অন্যযুগ/


ড° প্ৰণৱজ্যোতি ডেকাৰ ‘সোণৰ চামুচ মুখত লৈ’— জীৱন-বাস্তৱৰ নিৰ্মোহ সমালোচনাৰ দলিল

 দেৱপ্ৰতীম হাজৰিকা

 

‘‘... বৰ্তমান গ্ৰন্থ লিখাৰ মূল উদ্দেশ্য পাঠকৰ মনত আনন্দ দান, যাকে ইংৰাজীত কোৱা হয় Entertainment৷ এই গ্ৰন্থ কোনো মহাপুৰুষৰ জীৱনী নহয়, আৰু নৈতিকতাৰ পাঠ্য পুস্তকো নহয়৷ আমি কেৱল এটা প্ৰত্যাভূতি দিব পাৰোঁ যে গ্ৰন্থত বৰ্ণিত প্ৰতিটো ঘটনাই সত্য৷ ’’

 অসমীয়া আত্মজীৱনীৰ ইতিহাসত  প্ৰণৱজ্যোতি ডেকাৰ আত্মজীৱনী (লেখকৰ ভাষাত বিক্ষিপ্ত আত্মজীৱনী) সোণৰ চামুচ মুখত লৈ’-য়ে বিশেষ গুৰুত্ব লাভ কৰিছে৷ আৰম্ভণিতেই লেখকে উল্লেখ কৰিছে যে আত্মজীৱনী ৰচনাৰ প্ৰতি তেওঁ বিশেষ কোনো আগ্ৰহ অনুভৱ কৰা নাছিল৷ তেওঁৰ দৃষ্টিত সত্য সদায় আপেক্ষিক, পৰম বা চৰম বুলি কোনো সত্য নাই৷ যাৰ বাবে তেওঁ ব্যক্তিৰ আত্মজীৱনী লিখাৰ প্ৰৱণতাক উপলুঙাহে কৰিছিল যদিও লেখকৰ ভাষাৰে - ‘‘কিন্তু উপায় নাই, অসম প্ৰদেশৰ যিটো কোলৈকে নাযাওঁ কিয়, যাকেই লগ পাওঁ, সেই একে খেছ-খেছনি ‘‘চকুৰে দেখা হৈ থাকোঁতেই লিখি থৈ নাযায় কিয় আপোনাৰ আত্মজীৱনীখন? পাছত যেতিয়া আপোনাক নৰৰূপী ভগৱান বনাই থ, গম পাব তেতিয়া!’’ অৱশ্যে ৰচনাসমূহ নিশ্চয়কৈ নৰৰূপী ভগৱান বনি যোৱাৰপৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ৰচিত বুলিব নোৱাৰি৷ কিয়নো, গ্ৰন্থখনিৰ পাঠে পাঠকক অসমৰ সমাজ জীৱন (প্ৰধানতঃ তথাকথিত শিক্ষিত ভদ্ৰ সমাজ)ৰ বহুতো নগ্ন ছবিৰ লগত পৰিচয় কৰাই দিয়ে৷ অসমৰ ৰাজনীতি, অৰ্থনীতি, শিক্ষা, সমাজ ব্যৱস্থাৰ গোড়ামি আৰু ভণ্ডামিৰ নিৰ্মোহ সমালোচনা আত্মজীৱনীখনত পোৱা যায়৷ ব্যক্তিগত প্ৰসংগৰ বিক্ষিপ্ত উপস্থাপন ঘটিলেও এনে বিক্ষিপ্ততাৰ মাজত পাঠকে চিন্তাৰ আঁত হেৰুৱাব লগা পৰিৱেশ এটা আহি পৰা নাই৷ স্বাধীনতাৰ পূৰ্বৰ সময়ৰ পৰা বৰ্তমানলৈকে অসমৰ মানুহৰ মানসিক পৰিৱৰ্তনৰ গতি প্ৰকৃতি, শিক্ষা, সাহিত্য, সমাজ সংস্কৃতিৰ লগতে অসমৰ শিক্ষিত সমাজৰ ৰজাঘৰীয়া সান্নিধ্য লাভৰ নিৰ্লজ কুচকাৱাজক জীৱনীখনে সামৰি লৈছে৷ তাৎপৰ্যপূৰ্ণ কথা এয়ে যে লেখকৰ আপোচহীন মনোভাব আৰু চিন্তাৰ স্বকীয়তা ইয়াৰ অন্যতম দিশ৷

অসমীয়া প্ৰতিদিন কাকতত  হীৰেন গোঁহায়ে আত্মজীৱনীখনৰ প্ৰসংগত কৰা আলোচনাই আত্মজীৱনীখনৰ বহুতো দিশ উন্মোচন কৰে৷ অৱশ্যে মতামতসমূহ  গোঁহায়ে সোণৰ চামুচ মুখত লৈ’-ৰ সমালোচনাৰ পৰিৱৰ্তে ব্যক্তিগত মতামত বুলিহে অভিহিত কৰিছে৷

কিতাপখনত অসমৰ সোণালী কাকতেৰে মেৰোৱা আধুনিক সমাজৰ আচল স্বৰূপ সম্পৰ্কে এক ৰোমহৰ্ষক জ্ঞান লাভ কৰিব পাৰি৷ পৰ্যৱেক্ষকৰ ব্যক্তিগত অভিজ্ঞতা, অনুসন্ধান আৰু বিচাৰৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ বৃত্তান্তসমূহ অনিবাৰ্যভাৱে আৰু সীমাৱদ্ধ৷ তথাপিও বুদ্ধিবৃত্তি আৰু বিবেক থকা পাঠক মাত্ৰকে কিতাপখনে ভাবিবলৈ বাধ্য কৰিব৷ সৰুৰে পৰা আত্মভিমানী আৰু জেদী হৈ ডাঙৰ হোৱা, ডাঙৰৰ আয়ামহীন কপটালিৰ সৰুতে পৰিচয় পোৱা  ডেকাই কোনো গৃহীত মান্যমত (Received opinion) বিনা প্ৰশ্নে মানি নলয়৷ নানা টুকুৰা-টুকুৰ বিষয়ে তেখেতে থোৰতে মন্তব্য কৰিছে প্ৰসংগক্ৰমে, যিবোৰ আন ঠাইত তেখেতে বহলাই লিখিছে৷ তাৰে কিছুমান বিবেচনাযোগ্য আৰু প্ৰত্যয়জনক৷ কিন্তু তেখেতৰ সকলো মন্তব্য বা সিদ্ধান্ত প্ৰত্যয়জনক নহয়৷

 গোঁহাইৰ এই মন্তব্যই প্ৰণৱজ্যোতি ডেকা মানুহজন সম্পৰ্কে এক ধাৰণা লোৱাত পাঠকক সহায় কৰিব৷ ডেকাই ৰচনাৰ আৰম্ভণিতেই কৈছে যে সত্য এক আপেক্ষিক ধাৰণা, এজনৰ বাবে শুদ্ধ বুলি ভাব হোৱা কথাবোৰ আন এজনৰ বাবে অদ্ধৰ্সত্য বা অসত্য বুলি প্ৰতিপন্ন হোৱাটো স্বাভাৱিক৷ আত্মজীৱনীখনত বৰ্ণিত কথাবোৰ লেখকৰ স্ববিশ্লেষণ আৰু অনুসন্ধানৰ ফলহে, কোনো স্থিত মতবাদ (Standard opinion)ৰ প্ৰতিফলন সেয়ে এইবোৰত পোৱা নাযায়৷ মানুহ সম্পৰ্কে থকা লেখকৰ ধাৰণা আৰু বিবেচনাই বহু সময়তে লেখক মানুহজন আৰু লেখকজনৰ চিন্তাৰ গতিক বুজি পোৱাত সহায় কৰে৷

‘‘মই সৰুৰে পৰা মানুহকে জীৱ হিচাপে সমাজৰ জীৱ বুলি মানিবলৈ মান্তি আছোঁ, কিন্তু মানুহ হিচাপে নহয়৷ আৰু যি সবে সেইটো বিশ্বাস কৰা বুলি কয়, সিহঁতেও মিছা কথা কয়৷ সকলো মানুহ বৌদ্ধিকভাৱে সমমানৰ নহয়, সেয়াও মই দেখিছো ওৰে জীৱন৷ মই সৰুৰে পৰাই নিজকে সাধাৰণ মানৱ (average) বুলি নাভাবো মোৰ ওপৰতো আছে৷ তলতো আছে মানুহ৷ ’’

–  প্ৰণৱজ্যোতি ডেকাৰ এনে মতামতৰ বিশ্লেষণ ৰচনাসমূহৰ মাজত পাব পাৰি৷ কোনো ধৰণৰ আঁৰ-বেৰ নৰখাকৈ মানুহৰ চৰিত্ৰৰ দোষ-গুণৰ বিচাৰতে সীমাৱদ্ধ নাথাকি ব্যক্তি চৰিত্ৰই সমাজ মানসত পেলাব পৰা প্ৰভাৱৰ আলোচনা আত্মজীৱনীখনৰ অন্যতম দিশ৷ নিজ পিতৃ-মাতৃৰ ব্যক্তিত্ব আৰু চৰিত্ৰাংকণতো লেখকে লুক-ঢাক নকৰি নিৰ্মোহ বিশ্লেষণহে কৰিছে ৷ ডাঙৰ বিষয়া হোৱাৰ হাবিয়াস পুহি ৰখা আৰু আৰ্থিক অনাটন সত্ত্বেও মধ্যবিত্তীয় বা আঢ্যৱন্তৰ পোছাকেৰে দাৰিদ্ৰক ঢাকি ৰখাৰ প্ৰচেষ্টাক প্ৰণৱজ্যোতি ডেকাই সমৰ্থন জনোৱা নাই৷ পিতৃ হলিৰাম ডেকা সেইবাবে প্ৰণৱজ্যোতি ডেকাৰ আদৰ্শ ব্যক্তি হৈ উঠিব নোৱাৰিলে৷ কাৰ্যতঃ আত্মজীৱনীমূলক ৰচনাসমূহত প্ৰণৱজ্যোতি ডেকাই নিজ ঘৰখনৰ প্ৰসংগ উত্থাপন কৰিলেও সেই সময়ৰ অসমীয়া মধ্যবিত্ত সমাজ মানসিকতাই সেই গঢ়েই যে লাভ কৰিছিল বা আজিও যে তাৰ পট পৰিৱৰ্তন ঘটা নাই সেই কথা উপলব্ধি কৰিব পাৰি৷

সোণৰ চামুচ মুখত লৈ’– কাৰ্যত বিক্ষিপ্ততাৰ মাজতো এক শৃংখলা ইয়াত স্পষ্টভাৱে পৰিলক্ষিত হয়৷ এই ঘটনাৰাজিক সামৰা হৈছে আগকথাকে ধৰি মুঠ ২২টা খণ্ডত৷  মুঠ ৬১৬ পৃষ্ঠাৰ এই গ্ৰন্থখনিৰ বৰ্ণনা সচৰাচৰ ৰচিত হোৱা আত্মকথা বা জীৱনীসমূহৰ লগত নিমিলে৷ এক অৰ্থত অসমীয়া জীৱনী সাহিত্যত এই এক অনন্য ব্যতিক্ৰম৷ আধুনিক আত্মজীৱনী ৰচনাৰ ক্ষেত্ৰত ড হীৰেন গোহাঁয়ে তেওঁৰ বতাহত কৰ গধূলিগোপাল, হেঙুল আকাশ, এখন চাইকেল আৰু এজন আৰোহী আৰু ইমান তিতা সাগৰৰ পানীৰ মাজেদি যি এক নতুন ধাৰা আৰু ধাৰণাৰ জন্ম দিছিল  প্ৰণৱজ্যোতি ডেকাই তাকে পৰম্পৰা আশ্ৰয়ৰূপত নিলিখি নিজস্ব লেখন শৈলীৰে পাঠকৰ আগলৈ আগবঢ়াই দিছে৷ ডেকাৰ লেখন শৈলীৰ অনন্য কৌশল আত্মজীৱনীখনৰ মাজতো পাঠকে লাভ কৰিবলৈ সক্ষম হব৷  প্ৰণৱজ্যোতি ডেকাৰ ব্যক্তিত্ত্ব আৰু চৰিত্ৰৰ ভিন্ন দিশ আত্মজীৱনীত ভিন্ন ৰসেৰে সংপৃক্ত হৈছে৷ জীৱনৰ ভিন্ন অভিজ্ঞতাক নিৰ্মোহ ভাৱে লিখিব পৰাতে তেওঁৰ ৰচনাৰ সাৰ্থকতা নিৰ্ভৰ কৰে৷ তেওঁৰ গল্প অধ্যয়ন কৰা পাঠকসকলৰ বহুতেই তেখেতৰ গল্পসমূহৰ মাজত আত্মজীৱনীত বৰ্ণিত হোৱা ঘটনাৱলীৰ সাদৃশ্য উপলব্ধি কৰাৰ লগতে ৰচনাৰ শৈলীগত দিশতো মিল প্ৰত্যক্ষ কৰিব পাৰে৷ ডেকাৰ অতীত (শিশু আৰু কৈশোৰ) সুখকৰ নাছিল৷ দাৰিদ্ৰ, মধ্যবিত্তীয় গোড়ামি, পিতৃ-মাতৃৰ অৱহেলা, চকুৰ সমুখতে প্ৰত্যক্ষ কৰা কলিকতাৰ সংঘৰ্ষত হোৱা মানুহৰ মৃত্যু, আৰ্তনাদ আদিয়ে তেওঁৰ মনটোক বিদ্ৰোহী আৰু অকলশৰীয়া কৰি তুলিছিল এই কথা বহুবাৰ ভিন্ন প্ৰসংগত লেখকে উল্লেখ কৰিছে৷

‘‘মাক দেউতাকে নিজৰ লৰা-ছোৱালীক কেনেধৰণে মানসিকভাৱে আঘাত কৰে নিজেই বুজি নাপায়৷ ফল কি হয়? ফল, মনৰ গভীৰতালৈ পোতখোৱা মচিব নোৱাৰা মানসিক ক্ষুদ্ধি৷ মই পিতা-মাক মনত থকাৰ পৰাই কোনো কাপোৰ, জোতা আদি খোজা নাই৷ ‘‘মোৰ নাফাটা চোলা মাত্ৰ এটাহে বাচি আছে’’ এয়াই আছিল মোৰ সাধান বাণী৷ মোৰ আপত্তি, তহঁতে মোৰ আগত নক্সা মাৰ কিয়? না মই খুজিছো, না মই হাত পাতিছো, না মই স্ব-ইচ্ছাই জন্ম লৈছো৷ ’’

- ওপৰৰ কথাখিনিয়ে প্ৰমাণ কৰে প্ৰণৱজ্যোতি ডেকা লেখক হিচাপে, বিশ্লেষক হিচাপে কিমান বেছি নিৰ্মোহ আৰু নিৰপেক্ষ৷ এক অৰ্থত সোণৰ চামুচ মুখত লৈআত্মজীৱনী হৈও যেন আত্মজীৱনী নহৈ অসম তথা অসমৰ জাতীয় চিন্তা চেতনাৰ দলিলস্বৰূপ হৈ উঠিছে৷ কাশীত স্নাতকোত্তৰ পাঠআত্মজীৱনীখনৰ এক গুৰুত্বপূৰ্ণ অংশ৷ BHU-ত পঢ়িবলৈ যোৱাৰ পৰা আৰম্ভ কৰি কাশী, বানাৰসীৰ জনজীৱনৰ ভিন্ন ছবি ইয়াৰ মাজত প্ৰতিফলিত হৈছে৷ এই অধ্যায়ত সেই সময়ৰ মানুহৰ মানসিকতা,  M.Sc. পঢ়িবৰ বাবে স্কলাৰশ্বিপৰ যোগ্য হৈও বঞ্চিত হোৱা আদি ঘটনাৰ সমাৱেশ লক্ষ্য কৰিব পাৰি৷ মোৰ দৰিদ্ৰ জীৱনৰ লগত পৰীক্ষা, ছাত্ৰাবাসত বঙালীভাষী ছাত্ৰ গোটৰ মোক পিটন দিয়াৰ পৰিকল্পনা আৰু তাৰ ফল, স্বৰ্গ ভ্ৰমণ, স্বৰ্গ লোক ভ্ৰমণ, পুনৰ কাশীধাম, ছিট্‌ ফুক্‌ ঘটনা, সমকামিতা বেনাৰছৰ বিশ্ববিদ্যালয়ত, কৈলাসৰ টিকট, ভাৰতীয় বিমান বাহিনীৰ গুপ্তচৰ বিভাগ আদি ভাগত এই অধ্যায়ৰ কথাবস্তু সজোৱা হৈছে৷ উল্লেখ্য যে এই কালচোৱাৰ অধিকাংশ অভিজ্ঞতাই লেখকৰ বাবে সুখকৰ নহয়৷ লেখকৰ বক্তব্য মতে-

দহ-এঘাৰজনমান বন্ধু-বান্ধৱে বাৰানসী ৰেল ষ্টেচনলৈ আহি মোক ৰেলত উঠাই দিলে৷ জীৱনত আৰু বহুবাৰ লক্ষ্য কৰিছো, মোক অভ্যৰ্থনাতকৈ অধিক উৎসাহেৰে বিদায় দিয়ে লোকে বিভিন্ন স্থানৰ পৰা৷ ’’

 

এটি সৰু কথাৰ বৰ্ণনাৰ জৰিয়তেও ॰ প্ৰণৱজ্যোতি ডেকাৰ ব্যক্তিত্বৰ ভিন্ন দিশ প্ৰকাশিত হৈছে৷ বেনাৰছত পঢ়িবলৈ যোৱা ছাত্ৰসকলৰ সকলোৱেই কলা ৰঙৰ বাকচ লৈ ৰেলেৰে যাব লগা হৈছিল, কিন্তু ৰং একে হোৱা বাবে বাকচবোৰ কাৰ চিনি পোৱাত সমস্যা আছিল বাবেই ডেকাই নিজৰ বাকচটো বগা ৰঙৰ কৰি লৈছিল৷ ‘‘সেয়েহে মোৰ লোৰ বাকচটো মই বগা ৰং দি লৈছিলো৷ এবাৰ ওপৰে ওপৰে চকু ফুৰালেই হৈ গৈছিল মোৰ বাকচ বিচৰাৰ প্ৰয়োজন নাছিল সি ট্ৰেইনৰ পৰা নামিছে বা উঠিছে নে নাই? সেয়াই পাৰ্থক্য৷ বগা বাকচটো মোৰ ঘৰত আজিও আছে আৰু জীৱনত ময়েই বগা বৰণৰ লোৰ ট্ৰাংকৰ মালিক হৈ ৰলো, ‘‘হংস মধ্যে বক যথা’’ প্ৰচলিত জীৱনৰ গতি প্ৰৱাহৰ পৰিৱৰ্তে ব্যতিক্ৰম হৈ ৰোৱা ডেকাৰ চিন্তাৰ প্ৰতিফলন যে সেই বগা ৰঙৰ লোৰ বাকচটোৰ প্ৰতীকি ৰূপৰ মাজতে লুকাই আছে৷ জীৱনত বহু সুযোগ, প্ৰলোভনৰ মাজৰ পৰা সৰকি আহি নিজস্বতা ৰক্ষা কৰি জীয়াই থকা, স্বাভিমানৰ বাবে কাৰো ওচৰত মূৰ দোৱাবলৈ নোযোৱা ড প্ৰণৱজ্যোতি ডেকাজনক বিচাৰি পাব পাৰি৷

আত্মজীৱনীৰ প্ৰথম আধ্যায়ত পিতৃ স্বৰ্গীয় হলীৰাম ডেকাৰ প্ৰতি বিদ্বেষ প্ৰকাশ কৰিলেও এক আন্তৰিকতাৰ বান্ধোনে দুয়োজনকে বান্ধি ৰাখিছিল৷

‘‘আকাশী জাহাজত উঠাৰ আগে আগে খট্‌খটিৰ পৰা মুখ ঘূৰাই চালো, পিতাই আকাশী জাহাজত উঠিব ধৰা যাত্ৰীৰ মাজত মোক শেষবাৰলৈ চাবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ মোক চিনি উলিয়াবলৈ চেষ্টা কৰিছে নিজৰ প্ৰায় অন্ধ চকুৰে৷ আমি দুয়োজনেই জানো, আমাৰ মাজত এয়েই শেষ দেখা দেখি৷ মনটো বৰ বেয়া লাগি গল৷ পিতাই তেইশ বছৰ আগতে কলিকতাত ডাফৰিন হস্পিটালৰ পৰা মোক ঘৰলৈ আনিছিল, আজি আকৌ কলিকতালৈ পঠিয়াই দিছে৷ সমস্ত দোষ সত্ত্বেও, বৰ মৰমিয়াল ব্যক্তি আছিল তেখেত৷ ’’

ৰাজনৈতিক দৰ্শনৰ বিশ্বাসতো প্ৰণৱজ্যোতি ডেকাই যুক্তিকে প্ৰাধান্য দিছিল৷ মই সাম্যবাদ, অৰ্থাৎ Communism ৰ সমৰ্থক নাছিলোঁ আৰু আজিও নহয়এই স্বীকাৰোক্তিৰ বাবেই অসমৰ এচাম বুদ্ধিজীৱীৰ লগত তেখেতৰ বিশেষ সদ্ভাৱ নাছিল বা এনে চিন্তাৰ স্পষ্টতাৰ বাবেই বহু সময়তে (বা বৰ্তমানেও) তেওঁক যে প্ৰাপ্য স্বীকৃতি আদিৰ পৰা বঞ্চিত কৰা হৈছিল সেয়া অনুমেয়৷ সাম্যবাদৰ প্ৰশিক্ষণখণ্ডত ইয়াৰ ব্যাখ্যা পাব পাৰি৷ ৰাজনৈতিক সচেতনতা ড ডেকাৰ শলাগিবলগীয়া দিশ৷ ৰাছিয়াত থকা সময়চোৱাৰ যি বৰ্ণনা আৰু আলোচনা আত্মজীৱনীখনত বৰ্ণিত হৈছে তাৰ দ্বাৰা সমগ্ৰ পৃথিৱীৰ চিন্তা জগতখনৰ এক আভাস পাব পাৰি৷ বাহুল্য যেন লাগিলেও ইয়াত সন্নিৱিষ্ট এষাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি৷

‘‘ভাৰতবৰ্ষৰ সৰহভাগ শিক্ষক-ছাত্ৰই জ্ঞান নিবিচাৰে, বিচাৰে জীৱনত উন্নতি বিশেষকৈ আৰু অধিক ধন ঘটাৰ পথ৷ ’’

জিলিকিছে লুইতৰে পাৰ অধ্যায়টি অসমৰ সমাজ, শিক্ষা, ৰাজনীতি আৰু অসমৰ মানুহৰ মানসিকতাৰ অৱক্ষয়ৰ দলিলস্বৰূপ৷ অসমবাসীৰ আবেগ-আন্তৰিকতা আৰু সীমাহীন ত্যাগৰ ফলত প্ৰতিষ্ঠা হোৱা বিশ্ববিদ্যালয়খনিৰ ভিতৰচৰাৰ কদৰ্য কুৎচিত পৰিৱেশে লেখকক সীমাহীন কষ্ট দিছিল৷ পদবী, ক্ষমতাৰ লোভ, ৰাজনীতি, ব্যক্তিগত স্বাৰ্থান্বেষী কুচকাবাজ আদিয়ে শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰৰ মান ধূলিত মিহলি কৰি দিয়াৰ নগ্ন বাস্তৱ ছবিখন ইয়াত প্ৰকাশিত হৈছে৷ লেখকৰ ভাষাত

‘‘বৰ্তমানৰ বিক্ষিপ্ত আত্মজীৱনী- সোণৰ চামুচ মুখত লৈ গ্ৰন্থ মুখ্যতঃ পাঠকৰ চিত্তবিনোদনৰ উদ্দেশ্যৰে লিখিত- ই নৱৰসৰ সংমিশ্ৰণ৷ আমাৰ জীৱনৰ অধোবিন্দঅধ্যায় বীভৎস আৰু কৰুণ ৰসেৰে পৰিপৃক্ত, আৰু বৰ্তমানৰ অধ্যায় ঘাইকৈ পাঠকৰ কৌতূহল নিবাৰণৰ উদ্দেশ্য লিখা হৈছে যাৰ মূল ৰস- বীভৎস

... স্বৰ্গীয় হাজৰিকাই ভৱিষ্যবাণী কৰা জিলিকনি বিভিন্ন ৰূপত আহি আমাৰ চকুত পৰিছে কেতিয়াবা চকুত চাৎ মাৰি ধৰিছে, তেতিয়া মূৰ ঘূৰাই গৈছে; কেতিয়াবা আনন্দত, কেতিয়াবা দুখত, চকুলো ওলাইছে; কেতিয়াবা ঘৃণাত নাক-মুখ কোঁচ খাইছে; কেতিয়াবা কৌতূহলত চকু বিস্ফোৰিত হৈছে; মুঠতে এইখন এখন আজব কি দুনীয়াযাক বাহিৰৰ ৰাইজৰ চকুত চমক ধৰে৷ ’’

গুৱাহাটী বিশ্ববিদ্যালয়ে উৎকৰ্ষৰ কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ পৰিৱৰ্তে ই এচাম লোভী আৰু স্বাৰ্থান্বেষী মানুহৰ বিচৰণথলীলৈ পৰিণত হোৱাটোৱে লেখকক সীমাহীন পীড়া দিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ চাকৰিৰ আবেদন, চাকৰিৰ সাক্ষাৎকাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ বেতন নিৰূপনৰ কাহিনী, অনুবীক্ষণ যন্ত্ৰ ক্ৰয়ৰ অভিজ্ঞতা, চুৰি বিদ্যা মহাবিদ্যা মিছা ৰচিদ, ছাত্ৰানুষ্ঠানত সহযোগ আৰু অসহযোগ, বৈদ্যুতিক চুল্লীৰ ক্ৰয়, কম্পিউটাৰ চুৰিৰ ঘটনা, Do you know with whom you are talking, হীৰাৰ চামুচ মুখত লৈ, হোটেল -ৰেষ্টোৰাঁৰ উপাখ্যান, মাছৰ বজাৰ-নম্বৰৰ বজাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ শেষ যুদ্ধ, মোৰ পৰাজয়ৰ ঘটনা, শিক্ষক হিচাপে নিজৰ মূল্যাংকন, মই কিয় বিভাগীয় মুৰব্বী পদ লবলৈ অমান্তি হৈছিলো, বৰ্তমানৰ অধ্যায়ৰ সমাপ্তি, পৰীক্ষাৰ বহীৰ কাকত, প্লেটিনাম ক্ৰুচিবলৰ খেল আদি সৰু সৰু উপ অধ্যায়ত বক্তব্যক সামৰা হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণৰ পৰা অৱসৰ গ্ৰহণ কৰালৈকে লেখকে ইয়াৰ কু-কীৰ্তিৰ আখ্যান সবিস্তাৰে বৰ্ণনা কৰিছে৷ যি বৰ্ণনাই সাধাৰণ পাঠকৰ কৌতূহলত বা বিশ্ববিদ্যালয়খনিৰ প্ৰতি থকা শ্ৰদ্ধাত প্ৰচণ্ড আঘাত হানিব৷ অসমৰ শিক্ষা, জন-জীৱন আৰু জাতীয় জীৱনত যি নেতৃত্ব বিশ্ববিদ্যালয়ৰ কাণ্ডাৰীসকলে লব লাগিছিল সেই নেতৃত্বৰ অভাব বৰ দুখ লগাকৈ অনুভৱ কৰা যায়৷ যাৰ প্ৰভাৱত অসম আজিও প্ৰগতিৰ দিশত বৌদ্ধিকতাৰে আগুৱাব পৰা নাই৷ ড প্ৰণৱজ্যোতি ডেকাৰ ব্যাখ্যা আৰু বৰ্ণনাক একমাত্ৰ মতামত বুলি স্বীকাৰ নকৰিও যদি বিশ্ববিদ্যালয়খনে ফলপ্ৰসূ পন্থা অৱলম্বন কৰে তেন্তে বহুতো প্ৰশ্নৰ সমাধান ওলাব বুলি ভাবিব পাৰি৷ অধ্যায়ৰ শেষত ড ভূমিধৰ চৌধুৰীদেৱৰ উক্তিয়ে লেখকৰ মত যে শুদ্ধ তাৰ সাক্ষ্য দাঙি ধৰে৷

‘‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ, পূৰ্বৰ কালৰ মুষ্টিমেয় বাস্তৱতে সন্মানীয় অধ্যাপক ড ভূমিধৰ চৌধুৰীক পঢ়ি শুনোৱাত তেখেতে হাঁহি, কয়, ‘‘তুমি বহু কথাই জনালা যাৰ কিছুমান কথা মই সন্দেহ কৰিছিলো, কিছুমান সন্দেহেই কৰা নাছিলো ই নহয়, সম্ভৱ বুলি ভবা নাছিলো৷ এতিয়া তুমি লিখিছা চুৰিৰ কথা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰবোৰৰ দ্বাৰা৷ এইবোৰ কথা পঢ়ি মানুহে কিয় বিশ্বাস কৰিব? তোমাৰ অভিযোগৰ সাক্ষ্য প্ৰমাণ ক? খিয়ালতে লিখা বুলি কব তোমাৰ কিতাপখনত৷ ’’

অসমৰ বৌদ্ধিক জগতৰ ফোঁপোলা স্বৰূপ আৰু ভণ্ডামিৰ উন্মোচনৰ প্ৰচেষ্টা নিশ্চয় শলাগিবলগীয়া৷

জীৱনে মোক কি শিকালে আৰু জীৱনৰ অধোবিন্দু প্ৰধানত জীৱন অভিজ্ঞতাৰ বলিষ্ঠ ৰূপায়ণ৷ জীৱনত সন্মুখীন হোৱা নানান ঘাত-প্ৰতিঘাতৰ মোকাবিলা কৰাৰ ৰোমাঞ্চকৰ বৰ্ণনা ইয়াত পাব পাৰি৷ গুৱাহাটীৰজন জীৱনৰ কদৰ্য ৰূপেও বাৰে বাৰে ইয়াত ভূমুকি মাৰিছে৷ লেখকৰ সমগ্ৰ জীৱনৰ কাৰ্যাৱলী, ধৰ্ম-দৰ্শন আদি সম্পৰ্কে লেখকৰ চিন্তাধাৰা আদিৰ লগতো পাঠক ইয়াৰ মাজেদি পৰিচিত হব৷ পৰিয়ালৰ সদস্যসকলৰ পৰা পোৱা অনাদৰ আৰু স্বাৰ্থপৰতা, বিশ্ববিদ্যালয়ৰ সহকৰ্মী তথা V.C., Registrar আদিৰ ক্ষমতা ধৰি ৰখাৰ কেৰামতালিৰ পৰিৱৰ্তে অচিন দেশৰ পত্নীৰ আশা, ভৰসা আদি বৈচিত্ৰ্যময় জীৱন প্ৰৱাহৰ ছবিয়ে ইয়াক আকৰ্ষণীয় কৰি তুলিছে৷ আত্মজীৱনীৰ সৌন্দৰ্য ৰক্ষা আৰু লেখকৰ জীৱনৰ চিন্তা, অভিজ্ঞতাৰ সৈতে চিনাকি হোৱাত এই দুটি অধ্যায়ে বিশেষভাৱে সহায় কৰে৷

মোৰ জীৱনত ৰাজনীতি আৰু সাহিত্য চৰ্চা অধ্যায়টোৱে লেখকৰ জীৱনচৰ্যাৰ এক গুৰুত্বপূৰ্ণ দিনা সামৰি লৈছে৷ লেখক কোনোধৰণৰ প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হোৱা নাছিল যদিও ৰাজনৈতিক চেতনাবোধ লেখকৰ অতি প্ৰল৷ লেখক প্ৰণৱজ্যোতি ডেকাজন প্ৰণৱজ্যোতি ডেকাৰ দৃষ্টিৰে ইয়াত আলোচিত হৈছে৷ কবিতা আৰু নাটকেৰে লেখক জীৱনৰ পাতনি মেলা ডেকাই পৰৱৰ্তী সময়ত গল্প আৰু ধৰ্মীয় ব্যাখ্যামূলক ৰচনা লিখে৷ কিন্তু সাহিত্যিক জীৱনত তেওঁ পদে পদে বঞ্চনা আৰু অৱহেলাৰহে সন্মুখীন হৈছিল৷ ‘‘জ্যোতি দ্বি-ভাষিক অভিধানসংকলন প্ৰকাশৰ কালত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সতীৰ্থসকলৰ পৰাই চৰম ঈৰ্ষাৰ চিকাৰ হব লগা হৈছিল৷ কিন্তু লয়াৰ্চ বুক ষ্টলৰ স্বৰ্গীয় খগেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা লেখকৰ ভাষাত ভুটুৱে তেখেতৰ প্ৰতিভাৰ প্ৰতি সন্মান কৰিয়ে বা বাল্যবন্ধুৰ বন্ধুত্বৰ টানত কিতাপ প্ৰকাশেৰে উৎসাহিত কৰিছিল৷ লেখক সমাজৰ মাজতো যে অঁৰিয়াঅৰি আৰু লবীয়ে গুৰুত্ব পাইছিল তাৰ প্ৰমাণ আত্মজীৱনীত সুলভ৷ অতি উচ্চমানৰ গল্প ৰচনাৰ পাছতো চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত গৰীয়সী’-ত ড প্ৰণৱজ্যোতি ডেকা নামৰ গল্পকাৰজনৰ গল্প প্ৰকাশ হোৱা নাছিল৷ প্ৰকৃত সুস্থ সমালোচনাৰ পৰা লেখকৰ গল্পসমূহ আজিও বঞ্চিত; কিন্তু কৰুণা, গুৰু নিৰ্বাচন, ভদ্ৰলোক, অনিগৰ্মম পথ আদি উচ্চমানৰ গল্পৰে ডেকাই অসমীয়া সাহিত্যৰ বিশ্বামানপ্ৰতিষ্ঠা কৰা বুলি কব পাৰি৷ গল্পসমূহৰ সমল লেখকৰ বাস্তৱৰ পৰা আহৰিত হোৱা বাবে এই জীৱনীৰ মাজতো পাঠকে বহুকেইটা গল্পৰ চিনাকি ঘটনা, চৰিত্ৰ আদিৰ পৰিচয় পাব৷ আমাৰ দ্বাৰা লিখিত চুটি গল্পৰ সাহিত্য মানউপ অধ্যায়ত ডেকাৰ গল্পৰ স্ব-বিশ্লেষণ পোৱা যায়৷ অভিধান সংকলক ৰূপে আমি, চৰ্যাগীত আৰু বৌদ্ধ-তন্ত্ৰ, মোৰ ইংৰাজী গ্ৰন্থ, Nilachal Kamakhya, Her History and Tantra, মোৰ আন ধৰ্মপুস্তক আদি উপঅধ্যায় বিভাজনেৰে লেখক জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ বৰ্ণনা কৰিছে৷

লেখক প্ৰণৱজ্যোতি ডেকাজন অসমীয়া সাহিত্যৰ সম্পদ, কিন্তু অসমীয়া সাহিত্যৰ পুৰস্কাৰ দিয়াসকলৰ দুৰ্ভাগ্য যে তেওঁলোকে সাহিত্যিক প্ৰণৱজ্যোতি ডেকাক কোনো বঁটা প্ৰদান কৰি নিজে ধন্য হব নোৱাৰিলে৷ এইসকলোবোৰতে স্বাৰ্থান্বেষী মনোভাব, এচাম চাতুকাৰৰ ডাঙৰ সাহিত্যিক’, সম্পাদকৰ পদলেহন আদিবোৰ কাৰকে ক্ৰিয়া কৰে৷ আত্মজীৱনী যদিও এক সম্পূৰ্ণ আত্মজৈৱনিক ৰচনা বা এজন ব্যক্তিৰ স্ব-ব্যক্তিত্বৰ পৰিস্ফুৰণ, তথাপি সোণৰ চামুচ মুখত লৈযেন ইয়াৰ মাজত এক অনন্য ব্যতিক্ৰম; কাৰণ ইয়াত বৰ্ণিত হোৱা ঘটনাৱলীয়ে অসমৰ সমাজ ইতিহাসৰ বহুতো নিলিখা কথাৰ (লিখিব নোৱাৰা কথা, যিবোৰ ঐতিহাসিকভাৱে মাৰাত্মক ভুল) আলোচনা সামৰি লৈছে৷ অসমৰ সাহিত্য-সমাজ, সম্পাদক আৰু সমালোচকসকলো বহুসময়ত সঠিক পথ নিৰ্দেশক নাছিল বা বিদ্ব্যৎ সমাজৰ মাজতো সাহিত্য চৰ্চাক উপলুঙা কৰা বিধৰ মানুহ আছিল তাৰ প্ৰমাণ বাৰে বাৰে পাব পাৰি৷

‘‘আপোনালোক Writerবোৰৰে ভাল দিয়ক, ঘৰৰ বাবে মাছ কিনিব লগা হলে কাকত তিনিখিলা আৰু পেন এটা লৈ বহি গলেই হ, আহি গল মাহটোৰ মাছৰ খৰচ৷ ’’– প্ৰকৃততে এয়াই আছিল লেখা আৰু লেখক সম্বন্ধে ধাৰণা৷ অৱশ্যে ড অন্নদা চৰণ ভাগৱতীৰ দৰে ব্যক্তিত্বই এনে মন্তব্য নিশ্চয় অতি ধেমেলীয়া সুৰতহে কৈছিল কিন্তু সদা চিৰিয়াচডেকাদেৱে তাৰ অৰ্থ সুকীয়াকৈ ললে৷

আত্মজীৱনীখনৰ অতি গুৰুত্বপূৰ্ণ আৰু সাহসী অধ্যায়টোৱেই হমোৰ যৌন অন্বেষণৰ কাহিনী৷ অন্বেষণৰ বৰ্ণনা প্ৰসংগত বৈজ্ঞানিক ব্যাখ্যা বৰ্ণনাই প্ৰধানত গুৰুত্ব লাভ কৰিছে৷ প্ৰণৱজ্যোতি ডেকাৰ লেখাই প্ৰেম আৰু যৌনতাৰ মাজত যুক্তি আৰু বৈজ্ঞানিক চেতনাৰ সন্ধান কৰিছে৷ সমগ্ৰ অধ্যায়টোৱেই মনঃস্তাত্ত্বিক বিশ্লেষণ৷ সাধাৰণতে আত্মজীৱনীসমূহত বৰ্ণিত হোৱা আত্মজীৱনীকাৰ (নায়ক? )-ৰ উচ্ছল যৌন অভিজ্ঞতাৰ গা পিৰ্‌পিৰ্‌ণি তুলিব লগা বৰ্ণনাৰ উদ্দেশ্যে ইয়াক লিখা হোৱা নাই৷ শুদ্ধ অৰ্থতে ই যৌন অন্বেষণ৷ অসমৰ শুচি-বায়ুগ্ৰস্ত সমাজৰ চিন্তা আৰু সেই শুচি-বায়ুগ্ৰস্ততাৰ আঁৰত ঘটি থকা যৌন ব্যভিচাৰৰ বৰ্ণনা আৰু বিশ্লেষণকো লেখকে আলোচনাৰ মাজত সামৰি লৈছে৷ যৌন মনঃস্তত্ত্বৰ ব্যাখ্যাৰ বাবে এই অধ্যায়টো গুৰুত্বপূৰ্ণ৷ এইটো অধ্যায় এজন বিজ্ঞানীৰ বৈজ্ঞানিক প্ৰবন্ধ, যৌন খুচুৰা খবৰ, দুই ভনী, ধৰ্ষকাম-মৰ্ষকাম সম্বন্ধে আমাৰ অভিজ্ঞতা, খুচুৰা খবৰ, আমি দেখা আন যৌন ব্যতিক্ৰম, আমাৰ অদ্ভুত বৃত্তি আদি উপ অধ্যায়ত কথাবোৰ বৰ্ণনা কৰিলে৷ আত্মজীৱনীৰ পাঠকে ইয়াৰ মাজত যৌন তত্ত্ব আৰু বৈজ্ঞানিক ব্যাখ্যাৰ লগতে প্ৰণৱজ্যোতি ডেকা মানুহজনকো ওচৰৰ পৰা চিনি পোৱাত সহায়ক হব৷

অনুভূতি শীৰ্ষক অধ্যায়টোও লেখকৰ জীৱন চিন্তা চেতনা আৰু অভিজ্ঞতাৰ অনন্য ৰূপ৷ লেখকৰ ভাষাতেই ‘‘বৰ্তমান গ্ৰন্থৰ লিখকৰ মনত অসমীয়া সমাজ বিশেষকৈ অসমৰ অসমীয়া বুদ্ধিজীৱী সমাজৰ প্ৰতি পুহি ৰখা পুঞ্জীভূত ক্ষোভ আৰু তিক্ততা, ফেটী সাপৰ বিষৰ দৰে গ্ৰন্থৰ পাতে পাতে বিৰিঙি ওলাইছে, ইয়াত ক্ষমা বিস্মৃতিৰ নাম গোন্ধ নাই৷ ’’ অসমৰ সমাজ জীৱনক কলুষিত কৰা কোনো ব্যক্তি বা ঘটনাৰ সাক্ষীক ড প্ৰণৱজ্যোতি ডেকাই ক্ষমা কৰা নাই বা কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে আপোচ কৰা নাই৷ এই অধ্যায় ডেকাৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বহুতো নতুন দিশ পোহৰলৈ আনে৷ সাহিত্য, সংস্কৃতি, সমাজ জীৱন আৰু ৰাজনৈতিক ক্ষেত্ৰত অসমৰ বুদ্ধিজীৱীয়ে নিৰ্দেশ কৰা ক্ষয়কাৰী সিদ্ধান্ত, ৰাজনীতিকৰ চতুৰালি আৰু হঠতাৰ নগ্ন বৰ্ণনাৰ লগতে লেখকৰ অনুভূতিত জোকাৰণি তোলা বহুতো সৰু-বৰ ঘটনাৰ সমাৱেশ এই বিস্তৃত অধ্যায়টিত পাঠকে লাভ কৰিব৷ এক অৰ্থত আত্মজীৱনীৰ এই অধ্যায় পাঠকৰ বাবে আত্মবিচাৰৰো সোপান হব পাৰে৷

বিবিধ শীৰ্ষক অধ্যায়টো লেখকৰ বিচিত্ৰ জীৱনৰ অভিজ্ঞতাৰ সৰস বৰ্ণনা৷ পাৰিবাৰিক, সামাজিক-সাংস্কৃতিক আৰু সাহিত্য চৰ্চাৰ দিশসমূহ ইয়াত সামৰি লোৱা হৈছে৷ লেখকৰ ধন আৰ্জনৰ ভিন্ন অভিজ্ঞতা, বিশ্ব ৰাজনীতিৰ চৰ্চা, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নিযুক্তি, আমাৰ পোহনীয়া জন্তু আদি ভিন্ন বিষয়ে ইয়াত স্থান পাইছে৷ প্ৰতিটো ঘটনাই অসমৰ জনমানসৰ চিন্তাৰ প্ৰতিফলক হোৱা বাবে ঘটনাৱলীৰ মূল্য সুকীয়া ধৰণৰ৷ সময় বালিত খোজ আত্মজীৱনীখনৰ শেষ অধ্যায়৷ লেখকৰ একে নামৰ চুটিগল্পৰ কথাবস্তুৰ সৈতে ইয়াৰ মিল আছে৷ কাৰ্যত গল্পৰ ৰূপত লেখকে নিজৰ জীৱনৰ কথাকে বৰ্ণনা কৰিছে৷ জ্যোতি দ্বিভাষিক অভিধান প্ৰণয়নত হোৱা হতাশাজনক পৰিস্থিতিয়েও অসমৰ বুদ্ধিজীৱী লেখক আৰু কিতাপৰ প্ৰকাশৰূপী বেপাৰীৰ স্বৰূপ উদঙাই দেখুৱায়৷ আত্মজীৱনীখনৰ মাজতে লেখকে আত্মজীৱনী ৰচনাৰ গল্প কৈ আছে৷ লেখক এজন গল্পকাৰ হোৱা বাবেহে যে এয়া সম্ভৱ হৈছে সেয়া অস্বীকাৰ কৰা নাযায়৷

‘‘আকৌ আমাৰ আত্মজীৱনীলৈ উভতি অহা যাওক৷ মই প্ৰণৱজ্যোতি ডেকা, এজন অগতানুগতিক ব্যক্তি, সেয়া মই জানো আৰু মোৰ সম্বন্ধলৈ অহা সৰহভাগ লোকেই জানি যায়, তেখেতসকলৰ ব্যাখ্যাও অতি সৰল, ‘‘ডেকা? বৃদ্ধ পাগল এটা! ডাঙৰ মানুহৰ লৰা, সেইবোৰেই এনে নক্সা দেখুৱাইছে, মুখেৰে কেতিয়া কি কয় তাৰ ঠিক নাই৷ আমিও পাব লাগিছিল, সেইখিনি সুবিধা, তেতিয়া পৃথিৱীক দেখুৱালো হয় আমাৰ সাথন!’’

অগতানুগতিক ৰচনাশৈলীৰ ই এক অন্যতম উদাহৰণ৷ ঘাইকৈ লেখকৰ মতে পাঠকৰ মনোৰঞ্জনৰ বাবে ৰচনা কৰা হলেও ইয়াৰ ৰচনাশৈলীয়ে পাঠকক আমোদ দিয়ে আৰু ঘটনাৰ বৰ্ণনাই চিন্তাৰ খোৰাক যোগায়৷ লেখকৰ মতে ‘‘বৰ্তমান গ্ৰহণৰ এক বিস্তৃত অংশ প্ৰহসন, ইংৰাজীত যাক বোলে farce৷ এটা মাত্ৰ প্ৰত্যাভূতি বৰ্তমান লেখকে পাঠকক দিব পাৰে, সেয়া হৈছে, হাস্যৰস বৃদ্ধিৰ বাবে কৰা অতিশয়োক্তিৰ বাদে, গ্ৰন্থত বৰ্ণিত সমস্ত ঘটনা আখৰে আখৰে সত্য৷ ’’ আত্মজীৱনীখনৰ মাজেৰে পাঠকে এজন প্ৰচণ্ড স্বাভিমানী ব্যক্তিৰ আত্মকথন আৰু পৰিপাৰ্শ্চিক ঘটনাৰ স্ব-বিশ্লেষণৰ সৈতে পৰিচিত হব৷ সমসাময়িক বুদ্ধিজীৱীসকলৰ ঈৰ্ষাভাজন ড ডেকা প্ৰকৃত মানুহজনক সোণৰ চামুচ মুখত লৈৰ মাজত বিচাৰি পাব৷ এখন আত্মজীৱনী হিচাপে ইয়াত ঘটনাৰ কালানুক্ৰমিক বৰ্ণনা পোৱা নাযায়, কিন্তু অসমৰ সমাজ সাংস্কৃতিক অধ্যয়নৰ এক দলিল ৰূপে ইয়াক আলোচনা কৰিব পৰা যায়৷ ড প্ৰণৱজ্যোতি ডেকাৰ লগত মতৰ অন্তৰ থাকিব পাৰে, কিন্তু ইয়াত আলোচ্য কথাবোৰৰ যুক্তিযুক্ততা উলাই কৰা নাযায়৷ বৰ্ণনাৰ সুন্দৰতাও এক অন্যতম বিশিষ্ট দিনা৷ অৱশে্য আত্মজীৱনীখনৰ মাজত বক্তব্যৰ পুনৰাবৃত্তি লক্ষ্য কৰা যায়৷ গল্পকাৰ প্ৰণৱজ্যোতি ডেকাই বাৰে বাৰে আত্মজীৱনীখনৰ মাজেত ভূমুকি মাৰিছে৷ আত্মজীৱনীখনৰ অধ্যয়নে অসমীয়া বুদ্ধিজীৱীৰ দৃষ্টিত সদা Cynical প্ৰণৱজ্যোতি ডেকা যে বাস্তৱতে এজন Practical মানুহ তাৰ প্ৰমাণহে দিব৷ সকলো দিশ আলোচনা কৰি অসমীয়া আত্মজীৱনীৰ ইতিহাস অধ্যয়নত সোণৰ চামুচ মুখত লৈযে এক অনন্য ব্যতিক্ৰমৰূপে চিহ্নিত হব তাত সন্দেহ নাই৷

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ

নন্দনাথ শইকীয়া মহাবিদ্যালয়, তিতাবৰ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ