অন্যযুগ/


অস্তবেলিৰ অনুৰাগ

 অংকুৰণ আৰ্ফ

 

 (ক)

       সান্ধ্য সময়৷ এটা ছায়ামূৰ্তি৷ গছৰ মূঢ়াৰ দৰে বৈধ৷ মুনিচুনি এই পৰত সেই পুৰণি পৰিত্যক্ত কোঠাটোতে আৱদ্ধ৷ বন্দী বিহংগৰ দৰে ধৰ্‌ফৰাই আছে৷ খিৰিকীৰে আকাশলৈ ছেগাচোৰোকাকৈ চায়৷ ধূসৰ আকাশত আন্ধাৰ৷ আন্ধাৰৰ সৈতে ছায়ামূৰ্তিৰ চলে আলাপ৷ দূৰণিৰ জোনাকে হাঁহে৷ এয়া হেনো ছায়ামূৰ্তিৰ প্ৰলাপ৷

(খ)

       এটা সময় আছিল৷ তেওঁ ৰ’দৰ কামিজ পিন্ধিছিল৷ এখন সম্ভ্ৰান্ত সুখী সংসাৰ৷ ধনে-ধানে, মানে-যশে উভৈনদী হৈ আছিল৷ মহাজন দেউতা৷ তেওঁৰ জনপ্ৰিয় নাম সেই সময়ৰ৷ হাত-ভৰি পেটতে লুকাইছিল ভয়তে মানুহৰ৷ এই নামটো শুনিলেই৷ বিখ্যাত বুলিও বেছ বিখ্যাত৷ হাতীত উঠি চিকাৰলৈ যায়৷ হাতীও আছিল তেওঁৰ দুটা৷ এটা মাইকী আনটো মতা৷ চ’ৰাঘৰৰ বেৰত এতিয়াও ওলমি আছে কাঠৰ কুন্দা লগোৱা সেই বন্দুকটো যিটোৰে তেওঁ পহু চিকাৰ কৰিছিল৷ মজবুত হৰিণৰ শিংকেইটাই আজিও তেওঁৰ যৌৱন শক্তিৰ কথা ঘোষণা কৰে মুক্তকণ্ঠে৷

(গ)

       মূল পথৰ কাষতেই ঘৰটো৷ বিয়াগোম৷ চৌহদটোও বিশাল৷ ফুলৰ বাগিচা, চাহ বাগান, তামোল-পাণ, আম-কল-কঁঠালকে ধৰি অন্যান্য ফল-মূলে ভৰপূৰ হৈ আছে সম্পূৰ্ণ এলেকাটো৷ সন্মুখৰ বিশাল পথাৰখনৰ বিছ বিঘা মাটি তেওঁৰ৷ মানুহ লগাই খেতি কৰায়৷ বৃহৎ আকাৰৰ বৰপুখুৰীটো৷ য’ত মাছে খিলখিলাই থাকে৷ মহাজন দেউতা বুলিলে মানুহৰ চকুলৈ এই ছবিবোৰেই সাধাৰণতে আহে৷ এইবোৰ তেওঁৰ পৰিশ্ৰমৰ ফল৷ লগতে গুটিধানৰ ভঁৰাল তিনিটা আৰু হাতী দুটা আছেই৷

       সন্তানৰ নামত এটাই আছে তেওঁৰ৷ ল’ৰা সন্তান, নাম জোন৷ তেওঁৰ বৰ মৰম কৰে তাক৷ বেছ চকুত লগা৷ নহ’ব কিয়, মহাজনৰ বংশৰ তেজ৷ মাক-দেউতাকৰ আলাসৰ লাড়ু সি৷ তাৰ যে ভাগ্য, এই সকলো সি অকলেই ভোগ কৰিবলৈ পাইছে৷ তাৰ জনমেই ধন্য৷ জীৱনত তাৰ উন্নতি আছেই৷ পৈতৃক উত্তৰাধিকাৰীৰূপেই ইমান৷ সময় আগবাঢি.ল৷ একলা-দুকলাকৈ তেওঁৰ পূৰ্ণিমামুখী সপোন দিঠকলৈ আগ বাঢি.ল৷ এমাডিমা জোন ডাঙৰ হ’ল ক্ৰমান্বয়ে৷ শিশু, তাৰ পাছত কৈশোৰ এনেদৰে যৌৱনত ভৰি দিলে জোনে৷ তেওঁৰ বুকুৰ কুটুম্ব জোনে৷

       উচ্চ শিক্ষাৰে শিক্ষিত জোন এতিয়া এগৰাকী চিকিৎসক৷ বাহিৰত বহুত নাম তাৰ৷ ৰাগিণী জোনৰ ধৰ্মপত্নী৷ এগৰাকী নিপুণ চিকিৎসক৷ ৰূপ জোন আৰু ৰাগিণীৰ একমাত্ৰ পুত্ৰ সন্তান৷ এয়ে চিকিৎসক পৰিয়াল৷ থাকে সুদূৰ মুম্বাইত৷ ব্যস্ততাৰ অন্ত নাই৷ এই অজুহাততেই বহু বছৰ ধৰি গাঁৱৰ ঘৰলৈ অহা নাই৷

       বছৰেকীয়া সত্যনাৰায়ণ পূজা এইবাৰ পূবৰ্তকৈ ডাঙৰকৈ পতাৰ কথা তেওঁ চিন্তা কৰিছে৷ ফোনেৰে জোনহঁতক খবৰটো দিছে৷ তেওঁ বৰ আশাৰে বাট চাই ৰৈছে৷ স্নেহৰ পুত্ৰবধু আৰু কণমানি নাতিটোলৈ৷

       এতিয়া নাতিটো বৰ মৰমলগা হ’ব পায়৷ কোলাতেই দেখা, ডাঙৰ হৈ কাৰ নিচিনা হৈছে জানো৷ নিশ্চয় জোনৰ নিচিনাই৷

(ঘ)

       দেউতাকৰ মুখত সত্যনাৰায়ণ পূজাৰ খবৰটো ফোনত শুনা পাই জোনৰ মনত ৰঙে নধৰা হ’ল৷ কাৰণ, বহু বছৰৰ মূৰত নিজৰ ওপজা ঘৰখনলৈ যাবলৈ সুবিধা এটা আহিছে৷ নহ’লে পত্নী ৰাগিণীৰ আগত ঘৰলৈ যোৱাৰ কথা উলিয়াবই নোৱাৰি৷ খেচখেচাই উঠে৷ জাঙুৰ খাই উঠিলেও ৰাগিণীক কথাষাৰ ক’ব, জোনে মনতে ঠিৰাং কৰিলে৷

       : হেৰা, দেউতাই ফোন কৰিছিল৷ ঘৰত সত্যনাৰায়ণ পূজা পাতিছে৷ আমি যাব লাগে আৰু এনেয়েও বহুবছৰে হ’ল মা-দেউতাৰ ওচৰলৈ নোযোৱা৷ এইবাৰ যাব লাগিব বুজিছা৷

       : তুমি সময় নাই অসময় নাই যিহকে মন যায় তাকে কোৱাঁ কিয়? ইমান ব্যস্ত আমি৷ সৰু ল’ৰাৰ দৰে পূজা হ’ল বুলিয়ে কি ঘৰলৈ যাওঁ যাওঁ কৰি থাকাঁ৷

       : নহয় অ’...

       : বাদ দিয়াঁ৷ নালাগে যাব৷ তোমাৰ মৰমৰ মা-দেউতাৰাই আমাৰ কিমান খবৰ লয় হা?

       : তেওঁলোক মোৰ জন্মদাতা৷

       : মই তোমাৰ মৃত্যুদাতা?

       : তুমি ভুল বুজিছা কিয়? মই সেই অৰ্থত কোৱা নাই নহয়৷

       : কি অৰ্থতনো কৈছা?

       : অৰ্থাৎ মই ইয়াকে ক’ব খুজিছোঁ যে...

       : হ’ব মোক বুজাব নালাগে৷ মই বুজি পাওঁ৷

       : তেন্তে যাওঁ ব’লা৷

       : মই কৈছোঁ নহয়, নালাগে বুলি৷

       : কিয়?

       : মা-দেউতা বুঢ়া হৈছে৷ মৃত্যু হ’ব দুদিনমানৰ পাছত৷ তাৰ পাছত সেই আটাইবোৰ আমাৰ সম্পত্তি হ’ব৷ তেতিয়া আমি যাম৷ এতিয়া বুজিলা৷ প্ৰতিটো খোজতে আজিৰ যুগত স্বাৰ্থ থকা ভাল৷

        : মোৰ মা-দেউতাৰ কথাও তুমি তেনেদৰে ক’ব পাৰিলা?

      : কিনো ভুল ক’লোঁ৷ বুঢ়া হ’লে মানুহ মৰিবই৷ একো অস্বাভাৱিক নহয়৷ যুগৰ লগত খোজ মিলাই চলিবলৈ শিকাঁ৷

       : কিন্তু....

       : একো কিন্তু নাই৷ বাৰু এতিয়া সেইবোৰ বাদ দিয়াঁ৷ পুৱাতে এই কথাবোৰে পৰিৱেশটোৱেই অসুস্থ কৰি পেলালে৷ ৰূপৰ স্কুলৰ সময় হ’ল৷ আমাৰো কামলৈ যাবৰ হ’ল৷ তুমি গা ধোৱাঁগৈ যোৱাঁ৷ ব্ৰেকফাষ্ট মই ৰেডী কৰোঁ৷ ৰাগিণীয়ে জোনৰ গাত ধৰি ঠেলি দিলে৷

       : অঁ যাওঁ যাওঁ৷ কিন্তু কথাটো ৰাখিবা দেই৷

       চিন্তামগ্নভাৱে হাতত টাৱেলখন লৈ জোন অগ্ৰসৰ হ’ল বাথৰূমৰ ফালে৷

       কুচক্ৰান্তৰ কুন্ধচ হাঁহি এটা ৰাগিণীৰ ওঁঠত ফুলি উঠিল৷ তাই সেই হাঁহি ভাল পাইছিল৷ কিন্তু মানৱতাৰ ধ্বজাবাহী এগৰাকী চিকিৎসকৰ চৰিত্ৰত সেই হাঁহিয়ে শোভা পোৱা নাছিল৷ শুৱনি নালাগিছিল বোৱাৰী এগৰাকীৰ মুখত, শিৰৰ সেন্দূৰৰ তেজত৷

(ঙ)

       ‘নামঘৰত দবা কোবাইছে৷ এই সাঁজলগা সময়ত কোঠাটোত কি কৰি আছে৷ এইফালে আহক৷ চাহবাটি খাই লওকহি৷’

       ছায়ামূৰ্তিৰ কাণলৈ এটা ক্ষীণ কণ্ঠস্বৰ ভাহি আহিল৷ নাৰীৰ কণ্ঠ ৷ ছায়ামূৰ্তিয়ে খিৰিকীৰ পৰা ধূসৰিত দৃষ্টি দুৱাৰৰ পিনে নমাই আনিলে৷ দুৱাৰেদি অন্য এটা ছায়ামূৰ্তিৰ প্ৰৱেশ৷ থৰক্‌বৰক্ শৰীৰ৷ হাতত এবাটি চাহ৷ ছায়ামূৰ্তিটোৱে মৌন হৈ নাৰীৰ ছায়ামূৰ্তিটোৰ পিনে চাই আছে৷ নাৰীমূৰ্তিটোৱেও ৰ লাগি চাই আছে৷ বহু সময় মৌনতা বিৰাজ কৰিছে কোঠাটোত৷ ইতিমধ্যে হাতৰ চাহ চেঁচা হৈ পৰিছে৷ উন্মুক্ত খিৰিকীৰে এছাটি বতাহ সোমাই আহিল৷ নুমাই পৰিল ইটো কোঠাত ঢিমিকি জ্বলি থকা চাকিৰ শিখা৷ বতাহৰ পৰশত দুয়ো ছায়ামূৰ্তিৰ জড়তা ভাগিল৷ ইতিমধ্যে বাহিৰে-ভিতৰে আন্ধাৰৰ বিশাল বাহুবোৰে বিচৰণ কৰি ফুৰিছে৷ ভগ্ন নিৰাশামিশ্ৰিত এক বলিষ্ঠ পুৰুষ কণ্ঠ বাজি উঠিল অকস্মাৎ, ইমান সময়ৰ নীৰৱতা ভংগ কৰি৷

       : বুজিছ জোনৰ মাক, সি আৰু নাহে৷

       : কিয় নাহিব৷ আহিব? জোন মোৰ ল’ৰা৷ নাৰী কণ্ঠই ধীৰে ধীৰে ক’লে৷

       : নাহে অ’ সি নাহে৷ অহা হ’লে ফোনতে আহিম বুলি ক’লেহেঁতেন৷ ইমান বছৰ হ’ল৷ সি পাহৰিলে আমাক । পুৰুষ কণ্ঠ আৱেগিক হৈ পৰিল৷

       : আপুনি তাক ভুল বুজিছে৷ সি আমাৰ তেজৰ ল’ৰা৷ কিদৰে আমাক পাহৰিব?

     : মোৰ এই চাৰিকুৰি বছৰৰ অভিজ্ঞতাৰ পৰা কৈছোঁ সি আমাক পাহৰিলে৷ বোৱাৰীৰ পাকচক্ৰত পৰি সি আমাৰ মৰমকো নেওচা দিব পৰা হ’ল৷ এই সুবিশাল সম্পত্তি আজীৱন ইমান কষ্ট কৰি কৰি কাৰ বাবে ঘটিছিলোঁ? মৃত্যুৰ সময়ত মুখত এটোপাল পানী দিবলৈ আজি আমাৰ কাষত কোনো নাই৷ পুৰুষকণ্ঠই পূবৰ্তকৈ অধিক আৱেগিক হৈ কৰুণ সুৰেৰে ক’লে৷

       : আপুনি ধৈৰ্য ধৰকচোন৷ আজি আপুনি ইমান ভাগি পৰিলে কিদৰে হ’ব, চাব জোন আহিব৷ এক প্ৰকাৰ অস্থিৰ হৈ নাৰীকণ্ঠই ক’লে।

       : নাই, মই আজি বৰ অকলশৰীয়া৷ মোৰ বল-বিক্ৰম, বংশৰ গৌৰৱ, ধন-সম্পত্তি সকলো মোৰ চিতাৰ জুইৰ লগতে ছাৰখাৰ হৈ যাব৷ অঁ ছাৰখাৰ হৈ যাব৷ ছাৰখাৰ...৷

       জোনৰ দেউতাক, আপোনাৰ কি হৈছে হয়নে? অলপতে বিচলিত নহ’বচোন৷

     হঠাৎ বৈদ্যুতিক পোহৰত উজ্জ্বল হৈ পৰিল আন্ধাৰে আৱৰা ঘৰটো৷ অথনিৰে পৰা ছায়ামূৰ্তি হৈ থকা মহাজন পদ্মধৰ বৰা আৰু তেওঁৰ ধৰ্মপত্নী ৰত্না বৰা সম্পূৰ্ণ হৈ পৰিল৷ দুয়োৱে পৰস্পৰে পৰস্পৰৰ চকুলৈ চালে৷ দুয়োৰে চকুত চকুলো৷ শূন্যতাৰ ৰং৷ বেলিমাৰৰ ধূসৰ ৰং৷ তেওঁলোকৰ এই জঠৰতা ভাগিবলৈ বেছি সময় নালাগিল অকস্মাৎ ফোনটো বাজি উঠাত৷ তন্ময়তা ভাঙি ৰত্নাই ফোনটো ৰিচিভ কৰিলে৷

       : হেল’

       : হেল’ মা৷ মই জোন৷

       : অ’ জোন৷

       : জোনৰ নামটো শুনাৰ লগে লগে পদ্মধৰ চমকি উঠিল৷ আৰু লৰালৰিকৈ আগবাঢ়ি গৈ ৰত্নাৰ পৰা ফোনটো কাঢি. ল’লে৷ আৰু ক’লে -

       : জোন, তই আহিবিনে৷ মই আৰু তোৰ মাৰে বৰ আশাৰে বাট চাই আছোঁ অ’ বোপাই৷

       : দেউতা তুমি চিন্তা নকৰিবা৷ মই কাইলৈ গৈ আছোঁ৷ লগত ৰাগিণী আৰু ৰূপো যাব৷

       : সঁচায়ে কৈছনে জোন৷

     : অ’ সঁচাকে কৈছো৷ যাম৷ বৰ ব্যস্ত নহয় জানো আমি৷ সময়েই নাই৷ তথাপি যাম৷ দেউতা... দেউতা...

       : অঁ ক শুনি আছোঁ৷

       : দেউতা ঘৰৰ মাটি-বাৰীবোৰৰ হিচাপো কৰিবলগা আছে নহয়৷ লগতে কৰি আহিম বুলিয়ে ওলাইছোঁ৷ পদ্মধৰে লগে লগে ফোনটোৰ সংযোগ বিচ্ছিন্ন কৰি দিলে৷ অকণমান পোহৰ অহা মুখখনলৈ পুনৰ আন্ধাৰে আৱৰি পেলালে৷ কৌতূহলপূৰ্ণ দৃষ্টিৰে ৰত্নাই চাই ৰ’ল৷

 ***

ভ্ৰাম্যভাষ : ৮৬৩৮০৭৪২৭৮

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ