আকাশ দীপ্ত ঠাকুৰ
আৰু সময়বোৰ সঁচাকৈ কেনেকৈ,
কোনফালেদি আহি কেনিনো গুচি যায় তৰ্কিবইচোন নোৱাৰি। এদিন নীলাঞ্জনাই
মেখেলা-চাদৰ পিন্ধি স্কুললৈ গ’ল। অৰ্চনা অৱশ্যে তেতিয়ালৈ কলেজ পাবগৈ লাগিছিল;
কিন্তু দুবাৰকৈ মেট্ৰি
ক ফেই
ল কৰি তৃতীয়বাৰৰ বাবে নিজকে সাজু কৰিবলৈ তাই ঘৰতে থাকিবলগীয়া হ’ল। ডাঙৰজনী
ঘৰত সোমাল যেতিয়া সকলোৰে মনৰ চিন্তাবোৰ যেন আধাখিনি কমিয়ে গ’ল। সৰুজনীয়ে ঘপহ্কৈ
একো সাংঘাতিক কাম নকৰে;
তাই এতিয়াও সৰু ছোৱালী হৈয়ে
আছে— মাক-দেউতাকৰ মনৰ ভাববোৰ অলপ হ’লেও যেন তেনেকুৱাই হৈ পৰিছিল। গতিকে... নীলাঞ্জনাই
লাহে লাহে চতুৰ হ’বলৈ শিকিলে। কোনেও কাষলৈ আহি তাইক— ‘
‘ভণ্টি
চকলেট এটা খাবা নেকি’’
বুলি সুধিবহি নালাগে। স্কুলৰ পানীখোৱা
ছুটীৰ সময়ত সন্মুখৰ ফো
চকাৱালাটোৰ পৰা দুই প্লেট ফো
চকাৰ দাম দিব পৰা দাদা এটা-দুটা তাই এজাক ছোৱালীৰ মাজত থাকিয়ে গোটাব জনা
হৈ পৰিল। প্ৰায় একে সময়তে ছুটী দিয়া আঁতৰৰ সেই ল’ৰাৰ স্কুলখনৰ পৰা এটা দুটাকৈ
ল’ৰাবোৰৰ জাকবোৰ পাৰ হৈ নোযোৱালৈকে,
তাৰ মাজৰে দুটা-এটালৈ
চাই মিচিকিয়াই হাঁহিৰে বিদায় নজনোৱাকৈ দেউতাকৰ স্কুটাৰৰ পিছত সতকাই উঠি নিদিবলৈ কি
কি বুদ্ধি কৰিব লাগে তাই ভালকৈয়ে জানে। বৰ বেছি দ-
লৈ কথাবোৰ
তেখেতে চিন্তা কৰি নাথাকে।— “দে’তা,
সেই মুচিটোৰ ওচৰত মই
চেণ্ডেল ঠিক কৰাইছিলোঁ,
সাউৎকৈ টকাটো দি আহোঁ,
অকণমান ৰ’বা দেই।” দেউতাকে সন্মুখলৈ চাই ৰৈ থাকোঁতেই মুচিটো বহি থকা
গছজোপাৰ সিপাৰৰ ল’ৰা তিনিটাৰ দৃষ্টি টানি আনিব পৰাৰ কৌশলখিনি
তাই ঠিকেই আয়ত্ত কৰিলে। পিছে এদিন তায়ো চিন্তা কৰিলে— এনেকৈ দূৰে দূৰে কিবা ভাল
নালাগে। কথা পাতিবলৈ মন থাকিলে মুকলিকৈ পাতিব পাৰিব লাগে। ‘‘তোমাৰ নামটো কি? কিহত পঢ়া?’’ বুলি
সুধিব আৰু থাউকতে সেইটো নোহোৱা হ’ব— এইবোৰ কিবা আধা-আধৰুৱা
খেল। ওহোঁ, এইদৰে ভাল নালাগে।
পাছদিনা নিশা তাই মাকে শুনাকৈ দেউতাকক ক’লে— “দে’তা, আমাৰ লগৰ সৱেই ইংৰাজীৰ ক্লাছ লৈছে। ময়ো ল’ম; ইমান টান ক’ৰ্ছটো।”
মাকে কেৰাহিকৈ চালে যদিও একো মন্তব্য নিদিলে। ক্লাছ এটা লোৱাটো বেয়া
কথা নহয়। বায়েকতকৈ তাইৰ মগজুটো আছে। তাইকো সময়ত ক্লাছ এটা দিব পৰাহেঁতেন চাগৈ
এনেকৈ ফেইল নকৰিলেইহেঁতেন বা।
নীলাঞ্জনায়ো আকৌ নিশাৰ ভাগলৈহে দেউতাকক ইংৰাজীৰ ক্লাছ লোৱাৰ কথাটো
কৈছিল; কিয়নো তাই জানে সেই সময়ত মানুহটোৱে মদৰ নিচাত সকলো
শলাগিয়ে থ’ব। আৰু সঁচাকৈ ঠিক তেনেকুৱাই হ’ল— “কিমান সময়ত থাকে ক্লাছটো?”
তাই ক’লে— “পুৱা ছয় বজাৰপৰা ল’ব। তুমি মোক নমাই থৈ আহিবা আৰু সাত
বজাৰ পাছত আকৌ লৈ আহিবা। পাছত গা-পা ধুই স্কুললৈ ওলাব পাৰিম।”
দেউতাকে তাইলৈ ঢুল্ঢুলীয়া চকুৰে চালে— “হ’ব।
ওলাবি। পঢ়িব লাগে। ভালকৈ পঢ়িবি...। পিছে কোন মাষ্টৰে ল’ব?”
নীলাঞ্জনাই জানে, কোন মাষ্টৰে ক্লাছ ল’ব— দেউতাকে
এনেই সুধিব লাগে বাবে সুধিছে। সেইবোৰ কাকো বুজাই কৈ একো লাভ নাই— সকাম খাবলৈ গ’লে
জলপানটো ভালদৰে পালেই হ’ল, কাৰ সকাম কিয় লাগিছে?
পাছৰ সপ্তাহৰ পৰা নীলাঞ্জনাৰ ইংৰাজীৰ ক্লাছ আৰম্ভ হ’ল। সোম, বুধ, শুকুৰবাৰে পুৱা পাঁচ বজাত উঠি গা-পা ধুই তাই
ওলাই যায়। দেউতাকে দোকানৰ পাত্তা দুখনমান খুলি থৈ অৰ্চনাক চিঞৰে— “আইজনী, দোকানলৈ অকণ মন দিবি। মই পামহি।”
বিছটামান ল’ৰা-ছোৱালীয়ে একেলগে এটা কোঠালিত
বহি লৈ কৰা এটা ক্লাছ। নীলাঞ্জনাৰ বাবে এটা আচহুৱা শিহৰণ। আঁতৰৰ পৰা দেখি থকা,
মন ভাল লগা সেই ফুল-তৰা-গান সকলো যেন কাষলৈ আহি চৌপাশৰ পৰা তাইক
আৱৰি ধৰিলেহি। সন্মুখৰ দুখন বেঞ্চত সিহঁত ছোৱালীবোৰ বহিছিল, পাছৰ
ফালে ল’ৰাবোৰ বহে। ছাৰ সোমোৱাৰ আগৰ সিহঁতৰ হাঁহি-ধেমালিবোৰে যেন কাণ দুখন ভৰাই
পেলাব খোজে। ল’ৰাবোৰৰ দুটামান দেখাত লাজকুৰীয়া, দুটামান আকৌ
মহা উৎপতীয়া... মুঠতে ৰং-ধেমালিৰে পৰিৱেশটো ভৰাই তুলিব পৰাকৈ কেইবাটাও ল’ৰা।
নীলাঞ্জনাই মন কৰিছিল দুদিনমান ক্লাছ কৰাৰ পাছতে সিহঁতে প্ৰায় চিনাকিৰ দৰেই হৈ পৰিছিল। চকুৱে চকুৱে পৰিলে দুটামানে হাঁহিব খোজে।
দেহৰ ভিতৰত যেন বিজুলীয়ে ঢৌ খেলি যায়।
এদিন পুৱাতে দেউতাকে তাইক নমাই দিওঁতে তাই মন কৰিছিল— দূৰৈৰ পৰা
নয়নমণি নামৰ ল’ৰাটো জোৰেৰে চাইকেল চলাই আহিছে। তাই অলপ খৰকৈ গ’লেই আগতেই সোমাবগৈ
পাৰিলেহেঁতেন। ইচ্ছা কৰিয়ে তাই খোজৰ গতি মন্থৰ কৰি দিলে। দুয়ো একে সময়তে গে’টখন খুলি সোমাব খোজোঁতে সি সুধিলে— “আহিলা?”
তায়ো নম্ৰভাৱে মূৰ জোকাৰিলে। সেইদিনা ক্লাছৰ পৰা আহিবৰ সময়তো সি আকৌ
এবাৰ তাইলৈ চাই হাঁহিলে। এদিন-দুদিনকৈ এনেকৈয়ে সিহঁত আৰু দুটামানৰ সৈতে নীলাঞ্জনাৰ
চা-চিনাকি অন্তৰংগতা বাঢ়ি গ’ল। এদিন ক্লাছৰ পৰা ওলাওঁতে
হিমাংশু নামৰ উৎপতীয়া ল’ৰাটোৱে লাহেকৈ তাইৰ কাষলৈ আহি ক’লেহি— “স্বাগতে তোমাক
ক’বলৈ কথা এটা কৈ পঠাইছে।”
তাই মুহূৰ্ততে ৰঙা পৰি উঠিল। স্বাগত নামৰ ল’ৰাটোক তাই চিনি পায়।
ঠাণ্ডা প্ৰকৃতিৰ ল’ৰা। তাই মূৰ তুলি হিমাংশুলৈ চালে— “সিনো নিজে নকয় কিয়?”
হিমাংশুৱে হো-হোৱাই হাঁহি দিলে— “তাৰ হেনো লাজ
লাগে।”
নীলাঞ্জনা সংযত হ’ল, বেছি পাতল হোৱাটো উচিত
নহয়। ইফালে দূৰৈত দেউতাক স্কুটাৰতে ৰৈ আছে। হিমাংশুৰ ফালে তীক্ষ্ন দৃষ্টিৰে চাই
তাই কৈছিল— “লাজ লগা কথা যদি নালাগে ক’ব। আৰু... যি কয়, তাক
নিজে ক’বলৈ ক’বা।”
পিছে ঘৰলৈ আহোঁতে গোটেই বাটটো তাই ভাবি আহিছিল— কি কথা ক’লেহেঁতেন
বাৰু স্বাগতৰ হৈ হিমাংশুৱে। শুনা হ’লেই ভাল আছিল নেকি! পাছৰ ক্লাছটোলৈ আকৌ মাজত
এদিন বিৰতি থাকে। সেই সময়ছোৱাত প্ৰতি মুহূৰ্ততে তাইৰ মনলৈ স্বাগতৰ লাজকুৰীয়া মুখখন
ভাহি আহি থাকিল।
মনত অতি উৎকণ্ঠা লৈ অথচ বাহিৰত একো প্ৰকাশ পাব নোৱৰাকৈ তাই পাছৰ
ক্লাছটোলৈ গ’ল। সুবিধা এটা মিলাই যেনেকৈয়ে নহওক স্বাগতক এবাৰ মাতিব লাগিব— মনতে
তাই ভাবি লৈছিল। পিছে কোনোফালে কেনিও ধৰা নপৰাকৈ
তাই মন কৰিলে স্বাগত সেইদিনা ক্লাছলৈ নাহিল। তাই ভিতৰি ভিতৰি বহুত আহত হ’ল। তাৰ পাছৰ ক্লাছটোলৈ সি আহিল যদিও এনেকৈ থাকিবলৈ ল’লে যেন সি
কোনো ছোৱালীকে চিনিয়ে নাপায়। উপযাচি তাৰ সৈতে কথা এষাৰ পাতিবলৈও তাইৰ কোনো উপায়
নাথাকিল। উপায় নাপাই তাই হিমাংশুৰ সৈতেই এদিন এনেই অলপ বেছিকৈ কথা পাতিলে; ভাল-বেয়া কথা। চল বুজি সি আৰু বেছিকৈহে কথা পাতিবলৈ সুযোগ বিচাৰি ফুৰা
হ’ল। স্বভাৱগতভাৱে সি অলপ চেলেপু আছিল যদিও তাইৰ বৰ বেয়া নালাগিল। হঠাৎ যেন তাই
আৱিষ্কাৰ কৰিলে বেলেগ এযোৰ চকুৱে যেন মাজে মাজে একেথৰে তাইলৈকে চাই থাকে। ছাৰ
ক্লাছলৈ সোমোৱাৰ আগতে সিহঁতে সন্মুখৰ বেঞ্চত বহা
ছোৱালীকেইজনীয়ে পাছলৈ উভতি লৈ ল’ৰাবোৰৰ সৈতে কথা পাতোঁতে
তাই দুবাৰমান কথাটো মন কৰিলে। প্ৰথম দিনা তাই কিবা ভুল হ’ল বুলিয়ে হয়তো ভাবিছিল; কিয়নো সেই ল’ৰাটো আছিল সেই হিমাংশুহঁত পঢ়া স্কুলখনৰ
সিহঁতৰ শ্ৰেণীটোৰ আটাইতকৈ চোকা ল’ৰা— ভাৰ্গৱ। বাকী ল’ৰাবোৰৰ
সৈতে তাৰ সিমান ঘনিষ্ঠতাও নাছিল। দেউতাকে লৈ আহে, ক্লাছ
কৰে আৰু ঘৰলৈ যায়গৈ। দুদিনমানৰ পাছত তাই
নিশ্চিত হ’ল, সি কেৱল তাইলৈকে চাই থাকে। মাতিবলৈ সাহস কৰিব
নোৱাৰে।
পাছৰ ক্লাছটোত তাই এটা বুদ্ধি পাঙিলে— ক্লাছ শেষ হোৱাৰ পাছত আহিবৰ
সময়ত ছাৰক লগ ধৰি এটা উজু প্ৰশ্নৰ উত্তৰটো কেনেকৈ লিখিলে ভাল হ’ব জানিব বিচাৰিলে।
বুদ্ধিয়ে লগে লগে কাম দিলে। ছাৰে ভাৰ্গৱক মাতি আনিলে আৰু সি যেনেকৈ সেই ধৰণৰ
প্ৰশ্নবোৰ উত্তৰ কৰি তেখেতক দেখুৱাইছিল, তাতে সেইটো প্ৰশ্নৰ
উত্তৰটোও থকা বাবে তাইক সেইটো দিবলৈ বুলি তাক নিৰ্দেশ দিলে। নিজৰ বহীত
লিখি লৈ তাই পাছৰ ক্লাছত তাক ঘূৰাই দিব পাৰিব। সি বেগৰ পৰা বহীখন উলিয়াই তাইলৈ আগবঢ়াই
দিওঁতে তাইৰ চকুলৈ চাব পৰা নাছিল। নীলাঞ্জনাই তাক ধন্যবাদ জনাবলৈকে পোনপটীয়াকৈ তাৰ
মুখলৈ চাওঁতে মনৰ ভিতৰতে হাঁহি উঠি গৈছিল— এনেনো লাজনে? ঘৰলৈ
আহি বিছনাত পেট পেলাই পৰি লৈ বহীখন লুটিয়াই চাওঁতে সেই সুন্দৰ আখৰবোৰৰ মাজে মাজে
ভাৰ্গৱৰ লাজকুৰীয়া মুখখন ভাহি আহিছিল।
পাছৰ ক্লাছত সেই বহীখন তাক ঘূৰাই দিবলৈ বুলি তাৰ ওচৰলৈ যাওঁতে সি
সাহস কৰি হ’লেও তাইলৈ চাই মিচিকিয়াই হাঁহিছিল।
তায়ো আগতেই মনত ভাবি অহাৰ দৰে তাক কৈছিল— “মই তোমালোকতকৈ দেৰিকৈ
ক্লাছটোত সোমাইছোঁ। ছাৰে আগতে দিয়া ন’টখিনি দিবা? মই লিখি লৈ
পৰহিলৈ ঘূৰাই দিম।”
তাইক অবাক কৰি সি বেগৰ পৰা বহীখন উলিয়াই তাইলৈ দিছিল। তাই কৈছিল— “মইতো
এইখন বহী তোমাৰ ঘৰত আছে বুলিহে ভাবি আছিলোঁ।”
“তোমাক লাগিব পাৰে বুলি মনতে ভাবিলোঁ; সেইবাবে
লগতে লৈয়ে আহিছিলোঁ।” — লাজ লাজকৈ দিয়া তাৰ উত্তৰটোৱে তাইৰ অন্তৰ
ছুই গৈছিল।
সেইদিনা ঘৰলৈ আহি তাই বহীখনৰ পৰা একো ন’ট কৰিব পৰা নাছিল। পঢ়াত
বহিলেই কেৱল ভাৰ্গৱৰ মুখখন মনলৈ ভাহি আহে। উপায় নাপাই তাই পাছদিনা দিনত দেউতাকৰ
হতুৱাই সেইখন জেৰক্স কৰাই আনিলে। পাছদিনা ক্লাছত তাক বহীখন ঘূৰাই দিয়াৰ আগে আগে
তাই বিশেষ কায়দা কৰি শেষৰ ফালে প্ৰথমে এপাহ ফুল আঁকিলে, তাৰ
পাছত চাৰিপাহ আৰু তাৰ পাছত তিনিপাহ; অৰ্থাৎ ‘আই লাভ য়ু’। ইংৰাজী
লিপিত ‘আই’ বুলিলে এটা বৰ্ণ— মানে এপাহ ফুল, ‘লাভ’
বুলিলে চাৰিটা বৰ্ণ— মানে চাৰিপাহ ফুল আৰু ‘য়ু’ বুলিলে তিনিটা বৰ্ণ— মানে তিনিপাহ
ফুল।
সেইদিনা গধূলি তাই কেৱল শয়নে-সপোনে ভাৰ্গৱৰ কথাকে ভাবি থাকিল। সি বা
সেইবোৰৰ অৰ্থ কিবা বুজি পাইছেনে নাই! যদি পাইছে, তাইক কিবা উত্তৰ দিবনে নাই!
পাছৰ ক্লাছলৈ যাওঁতে তাই দোকনত থকা ঈশ্বৰৰ ফট’খনৰ
ওচৰত ধূপ এডাল জ্বলাই গৈছিল— একো বিপদ নহ’লেই হয়। পিছে সেইদিনা ভাৰ্গৱে কেৱল দূৰৈৰ
পৰা তাইলৈ চাই হাঁহিলে মাত্ৰ। পাছৰ ক্লাছবোৰতো বিশেষ একো ইংগিত নাপই তাই আহত হ’ল।
সকলোৰে সৈতে হাঁহি-ধেমালিৰে কথা পাতে, ভাৰ্গৱেও তাইলৈ চাই
থাকে; কিন্তু কথা-বতৰা পাতিবলৈ সুবিধাই নোলায়। উপায়বিহীন হৈ
তাই এদিন আকৌ এটা মৰসাহ কৰিলে। ক্লাছৰ পাছত এদিন ভাৰ্গৱে ছাৰৰ সৈতে কিবা প্ৰশ্নৰ
আলোচনা কৰিবলৈ ৰওঁতে তায়ো তাৰ সন্মুখত ৰৈ দিলে। দুয়ো দুফালে মুখামুখি, মাজত ছাৰ। বিষয়টো বুজিবলৈ চেষ্টা কৰাৰ চলেৰে তাই তাৰ মুখলৈ চাই থাকিল।
তাক বিষয়টো সুন্দৰকৈ বুজাই দি ছাৰ ভিতৰলৈ যোৱাৰ পাছত তাই তাক মাতিলে—
“মোক বেয়া পালা নেকি?”
ভাৰ্গৱে একেথৰে তাইৰ মুখলৈ চাই ৰৈছিল— “নাই নাই, কিয় বেয়া পাম?”
দুয়ো বেগ সামৰি একেলগে ওলাই আহোঁতে তাই ইচ্ছা কৰিয়ে তাৰ কিছু কাষলৈ
আহিছিল। সি বোধকৰোঁ ঘামিছিল। খটখটীটোৱেদি নামি অহাৰ ঠিক আগে আগে সি অকণমান ৰৈ তাইক
কৈছিল— “তোমাক... মানে কথা এটা... ক’ম... মানে কওঁনে?”
তাই সৰ্বশৰীৰত শিহৰণ অনুভৱ কৰিছিল। বাৰে বাৰে বিচাৰিছিল সি কিবা
এষাৰ কওক। মাথোঁ এষাৰ বাক্যৰে তাইৰ মন-প্ৰাণ ভৰাই তোলক। মূৰ তুলি তালৈ নোচোৱাকৈ
তাই কৈছিল— “কোৱা।”
সি একো ক’ব পৰা নাছিল। কেৱল তাৰ ওঁঠ দুখন কঁপিছিল। তাইৰ দেৰি হৈছে।
দেউতাক ৰৈ আছে। দুয়ো আকৌ বেলেগে বেলেগেও ওলাব লাগিব ইফালে। উপায় নাপাই তাই আগ
বাঢ়িব খোজোঁতে সি পিছফালৰ পৰা কৈছিল—“পাছত ক’ম। আকৌ... লগ
পামনে?”
তাই খিল্খিলাই হাঁহি দিছিল। মনৰ ভিতৰতে
ভাবিছিল— বুদ্ধু ক’ৰবাৰ। হাঁহি হাঁহিয়ে তাই কৈ থৈ গৈছিল— “ক্লাছলৈচোন আহিমেই।”
সি সেমেনা-সেমেনিকৈ তাতে ৰৈ গৈছিল। ছাৰৰ ঘৰৰ ওপৰ মহলাৰ পৰা নামি আহি
বাহিৰত দূৰৈত তাই দেউতাকক ৰৈ থকা দেখিছিল। গে’টৰ ফালে চায়ে
তাই উচাপ খাই উঠিছিল। বাহিৰৰ ফালে তাইলৈকে বুলি ৰৈ আছে
স্বাগত আৰু হিমাংশু। তাই অনুমান কৰিব পাৰিলে, সিহঁত তাইলৈকে
ৰৈ আছে। দূৰলৈ চাই দেখিলে—দেউতাকে তাই ওলাই আহিছেনে নাই জানিবলৈ পিছলৈ চাইছে। লগৰ
বাকী ছোৱালীবোৰ কেতিয়াবাই গ’ল। সিহঁতলৈ চাই তাই হাঁহি এটা মাৰিলে।
“ই তোমাক কিবা এটা দিব।” — হিমাংশুৱে কিছু গহীনাই কথাষাৰ কোৱা যেন
লাগিল। তাইৰ খং উঠি গ’ল। স্বাগতৰ নিজৰ সাহ নাই যদি হিমাংশুৰনো কি দৰকাৰ মাজত
সোমাবলৈ। তাই হিমাংশুৰ ফালে এবাৰ চাই স্বাগতলৈ চালে। সি লাজ লাজকৈ ভাজ কৰি থোৱা
কাগজ এখিলা তাইক দিলে। তাই ঘোঁপাকৈ তালৈ চালে— “কি এইখন?”
“থৈ দিয়া, পাছত চাবা।” — সি যেন বৰকৈ নাৰ্ভাছ
কৰিছিল।
ৰ’বলৈ সময় নাই। হাতৰ টিপতে কাগজখন লৈ তাই গুচি আহিছিল।
আৰু তাৰ পাছত...। ইংৰাজীৰ ক্লাছ চলি থাকিল। স্বাগত আৰু ভাৰ্গৱৰ সৈতে
পৃথকে পৃথকে চলি গ’ল তাইৰ হিয়া-দিয়া-নিয়া। নৱম শ্ৰেণীত লোৱা ক্লাছ শেষ হ’ল।
পৰীক্ষা দিলে। সিহঁত দশম শ্ৰেণী পালেগৈ। কেনেকৈ দুয়োৰে সৈতে গোপনে প্ৰেম চলাই নিব
লাগে তাই জানে। তাই মন কৰিছিল, দুয়োটা ল’ৰাৰে স্বভাৱৰ মাজত
আকাশ-পাতাল পাৰ্থক্য আছিল। এসময়ৰ লাজকুৰীয়া ল’ৰা স্বাগত সময়ত দুঃসাহসী হৈ উঠিবলৈ
বেছি সময় নালাগিল। হিমাংশুৰ লগত থাকি থাকিয়ে চাগৈ সি তেনেকুৱা হ’ল। কিন্তু
ভাৰ্গৱ... তাৰ ভালপোৱাত স্নিগ্ধতা আছিল। আচলতে প্ৰেম, ভালপোৱা...
সেইবোৰ কি, সেই বিষয়ে সিহঁতৰ কোনো ধাৰণাই নাছিল। এজনে যদি
দৈহিক সান্নিধ্যৰ কিছু ক্ষণকে প্ৰেম বুলি ভাবিছিল, আনজনে
দূৰে দূৰে থাকি অনুভৱৰ মাজতে ভাবনা বিলীন কৰিব পৰাটোক বেছিকৈ গুৰুত্ব দিছিল।
ভাৰ্গৱে এদিন তাইক কৈছিল— আশা কৰামতেই যদি সি ভাল ফলাফল দেখুৱাব
পাৰে, তেন্তে সি হয়তো বেলেগ ক’ৰবালৈ পঢ়িবলৈ
গুচি যাব পাৰে। আৰু... যিকোনো এদিন ভাৰ্গৱ আঁতৰি যোৱাটো নিশ্চিত বুলি জানিও তাইৰ তাক
ভাল লাগিছিল। শুদ্ধ অন্তৰেৰে কামনা কৰিছিল— তাৰ পৰীক্ষা ভাল হওক... সি ভালকৈ পঢ়ক।
শেষৰ ফালে... পৰীক্ষা চমু চাপি অহাৰ লগে লগে সঁচাকৈ সিহঁতৰ মাজত দেখা-দেখি হোৱাৰো
সম্ভাৱনাবোৰ নোহোৱা হৈ পৰিছিল।
পৰীক্ষা, পঢ়া-শুনা... সেইবোৰক সমূলি গুৰুত্ব
দিব বিচৰা নাছিল স্বাগতে। নীলাঞ্জনাই বুজিছিল, সেইদৰেই থাকি
গ’লে স্বাগতে হয়তো পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিব। হ’লেও উপায় নাই। আনক চম্ভালিবলৈ
গৈ তাই নিজৰ লোকচান কৰিব নোৱাৰে। যেনেকৈয়ে নহওক, তাই
পৰীক্ষাত উত্তীৰ্ণ হ’বই লাগিব। হয়তোবা নতুন এখন পৃথিৱী... তাইলৈ অপেক্ষা কৰি আছে।
কলেজ এখনত পঢ়িবলৈ পোৱাৰ আশাৰেই শেষৰ ফালে নীলাঞ্জনাই মনপুতি পঢ়িছিল...।
আগৰ বছৰেই যেনিবা অৰ্চনাই কম্পাৰ্টমেণ্টেল পৰীক্ষা পাছ কৰি পঢ়া
সামৰিছিল।
(আগলৈ)