ড° অৰবিন্দ ৰাজখোৱা
ৰিচাৰ্ড ফাইনমেনৰ কাহিনীটো
লিখিছে সৌৰভ কুমাৰ চলিহাই। ন’বেল বঁটা বিজয়ী
পদাৰ্থ বিজ্ঞানী ফাইনমেনে ‘পদাৰ্থবিজ্ঞান
বক্তৃতামালা’ কিতাপত তেওঁৰ শিক্ষক
মি: বাডাৰৰ কথাৰে এটা
প্ৰবন্ধ আৰম্ভ কৰিছে। তেওঁ লিখিছে, কেনেকৈ শ্ৰেণীত মনোযোগ নথকাৰ পাছতো শিক্ষকজনে তেওঁক অৱহেলা কৰা নাছিল। তাৰ
পৰিৱৰ্তে শিক্ষক মি: বাডাৰে ফাইনমেনক
অধ্যয়ন কৰি মনটো বুজি ল’লে আৰু পদাৰ্থ
বিজ্ঞানৰ বিশেষ বিষয়ৰ প্ৰতি আকৃষ্ট কৰি তুলিলে। অৱশেষত সেই বিষয়তে ফাইনমেনে ন’বেল বঁটাও লাভ কৰিলেগৈ। এজন
অখ্যাত আমেৰিকান শিক্ষক মি: বাডাৰে যিটো কাম কৰিলে, সেইটো তেওঁৰ চাকৰিৰ নিয়মীয়া
দায়িত্বৰ ভিতৰুৱা নাছিল। সৌৰভ কুমাৰ চলিহাৰ ভাষাৰে— ‘‘হয়তো তেওঁ বুজিছিল যে
ল’ৰাটোৰ ভিতৰত সম্ভাৱনা আছে, বিষয়টোত আগ্ৰহ আৰু কৌতূহল জন্মাই দিব পাৰিলে
হয়তো সি পদাৰ্থবিজ্ঞানী হ’ব। কামটো তেওঁৰ শিক্ষকতাৰ
‘ৰুটিন’-ৰ ভিতৰত নপৰে, বিষয়টোও ঠিক পাঠ্যক্ৰমৰ ভিতৰত
নপৰে, কিন্তু ল’ৰাটোৰ স্বাৰ্থ মনত ৰাখি তেওঁ
ওপৰঞ্চি সময় খৰচ কৰি এই ওপৰঞ্চি কামটো কৰিলে, ফাইনমেনৰ মনত বিষয় এটাৰ প্ৰতি তীব্ৰ আগ্ৰহৰ উন্মেষ ঘটাই
দিলে। তেওঁ এটা সৰু সাধাৰণ উদাহৰণ দি বিষয়টো সৰলভাৱে বুজাই দিলে, মাত্ৰ যিখিনি দৰ্কাৰ
সেইখিনিহে কৈ কথা বন্ধ কৰিলে,
‘‘কাৰণ
তেওঁ আছিল এজন খুব ভাল শিক্ষক’’৷ তাৰ ফল : প্ৰাপ্তবয়স্ক ৰিচাৰ্ড, বিশ্ববিখ্যাত
বিজ্ঞানী।
অসমীয়া ভাষাত হোৱা শিক্ষক আৰু
শিক্ষকতা সম্পৰ্কীয় চিন্তাৰ অসামান্য স্বাক্ষৰ হ’ল সৌৰভ কুমাৰ চলিহাৰ ‘দ্ৰোণ আৰু গ্যেটে’ নামৰ প্ৰবন্ধটো। ফাইনমেনৰ বিষয়ে এই প্ৰবন্ধটোৰ পাতনিতে লিখা হৈছে। প্ৰবন্ধটোত ‘প্ৰাকৃতিক ইতিহাস’-ৰ প্ৰতিষ্ঠাপক আলেকজেণ্ডাৰ
ফন্ হুমবল্ড্টৰ কথাও কোৱা হৈছে। হুমবল্ড্টৰ ব্যাপক অৱদানৰ অন্তৰালত জড়িত থকা মূল
মানুহজন আছিল ‘ফাউষ্ট’-ৰ স্ৰষ্টা গ্যেটে। ল’ৰালিতে হুমবল্ড্টৰ স্বভাৱ
লক্ষ্য কৰি গ্যেটেই তেওঁৰ দেউতাকক প্ৰকৃতি বিজ্ঞান পঢ়ুৱাবলৈ পৰামৰ্শ দিছিল।
গ্যেটে যদিও শিক্ষক নাছিল,
ল’ৰাটিৰ প্ৰতিভাৰ স্বাৰ্থত সেই
পৰামৰ্শ আগবঢ়াইছিল। কিন্তু এনে সঠিক পৰামৰ্শ লাভ সকলো দেশতে সম্ভৱনে? সৌৰভ কুমাৰ চলিহাই নিজৰ ল’ৰালিৰ অভিজ্ঞতা স্মৰণ কৰি
লিখিছে, কেনেকৈ তেওঁলোকৰ চুবুৰিলৈ অহা, আহি আড্ডা দিয়া
বিদ্বৎমণ্ডলীয়ে কাহানিও কোনোটো ল’ৰাৰ প্ৰতি সামান্য কৌতূহলো দেখুওৱা নাছিল। ‘‘তেওঁলোক নিজৰ কথাত মগ্ন হৈ
আছিল, সমুখৰ ল’ৰাবোৰৰ, তেওঁলোকৰ চাহ-তামোল-ধঁপাত যোগোৱা ল’ৰাকেইটাৰ স্বাৰ্থৰ বিষয়ে, সিহঁতৰ ভৱিষ্য-বৃত্ত (career)-ৰ বা সিহঁতৰ ভিতৰৰ সম্ভাৱনাৰ
প্ৰতি তেওঁলোক আছিল সম্পূৰ্ণ উদাসীন, নিৰ্লিপ্ত। তেওঁলোকে হয়তো ব্যক্তিগত ক্ষেত্ৰত বহুতক উৎসাহ-উদগনি দিছে, কিন্তু প্ৰায়ে তেওঁলোকৰ সমুখত
খেলি থকা, তেওঁলোকৰ মাজৰ পৰা বল
বুটলিবলৈ যোৱা ল’ৰাকেইটাক তেওঁলোকে
সদায় উপেক্ষা কৰি গৈছে, আমাৰ জীৱনত সেই
বিদ্বৎমণ্ডলীৰ কোনো প্ৰভাৱ নাই।’’
(সৌৰভ
কুমাৰ চলিহা ৰচনাৱলী, পৃ. ৬৩২)। সম্ভাৱনাৰ
প্ৰতি চূড়ান্ত অৱমাননাৰ দৃশ্য ইয়াতকৈ কৰুণভাৱে বৰ্ণাব নোৱাৰি। আমাৰ দেশত এনে
অৱমাননাৰ ইয়াতকৈ মৰ্মান্তিক ইতিহাস আছে। সৌৰভ কুমাৰ চলিহাই তাৰে দুটা ঘটনা
প্ৰবন্ধটোত লিখিছে। (১) উপমন্যুৰ ঘটনা। এই উপমন্যুক গুৰুৱে গৰু চৰাবলৈ দিয়ে, অথচ খাবলৈ একো নিদিয়ে। আনকি
গাখীৰৰ ফেনো নিষিদ্ধ কৰিলে। ভোকৰ জ্বালাত থাকিব নোৱাৰি আকণ গছৰ পাত খাই উপমন্যু
অন্ধ হৈ যোৱাৰ পাছতহে গুৰুৰ গাত কথা লাগিছে। (২) একলব্যৰ কাহিনীটো। য’ত অৰ্জুনক শ্ৰেষ্ঠ ধনুৰ্ধৰ
কৰিবৰ বাবেই এজন প্ৰতিভাধৰ যুৱকৰ আঙুলি গুৰু দ্ৰোণাচাৰ্যই কাটি পেলালে। ‘‘গোটেই কাণ্ডটো নীচতা, শঠতা আৰু ক্ৰূৰতাৰ এটা জঘন্য
উদাহৰণ নহয় নে?’’ ‘‘এই মহাজ্ঞানী, মহাধ্যানী, সৰ্বজ্ঞ ঋষি-মুনিসকলক শিক্ষকৰ
আদৰ্শ (role model) বুলি গণ্য কৰিব
পাৰিনে?... শিক্ষকৰ থাকিব লাগে
যিটো প্ৰথম গুণ, অনুকম্পা, এই ঋষি-মুনিসকলৰ ক্ষেত্ৰত আমি
সেইটো পাওঁনে?’’
সৌৰভ কুমাৰ চলিহাই প্ৰবন্ধটোৰ
শেষৰ ফালে অসমৰ শিক্ষা ব্যৱস্থাত নিয়োজিত শিক্ষকসকলৰ স্বৰূপ সম্পৰ্কেও কিছু কথা
লিখিছে। চৰকাৰৰ অৱহেলা, অমনোযোগৰ ফলত যে
শিক্ষক হ’বৰ অযোগ্য মানুহেও
শিক্ষকতা কৰিবলৈ লৈছে, ফলত গোটেই ব্যৱস্থাটোৱেই জাত এৰি বিজতৰীয়া হৈছে, সেয়া অস্বীকাৰ কৰিব নোৱাৰি।
অৱশ্যে তাৰ মাজতো ভাবিব নোৱৰা ভিতৰুৱা অঞ্চলতো আত্মত্যাগী শিক্ষক আছে। ক’লা ডাৱৰৰ মাজেৰে সৰকি অহা
এচেৰেঙা ৰ’দৰ দৰে তেনে শিক্ষকৰ
খবৰে কেতিয়াবা মন ভৰাই তোলে। ‘‘কিন্তু তাৰ মাজতে বহু
শিক্ষক-শিক্ষয়িত্ৰীয়ে পৰম নিষ্ঠাৰে অজস্ৰ অসুবিধাৰ মাজেৰে, অভাৱ-অনাটনৰ মাজেৰে, নিজৰ ব্যক্তিগত শোক-সন্তাপ নেওচি অবিচলিতভাৱে নিজৰ কৰ্তব্য
কৰি গৈছে, ছাত্ৰ-ছাত্ৰীক
বিদ্যালয়ৰ বাহিৰে ভিতৰে পথ প্ৰদৰ্শন কৰি নিছে, সহায়-সহানুভূতি আৰু তিৰস্কাৰ-উদ্গনিৰে তেওঁলোকৰ বিকশমান
মনবোৰ গঢ় দিছে। (তাৰ কিছু আভাস আমি পাওঁ, যেতিয়া পঢ়োঁ যে পৰীক্ষাৰ ফলাফলত কোনো কোনো ভিতৰুৱা গাঁৱৰ কোনো টিউশ্যন নোলোৱা
ল’ৰা-ছোৱালীয়ে উচ্চ স্থান, উচ্চ নম্বৰ লাভ কৰিছে— কিন্তু সেয়া সেইসকল শিক্ষক-শিক্ষয়িত্ৰীৰ নিঃস্বাৰ্থ
পৰিশ্ৰমৰ একো-একোটা সৰু প্ৰতিফলন মাত্ৰ।)’’ (সৌৰভ কুমাৰ চলিহা ৰচনাৱলী, পৃ. ৬৩৩)
ভাৰতীয় গুৰু পৰম্পৰাত শিক্ষক
হ’ল ন্যায়, সত্য আৰু জ্ঞানৰ প্ৰতিমূৰ্তি।
সকলো সন্দেহৰ ঊৰ্ধ্বত। হয়তো গৰিষ্ঠ সংখ্যক শিক্ষক তেনে মানসম্পন্ন হৈ থকা হ’লে এনেবোৰ আলোচনা নিজে নিজে
অপ্ৰাসঙ্গিক হৈ পৰিলহেঁতেন। কিন্তু কথাবোৰ এতিয়া তেনেকুৱা হৈ থকা নাই। খৰ গতিৰে সমাজ সলনি
হৈছে। সমাজৰ অংশ হিচাপে শিক্ষকসকলো সলনি হৈছে। কিন্তু পৰিৱৰ্তন সুস্থ দিশত বোৱাই
নিয়াত শিক্ষকসকলে যি ভূমিকা ল’ব পাৰিব লাগিছিল, সেয়া আজিলৈ ল’ব পৰা নাই। আনহে নালাগে
ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ তৃষ্ণা পূৰাবলৈও বহুতো শিক্ষক অসমৰ্থ হৈ আহিছে। ব্যৱহাৰিক
জীৱন আৰু পাঠ্যক্ৰম-বৰ্হিভূত কথাটো বাদেই ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰে যে
পাঠ্যক্ৰমৰ সীমাৰ ভিতৰৰ কথাবোৰো খৰচি মাৰি বুজোৱাত সকলো শিক্ষক সফল নহয়। এনে প্ৰেক্ষাপটত
ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াবা ‘আমি কেনেকুৱা শিক্ষক
বিচাৰোঁ’ বুলি মাত এষাৰ দিলে
বিৰক্ত হ’লে নহ’ব। শ্ৰেণীকোঠাৰ সময়বোৰ
ভৱিষ্যৎ জীৱনৰ বাবে মূল্যৱান কৰি তুলিবলৈ হ’লে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আকাংক্ষাৰ খবৰ ল’বই লাগিব। আনকি শিক্ষকৰ
দুৰ্বলতাবোৰৰ বিষয়েও বিদ্যালয়,
মহাবিদ্যালয়ৰ
মুৰব্বীতকৈ বেছিকৈ জানে বুদ্ধিমান
ছাত্ৰ-ছাত্ৰীয়েহে। তেওঁলোকক অনাহক দমন কৰি ৰাখি নিজৰ দুৰ্বলতা ঢাকি ৰখাতকৈ সেয়া
অনুধাৱন কৰিবলৈ চেষ্টা কৰিলেহে সুস্থ শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিব। ছাত্ৰ-ছাত্ৰীয়ে
শিক্ষকৰ কথা মানি ভয়ে ভয়ে নীৰৱে থকাটোকে সুস্থ শৈক্ষিক বুলি যে কোৱা নহয়, সেইটো সকলোৱে বুজিব, কৰিব লাগিব। য’ত নতুন চিন্তাৰ পয়োভৰ নাই, য’ত মুক্ত চিন্তাক দমন কৰা হয়, য’ত কেৱল অতীতমুখী
শিক্ষা দিয়া হয়, য’ত ব্যৱহাৰিক জীৱনক সম্পূৰ্ণ
উপেক্ষা কৰি চলা হয় তাত মানুহে ডিগ্ৰী পাব পাৰে, শিক্ষা কিন্তু নাপায়। আজিৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বিচাৰে, লগতে বিচাৰে প্ৰজ্ঞা।
শিক্ষকসকলে সেয়া দিবলৈ অপাৰগ হ’লে ছাত্ৰ-ছাত্ৰীয়ে
বাহ্যিকভাৱে প্ৰতিবাদ নকৰিব পাৰে,
মনেৰে
কিন্তু ক্ষোভিত হৈ থাকে। তেনে ক্ষোভৰ উদ্গীৰণ ঘটাৰ আগতেই নিবাৰণৰ চেষ্টা হোৱা
উচিত। কিতাপখন তেনে প্ৰচেষ্টাৰে অংশ।
শিক্ষক এজন কেনেকুৱা হোৱা
উচিত সেই বিষয়ে বহুতো তাত্ত্বিক কথা পঢ়িবলৈ পোৱা যায়। বিশেষকৈ শিক্ষণ প্ৰশিক্ষণ
প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমৰ বাবে তেনে কিতাপ যথেষ্ট লিখা হৈছে। আনকি মহাবিদ্যালয়
পৰ্যায়ৰ শিক্ষাতত্ত্ব বা মনোবিজ্ঞানৰ পাঠ্যক্ৰমতো এনে তাত্ত্বিক কথাৰ অভাৱ নাই। কিন্তু অতবোৰ তাত্ত্বিক
কথাৰে ভৰি থকা আমাৰ শিক্ষাৰ জগতখনত ভাল শিক্ষকৰ সংখ্যাহে নিচেই কম। শিক্ষকতাক কেৱল
পেছা হিচাপে গ্ৰহণ কৰা ব্যক্তিৰ সংখ্যা ইমান বাঢ়ি আহিছে যে আন সকলো পেছাৰ লগত ই
একাকাৰ হৈ পৰিছে। শিক্ষকৰ মানসিকতা আৰু আন চাকৰিয়ালৰ মানসিকতাৰ মাজত থাকিবলগা
ন্যূনতম পাৰ্থক্যকণো যেন শেষ হ’বলৈ গৈ আছে। জাতি
নিৰ্মাণত শিক্ষকৰ যি ভূমিকা, সেয়া ক্ৰমশঃ ইমান গৌণ হৈ গৈ আছে যে বহুতো শিক্ষকৰ জাতি আৰু
জাতীয়তাৰ বিষয়ে স্পষ্ট ধাৰণাই নাই যেন লাগে। চিকিৎসকৰ ভুল চিকিৎসাই একোটা পৰিয়াল
শেষ কৰি দিব পাৰে, কিন্তু শিক্ষকৰ ভুল শিক্ষাই
যে এটা জাতি ধ্বংস কৰি দিব পাৰে সেই সত্যটো নুবুজিলে শিক্ষকতা কাহানিও সেৱাৰ পৰ্যায়লৈ উঠিব
নোৱাৰে।
এগৰাকী তৰুণ শিক্ষকে শিক্ষকতা
আৰম্ভ কৰি লাভ কৰা অভিজ্ঞতাবোৰ যেতিয়ালৈ সলনি নহ’ব তেতিয়ালৈ ব্যাপক পৰিৱৰ্তন আশা কৰিব নোৱাৰি। ধৰা হ’ল যোগ্যতাৰ মাপকাঠিৰে
নিৰ্বাচিত হৈ এগৰাকী যুৱকে শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলে, নিযুক্তিৰ বাবে তেওঁ পৰম্পৰাগতভাৱে
টেবুলে টেবুলে ভেটি দিব লগা নহ’ল। কিন্তু যিটো
যোগ্যতা তেওঁৰ ক্ষেত্ৰত সৰ্বশেষ বুলি কোৱা হ’ল, সেইটো পৰীক্ষা কৰি চোৱা হ’ল জানো?
পৰীক্ষা
কৰি চোৱা হ’লনে যে তেওঁ
শিক্ষকতাৰ বাবে উপযুক্ত! পাঠ্যক্ৰম অনুসৰি পাঠবোৰ খৰচি মাৰি পঢ়ি পৰীক্ষাত ভাল নম্বৰ
পালেই এজন যুৱক ভাল শিক্ষক হ’ব পাৰে নেকি? তেওঁৰ বুজোৱাৰ ক্ষমতা, আদৰ্শ, নৈতিকতা, নিজাকৈ চিন্তা কৰাৰ দক্ষতা, জীৱন আৰু জগত সম্পৰ্কে ধাৰণা, কণ্ঠ, আচাৰ ব্যৱহাৰ আদি তেওঁৰ মাৰ্কশ্বিটখনতেই নিহিত হৈ থাকে নেকি? তেতিয়াহ’লেতো প্ৰশাসনিক বিষয়া হ’বৰ বাবেও বিভিন্ন পৰীক্ষাত ভাল নম্বৰ পোৱাসকলকে লৈ যাব
পাৰিলেহেঁতেন!
এইবোৰ কথা পৰীক্ষা কৰি চাবৰ বাবে আমাৰ কোনো সন্দেহাতীত ব্যৱস্থা নাই। আচলতে তেনে
ব্যৱস্থা থাকিলেও ব্যৱস্থা চলাবলৈ ব্যক্তি পোৱা নাযায়। যেতিয়াই মৌখিক সাক্ষাৎকাৰ
বা ব্যাৱহাৰিক যোগ্যতাৰ পৰীক্ষাৰ কথা আহে তেতিয়াই দুৰ্নীতি আৰম্ভ হৈ যায়। লোকসেৱা
আয়োগৰ পৰা আৰম্ভ কৰি স্থানীয় পৰ্যায়লৈকে শিক্ষক নিযুক্তিৰ বাবে হোৱা মৌখিক
সাক্ষাৎকাৰ সন্দেহৰ ঊৰ্ধ্বত নহয়। কাৰণ সাক্ষাৎ গ্ৰহণৰ বাবে উচ্চ পৰ্যায়ৰ জাতীয় চেতনা
থকা নিৰ্মোহ, সাহসী মানুহ ক’তো বিচাৰি পোৱা নাযায়। ইয়াৰ
ফলটো ভুগিছে নীৰিহ ছাত্ৰ-ছাত্ৰীসকলে আৰু পৰৱৰ্তী সময়ত সমগ্ৰ সমাজখনে।
তথাপি ধৰা হ’ল যোগ্যতা থকা যুৱক এজনকে এটা
প্ৰক্ৰিয়াৰ মাজেৰে শিক্ষক হিচাপে নিযুক্তি দিয়া হ’ল। তেওঁ শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় বা আন প্ৰতিষ্ঠানত
শিক্ষকতা সম্পৰ্কে যিয়ে নিশিকক কিয়, ব্যাৱহাৰিকভাৱে শিক্ষকতাৰ বাবে মূল কথাবোৰ শিকিব সংশ্লিষ্ট প্ৰতিষ্ঠানৰ
জ্যেষ্ঠ শিক্ষকসকলৰ পৰাহে। এই শিকনি কেনে পৰ্যায়ৰ হ’ব পাৰে মোৰ এজন বন্ধুৰ অভিজ্ঞতা উল্লেখ কৰিব পাৰি। সংবেদনশীল বন্ধুৰ শিক্ষকতা আৰম্ভ কৰাৰ পাঁচ বছৰৰ পাছত জ্যেষ্ঠ
এজনৰ লগত তৰ্ক লাগিল। তৰ্কত কথাই কথাই জ্যেষ্ঠই ক’লে— ‘‘বুজিছা ছিনিয়ৰৰ পৰা কিবা
শিকিবা।’’ বন্ধুৰ ধৈৰ্যৰ বান্ধোন ছিগি গ’ল। ‘‘শিকিছোঁ ছাৰ, ছিনিয়ৰৰ
পৰা বহুত শিকিছোঁ। পুৱাই চকীদাৰৰ লগতে আহি চহীটো মাৰি ঘৰলৈ যাবলৈ শিকিছোঁ। আকৌ
সন্ধিয়া চকীদাৰে অফিচত তলা লগোৱাৰ আগতে চহীটো মাৰি চাকৰি বচাবলৈ শিকিছোঁ। মাজত
ক্লাছ থাকিলে দহ মিনিট পলমকৈ ক্লাছত সোমাই পাঁচ মিনিট আগত ওলাই আহিবলৈ শিকিছোঁ।
নৱাগত আদৰণি সভা, শংকৰদেৱৰ তিথি, কলেজ ৱিক আদিত কাহানিও
কলেজলৈ নাহিবলৈ শিকিছোঁ। কিন্তু শিক্ষক দিৱসত শৰাই গামোচা বুটলিবলৈ দিনৰ দিনটো
কলেজত পৰ দিবলৈ শিকিছোঁ। আপোনালোকক দেখি দেখিয়ে কিতাপ, আলোচনী পঢ়িবলৈ আৰু কিনিবলৈ এৰিলোঁ। আন কিতাপ বাদ, পাঠ্যক্ৰমৰ কিতাপো কলেজ
লাইব্ৰেৰিৰ
পৰা নিহে ক্লাছলৈ যাওঁ। হালধীয়া পৰা নোটবোৰ আনো। বছৰৰ পাছত বছৰ সেইবোৰকে দি আছোঁ।
লেটেষ্ট মডেলৰ গাড়ী লৈছোঁ,
কাপোৰ
লৈছোঁ, ম’বাইল ফ’ন লৈছোঁ, টিভি লৈছোঁ, ঘৰ সাজিছোঁ, ফ্লেট কিনিছোঁ, এইবোৰতো আপোনালোকৰ পৰাই
শিকিছোঁ। নিজৰ সন্তানক ব্যক্তিগত প্ৰতিষ্ঠানত পঢ়াম, সন্তানৰ বাবে ঘৰত সময় দিম, সেই সময় কলেজৰ ল’ৰা-ছোৱালীবোৰৰ পৰাই কাঢ়ি নিম। কলেজত থকা সময়কণ পৰচৰ্চা কৰোঁ। ভাল কাম কৰিব
খোজাজনক নিন্দা কৰোঁ আৰু চৰিত্ৰহনন কৰোঁ। ছাত্ৰ-ছাত্ৰী ওভতগোৰে নাচিলেও একো নকওঁ, সিহঁতক বাহিৰৰ কোনোবাই অনাহক
দমন কৰিলেও একো নকওঁ। দৰমহাৰ বাবে আন্দোলন কৰিবলৈ শিকিছোঁ। সাতামপুৰুষীয়া
পাঠ্যসূচী সলনি হ’লে গুঁজৰি উঠিবলৈ শিকিছোঁ।
গৰমৰ বন্ধ আৰু জাৰৰ বন্ধ বঢ়াব লাগে বুলি সভা পাতিবলৈও শিকিছোঁ। ... এইবোৰ
সকলো কৰি থকাৰ পাছতো আপুনি মোক ক’ব নেকি যে জ্যেষ্ঠৰ পৰা
একো শিকা নাই!
যিবোৰ বাকী আছে সেইবোৰো সোনকালেই শিকি পেলাম।’’
জ্যেষ্ঠই কি উত্তৰ দিলে সেয়া
ডাঙৰ কথা নহয়, কিন্তু বন্ধুৰ এই উত্তৰৰ মাজতে আচলতে শিক্ষকতাৰ
ভিতৰুৱা ৰূপটোৰ বহুতো কথা নিহিত হৈ আছে।
ভাৰতবৰ্ষৰ শিক্ষকৰ মান-মৰ্যাদা সম্পৰ্কে
চৰ্চা হোৱাৰ সময়ত কোনো কোনোৱে য়ুৰোপৰ কেইখনমান দেশৰ শিক্ষকৰ মান-মৰ্যাদাৰ কথা উনুকিয়ায়।
বিশেষকৈ সামাজিক মাধ্যম ফেইচবুকত তেনে সমীক্ষাৰ
চানেকি এটা কেইবা বছৰো দেখিবলৈ পোৱা গৈছে। কোনোবাখন দেশত শিক্ষকক গ্ৰেপ্তাৰ কৰিবলৈ
পুলিচে কেইবা তৰপীয়া অনুমতিৰ মাজেৰে পাৰ হ’ব লাগে,
কোনোবাখনত
আদালতত কেৱল শিক্ষকসকলেহে বিচাৰকৰ আগত চকীত বহি কথা ক’বলৈ অনুমতি পায় ইত্যাদি। সেইবোৰ উদাহৰণ দিয়াৰ উদ্দেশ্য এটাই, ভাৰতবৰ্ষত শিক্ষকৰ মান কিমান
নিম্ন পৰ্যায়ত আছে প্ৰমাণ কৰা। ভাৰতৰ শিক্ষকে দৰমহাৰ বাবে আন্দোলন কৰিবলগীয়া হয়, অনাহাৰে মৰিবলগীয়া হয়, পৰিয়াল চলাব নোৱাৰি আত্মহত্যা
কৰিবলগীয়া হয়। ভাৰতীয় উপন্যাস আৰু চিনেমাৰ শিক্ষক চৰিত্ৰসমূহ হ’ল চেৰেলা,
ভয়াতুৰ, সহজে আপোচ কৰা, ৰাজনীতিক আৰু গুণ্ডাক দেৱতা
জ্ঞান কৰা একো একোটা টাইপ চৰিত্ৰ। বাস্তৱ আৰু সাহিত্যত একে ধৰণে দেখিবলৈ পোৱা
শিক্ষকৰ এনে অৱস্থাক নিশ্চয় দুৰ্ভাগ্যজনক বুলিয়ে কোৱা হ’ব। সমাজে শিক্ষকৰ তেনে দুৰ্ভাগ্যৰ প্ৰতি সহানুভূতিও ৰাখে।
কিন্তু সময় একে হৈ থকা নাই। তথাকথিত ‘দুৰ্ভগীয়া’ শিক্ষকসকলৰ
দুৰ্ভাগ্যৰ অন্তৰাল বিচাৰ কৰাৰ সময় আহি পৰিছে। শিক্ষকসকলে মেৰুদণ্ড পোন কৰি সমাজক
নেতৃত্ব দিয়াৰো সময় আহি পৰিছে।
য়ুৰোপৰ যিকেইখন দেশৰ কথা
শিক্ষক সম্পৰ্কীয় চৰ্চাত কোৱা হয়,
সেই
দেশকেইখনত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া কেনে ধৰণৰ, সেয়া অৱশ্যে চৰ্চা কৰা নহয়।
সেয়া চৰ্চা কৰাটো এই লেখাৰ উদ্দেশ্যও নহয়। তথাপি অনুমান কৰিব পাৰি, যি দেশত শিক্ষকক ইমান সন্মানৰ
দৃষ্টিৰে চোৱা হয়, নিশ্চিতভাৱে সেই দেশত
শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোও সন্মানজনক হ’ব লাগিব। লগতে সন্মানজনক হ’ব লাগিব উক্ত প্ৰক্ৰিয়াত জড়িত ব্যক্তিসকল। য়ুৰোপলৈ শিক্ষা বা
গৱেষণাৰ বাবে যোৱা অসমীয়া ব্যক্তিসকলে তাৰ শিক্ষকসকলৰ বিষয়ে আগ বঢ়োৱা বক্তব্যৰ পৰাও
তেনে ‘সন্মান’-ৰ কথা অৱশ্যে অনুমান কৰিব
পাৰি। শিক্ষকতাক কেৱল জীৱিকা হিচাপে গ্ৰহণ নকৰি তেওঁলোকে ইয়াক জাতি নিৰ্মাণৰ
দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ হয়তো চেষ্টা কৰি আহিছে। সেই শিক্ষকসকলৰ সন্মানৰ লগত
আমাৰ দেশৰ শিক্ষকৰ ‘সন্মান’ তুলনা কৰাটো কিমান সমীচীন! আমাৰ দেশত শিক্ষকতা
বৃত্তিত নিয়োজিতসকল সঁচাকৈয়ে সেই কামৰ উপযুক্তনে? আলোচনা কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ অসমৰ প্ৰেক্ষাপটত এয়া
নিতান্তই প্ৰাসঙ্গিক।
ব্যৱহাৰিক মূল্য নথকা আমাৰ
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমৰ মাজেৰে ডিগ্ৰী লোৱাৰ পাছত
সামান্য সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী চাকৰি লাভ কৰে আৰু বাকী আটাইবোৰ
ছাত্ৰ-ছাত্ৰীয়ে নিবনুৱাৰ অলিখিত প্ৰমাণ পত্ৰ লাভ কৰে। পাঠ্যক্ৰমৰ তাত্ত্বিক কথাৰে
ডিগ্ৰী ল’বলৈ গৈ নিগনি দৌৰত
লিপ্ত হোৱা এইসকল শিক্ষিতই ব্যৱহাৰিক জীৱনৰ বাবে প্ৰয়োজনীয় আন কথা নিজাকৈ শিকিবলৈও
সময় নাপায়। ব্যৱসায় কৰা, খেতি কৰা, পশুপালন কৰা আদি কাম
অসন্মানজনক বুলি সমাজে শিকায় আৰু শিক্ষা ব্যৱস্থাই সেইবোৰৰ ফুটকে পাবলৈ নিদিয়ে।
ফলত শিক্ষা ব্যৱস্থাটোৱে প্ৰকৃতাৰ্থত মানসিকভাৱে পংগু, অকামিলা ব্যক্তি কিছুমান বছৰে বছৰে উৎপাদন কৰি আহিছে।
এইসকলৰ মাজৰে দুই-এজনে উত্তৰাধিকাৰী সূত্ৰে বা নিজা চেষ্টাত স্বাৱলম্বী হয়গৈ।
আজিকালি আধুনিক নাগৰিকৰ বিভিন্ন ধৰণৰ সামগ্ৰী আৰু সুবিধাৰ প্ৰয়োজন হৈছে, সেয়া বুজি লৈ পৰিশ্ৰমী আৰু
বুধিয়ক দুই-এজনে
কাম আৰম্ভ কৰি স্বাৱলম্বী হ’বলৈ চেষ্টা কৰে। তাৰ
পাছতো থাকি যোৱা অকামিলা নিবনুৱাসকলেই হ’ল আমাৰ ৰাজ্যৰ শিক্ষক। ব্যতিক্ৰম নাই বুলিব নোৱাৰি, কিন্তু সেয়া অতি বিৰল।
তেনেকুৱা ডিগ্ৰীধাৰীসকলে অসমৰ
চুকে কোণে অনেক শিক্ষা প্ৰতিষ্ঠানৰ জন্ম দিলে। তেওঁলোক হ’লগৈ সেইবোৰৰ স্ব-নিযুক্ত শিক্ষক। ৰাইজৰ প্ৰয়োজন বুলি
প্ৰতিপন্ন কৰি সেই শিক্ষা প্ৰতিষ্ঠানবোৰৰ বাবে প্ৰয়োজনীয় চৰকাৰী অনুমোদন আনিবলৈও
সক্ষম হ’ল। তেনে অনুমোদনৰ
বাবে কৰিবলগীয়া ‘খা-খৰচ’ বিদ্যা-শিক্ষাৰ অংশ যেন কৰি
পেলোৱা হ’ল। তাৰ পাছত স্থানীয়
ছাত্ৰ-ছাত্ৰী কিছু গোট খুৱাই লৈ তেওঁলোকৰ শিক্ষকতা আৰম্ভ। বাহ্যিক দৃষ্টিত ৰাইজৰ
সেৱা কৰিবলৈ যোৱা উক্ত নিবনুৱাসকল আচলতে শিক্ষক হোৱাৰ যোগ্য হয়নে নহয় সেয়া কেতিয়াও
কোনেও নুসুধে। তেওঁলোকৰ প্ৰতিষ্ঠান চৰকাৰী
হ’বৰ বাবে বিভিন্ন সময়ত
আন্দোলন হৈ আহিছে। চৰকাৰে ‘ৰাইজৰ কল্যাণৰ হকে’ প্ৰতিষ্ঠানবোৰ ল’বলৈ বাধ্য হৈছে। এই যে
বিদ্যালয় পতা হ’ল, আন্দোলন কৰা হ’ল, প্ৰাদেশিকীকৰণৰ বাবে স্মাৰকপত্ৰত
লাগি থকা হ’ল— এনেকৈ পাৰ হোৱা সময়খিনি কম সময় নহয়। পাঁচ, দহ বছৰৰ পৰা বিছ, পঁচিছ বছৰ পৰ্যন্ত দৰমহাবিহীনভাৱে
পাৰ হৈ গৈছে। দেখাত এই সময়খিনিয়ে মূলতঃ শিক্ষকজনক ক্ষতি কৰিছে যদিও ব্যাপকভাৱে
ক্ষতি হয়গৈ ছাত্ৰ-ছাত্ৰীসকলৰ, অৰ্থাৎ সমাজখনৰ। তেনেদৰে বিদ্যালয় পতা শিক্ষকে আৰ্থিক
অনাটনৰ জোৰা মাৰিবলৈ আন কাম কৰিবলগীয়া হয়। সেই ‘আন কাম’-ৰ প্ৰাবল্য বেছি হৈ গ’লে শিক্ষকতাত মাধমাৰ পৰি গৈ
থাকে। আৰু প্ৰাবল্য
নহ’বনো কিয়, ঘৰুৱা সমস্যা, বিয়া-বাৰু, ৰোগ-জঞ্জাল মাৰিবলৈ টকাৰ দৰকাৰ, সেই টকা ভেন্সাৰ প্ৰতিষ্ঠানত নাপায়। ভেন্সাৰ প্ৰতিষ্ঠানত
পঢ়া ছাত্ৰ-ছাত্ৰীবোৰ সাধাৰণতে হোজা মানুহৰ সন্তান হোৱাৰ বাবে ঠগিবলৈও ভাল। চৰকাৰী
দৰমহা নোপোৱাৰ বাবে পাঠদান নকৰিলেও ক’বলৈ কোনো নাথাকে। ফলত ‘আন কাম’-ৰ যোগেদি ভাতমুঠি পোৱা
শিক্ষকসকলে নিৰ্বিঘ্নে শিক্ষকতাৰ এক নতুন সংস্কৃতি গঢ়ি তোলে। এই সংস্কৃতি বিদ্যালয়
প্ৰাদেশিকীকৰণ হোৱাৰ পাছতো বিশেষ সলনি নহয়। চৰকাৰী বিদ্যালয়ৰ অধঃপতনৰ কাৰণ বিচাৰোঁতেকেৱল শিক্ষামন্ত্ৰী
বা শিক্ষা বিভাগক গালি পৰাতকৈ এই দিশবোৰো চোৱাৰ প্ৰয়োজন আছে।
ডাঙৰ কথাটো হ’ল— বেছিভাগ শিক্ষকে নিজে
আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ আগলৈকে লাভ কৰা জ্ঞানেৰেই শিক্ষকতা আগুৱাই নি থাকে।
পৃথিৱীখন নিতৌ সলনি হৈ গৈ থকাৰ সময়ত আমাৰ শিক্ষকে
মাহতহে নালাগে বছৰতো এখন ভাল কিতাপ নপঢ়ে, আলোচনী নপঢ়ে, আনহে নালাগে বাতৰি কাকতো নপঢ়ে। নপঢ়াৰ অভ্যাস সৰ্বস্তৰৰ শিক্ষকেই ইমান বঢ়িয়াকৈ
গঢ়ি তুলিছে যে শিক্ষকৰ ঘৰত অভিধান এখন নথকাটোও এতিয়া আৰু অস্বাভাৱিক কথা হৈ থকা
নাই। নিজৰ বিষয়ে (এই সত্য কথাখিনি) কেইজন শিক্ষকে জানে? যি শিক্ষকে নিজৰ সামৰ্থ্য, দুৰ্বলতা আদিৰ বিচাৰ কৰিবও
নাজানে বা নোৱাৰে তেওঁ কৰা শিক্ষকতা কেনে পৰ্যায়ৰ হ’ব সুকীয়াকৈ বুজোৱাৰ প্ৰয়োজন নাই।
চৰকাৰে শিক্ষক নিযুক্তিৰ বাবে
আৱেদনপত্ৰ বিচৰাৰ সময়তো আজিকালি শ শ যুৱক যুৱতীয়ে শাৰী পাতে। সেই যুৱক-যুৱতীসকলৰ কোনোবা
কেৰাণী চাকৰিৰ বাবে সাক্ষাৎকাৰ দি বিফল হৈছে, কোনোবা পুলিচৰ চাকৰিৰ বাবে চেষ্টা কৰি বিফল হৈছে, কোনোবাই দেউতাৰ ব্যৱসায় চলাব
নোৱাৰি বিফল হৈছে, কিন্তু সকলোৱে নিজকে শিক্ষক
হোৱাৰ উপযুক্ত বুলি ভাবিছে। হয়তো সুযোগ-সুবিধাৰ মাজেৰে তেনে একোজনেই চৰকাৰী শিক্ষক হিচাপে নিযুক্তি
পাই গৈছে আৰু ৰাইজে চৰকাৰী বিদ্যালয়ৰ অধোগতিৰ বাবে অৰণ্য-ৰোদন কৰি মৰিছে।
ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান
প্ৰতিষ্ঠাৰ লগত ব্যৱসায় বা লাভ-লোকচানৰ যি অংক জড়িত হৈ আছে, সেয়া আন আলোচনাৰ বিষয়। কিন্তু এনে প্ৰতিষ্ঠান
জন্মৰ আঁৰৰ কাহিনীবোৰ ওপৰত কৈ অহা ভেন্সাৰ প্ৰতিষ্ঠানৰ সৈতে একে। একোখন ঠাইৰ যিসকল
‘শিক্ষিত’ যুৱক-যুৱতীয়ে আন কোনো উপায়ে জীৱিকা
উপাৰ্জন কৰিব পৰা নাই, তেওঁলোকে লগ লাগি বিদ্যালয় বা মহাবিদ্যালয় আৰম্ভ কৰে। নানা
টোপ-প্ৰলোভনেৰে
ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰি সেই ব্যক্তিগত প্ৰতিষ্ঠানসমূহে ‘শিক্ষা’ দি যায়।
বতৰীয়া ফুলৰ দৰে আৰু এচাম
শিক্ষক আমাৰ সমাজত আছে। ল’ৰাটো বা ছোৱালীজনী
স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ঘৰতে আছেহি, সদ্যহতে একোতে লাগিবলৈ সুযোগ পোৱা নাই, গতিকে পইচা যিয়েই নিদিয়ক, ওচৰৰ ব্যক্তিগত
বিদ্যালয়খনতে পঢ়াবলৈ গৈছে। চাওক,
সেই ল’ৰাটো বা ছোৱালীজনীয়ে এনেয়ে
থকা দিনকেইটাত মহৰী কৰিব নোৱাৰে,
মিস্ত্ৰী
কৰিব নোৱাৰে, দোকানত সহায়কাৰী হ’ব নোৱাৰে, বজাৰত ফচল বিক্ৰী কৰিব নোৱাৰে, ইলেক্ট্ৰিক ৱায়াৰিঙৰ কাম কৰিব
নোৱাৰে, কিন্তু শিক্ষকতা কৰিব পাৰে।
আৰু আমি তেনে শিক্ষকেৰে ভৰি থকা সমাজখনত মানসম্পন্ন শিক্ষাৰ সপোন দেখি মৰোঁ।
হয়, কথাবোৰ খুব নেতিবাচক হৈছে। কিন্তু এইখিনি কথাক প্ৰত্যাহ্বান জনোৱাৰ সাহস কেইজনৰ
আছে? ব্যক্তি হিচাপে দুই-এজনে প্ৰতিবাদ কৰাৰ
সততা অৰ্জন কৰিছে যদিও সমূহীয়াকৈ কাহানিবা আমি প্ৰতিবাদ কৰিব পাৰিমনে? লাখ টকা দৰমহা পোৱা কলেজ
শিক্ষকৰ ঘৰতে যেতিয়া আপুনি অভিধান এখন বিচাৰি নাপাব, তেনে সমাজত পোন্ধৰ হেজাৰ দৰমহা পোৱা শিক্ষকক দধীচি হ’বলৈ পৰামৰ্শ দিয়াৰ পৰিৱেশ
থাকেনে? অসমৰ নিৱনুৱাই কৰিব
পৰা অনেক কাম দম হৈ আছে। মাছ,
গাহৰি, মাহ, সৰিয়হ,
বস্ত্ৰ, ব্যৱসায় ইত্যাদি ইত্যাদি।
আমাৰ দহজন শিক্ষিত নিবনুৱাই গোট খাই তেনে একোটা কাম কৰিবলৈ সাহস নকৰে। দহজন ডেকা
গোট খাই বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পুহিবলৈ আগ বাঢ়ি নাহে, কবিৰ খেতি কৰিবলৈ আগ বাঢ়ি নাহে, কিন্তু বিদ্যালয় বা মহাবিদ্যালয় খুলি শিক্ষকতা কৰিবলৈ আগ বাঢ়ি
আহে। তাৰমানে শিক্ষকতা গাহৰি পোহাতকৈও সহজ,
কবিখেতি
কৰাতকৈও
সহজ! মানি নলৈ উপায় নাই
যে, জীৱনৰ সকলো কামতে বিফল, যোগ্যতাহীন সকলো ব্যক্তিয়ে কৰিব পৰা সহজ কামটো হ’ল শিক্ষকতা। এইখন সমাজত য়ুৰোপৰ শিক্ষকৰ সন্মানৰ
দোহাই দি আমাৰ শিক্ষকলৈ সন্মান বিচৰাটো কিমান অৰ্থহীন কথা, সেয়া বুজিবলৈ টান নহয়।
শিক্ষকতাৰ অধোগতি সম্পৰ্কে
কিবা ক’বলৈ ল’লেই আৱেগিক প্ৰতিবাদেৰে
বিষয়টো ধূসৰ কৰি পেলোৱাতকৈ কঠোৰভাৱে সমালোচনা কৰাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিলেহে
পৰিৱৰ্তন আশা কৰিব পাৰি। অন্যথা শিক্ষকতাৰ স্বৰূপ
প্ৰজন্মৰ পাছত প্ৰজন্ম অধঃপতিত হৈ গৈ থাকিব।
অন্ততঃ পোন্ধৰ বছৰ কাল
শিক্ষকতাৰ লগত জড়িত হৈ থাকি সামগ্ৰিকভাৱে শিক্ষকসকলৰ মাজত কিছুমান সীমাবদ্ধতা বা সমস্যা
লক্ষ্য কৰিছোঁ। ছাত্ৰ-ছাত্ৰীৰ পৰা যেতিয়া শিক্ষক আৰু শিক্ষকতা সম্পৰ্কে মত বিচাৰোঁ, তেতিয়াও প্ৰত্যক্ষ
আৰু পৰোক্ষভাৱে একেখিনি কথাকে লাভ কৰোঁ। আন পেছাৰ কথা নাজানো, নিজে শিক্ষকতাৰ লগত জড়িত
হোৱাৰ বাবে ইয়াৰ প্ৰকৃত মূল্য আৰু স্বৰূপ বুজাৰ চেষ্টা অনৱৰতে আছে, সেয়ে ইয়াৰ দুৰ্বলতাবোৰো বহু পৰিমাণে বুজি পাওঁ। নিজেও
সেই দুৰ্বলতাসমূহৰ চিকাৰ হৈছোঁ বুলি বুজি পাওঁ। শিক্ষক আৰু শিক্ষকতাক মূল পথৰ পৰা
বিচ্যুৎ কৰা তথা ক্ষতিগ্ৰস্ত কৰা সমস্যাসমূহৰ ভিতৰত এইকেইটা যথেষ্ট গুৰুত্বপূৰ্ণ
বুলি ভাবিব পাৰি—
১. অধ্যয়নহীনতা, ২. বৈষয়িক বিলাস, ৩. পুৰণি চিন্তা আৰু পুৰণি ন’ট্ছ, ৪. স্বাৰ্থহীনভাৱে নেতৃত্ব দিবলৈ
অপাৰগ, ৫. ৰাজহুৱা
দায়ৱদ্ধতাৰ অভাৱ, ৬. ধৰ্মীয় আচৰণৰ
বাহ্যিকতা, ৭. ছাত্ৰ-ছাত্ৰীৰ
ভৱিষ্যতৰ প্ৰতি উদাসীন, ৮. জাতীয় সমস্যাত
স্থিতিহীন বা অস্পষ্ট স্থিতি,
৯. নিজা
দৰ্শন আৰু আদৰ্শৰ অভাৱ, ১০. ছাত্ৰ-ছাত্ৰীক
চিন্তা কৰিবলৈ শিকোৱাতকৈ নিজা মতাদৰ্শ আৰোপ, ১১. পৰীক্ষাৰ বহী মূল্যায়নৰ সময়ত অৱহেলা তথা পক্ষপাতিত্ব, ১২. পৰীক্ষাৰ কথাৰে ত্ৰাসিত
কৰা বা প্ৰভুত্ব বিস্তাৰ কৰা,
১৩.
বেছিভাগ কামতে পাল মৰা, ১৪. অধিক সময়
প্ৰতিষ্ঠানত অনুপস্থিত থকা,
১৫.
নতুন তথা উদ্ভাৱনীমূলক চিন্তাৰ অভাৱ।
কৈফিয়ৎ নিষ্প্ৰয়োজন যে এশ
শতাংশ শিক্ষকৰ ক্ষেত্ৰতে কথাবোৰ সঁচা নহয়। সংখ্যাত কম হ’লেও শিক্ষকতাৰ মূল বুজি পোৱা আৰু শিক্ষকতাক সন্মানিত কৰা
মানুহ শেষ হৈ যোৱা নাই। কিন্তু গৰিষ্ঠ সংখ্যকেই যেতিয়া উটি-ভাহি যাব, তেতিয়া সামগ্ৰিক
ছবিখন ধূসৰ হৈ যোৱাটোৱেই স্বাভাৱিক। সেয়ে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক আৰু শিক্ষকতা
সম্পৰ্কীয় অভিজ্ঞতা বৰ্ণনা কৰিবলৈ ল’লে এনে কথাৰেই ৰচনা ভৰাই পেলাবলৈ বাধ্য হয়।
জীৱন আৰু জগতক ইতিবাচক ৰূপত
গ্ৰহণ কৰিবলৈ প্ৰায়ে পৰামৰ্শ দিয়া হয়। কিন্তু এই ‘ইতিবাচক’-ৰ কোনো সংজ্ঞা নাই।
বহু সময়ত ইতিবাচক মানে পলায়নৰে নামান্তৰ যেন লাগে। দেহত ঘা হ’লে তাক ইতিবাচক ৰূপত লৈ
চিকিৎসা নকৰাকৈ থাকিলেই ভাল হৈ যাবনে! বা ঘাৰ পৰা ওলোৱা দুৰ্গন্ধক কোনোবাই বেয়া বুলিলে বা
দেখুৱাই দিলে ক্ষোভিত হ’লে লাভ হ’বনে! তাক ‘ঘা’ বুলি গ্ৰহণ কৰি উপযুক্ত চিকিৎসা কৰাব লাগিব। নহ’লে বাঢ়ি গৈ থাকিব। আমাৰ সমাজৰ
আটাইবোৰ দিশতে সেইটোৱেই হৈ আহিছে। জোৰ-জবৰদস্তি নেতিবাচক কথা এটাক ইতিবাচক কৰিবলৈ চেষ্টা কৰা উচিত
নহয়। তাক নেতিবাচক হিচাপেই গ্ৰহণ কৰি সুস্থ কেনেকৈ কৰিব পাৰি, সেয়া চিন্তা কৰা
উচিত। শিক্ষকসকলৰ সামাজিক গুৰুত্ব যে অৱনমিত হৈছে সেয়া ইতিবাচকভাৱে গ্ৰহণ কৰিবলগীয়া কথা নহয়। যি শিক্ষকক
সমাজৰ ধৰণী হিচাপে গ্ৰহণ কৰা হয়,
শিক্ষকৰ
সেই অস্তিত্বৰ অৱক্ষয় সমাজৰ বাবে ভয়ংকৰ ভৱিষ্যতৰ ইঙ্গিত। জাতিৰ মেৰুদণ্ড নিৰ্মাণত
শিক্ষকৰ বাদে আন কোনেও ভূমিকা ল’ব নোৱাৰে। অসমীয়া
এনেয়েও বৰ সবল জাতি নহয়, তেনে স্থলত অসমৰ
শিক্ষকসকল যদি জাতিৰ মেৰুদণ্ড সবল কৰিব পৰা কোনো কাম কৰাত অসমৰ্থ হৈ পৰে, ই হৈ পৰিব সমাজ জীৱনৰ বাবে
আটাইতকৈ দুঃখবৰ। এই লেখাৰ মতবোৰ সৰ্বশেষ মত নহয়, বিতৰ্কৰ ঊৰ্ধ্বতো নহয়। সুস্থ বৌদ্ধিক বিতৰ্ক সদায় আদৰণীয়, এই বিষয়ৰ ক্ষেত্ৰত তেনে
বিতৰ্ক আৰু আলোচনা আমি আশা কৰোঁ। তেহে
শিক্ষক, শিক্ষকতা আৰু শৈক্ষিক
জগতৰ মান-মৰ্যাদা
কিছু ৰক্ষা পৰিব।