অন্যযুগ/


এটা মাউথ অৰ্গেন আৰু এজনী জোনাকী পৰুৱাৰ সাধু

ৰশ্মিৰেখা ভূঞা


                    

             হাতত সাৰে ভৰিত সাৰে জোনাকী পৰুৱাজনীয়ে শোৱা কোঠাৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। চোতালৰ শেৱালিজোপা জোনাকে উপচাই পেলাইছে। দীঘল বাৰান্দাখনৰ হাতল থকা কাঠৰ বেঞ্চিখনৰ এটা মূৰত ভৰি দুটা উঠাই জোনাকী পৰুৱাজনী আৰামত বহি ল’লে । দিনটোৰ গেলেপা লগা গৰমৰ পাছত ৰাতি মৃদুভাৱে বৈ থকা বতাহছাটিয়ে জোনাকী পৰুৱাজনীৰ দেহ-মন জুৰ পেলাই দিলে। লাহে লাহে আতঁৰি যোৱা মাউথ অৰ্গেনৰ সুৰটোক বুকুত সাবটি জোনাকী পৰুৱাজনী তাতেই বহি থাকিল।

কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰডলিত ভৰি থোৱা জোনাকী পৰুৱাজনীৰ সন্মুখত এটা দীঘল পথ। সৰুৰে পৰা পোৱা শিক্ষাই তাইক তাইৰ কৰ্তব্যৰ প্ৰতি দায়িত্বশীল কৰি তুলিছে। সন্মুখৰ দীঘল পথটো অতিক্ৰম কৰোঁতে হাজাৰজন বাটৰুৱাক পোহৰ দিয়াৰ মানসিকতাৰে তাইক গঢ় দিয়া হৈছে। নিজৰ দায়িত্ব আৰু কৰ্তব্যৰে গতানুগতিক জীৱনত অভ্যস্ত হৈ পৰা জোনাকী পৰুৱাজনীয়ে হৃদয়ৰ গান শুনিবলৈকো পাহৰি গৈছিল। পাহৰি গৈছিল নিজৰ লক্ষ্যৰ বাহিৰেও যে জীৱনটোত আৰু বহুত কিবাকিবি থাকে, যিবোৰে জীৱনত ৰামধেনুৰ ৰং সিঁচে। গজলৰ সুৰেৰে জীৱনটোক বান্ধি ৰখা সেই কিবাকিবিবোৰৰ বিষয়ে অজ্ঞ জোনাকী পৰুৱাজনীৰ ভিতৰৰ কৈশোৰ-যৌৱনৰ তেজ-মঙহৰ অৱয়বটোক জগাই তুলিবলৈ এটা সুৰ আহিছিল। মাউথ অৰ্গেনৰ সুৰ। আচম্বিতে আহি ওলাইছিলহি সুৰটো। 

নিশা গভীৰ হৈছিল। ঘৰৰ লগতে ওচৰ চুবুৰীয়াও শুই নিঃপালি দিছিল। শুব পৰা নাছিল জোনাকী পৰুৱাজনী। ভৱিষ্যতে হাজাৰজনক পোহৰৰ বাটেৰে আগ বঢ়াই নিয়াৰ স্বাৰ্থত নিজক যোগ্য কৰি তোলাৰ কঠিন সাধনাত ব্ৰতী আছিল তাই। চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাইছিল তাইৰ সপোনবোৰ। হাজাৰজনৰ পোহৰ হোৱাৰ বাসনাই তাইক মোহাচ্ছন্ন কৰি ৰাখিছিল। দিন ৰাতি একাকাৰ কৰি তাই মাথোন পোহৰৰ আৰাধনা কৰিছিল। নীলা ৰঙৰ আখৰবোৰক একোখনকৈ ডেউকা পিন্ধাই তাই সিহঁতক আকাশলৈ উৰি যাবলৈ বাট দেখুৱাই দিছিল। যি বতাহৰ বোকোচাত তাই জোনাকী বাটৰ খোজবোৰ সিঁচি দিব খুজিছিল সেই বতাহৰ বোকোচাত উঠিয়েই তাইৰ ওচৰলৈ এটা সুৰ আহিছিল। এটা কোমল সুৰ। মায়া লগা অময়া সুৰ।

জোনাকী পৰুৱাজনীয়ে কাণ পাতি শুনিছিল সেই সুৰ। এক ভাললগা অনুভৱে তাইক আৱৰি ধৰিছিল। মৰুভূমিৰ মাজৰ মৰুদ্যানৰ দৰেই আছিল সেই সুৰ। জোনাকৰ পথ সজা তাইৰ কঠোৰ সাধনাক সুৰটোৱে জীপাল কৰি তুলিছিল। নতুন উদ্যমেৰে তাই জোনাক বুটলিবলৈ লাগি গৈছিল। হাজাৰজনৰ পোহৰ হোৱাৰ সাধনা কঠোৰৰ পৰা কঠোৰতৰ হৈছিল।

সুৰটো প্ৰতি নিশাই আহিছিল। তাইৰ দৰেই সেই সুৰটোও সাধনাত ব্ৰতী আছিল। হাজাৰজনৰ পোহৰ হোৱাৰ সাধনাত নহয়, নিজক পোহৰোৱাৰ সাধনাত। উদ্দেশ্য বেলেগ হ’লেও লক্ষ্য কিন্তু একেই আছিল । পোহৰৰ সাধনা। মনৰ মাজৰ অমানিশা আঁতৰাই পোহৰৰ কঠিয়া ৰোৱাৰ অনুশীলন কৰা জোনাকী পৰুৱাজনীয়ে সুৰটোক মনে মনে এই সাধনাৰ সহচৰ কৰি ল’লে। অথচ সুৰটোৰ পৰিচয় তাই জনাৰো কোনো আগ্ৰহ নাছিল। থমথম এন্ধাৰ বাটটোৰে পোহৰৰ সুৰ সিঁচি আগুৱাই যোৱা সেই অস্পষ্ট অৱয়বটো কোন আছিল সেই কথা জানিবলৈ তাইৰ এদিনো মন নগ’ল । খিৰিকীৰ সিপাৰৰ পৰা অচিন অৱয়বটোৱে কঢ়িয়াই অনা সুৰটোৰ মাজত নিজক এৰি দিওঁতে এবাৰলৈও তাৰ দুচকু চাবলৈ বা সেই চকুৰ অতল সমুদ্ৰত ডুব যোৱাৰ বাসনা তাইৰ জাগি উঠা নাছিল। কোনো দিন সেই অৱয়বটোৰ লগত ৰোমাণ্টিক অনুভৱ এটা তাইৰ মনৰ মাজত গঢ় লোৱা নাছিল। অথচ প্ৰতি নিশা সুৰটোলৈ অপেক্ষা কৰাটো তাইৰ ৰুটিনৰ এটা অংশ হৈ পৰিছিল। সকলো শুই নিঃপালি দিয়াৰ পাছত জটিল অঙ্ক সমাধান বিচাৰি ফুৰোঁতে, বুৰঞ্জীৰ পাতত চুলতানা ৰেজিয়াৰ বীৰত্বৰ কাহিনীৰ মাজত বুৰ গৈ থাকোঁতে তাইৰ একাকিত্ব আঁতৰাই সজীৱ কৰি তুলিবলৈ সেই সুৰটোক তাই মনে-প্ৰাণে বিচাৰিছিল। আৰু এক বিশেষ সময়ত জোনাকী পৰুৱাজনীৰ গধুৰ হৈ পৰা চকুৰ পতাৰ অলসতা আঁতৰাবলৈও সেই সুৰটো আহিছিল। একেজাপে পঢ়া টেবুলৰপৰা উঠি তাই টেবুলৰ সন্মুখৰ খিৰিকীখন খুলি দিছিল। কেতিয়াবা এছাটি মলয়া বতাহে নাইবা কেতিয়াবা ৰাতি ফুলা অচিন ফুলৰ সুৰভিয়ে সুৰটোক তাইৰ কোঠাটোলৈ টানি আনিছিল। দেউতাকে সাপ্তাহিক বজাৰৰ পৰা কিনি অনা তিতাচঁপা কাঠৰ ডাঙৰ পঢ়া টেবুলখনতে বহি সুৰটোৱে তাইক নিচুকাইছিল। ধূপৰ ধোঁৱাৰ দৰে কুণ্ডলি পকাই পকাই কোনোবা সময়ত সুৰটোৱে লোকজীৱনৰ নাম নজনা নাচ একোটাও নাচিছিল। অবাক হৈ তাই চাই আছিল সুৰটোৰ কৰ্মকাণ্ড । এডাল অজগৰৰ দৰে কোনোবা মুহূৰ্তত সুৰটোৱে তাইক মেৰিয়াই চেপি ধৰিবও খুজিছিল। উশাহ-নিশাহ বন্ধ হৈ ছটফটাই উঠি তাৰ কবলৰ পৰা মুক্ত হ’বলৈ তাই দৌৰি আগফালৰ দুৱাৰখন খুলি চোতাললৈ নামি গৈছিল। চোৰেও চৰ মাৰিলে নেদেখা এন্ধাৰৰ মাজত তাই স্পষ্টকৈ দেখা পাইছিল সুৰটোৰ ক্ৰমাৎ আঁতৰি যোৱা সৰ্পিল শৰীৰ। এক অদ্ভুত ৰহস্যময় মোহে তাইক ঠাইতে বান্ধি ৰাখিছিল। আঁতৰি গৈছিল এন্ধাৰৰ প্ৰতি থকা তাইৰ সহজাত ভয় । সুৰটোৱে কিন্তু সেই কথাবোৰ গমকে নাপালে। জোনাকী পৰুৱাজনীয়েও কথাবোৰ সুৰটোক জনোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে। এনেদৰেই সুৰটোৱে নিজে নজনাকৈয়েই জোনাকী পৰুৱাজনীক সাধনাৰ বাটত সংগ দি গ’ল।

পাৰ হৈ যোৱা সময়ৰ গতিত খোজ মিলাই জোনাকী পৰুৱাজনীয়ে এদিন সহস্ৰজনৰ এন্ধাৰ বাটত পোহৰ সিঁচিবলৈ আৰম্ভ কৰিলে। নিজৰ জ্যোতিৰে প্ৰজ্জ্বলিত হৈ হাজাৰজনক পোহৰ দিয়াৰ মানসেৰে শপত লোৱা তাইৰ ভৱিষ্যত জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য ইতিপূৰ্বেই স্থিৰ কৰি থোৱা হৈছিল। সেয়েহে নিজৰ পথৰ পৰা বিচলিত হোৱাৰ কোনো আশঙ্কা তাইৰ নাছিল। বাটৰ কাষত জিৰাবলৈ তাইৰ নিজাকৈ এজোপাও বটবৃক্ষ নাছিল। হয়তো তাই নিজে গছ হোৱাৰ কাৰণেই আন গছবোৰে তাইক ছাঁ দিয়াৰ কথা ভাবিব পৰা নাছিল। তাইকো যে কেতিয়াবা ছাঁৰ প্ৰয়োজন হ’ব পাৰে সেই কথা হয়তো কাৰো মনলৈ অহাই নাছিল। নিজৰ বাট নিজেই ৰচনা কৰা জোনাকী পৰুৱাজনীৰ পোহৰ বিলোৱাৰ এই যাত্ৰাত তাইৰ অনুগামীৰ সংখ্যা আচৰিত ধৰণে বৃদ্ধি পাইছিল। 

            সহস্ৰজনৰ আদৰ্শ হৈ তাই নিজৰ পথেৰে আগ বাঢ়ি গৈছিল। পথৰ কাঁইট আঁতৰাই খোজ বোলোঁতে ৰাঙলী হোৱা দুভৰিৰ যাতনা তাই অগ্ৰাহ্য কৰিলেও তাইক আদৰ্শ হিচাপে লোৱাসকলে কিন্তু সেই যাতনা ঠিকেই দেখিছিল। তেওঁলোকৰ কাৰণে তাই অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল। বৃদ্ধি পাইছিল সভা-সমিতিলৈ আমন্ত্ৰণৰ সংখ্যা। তাই তেওঁলোকক নিৰাশ কৰিবলৈ বেয়া পাইছিল আৰু প্ৰায়বোৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ যত্ন কৰিছিল। আৰু এদিন তেনে এখন সভাতেই তাই আকস্মিকভাৱে সেই পুৰণি সুৰটোক আৱিস্কাৰ কৰিছিল। সভাৰ আলোচ্য বিষয়বস্তুৰ লগত সংগতি ৰাখি বিশিষ্ট অতিথিজনে সকলোকে আচৰিত কৰি নিজৰ চাৰ্টৰ বুকুৰ জেপৰ পৰা এটা মাউথ অৰ্গেন উলিয়াইছিল। আচৰিত হৈছিল তাই । বিশিষ্ট অতিথিৰ ভাষণৰ মাজত মাউথ অৰ্গেন… এটা ভাবিব নোৱৰা কথা। অথচ সেই কল্পনা নকৰা কথাটোকেই তেখেতে বাস্তৱ কৰি দেখুৱাইছিল। বতাহত কঁপনি তুলি মাউথ অৰ্গেনটোৱে সেই বিশেষ সুৰটো মানুহৰ বুকুৱে বুকুৱে বিলাই তাইৰ বুকুত আকৌ ৰুই দিছিল। বহা ঠাইতে স্থানু হৈ পৰিছিল জোনাকী পৰুৱাজনী। পাহৰণিৰ আঙুলিত ধৰি কৈশোৰৰ দিনবোৰ জাকি মাৰি উঠিছিল। সুৰটোৱে তাইক টানি লৈ গৈছিল কঠোৰ সাধনাৰ সেই দিনবোৰলৈ। তন্ময় হৈ তাই সেই সুৰটোৰ মাজত বিলীন হৈ থাকোঁতেই হঠাৎ এজন অনুৰাগীয়ে তাইৰ কাণত ফুচফুচাই কৈছিল সেই কথাটো। চক খাই উঠিছিল তাই। চকিত দৃষ্টিৰে অনুৰাগীজনলৈ চোৱা তাইক অনুৰাগীজনে চকুৰ ইঙ্গিতেৰেই কথাটোৰ সত্যতা নিশ্চিত কৰিছিল। 

            ক’লা ছানগ্লাছ পিন্ধা বিশিষ্ট অতিথিজনৰ সুৰ ইতিমধ্যে শেষ হৈছিল। নিজৰ ভাষণ শেষ কৰি তেখেত নিৰ্দিষ্ট আসনত বহিছিল। আগবাঢ়ি গৈছিল জোনাকী পৰুৱাজনী। নিজৰ পৰিচয় দি কৰমৰ্দনৰ উদ্দেশ্যে আগবঢ়াই দিয়া হাতখনত তেওঁ স্পৰ্শ কৰিছিল। ভিতৰলৈকে কঁপি উঠিছিল জোনাকী পৰুৱাজনী। সেয়া সাধাৰণ স্পৰ্শ নাছিল। তাইৰ বুকুত কঁপনি তুলি হাজাৰটা সুৰ তাইৰ চৌপাশে বাজি উঠিছিল। জীৱনৰ মধ্য বয়সলৈ খোজ আগবঢ়োৱা জোনাকী পৰুৱাজনীয়ে দৃষ্টিহীন সুৰকাৰৰ হাতখন সাবটি ধৰিছিল। পোহৰৰ কঠিন সাধনাত নজনাকৈয়েই তাইক লগ দিয়া সুৰটোৰ স্ৰষ্টাক তাই আন্ধাৰৰ মাজত এৰিব নোৱৰা হৈছিল। এক নতুন প্ৰতিশ্ৰুতিৰে পোহৰৰ বাটত সুৰটোক আগুৱাই নিয়াৰ মানসেৰে তাই স্ৰষ্টাক অলপ প্ৰেৰণা আৰু সাহস বিচাৰিছিল।

               এন্ধাৰৰ মাজত বাস কৰা জনক পোহৰৰ বাটত আগবাঢ়ি যোৱাৰ সাহস বিচৰাৰ কথাটো ৰাইজৰ মাজত বিয়পি পৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ল।

            আচৰিত হৈছিল সকলো। যাৰ ওচৰত নিজক পোহৰাবলৈকে পোহৰ নাই তেওঁ কেনেদৰে দিব পোহৰৰ বাটত খোজ আগ বঢ়োৱাৰ সাহস? হ’ব পাৰিব জানো পথ প্ৰদৰ্শক?

আচৰিত হোৱা নাছিল স্ৰষ্টা। তেওঁ বুজিছিল কৈশোৰত তেওঁৰ মাউথ অৰ্গেনৰ সুৰত পোহৰৰ কঠিন বাট বুলিবলৈ সাহস বিচাৰি পোৱা জোনাকী পৰুৱাজনীয়ে মধ্য বয়সত জীৱনৰ সন্মুখত আহি পৰা কিছুমান অবাঞ্ছিত প্ৰশ্নৰ উত্তৰ দিবলৈ সাহস বিচৰিছে। খোলা খিৰিকীৰ সিপাৰৰ বুদ্ধিদীপ্ত চকুহালিৰে তেওঁৰ সুৰলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা সেই প্ৰাচীন অথচ চিনাকী দৃশ্যটো তেওঁৰ পোহৰ হেৰুৱাই এন্ধাৰ আঁকোৱালি লোৱা দুচকুৰে স্পষ্টকৈ দেখা পালে। বুকুত সযতনে জীয়ন দি থোৱা মিঠা স্মৃতি চিৰজীৱনলৈ সাধুকথালৈ ৰূপান্তৰিত হোৱাৰ সলনি বৰ্তমান হৈ তেওঁৰ আঙুলিত বগুৱা বাবলৈ ধৰা সময়তেই তেওঁ অনুভৱ কৰিলে নাম নজনা এক গভীৰ অনুভূতিয়ে তেওঁক সেই কৈশোৰতেই জোনাকী পৰুৱাজনীৰ লগত বান্ধি থৈছে। সেই অনুভূতিক প্ৰেমৰ নাম দিব নোৱাৰি । প্ৰেমতকৈও গভীৰ, প্ৰেমতকৈও সঁচা সেই অনুভূতিক একো নামেৰেই বান্ধি পেলাব নোৱাৰি। সকলো বন্ধনৰ পৰা মুক্ত সেই অনুভূতিক মাত্ৰ অনুভৱহে কৰিব পাৰি । 

            প্ৰাপ্তিৰ মধুৰ আৱেশত তেওঁ দুচকু মুদি দিলে। দুহাতত পোহৰৰ হাজাৰ কণিকা লৈ জোনাকী পৰুৱাজনী তেতিয়া বহুজনৰ পথৰ এন্ধাৰ আঁতৰোৱাত ব্যস্ত।


 ঠিকনা :  ‌‌

বা‌ৰভূঞা গাঁও, চতিয়া

মোবাইল- ৬৯০০৯২৫৮৭৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ