অন্যযুগ/


অনসূয়া

 আকাশ দীপ্ত ঠাকুৰ

 

       ‘‘আহাঁ আহাঁ, এই অলপ আগতে তোমাৰ লেখাটোৰ বিষয়ে লগৰখিনিৰ সৈতে কথা পাতি আছিলোঁ বুজিছা; মানে আজিৰ কাগজত ওলোৱা সেই লেখাটো৷ বৰ ভাল লাগিল হে৷”–হঠাৎ মোক দেখি ভাস্কৰদা যেন কিছু উচ্ছ্বসিত হৈ উঠিল– “আমি আকৌ প্ৰতিদিনে ইমানবোৰ মানুহ লগ পাই থাকোঁ; ভাগে ভাগে কত যে কিমান কাহিনী! লিখি গৈ থাকিলে শেষেই নহ’ব বুজিছা৷ সদায় ভাবোঁ অলপ অলপকৈ লিখি যাওঁ; পিছে সজাবই নোৱাৰোঁহে৷ তুমিনো...কেনেকৈ লিখা বাৰু?’’

       কথাখিনি কৈ থাকোঁতে ভাস্কৰদাই পিন্ধি থকা ক’লা কোটটো খুলি কাষৰ খালী হৈ থকা চকীখনত ওলমাই ৰাখিলে আৰু নিজৰ চকীখনত আৰামকৈ বহিল৷ মোকো তেখেতৰ সন্মুখৰ চকীখনতে বহিবলৈ নিৰ্দেশ দিলে৷

       তেখেতৰ কথাৰ উত্তৰত মই ঘপহকৈ কিনো ক’ম ভাবি নাপাই এনেই মিচিকিয়াই হাঁহিলোঁ৷  মই আচলতে আজি ভাস্কৰদাই মোক দেখুৱাব খোজা মাটিডোখৰৰ কথাটো কিনো হৈছে জানিবলৈহে আহিছিলোঁ; পিছে তেখেতে আকৌ সেয়া মাটি, ওকালতি...সকলো কথা তল পেলাই লিখা-মেলাৰ কথাৰেহে আৰম্ভ কৰিলে৷

       ‘‘লিখা-মেলানো কি আৰু; এবাৰ আৰম্ভ কৰিলেই পাৰিব দাদা৷ আমিও প্ৰথমে সেই আজৰি সময়ত অলপ-অচৰপকৈ লিখিবলৈ আৰম্ভ কৰিছিলোঁ৷ এতিয়া আকৌ নিলিখাকৈ থাকিবই নোৱৰা হ’লোঁ৷  মই পিছে আহিছিলোঁ– মানে আপুনিযে কৈছিল সেই মাটিডোখৰৰ কথা; কিবা হৈছেগৈ নেকি?’’ মূল কথাটো সোধা ভাল হ’ব বুলিয়ে মই মাটিডোখৰৰ কথাটো উলিয়ালোঁ৷

       তেখেতে মোৰ মুখলৈ চালে৷ কিলাকুটিৰে মেজত ভেঁজা দিয়া হাত দুখনৰ তলুৱাত থুঁতৰিটো ৰাখি লাহে-ধীৰে আৰম্ভ কৰিলে– “কাহিনী বুজিছা, সকলো একো একোটা কাহিনী৷  লিখিব নোৱাৰোঁ বুলিহে৷ এই যে মাটিডোখৰৰ কথা তোমাক কৈছিলোঁ, তাতো আকৌ তেনে এটা কাহিনীয়েই সোমাই পৰিল৷ মন কৰিবা দেই– যিগৰাকী বিধৱা মানুহে মাটিডোখৰৰ মালিকীস্বত্ব দাবী কৰি আছে, সেই মানুহগৰাকী যোৱা দুমাহমানৰ আগতেই মোৰ ওচৰলৈ এবাৰ আহিছিল৷ অহা তেইছ তাৰিখে বিষয়টো সম্পৰ্কত মই সকলো কাগজ-পত্ৰ চালি-জাৰি চাম বুলি তেখেতক কৈ পঠাইছিলোঁ৷ দেখাত তেনেকৈ কোনো ঝামেলাৰ কথা নাছিল যিহেতু, এমাহৰ ভিতৰতে সকলো চিজিল হৈ পৰিব বুলি মই ভাবি লৈছিলোঁ৷ পিছে এতিয়া ঘটনাই আকৌ হঠাৎ বেলেগ এটা মোৰ লৈ ল’লে৷ কথাবোৰ শুনিলে তুমি আচৰিতেই হ’বা৷ ভাল কাহিনী এটা হৈ যাব পাৰে৷ হঠাৎ সেই বিধৱা মানুহগৰাকীৰ  ননদ এগৰাকী আহি ওলাল আৰু আহিয়ে গোটেইখন তেনেই লম্ফম্ফ কৰিবলৈ আৰম্ভ কৰি দিলে৷ আৰু এতিয়া... সেই বিধৱা মানুহগৰাকীক তাই হেনো অকণো শান্তি দিয়া নাই হে৷ মাটিকণ তাই কাঢ়ি ল’ম বুলি দম দিছে; আৰু বহুত কিবাকিবি...৷ সেয়েহে মই তেখেতক সকলো কাগজ-পত্ৰ সোনকালে সাজু কৰি পেলাবলৈ কৈছোঁ৷ পৰহিলৈ তেখেতক এবাৰ মাতিছোঁ৷ তোমাৰ সময় আছে যদি কথাবোৰ আৰম্ভণিৰপৰাই অলপ কওঁ ৰ’বা৷’’

       মই আচৰিত হ’ম বুলি ভবা কথাখিনি ভাস্কৰদাই এফালৰপৰা মোক কৈ গৈছিল; মই শুনি গ’লোঁ৷ আচলতে এইখন চহৰত মই যোৱা দহ বছৰ ভাৰাঘৰত থাকিয়ে চাকৰি কৰিলোঁ; জীৱনটোৰ এছোৱা ভাৰাঘৰতে গ’ল বুলিব পাৰি৷ মোৰ সৈতে আগৰেপৰা চিনাকি ভাস্কৰদাৰ আগত কথা প্ৰসংগত এদিন, মাটি এডোখৰ ল’ব খোজাৰ বিষয়টো উলিয়াইছিলোঁ৷ তেখেত এজন বেছ নাম থকা উকীল; গতিকে তেনেকুৱা মানুহৰপৰা খবৰ পালে মাটি ল’বলৈ ভাল হ’ব বুলি মনতে ভাবিছিলোঁ৷ কাগজ-পাতিৰ ক্ষেত্ৰত কোনো অসুবিধা নহ’ব নিশ্চয়৷ ভাস্কৰদায়ো সেই প্ৰসংগতে এই মাটি ডেৰ কঠাৰ কথা মোক কৈছিল৷ শহুৰেকৰপৰা উত্তৰাধিকাৰী সূত্ৰে হেনো জিলি নামৰ মহিলা এগৰাকীয়ে মাটি ডেৰকঠা  পালে; তাতে সৰুকৈ তৰ্জাবেৰৰ ঘৰ এটা সাজি লৈ সন্মুখত দোকান এখন দি কোনোমতে চলি আছে৷ কাগজ-পাতিখিনি ঠিক কৰি ল’ব পাৰিলেই তেখেতে মাটিডোখৰ বিক্ৰী কৰি গুৱাহাটীলৈ যাবগৈ; মাকৰ ঘৰ হেনো গুৱাহাটীত৷ মাটিডোখৰৰ কাগজ-পত্ৰবোৰ চিজিল কৰাৰ ক্ষেত্ৰত যাৱতীয় কথাবোৰ জানিবলৈ সেই মহিলাগৰাকীয়ে ভাস্কৰদাক লগ ধৰিছিল৷ যোৱা মাহত এবাৰ ফোন কৰি তেখেতে ভাস্কৰদাক জনালে যে ক’ৰবাৰপৰা হঠাৎ তেখেতৰ ননদ এগৰাকী আহি মাটিডোখৰৰ মালিকীস্বত্ব বিচাৰিছে৷ জিলিয়ে জনোৱামতে সেই ননদগৰাকী হেনো দহ বছৰমানৰ পূৰ্বেই কাৰোবালৈ পলাই গৈছিল৷ কাহানিও ঘৰ-পৰিয়ালৰ সৈতে সম্পৰ্ক ৰখা নাছিল; ঘপহকৈ এয়া আবিৰ্ভাৱ হ’ল আৰু তাৰ পাছত মিছামিছিকৈ অথন্তৰখন কৰিছেহি, কেছ দিব খুজিছে৷ স্থানীয় বিধায়কৰপৰা গৈ মুখ্যমন্ত্ৰীকো লগ ধৰিছেগৈ, মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তক বিষয়টো সমাধান কৰিবলৈ নিৰ্দেশ দিছে৷

       ‘‘ইমানবোৰ অথন্তৰৰ মাজত মাটি কিনাটো ভাল হ’ব জানো ভাস্কৰদা? অশান্তি কৰিছে বুলি কোৱা সেই মহিলাগৰাকী বিধৱা মানুহগৰাকীৰ ননদ– অৰ্থাৎ মাটিডোখৰৰ মূল মালিকৰ জীয়েক৷ আইন অনুসৰি জীয়েকেতো পৈতৃক সম্পত্তিৰ ভাগ পাবই৷’’ মই মনৰ খু-দুৱনি দূৰ কৰিব বিচাৰিলোঁ৷

       ভাস্কৰদাই অকণমান চিন্তা কৰাৰ সুৰত ক’লে–“কথা হ’ল মানে কাগজ-পাতিখিনি ময়ো দেখা নাই৷ মহিলাগৰাকীয়ে নিজে মোৰ ওচৰলৈ আহি কথাবোৰ জানি গৈছিলহে৷ দেউতাকৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পুতেকে পাব; পুতেকৰ মৃত্যুৰ পাছত বোৱাৰীয়েকে ৰাখে, বেচি দিয়ে সেইবোৰ তেওঁলোকৰ কথা৷ মোক কেৱল কাগজখিনি চিজিল কৰি দিবলৈ কৈছিল৷ তাৰ পাছত এদিন তোমাক লগ পালোঁ, মাটিডোখৰৰ কথা ক’লোঁ৷ ভাবিছিলোঁ সেইটো মোৰ বাবে সাধাৰণ কাম হ’ব৷ পিছে যোৱা মাহত মহিলাগৰাকীয়ে ফোন কৰি নন্দেকৰ কথাটো কোৱাৰ পাছত এদিন আকৌ তেওঁ নিজেই আহিল৷ তেতিয়াহে নন্দেকৰ কাহিনীবোৰ ভালদৰে ক’লেহি৷ তেওঁ কোৱা মতে ছোৱালীজনীৰ চৰিত্ৰ হেনো বৰ বেয়া৷ তাইক হেনো পলাই যোৱাৰ পাছতে দেউতাকে এৰি দিছিল৷ সেই সম্পৰ্কে তথ্য দিব পাৰিব বুলিও কৈছে৷ যদি তেনেকুৱা কিবা ডকুমেণ্ট আছে, চাওঁচোন ৰ’বা৷ দুই-এদিনতে তেওঁ সকলো কাগজ-পাতি লৈ অহাৰ কথা আছেই৷ গতিকে...আৰু দুদিনমান ৰৈ দিয়াঁ৷’’

       কথাখিনি ভালদৰে শেষ কৰিবলৈ নৌপাওঁতেই ভাস্কৰদাৰ মবাইলটো বাজিল৷ এবাৰ স্ক্ৰীণখনলৈ চকু ফুৰাই ভাস্কৰদাই মোলৈ এটা ইংগিত দিলে; মই বুজিলোঁ– তেখেতলৈ এই মাটিডোখৰ সংক্ৰান্তীয় ফোন এটাই আহিছে, মবাইলটো লাউড স্পীকাৰত ৰাখিব খুজিছে, মই কথা ক’ব নালাগে৷

       “হেল্ল’ ছাৰ; মই জিলিয়ে কৈছোঁ৷ ...মাটিডোখৰৰ বিষয়ে কথা পাতিবলৈ সেই ছোৱালীজনী, মানে মোৰ ননদ... হয় হয়... কি কৈছে? তাইৰ নাম? তাইৰ নামটো ৰাণী; তাই আপোনাৰ ওচৰলৈও যাব হেনো৷ ...আপুনি তাইৰ কথা বিশ্বাস নকৰিব ছাৰ...তাই কালি দুটা গুণ্ডা লৈ আহি...।”

       মই অবাক হৈ লাউড স্পীকাৰত কোৱা কথাবোৰ শুনি গ’লোঁ৷ এগৰাকী অসহায় বিধৱাই ভাস্কৰদাৰ ওচৰত অনুনয় কৰিছে৷ পৰিয়ালৰ সকলো হেৰাই যোৱাৰ পাছত মাটি অকণমান লৈ জীৱিকাৰ বিষয়ে চিন্তা কৰি থকা মানুহগৰাকীয়ে ৰাণী নামৰ ননদ এগৰাকীৰ অত্যাচাৰৰ কথাবোৰ কৈছে৷ এজন ল’ৰালৈ পলাই গৈ পুনৰ উভতি আহি তাই ভেৰোণীয়া গুণ্ডা লগাই মহিলাগৰাকীক ভয় খুৱাইছে...বহুত কথা কৈ গৈছে; তাই হেনো মাটি দখল কৰিবই...মানুহগৰাকীয়ে হুকহুকাই কান্দিছে...৷

       ভাস্কৰদাই মহিলাগৰাকীৰ কথাবোৰ শুনাৰ পাছত তেওঁক লাহে-ধীৰে কথা কেইটামান বুজালে– “চাওক, আপুনি কন্দা-কটাখন নকৰিব৷ আপুনি যিখিনি কথা কৈছে, সেয়া মই সত্য বুলি মানি ল’ব পাৰিম; কিন্তু মই মানি লোৱাৰ  ভিত্তিত কামবোৰ নহ’ব নহয়; কিয়নো আইনে প্ৰমাণ বিচাৰিব, কাগজ-পাতি চাব৷ সেইদৰেহে সকলো সমাধা হ’ব৷ যদি ৰাণী নামৰ আপোনাৰ ননদগৰাকীক দেউতাকে সা-সম্পত্তিৰপৰা  আঁতৰাই থৈছে– সেই কাগজখিনি আমাক লাগিব৷ জমাবন্দীৰ কাগজখন লাগিবই৷ আপুনি কোৱাৰ দৰে যদি কথাবোৰ তেনে পৰ্যায় পাইছেগৈ; তেন্তে ক’ৰ্টত কেছটো উঠিব৷ হয়তো কেছটো ৰাণীয়েও দিব পাৰে; আৰু আপোনাৰ হাতত সঠিক প্ৰমাণ থাকিলে আপুনিও দিব পাৰে৷ আইনমতেহে সকলো সমাধা হ’ব৷ গতিকে সময়লৈ অপেক্ষা কৰক, আপুনি প্ৰথমে কাগজ-পাতি গোটাওক...৷”

       ফোনটো থোৱাৰ পাছত ভাস্কৰদাই মোলৈ চাই হাঁহিলে– “কৈছিলোঁ নহয় তোমাক– কিমান কাহিনী আমি দিনে পাই থাকোঁ দেখিলা? এতিয়া মানুহগৰাকীয়ে কোৱা মতে সেই ননদজনীয়ে মোক লগ পাবলৈ আহিব– কিয়? মই কোননো? তেওঁলোকৰ ঘৰুৱা কথা, নিজৰ মাজতে সমাধান কৰিব পাৰিলেহেঁতেন৷ এতিয়া মোৰপৰা মহিলাগৰাকীয়ে পৰামৰ্শ ল’বলৈ বিচাৰিছে৷ কাগজ-পাতি ঠিকেই থাকিলে সমস্যটো সমাধান হ’ব আৰু নহয় জানো? ভাবিছোঁ– সময়ত এই মহিলাগৰাকীৰ হৈ ময়ে কেছটো খেলিবগৈ লাগিব চাগৈ৷”

       মই ভাস্কৰদাৰ মুখলৈ চালোঁ– “এটা কথা ভাবিছোঁ দাদা, এইডোখৰ মাটিলৈ মই আশা কৰি লাভ নাই৷ ফোনত মই কথাবোৰ শুনিলোঁ; প্ৰথম কথা হ’ল– বিধৱা মানুহগৰাকীয়ে ন্যায় পাওক, তাৰ পাছত কি হয় দেখা যাব, নহয় জানো? কিন্তু এটা কথা– জিলি নামৰ এই মহিলাগৰাকীৰ হাতত মাটিডোখৰৰ একো কাগজ-পাতি  নাই নেকি? জমাবন্দীৰ কপিটোতে বহু কথা  ওলাই থাকিবচোন৷”

       ভাস্কৰদা বহাৰপৰা উঠিল, চকীখনৰপৰা কোটটো পুনৰ হাতলৈ ল’লে– “তেখেতৰ হাতত কি কি কাগজ-পাতি আছে, সোনকালে মোক দিবলৈ কৈছোঁ৷ তেখেতৰ কথা হৈছে– গিৰীয়েক ঢুকুওৱা কেইমাহমানহে হৈছে৷ থকা সময়লৈকে সেইবোৰ কাগজ-পাতিৰ কথা ভবাই হোৱা নাছিল৷ কাজ-কৰ্ম শেষ কৰাৰ পাছত চিজিল লগাবলৈ বুলি ভাবোঁতেই হেনো ৰাণী নামৰ এই ননদগৰাকী ওলালহি৷” ভাস্কৰদাই কোটটো পিন্ধি ল’লে– “এটা কাম কৰোঁ সুধীৰ, আমি কেণ্টিনলৈ যাওঁ ব’লা৷ চাহ একাপ খাম, অলপ কথাও পাতিম৷ মোৰ আজি তেনেকৈ কাম নাই৷”

       আমি দুয়ো কেণ্টিনৰ ফালে আহিলোঁ৷ বাটত ভাস্কৰদাই ক’লে– “সেই ননদগৰাকীক এতিয়া লগ পাবলৈ মোৰ সমূলি ইচ্ছা নাই৷ সেইবাবেই ভাবিলোঁ কেণ্টিনতে বহোঁ৷”

       চাহ দুকাপ আৰু দুটা চিংৰাৰ অৰ্ডাৰ দি আমি দুখন চকীত বহিলোঁ৷ ভাস্কৰদায়ে কথা আৰম্ভ কৰিলে– “মাটিৰ খবৰ আহি থাকে বুজিছা সুধীৰ৷ কথা হ’ল যে আৰু ছমাহমানৰ পাছৰপৰা মাটি-বাৰী কিনা-বেচাৰ ক্ষেত্ৰত থকা ঝামেলাবোৰ বহুত কমি যাব৷ সকলোখিনি  এপৰ জৰিয়তে চিজিল কৰিব পৰা হৈ পৰিব৷ কাম আৰম্ভ হৈ গৈছে৷  দুই নম্বৰী কামবোৰ লাহে লাহে নোহোৱা হ’বগৈ৷ কেইদিনমান ৰৈ দিয়াঁ বুজিছা...৷”

       মাটি কিনাৰ কথাটোত মোৰ ফালৰপৰা তেনেকৈ লৰালৰি একো নাই, টীয়কৰ ফালে  গাঁৱত আমাৰ নিজা ঘৰ আছে৷ এইখন চহৰতে চাকৰি যেতিয়া এই বছৰটোতে চহৰৰ ভিতৰত সুবিধাজনক ঠাইত কোনো ঝামেলা নোহোৱাকৈ মাটি ডেৰ কঠামান ল’ব খুজিছোঁ৷ লাহে লাহে ঘৰ সাজিম; কথা সিমানেই৷

       চাহ খাই থাকোঁতেই ভাস্কৰদাই ক’লে যে সেই নন্দেক-নবৌৱেকৰ ঘটনাটোও আচলতে দুই পক্ষই সময় থাকোঁতেই চিজিল কৰিব বিচাৰিছে৷ পাছলৈ দুই নম্বৰী কিবা কৰোঁ বুলি ভাবিলেও সুৰুঙা নাথাকিবগৈ৷ মানুহবোৰৰ ধাৰণাবোৰেই তেনেকুৱা হৈ পৰিল৷

       চাহ খোৱা শেষ হ’লত আমি উঠিবলৈ লৈছিলোঁ৷ ভাস্কৰদাৰ আকৌ বেলেগ ফোন আহিল৷ মুখৰ অভিব্যক্তিৰপৰা ধৰিব পাৰিলোঁ– বিশেষ কাৰোবাৰ ফোন৷ তেওঁ মোক ইংগিতেৰে ৰ’বলৈ কৈ অকণমান আঁতৰি ফোনটো ধৰিলেগৈ৷

       “দাদা৷” ঠিক মোৰ পিছফালেই মাতষাৰ শুনি মই উভতি চালোঁ৷

      “অ...এইজনীচোন মেঘনা! তুমি ক’ৰপৰা ওলালাহি? এতিয়া কি কৰি আছা?” প্ৰায় দুবছৰৰ মূৰত নিচেই চিনাকি ছোৱালীজনী দেখি মই একেলগে কেইবাটাও প্ৰশ্ন তাইক সুধি পেলালোঁ৷

       মেঘনা মোৰ সন্মুখলৈ আহিল৷ শেঁতা হাঁহি এটা তাইৰ ওঁঠত খেলি গ’ল– “আছোঁ আৰু দাদা; ইয়ালৈ বিশেষ কাম এটাত আহিছিলোঁ৷ দূৰৈৰ পৰা আপোনাক দেখিলোঁ৷ টিউশ্যনবোৰ কৰি আছোঁ দাদা৷ চলি আছোঁ তেনেকৈয়ে...?”

       মই পুনৰ মেঘনাৰ মুখখনলৈ মন কৰিলোঁ৷ আগতকৈ কিছু খীণালে তাই৷ অৱশ্যে আমাৰ পৰিয়ালটোৰ সৈতে তাইৰ যোগাযোগ ডেৰ বছৰমানৰপৰা কমি আহিছিল৷ আমাৰ ছোৱালীজনী– ৰিয়াক এসময়ত তাই ঘৰুৱাকৈ পঢ়াইছিল৷ ক্লাছ এইটলৈকে গণিত আৰু বিজ্ঞান বাদ দি বাকী বিষয়বোৰ তায়ে চাইছিল৷ নাইনলৈ পোৱাৰ পাছত ইংৰাজী মাধ্যমৰ বিষয়বোৰ মেঘনাৰ বাবে অলপ অসুবিধাৰ দৰে হৈ পৰিল, গতিকে আমি বেলেগ টিউশ্যন বিচাৰিলোঁ৷ ভালে কেইবছৰৰ সম্পৰ্ক আছিল তাইৰ সৈতে৷ মোৰ পৰিবাৰে কেতিয়াবা তাইৰ সৈতে বজাৰ কৰিবলৈকো ওলাই গৈছিল৷ আমি আচৰিত হৈছিলোঁ যে এজন মোমায়েকৰ বাদে মেঘনাৰ আৰু কোনো আপোন মানুহ নাছিল৷ সৰু থাকোঁতেই তাইৰ মাক ঢুকাইছিল৷ তাই বি. এ. পঢ়িবলৈ লোৱাৰ সময়তে দেউতাকো ঢুকাই থাকিল৷ ককায়েক এজন থাকোঁতে আছিল; কিন্তু সি ইমানেই মদ, জুৱা, ড্ৰাগ্‌ছৰ সংগ ল’লে যে এসময়ত ঘৰ এৰি ক’ৰবালৈ গুচি গ’ল৷ দেউতাকে তাক এৰি দিলে৷ মেঘনাই জীৱনটোত পদে পদে বহুত সংঘাত  পালে, পাছলৈ সেই সংঘাতবোৰক তাই নিজকে শক্তিশালী কৰি গঢ়ি তোলাত ব্যৱহাৰ কৰিবলৈ ল’লে৷ যিকোনো কামলৈ তাই আৰু ভয় নকৰা হৈ পৰিল৷ মোৰ পৰিবাৰে তাইক বৰ প্ৰশংসা কৰিছিল; মোক এদিন কৈছিল– “এনেকুৱা অকলশৰীয়া, চৰিত্ৰবান ছোৱালী পাবলৈকে নাই৷ তাতে আজিৰ যুগত৷ আমাৰ ৰাজুলৈ...৷” মই মিচিকিয়াই হাঁহিছিলোঁ৷ মোৰ পৰিবাৰৰ একমাত্ৰ ভায়েক ৰাজু– পেছাত জুনিঅ’ৰ ইঞ্জিনিয়াৰ৷ বিয়া পাতিবলৈ ভাল ছোৱালী এজনী বিচাৰি ফুৰিছিল৷ মোৰ পৰিবাৰে এদিন মেঘনাক পোনপটীয়াকৈয়ে কথাটো সুধিছিল– “তোমাৰ কোনোবা ঠিক হৈ আছে নেকি?”

       মেঘনাই হাঁহিছিল, এটা বেদনা ঢকা হাঁহি– “কেনেকৈ থাকিব বাইদেউ৷ সেইবোৰ কথা ভাবিবলৈ জীৱনটোত কাহানিবা আহৰি পালোঁ জানো? ৰুগীয়া দেউতাক শুশ্ৰূষা কৰি কৰি ভাগৰি পৰিলোঁ৷ তেখেত গ’লগৈ৷ চিতাত জুই দিবলৈও দাদা নাহিল৷ মামাই মোৰ বাবেই বিয়া-বাৰু নকৰালে৷ এটা দুকুঠলীয়া ঘৰ ভাৰালৈ লৈ আমি আছোঁ৷ টিউশ্যন কৰিছোঁ... সেয়াই জীৱন৷”

       মোৰ পৰিবাৰে তেতিয়া তেওঁৰ ভায়েক ৰাজুৰ কথাটো উলিয়াইছিল৷ মোমায়েকক এবাৰ সুধিব নেকি– মেঘনাক সুধিছিল৷ মেঘনাই তেতিয়া এওঁক কেইটামান কথা কৈছিল৷ তাইৰ দেউতাকে এসময়ত ভাৰতীয় ৰেল বিভাগত সৰু চাকৰি এটা কৰিছিল৷ তেখেতৰ মৃত্যুৰ পাছত মেঘনাই দেউতাকৰ পেঞ্চনটোৰ এটা অংশ পাই আছে৷ তাই এটা চৰকাৰী চাকৰি নোপোৱালৈকে অথবা¸ তাই বিয়া হৈ নোযোৱালৈকে পেঞ্চনৰ সেই অংশটো  পাই থাকিব৷ দেউতাকে হেনো ঢুকাবৰ সময়ত তাইক কৈছিল– “মই যাবলৈ ওলালোঁ৷ তই মানুহ হ’বি৷ নিজৰ ভৰিত থিয় দিব নোৱৰালৈকে মোৰ পেঞ্চনটো পাৰিলে ৰাখি থ’বি৷ আনৰ আশ্ৰয়লৈ গৈ সেইটো হেৰুৱাই নেপেলাবি৷”– কেৱল দেউতাকৰ কথা ৰাখিয়েই তাই এটা স্থায়ী চাকৰিৰ বাবে যুঁজি আছে; আৰু কেৱল সেই কথাটোৰ বাবেই তাই বিয়াৰ দুটামান প্ৰস্তাৱ  ইতিপূৰ্বে নাকচ কৰিছে৷

       “দাদা; আৰু কওকচোন, বাইদেউ ভালে আছেনে? আৰু ৰিয়া? তাইতো অহা বছৰ মেট্ৰিক দিব?” মেঘনাৰ মাতত মোৰ তন্ময়তা ভাঙিল৷

       “হয় হয়, ভালেই আছে সকলো৷ ৰিয়াই মেট্ৰিক দিব বুলি তোমাৰ হিচাপ আছে তাৰমানে?” মই সামান্য হাঁহিলোঁ– “ভাবিছিলোঁ–ইমানবোৰ টিউশ্যন কৰা হয়; আগৰবোৰনো ক’ত মনত থাকিব!”

       “কিয় নাথাকিব বাৰু? মই বাইদেউলৈ কেতিয়াবা ফোন কৰি খবৰ লৈ থাকোঁ নহয়৷”

       মেঘনাই কথাষাৰ কওঁতেহে মোৰ মনত পৰিল– তাই ফোন কৰাৰ কথা এওঁ কেতিয়াবা কয়; মইহে গুৰুত্ব নিদিওঁ৷ মাজতে তাইৰ জীৱনলৈ অহা আন কিবা এটা সংঘাতৰ কথাও এওঁ কৈছিল৷ এৰা.. .কি কৈছিল বাৰু! হয়, তাইৰ হেৰোৱা ককায়েকৰ কথা কৈছিল৷ তেওঁৰ কিবা অসুখ হোৱাৰ কথা কৈছিল৷

       মই মেঘনাৰ মুখলৈ চালোঁ৷ কথাটো সুধিবলৈ লৈও ৰৈ গ’লোঁ–সেইবোৰ ব্যক্তিগত কথা; সোধাটো উচিত হ’ব জানো! দূৰলৈ দৃষ্টি গ’ল মোৰ৷ ভাস্কৰদাই ফোনটো থৈছে৷ এইফালে আহিব এতিয়া; কিন্তু মেঘনা...৷

       “আপুনি মোক কিবা এটা সুধিব খুজিছিল দাদা?” মেঘনাই মোলৈ চালে৷

       মই কি কৰিম ভাবি পোৱা নাই; মেঘনা এতিয়াও মোৰ সন্মুখত থিয় হৈ আছে৷ মই তাইক বহিবলৈ ক’মনে? ভাস্কৰ দা আহিলে কি বুলি চিনাকি কৰাই দিম বাৰু? কি কামত বা আহিছে তাই?

       মই অলপ ইতস্ততঃ কৰি ক’লোঁ–-“...তুমি বহাঁচোন; থিয় হৈ আছা যে? ইয়ালৈ কিবা কামত আহিলা?”

       “হ’ব দাদা৷” মেঘনা সন্মুখৰ চকী এখনত অলপ একাষৰীয়াকৈ বহিল– “...মানে...কামতে আহিছিলোঁ অৱশ্যে৷”

       মই অলপ বিমোৰতে পৰিলোঁ৷ ভাবিছিলোঁ মেঘনাই মোক মাতষাৰ লগালে, কথা পাতিলে; এতিয়া যাবগৈ৷ পিছে তাইচোন বহিয়ে ল’লে! মই আকৌ ভাস্কৰদাৰ ফালে চালোঁ; তেখেত পুনৰ আন এটা ফোনত ব্যস্ত হৈ পৰিল৷ মোৰ চকুৱে চকুৱে পৰিলত ইংগিত দিলে– এক মিনিট, মই গৈ আছোঁ৷

       “মোৰ কাম মানে... বাইদেউক কথাবোৰ কৈছিলোঁ; আপুনি গম নাপায় চাগৈ৷” মেঘনাই হাতৰ বেগটো নিজৰ কোলাত থ’লে৷

       আনৰ ব্যক্তিগত কথাবোৰ মোৰ বৰকৈ জানিবলৈ মন নাযায়¸; তথাপি মই সুধিলোঁ– “কি কথা বাৰু?”

       মেঘনাই তলমূৰ কৰিলে– “মানে মোৰ দাদাৰ কথাবোৰ৷ তাৰ বহুত অসুখ বুলি এদিন গম পোৱাৰ পাছত আমি, মানে মামা আৰু মই তাক আমাৰ লগলৈ লৈ আনিছিলোঁ৷ পিছে তেতিয়া বহুত পলমেই হৈ গৈছিল৷ সি নাথাকিল, ঢুকাল৷”

       মই তীক্ষ্ণ দৃষ্টিৰে মেঘনালৈ চালোঁ– “লৈ আনিছিলোঁ মানে? তেওঁ ক’ত আছিল?”

       মেঘনাই এবাৰ মোলৈ চাই আনফালে দৃষ্টি ঘূৰালে– “সেইবোৰ বহুত কথা দাদা; বাইদেৱে অলপ জানে৷ ক’বলৈ ভাল নালাগে, তথাপি...৷ সি আগৰপৰাই বিপথে যোৱা বাবে দেউতাই তাক এৰি দিছিল; কিন্তু সি ইমান তললৈ গৈছিল...৷” মেঘনা এখন্তেক ৰ’ল৷ পুনৰ নিজক অলপ যেন বুজনি দি ল’লে– “সি এগৰাকী বেয়া মানুহৰ লগত আছিলগৈ৷ দূৰৈত দেউতাৰ ভাগৰ মাটি ডেৰ কঠা আছে বুলি সি জানিছিল বাবে সেইখিনিৰ কাষতে এটা তৰ্জাবেৰৰ ঘৰ সাজি লৈ তেওঁলোক তাতে আছিল৷ আচলতে সেই মানুহগৰাকীয়ে তাক ৰাখিছিল৷ লাহে লাহে সেই ঘৰটো চপাই আনি আনি মাটিডোখৰৰ ভিতৰত সুমুৱালেহি৷ সেইটো এটা সস্তীয়া মদৰ ঘাটি হ’লগৈ৷ দেউতা ঢুকুৱাৰো ভালে কেইবছৰৰ পাছতহে আমি কথাবোৰ জানিব পাৰিলোঁ৷ লাহে লাহে সেই মানুহগৰাকীয়ে সেই মাটিকণ আত্মসাৎ কৰিবলৈকে দাদাক... শ্ল’পয়জন দি মাৰিবলৈ বুদ্ধি কৰিলে৷ কিবা কাগজত তাৰ চহী ল’লে৷ তাৰ অসুখ বেছি বুলি গম পোৱাৰ পাছত আমি জোৰ কৰি তাক লৈ আনিছিলোঁ৷ দাদাই ঢুকুৱাৰ আগতে আমাক কথাবোৰ অলপ কৈছিল৷ মানুহগৰাকীৰ লগত দুজনমান অন্য মানুহো আছে...ভাল মানুহ নহয় সেইবোৰ৷”

       মেঘনাৰ চকুত দুটোপাল পানী বিৰিঙিল৷ তাই ৰুমালেৰে সেয়া মচিলে৷ মই অলপ অপ্ৰস্তুত হ’লোঁ৷ ভাস্কৰদালৈ মন কৰিলোঁ৷ তেওঁ ফোনটো ৰাখি এইবাৰ আমাৰ ফালে আহিবলৈ সাজু হোৱা যেন লাগিল৷

       মেঘনালৈ চালোঁ; তাই নিজকে সংযত কৰি ল’লে৷ সংঘাতে কঠিন কৰা মন, ভাঙি পৰিলেতো নহ’ব৷ মেঘনাই এইবাৰ বেলেগ এটা সুৰত কৈ গ’ল– “মই সেইবাবে আজি ইয়ালৈ আহিছোঁ দাদা; ভাস্কৰ বৰুৱা ছাৰৰ ওচৰলৈ আহিছোঁ৷ শুনিবলৈ পাইছোঁ– সেই মানুহজনী হেনো মাটিখিনি নিজৰ কৰিব লবলৈ ভাস্কৰ ছাৰৰ ওচৰলৈ আহিছে, মোৰ বিষয়ে অনেক কিবাকিবি কৈছে৷ মই পলাই গৈ পুনৰ ঘূৰি অহা বুলি কৈছে; দেউতাই মোক এৰি দিয়া বুলি কৈছে... মই সেইবোৰৰ বিষয়ে একো কৈফিয়ৎ দিবলৈ অহা নাই৷ মানুহগৰাকী ভাল মানুহ, বেয়া মানুহ– সেইবোৰ লৈও মোৰ কোনো অভিযোগ নাই; কিন্তু মোৰ কথাটো হৈছে মোৰ দেউতাৰ একমাত্ৰ সম্পত্তি সেই মাটি ডেৰ কঠা– যিখিনি কেৱল মোৰ নামত আছে; সেই মাটিত এটা চুলাই মদ, ড্ৰাগ্‌ছৰ ঘাটি হলে মই কেনেকৈ সহি থাকিম, কিয় সহি থাকিম কওক? সকলো কাগজ-পাতি মোৰ ছাপৰ্টত আছে, মই লগত লৈ আহিছোঁ৷ জিলি নামৰ সেই মানুহগৰাকী যদি সঁচাকৈ মোৰ বৌ হ’লহেঁতেন, মই হয়তো আধা মাটি তেওঁকে দি দিলোহেঁতেন৷ মোৰ দাদা তেওঁৰ সৈতে আছিল হয়; কিন্তু সিহঁতৰ বিয়া হোৱা নাছিল৷ দাদা ঢুকাল বুলি জানিও তেওঁ নাহিল, সকলো আমিয়ে কৰিলোঁ৷ এতিয়া...।”

       মেঘনাৰ কথা আধাতে ৰৈ গ’ল৷ ভাস্কৰদা আহি আমাৰ কাষ পালেহি৷ মেঘনা বহি থকাৰপৰা থিয় হ’ল৷

       মোৰ মূৰটো ঘুৰোৱা যেন ভাব হ’ল– এইজনী মেঘনা... তাইক মই ইমান বছৰৰপৰা জানো, দেউতাকক শুশ্ৰূষা কৰা কথাবোৰ জানো; দেউতাকৰ পেঞ্চনৰ টকাকেইটা ৰাখিবলৈ তাই বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ কথা জানো...; জিলি নামৰ সেই মানুহগৰাকীয়ে কান্দি কান্দি কোৱা অত্যাচাৰী ননদগৰাকী তাৰমানে মেঘনা!

       “ছাৰ, মই আপোনাক অকণমান লগ পাবলৈ আহিছোঁ৷ মোৰ নাম মেঘনা বৰুৱা৷” মেঘনাই ভাস্কৰদাৰ ফালে চাই হাতযোৰ কৰি নিজৰ চিনাকি দিলে৷

       ভাস্কৰদাই অবাক হৈ আমালৈ চাইছে– ভাবিছে এইজনী বা কোন! মেঘনাক বহিবলৈ ইংগিত দি ভাস্কৰদাই মোক ক’লে–  “ডি.চি.য়ে ফোন কৰিছিল বুজিছা৷ তাৰ পাছতে চাৰ্কল অফিচাৰৰ ফোন৷ কথাবোৰত অলপ পাক আছে যেন পাইছোঁ৷ সেইযে ননদজনী... কি বুলি কৈছিলোঁ তোমাক তাইৰ নামটো...?”

       ভাস্কৰদাক কথা সম্পূৰ্ণ কৰিবলৈ নিদি মই কিছু ডাঙৰকৈ মেঘনাক সুধিলোঁ– “তোমাক ঘৰত কি বুলি মাতে মেঘনা?”

       মেঘনাই অবাক হৈ এবাৰ মোলৈ চালে৷ তাৰ পাছত লাহেকৈ ক’লে– “ৰাণী৷”

       মই ভাস্কৰদালৈ চালোঁ৷ তেখেত হতবাক হৈ পৰিছে৷ মেঘনালৈ তীক্ষ্ণ দৃষ্টিৰে চাইছে৷ মই এইবাৰ মেঘনালৈ চালোঁ৷ পুনৰ দৃষ্টি ঘূৰাই আনি ভাস্কৰদাক ক’লোঁ– “কাহিনী বুজিছে দাদা, বহুত কাহিনী৷ আপুনি এক পক্ষৰ কথা শুনিছিল; মই ইয়াত ইমান সময়ে আন পক্ষৰ কথা শুনিলোঁ৷ কৰ্টত দুই পক্ষৰ কথা শুনিব নালাগে জানো? সঁচা-মিছা সকলো প্ৰমাণৰ ভিত্তিতহে হ’ব; কাগজ-পত্ৰইহে ক’ব; নহয়নে? এতিয়া আপোনালোক দুয়ো কথা পাতক দাদা৷ মই আহিছোঁ৷”

       মই আচলতে ভিতৰি ভিতৰি কিছু অস্থিৰ হৈছিলোঁ; এটা যেন মৃদু উত্তেজনা...মানুহ ইমান তললৈ কেনেকৈ যাব পাৰে! উচ্চ সুৰত এবাৰ ভাস্কৰদাক ক’বলৈ মন গৈছিল– আপোনাক জিলিয়ে কোৱা সেই ননদজনী, সেই পলাই গৈ উভতি অহা ছোৱালীজনী, দেউতাকে এৰি দিয়া সেই ছোৱালীজনী, ভেৰোণীয়া গুণ্ডা লগত লৈ জিলিক দম দিবলৈ যোৱা ছোৱালীজনী– এইজনীয়েই; আৰু এয়া তাই নিজৰ সমৰ্থনত সকলো কাগজ-পাতি লগত লৈ আহিছে; কাৰো প্ৰতি একো আক্ষেপ নৰখাকৈ...৷ জিলিয়ে আপোনাক এতিয়ালৈকে কেইখন কাগজ দেখুৱালে দাদা?

       ভাস্কৰদা আৰু মেঘনা দুয়ো মোলৈ চাই ৰ’ল৷ তেওঁলোকক এৰি আহি মূল পথৰ একাষে মই ৰৈ গ’লোঁ৷ মনতে এটা ভাব হ’ল– যেনেকৈয়ে নহওক, এই কাহিনীটো মই  লিখি পেলাব লাগিব... হেৰাই যাবলৈ দিব নোৱাৰি৷

***

 

ঠিকনা :

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট - ১

ভ্ৰাম্যভাষ - ৮৬৩৮১৬৭৬৩০

        

      

 

 

      

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ