অন্যযুগ/


ষ্টিভেন ৱেইনবাৰ্গৰ সোঁৱৰণত

পৰমানন্দ মহন্ত

ষ্টিভেন ৱেইনবাৰ্গ

মানুহজনক লগ পাইছিলোঁ - নহয়, দেখিছিলোঁ ১৯৬৭ চনতে৷ তেখেত আহিছিল আমাৰ বিভাগৰ আলহী হৈ৷ বোধকৰোঁ দুসপ্তাহমান আছিলহি৷ পাছত গম পাইছিলোঁ, কিমান গুৰুত্বপূৰ্ণ আছিল সেই সময়খিনি, তেওঁৰ কাৰণেও আৰু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক, মোৰ শিক্ষাগুৰু আব্দুছ ছালামৰ কাৰণেও৷ কাৰণ সেই বছৰতে তেওঁলোক দুয়োগৰাকী পণ্ডিতেই, বেলেগে বেলেগে, একোটা বিষয়তে কৰা গৱেষণাৰ সিদ্ধান্তমূলক তত্ত্বটো প্ৰকাশ কৰিছিল৷ মানুহজন আন কোনো নহয়, ১৯৭৯ চনত অধ্যাপক ছালাম আৰু আন এজন মাৰ্কিন পদাৰ্থবিদ শ্বেলডন গ্লেশ্বৰ লগত পদাৰ্থবিজ্ঞানৰ নবেল বঁটা লাভ কৰা পদাৰ্থবিদ ষ্টিভেন ৱেইনবাৰ্গ৷ ৱেইনবাৰ্গৰ কথা এতিয়া মনলৈ আহিল, কিয়নো যোৱা ২৩ জুলাই তাৰিখে আমেৰিকাৰ আষ্টিনৰ টেক্সাছত তেখেতৰ মহৎ জীৱনৰ বন্তিগছি নুমাই থাকিল৷ মোৰ বৰ দুখ লাগি গ, বিশেষকৈ খবৰটো পালোঁ সম্পূৰ্ণ দুসপ্তাহৰ পাছত আগষ্ট মাহৰ ৯ তাৰিখেহে, তাকো পোলেণ্ডৰ ৱাৰশ্ব বিশ্ববিদ্যালয়ৰ (Warsaw University) গৱেষক ছাত্ৰ এজনেদৈনিক অসমত ৱেইনবাৰ্গৰ মৃত্যুৰ বাতৰিটোৰে তেওঁৰ বিষয়ে লিখা ৰচনাখন পঢ়িহে৷ অসমৰ বাতৰিকাকতবিলাকলৈ খং উঠি গ, ৱেইনবাৰ্গৰ লেখীয়া মহৎ বিজ্ঞানী এগৰাকীৰ মৃত্যুৰ বাতৰিটো পৰিৱেশন নকৰাৰ কাৰণে৷ পাছত অৱশ্যে অসমৰ বাতৰিকাকতৰ ওপৰত খং কৰা বৃথা বুলি পতিয়ন নিওৱাত খং জামৰিল৷

এতিয়া মনত পৰিলে চমৎকৃত হৈ যাওঁ, আমাৰ গৱেষকসকলৰ কোঠাৰ পৰা তিনি-চাৰিটামান কোঠালি পাৰ হৈ পোৱা এটা কোঠালিতে পোন্ধৰদিনমানৰ কাৰণে ৱেইনবাৰ্গ আছিলহি বুলি৷ পদাৰ্থবিজ্ঞান বিভাগৰ পঞ্চম মহলাত আছিলোঁ আমি, তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ শিক্ষক আৰু গৱেষক ছাত্ৰসকল৷ ইয়াৰে এটা কোঠা আমাৰ শ্ৰেণীকোঠা আৰু ছেমিনাৰ কোঠা৷ কলেজ খোলা থকাৰ সময়ছোৱাত প্ৰতি সপ্তাহে একোখন ছেমিনাৰ হয়, প্ৰায়েই বিদেশৰ পৰা নহলেও ইংলেণ্ডৰ অন্য বিশ্ববিদ্যালয়ৰ পৰা গৱেষক আহি তেওঁলোকৰ শেহতীয়া গৱেষণাৰ আলোচনা কৰি যায়হি৷ এনেকৈয়ে এখন ছেমিনাৰলৈ আহিছিল মুম্বাইৰ টাটা ইঞ্চটিট্যুটৰ গৱেষক ড পণ্ডিত৷ তদুপৰি প্ৰায়ে আমাৰ বিভাগৰ শিক্ষকসকলৰ লগত গৱেষণাৰ বিষয়ৰ আলোচনাৰ কাৰণে দুই-এজন আলহী গৱেষক, ষ্ট ডক্টৰেল গৱেষক আদিও আহিছিল৷ গম পাইছিলোঁ যে ষ্টিভেন ৱেইনবাৰ্গ অধ্যাপক ছালাম আৰু অন্যান্যসকলৰ লগত আলোচনা কৰিবলৈ কলেজলৈ তাৰ আগতেও দুই-তিনিবাৰ আহিছিল৷ যাহওক, সেইবাৰ আহোঁতে একেটা মহলাতে থকাৰ কাৰণেই ওলাওঁতে-সোমাওঁতে চাহ বিৰতিৰ পৰত এইগৰাকী পণ্ডিত বিজ্ঞানীক দেখা পোৱাৰ আৰু কথা শুনাৰ সৌভাগ্য হৈছিল৷

ছালাম-ৱেইনবাৰ্গ-গ্লেশ্বৰ ইলেক্ট্ৰৱিক তত্ত্ব বুলি জনাজাত হোৱা তত্ত্বই দুবিধ প্ৰাকৃতিক মৌলিক বলক একেলগ কৰিলেঅৰ্থাৎ একেটা তত্ত্বৰ সহায়েৰে এই দুই বিধৰ (বিদ্যুৎ চুম্বকীয় বল আৰু দুৰ্বল নিউক্লিয় বল) বলৰ সমূহ আচৰণৰ নিখুঁত বৰ্ণনা পাব পৰা হল৷ এনে কৰিবলৈ যাওঁতে দুই এটা নতুন ধাৰণা বা অনুমান লবলগীয়া হয়, যাৰ ফলত আগেয়ে মন নকৰা, নেদেখা বা গম নোপোৱা নতুন দুই-এটা ঘটনা ঘটাৰ সম্ভেদও তত্ত্বটোৱে দিলে৷ ঘাইকৈ তিনিটা নতুন কণিকা আৰু সিহঁতৰ ভৰৰ নিৰ্দিষ্ট জোখ তত্ত্বটোৱে ঠাৱৰ কৰিলে৷ এই কণিকাসমূহৰ পূৰ্বানুমান আৰু বিভিন্ন আচৰণৰ গণনাৰ ক্ষেত্ৰত ৱেইনবাৰ্গৰ বৰঙণি উল্লেখযোগ্য আছিল৷ যি কি নহওক, এই নতুন পদাৰ্থ-কণিকাসমূহৰ ভৰ পৰীক্ষামূলকভাৱে নিৰ্ণীত হোৱাৰ পাছত তত্ত্বটোৰ শুদ্ধতা সম্পৰ্কে কাৰো সন্দেহ নাথাকিল৷ তাৰ আগতে সোতৰ শতিকাত আইজাক নিউটনে মহাকৰ্ষণ আৰু গতি বিষয়ক বিধিসমূহৰ সহায়েৰে যেনেকৈ পৃথিৱীৰ উপৰিভাগৰ কোনো বস্তুৰ গতি আৰু গ্ৰহ-উপগ্ৰহৰ গতিক একেটা সূত্ৰৰে বান্ধি পেলালে, বা ঊনৈছ শতিকাত জেইম্ছ ক্লাৰ্ক মেক্সৱেলে বিদ্যুৎ আৰু চুম্বক সম্পৰ্কীয় পৰিঘটনাবোৰ বিদ্যুৎচুম্বকীয় তত্ত্বৰ সহায়েৰে বৰ্ণনা কৰি দুয়োবিধ বলক লগ লগালে, এইবাৰো এই তিনিগৰাকী পদাৰ্থবিদে আন দুটা মৌলিক প্ৰাকৃতিক বলক একীকৃত কৰিলে, যাৰ সহায়েৰে অনেক বিষম যেন লগা প্ৰাকৃতিক পৰিঘটনা ব্যাখ্যা কৰিব পাৰি৷ এনেকুৱা তত্ত্বৰ আৱিষ্কাৰৰ প্ৰয়োগেৰেই মৌলিক পদাৰ্থ বিজ্ঞানৰ গৱেষণা চলি আহিছে৷ সেয়েহে এনে তত্ত্বৰ আৱিষ্কাৰ পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰত মহৎ আৱিষ্কাৰ বুলি গণ্য কৰা হয়৷ মনত আছে, ১৯৭৯ চনৰ কোনোবা এটা দিনত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহোঁতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দিলীপ কুমাৰ চৌধুৰীয়ে নতুন তত্ত্বটোৰ গাণিতিক সিদ্ধান্তসমূহৰ ভৌতিক প্ৰমাণ পোৱাৰ কথা সেই বছৰৰ পেৰিছৰ সন্মিলন এখনত ঘোষণা কৰা বুলি খবৰ দিছিলহি৷

ৱেইনবাৰ্গৰ কৃতিত্ব মৌলিক পদাৰ্থকণা বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ ব্ৰহ্মাণ্ড-তত্ত্বৰ গৱেষণাসমূহতে আবদ্ধ নাছিল৷ তেখেত আছিল এগৰাকী নিপুণ কথাশিল্পীও৷ কেইবাখনো লোকবোধ্য বিজ্ঞানৰ পুথিৰ ৰচিয়তাইয়াৰে ১৯৭৭ চনত প্ৰকাশ পোৱাদা ফাৰ্ষ্ট থ্ৰী মিনিট্ছ্আৰু ১৯৯৩ চনত প্ৰকাশিতদা ড্ৰিমছ্ অব্ এ ফাইনেল থিঅৰিবিশেষভাৱে উল্লেখযোগ্য৷ বহুপঠিত আৰু উচ্চ প্ৰশৎসিত এই দুখন গ্ৰন্থই দুয়োটা বিষয়ৰ সম্পৰ্কে পুংখানুপুংখ বৰ্ণনা প্ৰাঞ্জল ভাষাৰে প্ৰকাশ কৰিছে৷ তেখেতৰ পদাৰ্থবিজ্ঞানৰ ইতিহাস সম্পৰ্কীয় গভীৰ জ্ঞানো পুথিকেইখনত প্ৰকাশমান৷

১৯৩৩ চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত য়ুৰোপৰ পৰা বিতাড়িত ইহুদী পিতৃ-মাতৃৰ পুত্ৰ এইগৰাকী বিজ্ঞানীয়ে কৰ্ণেল আৰু প্ৰিঞ্চটনৰ দৰে খ্যাতনামা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে৷ পাছত আমেৰিকাৰ আগশাৰীৰ কেইবাখনো বিশ্ববিদ্যালয়ত গৱেষণা আৰু শিক্ষকতা কৰি ১৯৮২ চনৰ পৰা টেক্সাছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ জছি ৰেজেণ্টাল অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ইয়াতে তেওঁৰ মৃত্যু হয় বিগত ২৩ জুলাই তাৰিখে৷ তেখেতৰ মৃত্যুৰ বাতৰিটোৱে হঠাতে আঢ়ৈকুৰি বছৰতকৈ অধিক কালৰ আগৰ ইম্পেৰিয়েল কলেজত মহত্ত্বৰ সান্নিধ্যৰ সেই দিনকেইটালৈ মনত পেলাই দিলে৷ এই বৰেণ্য বিজ্ঞানীজনক শ্ৰদ্ধাৰে সুৱঁৰিছোঁ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ