৈছে।
আজিৰ বিশ্বত চীন দেশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত
অগবাঢ়ি যোৱাৰ মূলতে আছে এই নতুন শক্তি।
এই শক্তিৰ বলত তেওঁলোকে শক্তিশালী অৰ্থনীতিৰ অধিকাৰী হ’ব পাৰিছে।
যদিহে এনে হয় যে আমি ইংৰাজী ভাষাহে
শিকিলোঁ, নিজৰ মাতৃভাষা নিশিকিলোঁ; তেতিয়া আমাৰ কি লোকচান হ’ব? সাহিত্য-সংস্কৃতিৰ কথা বাদেই, বিজ্ঞানৰ ক্ষেত্ৰতো সমস্যা হয়। বৰ্তমান অসমীয়া ভাষাত বিজ্ঞানৰ
থলুৱা সমস্যাৰ কথা প্ৰকাশ হ’বলৈ ধৰিছে। ইয়াৰ কাৰণ
হৈছে— এই সমস্যাসমূহৰ কথা অসমীয়াভাষী মানুহক অৱগত কৰোৱা। যেনে, অসমত দেখা দিয়া মাছৰ বেমাৰৰ কথা আৰু ইয়াৰ সমাধানৰ পথৰ কথা জানি এই লোকসকল উপকৃত হ’ব। এনে থলুৱা সমস্যাৰ কথা সাধাৰণতে
আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত সাধাৰণতে প্ৰকাশ নহয়।
উদাহৰণস্বৰূপে গুৱাহাটী মহানগৰৰ পানীৰ গুণাগুণ সম্পৰ্কে এজন বিজ্ঞানীয়ে অসমীয়া বাতৰি কাকতত এটা
প্ৰবন্ধ লিখিলে। ধৰা হওক একমাত্ৰ
ইংৰাজী জনা এজন অসমীয়া অভিযন্তাক চৰকাৰে গুৱাহাটীৰ পানীৰ গুণাগুণৰ উন্নতি কৰিবলৈ দায়িত্ব
অৰ্পণ কৰিলে। তেতিয়া অভিযন্তাজনে অসমীয়া ভাষা নজনাৰ বাবে আনক কাবৌ-কোকালি কৰি লেখাটো ইংৰাজীলৈ
অনুবাদ কৰাই ল’ব লাগিব।
বোধহয়, মাও-চে-টুঙে এবাৰ কৈছিল— ‘‘A man be most useful where he is born’’। আমাৰ প্ৰদেশখনৰ অধিকাংশ
ব্যক্তিয়ে নিজৰ জিলা তথা প্ৰদেশখনৰ সীমা পাৰ নোহোৱাকৈ জীৱনটো কটাই দিয়ে। কিন্তু এওঁলোকৰ
হাততে অসমৰ শিক্ষাৰ পৰা যাতায়ত,
সকলো কাম
ন্যস্ত হৈ থাকে। আধুনিক অসম গঢ়িবৰ বাবে এওঁলোকক আমি বহির্বিশ্বৰ ভাবৰ সৈতে পৰিচিত কৰাব পাৰিব
লাগিব, আৰু সেইবাবে ইংৰাজী ভাষা
ভালদৰে শিকিব লাগিব।
বৰ্তমান আৰু এটা সমস্যাই আমাৰ
শিক্ষাব্যৱস্থাত সমস্যাৰ সৃষ্টি কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ম’বাইল আৰু ইণ্টাৰনেটৰ বহুল ব্যৱহাৰ
কাৰ্যৰ পৰা এই সমস্যাৰ সৃষ্টি হৈছে। পৈণত বয়সত ইণ্টাৰনেটৰ ব্যৱহাৰে মনৰ দিগন্ত প্ৰসাৰিত কৰে, কিন্তু কুমলীয়া বয়সত হিতে বিপৰীত
হোৱা দেখা গৈছে। ডিজিটেল গতিৰ সৈতে কণমানিহঁতৰ মস্তিষ্কৰ গতিয়ে খাপ খাবলগীয়া হোৱাৰ বাবে তেওঁলোকৰ মস্তিষ্কৰ গতি অধিক বেগৱান হোৱা পৰিলক্ষিত হোৱা দেখা গৈছে।
কিন্তু এই গতিৰ সৈতে তেওঁলোকৰ চকুৰ মণিৰ সমন্বয় ৰক্ষা হোৱা নাই। মস্তিষ্কৰ গতি আৰু চকুৰ মণিৰ মাজত
সমন্বয় ৰক্ষা হ’লেহে কণমাণিহঁতে নিজৰ
পাঠ পঢ়ি তাৰ অৰ্থ উদ্ধাৰ কৰিব
পাৰে। এয়া কৰিব নোৱৰা বাবে তেওঁলোকে বাক্য একোটা ব্লেকব’ৰ্ডৰ পৰা চাই লিখোঁতে, অথবা পাঠ পঢ়োঁতে শব্দ এৰি যোৱা দেখা গৈছে। (এই ৰোগক ‘Gadget induced behavioural disease’ নাম দিয়া হৈছে।) ইয়াৰ
ফলত বাক্য অশুদ্ধ হোৱাৰ লগতে বিষয়বস্তু বুজাত তেওঁলোকৰ বিভ্ৰাট হৈছে। এই সমস্যাৰ বাবে
বহু অভিভাৱকে মনোৰোগৰ চিকিৎসকৰ ওচৰ চাপিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে। অৱশ্যে কিছু দিন ইণ্টাৰনেটৰ
পৰা আঁতৰি থাকিলে সমস্যাটোৰ পৰা উদ্ধাৰ পোৱা দেখা গৈছে।
শিক্ষকসকলৰ দায়িত্ব আৰু নিজকে
অবিৰতভাৱে ন ন আধুনিক চিন্তাৰ সৈতে পৰিচিত হৈ ছাত্ৰ-ছাত্ৰী তথা সমাজক আগবঢ়াই নিয়াৰ কাৰ্য সদায় এক প্ৰত্যাহ্বান যদিও তেখেতসকলে যুগে যুগে
এই কাম কৰি আহিছে। আমি আশা কৰোঁ যে আমাৰ বিদ্যালয়ৰ শিক্ষকসকলেও এই দায়িত্ব পালন কৰি যাব।
ভ্ৰাম্যভাষ: ৯৪৩৫৩৫১৯০১