অন্যযুগ/


বঙহৰ জুই

 অংগনা ভট্টাচাৰ্য্য

 

 

 শীলভদ্ৰাৰ টোপনি নাহিল৷ তাই বিছনাখনতে বহি লৈ আঁঠু দুটাৰ মাজত মূৰটো গুজি দিলে৷ ক্ষন্তেক এনেকৈয়ে থকাৰ পাছত তাইৰ বুকুখন হমহমাই উঠিল৷ তাইৰ কান্দিবৰ মন গ’ল৷ ডাঙৰকৈ৷ কিন্তু এইকণ বিলাসিতাও তাই আঁজুৰি নল’লে৷

কি কৰা যায়? 

বাঙালখাতাতেই ৰৈ যোৱাটো ভাল হ’ব নেকি? 

ভালেই হ’ব কিজানি! 

বাঙালখাতাৰ ৰ’দ-বৰষুণ! গাৰো পাহাৰৰ পৰা ভাহি অহা সেই জালিকটা সুবাস!  চিবিনাঙৰ সুমিষ্ট মাটিকঁঠালে আমোলমোলাই থকা বাঙালখাতাৰ আলিবাটবোৰ!  

ৰঙাই নৈৰ শান্ত পাৰটোত বহি যিদিনা লেছামে তাইক ভালপোৱাৰ কথা কৈছিল, তাই তাকেই ওলোটাকৈ সুধিছিল-

“ভালপোৱা মানে কিনো?”

“তয়ো যে! আই লাভ ইউ বুলি যে মানুহে কয়! সেই ভালপোৱা৷”

লেছামৰ কথাত তাই জঁয় পৰি গৈছিল৷ তাইৰ গাল দুখনো গাভৰু আপেল এটাৰ দৰে ৰঙচুৱা হৈ পৰিছিল৷ তাইৰ সলাজ চেহেৰাটো দেখি বেলিটোৱেও ৰঙাই নৈৰ স্বচ্ছ পানীৰ বুকুত ডুবোঁ-ডুবোঁ কৰিছিল৷ 

 অৱশ্যে সেয়া বাৰ বছৰৰ আগৰ কথা৷  

বাৰটা বছৰনো কিমানৰ বাট? অলৌলোৱা প্ৰেমৰ আকুলতাৰে মুগ্ধ ৰিং এটাৰহে বাট! 

বাঙালখাতাৰ প্ৰতি থকা তাইৰ এই সন্মোহনৰ অন্ত ক’ত? মহানগৰীৰৰ ঠেক গলিবোৰৰ যান্ত্ৰিক বতাহত নে তাৰ নীৰস পুৱাৰ একঘেয়ামীবোৰত?

নাঃ৷ তাই কোনোপধ্যেই বাঙালখাতা এৰি থাকিব নোৱাৰে৷ 

ৰাজোৱে কালি তাইক ফোনত কৈছিল-

“তই গাঁৱৰ মানুহক ভয় নকৰিবি৷ লেছাম বৰ ভাল ল’ৰা৷ সি তোক সঁচাকৈ বৰ ভাল পায়৷ বাকী সকলো কথাতকৈ মাত্ৰ এই কথাটোকহে তই বেছি গুৰুত্ব দিয়াটো ভাল৷ ঘৰৰ মানুহক বুজাবি৷ দেখিবি তেওঁলোকেও বুজিব৷ সমাজৰ ভয়ত মাত্ৰ তেওঁলোকে কোনো সিদ্ধান্ত ল’ব পৰা নাই৷ সেইবুলি তই সাহস নেহেৰুৱাবি৷ মোৰ আফো-আফে মান৷ ময়ো মান৷ কিন্তু আমিও অসমীয়া৷ এই কথাটোক অস্বীকাৰ কৰাৰ সাহস কাৰো নাই৷ আনকি তোৰ এই সমাজখনৰো নাই৷” 

ৰাজোৰ সঁচা কথাবোৰ তাই বুজি পায়৷ কিন্তু কিবা এটা উত্তৰ দিবলৈহে তাইৰ ওঁঠৰ পৰা সময়ত শব্দ এটাও সৰকি নাহে৷ 

দোকমোকালি হ’লেই৷ খোলা দুচকুৰেই তাই ৰাতিটোক বিদায় জনালে৷ 

তাই বিছনাৰ পৰা উঠি আহিল৷ কোঠাটোৰ খিৰিকি এখন খুলি দূৰলৈ চাই পঠিয়ালে৷ তাই ৰিণি ৰিণিকৈ দেখিলে কুঁৱলিৰ আচ্ছাদনে মেৰিয়াই ৰখা গাঁওখন৷ সৌখন ফুলবাৰী৷ লেছামৰ ফুলবাৰী৷ তাৰেই কাষত সৌৱা চিবিনাং৷ 

তাই লেছামক জোকাইছিল-

“তহঁতৰ গাঁৱত ইমানেই ফুল নে? একেবাৰে ফুলবাৰী নামটোকেই ৰাখিলে যে? তহঁতৰ ঠাইখনতকৈ আমাৰ বাঙালখাতাতেই ফুলৰ বাৰী বেছি৷  চৌদিশে কি  ধুনীয়া ধুনীয়া ফুল! একদম স্বৰ্গত থকা যেন লাগে!” 

লেছামে তাইৰ গাল এখনত লাহেকৈ চিকুটি দি কৈছিল-

“তই কিবা জান নেকি? কেৱল পেকপেকাবহে জান৷ প্ৰতিখন ঠাইৰ নামটোৰ সৈতে কিবা নহয় কিবা কাহিনী জড়িত হৈ থাকে৷ মানুহৰ ইচ্ছামতে ঠাই এডোখৰৰ নাম ৰাখিব নোৱাৰি নহয়৷ ব্ৰিটিছে দেশ শাসন কৰি থকাৰ সময়ত গাৰোপাহাৰত বোলে ডেভিড স্কট চাহাবৰ ঘৰ আছিল৷ তই জাননে, চাহাব গোৱালপাৰা জিলাৰ প্ৰথম কমিছনাৰ আছিল৷ তেওঁৰ ধুনীয়া ঘৰটোৰ লগতে এখন বৰ ডাঙৰ ফুলৰ বাৰী আছিল৷ পাছলৈ চাহাবৰ ফুলৰ বাৰীৰ পৰাই ঠাইখনৰ নাম ফুলবাৰী হয় ৷”

“ৱাহ তই ইমান কথা জান! অকলে-অকলে ইমান কথাৰ ভৰ সহি থকাতকৈ অলপ মোকো ভগাই দিবিচোন” বুলি সিদিনা তাই পুনৰ লেছামক জোকাইছিল৷

কথাবোৰ মনত পেলাই তাইৰ মনটো বৰ ভাল লাগিল৷ একেসময়তে সোণ সৰা দিনবোৰৰ কথা ভাবি সামান্য বেয়াও লাগিল মনটো৷

তাইৰ চকুৰ সমুখলৈ ভাহি আহিল ফুলবাৰীৰ চিনাকি ধাননি পথাৰ এখন৷ একেখন কলপাততে কেইটামান ওকচি গুটি সানি লৈ সৌৱা কথাৰ ফুলজাৰি মাৰিছে কেইজনীমান ন-গাভৰুৱে৷ কথাৰ ছলতে শীলভদ্ৰা, ৰাজো, কাৰেঙা, ফাগুনাহঁতে আঙুলি খেল খেলিছে৷ প্ৰীতিৰ নিভাঁজ জৰীৰে ইজনীয়ে সিজনীক মেৰিয়াই ৰাখি আঙুলি খেলাৰ সাঁথৰ মাতিছে৷ ৰাজোৱে নিজৰ এখন হাত মাটিত থৈ আনখন হাতৰ তৰ্জনী আঙুলিটোৰে এজনী-এজনীকৈ আটাইকেইজনীৰে আঙুলিবোৰ চুই গ’ল আৰু গাই গ’ল-

“আয় গোহালি ঘৰত যাঙ

দুধৈ ভাতে খাই যাঙ

নাখাঙ মুই দুধ ভাত

চেঙৰি আঙঠি তোল হাত৷” 

শীলভদ্ৰাৰ দুই ওঁঠত কোমল হাঁহিয়ে জিলমিলাই গ’ল৷ তাইৰ মনটোও অকণ মুকলি হ’ল৷ তাই বিছনাখনলৈ উভতি আহিল৷ গাৰুৰ তলত থকা ফোনটো হাতত তুলি লৈ তাই লেছামৰ হাঁহিমুখীয়া ফটো এখন উলিয়াই ল’লে৷ দুবছৰ আগৰ মাইকৌ চুমফাইত লোৱা ফটো এইখন৷ সন্ধিয়া ৰেজাক কৰাৰ পাছত সমনীয়াৰ সৈতে সি খয়াকু গ্ৰহণ কৰি আছিল৷ তেতিয়াই সি গম নোপোৱাকৈ ৰাজোৱে তাইৰ ফোনটোৰে  সমূহীয়াকৈ তাৰ এই ফটোখন তুলিছিল৷ তাৰ পাছত ঘৰলৈ আহি তাই ফটোখন কাটি-কুটি কেৱল সি থকা অংশখিনিহে ৰাখিছিল৷ তেতিয়ালৈ প্ৰায় ঠিকেই চলি আছিল৷ কিন্তু মাইকৌ চুমফাইৰ দুদিনমান পাছতে ঘৰত হাহাকাৰ লাগিছিল৷ ককায়েক শিনাৰুৱে আটাহ পাৰি-পাৰি কৈছিল- 

“ৰংদানী ৰাভা সমাজৰ জীয়ৰী হৈ তাই মানলৈ যাব? সমাজৰ আগত আমি কেনেকৈ মুখ উলিয়াম? কোনো কাৰণতেই শীলভদ্ৰাক বেলেগ সমাজলৈ উলিয়াই নিদিওঁ৷”

শিনাৰুৰ ৰূপ দেখি তাই সিদিনা থৰথৰকৈ কঁপিছিল৷ ভয়তে নিজৰ কোঠাতে সোমাই আছিল বহুপৰ৷ ভাত-পানী নৰন্ধাকৈয়ে পাৰ হৈছিল সিদিনা৷ 

পাছদিনা পুৱাতেই উঠি তাই গা-পা ধুই চৰুত চাউল সিজিবলৈ দি পিঠালি শাক ৰান্ধিবৰ বাবে কেইপদমান শাক বিচাৰি আনিছিলগৈ৷ সেইদিনা পুৱাৰ জলপানৰ সলনি পিঠালি শাকৰ সৈতে আটায়ে মায় মাচি খাইছিল৷ বিছনাত পৰি থকা অসুখীয়া পিতাকক তায়েই মায় মাচি অকণ সানি খুৱাই দিছিল৷ পেটৰ ভোকতে শিনাৰুৱেও সৰহকৈ মায় মাচি খাইছিল৷ মাকে তাই শুনাকৈ শিনাৰুক কৈছিল- 

“তাইক মৰমকৈ বুজাবি শিনাৰু৷ ৰাগ-খং নকৰিবি৷” 

শিনাৰুৱে তলমূৰ হৈ মাছলৈ ওলাই গৈছিল৷ 

সেয়া যেন সৌ সিদিনাৰ কথাহে৷ 

শীলভদ্ৰাই হুমুনিয়াহ কাঢ়িলে৷ এৰা, সময়বোৰ বাগৰিল৷ কিন্তু সমাধান এটাহে নোলাল৷ লেছামৰ পৰা আঁতৰাই শিনাৰুৱে এতিয়া তাইক গুৱাহাটীত থ’বলৈ বিচাৰিছে৷ হাতত ফোনটো থকাৰ পাছতো তাৰ সৈতে কথা এষাৰ তাই পাতিব নোৱাৰে৷ তাৰ মুখখন এবাৰ চাব নোৱাৰে৷ পিছে বাঙালখাতাৰ পৰা আঁতৰি, লেছামৰ পৰা আঁতৰি, ৰাজোৰ পৰা আঁতৰি তাই জানো জীয়াই থাকিব পাৰিব?  

মূৰটো দুয়োফালে জোকাৰি তাই গা ধুবলৈ সাজু হ’ল৷ 

গাটো ধুই আহিয়ে শীলভদ্ৰাই ৰঙা চাহ একাপ খাই ল’লে৷ বাকী মানুহবোৰ উঠাই নাই৷ তাই চৌকাত দুটামান চাউল সিজিবলৈ দিলে৷ ক্ষন্তেক পাছত কৰকৰীয়াকৈ ৰন্ধা ভাতকেইটা বাঁহৰ ঢাৰিখনত মেলি দি তাই বাখৰ তৈয়াৰ কৰাত লাগিল৷ আজি চিনচিনা প্ৰস্তুত কৰিব লাগিব৷ মাকৰ গা বেয়া৷ তথাপি তেৱেঁই তাইক বাকীখিনি দেখুৱাই দিব৷ মাকে শুই উঠি গা-পা ধুই আজৰি হোৱালৈকে তাই বাখৰখিনি তৈয়াৰ কৰি থ’বলৈ বিচাৰিলে৷ এইবোৰত সময়ো জানো কম লাগে? তথাপি ঘৰখনত চিনচিনা এটোপা নাথাকিলে ভাল লাগে জানো? বাখৰখিনি তৈয়াৰ  কৰিবলৈ তাই আগিয়া চিতাৰ শিপা, আকণ গছৰ ফুল-পাত, কুঁহিয়াৰৰ পাত, বিহলঙনি, জালুক, কুশবনৰ আগ, ভেটাই তিতাৰ পাত, মিঠা পাত, বাহক তিতাৰ পাতৰ লগতে পুৰণি বাখৰ আৰু পিঠাগুৰিখিনি কালিয়েই যোগাৰ কৰি থৈছিল৷ সেইবোৰ বাছি-ধুই-পখালি লৈছিলহে, তেনেতে ৰাজোৰ ফোন আহিল৷ খাৰেৰে ধুই পৰিস্কাৰ কৰি লোৱা জোঙাটো প্ৰথম পুৱাৰ কোমল ৰ’দখিনিত শুকাবলৈ দি তাই ফোনটো হাতত লৈ নিজৰ কোঠাত সোমাল৷  

“ইমান পুৱাতেই যে ফোন কৰিলি ৰাজো?”

উদ্বেগেৰে সুধিলে তাই৷ ইফালে ৰাজোৱে বৰ কোমলকৈ তাইক ক’লে-

“তোৰ খবৰ এটা ল’বলৈকে ফোন কৰিলোঁ অ’ই৷ অলপ পাছতে ঘৰৰ আটাইবোৰ মানুহ উঠিব৷ তেওঁলোকৰ মাজত থাকিলে তই মোৰ ফোনটো উঠাবলৈকে দিগদাৰ পাবি৷ এতিয়াই যে তহঁতৰ ঘৰৰ কোনো নুঠে মই জানো৷ সেইদেখিয়েই ফোনটো লগালোঁ৷”

“ভালেই কৰিলি দে৷ মনটোও বৰ বেয়া লাগি আছিল৷ ওৰে ৰাতিটো চকু মুদাই নহ’ল৷ কি কৰোঁ, কি নকৰোঁকৈ চিন্তাত পাৰ কৰিলোঁ৷”

 “পিছে কি কৰিম বুলি ভাবিছ এতিয়া? গুৱাহাটীৰ এন. জি. অ.টোৰ চাকৰিত সোমাবি নে?”

“নোসোমাওঁ৷ মই নোৱাৰিম ৰাজো৷ বাঙালখাতা এৰি মই ক’লৈকো যাব নোৱাৰিম৷”

“বাঙালখাতা এৰি নে লেছাম ক’ক এৰি থাকিব নোৱাৰিবি?”

“হেই যাহ৷ পুৱাতেই আমনি নকৰিবি৷”

“সঁচা ক’লে বেয়া পাৱ ন? পিছে তোৰ অঁকৰা ক’ৱে মানিবনে?”

“নামানিব৷ কিন্তু মই নাযাওঁ ৰাজো৷”

“সাহসী হ’৷ দেখিবি- বন্ধ দুৱাৰবোৰ এখন-এখনকৈ খোল খাবলৈ ধৰিছে৷ আমাং বৰ বুজন৷ তেওঁ কথাবোৰ বুজি পায়৷ পিছে তোৰ দৰে একেই৷ সমাজলৈ ভয়৷ মানুহলৈ ভয়৷ এবাৰ সকলো বাদ দি নিজৰ মনটোৰ কথা মানি লচোন৷” 

শীলভদ্ৰাই নীৰৱেই ৰাজোৰ কথাখিনি মানি ল’লে-

“হ’ব দে৷ এইবাৰ কিবা এটা কৰিব লাগিব৷ আৱাৰ ফাৰকান্তি গৈছেহে, এতিয়াই ঘৰখনত সুস্থিৰ পৰিবেশ এটা অহা নাই৷ আৱা যোৱাৰ পাছতহে মোৰ অনুভৱ হৈছে- নিজৰ কথা নিজে ভাবিব লাগিব৷” 

ৰাজোৱে লেছাম ভালে থকাৰ বিষয়ে দুটামান কথা পাতি ফোনটো সামৰিলে৷

শীলভদ্ৰাই পুনৰ কামত মনোযোগ দিলে৷ বাখৰখিনি প্ৰস্তুত কৰিবলৈ ধৰাৰ লগে-লগেই তাইৰ পিতাকলৈ মনত পৰিল৷ আগতে বাখৰ প্ৰস্তুত কৰাৰ সময়ত পিতাক তাইৰ কাষে-কাষে আছিল৷ ইটো-সিটো দিহা দি ফুৰিছিল৷ আনকি বিছনা লোৱাৰ দুবছৰতো তেওঁ কিবাকিবি কথা কৈ তাইৰ গধূৰ মনটো পাতলাবলৈ যত্ন কৰিছিল৷ তেওঁ জানিছিল- লেছাম কেৱল তাইৰ প্ৰেম হৈ থকা নাই, তাইৰ ক্ষুদ্ৰ জীৱনটোৰ প্ৰতিটো সুখ আৰু দুখৰ প্ৰধান আকৰ  হৈ পৰিছে সি৷ এতেকে তেওঁ লেছামৰ পৰা তাইক আঁতৰি আহিবলৈ কেতিয়াও কোৱা নাছিল৷ অৱশ্যে তাইক সাহসো দিয়া নাছিল৷ কেতিয়াবা সেমেকা মন এটাৰে তেওঁ তাইক কৈছিল- 

“সি জানো জাঙায় ধাংকায় কৰিবলৈ বিচাৰিব? নহ’লে এবাৰ তয়েই সুধি চাবিচোন৷”

নাই৷ তাই লেছামক কেতিয়াও জোঁৱাই খাটিবলৈ নুসুধিলে৷ সিহঁতৰ সম্পৰ্কটোৰ পূৰ্ণতাতকৈও তাৰ আত্মসন্মানৰ গুৰুত্ব তাইৰ মনত বহুত বেছি৷ সিহঁতৰ ভালপোৱাত কোনো পাপ নাই৷ একেবাৰেই নিভাঁজ৷ পৱিত্ৰ৷ মহাকালৰ চৰণ চুই তাই অংগীকাৰ লৈছে- প্ৰয়োজন হ’লে তাই বিয়া নোহোৱাকৈ থাকি যাব৷ কিন্তু ইজনে সিজনৰ আৱেগ-অনুভূতি আৰু স্বাভিমানক ভেঙুচালি কৰাৰ পৰিৱেশ কেতিয়াও হবলৈ নিদিয়ে৷ এইটোৱেই লেছামৰো সিদ্ধান্ত৷

“আৱা!”

পিতাকক মনত পেলাই তাই ফেঁকুৰি উঠিল৷ একে সময়তে জোঙাকেইটাৰ ভিতৰত ধানখেৰ ভৰাই জুই লগাই পুৰিবলৈও দিলে৷ যন্ত্ৰৱৎ৷ এৰা, জীৱনৰ এটা সময়ত সকলো দেখোন যন্ত্ৰৱৎ হৈ পৰে!

কেইটামান দিন পাৰ হৈছিলহে, শিনাৰুৱে পুনৰ হাহাকাৰ লগালে৷ শীলভদ্ৰালৈ চহৰীয়া দৰা এজনৰ খবৰ লৈ আহিল৷ মাকৰ মনটোৱে জীয়েকজনীৰ অন্তৰখন ভাঙিবলৈ নিবিচাৰে৷ পিছে পুতেকৰ বুজনিত তেৱোঁ চাকৰিয়াল দৰা এটালৈকে জীয়েকক উলিয়াই দিয়াৰ কথা ভাবিছে৷  

লেছামক লগ পোৱাৰ কোনো উপায় নাই৷ শিনাৰুৱে ঠায়ে-ঠায়ে মানুহ লগাই থৈছে৷ শীলভদ্ৰাৰ মূৰটোৰ ওপৰত এখন পাহাৰ থকা যেন লাগিল৷ তাইৰ বুকুখন এটা প্ৰকাণ্ড শিলে হেঁচি ধৰা যেন লাগিল৷ তাইৰ মুখলৈ বাৰে-বাৰে এটা নামেই আহি থাকিল-

“ৰাজো”

সঁচাকৈয়ে পাছদিনাই ৰাজো তাইৰ ঘৰলৈ আহিল৷ শিনাৰুৰ নিষেধাজ্ঞা নামানি তাই শীলভদ্ৰাক সাহস দিবলৈকে দৌৰি আহিল৷ তাই ঘৰলৈকে অহা দেখি শীলভদ্ৰাই ভয় খালে৷ ৰাজোৱে তাইক ধমক দি ক’লে- 

“তোৰ ক’ক মই ভয় নকৰোঁ৷ আপোন মানুহৰ দুখ-বেদনা নুবুজি জোৰ-জবৰদস্তি সিদ্ধান্ত জাপি দিয়া মানুহক সমীহো নকৰোঁ৷ লেছাম মোৰ চুবুৰীয়া কাৰণেই তোৰ ঘৰলৈ নাহিম নেকি? আগতে দেখোন এইখন ঘৰতেই নাচি-বাগি, খেলা-ধূলা কৰি আছিলোঁ৷ তই জানো আমাৰ ঘৰলৈ যোৱা নাছিলি? দুই-চাৰিদিনলৈ দেখোন আমাৰ ঘৰতেই আছিলি৷ এতিয়া কি হ’ল? বিয়াৰ কথা অহাৰ লগে-লগেই আমি বেলেগ হৈ গ’লোঁ৷ তই কাৰোবাক ভয় কৰিব পাৰ৷ মই নকৰোঁ৷” 

“এতিয়া কি কৰা যায় ৰাজো?”

“তই আৰু কেইবছৰমান ভয়-ভয় খেলি থাক৷ কান্দি থাক৷”

“তই বুজা নাই৷ আৱা নোহোৱা হ’বৰ তিনিটা মাহ হৈছে মাথোঁ৷ এই সময়ত মই হাই-কাজিয়া কৰিবলৈ বিচৰা নাই৷” 

“তোৰ কিমান সাহস জানো দে৷ এইবাৰ ময়েই কিবা এটা কৰিব লাগিব৷”

“কি কৰিবি?”

“চাই থাক৷”

ৰাজোক কাষতে পাই শীলভদ্ৰাৰ মুখলৈ পানী আহিল৷ পিছে হঠাতে কৰবাৰ পৰা শিনাৰু আহি ৰাজোক ক’লে-

“তুমি শীলভদ্ৰাক লগ কৰিবলৈ আহিলে আজিকালি ভাল নাপাওঁ ৰাজো৷ মোৰ কথা মানিলে ভাল৷ নহ’লে ময়ো কঠোৰ হ’বলৈ বাধ্য হ’ম৷ তোমাক ঘৰত থৈ আহোঁ ব’লা৷ আবেলি ঘৰলৈ নতুন আলহী আহিব৷”

শিনাৰুৱে কি ক’বলৈ বিচাৰিছে ৰাজোৱে পলকতে বুজি পালে৷ তাই বৰ বিনয়েৰে তেওঁক সুধিলে-

“সকলো জানি-বুজি আপুনি এয়া কি কৰিবলৈ ওলাইছে?”

শিনাৰুৱেও কিছু উচ্চ সুৰত ৰাজোক ক’লে-

“তুমি লেছামৰ পক্ষ নল’বা ৰাজো৷ তুমি কিয় ইয়ালৈ আহিছা মই নাজানো নেকি? আমাৰ পৰিয়ালৰ সিদ্ধান্ত তুমি খুব ভালকৈ জানা৷ নতুনকৈ তাইৰ মনটো ভাঙিবলৈ চেষ্টা নকৰিবা৷”

“আপুনিতো লেছামক জানে৷ চুবুৰীয়া গাঁওখনৰ ল’ৰাটো আজি কিয় আপোনাৰ চকুত শতৰু ওলাইছে?”

“সি আমাৰ নিজৰ মানুহ নহয়৷”

“তেন্তে আজি আবেলি হঠাতে চিনাকি হ’বলৈ অহা ল’ৰাটো আপোনাৰ নিজৰ মানুহ হৈ যাব? আপোনালোকৰ নিজৰ সমাজৰ হোৱা বাবেই কোনোদিনে নাম নুশুনা-নেদেখা ল’ৰাজন আপোনাৰ আপোন হৈ যাব?”

“মোক বুজাবলৈ চেষ্টা নকৰিবা ৰাজো৷ তোমাৰ সৈতে তৰ্ক কৰিবলৈ মোৰ হাতত সময় নাই৷”

“কিন্তু আপুনি মোৰ কথা শুনিব লাগিব৷”

“তুমি মোক ধমকি দিছা নেকি?”

“ধমকি নহয়, অনুৰোধ জনাইছোঁ৷”

“মোৰ শেষ কথা- মই লেছামলৈ শীলভদ্ৰাক কেতিয়াও নিদিওঁ৷”

“কিন্তু মোক এইখন ঘৰলৈ আপুনি আনিব লাগিব৷”

“তোমাক? তোমাক আকৌ কোনে এইখন ঘৰলৈ আনিব?”

“আপুনি আনিব লাগিব মোক৷”

“কি কৈছা নিজেই গম পাইছানে তুমি?”

“কিয় নাপাম বাৰু?”

“হঠাতে কি হ’ল তোমাৰ?”

“হঠাতে একো হোৱা নাই৷ কেতিয়াবাৰে পৰা মোৰ আপোনালৈ মন৷ ভাবিছিলোঁ, লেছাম ক’ আৰু শীলভদ্ৰাৰ সম্পৰ্কটোৰ থানথিত লাগিলে মই আপোনাক মোৰ মনৰ বাতৰি জনাম৷ কিন্তু আপুনি দেখোন কাৰো কথাকেই বুজিব নোখোজে৷”

“মইতো তোমাক কেতিয়াও তেনে দৃষ্টিৰে চোৱা নাই ৰাজো৷”

“এতিয়া চাওক৷ সময় পাৰ হৈ যোৱা নাই নহয়৷”

“লেছাম আৰু শীলভদ্ৰাৰ সম্পৰ্কটো মানি নলওঁ বুলি জানিও তুমি এইবোৰ কি কৰিব বিচাৰিছা? সিহঁতৰ সম্পৰ্কটো যদি মান্য নহয়, আমাৰটো কেনেকৈ হ’ব? তাতে আমাৰ মাজত কোনো সম্পৰ্ক নাই৷”

“মোৰ প্ৰতি আপোনাৰ মনতো কোমল অনুভৱ আছে৷ এয়া মই জানো৷ নহ’লে আপুনি ইমানলৈকে মোক সহ্য কৰি নাথাকিলহেঁতেন৷”

“ব’লা, তোমাক ঘৰত থৈ আহোঁ৷”

“আমাৰ সমাজে আমাৰ বিয়া মানি ল’ব৷ মাত্ৰ কংমৌদন কৰি চাহ-পানীৰ ব্যৱস্থা কৰিলেই হ’ল৷ লগতে মেংগলা দি দিলে সকলো সহজ হৈ যাব৷”

“কিমান লাজৰ কথা এইবোৰ জানানে? পৰিয়াল এটাৰ মান-সন্মানৰ কথা আছে৷”

“ভালপোৱা কি বস্তু আপুনি জানিলে এনেকৈ নক’লেহেঁতেন৷ মোক সোধকচোন এবাৰ, আপোনাৰ বাবে মই কি কি কৰিব পাৰোঁ? কি কি এৰিব পাৰোঁ?”

শীলভদ্ৰাৰ ককায়েকৰ কঠোৰ চেহেৰাটোত যেন জোনৰ পোহৰৰ সামান্য ৰাগী লাগিল৷ তেওঁ ৰাজোলৈ চালে৷ স্থিৰ দুচকুৰে তাই তেওঁৰ চকুত চকু থৈ শান্তভাৱে এবাৰ মিচিকিয়ালে৷ তেওঁ বেছি পৰ তাইলৈ চাই থাকিব নোৱাৰিলে৷ তেওঁ কোঠাটোৰ পৰা ওলাই গ’ল৷ ৰঙত নে খঙত ৰাজোৱে ধৰিব নোৱাৰিলে৷ অৱশ্যে শীলভদ্ৰাৰ দুচকুত জিলিকি ৰোৱা প্ৰশ্নটোৰ উৎস তাই নুবুজাকৈ নাথাকিল৷

এইকেইটা বছৰতে শীলভদ্ৰাই বুজিলে- মানুহৰ জীৱনত সুখতকৈও শান্তিৰ প্ৰয়োজন বেছি৷ তাইৰ জীৱনত তাইক ভালপোৱা বহু মানুহ আছে৷ এই লৈ তাই বৰ সুখী৷ কিন্তু তাইৰ আপোন মানুহখিনিয়েই আজি তাইৰ বিপৰীতে থিয় দিছে৷ এই বাস্তৱ বৰ কষ্টকৰ৷

বহুদিনৰ মূৰত তাই কীম কন্তঙত বহিল৷ কন্তঙত তাই ৰৌফান লগাইছে৷ এযুঁতি কাম্বাং বৈ-কাটি উলিওৱাৰ পাছতে পিতাকক হস্পিতালত থ’বলগীয়া হৈছিল৷ তাৰ দুদিন পাছতেই পিতাক চিৰদিনলৈ গুচি গৈছিল৷ সেইভাজেই তাই কন্তঙত চকু দিয়া নাছিল৷ তিনিমাহৰ মূৰত নিজৰ দুখ আৰু অৱসাদখিনি আঁতৰাবলৈকে তাই ৰৌফান এযুঁতি লগোৱাৰ কথা ভাবিলে৷ কামত থাকিলে মনটোৱেও দুশ্চিন্তাৰ পৰা সাময়িক বিৰতি পায় ৷ সেয়ে আজিকালি তাই ভাত ৰন্ধাৰ পৰা ফুলনি চোৱালৈকে, শাক লগোৱাৰ পৰা কাপোৰ বোৱালৈকে, চিনচিনা প্ৰস্তুত কৰাৰ পৰা পথাৰলৈ যোৱালৈকে প্ৰায় সমস্ত ঘৰুৱা কাম নিজে অঁতাই সামৰে৷ ৰাতিটোহে কেৱল নিজৰ বাবে থাকে৷ ৰাতিবোৰত থাকে কেৱল লেছাম আৰু এসোপামান দুঃশ্চিন্তা৷

নতুনকৈ আৰু এটা চিন্তা তাইৰ মনত সোমাইছে- ৰাজোৰ চিন্তা৷ ৰাজোৱে যে অত বছৰে ককায়েকৰ প্ৰতি ইমান গভীৰকৈ অনুভৱ এটা কঢ়িয়াই ফুৰিছে, তাই দেখোন ভূ-ভাকে পোৱা নাছিল৷ লেছাম আৰু তাইৰ প্ৰতি কঠোৰ ককায়েকে ৰাজোৰ সঁচা ভালপোৱাৰ জানো উমান পাব? 

পুনৰ এটা উজাগৰ ৰাতি পাৰ কৰিলে শীলভদ্ৰাই৷ 

পাছদিনা দুপৰীয়াৰ ভাত-পানী ৰান্ধি আটাইকে খুৱাই-বুৱাই, চুৱা বাচন সামৰি তাই গাটো ধুবলৈ বুলি ওলাইছিলহে, শিনাৰুৰ গৰ্জনত তাই চক খাই উঠিল৷ কেনেবাকৈ কাপোৰযোৰ সলাই তাই কি হৈছে চাবলৈ আগফাললৈ ওলাই আহিল৷ আহিয়েই তাইৰ চকু কপালত উঠিল৷ এয়া দেখোন লেছাম৷ লগত ৰাজো৷ ককায়েক আৰু ভায়েক দুয়োজনেই সিহঁতৰ সৈতে কথাৰ কটাকটি কৰি আছে৷ তাইক দেখি ৰঙা চকুৰে শিনাৰুৱে সুধিলে-

“ইয়াক আহিবলৈ তয়েই কৈছিলি নেকি?”

 তাই ভয়-ভয়কৈ উত্তৰ দিলে-

“মই একো নাজানো আদা৷ ইহঁতে আহিব বুলি মোক কোৱা নাছিল৷”

“ইহঁতক ভিতৰলৈ আহিবলৈ ক৷ বাটত নাটক দেখুৱাব নালাগে৷”

কি শুনিলে তাই? ককায়েকে লেছামক ভিতৰলৈ মাতিছে?

লেছাম ভিতৰলৈ আহিল৷ ৰাজোও আহিল৷ শিনাৰুৱে লেছামক সুধিলে-

“তুমি আমাৰ ঘৰলৈ আহিবলৈ সাহস কেনেকৈ কৰিলা?”

লেছামে মৃদুভাৱে উত্তৰ দিলে-

“ৰাজোৰ কাৰণে৷ তাই মোক সাহস দিছে৷ য’ত ভুল নাই, তাত ভয়ো নাই৷ এইখিনি কথা মই তাইৰ পৰাই শিকিছোঁ৷”

শিনাৰুৱে ৰাজোলৈ চালে৷ তাইৰ স্থিৰ দৃষ্টি তেওঁৰ ওপৰত৷ তেওঁ এইবাৰ তাইকেই সুধিলে-

“তুমি ইহঁতৰ মনত মিছা আশা সিঁচি দিছা কিয়?”

ৰাজোৱে চাগৈ এনে এটা প্ৰশ্নৰেই অপেক্ষাত আছিল৷ তাই বৰ গহীনভাৱেৰে ক’লে-

“আপুনি চাগৈ পাহৰি গৈছে, মই মনত পেলাই দিছোঁ- শীলভদ্ৰাক আপুনিও বৰ ভাল পায়৷ তাইক কষ্ট দি আপুনি শান্তি নাপায়৷ সমাজৰ মাজত প্ৰিয় হ’বলৈ আপুনি তাইৰ মনত আঘাত নিদিব৷ ভালপোৱা নিজেই এক সাহস৷ দুদিন পাছত তাই হয়তো আপোনাৰ বাবে কাৰোবাৰ সৈতে বিয়াত বহিব৷ কিন্তু তাইৰ অন্তৰাত্মাক আপুনি কাটি টুকুৰা-টুকুৰ কৰি দিয়াৰ পাছত সেইটো তাইৰ কি জীৱন হ’ব? আপুনিতো সমাজৰ বাবে এক আদৰ্শ৷ সমাজৰ হকে বহু কাম কৰিছে৷ মেল-মিটিং গাইছে৷ দলে-বলে গাঁৱে-গাঁৱে সোমাই উন্নয়নৰ খবৰ লৈছে৷ মেলে-মিটিঙে আপুনি ৰাংটা গাৰোৰ প্ৰৱল স্বাধীনতা পিয়াসী মনটোৰ উল্লেখ কৰে৷ ৰাজবালা-চেলচেলাৰ সেই বীৰগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আপুনি উঠি অহা প্ৰজন্মক পৰামৰ্শ দিয়ে৷ ৰাংটা গাৰোৱে গাৰো পাহাৰৰ স্বাধীনতা উদ্ধাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল৷ ফলত ব্ৰিটিছে ৰাংটা গাৰোক মাৰি তেওঁৰ শৰীৰটো সৰু-সৰু টুকৰা কৰি গাৰোপাহাৰৰ ইফালে-সিফালে ছটিয়াই শিয়াল-কুকুৰক খাবলৈ দিছিল৷ ব্ৰিটিছে এই নিষ্ঠুৰ কামটো কিয় কৰিছিল জানেনে, যাতে মানুহে ভয়তে পুনৰ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ নকৰে৷ আপুনিও সেইটো কৰক৷ শীলভদ্ৰাৰ লগতে মোকো কাটক৷ টুকুৰা-টুকুৰ কৰক৷ যাতে আমি কৰা ভুল অন্য ল’ৰা-ছোৱালীৱে নকৰে৷ আমাৰ দৰে যাতনা সিহঁতে যাতে নোভোগে৷ কিন্তু ভালপোৱা ৰোধ কৰিব পৰা বিষয় নহয়৷ পৃথিৱীৰ পৰা সঁচা ভালপোৱা কেতিয়াও হেৰাই নাযায়৷ ৰাংটা গাৰো মৰিল৷ তেওঁক নিষ্ঠুৰভাৱে হত্যা কৰা হ’ল৷ কিন্তু গাৰোপাহাৰ ব্ৰিটিছৰ হাতত নাথাকিল৷ কথাবোৰ এনেকুৱাই৷”

শিনাৰুৱে তলমূৰ হৈ তাইৰ কথা শুনিলে৷ তেওঁ লেছামলৈ চালে৷ বিনয়ী আৰু দৃঢ় ভাবেৰে সি বহি আছে৷ তেওঁ মুখ খুলিলে এইবাৰ-

“তুমি বুজন ছোৱালী ৰাজো৷ কথাবোৰ অধিক জটিল নকৰিবা৷ নিজৰ ভনীজনীৰ ভৱিষ্যতৰ চিন্তা কৰাটো মোৰ কৰ্তব্য৷ লেছাম মোৰ শত্ৰু নহয়৷ কিন্তু দুয়োখন সমাজৰ মাজত যথেষ্ট বাধা আছে৷ ব্যক্তিগত সুখ লাভৰ বাবে আমি অসামাজিক কাম কৰা অনুচিত৷”

“যি সত্য, যি পৱিত্ৰ, তাত কোনো ভুল থাকিব নোৱাৰে৷ এই কথাটো আপুনিও খুব ভালকৈ জানে৷ সমাজ মানে কিনো? আপুনি, মই মিলিয়েই সমাজ নহয় জানো?  আমাৰ পূৰ্বপুৰুষ মানদেশৰ৷ কিন্তু আমি অসমীয়া৷ আপোনালোকৰ দৰে খাঁটি অসমীয়াসকলেই আমাক অসমীয়া হোৱাৰ গৌৰৱ উপলব্ধি কৰিবলৈ সুবিধা দিছে৷ তেন্তে এতিয়া কি কাৰণে আপুনি সহজ-সৰল ল’ৰা-ছোৱালী দুটাৰ জীৱনক লৈ খেলা খেলিছে? যদি লেছাম ক’ৰ কিবা বেয়া গুণ দেখিছে, সেয়া কওক৷ কিন্তু বেলেগ মানুহ, বেলেগ সমাজ বুলি আজিৰ দিনতো কি কথা আছেনো? শেষবাৰৰ বাবে কৈছোঁ, সঁচা মন এটাৰে আপুনি কথাটো এবাৰ পুনৰ ভাবি চাওকচোন৷”

ৰাজোৰ দীপ্ত দুচকুৰ জেউতিয়ে শিনাৰুৰ মাত বন্ধ কৰিলে৷

তেওঁ শীলভদ্ৰাক ক’লে-

“ইহঁতৰ কাৰণে খোৱা-বোৱাৰ যোগাৰ কৰ৷ আমাইক মাত৷ ইহঁতৰ সৈতে কথা পাতক৷ মোৰ মিটিং এখন আছে৷ মই যাওঁ৷”

শীলভদ্ৰা আচৰিত হ’ল৷ ৰাজোও৷ ইজনীয়ে সিজনীলৈ চালে৷ 

মাকক সিহঁতৰ সৈতে বহুৱাই শীলভদ্ৰা নছ্ৰালৈ আহিল৷ চাহৰ যোগাৰ কৰিবলৈ লওঁতেই ভায়েকে ৰসগোল্লাৰ টোপোলা এটা তাইৰ হাতত তুলি দিলে৷ তাই আচৰিত হৈ তালৈ চাওঁতেই সি ক’লে-

“আদাই গোল্লা আনিবলৈ পইচা দি গৈছিল৷”

কথাষাৰ কৈয়েই সি ওলাই গ’ল৷ চকুপানীখিনি কেনেবাকৈহে সৰি নপৰাকৈ থাকিল তাইৰ৷

চাহখিনি নমাবলৈ লওঁতেই ৰাজো তাইৰ কাষলৈ আহিল৷ এইজনীক কিমান কথা যে সুধিবলৈ আছে তাইৰ! মুখখন অকণমান ফুলাই তাই ৰাজোক সুধিলে-

“ইমান ডাঙৰ কথা এটা মোৰ পৰা কিয় লুকুৱালি?”

ৰাজোৱে আচৰিত হৈ তাইক সুধিলে-

“কি কথা?”

“নজনাৰ ভাও নুজুৰিবি ৰাজো৷”

“সঁচাকৈ ক’চোন, কোনটো কথা তোৰ পৰা মই লুকুৱালোঁ?”

“আদাক যে কেতিয়াবাৰে পৰা ভাল পাৱ তই, কিয় মোক এবাৰো কোৱা নাছিলি?”

“আপোন মানুহে লগোৱা জুই নুমুৱাতো বৰ কষ্টকৰ৷ যিকুৰা জুয়ে তোক বছৰ ধৰি ভিতৰৰ পৰা দহি আছে, সেইকুৰা জুই নুমাবলৈ কোনোবাইতো শীতল পানী ঢলাৰ সাহসকণ কৰিব লাগিব৷”

“তই কি কৈ আছ, মই একোৱেই বুজি পোৱা নাই ৰাজো৷”

“মই সঁচাকৈয়ে তোক বৰ ভাল পাওঁ৷ তই মাত্ৰ এই কথাটো মনত ৰাখিবি৷ তোৰ সুখৰ কাৰণে মই বেলিটোকো জোন বুলি ভাবি ল’ব পাৰোঁ৷”

শীলভদ্ৰা থমকি ৰ’ল৷ তাই চকু দুটা মুদি দিলে৷ দুটোপাল চকুলো দুধাৰি চন্দ্ৰহাৰ হৈ তাইৰ ডিঙিলৈকে বিয়পি পৰিল৷ পৰিৱেশটো সহজ কৰিবলৈকে চাগৈ ৰাজোৱে ৰসগোল্লা এটা ভাঙি তাইক খুৱাই দিলে৷ ৰসগোল্লা খুৱাবলৈ আগ বঢ়াই দিয়া ৰাজোৰ হাতখন তাই দুয়োখন হাতেৰে মুঠি মাৰি ধৰি থাকিল৷ বহুপৰ৷ ৰাজোৰ দুচকুও সেমেকি উঠিল৷ ৰসগোল্লাৰ এটা টুকুৰা তায়ো ৰাজোৰ মুখত ভৰাই দিলে৷

 শীলভদ্ৰা আৰু ৰাজোৰ অভিন্ন মন দুটা নিমিষতে ৰসগোল্লাৰ মিঠাতকৈও বেছি মিঠা-মিঠা হৈ পৰিল৷

  

টোকা :

 

আফো- মান/বাৰ্মানসকলে ককাদেউতাকক আফো বুলি কয়৷

আফে- মান/বাৰ্মান ভাষা অনুসৰি পিতা

ওকচি গুটি- এবিধ টেঙাজাতীয় ফল

মাইকৌ চুমফাই-  মাঘৰ পূৰ্ণিমা তিথিত মান ডেকা-গাভৰুৱে মিলি মেজি সাজে৷ ইয়াক মাইকৌ বোলে৷ পৱিত্ৰ মাঘী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱক মাইকৌ চুমফাই বুলি কোৱা হয়। 

ৰেজাক- মাঘী পূৰ্ণিমা তিথিৰ সন্ধিয়া মাইকৌত/মেজিত জুই দিয়াকে ৰেজাক কৰা বোলে৷

খয়াকু- মাইকৌ চুমফাইত প্ৰসাদ হিচাপে খিচিৰি আগবঢ়োৱা হয়৷ সমূহীয়াকৈ পৰিবেশন কৰা এই খিচিৰিক খয়াকু বোলে৷

ৰংদানী- ৰাভাসকলৰ এটা ভাগ৷

পিঠালি শাক- কেইবাবিধো শাক, পিঠাগুৰি আৰু খাৰ ব্যৱহাৰ কৰি ৰন্ধা ৰাভাসকলৰ এবিধ জনপ্ৰিয় খাদ্য৷

মায় মাচি- মাৰ ভাত

বাখৰ- ৰাভা সমাজত মদ প্ৰস্তুত কৰিবলৈ অতি প্ৰয়োজনীয় এবিধ উপাদান৷ বাখৰৰ অবিহনে মদ প্ৰস্তুত কৰিব নোৱাৰি৷

চিনচিনা- ৰাভা সমাজত প্ৰচলিত কেইবাবিধো মদৰ এবিধ প্ৰকাৰ৷

জোঙা- ৰাভাসকলে মদ তৈয়াৰ কৰা পাত্ৰ৷ দেখিবলৈ কলহৰ নিচিনা৷

আমাং- ৰাভা ভাষা মতে খুড়ীদেউ৷

আৱা- ৰাভাসকলে পিতাকক আৱা বুলি কয়৷

জাঙায় ধাংকায়- ৰাভাসকলৰ নিয়ম অনুসৰি ঘৰ জোঁৱাই হৈ থকা ব্যৱস্থা৷

ফাৰকান্তি- ৰাভাসকলে মৃতকৰ উদ্দেশ্য পালন কৰা এক অনুষ্ঠান৷

মহাকাল- ৰাভাসকলে মহাদেৱক মহাকাল বোলে৷

ক’- মানসকলে ককায়েকক ক’ বুলি কয়

কংমৌদন- মান সমাজত সামাজিকভাৱে প্ৰায়শ্চিত্ত কৰাৰ এক বিধি৷

মেংগলা- মান সমাজত সামাজিকভাৱে পুনৰ মিলিত হোৱাৰ চিন স্বৰূপে ভোজ-ভাত দিয়াৰ এক বিধি৷

কীম কন্তং- ৰাভাসকলে তাঁতশালক কীম কন্তং বোলে৷

ৰৌফান- ৰাভা সম্প্ৰদায়ৰ মহিলাসকলে পৰিধান কৰা ফুলাম মেখেলা৷

কম্বাং- ৰাভা সম্প্ৰদায়ৰ মহিলাসকলে গাত লোৱা চাদৰ সদৃশ এক বস্ত্ৰ৷

নছ্ৰা- ৰাভাসকলে পাকঘৰক নছ্ৰা বুলি কয়৷

আদা- ৰাভা ভাষা অনুসৰি ককাইদেউ৷

চন্দ্ৰহাৰ- মান সমাজৰ মহিলাসকলে ডিঙিত পিন্ধা এবিধ অলংকাৰ বিশেষ৷

 

গ্ৰন্থসূচী : 

গল্পটো প্ৰস্তুত কৰোঁতে ড° ৰুমী নাথৰ “অসমীয়া মান” আৰু  মাপাকছিনি (সমন্বয়) প্ৰকাশক গোষ্ঠীয়ে প্ৰকাশ কৰা “ৰাভা ভাষাৰ দৈনন্দিন ব্যৱহৃত শব্দ সম্ভাৰ” কিতাপ দুখনৰ সহায় লোৱা হৈছে৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ