অংগনা চৌধুৰী
দৈনন্দিন – ১
এলাৰ্মটো বজাৰ লগে
লগে তাই জাপ মাৰি উঠিল৷ খিৰিকী খুলি দেখে বাহিৰত তেতিয়াও ভালদৰে পোহৰহোৱাই নাই৷ চৰাই-চিৰিকতিৰ
খিচিৰ-মিচিৰ মাত আৰু শীতল বতাহ বাহিৰত অথচ সেয়া উপভোগ কৰিবলৈ তাইৰতো আৰু হাতত সময় নাই৷
ভাললগা পুৱাবোৰ কিমান দিন, কিমান বছৰ আগৰে পৰা বিতৃষ্ণাভৰা পুৱালৈ পৰিণত হৈছে এতিয়া
আৰু মনত নাই৷ হয়তো জানক স্কুলত দিয়াৰে পৰা! নে তাতকৈয়ো আগৰে পৰা! আগতে তাই পুৱা সাৰ
পোৱাৰ পাছতো বিচনাৰ উম লৈ অলপপৰ শুই থাকি ভাল পাইছিল, হাতত লাল চাহকাপ লৈ পুৱাৰ কোমল
ৰ’দ মুখত পেলাই কিছুপৰ বাৰাণ্ডাত বহি বাহিৰৰ শান্ত পৰিৱেশটো উপভোগ কৰিছিল৷ বাতৰিকাকতখন
লাহে-ধীৰে পঢ়িছিল৷ মজিয়াত ‘য়োগামেট’খন পাৰি চাৰি-পাঁচটামান আসন কৰিছিল৷ পুৱাবোৰ তেতিয়া
সতেজ আছিল সুন্দৰ আছিল৷
আৰু এতিয়াৰ পুৱাবোৰ?
একো এটা ভাবিবই নোৱাৰি, ইফালে ঘড়ীৰ কাটাডাল দৌৰি দৌৰি আধাবাট পাৰ হৈ যায়৷ খৰখেদাকৈ
তাই প্ৰাতঃকৰ্মখিনি কৰি উঠি জানক হেঁচুকি হেঁচুকি জগায় – ‘জান উঠা উঠা, শুই থাকিলে
দেৰি হৈ যাব, দেৰি হৈ গ’লে স্কুলবাছে এৰি থৈ যাব৷’
এইটো তাই নিতৌ কৈ
থকা বাক্য৷ জানেও সেইকাৰণে বিশেষ সঁহাৰি নিদিয়ে কথাষাৰত৷ সি নিহালি লৈ মেকুৰীৰ দৰে
গাটো মেটুৰা-মেটুৰি কৰি আৰু অলপ শুব খোজে৷ তাই এই ভংগীটো দেখিলে অস্থিৰ হৈ যায়৷ কাৰণ
দুই-এবাৰ এনেকৈ দেৰি হওঁতে শেষত অটো লৈ তাই দহ কিলোমিটাৰ আঁতৰত থকা স্কুললৈ জানক থ’বলৈ
যাব লগা হৈছিল৷ তেওঁলোকৰ গলিৰ মূৰত ছয় বাজি পছপন্ন মিনিটত স্কুলবাছখন আহি পায়৷ সেই
ষ্ট’পেজত উঠিব লগা ল’ৰা-ছোৱালী কেইটিলৈ পাঁচমিনিট বাছখনে অপেক্ষা কৰে আৰু ঠিক সাতবজাত
বাছখন যায়গৈ৷
জানে ব্ৰাছ কৰিবলৈ
বাথৰূমত সোমালে তাই ভাত ৰান্ধিবলৈ পাকঘৰত সোমায়৷ বিশেষ একো নাৰান্ধে ৰাতিপুৱা৷ মাত্ৰ
ভাত, দালি, আলুপিটিকা৷ কিন্তু সেয়া ৰান্ধিবলৈওতো সময় অকণ লাগে৷ আকাশৰ পৰা সাজু হৈ ভাত-দালিবোৰ
কাঁহীত পৰি নাযায়হি নহয়৷ এফালে প্ৰেছাৰ কুকাৰটো বহাই দি আনফালে তাই লালচাহ কাপ বাকি
লয়৷ লগত এখন বিস্কুট৷ সেয়াও বহি খাবলৈ সময় নাপায়৷ কাৰণ টিফিনটো সাজু কৰিবলৈ থাকে৷ এদিন
যদি ছেণ্ডুইচ নিছে তেন্তে পাছদিনা একেটাকে নিনিয়ে, বেলেগ লাগিব৷
তাৰমাজতে দৌৰ মাৰি
গৈ জানক চাই আহেগৈ৷ মুখ-হাত ধোৱা হৈ গ’লেও বাকীখিনি কাম সময়মতে হৈ নুঠেগৈ৷ ভালদৰে শৌচ
হ’বলৈও সময় লাগে৷ ইমান পুৱাই সৰু ল’ৰা এটাই ৰবটৰ দৰে চব কাম পটাপট্ কৰিব নোৱাৰে৷ তাই
বুজি পায়৷ কিন্তু ঘড়ীৰ কাটাডাল যে নৰয়৷ তাইৰ মাজে মাজে কান্দো কান্দো লাগি যায়৷
অৱশেষত যেনিবা প্ৰাতঃকৰ্মখিনি
কৰি চৰায়ে গাত পানী চিটিকাই গা ধোৱাৰ দৰে ধুই জান খোৱাপাতত বহে৷ ভাতৰ গৰাহটো জানৰ মুখৰ
পৰা পেটলৈ নাযায়হে নাযায়৷ তাই ধমক্ মাৰে পিছ মুহূৰ্ততে অনুশোচনাও হয়৷ ইমান পুৱাতে
কাৰনো ভাতবোৰ গিলিবলৈ মন যাব! কিন্তু বেলেগ কিবা খাই গ’লে অলপ পাছতে ভোক লাগে নাইবা
গেছ এচিডিটি এইবোৰ হয়৷ সেয়েহে এই দশা৷ জানে য়ুনিফৰ্ম পিন্ধি গোঁসাই ঘৰৰ আগত হাতযোৰ
কৰে মানে বাছ আহি পাবৰে হয়৷ লৰালৰিকৈ পিন্ধোঁতে জানৰ টাইডাল আৰু আইকাৰ্ডৰ ফিটা জোঁটপোট
খাই ধৰে৷ প্ৰকৃততে দায়িত্বৰ ধামখুমীয়াত জীৱনটোৱেইতো জোঁটপোট খাই পৰিছে ইতিমধ্যে৷ ষ্ট’পেজত
গৈ উপস্থিত হয় মানে বাছখনো আহি পায়৷ জানৰ লগৰ তন্ময়ৰ দেউতাকে তাইলৈ চাই মিচিকিয়া হাঁহি
মাৰে৷ তায়ো লাহেকৈ ভদ্ৰতাসূচক হাঁহি মাৰে৷ হালধীয়া বাছখনত উঠি জানহঁত স্কুললৈ যায়গৈ৷
তায়ো ষ্ট’পেজৰ পৰা ঘৰমুৱা হ’ব খোজে৷ পাছে তন্ময়ৰ দেউতাকে উপযাচি মাত লগায় –
-
‘আপোনাৰ তেখেত নাথাকেই দেখোন?’
-
‘ অ’৷ অফিচৰ টুৰ থাকে যে৷ মাহটোৰ বেছিকেইদিন ঘূৰিয়ে ফুৰিব লাগে৷’
-
‘ তাকেই কোম্পানিবোৰত টাৰ্গেট কমপ্লিট কৰাৰ কথা থাকে নহয়৷’
তাই উত্তৰ নিদি পুনৰ
ঘৰমুৱা হ’ব খোজে৷
-
‘ এঃ যায়েই নেকি? আহক অলপ মৰ্ণিংৱাক কৰো৷ স্বাস্থ্যৰ বাবে ভাল৷
শকত হৈছে কিন্তু আপুনি আগতকৈ৷’
-
‘ নাই নাই, ঘৰত ঢেৰ কাম পৰি আছে৷ মই যাওঁ৷’
-
‘কি কামনো? ল’ৰা দিনটোলৈ স্কুললৈ গ’ল যেতিয়া ঘৰত এতিয়া আগবেলাটো
শুবহে চাগে ন? হেঃ হেঃ হেঃ ...’
ঘৰত যে কিমান কাম
ৰি থাকে সেইকথা তাই তেওঁক আগেয়ে দুই-তিনিবাৰমান বুজাই কৈছে৷ সেয়ে আজিকালি তাই পুনৰবাৰ
বুজাই সময় খৰচ নকৰে৷ সময় তাইৰ বাবে অমূল্য৷ নিৰ্লিপ্তভাৱে তাই খৰখোজেৰে ঘৰমুৱা হয়৷
হতাশভাৱেৰে তন্ময়ৰ দেউতাকে তাই যোৱাৰ ফালে চাই ৰয়৷ ৰাতিপুৱাবোৰ যে আগৰদৰে আৰামদায়ক
আৰু মধুৰ নহয়, সেইকথা তাই গ্ৰহণ কৰি লৈছে৷ জীৱনটো যে তিতা-মিঠাৰ সংমিশ্ৰণ সেই কথাও
নিজকে নিজে বুজাই থাকে৷
প্ৰতিপুৱাই, প্ৰতিদিনে৷
দৈনন্দিন -২
কলিংবেলৰ শব্দ শুনি
খৰখেদাকৈ দুৱাৰ খুলিবলৈ যাবলৈ খুজিও ৰৈ যায় তাই৷ আজিকালি গাটো কিবা বেয়া বেয়া লাগি
থাকে৷ বুকুখন যেন গধুৰ গধুৰ৷ মানুহজন অফিচৰ টুৰত অ’ৰ পৰা ত’লৈ টাকুৰী ঘূৰাদি ঘূৰি ফুৰে৷
জানো দিনটো স্কুলত থাকে৷ কোনো নথকা পৰত গা-চা বেয়া লাগি ঘৰতে অজ্ঞান হৈ পৰি থাকিবলগীয়া
হয় বুলি ভয় লাগে তাইৰ৷ দুৱাৰ খুলি দেখে তাইক সহায় কৰিবলৈ অহা তিৰোতাগৰাকী, জানকী বাইদেউ৷
সোমায়েই বাইদেৱে ফেনখন চলাই ঠিক তাৰ তলতে মূঢ়াটো পাৰি বহি লয়৷ তাৰ পাছত হাঁহি এটা মাৰি
কয় – ‘বাইদেউ, ফিৰিজৰ পানী অকণ খুৱাওক৷’ বয়সৰফালে চাই তাই জানকীক বাইদেউ বুলি মাতে৷
জানকীয়েও আকৌ তাইক ওলোটাই বাইদেউ বুলি মাতে৷ মুঠতে দুয়ো দুয়োৰে বাইদেউ৷ পানীগিলাচ হাতত
দি তাই সুধিলে – ‘আজি ইমান দেৰি হ’ল যে আহোঁতে জানকী বাইদেউ?’
-
‘এঃ নক’ব আৰু৷ নাতিনীজনীৰ এই দুদিন ধৰি পেটৰ অসুখ, বমি৷ ভালকে
একো এটা খোৱা নাই৷ মোৰ ছোৱালীজনীও নাতিনীজনীৰ লগত লাগি লাগি লেবেজান হৈছে৷ সেই কাৰণে
কালি আপোনাৰ তাৰপৰা গৈ ছোৱালীজনীৰ ঘৰত যি সোমালোঁ সোমালোৱেই আজিহে ওলাই আহিছোঁ৷’
-
নাতিনীয়ে বৰ লগ লয় ন আপোনাৰ?’
-
‘মোৰ লগ নেৰেই তাই৷ মই সাধু কওঁ নহয় ঢেৰ৷ বুকুত সুমুৱাই শুৱাওঁ
গান গাবলৈ শিকাওঁ৷ বৰ ভাল পায়৷ মই ৰান্ধি দিয়া বস্তু টপালি টপালি খায়৷ মাজে মাজে জেদ
ধৰে৷ মইহে বোলে তাইক গা ধুৱাই দিব লাগিব, চোলা পিন্ধাই দিব লাগিব৷ মূৰ আঁচুৰি দিব লাগিব৷
কথাখিনি কওঁতে জানকী বাইদেউৰ চকু-মুখ উজলি
উঠে৷ তাকে দেখি তাই কিছু আৱেগিক হৈ পৰে৷ জানকী বাইদেউৰ নাতিনীয়েকৰ দৰে ভাগ্য তাইৰ ল’ৰা
জানৰ কপালত নাই৷ তাইৰ নিজৰ মাক-দেউতাক কেতিয়াবাই
ঢুকাইছে৷ একমাত্ৰ ককায়েকেও বৰকৈ খা-খবৰ নলয়৷ শাহু-শহুৰ থাকে আন চহৰত৷ তেওঁলোক সমাজৰ
নামজ্বলা মানুহ৷ মেল-মিটিঙত উস্থিত থাকোঁতে থাকোঁতে নাতিটোৰ সৈতে দিন কটাবলৈ আহিবলৈ
সময় নাপায়৷ কথাবোৰ ভাবি থাকোঁতে পুনৰ তাইৰ বুকুখন গধূৰ গধূৰ লাগে৷ বিষ এটা উজাই অহা
যেন অনুভৱ হয়৷ অথচ যোৱা কেইমাহত ডাক্তৰক দেখুৱা, নানাৰকমৰ টেষ্ট কৰোৱাৰ নামত কত যে
টকা খৰচ কৰা হৈছে তাৰ হিচাপ নাই৷ ৰিপোৰ্ট প্ৰায় গোটেইবোৰেই নৰ্মেল৷ সামান্য ইফাল-সিফালবোৰ
খোৱা-বোৱাৰ ৰুটিন আৰু শাৰিৰীক ব্যায়াম আদিৰ দ্বাৰা ঠিক হ’ব বুলি কৈছে৷ কিন্তু কিয় বা
নৈৰ পাৰৰ প্ৰকাণ্ড শিল এচটা কলিজাৰ ওপৰত থৈ দিয়াৰ দৰে লাগে!
ৰাতি মানুহজনে য’তে থাকে ত’ৰে পৰা ফোন এটা
কৰে৷ দিনটোৰ খবৰ লয় জানে কি কৰিছে সোধে৷ কোম্পানিৰ অফিচৰ লেতেৰা ৰাজনীতিবোৰৰ কথা কয়৷
সহকৰ্মীয়ে বুদ্ধিৰে লেং মাৰি আগুৱাই যোৱাৰ বতৰা দিয়ে৷ টাৰ্গেট পূৰা কৰিব নোৱাৰিলে চাকৰিৰ
পৰা আঁতৰাই দিয়াৰ মানসিক চাপৰ কথা কয়৷ তাই শুনি যায় কথাবোৰ আৰু তাইৰবোৰ তেওঁ৷ এনেদৰে
আগবাঢ়ে ম’বাইলেৰে জোৰা লগাই চলাই নিয়া সংসাৰ৷ ফোনটো থৈ দিয়াৰ পাছত দুগুণ নিজম হয় নিশাবোৰ৷
দুগুণ হয় নৈৰ অৰৰ শিলচটাৰ ওজনো৷
জানকী বাইদেৱে ঘুটুং-ঘাটাংকৈ
শব্দ কৰি বাচনবোৰ ধোৱে আৰু তাই কাগজত তালিকা বনায় ঘৰত শেষ হোৱা বস্তুৰ৷ তালিকাখন অন্তহীন
হৈ গৈ থাকে৷ জানৰ স্কুলৰ এক্টিভিটিৰ বাবে দৰকাৰ হোৱা ৰঙবিৰঙৰ কাগজ, ৰিবন, আঠা, ষ্টিকাৰৰ
পৰা আৰম্ভ কৰি পাকঘৰৰ তেল, আটা বিস্কুট, বাটাৰলৈকে অজস্ৰ বস্তু৷ জানৰ দেউতাক সপ্তাহৰ
শেষত এদিন বা দুদিনৰ বাবে আহে৷ কোনফালেনো কৰি অঁটাব সেই তাকৰীয়া সময়ত৷
জানকী বাইদেৱে বতাহী
বেগত কাম কৰে৷ আধাঘণ্টাত ঘৰ সাৰি-মচি বচন ধুই যাবলৈ সাজু হয়েই৷
-
‘চাহ খাই যোৱা জানকী বাইদেউ৷’
-
‘নালাগে দিয়ক আজি তামোল চোবাই আছোঁ৷’
‘ঠিক আছে’ বুলি শলাগি
তাই বাতৰিকাকতৰ হেডলাইনবোৰত লৰালৰিকৈ চকু ফুৰায়৷ যাবলৈ লৈ জানকী বাইদেউ পুনৰ তাইৰ কাষলৈ
আহে৷
-
‘ অ’ বাইদেউ, আপোনাৰ যে মাজে মাজে গা বেয়া লাগে কাৰণে ডাক্তৰক
দেখুৱাইছিল, কি ক’লে?’
-
‘ একো হোৱা নাই বুলি কৈছে৷’
-
‘ বাইদেউ, কোৱা উচিত হয় নে নহয় নাজানো৷ কিন্তু নিজৰ বুলি ভাবি
কৈছোঁ৷ আপুনি কেতিয়াবা ঘৰত অকলে থকা সময়ত ডাঙৰ ডাঙৰকৈ কান্দি চাবচোন৷ একেবাৰে বুকুখন
পাতল হৈ যাব৷ সঁচাই কৈছোঁ ...৷’
তাই অবাক হৈ চাই
ৰয়৷ চুচুক-চামাককৈ জানকী বাইদেউ সেইখিনিৰ পৰা আঁতৰি যায়৷ তাই তেতিয়াও থৰ হৈ ৰয়৷