অন্যযুগ/


সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ছাৰ আইজাক নিউটন

 ° পুলক সভাপণ্ডিত


সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম কবা? নিশ্চয় আইজাক নিউটনৰ৷ আৰু মোকো যদি সেই একেটা প্ৰশ্নকেই কৰে, তেন্তে ময়ো নিউটনৰ কথাই কম। যিয়ে যি বুলিয়ে নকওক কিয়, নিউটন নথকা হলে বিজ্ঞান আজিৰ এই অৱস্থান পালেহিহেঁতেন জানো ? ছাৰ আইজাক নিউটন নথাকা হলে আইনষ্টাইনেও তেওঁৰ যুগান্তকাৰী আবিষ্কাৰ কৰিব নোৱাৰিলেহেঁতেন। নিউটন নাথাকিলে মানৱজাতিয়ে আজি ৰকেটত উঠি মহাকাশ ভ্ৰমণৰ কথা কল্পনাও কৰিব নোৱাৰিলেহেতেন। হয়, নিউটন নাথাকিলে এনেকুৱা আৰু বহুত কিবাকিবিয়েই নহলহেঁতেন, যাক বাদ দি আমি আজিৰ পৃথিৱীখনৰ কল্পনা কৰাও সম্ভৱ নহলহেঁতেন। 

এটা সময়লৈকে বিজ্ঞানৰ পৰিসৰ আছিল একেবাৰে ক্ষুদ্ৰ। নিউটনে সেই পৰিসৰক অসীমলৈ নিয়াৰ চিন্তা বিজ্ঞানীসকলৰ মনত জগাই তুলিছিল৷ তেওঁ পদার্থবিজ্ঞানৰ আমূল পৰিৱৰ্তন সাধন কৰি গৈছে। নিউটনৰ সেই অৱদানৰ বাবেই আজি আমি জীৱনৰ প্রতিটো ক্ষেত্রত পদার্থবিজ্ঞানৰ উপস্থিতি উপলব্ধি কৰোঁ। 

  ১৬৪২ চনৰ ২৫ ডিচেম্বৰত  ইংলেণ্ডৰ এখন সৰু গাঁও উল‌্চথোৰ্পত আইজাক নিউটন(কনিষ্ঠ)-ৰ জন্ম হৈছিল৷ নিউটনৰ দেউতাকৰো নাম আছিল আইজাক নিউটন৷ নিউটন(কনিষ্ঠ)-ৰ জন্মৰ তিনিমাহ আগতেই তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল। নিউটনৰ কৃষক পিতৃ আছিল অশিক্ষিত। কোনে বাৰু জানিছিল সেই নপঢ়া-নুশুনা কৃষকৰ ঘৰত জন্ম গ্ৰহণ কৰা শিশুটোৱেই অসাধাৰণ প্ৰতিভাৰ দ্বাৰা এদিন গোটেই পৃথিৱীখনকে সলাই পেলাব ?

নিউটনৰ তিনি বছৰ বয়সত তেওঁৰ মাতৃ হান্না এষ্কোৱে এজন পাদ্রীৰ সৈতে পুনৰ বিয়া হয়। কিন্তু নিউটনে সোই পাদ্ৰীজনক পিতৃ বুলি মানি লব নোৱাৰি মাতৃক ত্যাগ কৰি নিজৰ আইতাক মাৰ্জাৰী এষ্কোৰ ওচৰলৈ গুচি যায়। আশ্চৰ্যৰ কথাটো হল মাতৃ আৰু দ্বিতীয় পিতৃৰ প্রতি নিউটনৰ এই খং বয়সৰ লগে লগে ক্ৰমে ক্ৰমে বাঢ়ি যাবলৈহে ধৰে। কৈশোৰত এবাৰ তো তেওঁ গোটেই ঘৰখন জ্বলাই দিয়াৰ ভাবুকি দিছিল৷ 

বাৰ বছৰ বয়সত নিউটনে কিংছ স্কুলত নাম ভর্তি কৰে। সেই স্কুলতেই তেওঁ ক্লাছিক বিজ্ঞানৰ শিক্ষা লাভ কৰিছিল। তাত গাণিতিক বিজ্ঞান সম্বন্ধীয় শিক্ষাৰ খুব এটা গুৰুত্ব নাছিল যদিও নিউটন আছিল ক্লাছৰ সকলোতকৈ মেধাৱী শিক্ষার্থী। কিন্তু নিউটনৰ সোতৰ বছৰ বয়সত, তেওঁৰ মাতৃয়ে তেওঁক স্কুললৈ যোৱাটো বন্ধ কৰি দিয়ে যাতে তেওঁ দেউতাকৰ দৰে খেতিয়ক হব পাৰে। কিন্তু সৌভাগ্যবশতঃ কৃষিকৰ্মত নিউটনৰ প্ৰবল অনীহা দেখি তেওঁৰ মাতৃয়ে তেওঁক আকৌ স্কুললৈ পঠিয়াবলৈ বাধ্য হৈ পৰে। সঁচাই ভাবিবলৈকে ভয় লাগে, যদি নিউটন কৃষিকৰ্মৰ প্ৰতি মনযোগী হৈ উঠিলহেঁতেন, তেন্তে আজিৰ বিজ্ঞানক বাৰু আমি কেনে ৰূপত প্ৰত্যক্ষ কৰিলোহেঁতেন? 

১৬৬১ চনত নিউটনে কেম্ব্ৰিজৰ ট্রিনিটি কলেজত আইন বিষয়ত নাম ভৰ্তি কৰে। ইয়াৰ সমান্তৰালভাৱে তেওঁ ধনী ছাত্রসকলৰ ব্যক্তিগত ভৃত্য হিচাপে কাম কৰিও ধন ঘটিবলৈ লয়৷ আমোদজনক কথাটো হ, যিজন বিজ্ঞানীৰ হাতত ধৰি পদাৰ্থবিজ্ঞানৰ ইমান উন্নতি হ, সেইজন বিজ্ঞানীয়ে উচ্চ শিক্ষা গ্রহণৰ সময়ত পদাৰ্থবিজ্ঞান নামৰ কোনো বেলেগ বিষয়েই নাছিল৷ তৃতীয় বৰ্ষত ভৰি থৈয়েই তেওঁ গণিত আৰু প্রাকৃতিক দর্শনশাস্ত্রত নিজৰ একান্ত চেষ্টাত বেছ দক্ষ হৈ উঠিছিল। এৰিষ্টটল আৰু প্লেটৰ প্রাচীন গ্রীক তত্ত্বৰ প্রতি প্ৰথমতে সামান্য পৰিমাণে আকৰ্ষণ অনুভৱ কৰিলেও অতি শীঘ্রেই নিউটনে তেওঁলোকৰ তত্ত্ববিলাকত বিভিন্ন আসোঁৱাহ ধৰা পেলায়। ইয়াৰ ফলত কলেজৰ আনুষ্ঠানিক শিক্ষা তেওঁৰ বাবে গুৰুত্বহীন হৈ পৰে আৰু তেওঁ ৰবার্ট বয়েল, গেলিলিঅ গেলিলি আৰু জোহান কেপলাৰৰ দৰে সেই যুগৰ আধুনিক বিজ্ঞানীসকলৰ বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। এই সম্পৰ্কত তেওঁৰ এটা বিখ্যাত উক্তি ইয়াত উল্লেখ কৰিবই লাগিব৷ সেইটো হ, প্লেট মোৰ বন্ধু, এৰিষ্টটল মোৰ বন্ধু, কিন্তু সকলোতকৈ ডাঙৰ বন্ধু হল সত্য৷ আনৰ ব্যক্তিগত ভৃত্য হিচাপে কাম কৰাৰ সময়তেই নিউটনৰ মনত নানান প্রশ্নৰ উদয় হৈছিল। তেওঁ এখন নিজা টোকাবহীত সেই প্রশ্নসমূহ লিখি ৰাখিছিল। সেই প্ৰশ্নসমূহৰ ভিতৰত বেছিভাগেই আছিল মহাকৰ্ষণ, পোহৰৰ প্রকৃতি, পোহৰৰ বৰ্ণ সম্বন্ধীয়। কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত তিনি বছৰ কটোৱাৰ পাছত নিউটনে এটা চাৰিবছৰীয়া স্কলাৰশ্বিপ লাভ কৰে। ১৬৬৫ চনত নিউটনে বৃহৎ কোণ সম্পৰ্কে তেওঁৰ প্ৰথমটো গাণিতিক সূত্ৰ আৱিষ্কাৰ কৰে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ দ্বিপদ ৰাশিৰ সাৰ্বজনীন সমীকৰণ আৱিষ্কাৰ কৰে। সেই বছৰতেই তেওঁ স্নাতক ডিগ্রীও লাভ কৰে। আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পাছতেই নিউটনে মনযোগ দিয়ে গভীৰ চিন্তা-ভাবনাত। 

কিন্তু সেইখিনিতেই নিউটনক এইবাৰ প্ৰকৃতিয়ে বাধা দিলে৷ ইংলেণ্ডৰ ইতিহাসত ভয়াৱহতম মহামাৰী ৰূপে চিহ্নিত হোৱা প্লে’গ বিয়পি পৰিল সৰ্বত্ৰ। ৰোগৰ কুপ্ৰভাৱৰ পৰা ৰক্ষাৰ নিমিত্তে কলেজ কতৃপক্ষই শিক্ষানুষ্ঠানখন বন্ধ ৰাখিবলৈ বাধ্য হয়৷ নিউটনেও কলেজ এৰি ঘৰৰ ল’ৰা ঘৰলৈ গুচি আহে৷ 

২৪ বছৰ বয়সত নিউটন কেম্ব্ৰিজলৈ উভতি আহে আৰু সেই বছৰেই তেওঁ ফেল হিচাপে নির্বাচিত হয়। তাৰ পাছৰ বছৰতেই নিউটনক ট্রিনিটি কলেজৰ পৰা এম. এ. ডিগ্রী প্ৰদান কৰা হয়৷ ১৬৬৯ চনত ট্রিনিটি কলেজৰ তৎকালীন গণিতৰ লুকেচিয়ান প্রফেছৰ আইজাক বেৰোৱে পদত্যাগ কৰাত নিউটনে মাত্র ২৬ বছৰ বয়সতেই লুকেচিয়ান অধ্যাপক হোৱাৰ গৌৰৱ অর্জন কৰে।

আইজাক নিউটনৰ জীৱনৰ বহুতো বিখ্যাত আৱিষ্কাৰৰ আৰঁৰ গল্প জনাৰ আগতে আহাঁ আমি সংক্ষেপে জানিবলৈ চেষ্টা কৰোঁ পদার্থবিজ্ঞানলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বিষয়ে- 

পোহৰবিজ্ঞান আছিল নিউটনৰ অত্যন্ত প্ৰিয়৷  ইয়াৰ প্ৰতি থকা প্ৰৱল আকৰ্ষণৰ বাবেই প্রিজমৰ মাধ্যমেৰে সূৰ্যৰ ৰশ্মিৰ বিশ্লেষণ কৰি পোহৰক সাতোটা ৰঙৰ সমষ্টি হিচাপে নিউটনে প্ৰমাণ কৰি দেখুৱাইছিল। প্রতিফলন টেলিস্কপ আছিল নিউটনৰ এক উল্লেখযোগ্য আৱিষ্কাৰ। তেওঁ পৰিৱৰ্তনৰ গাণিতিক ৰূপ কেলকুলাছ (কলন) আৱিষ্কাৰ কৰে যাৰ অবিহনে ইলেকট্রনৰ নিচিনা ক্ষুদ্র কিম্বা ছায়াপথৰ নিচিনা বৃহৎ বস্তুৰ প্রকৃতি বুজাটো অসম্ভৱ আছিল। তেওঁ আছিল বিজ্ঞানৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ প্ৰিঞ্চিপিয়া মেথমেটিকাৰ লেখক। ইয়াৰ উপৰি তেওঁ আছিল মহাকৰ্ষণ আৰু সার্বজনীন মহাকৰ্ষণীয় ধ্রুৱকৰ আৱিষ্কাৰক। গতিৰ তিনিটা কালজয়ী সূত্র আৱিষ্কাৰৰ দ্বাৰা নিউটনে পদাৰ্থবিজ্ঞানৰ গতিপথকেই সলনি কৰি দিছিল বুলি কলেও বোধহয় অত্যুক্তি কৰা নহব৷ নিউটনৰ মহাকৰ্ষণ সূত্ৰৰ মতে- পৃথিৱীৰ প্ৰতিটো পদাৰ্থ কণাই এটাই আনটোক আকৰ্ষণ কৰে৷ এই আকৰ্ষণ বল কণিকা দুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক৷ নিউটনৰ এই বিশেষ সূত্ৰটোৱেই সমগ্ৰ পৃথিৱীতে ব্যাপক চাঞ্চল্য আৰু বিস্ময়ৰ সৃষ্টি কৰিলে৷ মহাকৰ্ষণ সূত্ৰৰ আৱিষ্কাৰক আইজাক নিউটনৰ নাম দশোদিশে জনাজাত হৈ পৰিল৷

নিউটনে ভৱিষ্যদ্বাণী কৰিছিল যে পৃথিৱী সম্পূৰ্ণ ঘূৰণীয়া নহয় বৰঞ্চ মেৰু অঞ্চলত ই কিছু পৰিমাণে চেপেটা৷ গতিৰ সূত্ৰ আৰু মহাকৰ্ষণৰ নিচিনা কিছুমান যুগান্তকাৰী আৱিষ্কাৰ নিউটনে তেওঁৰ প্রিঞ্চিপিয়া মেথমেটিকাত বৰ্ণনা কৰে। কিন্তু আৰম্ভণিতে সমসাময়িক প্রায় কোনোৱেই সেয়া বুজিবলৈ সক্ষম হোৱা নাছিল। ঠিক অনুৰূপ ঘটনা সংঘটিত হৈছিল যেতিয়া আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদৰ সাধাৰণ সূত্র আৱিষ্কাৰ কৰিছিল৷ কিন্তু দুখৰ কথা যে নিউটন সেই সময়ত বিচিত্র অভিজ্ঞতাৰ সম্মুখীন হব লগা হৈছিল। যিখন গ্ৰন্থই পাছলৈ পদার্থবিজ্ঞানক দান কৰিছিল এক নতুন জীৱন, সেইখন গ্ৰন্থৰ বাবেই প্রথম বহুদিন ধৰি সমসাময়িক অনেক বিজ্ঞানীকে ধৰি আন বহু লোকৰ দ্বাৰা সমালোচিত হব লগা হৈছিল৷ আনকি তেওঁৰ নিজৰেই বহু ছাত্ৰৰ কটুক্তিৰ সন্মুখীন হব লগা হৈছিল৷ “এয়া চোৱাঁ, এনে এজন ব্যক্তি গৈ আছে, যিজনে লিখা কিতাপ তেওঁ নিজেও নুবুজে, আৰু আনেও নুবুজে’’- এয়া আছিল নিউটনক উদ্দেশ্যি কোৱা এজন ছাত্ৰৰ ভাষ্য৷ 

কলন গণিত :  কলন গণিত বা কেলকুলাছ হৈছে পৰিৱৰ্তন বিষয়ক গণিত। নিউটনে এই কেলকুলাছক সৰ্বপ্রথম সম্পূৰ্ণৰূপে বিকশিত কৰে। আধুনিক পদাৰ্থবিজ্ঞান আৰু ভৌতিক ৰসায়ন এই কেলকুলাছক বাদ দি কল্পনাও কৰিব নোৱাৰি৷ তদুপৰি অর্থনীতিৰ নিচিনা বিষয়ো কেলকুলাছৰ ওপৰত বহু ক্ষেত্রত নিৰ্ভৰশীল। নিউটনে তেওঁৰ কিতাপত লিখিছিল যে, তেওঁ ফ্ৰেঞ্চ গণিতজ্ঞ পিয়েৰ ডি ফাৰমেটৰ কামৰ দ্বাৰা অনুপ্রাণিত হৈছিল। ফাৰমেটে উদাহৰণৰ সাহায্যৰে দেখুৱাইছিল কেনেকৈ কেলকুলাছ ব্যৱহাৰ কৰা যায় আৰু নিউটনে ফাৰমেটৰ এই ধাৰণাক বাস্তৱায়িত কৰিছিল৷ অৱশ্যে নিউটনৰ আৱিষ্কাৰৰ সমসাময়িকভাৱেই লিবনিজেও কেলকুলাছক লৈ কাম কৰা আৰম্ভ কৰিছিল। বর্তমান সেয়ে প্ৰায়ে কেলকুলাছ আৱিষ্কাৰৰ ক্ষেত্ৰত নিউটনৰ সমান্তৰালভাৱে লিবনিজকো সমানভাৱে স্মৰণ কৰা হয়।

 

মহাকৰ্ষণ :  এজোপা আপেল

গছৰ পৰা আপেল সৰি পৰা ঘটনাটো দেখি চিন্তাত বিভোৰ হৈ পৰিছিল নিউটন৷ বহুতেই ক’ব খোজে, নিউটনৰ আপেল সংক্ৰান্তীয় প্রচলিত ঘটনাটো এটা মুখৰোচক গল্প। কিন্তু আচলতে তেনেকৈ ভবাৰ কোনো কাৰণ নাই। কিয়নো নিউটনে নিজেই এই কথা কৈছিল যে আপেল গছৰ পৰা আপেল সৰি পৰা দেখিয়েই তেওঁ হঠাৎ এদিন মহাকৰ্ষণৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিল। আপেলটো সৰি পৰা দেখিয়েই নিউটন এই ভাৱনাত বিভোৰ হৈ পৰিছিল যে ই পৃথিৱীৰ তললৈ লম্বভাবে কিয় পৰিল? কিয় আপেলটো ওপৰলৈ বা তাৰ আশে-পাশে নগ ? এই ভাবনাৰ পৰাই তেওঁৰ মন-মগজুত সৌৰজগত সম্বন্ধীয় এটা অতিকৈ কঠিন চিন্তাৰ উদ্ৰেক হল৷ সেয়া হ, সৌৰজগতৰ গ্রহবিলাকে সূৰ্যক কেন্দ্র কৰি আৰু চন্দ্ৰই পৃথিৱীক কেন্দ্র কৰি পৰিভ্ৰমণ কৰাৰ কথা৷ তেওঁ উপলব্ধি কৰিব পাৰিলে যে, কোনো এটা অদৃশ্য শক্তি আছে যি সকলো বস্তুক নিজৰ ফাললৈ আকর্ষিত কৰে। নিউটনে ইয়াৰ নাম দিয়ে মহাকৰ্ষণ। ইয়াৰ লগতেই তেওঁ আৱিষ্কাৰ কৰে এই মহাকর্ষণ বল পৰিমাপৰ অমৰ সমীকৰণ। এই সূত্ৰটো ওপৰত ইতিমধ্যে উল্লেখ কৰা হৈছে৷ 

 

নিউটনৰ গতিসূত্র :

প্ৰচলিত বলবিজ্ঞানক কিয় নিউটনিয়ান বলবিজ্ঞান বুলি কোৱা হয় সেয়া নিউটনৰ গতিৰ সূত্র তিনিটা পঢ়াৰ পিছত নিজেই অনুভৱ কৰিব পৰা যায়৷ তেওঁৰ এই সূত্রসমূহ যেনেকৈ তেতিয়াও বলবিজ্ঞানৰ প্ৰাণকেন্দ্ৰ আছিল, ঠিক এতিয়াও এই সূত্ৰসমূহে একে ভূমিকাই পালন কৰি আহিছে৷ সংক্ষেপে এবাৰ সেই সূত্ৰসমূহৰ ওপৰত চকু ফুৰাওঁ আহাঁ- 

১ম সূত্র : সকলো বস্তু নিজৰ স্থিতিশীল বা গতিশীল (সমান বেগেৰে সমুখলৈ গৈ থকা) অৱস্থাত বৰ্তি থাকে যেতিয়ালৈকে কোনো বাহিৰৰপৰা প্ৰয়োগ কৰা বলে তাক তাৰ অৱস্থা সলনি কৰিবলৈ বাধ্য নকৰে।

২য় সূত্ৰ : কোনো বস্তুৰ ত্বৰণ (লৰচৰ হোৱা গুণ) তাৰ ওপৰত প্ৰয়োগ হোৱা বলৰ সমান্তৰাল আৰু সমানুপাতিক আৰু বস্তুটোৰ ভৰৰ ব্যস্তানুপাতিক।

৩য় সূত্ৰ : দুটা বস্তুৰ মাজৰ বলৰ ক্ৰিয়া আৰু তাৰ প্ৰতিক্ৰিয়াৰ পাৰস্পৰিক মান সমান, সমৰৈখিক আৰু বিপৰীতমুখী।

নিউটনৰ গতিসূত্রৰ ওপৰত ভিত্তি কৰিয়েই আজিৰ বিশ্বৰ মানুহে প্রতিনিয়ত পৃথিৱীৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ  বাহিৰলৈ ৰকেট পঠিয়াইছে। কথাষাৰ ভাবিলেই আচৰিত নালাগেনে ? কেবা শ বছৰৰ পূৰ্বে নিউটনে যি তত্ত্ব আৱিষ্কাৰ কৰিছিল তাৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৰ্তমান এই অসাধ্য সাধিত হৈছে৷ কিন্তু নিউটনৰ সূত্রৰো আছে সীমাৱদ্ধতা। পোহৰৰ গতিবেগৰ প্ৰায় সমভাৱে গতিশীল কোনো বস্তুৰ ক্ষেত্রত এই সূত্র নাখাটিব৷ তেতিয়া আইনষ্টাইনৰ আপেক্ষিকতাৰ সূত্রহে খাটিব। আকৌ অতিকে ক্ষুদ্র বস্তু, যাৰ ভৰ ইলেকট্র, প্রট’নৰ দৰে ক্ষুদ্র সেইবিলাকৰ ক্ষেত্রতো এই সূত্র প্রযোজ্য নহয়।

 

আলোকবিজ্ঞান : মহাকৰ্ষণ আৰু গতিৰ সূত্র দেখি নিউটনক এজন মাত্ৰ ভাবুক বিজ্ঞানী বুলি ভবাৰ অৱকাশ নাই। কাৰণ বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ ক্ষেত্ৰতো তেওঁ যথেষ্ট দক্ষ আছিল। তেওঁ পৃথিৱীৰ প্রথমটো প্রতিফলক টেলিস্কপ উদ্ভাৱন কৰে। তদুপৰি পোহৰ সম্বন্ধীয় পৰীক্ষা কৰি নিউটনে প্রমাণ কৰে যে, সূৰ্যৰ পোহৰ একৰঙী নহয়, বৰঞ্চ তেওঁ দেখুৱাইছিল যে প্রিজমৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ গলে সাতটা ৰঙৰ পৰ্যায়ক্রমিক বৰ্ণালী সৃষ্টি হয়। আকৌ এই সাতোটা ৰঙক প্রিজমৰ মাধ্যমৰে যদি একত্রিত কৰি প্রৱেশ কৰোৱা হয় তেন্তে বগা ৰঙৰ পোহৰ উৎপন্ন হব। এই সাতটা ৰং হৈছে ৰামধেনুৰ সাতটা ৰং৷  

 

আলকেমি আৰু অন্যান্য : নিউটন যি বিষয়টোৰ কাৰণে প্ৰধানতঃ বিখ্যাত সেয়া হল পদার্থবিজ্ঞান। কিন্তু তোমালোকে জানানে তেওঁৰ পৰীক্ষাগাৰৰ কাগজ-পত্রই কয় যে তেওঁ আলকেমি (পৌৰাণিক নাম, বৰ্তমান কেমিষ্ট্ৰি বা ৰসায়ন) চৰ্চাতো যথেষ্ট সময় দিছিল। কিন্তু অধিকাংশ লোকেই নিউটনৰ মাজত নিৰাপত্তাহীনতাত ভোগাৰ বিষয়টো লক্ষ্য কৰিছিল৷ বৈজ্ঞানিক জীৱনৰ প্ৰথম অৱস্থাত নিউটনে তেওঁৰ পৰীক্ষা বা কামৰ ফলাফলসমূহ খুব কমেকৈহে প্রকাশ কৰিছিল। কিয়নো এবাৰ ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে নিউটনৰ এখন গবেষণা পত্রৰ সৈতে অমত প্রকাশ কৰিছিল। তাৰ পাছৰ পৰাই নিউটন হুকৰ প্রতি বীতশ্রদ্ধ হৈ পৰিছিল। তদুপৰি কেলকুলাছ বিষয়ত নিউটন যথেষ্ট পাৰদৰ্শী আছিল৷ নিউটনে কেলকুলাছ সংক্ৰান্তীয় যথেষ্টখিনি কাম কৰিছিল যদিও সেই কামৰ খুব কম অংশহে তেওঁ ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল। ফলত লিবনিজে যেতিয়া কেলকুলাছ বিষয়ক নিজৰ কামবিলাক প্রকাশ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। আনকি নিউটনে লিবনিজৰ বিৰুদ্ধে তেওঁৰ গবেষণাৰ ফলাফলসমূহ চুৰ কৰাৰ অভিযোগো আনিছিল৷

    ব্যক্তিগত জীৱনত নিউটন আছিল অতিশয় ধাৰ্মিক। জীৱনৰ বহুখিনি সময়ত নিউটনে ধৰ্মতত্ত্ব বিষয়ক পঢ়া-শুনা বা লিখামেলা কৰিছিল৷ তেওঁ সেই সময়ৰ আন পদাৰ্থবিজ্ঞানীৰ নিচিনা নাস্তিক নাছিল, বৰঞ্চ সম্পূৰ্ণৰূপত এজন আস্তিক আছিল। মহাকাশৰ জটিলতাৰ ব্যাখ্যা দিবলৈ গৈ নিউটনে কৈছিল- এনে সুংগঠিত ৰূপ ঈশ্বৰৰ বাহিৰে আন কাৰো পক্ষে সৃষ্টি কৰা সম্ভব নহয়।

    ১৬৯৫ চনত নিউটনে তেওঁৰ বন্ধু লক্, ৰেন আৰু লৰ্ড হালিফাক্সৰ সহযোগিতাত ইংলেণ্ড চৰকাৰৰ ৱাৰ্ডেন অফ্ দা মিণ্ট্ পদ লাভ কৰে আৰু ১৭০০ চনত মাষ্টাৰ অফ্ দা মিণ্ট্ পদত অধিষ্ঠিত হয়। সেই বছৰেই তেওঁ চিৰকালৰ বাবে কেম্ব্ৰিজ এৰি লণ্ডনলৈ যায়৷ এক কথাত কবলৈ গলে তেতিয়াই তেওঁৰ বৈজ্ঞানিক কাম-কাজৰ ইতি পৰে। ১৭০৩ চনত তেওঁ ৰয়েল ছচাইটিৰ প্রেচিডেণ্ট্ ৰূপে নিৰ্বাচিত হয়। দুবছৰৰ পাছত ১৭০৫ চনত তেওঁ নাইট উপাধিৰে বিভূষিত হয় আৰু আইজাক নিউটনৰ পৰা ছাৰ আইজাক নিউটন হৈ উঠে৷

১৭২৫ চনৰ পিছত নিউটনৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে। ১৭২৭ চনৰ ২০ মাৰ্চত ৮৪ বছৰ বয়সত নিউটনে মৃত্যুবৰণ কৰে। মৰণোত্তৰভাৱে নিউটনক বহু সন্মান জনোৱা হয়৷ পৃথিৱীৰ শ্রেষ্ঠ বিজ্ঞানী বুলি কৈয়েই আচলতে নিউটনৰ পৰিচয় শেষ কৰিব নোৱাৰি। নিউটন প্ৰকৃততে সকলো বিশেষণৰ উর্ধ্বত আছিল। সৰ্বকালৰ বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ নিউটন সম্বন্ধে কৰা উক্তিটো আছিল, ’প্রকৃতি আছিল নিউটনৰ বাবে এখন উন্মুক্ত কিতাপৰ দৰে, যাৰ পৃষ্ঠাসমূহ নিউটনে বিনাকষ্টে পঢ়িবলৈ সক্ষম হৈছিল৷

   তেতিয়াৰ দিনৰ সকলো বিজ্ঞানীৰ লগতেই নিউটনৰ যোগাযোগ আছিল। বহুতো বিজ্ঞানী আৰু বিজ্ঞানৰ ছাত্রই নিউটনক সাক্ষাৎ কৰিবলৈ আহিছিল যদিও তেওঁ কেতিয়াও বিৰক্ত হোৱা নাছিল। বিপুল খ্যাতি লাভ কৰাৰ পাছতো নিউটন সদা বিনয়ী স্বভাৱৰ আছিল। মৃত্যুৰ কিছুদিন পূৰ্বে তেওঁ কৈছিল, ’মই নাজানো বিশ্বৰ ওচৰত মই কেনেকৈ উপস্থাপিত হৈছোঁ, কিন্তু মোৰ ব্যক্তিগত অনুভৱ এয়ে যে মোৰ নিজকে এতিয়াও এজন শিশু যেন লাগে যি কেৱল সমুদ্র উপত্যকাত খেলি আছোঁ অথচ যাৰ সন্মুখত সত্যৰ মহাসমুদ্র পৰি ৰল যি অনাৱিষ্কৃতই ৰূপতেই থাকি গল৷

ঠিকনা :

সহকাৰী অধ্যাপক

গণিত বিভাগ

বিশ্বনাথ মহাবিদ্যালয়

ফোন--৬০০০৩৬০৯ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ