অংগনা ভট্টাচাৰ্য্য
সৌৱা!
তাইৰ সমুখত এজাক
ৰাংকুকুৰ৷
সিহঁতে জিভা মেলি,
নখ জোকাৰি তাইৰ ফালে আগুৱাই আহিছে৷
আটায়ে একেলগ হৈ তাইক
জপটিয়াই ধৰিছে৷ গছকিছে৷ ক্ষুৰধাৰ নখেৰে আঁচুৰিছে৷ তথাপি দেখোন তাইৰ গাৰ পৰা ওলোৱা নাই
এটোপালো তেজ! সিহঁতে তাইক গছকি থাকিল৷ আঁচুৰি থাকিল৷ সমগ্ৰ শৰীৰটোক নেফানেফ কৰি থাকিল৷
বহু পৰ পাৰ হ’ল৷
ৰাং কুকুৰৰ জাকটোৱে তাইক কামুৰিয়েই থাকিল৷
তথাপি তাইৰ শৰীৰৰ পৰা তেজ নোলাল৷ সিহঁত আচৰিত হ’ল৷ সিহঁতৰ ক্ষোভিত দুচকু কপালত উঠিল৷ এইবাৰ সিহঁত পলাল৷ তাইৰ দুচকুৰ জ্যোতিত সিহঁতৰ চাগৈ গাৰ ছাল ছিগিল৷
বনলতাই বুকুখন খেপিয়ালে৷ তাই উমান পালে— ঢপঢপকৈ কঁপি উঠা তাইৰ বুকুৰ ভিতৰত এয়া দেখোন চলিছে ধাৰাসাৰ ৰক্তৰ কোলাহল৷ তাই বুজিলে— ৰাংকুকুৰৰ কোনো হৃদয় নাই৷ সিহঁতে যাকেই চোৱে, তেওঁলোকৰো হৃদয়বোৰ মৰে৷
বনলতাৰ দুচকুত প্ৰচণ্ড ক্ৰোধ৷ জুই হৈ জ্বলিছে শৰীৰৰ প্ৰতিবিন্দু তেজ৷ তথাপি তাইৰ হাত-ভৰি বন্ধা৷ মৰি যোৱা হৃদয়খন লৈ সাহসো যে কেনিবা হেৰাল৷ তাই ভাবিলে,
উভতিবলৈ জানো আছে এটা পোন বাট? দেউতাকৰ ৰঙা-চকু, মাকৰ বুজনি, ভায়েকহঁতৰ উকা দুহাত৷
উফ্!
বনলতা থমকি ৰয়৷
কিছু দূৰণিত ৰাংকুকুৰৰ
জাকটোৱে চোপ লৈ আছিল কিজানি!
লাই পাই ৰাংকুকুৰজাকে পুনৰ তাইৰ ডিঙিলৈকে জঁপিয়ায়৷ বন্য উল্লাসত মত্ত বনৰীয়াৰ জাকটোৱে মানুহৰ কাণে-কাণে ফুচফুচায়—
“তাইৰ চৰিত্ৰ নাই৷
পোৰা কাগজৰ গোন্ধৰ দৰে ভাহি আহে তাইৰ চাৰ্টিফিকেটৰ পৰা ভেকেটা-ভেকেট গোন্ধ৷ তাইক চুলিত
ধৰি ৰাজবাটলৈ উলিয়াই দিয়া যাওক৷ সভ্য পৰিয়ালত
থকাৰ তাইৰ কোনো যোগ্যতা নাই৷ তাই বজৰুৱা৷ কাৰণ, তাই গান ভাল পায়৷ তাই কবিতা ভাল পায়৷
মতা মানুহৰ সৈতে গা ঘেলাই তাই গান গায়৷ তাই কালৈকো ভয় নকৰি ডাঙৰ-ডাঙৰকৈ কথা কয়৷ ইমানৰ
পাছত কেনেকৈ তাইৰ চৰিত্ৰ সৎ হ’ব?”
বনলতাৰ কাণ দুখনে
এইবাৰ সাৰ পায়৷
উদভ্ৰান্ত বনলতাই
নিজেই ৰাজবাটত খোজ থয়৷
গছ এজোপাৰ তলত আশ্ৰয়
ল’বলৈ আহি তাই দেখিলে— ৰাজপথত দেখোন এজোপাও গছ নাই! উদং পথটো এডাল কিচকিচিয়া ক’লা অজগৰৰ
দৰে পেট পেলাই পৰি আছে৷
এটা উকা হুমুনিয়াহ
তাইৰ দুই ওঁঠেৰে খহি পৰিল৷
চৌপাশ ৰাতিৰ আন্ধাৰত
বুৰ গৈছে৷ অথচ বাটবোৰ কৃত্ৰিম পোহৰত এতিয়াও উজলি আছে৷
সকলোতে কেৱল কৃত্ৰিম
পোহৰ!
“উফ্৷”
বনলতাই পুনৰ হুমুনিয়াহ
কাঢ়িলে৷
তেতিয়াইতো তাই লগ
পালে চম্মক চল্লোক৷ চম্মক চল্লোৱে নিজেই আগবাঢ়ি আহি পৰিচয় দিলে— “লুধিয়ানাৰ চোনী কুড়ি
মই৷”
তাইলৈ হাত এখন আগবঢ়াই
দি চম্মক চল্লোৱে ক’লে, “উঠাঁ বনলতা”৷
বনলতা দিকভ্ৰান্ত৷
অস্থিৰ, অস্তিত্বহীন৷
নিৰ্বাক৷
তাইৰ কঁপা চাৱনিৰ প্ৰশ্ন বুজি চম্মক চল্লোৱে ক’লে—
“মুক্তি বিচাৰি মই গুৱাহাটীলৈকে আহিছোঁ৷ ভাবিছিলোঁ, ইয়াৰ মানুহবোৰৰ মন ব্ৰহ্মপুত্ৰৰ দৰে বিশাল৷ চাহপাতবোৰৰ দৰে কোমল৷ পাহাৰবোৰৰ দৰে ওখ৷ কিন্তু ইয়াতো দেখোন মাজৰাতি বাটৰ দাঁতিত নাৰীবোৰ অৱলা হৈ পৰি থাকে৷ কোৱাঁচোন মোক, কি বিচাৰি তুমি বাটলৈ ওলাইছা? নে তোমাক কোনোবাই অত্যাচাৰ কৰিছে?”
বনলতা তেতিয়াও নিশ্চুপ৷
অথচ চম্মক চল্লো
স্থিৰ৷ জীৱনৰ দুৰ্বাসনাই সপ্তাহৰ ভিতৰতে সৱল কৰি তোলা দুৰ্দান্ত সাহসী তাই এতিয়া৷ তাই
এতিয়া বাপুৰ লাল দুলাড়ী নহয়৷ মাকৰ চকুৰ ইচাৰাত পলকতে ঘৰখনৰ সমস্ত কাম কৰি পেলোৱা তাই “ঝল্লী” নহয়৷ তাই এতিয়া মহাৰাণী৷ নিজৰ জীৱন সাম্ৰাজ্যৰ
একচ্ছত্ৰী ৰাণী তাই৷ কাৰ বাপেকৰ পুতেকৰ মৰসাহ, তাইক উভতি ধৰাৰ?
বহুপৰৰ পাছত বনলতাৰ
মাত ওলাল৷ তাই ক’লে,
“তেওঁৰ মোক লৈ কি
আপত্তি আছিল জানানে, মই হেনো ঘৰৰ মানুহৰ কোনো
কথাই নুশুনো৷”
চমক চল্লোৱে হাঁহিছিল৷ তাই বনলতাক কৈছিল—
“তুমি পিছে কি ক’লা?
মই হোৱা হ’লে ক’লোঁহেতেন, শুনিব পৰা কথা হ’লেহে শুনিম৷ নুশুনিবলগীয়াবোৰনো কি কাৰণে
শুনিম? হোৱাই-নোহোৱাই, ভালে-বেয়াই সকলো কথা শুনি মই কি শ্ৰেষ্ঠ বোৱাৰীৰ অস্কাৰ ল’বলৈ
যাম?”
বনলতা তলমূৰ হ’ল৷
তাই পুনৰ দুখ মনেৰে ক’লে—
“মায়ে মোক কৈছিল, ছোৱালী মানুহৰ জীৱন সহজ নহয়৷ কেৱল কাঁইটেৰে ভৰা, কাঁইটেৰে ভৰা৷”
চম্মক চল্লোৱে উজ্জ্বল
দুচকুৰে বনলতাক ক’লে—
“তুমি চাগৈ মাৰাক ক’বলৈ পাহৰিলা— কাঁইটবোৰো উঘালিব পাৰি, বহু দূৰলৈ দলিয়াবও পাৰি৷”
চম্মক চল্লোৰ কথা
শুনি বনলতা ঠাইতে দৰক লাগিল৷ ক’ত অপাৰ সাহসী চম্মক চল্লো আৰু ক’ত তাই!
তাইৰ ভাবনাত ব্যাঘাত
জন্মাই চম্মক চল্লোৱে ক’লে—
“উঠাঁ বনলতা৷ নিজে
থিয় নহ’লে থিয় হোৱাৰ ঠাইকণো এদিন হেৰুৱাবা৷”
বনলতাই দুখী মনেৰে
ক’লে—
“মই যে তোমাৰ দৰে
সাহসী নহয়৷ লুধিয়ানাৰ পৰা গুৱাহাটীলৈ অকলে
ফুৰিবলৈ অহাৰ দুঃসাহস মোৰ দৰে আজলী নাৰীৰ নাই৷ মই সামান্য এগৰাকী নাৰী৷ শিক্ষাৰ বাদে
মোৰ দুহাতত আৰু একো নাই৷”
“মই তোমাতকৈও দুৰ্বল
আছিলোঁ বনলতা৷ মোৰ যে শিক্ষাও নাই৷ ইংৰাজীত মাত্ৰ মই এটা বাক্যই ক’বলৈ জানোঁ—হি ইজ
মাই হাফ-ব্ৰাদাৰ৷ হি ইজ মাই হাফ ব্ৰাদাৰ৷ হাঃ হাঃ হাঃ৷”
হাঁহিত ফাটি পৰিল
চম্মক চল্লো৷
বনলতাই থতমত খালে৷
নিজৰ হাঁহি সামৰি চম্মক চল্লোৱে পুনৰ ক’লে—
“বাপু মোৰ বিচনাত৷ জীৱনৰ আজাদী বিচাৰি মোৰ মায়ে আন এজনৰ হাতত ধৰি কেতিয়াবাই আমাক এৰি থৈ গৈছে৷ নতুন মা-জনী মোৰ বৰ ভাল৷ তেওঁ যেতিয়া আমাৰ ঘৰলৈ আহিছিল, মই চাগৈ চাৰি বছৰীয়া আছিলোঁ৷ এবছৰৰ পাছতেই তেওঁ হৰপ্ৰীতক জন্ম দিলে আৰু ঘৰখন চলোৱাৰ দায়িত্ব এৰি দিলে মোৰ ওপৰত৷ স্কুললৈ নগৈ প্ৰায়েই মই ৰেলত মাকৈ বেচিছিলোঁ৷ তেনেকৈয়ে মই আজিলৈকে দিন হাজিৰা উলিয়াওঁ৷ ঘৰত থকা সময়খিনিত হৰপ্ৰীতক কোলাই-বোকোচাই লওঁ। তাৰ লগত খেলোঁ৷ মায়ে কেতিয়াও তাক মোক দিদি বুলি মাতিবলৈ নিশিকালে৷ লাহে-লাহে হৰপ্ৰীত ডাঙৰ হ’ল৷ মোক মাৰিব পৰা হ’ল৷ মোৰ কষ্টৰ পইচা আজুৰি নিব পৰা হ’ল। আনকি মোক ৰেপ কৰিব পৰাও হ’ল৷ মই কান্দি-কাটি মাক জনালোঁ৷ মায়ে ওলোটাকৈ মোক এচৰ শোধালে৷ বাপুক ক’লোঁ৷ পেৰালাইছিচ হৈ বিচনাত পৰি থকা বাপুৱে কন্দাৰ বাদে একো কৰিব নোৱাৰিলে৷ মই হৰপ্ৰীতক সেৱা কৰোঁ, তাৰ ভৰিত ধৰোঁ৷ চুলিত ধৰি টানি নি সি মোক নিতৌ চোবাই-চোবাই খায়৷ ৰাতিৰ শেষত সি মোৰ মুখতে বমি কৰি দিয়ে৷ কোঠাৰ চৌপাশে সিঁচৰিত হৈ পৰি থকা মোৰ কামিজ, পায়জামা, দোপাট্টাৰ টুকুৰাবোৰ কেনেবাকৈ সামৰি-সুতৰি লওঁ৷ দেহাৰ যাতনা পাহৰি বমিবোৰ ময়েই চাফা কৰোঁ৷ সামান্য চিটিকণি এটা থাকিলেও মায়ে মোক আফালিব৷ মই নুশুনাকৈ মায়ে হৰপ্ৰীতক দুদিনমান বুজাইছিল৷ ভয় খুৱাইছিল তাক— মানুহে গম পালে ইজ্জত ক’ত ৰ’ব বুলি৷ পিছে তেতিয়ালৈ সি কথা বুজি পোৱা মানুহ হৈ থকা নাছিল৷ এদিন ৰেলত মাকৈ বেচি থাকোঁতে কি জানো খেলাল মনত, ঘৰলৈ গৈয়েই কোনেও নেদেখাকৈ বেগত কাপোৰ ভৰালোঁ৷ মোৰ ইনকামখিনি হাতত ল’লোঁ আৰু বাপুৰ ভৰি দুখন চুই লোহিত এক্সপ্ৰেছত উঠি দিলোঁ৷ জীয়াই থাকিবলৈ এই দুনীয়াত কামৰ অভাৱ নাই বনলতা৷ সৰুকৈ হ’লেও কিবা এটা কৰি দুখন ৰুটিৰ যোগাৰ কৰিব পাৰি৷ ৰেলত আহি থাকোঁতেই কামৰ কথা ভাবি আছিলোঁ৷ দুদিনৰ মূৰত মন্দিৰ এটাৰ চাফাইৱালীৰ চাকৰিটো পালোঁ৷ সামান্য মজুৰি৷ কিন্তু ৰাতি মূৰটো গুজিবলৈ সুবিধা আছে৷ খোৱা-বোৱা নিজৰ৷ বৰ ভাল পালোঁ মই৷ সৌৱা মন্দিৰটো চোৱা! মোৰ নতুন এড্ৰেছ৷ ৰাতিৰ এন্ধাৰতো কি ধুনীয়াকৈ জিলিকি আছে!”
বনলতাৰ মুখলৈ অকণ পানী আহিল৷ তাইতকৈও যন্ত্ৰণা ভুগি থকা মানুহ আছে তাৰমানে? তাইতো মানসিক নিৰ্যাতনৰ বলি হৈছে৷ চম্মক চল্লোৱেতো শৰীৰৰ সন্মানকণো হেৰুৱালে! উফ্ উফ্৷ তাই সহ্য কৰিব নোৱাৰি কাণ দুখন চেপা মাৰি ধৰিলে৷
“নাকান্দিবা৷ কান্দিলে
মানুহে লাই পায়৷ এই সুবিধা পুনৰায় নিদিবা৷”
চম্মক চল্লোৱে বনলতাক
ক’লে৷ বনলতাই চাদৰখনেৰে চকুপানী মচি ক’লে—
“তোমাৰ লগতে মোকো
লৈ ব’লা৷”
“ক’লৈ?”
“মই নাজানো৷”
চম্মক চল্লোৱে পুনৰ
হাঁহিলে৷ তাৰ মাজতে বনলতাৰ হাতখন তাইৰ দুমুঠিত লৈ দৃঢ় কণ্ঠৰে ক’লে—
“ব’লা আমি স্বাধীনতা
বিচাৰি যাওঁ৷ ”
“ব’লা৷ আমি একেলগে
যাওঁ৷ সকলো আছে৷ অথচ একো নাই৷ এই জীৱন পৰাধীন নহয় নো কি?”
“দেশৰহে আজাদী হ’ল৷ মানুহবোৰৰ নহ’ল৷ মানুহবোৰ আজিলৈকে মানুহ নহ’ল৷ এই আজাদী মিছা নহয় যদি কি?”
বনলতাই চম্মক চল্লোৰ
উদ্দাত্ত কথাবোৰ শুনি থাকিল৷ কিবা এক গভীৰ সিৰসিৰণিয়ে তাইৰ বুকু কঁপাই তুলিলে৷
চম্মক চল্লোৱে ক’লে—
“উঠাঁ, উঠাঁ৷ আমি প্ৰথমতে
ব্ৰিটিছ খেদোঁ ব’লা৷”
বনলতা উঠিল৷
চমক চল্লোৱে সুধিলে,
“অৱ কহাঁ?”
বনলতাই আঙুলিয়াই
দেখুৱালে এখন চিনাকি পদুলিমুখ—
“সৌৱা! তাত এপাল
ব্ৰিটিছ আছে৷ নিজৰ অধিকাৰৰ কাৰণে এঘঁড়ী যুঁজ দিওঁ ব’লা৷ নামানিলে কাৰো মান-সন্মান নাচাওঁ৷
চিধাই থানালৈ যাম৷”
হাতে হাত ধৰি দুয়ো
আগবাঢ়িল৷
চমক চল্লোৱে গাই-গাই
গ’ল—
“য়ে আজাদী জ্যুঠী
হ্যে৷
দেশ কী বেটিয়া দুখী হ্যে৷”