সোণালী আৰু কমলা এই শতিকাৰ প্রিয়তম ৰং, বুজিছা
সেয়ে নৈ পুতি বিৰিখ ঢাকি বাঢ়ি আহিল মৰুভূমি
হৰিৎহীনতাত ভুগি ৰঙচুৱা হোৱা অৰণ্যানিত
এয়া, মোৰ সোঁকান্ধত মূৰ থৈ এজন জঁই পৰা পুৰুষ
ববচা বনৰ দৰে ঘনকৈ বঢ়া লোভ আৰু ৰাজনীতিত
ভেঁকুৰতকৈও শুকুলা ভাইৰাছতকৈও পাতল মানুহবোৰে
মৰণশীল পৃথিৱীত অমৰ হ’ব খোজা মানুহবোৰে
জঁই পৰা পুৰুষজনে
আবুৰত ৰৈ যোৱা শেষকণ অভিমানো উজাৰি দি ক’লে
আৰু হৰলুকি
প্ৰতিটো শতিকাৰ স্মৃতিজুৰি বৈ থাকে
যুদ্ধ অথবা প্রকৃতি-মানুহৰ যুগলবন্দী
সন্তান জন্ম দি মাকবোৰে কৰা আকুল প্রার্থনাত
পৃথিৱীৰ বাবেও থাকে কুশল কামনা
তেওঁ আকৌ সৰৱ হ’ল—
কুশলে আছেনে বসুমতী
মহামাৰীৰ শোকত
ফৰিংজাপ দি গুচি যোৱা শব্দক নিজলৈ উভতাবলৈ
কবিৰ টোপনি হেৰায়
মানুহেই মানুহৰ বাবে দর্শকহীন মঞ্চ সজায়
ছেৰজাত শূন্য শূন্য যেন লগা সুৰ এটা ওলমাই
মৃত্যু যাতনাত কাতৰ হৈ পৰা শালবনলৈ গুচি যায়
স্বয়ং ধ্রুপদী সঙ্গীত
আকৌ গঢ়িম ব্রহ্মাণ্ড
ডাৱৰ আৰু পানীত যাৰ সহজ চলাচল
বহির্জগতৰ জোনমৰা আন্ধাৰতো যি সদায় সচল
সেই মানুহে তুলি নধৰিবনে ক্ষয়িষ্ণু ধৰিত্ৰী
মানুহ সঁচাই বেলিময়, জানা
পোতাশালত পুতি থ’লেও পাৰিজাত হৈ গজি উঠে মানুহ
নিমখীয়া মৰুভূমিত গজে কোন
পাৰিজাত, নে স্পর্ধা
তেওঁ মোৰ কপালত অর্ধমৃত তৰা এটি আঁকে
চেনেহেৰে চুই চাওঁ
সহস্ৰ চাকিৰ বিজুলী হৈ উজলি উঠে তেওঁৰ বাহুৰ কেয়ুৰ
আৰু মুঠিৰ পাঞ্চজন্য
তেনেই ধীৰগতিৰে ঘূৰোঁ নুঘূৰোঁকৈ ঘূৰে সুদর্শন
দধি-ভাতৰ টোপোলা লৈ
ছেহ! মৰুভূমিলৈ ঈশ্বৰেও ভয় কৰে?