অন্যযুগ/


সিপাৰে যমুনাৰ


আকাশ দীপ্ত ঠাকুৰ
(যোৱা সংখ্যাৰ পিছৰ পৰা) 

নীলাঞ্জনাহঁতৰ পৰীক্ষাৰ ৰিজাল্ট ওলাবলৈ বেছি দিন নাই বুলি খা-খবৰবোৰ কাৰোবাৰ মুখেৰে গম পোৱা গৈছিল। দোকানৰ সন্মুখৰ গ্ৰাহকেনো নাগায় কি! বিভিন্ন কথা বিভিন্ন বাতৰি...। কিন্তু নিশা চাৰে ন বজাৰ পাছত কেতিয়াবা ঘৰখনৰ বাহিৰৰ ফালে কি হয় নহয় জানিবলৈ সিহঁতৰ উপায় নাথাকে। গধূলি ছয় বজাৰ পৰা আঠ বজালৈ দেউতাকে দোকান চলোৱাৰ সময়ত মাকে ভাতকেইটা ৰান্ধি আজৰি হৈ নিজৰ আছুতীয়া কোঠালিত সামগ্ৰী সাজু কৰে। দহ-এঘাৰ বজালৈ সেইবোৰ আড্ডাৰ কি হয় সিহঁতে‍ খবৰ ৰাখি পোৱা নাছিল। প্ৰায়ে দুয়োজনী দুফালে শুই পৰিছিল।
ম’বাইলটো ঘৰখনলৈ অহাৰ পাছৰ পৰা সিহঁতৰ টোপনি অহাটো পলম হ’বলৈ ধৰিলে। নিশা ভাত খোৱাৰ পাছতহে নিজানত কথা পাতিবলৈ ভাল। আৰু নিজানত এঘণ্টামান কথা নপতাকৈ অৰ্চনা বিছনালৈ নাহে। বায়েক শুবলৈ নাহিলে নীলাঞ্জনাৰনো টোপনি আহে কেনেকৈ?
এদিন নিশা নীলাঞ্জনাই সেই কথাটোকে ভাবি আছিল— এই যে বায়েকে হাতৰ টিপতে ম’বাইলটো লৈ পিছফাল পালেগৈ, কোঠাৰ ভিতৰত কথা পাতিবলৈনো কি অসুবিধা হয়? তাই অকলেহে বিছনাখনত পৰি থাকে; লগৰ ছোৱালীৰ সৈতেই যদি কথা পাতিব লাগে, তেন্তে ইমান লুক-ঢাক নকৰিলেওচোন হয়। মাকেতো একো ক’বই নোৱাৰে ভিতৰত কোনে কাৰ সৈতে কথা পাতি আছে। দেউতাক ঘৰেই সোমোৱাহি নাই গতিকে...
কথাটো ভাবি শেষ নহওঁতেই নীলাঞ্জনা উচাপ খাই উঠিছিল; আগফালে কোনোবাই কাৰোবাক গঁতিয়াই দিলে ক’ৰবাত গৈ উফৰি পৰিলে যেনেকুৱা শব্দ হয়, ঠিক তেনেকুৱা যেন কিবা এটা শব্দ হ’ল। কিনো হ’ল তৰ্কিবলৈ বুলি তাই বিছনাত বহোঁতেই দেউতাকৰ মুখৰ পৰা অবাইচ মাতৰ সৈতে গালি উফৰি আহিল— “...কথা ক’বলৈ আহিছ...তোক আজি মই...’’
মাকৰ মুখৰ চেপা মৰা চিঞৰো তাইৰ কাণলৈ আহিছিল— “...কাৰ ওপৰত বৰমতা দেখুৱাইছ তই... চুপ থাক। বাহিৰৰ মানুহে শুনাকৈ তামাচা কৰিবলৈ নাহিবি...”
কাজিয়া লাগিছিল মাক-দেউতাকৰ... ভীষণ কাজিয়া...। যিমানেই ডাঙৰ কাজিয়া নহওক কিয়, মাক-দেউতাক কোনেও ভিতৰৰ কোঠালৈ আহি চিঞৰ-বাখৰ নকৰেহি বুলি তাই জানে। আগতেও বহুত কাজিয়া সিহঁতে  দেখিছে। চিঞৰ-বাখৰ, কন্দা-কটা, হুলস্থূল বহুত শুনি শুনি অভ্যস্ত হৈ পৰিছে। পৃথিৱীৰ সকলো অবাইচ মাত তাই মাক-দেউতাকৰ মুখত শুনিছে। কেতিয়াবা হয়তো সিহঁতে‍ টোপনিত থাকোঁতে দুয়োৰে মাজত পিছফালে একোখন খকা-খুন্দা লাগে। পাছদিনা পুৱা দেউতাকৰ মুখৰ এফাল অকণমান ফুলি থকা দেখিলে সিহঁতে‍ ধৰিব পাৰে; স্কুলৰ পৰা আহি মাকৰ হাত একোখনত দাগ দেখিলেও ধাৰণা কৰিব পাৰে, ভৰি এটা লেঙেৰাই খোজ দিয়া দেখিলেও আগনিশা কাজিয়াৰ ধৰণ সম্পৰ্কে এটা অনুমান কৰিব পাৰে। গাত হাত নোতোলাকৈ মুখচুপতি মৰা কাজিয়াবোৰতো ঘৰখনত তিনিদিনীয়া উৎসৱৰ দৰে। হৈয়ে থাকে চলিয়ে থাকে... সেইবোৰ শুনি শুনি শেষ নহওঁতেই সিহঁতৰ টোপনিও আহিছে। নিত্য-নৈমিত্তিক ঘটনাৰ দৰে হৈ থকা সেই কাজিয়াবোৰ দেখি-শুনি নীলাঞ্জনাই মনতে এটা ধাৰণা কৰি লৈছিল যে সৰহ ভাগ কাজিয়াৰ উৎস সেই মাণিক নামৰ মানুহটো। দেউতাকে সেই মানুহটোক মুঠেই সহ্য নকৰে আৰু সি লুকাই-চুৰকৈ মাকৰ কাষলৈ আহি থাকে। মদ খাবলৈকে আহে নে অন্য কিবা কথা আছে, তাই জনা নাছিল; জানিবলৈ বিচৰাও নাছিল।
...বহুত সময়... নীলাঞ্জনা শিল পৰা কপৌ হৈ বিছনাখনতে বহি ৰৈছিল। এজাক ঢাহি-মুহি নিয়া ধুমুহাৰ পাছত যেন নিঃস্ব হৈ পৰি ৰোৱা এটি পঁজা। ...কিয় জানিলে তাই কিছুমান কথা...। নজনাকৈয়ে থাকি যাব পৰা হ’লে জীৱনটোলৈ...। সেইদৰেইতো সেইবোৰ কথা থাকি গ’লহেঁতেন, জঁপাত সোমাই থকা পুৰণি, অলাগতি‍য়াল কাপোৰৰ দৰে...। সিহঁত দুয়োজনী টোপনি গ’ল বুলি ভাবিয়ে তেওঁলোকে সেই কথাবোৰ খঙৰ ভমকত উজাৰি পেলালে। নহ’লেতো... আগৰ দৰেই হয়তো মাৰ-পিট হ’লহেঁতেন, কাৰোবাৰ হাত, ভৰি হয়তো ভাগিলহেঁতেন; কিন্তু সেইবোৰ... সেইবোৰ কথা... সেই নুশুনিবলগীয়া কথাবোৰ তাই শুনিবলগীয়া নহ’লহেঁতেন চাগৈ কাহানিও...।
দেউতাকে নিবিচাৰিছিল সেই মাণিক নামৰ মানুহটো সিহঁতৰ ঘৰলৈ অহাটো; তেন্তে... মাকে কিয় বিচাৰে? সেই কিয়ৰ উত্তৰ দিবলৈ গৈ ঘটনা ইমান দূৰ পাবলগীয়া হ’ল? দেউতাকে বোধকৰোঁ নেলু চেপি ধৰি মাকক সুধিছিল সেইষাৰ কথা—  “...লাজ লগা নাই তোৰ? মোৰ ঘৰত, মোৰ চকুৰ আগত তই তাৰ লগত...?” কি কৈছিল মাকে তেতিয়া? — এইখন ঘৰ, এই দোকান ...এই সা-সম্পত্তি বুলিবলৈ যিখিনি আছে, তাত সিহঁতৰ দেউতাকৰ একোৱেই নাই? খুদ মগনীয়া আছিল তাইৰ দেউতাক? মাকে আশ্ৰয় দিয়া বাবে তেওঁ নিজৰ পৰিচয় পালে?
নীলাঞ্জনাই একো ভাবিব নোৱৰা হৈ পৰিছিল। মূৰটোত দুহাতেৰে হেঁচি ধৰি তাই বিছনাখনতে বহি ৰৈছিল। —ক’ত... প্ৰকৃততেই ক’ত থাকিব লাগিছিল সিহঁত; দেউতাকৰ ঘৰত? আৰু আছেহি ক’ত সিহঁত— য’ত সিহঁতৰ দেউতাকৰ নিজৰ বুলিবলৈ একোৱেই নাই। মাকৰ চৰিত্ৰ সম্পৰ্কে ভাল ধাৰণা এটা তাইৰ কাহানিও নাছিল। অন্ততঃ জনা-বুজা হোৱাৰে পৰা সদায় তাই মাকক বেয়া পাইছিল কেৱল চৰিত্ৰৰ বাবেই। আৰু অৱশেষত তাই কি গম পালে? তাইৰ মাক জন্মগতভাৱে বেশ্যা? দেহোপজীৱিনী? কোনোবা নাম নজনা মানুহৰ ৰক্ষিতা? আৰু দেউতাকে ইমান আপত্তি কৰা সত্ত্বেও আজি সেই মাণিক নামৰ মানুহটোৰ লগতে মাকক বেয়াকৈ ধৰা পেলালেহি! কি হৈ গ’ল এইবোৰ...?
...আৰু তাইৰ বায়েক...; নীলাঞ্জানাই এবাৰ জিকাৰ খাই উঠিছিল। যিটো সম্পৰ্কৰ বাদে পৃথিৱীত আৰু আপোন তাইৰ বাবে একোৱেই নাছিল, সেইজনী বায়েকো একেজন পিতৃৰ সন্তান  নহয়? তেন্তে  কাৰ সন্তান অৰ্চনা? কোন তাইৰ পিতৃ? পিতৃপৰিচয়হীন এক জাৰজ সন্তান নেকি অৰ্চনা? তাই নিজে... আছেনে পৰিচয় তাইৰ পিতৃৰ?
মাক-দেউতাকৰ কাজিয়াৰ শেষৰ ফালে নীলাঞ্জনাই আৰু একো শুনিব নোৱৰা হৈ পৰিছিল। মুখত সোপা দি তাই পিছফাললৈ ওলাই আহিছিল। তাই... নিজকে চম্ভালিব পৰা নাছিল,  বৰকৈ ইচ্ছা হৈছিল বায়েকক সাবটি ধৰি এবাৰ তাই কান্দিব, মনৰ হেঁপাহ পলুৱাই এবাৰ কান্দিব। কান্দি কান্দি ক’ব— আমাৰ আৰু একো নাই মাতোবা। এই মানুহহালে আমাক শেষ কৰি দিলে। তোকে-মোকেও একে কৰি নাৰাখিলে অ’।”
তাই পিছফাললৈ আহি বায়েকক বিচাৰিলে, নাই...· ভালকৈ চাই দেখিলে গা-ধোৱা ঘৰৰ সিপাৰে সেই অকণমান পকী ঠাইডোখৰত আঁৰ হৈ অৰ্চনা  ফ’নত কথা পতাত ব্যস্ত। মাক-দেউতাকৰ সেইবোৰ কাজিয়া তাই গমেই নাপালে ...একো নাজানিলে৷ কি আচৰিত! ইমান হুলস্থূল হৈ গ’ল, অথচ তাই নুশুনিলে! আৰু মাক-দেউতাকেও এবাৰলৈও ভবা নাছিলনে যে সিমান চিঞৰ-বাখৰত শুই থাকিলেও ছোৱালী দুজনী সাৰ পাই যাব, গোপন বুলিবলৈ একো কথাই নাথাকিব!
  নীলাঞ্জনা আহি পিছফালে থিয় হোৱাও অৰ্চনাই ক’ব নোৱাৰিছিল। সেইখিনিতে বেৰত আঁউজি তাই হুকহুকাই কান্দি পেলালে। অৰ্চনাই যেন তেতিয়াহে কিবা এটা অনুমান কৰিলে। পিছফালে উভতি চাই তাই নীলাঞ্জনাক সেইদৰে কান্দি থকা দেখি অবাক হ’ল। সিফালে ফ’নটোত কিবা এষাৰ কৈ তাই কাটি দিলে আৰু চিধাই তাইৰ ওচৰ পালেহি—  “কি হ’ল তোৰ? কিয় কান্দিছ? কচোন কি হ’ল?”
  ভিতৰৰ পৰা ভোৰভোৰাই তীব্ৰ খঙত মাকক এবাৰ ওলাই অহা দুয়োজনীয়ে দেখিলে। পাছ মুহূৰ্ততে আকৌ একে ৰণচণ্ডী মূৰ্তি ধৰি ভিতৰলৈ সোমায়ো গ’ল।
  নীলাঞ্জনাই নিজকে আৰু সংযত কৰি ৰাখিব নোৱাৰিলে। বায়েকৰ গাতে পৰি তাই ফোঁপাই ফোঁপাই কান্দি উঠিল। অৰ্চনাই দুহাতেৰে সাবটি যিমানেই ভনীয়েকক আশ্বাস দিব খুজিলে, সিমানেই যেন নীলাঞ্জনাৰ উচুপনি বাঢ়ি আহিল। উপায় নাপাই অৰ্চনাই তাইৰ গাত ধৰি ঘটালি পেলালে—  “কি হৈছে নকৱ কিয়? মায়ে কিবা ক’লে?”
  অৱশেষত তাই শান্ত হ’ল। বায়েকক ইংগিতেৰে ভিতৰৰ ফালে দেখুৱাই বুজালে— সেইহালৰ ভালকৈয়ে কাজিয়া লাগিছে,  লাগিয়ে আছে।
  “কাজিয়া লাগিছে, সেয়া কি নতুন কথা হ’ল? লাগিয়ে থাকেচোন। তোৰনো আকৌ কান্দিবলৈ কি হ’ল?” — অৰ্চনাই তাইক মৰমেৰে বুজাব খুজিছিল।
  দুয়োজনী লাহে লাহে গা-ধোৱা ঘৰৰ কাষৰ পকীডোখৰতে পুনৰ বহি পৰিল। নীলাঞ্জনাই যি শুনিছিল সকলো কথা বায়েকক ক’লে। বহুত সময় অৰ্চনা সেইদৰেই বহি ৰ’ল। তাই যেন বোবা হৈ পৰিছে। নীলাঞ্জনাই তেতিয়াও তাইৰ বাঁও কান্ধতে মূৰটো পেলাই উচুপি আছিল।
  বহু সময় সিহঁতক ভিতৰত নেদেখি হ’বলা মাকে আকৌ এবাৰ মুখেৰে ভোৰভোৰাই পিছফালে আহি চাই গ’লহি। দুয়োজনীকে তেনেকৈ বহি থকা দেখি তেওঁ ভালেই পালে— অন্ততঃ ভিতৰৰ কাজিয়া ইহঁতে‍ নুশুনিলে। এবাৰ দুয়োজনীকে সকীয়াই থৈ গ’ল—  “শুবলৈ নাহ কিয়? বাপেৰে সেইটো আনি দিছে, তাকে লৈ উমলি থাক, দিন নাই ৰাতি নাই কেৱল ফ’ন ফ’ন...”
  মাকৰ বকনি সিহঁতে‍ চিনি পায়। আৰু এঘণ্টা সেইদৰে বাহিৰত দুইজনী বহি থাকিলেও তেওঁৰ খবৰ নাথাকে। একেলগে থাকিলে চিন্তা কিহৰ। নিজে খাই বৈ শুবগৈ। দেউতাকেতো চাগৈ নিজেও এজাউৰি খোৱাৰ পাছত এতিয়ালৈ দীঘল দিলে।
  অৰ্চনাই লাহে লাহে ভনীয়েকৰ মূৰত হাত ফুৰাই দিলে—  “কান্দি ল। যিমান পাৰি সিমান কান্দি ল আজিয়ে। কাইলৈৰ পৰা আৰু কান্দিব নোৱাৰ। কাৰণ এইবোৰ কথা, যিবোৰ তই আজি জানিলি, সেইবোৰেই আমাৰ জীৱন, আমাৰ ভাগ্য সকলো। তই আজি জানিছ, মই কাহানিবাই সকলো জানো। অকল ময়ে নহয়, এই যে আমাৰ দোকানলৈ আহি গৈ থকা মানুহবোৰ দেখিছ, আমাৰ ওচৰে-পাঁজৰে সৌ অলকা বৰমাহঁত... সকলোৱে কথাবোৰ জানে বুলিয়ে ধৰি ল।”
  নীলাঞ্জনাই কান্দিবলৈ এৰিছিল। অবাক হৈ তাই বায়েকলৈ চালে। ইমানবোৰ কথা বায়েকে কাহানিবাই জানে! কেতিয়াৰ পৰা জানে? কিয় তাই একো জানিবলৈ কাহানিও কোনো সুযোগ নাপালে। ইমান দিনে সিহঁতে‍ দেউতাকৰ ভৰসাতেইতো এনেকৈ নিজকে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। মাকৰ চৰিত্ৰক সমৰ্থন কৰিব নোৱৰা সিহঁতৰ মনটোৱেতো সদায় দেউতাকৰ মৰম-অচিলা লৈয়ে ডাঙৰ হৈ আহিছিল। আৰু আজি... সেই মৰমো দুই বাই-ভনীৰ উমৈহতীয়া নহয় বুলি তাই গম পালে। অথচ ইমান দিনে তাই ভাবি লৈছিল... নহয়, ভাবি থকাৰ কথাই নহয়, তাইতো নিশ্চিত আছিল যে দেউতাকে ডাঙৰ ছোৱালী হিচাপে বায়েকক তাইতকৈ বেছি মৰম কৰিছিল। আৰু অৱশেষত... সেইজনী বায়েকৰে প্ৰকৃত পিতৃৰ পৰিচয়ো জানিবলৈ সিহঁতৰ ওচৰত কোনো উপায়ে নাই।
আক্ষেপ হ’ল নীলাঞ্জনাৰ। সকলো জানিও বায়েকে তাইক এনেকৈ...। নহয়, তায়ো জানিব লাগিব, অৰ্চনাই কেতিয়াৰ পৰা কথাবোৰ জানিছিল, অন্ততঃ সেই কথাটো জানিব লাগিব।
“কি কৰিবি জানি। মোৰ দেউতা কোন মই নিজেই নাজানো; কিন্তু এইজন মোৰ আচল দেউতাতকৈ বহুত ভাল বুলি ভাবোঁ সদায়। হয়, তেওঁ মদ খায়। মাৰ সৈতে কাজিয়া কৰে। তথাপি... মোৰ আপোন পিতৃৰ দৰে মোক এৰি থৈ যোৱাৰ পৰিৱৰ্তে নিজৰ ছোৱালীৰ দৰে তুলি ধৰিলে। মই যে তেওঁৰ সন্তান নহয়, বেলেগৰ সন্তান— সেই দৃষ্টিৰে কাহানিও মোক চোৱা নাছিল। আৰু সেইবাবেই তোক মই এইবোৰ একো জানিবলৈ দিয়া নাছিলোঁ। অন্ততঃ তই একো নজনাকৈয়ে থাকি যা, মই তাকে বিচাৰিছিলোঁ।”
অৰ্চনা অলপ ৰ’ল। পোনপটীয়াকৈ নীলাঞ্জনালৈ চালে—  “ভালেই হ’ল দে, তই সকলো জানিলি। এতিয়া অন্ততঃ তয়ো ভাবিবলৈ শিকিবি— আমাৰ ভৱিষ্যত কি! কি কৰিবলৈ ডাঙৰ হৈছোঁ আমি! ঘৰখনৰ চাৰিবেৰৰ আঁৰত থাকি কেৱল ঘৰৰ কাম কৰি যাম? মা-দেউতাই আমাক পঢ়ুৱাইছে, তেওঁলোক যিয়েই নহওক কিয়, আমি ভাল হ’ব লাগে— তাৰ বাদে একো চিন্তা নাই তেওঁলোকৰ। আৰু... আমি ভাল হৈয়ে থাকি গ’লোঁ যেনিবা, তেওঁলোকে বিচৰাৰ দৰে; তাৰ পাছত... তাৰ পাছত কি হ’ব? সকলো ছোৱালীৰ দৰে মোৰো এদিন মন যাব— বেলেগ এখন ঘৰলৈ, কাৰোবাৰ জীৱনলৈ বুলি নিজকে সাজু কৰিবলৈ। তয়ে কচোন নীলু—কোন পৰিয়ালৰ মানুহে এইখন ঘৰৰ ছোৱালী নিজৰ ঘৰলৈ বোৱাৰী কৰি নিব? ...কি কৰিম আমি? অন্য বহুত ছোৱালীৰ দৰে চাকৰি এটা কৰিবলৈ সামৰ্থ, যোগ্যতা একোৱেইতো নাই। তেন্তে? মাৰ দৰে এদিন মদ বেচিম? নিজৰ দেহাটো আনলৈ এৰি বেশ্যা হ’ম? কি কৰিম... তই ক৷”
অৰ্চনাই শেষৰ ফালে কান্দি পেলাইছিল। শিয়ৰি উঠিছিল নীলাঞ্জনা। কিমান সঁচা কথা কৈছে বায়েকে। কিমান বাস্তৱসন্মত কথা! এতিয়া তাই সৰু হৈয়ে আছে বুলি একো নজনাকৈয়ে এদিন ভাৰ্গৱৰ দৰে ল’ৰায়ো তাইক প্ৰেম নিৱে‍দন কৰিছিল। লাহে লাহে সকলোৱে সকলো কথা বিচাৰ কৰি চাব, তেতিয়া...? কি হ’ব তাইৰ মনৰ আৱেগ-অনুভূতিবোৰৰ? এইহাল মাক-দেউতাকে সিহঁতৰ ভাল চিন্তাকে কৰিছে বুলি ধৰি ল’লেও প্ৰকৃততে সিহঁতৰ ভাল কৰিব পাৰিবনে?
অৰ্চনাই নিজকে সংযত কৰি লৈছিল— “নিজৰ জীৱন কেনেকৈ জী থাকিব লাগিব, সেয়া নিজেই ঠিক কৰি ল’ব পৰাকৈ সাজু হৈ ল। সকলো গম পালি যেতিয়া... অন্ততঃ জীৱনৰ পথ বাছি‍ ল’বলৈ তোৰো অসুবিধা নহ’ব। নিজকে যুঁজিবলৈ বুলি টেঙৰ কৰি ল। তইতো এদিন ওলাই যাবি। কলেজত পঢ়িবি; কিন্তু মোৰ... মই কি কৰিম! সেয়েহে... লাহে লাহে ময়ো মোৰ পথ নিৰ্বাচন কৰি লৈছোঁ। নিজকে যিমান পাৰি কঠোৰ কৰিছোঁ। সকলো এৰিবলৈ যাতে এদিন অসুবিধা নহয়।”
অৰ্চনাই শেষৰ কথাকেইটা কওঁতে নীলাঞ্জনাই চপাই লৈ বহা আঁঠু দুটাত থুঁতৰিৰে ভেঁজা দি জীৱনৰ বিষয়ে কিবা এটা চিন্তা কৰিব খুজিছিল। হঠাৎ তাইৰ শেষৰ কথাকেইটাই নীলাঞ্জনাৰ মগজুটো জোকাৰি থৈ গ’ল। কি বুজাব খুজিছে অৰ্চনাই? ওলাই যাবলৈ সুবিধা পাব পাৰে বাবেই জীৱনটোক সঠিকভাৱে পৰিচালিত কৰিব পৰাকৈ চতুৰ হৈ ল’ব লাগে। সময় আহিলেই এই সকলো এৰি পেলাবলৈ নিজকে সাজু কৰি ল’ব লাগে...। আৰু অৰ্চনাই নিজে কি কৰিব খুজিছে? তাই এইখন ঘৰৰ চাৰিবেৰৰ মাজত বন্দী। আৰু বন্দিত্বক মানি লৈও শিকলি ভঙাৰ চেষ্টা কৰিছে তাই...· কেনেকৈ...· সেই যে... তাই লুকাই-চুৰকৈ এনেকৈ ফ’নত ব্যস্ত হৈ পৰিছে... তাৰমানে...।
নীলাঞ্জনাই মূৰ তুলি এবাৰ বায়েকলৈ চালে। অৰ্চনা তেতিয়া ম’বাইলত কিবা বাৰ্তা লিখাত ব্যস্ত হৈ পৰিছে। কুটুককৈ শব্দ কৰি বাৰ্তা অহাৰ সংকেতবোৰো আহি আছে। নীলাঞ্জনাৰ বুকুখনত যেন শোকে খুন্দা মাৰি ধৰিব খুজিলে— কিমান সৰল তাইৰ বায়েকজনী! যি কৰি আছে, সেয়া সঁচাকৈ ভাবি-চিন্তিয়ে কৰিছেনে? এদিন যদি... তাই নিৰ্বাচন কৰি লোৱা পথটো ভুল বুলি প্ৰমাণিত হয়...? তেতিয়া...? কেনি যাব তাই? কি কৰিব?
নিজৰ মাজতে কেইবাবাৰো মূৰটো জোকাৰি পেলাইছিল নীলাঞ্জনাই। আৰু তাই চিন্তা নকৰে একো কথা। অৰ্চনাই কৈছিল—সকলো এৰিবলৈ যাতে এদিন অসুবিধা নহয়, তাই তাৰে চেষ্টা কৰিছে। ...তায়ো কৰিব, যেনেকুৱা হ’লে তাই এই জীৱনটোৰ পৰা মুক্তি লাভ কৰিবলৈ সহজ হ’ব— নীলাঞ্জনায়ো সেই চেষ্টাকে কৰিব; কেৱল পথ নিৰ্বাচন হয়তো বেলেগ হ’ব পাৰে, লক্ষ্য হয়তো স্থিৰ নহ’ব পাৰে; কিন্তু উদ্দেশ্য দুয়োৰে একেই হ’ব— বন্ধনমুক্তি। প্ৰতীক্ষা কেৱল তাইৰ পৰীক্ষাৰ ফলাফললৈ...। 
ভ্ৰাম্যভাষ:

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ