ববিতা কলিতা
বৰ্ণৰ জ্যামিতিক ভাঁজবোৰৰ পৰা সৰীসৃপ এটাৰ দৰেই গা পিছলাই ওলাই আহে এলিজাবেথ৷ শব্দৰ শতৰঙী ব্যঞ্জনাক উটুৱাই দিয়ে তাই নৈঃশব্দৰ নদীত৷ বিশ্বব্যাপ্ত সাত সহস্ৰাধিক ভাষা আৰু সেইসমূহৰ ঠাল-ঠেঙুলিয়ে সৃষ্টি কৰা বিভাজনৰ জালিকাখনৰ পৰা আজি-কালি সুৰুঙা পালেই ওলাই আহিব বিচাৰে ভাষাবিজ্ঞানী এলিজাবেথ উইলিয়ামচে৷ ভাষা বিষয়ক গৱেষণামূলক পুথিখন সম্পূৰ্ণ হ’বলৈ আৰু মাত্ৰ কেইটামান পৃষ্ঠা বাকী থকাৰ সময়তেই বাস্তৱৰ এটি মাত্ৰ খুন্দাত স্তব্ধ হৈ পৰে এলিজাবেথ৷ গৌতম বুদ্ধৰ দৰে ভ্ৰমৰ প্ৰাসাদ এৰি যেন নিশাৰ এন্ধাৰত ওলাই যাব তাই অন্য এক সত্যৰ সন্ধানত৷
পাব জানো বিচাৰি তাই বোধিদ্ৰুম বোলা জ্ঞানবৃক্ষজোপা? যি গছৰ ছাঁত বহি বুজাব পাৰিব তাই বিশ্বমানৱক, আমি কোনখিনিত ভুল৷ ভুলবোৰ যে আপেক্ষিক; যুক্তিৰ জৰীৰে বন্ধা এক অদৃশ্য দলিল৷ জৰীৰ টান যিফালে বেছি হয়, সেইপিনেই আগুৱাই যায় যুক্তিৰ বৰ্ম পিন্ধা শব্দবোৰ৷ কিদৰে বুজাব তাই আনক, শব্দহীনতাৰ অৰ্থ ভাৱহীনতা নহয়৷ যি কথা তাইক নৈঃশব্দই বুজালে, সেই কথা তাই কিদৰে বুজায় বাৰু পৃথিৱীক!
টোকাবহীখন লৈ নৈৰ পাৰত বহি থাকোঁতেই দেখিছিল তাই তেজগোড়া বিষণ্ণ মুখ এখন৷ নৈৰ পানীখিনিৰ দৰেই তাৰ ঘেলেটিয়া চকুহালৰ দৃষ্টি তেতিয়া শূন্যত নিবদ্ধ হৈ আছিল৷ সেই দৃষ্টিৰ নীৰৱ হাহাকাৰবোৰে বুকু চুইছিল সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এগৰাকী অচিনাকি যুৱতী এলিজাবেথৰ৷
গৱেষণাৰ স্বাৰ্থতেই তাই ভ্ৰমি ফুৰিছিল পৃথিৱীৰ ইমূৰ-সিমূৰ৷ ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলটো যে ভাষিক, সাংস্কৃতিক, নৃগোষ্ঠীয় বৈচিত্ৰ্যৰ ৰম্যভূমি! এলিজাবেথে তাইৰ কৌতূহলী ডেউকাহাল মেলি ধপলিয়াই আহিছিল উপমহাদেশখনৰ ঈশান কোণলৈ৷ সেউজীয়াৰ বুকুত সোণালী পখিলা এটি হৈ তাই উৰি ফুৰিছিল শব্দৰ সন্ধানত৷ মানুহৰ সন্ধানত৷ তাই যেনিয়েই উৰিছিল, তেনিয়েই পাইছিল একোটাহঁত নতুন কাহিনী৷ নতুন ভাষা৷ নতুন ব্যাকৰণ৷ নতুন সমীকৰণ৷ কিন্তু সকলো সমীকৰণক নকৈ চাবলৈ শিকালে তাইক বিষণ্ণ মুখখনে৷
এলিজাবেথৰ কেমেৰাৰ লেন্সত ধৰা পৰিছিল নৈৰ শূন্য পাৰটোত বহি থকা যুৱকজন৷ তাই ওচৰ চাপি আহিছিল আৰু নিজৰ স্বভাৱসুলভ উচ্ছাসেৰে তালৈ হাত এখন বঢ়াই দিছিল৷ সি একো মতা নাছিল৷ কেৱল প্ৰসাৰিত হাতখনলৈ একেথিৰে চাই ৰৈছিল বহুপৰ৷ যেন সি তাইৰ হাতখন পঢ়িবৰ চেষ্টা কৰিছিল৷
এলিজাবেথৰ অলপ অস্বস্তি লাগি আহিছিল৷ কোঁচাই আনিছিল তাইৰ উদ্যত হাতখন৷ সিও নৈৰ পাৰৰ পৰা গুজুং গুজুংকৈ উঠি আহি কেঁচা বাটটোৰ কেঁকুৰি এটাত হেৰাই গৈছিল৷ এলিজাবেথে চাই ৰৈছিল সি যোৱালৈ৷ কৌতূহলে অস্থিৰ কৰি তুলিছিল তাইক৷
পিছে তাই বেছিদিন ৰ’বলগীয়া নহ’ল৷ নৈৰ পাৰলৈ আহিলেই তাই তাক দেখিবলৈ ল’লে৷ একেডোখৰ ঠাইত একেই দৃষ্টিৰে চাই ৰয় সি সদায়৷ যেন আহিম বুলি কৈ কোনোবাই এতিয়াও অহা নাই৷
‘কি নাম তোমাৰ? ’
এলিজাবেথে কম দিনতে শিকি পেলাইছে এই মাটিৰ ভাষা৷ এনেয়েও পৃথিৱীৰ যিকোনো ভাষা বুজি পাবলৈ তাইৰ বেছি দিন নালাগে৷
ডেকাজনে তাইক একো উত্তৰ দিয়া নাছিল৷ ওলোটাই সি এলিজাবেথক পিঠি দি নৈখনৰ সৈতে নীৰৱে কিবা কথা পাতিছিল৷ তাই কাষতে বহি বাট চাইছিল এটি প্ৰতিক্ৰিয়াৰ বাবে৷ নিউটনৰ তৃতীয় সূত্ৰৰ ভুলতো হ’ব নালাগে!
নৈপৰীয়া ফিৰফিৰীয়া বতাহজাকে তেতিয়া এলিজাবেথৰ সোণালী চুলিখিনি উৰুৱাই আছিল৷ হাফ্পেণ্ট আৰু শ্লিভলেচ টপ এটাই ঢাকি ৰখা অংশখিনিৰ বাহিৰে বাকী অংশ অনাবৃত হৈ থকা এলিজাবেথক ৰৌদ্ৰস্নাতা মেঘৰ শুভ্ৰ টুকুৰা এটাৰ দৰেই লাগিছিল৷ সাধাৰণতে বগা ছালৰ মানুহ দেখিলে এই দেশৰ মানুহে এবাৰ হ’লেও ঘূৰি চায়৷ নিজৰ লগতে আপোনজনকো উৎসাহেৰে আঙুলিয়াই দেখুৱায়৷ দুই এক অত্যুৎসাহীয়ে আকৌ আগধৰি মাতিবলৈও আহে৷ ভঙা ভঙা ইংৰাজীৰে দুই এটা কথাও পাতে৷ এলিজাবেথেও তেওঁলোকৰ সৰল আগ্ৰহখিনিক সন্মান জনাব জানে৷ মনৰ পৰা মনলৈ নিকপকপীয়াকৈ সাঁকো এখন বান্ধিব জানে৷ কিন্তু বৰ আঁচৰিতভাৱে নৈপৰীয়া মংগোলীয় চেহেৰাৰ যুৱকজনে উপেক্ষা কৰিব পাৰিছে তাইক৷ এই যেন তাৰ এইখন পৃথিৱীৰ কোনো বস্তুৰ প্ৰতিয়েই আগ্ৰহ নাই৷ তাৰ আগ্ৰহ নাই বিদেশিনীৰ সোণালী চুলিখিনিৰ প্ৰতিও৷
যুৱকজনৰ নিৰ্লিপ্ততাই এলিজাবেথক বেছিহে তাৰ প্ৰতি আকৰ্ষিত কৰি তোলে৷ এলিজাবেথে নিজেই এদিন তাৰ পিছ ল’লে৷ বাটৰ মূৰৰ কেঁকুৰিটো পাৰ কৰি কেইখোজমান আগুৱাই গৈ চালে৷ হয়তোবা এইখিনিতেই আছে তাৰ ঘৰ এখন! তাত তাৰ বাহিৰে আছে হয়তো অন্য কোনোবা মানুহ৷ তাই সেই মানুহখিনিৰ পৰা নিশ্চয় জানিব পাৰিব তেজৰঙী যুৱকজনৰ মনৰ খবৰ!
নাই৷ কোনো নাই৷ একাকী ঘৰ এটা৷ চোতালৰ এচুকত এজোপা সিজু গছ৷ গছজোপাৰ তলত পৰিত্যক্ত বাথৌশালীখন৷ সৰু সৰু জুপুৰী তিনিটাৰ মাজত এখন ধপধপীয়া বহল চোতাল৷ চোতালৰ এচুকত থকা জুহালত গাহৰিৰ দানা সিজোৱা অপৰিচ্ছন্ন কেৰাহী এখন৷ আঁৰ বেৰ নোহোৱা ঘৰটোৰ কেউপিনে ঘন জংঘল৷ জংঘলৰ মূৰত থকা নৈখনৰ একাংশ ঘৰটোৰ পৰাই স্পষ্টকৈ দেখি৷
এলিজাবেথে সন্ধানী দৃষ্টিৰে জুপুৰীকেইটালৈ জুমি জুমি চালে৷ ইয়াৰে কোনোবা এটা জুপুৰীতেই আছে হয়তো কাৰো প্ৰতি আগ্ৰহ নেদেখুওৱা অঁকৰা যুৱকজন৷
তাইৰ অনুমান সঠিক আছিল৷ তাই সন্ধান কৰা যুৱকজন তাতেই আছিল৷ এলিজাবেথক নিজৰ ঘৰৰ চোতালত দেখি সি অলপ অপ্ৰস্তুত হৈ পৰিছিল৷ কিন্তু তাৰ পৰা আঁতৰি পলোৱা নাছিল৷ সি যেন সাজু হৈছিল নিজক ধৰা দিবলৈ৷
‘খুলুমবাই৷’ এলিজাবেথে এইবাৰ বড়ো ভাষাতেই পাতনি মেলিলে৷ কি ঠিক, সি অসমীয়া ভাষা নুবুজিবও পাৰে৷
এলিজাবেথৰ ওঁঠযুৰি পঢ়ি চাই যুৱকে সামান্য মূৰ দুপিয়ালে৷
‘মা মুং নংনা? ’
‘কি নাম তোমাৰ? ’
এইবাৰ সি হাতেৰে অংগী-ভংগী কৰি দেখুৱালে৷ সি কথা ক’ব নোৱাৰে৷ সি কথা নুশুনেও৷
‘আস!’
এলিজাবেথ মুহূৰ্তৰ বাবে থমকি ৰ’ল৷ তাইৰ মেটমৰা ভাষাৰ ভঁৰালটোৰ ইয়াত কোনো দাম নাছিল৷
কি ভাষাৰে পঢ়িব বাৰু তাই বিষণ্ণ মুখ এখন?
এলিজাবেথে দীঘলকৈ হুমুনিয়াহ এটা এৰিলে৷
তাক আৰু আমনি নিদিওঁ বুলি উভতিবলৈ লওঁতেই
সি হাত চাপৰি এটা মাৰি এলিজাবেথক তাৰ কাষলৈ মাতিলে৷ চোতালত পৰি থকা গছৰ কাটি থোৱা ডাল এটা
জাৰি-জোকাৰি বহিবলৈ দিলে সি এলিজাবেথক৷ কিছুপৰ
থমকি সি নিজক সাজু কৰি ল’লে৷ এলিজাবেথৰ
মুখা-মুখিকৈ বহি লৈ তাৰ দৃষ্টিৰ জৰীৰে প্ৰথমতে সি বান্ধি পেলালে তাইক৷ সন্মোহিত হৈ পৰিল এলিজাবেথ৷ মুহূৰ্ততে তাৰ হাতৰ আঙুলিবোৰ সাৰ পাই উঠিল৷
তাৰ আঙুলিৰ প্ৰতিটো ভাঁজৰ পৰা সৰকি পৰিছিল তাৰ বুকুত লুকুৱাই ৰখা বেদনাৰ উল্কাবোৰ৷ আঙুলিৰ আঁক-বাঁকবোৰ পঢ়ি এলিজাবেথে মনতে আঁকি গৈছিল কাহিনী এটা৷ তাইৰ নিজৰ ভাষাত৷
“মোৰ ঘৰটো এসময়ত ‘আমাৰ ঘৰ’ আছিল৷ গাঁওখন আছিল আমাৰ আপোন গাঁও৷ মানুহবোৰ আমাৰ আপোন মানুহ আছিল৷ সৌ নদীখন আমাৰ আপোন নদী আছিল৷
আজন্ম মূক-বধিৰ মই৷ কিন্তু মোৰ বুকুখন ভৰি থাকিছিল শব্দেৰে৷ মোৰ মাৰ ওঁঠৰ পাকবোৰ পঢ়ি বুজি পাইছিলোঁ মই, তেওঁ মোক মৰমতে আংগো বুলিছিল৷ যদিও মোৰ প্ৰিয় নাম ওখৰাং৷ পিছে মায়ে মতা নামটোত এজাপ মৰম সোমাই আছিল৷ কিন্তু তেওঁতকৈও বেছিকৈ মৰম কৰিছিল মোক চুবুৰীৰ হিনজাও-হৗৱাসকলে৷ তেওঁলোকৰ ভাষা মায়ে কোৱা ভাষাটোতকৈ বেলেগ আছিল৷ তেওঁলোকৰ পোছাকবোৰ আই আৰু আফাহঁতৰ পোছাকতকৈ বেলেগ আছিল৷ তেওঁলোকৰ খোৱা খাদ্যবোৰ আমাতকৈ বেলেগ আছিল৷ তেওঁলোকৰ ধৰ্ম- সংস্কৃতিবোৰ আমাতকৈ আৰু বেলেগ আছিল৷ কিন্তু মৰমবোৰ একে আছিল৷ আত্মীয়তাবোৰো একে আছিল৷ আমাৰ মাটিও একে আছিল আৰু সৌৱা...চম্পাৱতী নদীখনো একেখনেই আছিল৷ মানুহবোৰৰ মুখৰ অভিব্যক্তিবোৰ নদীৰ পানীখিনিৰ দৰেই পৰিষ্কাৰ আছিল৷ মোৰ দৰে শব্দহীন মানুহৰ বাবেও মানুহৰ মনবোৰ পঢ়িব পৰাকৈ সৰল আছিল৷
হঠাৎ কি জানো হ’ল!
মানুহৰ মুখবোৰ পঢ়িব নোৱাৰাকৈ জটিল হৈ আহিল৷ অনবৰতে কঠিন হৈ থকা হ’ল পুৰুষসকলৰ মুখবোৰ৷ নাৰীসকলৰ মুখবোৰ তুলনামূলকভাৱে কোমল আছিল যদিও মুখবোৰত সুখৰ অভিব্যক্তিৰ সলনি ভয়ৰ কজলুৱা ৰং এছটা দেখা গৈছিল৷ মোৰ সমনীয়াসকলে গোপনে কথা পাতিবলৈ লৈছিল৷ জংঘলত সোমাই হিংস্ৰ হোৱাৰ আখৰা কৰিবলৈ লৈছিল৷ মোৰ পৰা সকলোৱে আঁতৰি আঁতৰি থাকিবলৈ লৈছিল৷ সিহঁতে হয়তো ভাবিছিল, মই নুবুজিম একোৱেই৷ কিন্তু মই বুজি গৈছিলোঁ৷ প্ৰলয় আহিলে নিৰ্বাক জন্তুবোৰেও আগতে অনুমান কৰে হেনো বিপদৰ কথা৷ ময়ো কৰিছিলোঁ৷ মোৰ আনুভূতিক তীব্ৰতাৰে জুই জ্বলাৰ আগতেই পোৰা মঙহৰ গোন্ধ পাইছিলোঁ৷
এদিন ৰাতি আকশখন জুই হৈ পৰিল৷ দাউ দাউকৈ জ্বলি উঠিল খেৰৰ জুপুৰীবোৰ, গৰুৰ গোহালিবোৰ, ধানৰ ভঁৰালবোৰ৷ নৈৰ দৰে সিদিনা জুই বাঢ়িছিল৷ নিমিখতে গাঁওবোৰ ছাই হৈ গৈছিল৷ তেজেৰে ৰঙা হৈ উঠিছিল আমাৰ আপোন চম্পাৱতী৷
প্ৰতিবাদ কৰিবলৈ শব্দ নাছিল মোৰ৷ ওঁঠত সকলোৱে বুজিব পৰাকৈ ভাষা এটা নাছিল মোৰ৷
থকাহেঁতেন!
ঘৃণাই জানো বুজিলেহেঁতেন প্ৰেমৰ ভাষা? দানবে জানো বুজিলহেঁতেন মানবতাৰ কথা৷ মৃতকৰ দ’মত উৰুৱায় যি ক্ষমতাৰ পতাকা, বুজিলহেঁতেন জানো সি ধৰ্মনীতিৰ কথা৷ জাকৰ মাজত থাকিলেই সংখ্যাগুৰু হৈ পৰা মানুহবোৰে বুজিলহেঁতেন জানো সংখ্যালঘুৰ শংকা৷
নুবুজিলহেঁতেন৷ সেয়ে মই সিদিনা হাতৰ আঙুলিবোৰ বান্ধি ৰাখিছিলোঁ৷ চকুযুৰি জঁপাই মোৰ বধিৰতাৰ কাৰণে বাথৌৱৰাইক ধন্যবাদ জনাইছিলোঁ৷
কিন্তু কথা ক’ব পৰা মানুহবোৰো দেখোন সেই দিনবোৰত মূক হৈ পৰিছিল৷ হত্যা-হিংসাৰ বিৰুদ্ধে মাত মাতিবৰ শক্তি কাৰোৱেই দেখোন নাছিল! মৰণকাতৰ মানুহৰ আৰ্তনাদ শুনিও শুনা নাছিল কোনেও৷ সকলো মোৰ দৰেই বধিৰ হৈ পৰিছিল৷ খেৰাই, বৈছাগুৰ দৰেইতো উপভোগ কৰিছিল সকলোৱে মৃত্যুৰ উৎসৱক৷
এতিয়া মানুহবোৰৰ নকৈ মাত ফুটিছে৷ তেজেৰে
হাত ধুই বগা নিছান উৰুৱাইছে৷ জাতি-মাটিৰ শ্লোগান দিছে৷ কেউপিনে কেৱল কথা আৰু কথা৷ অথচ
মুখবোৰ পঢ়িব নোৱাৰাকৈ পিন্ধি থৈছেহি একোটা মনে বিচৰা মুখা৷ সকলোৰে মুখত মাত্ৰ
এটাই অভিব্যক্তি৷ টকা৷ ক্ষমতা৷ আৰু টকা৷ মুখা সলাই সলাই ন্যস্ত স্বাৰ্থ পূৰোৱাত
লাগিছে সকলো৷ টকাই হৈ পৰিছে মানুহে সহজে বুজি পোৱা একমাত্ৰ ভাষা৷
সেই নৰসংহাৰৰ পাছতেই মোৰ ভাই-ককাইকেইটাই চহৰত ওখ ওখ দালান সাজিলে৷ আই আৰু বিনানাওজনীকো সিহঁতে চহৰলৈ লৈ গ’ল৷ মোকো নিবলৈ আহে সিহঁতে৷ মই যোৱা নাই৷ নাযাওঁ৷ সিহঁতৰ দালানবোৰত মই পোৰা মঙহৰ গোন্ধ পাওঁ৷ তেজলগা মজিয়াত বাৰেপতি পিছল খাওঁ৷ তাতকৈ খালী হৈ পৰা গাঁওখনৰ মই ৰখীয়া হৈ থাকিলোঁ৷ মই বুজি পোৱাকৈ কেৱল এই গাঁওখনেইতো থাকিল৷
‘আৰু নদীখন?’
এলিজাবেথে ভংগিমাৰে সুধিলে৷
গাঁওখনক মই বুজাৰ দৰেই নদীখনেও বুজে মোক৷ এইখন নদীৰ পাৰতে তাইৰ সৈতে ওমলিছিলোঁ মই৷ দোঙৰ পানী খেদেলি আমি শামুকবোৰ বুটলি আনিছিলোঁ৷ তাই শামুক খাই ভাল নাপাইছিল৷ কেৱল মোৰ বাবেই তাই শামুক ধৰিছিল৷ ঘৰতে ভজা এৰী পলুবোৰ চুৰকৈ আনি তাইক খাবলৈ দিছিলোঁ৷ তাই নাক কোঁচাইছিল৷ কিন্তু মই বেজাৰ পাম বুলিয়েই ভজাপলু একোটা মুখত সুমুৱাইছিল৷ আপোনাৰ নিচিনাকৈ তাই জনা নাছিল প্ৰতীকী ভাষা৷ কিন্তু তাই যে মোৰ সকলো কথাই বুজিছিল৷ ময়ো বুজিছিলোঁ তাইৰ সকলো কথা৷ আনকি কথাৰ উৰ্ধৰ কথাবোৰো!
আমাৰ বয়স যোৱাৰ লগে লগে কথাবোৰো পূৰঠ হৈ আহিছিল৷ কিন্তু আনক বুজাব পৰাকৈ কথাবোৰ তেতিয়াও সাহসী হৈ উঠা নাছিল৷ আমি দুয়ো ৰৈ আছিলোঁ ভাল সময় অকণৰ অপেক্ষাত৷
ঠিক তেতিয়াই লাগি গৈছিল জুই৷ বৈ গৈছিল তেজৰ নৈ৷ লিখা হৈছিল ঘৃণাৰ ইতিহাস৷ বিভাজনৰ ইতিহাস৷
কাপোৰৰ সৰু টোপোলা এটা বুকুত সাবটি তাই সিদিনা নৈ পাৰলৈ আহিছিল৷ তাইৰ দুচকুৰেও দুখন নৈ বৈ আহিছিল৷ আউল-বাউল হৈ পৰিছিল কঁকালত পৰা চুলিকোচা৷ কাঁইটৰ আঁচোৰত ফালি গৈছিল কাপোৰ কানি৷ যেন তাই যুদ্ধৰ ‘দাওহা নৃত্য’ নাচিবলৈ ওলাই আহিছে৷ সকলো হেৰুওৱাৰ পাছত নিজক বচোৱাৰ বাবে কৰা যুঁজ এখনত অকলেই যুঁজিছে৷ তাইক দেখা পাই মই দৌৰি আহিছিলোঁ৷ তাইক সান্ত্বনা দিবলৈ নিজৰ হাতখন আগবঢ়াই দিছিলোঁ৷ তাই মোৰ হাতখনলৈ অবিশ্বাসেৰে চাইছিল৷ এই যেন হঠাৎ নুবুজা হৈছিল তাই মোক৷ এই যেন মানুহতকৈ অবিশ্বাসী আৰু কোনো নাই৷ মই মোৰ সমস্ত কৌশলেৰে তাইক বুজাবৰ চেষ্টা কৰিছিলোঁ, সকলো মানুহ একে নহয়৷ দানৱ আৰু দেৱতা সকলো সমাজতেই আছে৷ তাই বুজা নাছিল একোৱেই৷ মোৰ ভাই-ককাইকেইজনৰ দৰেই মোকো হিংস্ৰ বুলি ভাবিছিল হয়তো! তাই মোৰ পৰা নিজক বচাবলৈ পলাই গৈছিল চম্পাৱতীৰ বাটেৰে৷
মই তাইৰ যিমানেই পিছ লৈছিলোঁ, তাই সিমানেই পানীৰ গভীৰলৈ আগুৱাই গৈছিল৷ তাই আৰু বেছি ভয় খাব বুলিয়েই মই পানীযুঁৱলিতে ৰৈ দিলোঁ৷ কিন্তু তাই তথাপি ভয় খালে৷ নহ’লেনো সাঁতুৰিব জনা ছোৱালীজনী পাছদিনাখন পানীত কেনেকৈ ওপঙি উঠিলে!
জানে, দূৰৈৰ পৰা তাইক পানীত ভাহি থকা এখনি ৰঙা হাংমা-হাংছানি-ফালিৰ দৰেই লাগিছিল৷ একেলগে সংসাৰ কৰিব নোৱৰা গাভৰুৱে বিদায় পৰত দিয়া ৰুমালখন!
সিদিনাৰ পৰা আপোন নৈখনক নুবুজা হৈ
আহিলোঁ মই৷ কিন্তু নৈখনে ঠিক বুজে মানুহক৷ মানুহবোৰ হিংস্ৰ হোৱাৰ বেদনাতেই হয়তো
নৈখনো সিদিনাৰ পৰা ঘেলেটিয়া হৈ পৰিল৷ নিজক মণিব নোৱাৰোঁ মই এতিয়া নৈখনৰ পানীত৷ কিন্তু
পাৰত বহি সদায় পাতিব পাৰোঁ একেখিনি কথা৷ আঁকিব পাৰোঁ একেখন ছৱি৷ তাইক নোপোৱাৰ
ব্যথাত নহয়, তাইৰ অবিশ্বাসৰ চাৱনিটো স্মৃতিপটৰ পৰা আঁতৰাই পেলাবৰ বাবে
সদায় আখৰা কৰোঁ নৈৰ পাৰৰ এই একেখিনি ঠাইত বহি৷’
এলিজাবেথে মন কৰিলে তেজগোৰা মুখখন ক্ৰমাৎ এন্ধাৰ হৈ আহিছে৷ জুই একুৰা নুমুওৱাৰ পাছত থাকি যোৱা চেঁচা এঙাৰৰ দৰে৷ সময় ৰৈ গৈছিল৷ তাৰ ইমানপৰে নাচি থকা আঙুলিকেইটাও ৰৈ গৈছিল৷ হয়তো কাহিনীটো শেষ হৈছিল!
কি ভাষাত কৈছিল আংগোয়ে তাৰ কাহিনীটো?
এলিজাবেথে যি ভাষা নুশুনিও শুনিলে৷ যি ব্যথা তাই নাজানিও জানিলে৷ কাহিনীটো টুকি থ’বলৈ তাই সিদিনা টোকাবহীখন নেমেলিলে৷ নিলিখিলে একো কথা৷
অনুভূতিৰ খোচনিত সুমুৱাই লৈ আহিল এটি
বিষাদ গাঁথা৷ বৈচিত্ৰ্যত সৌন্দৰ্য বিচাৰি ফুৰা এলিজাবেথৰ আকাশমুখী চিন্তাবোৰো
সিদিনা খোচনিত সোমাই পৰিছিল৷ মনৰ ভাষা পঢ়িব নজনা ভাষাচহকী মানুহবোৰলৈ এলিজাবেথৰ
পুতৌ উপজিছিল৷ অন্যায়ৰ প্ৰতিবাদী সত্তাক ন্যস্ত স্বাৰ্থৰ মুখা পিন্ধাই থোৱা সবাক
মানুহবোৰলৈ ঘৃণা উপজিছিল৷
গৱেষণা গ্ৰন্থখনৰ বাকী থকা পৃষ্ঠাকেইটা তাই উকাকৈয়ে ৰাখি থয়৷ সকলো কথা যে শব্দৰ শৰণাগত নহয়৷ নৈঃশব্দৰ নামত কেইটিমান পৃষ্ঠা ৰাখি থৈ এলিজাবেথে স্বদেশলৈ উভতি যোৱাৰ যো-জা কৰে৷
উভতি যাবৰ দিনা এলিজাবেথে পুনৰ ‘আংগো’-ক বিচাৰি নৈৰ পাৰলৈ আহিছিল৷ কিন্তু পাৰটোৱে আৰু তাইৰ বাবে ৰৈ থকা নাছিল৷
ফাল্গুনী কাহিনীটো এলিজাবেথে বুটলি নিয়াৰ পাছতে ধৰালৈ বাৰিষা নামিছিল৷ আংগোৰ আপোন নৈখন সংহাৰী ৰূপ লৈ পাৰলৈ বাঢ়ি আহিছিল৷ সময়ত নৈৰো সহনশীলতাৰ পাৰ ভাঙি যায়৷ বাঢ়ি অহা পানীয়ে পাৰৰ মানুহৰ বুকু কঁপায়৷
তাই দেখি যোৱা নৈপাৰটো তেতিয়ালৈকে অদৃশ্য হৈ পৰিছিল৷ বাৰিষাৰ জীয়াধলে ভাঙি নিছিল নৈৰ কেঁচা গৰাটো৷ বাটৰ মূৰৰ কেঁকুৰিটো৷ খেৰৰ জুপুৰীকেইটা আৰু বাথৌশালিখন৷ কেৱল পাত মৰি অহা সিজু গছজোপা ৰৈ গৈছিল চোতালখনৰ উত্তৰ-পূব দিশত৷
তাই নৈখনলৈ চাই মনৰ মাজতেই কৈছিল, ‘ৰৈ যোৱা অংগো৷ ইয়াত তোমাৰ প্ৰয়োজন আছে৷’
আংগো ক’ৰবাত ৰৈ আছিল নে নৈখনত বৈ গৈছিল এলিজাবেথে নাজানিলে৷ তাইৰ উভতি যাবৰ সময় হৈছিল৷ ডিঙিত মেৰিয়াই অনা বগা স্কাৰ্ফখন তাই সিজু গছজোপাত খুচি থৈ নিজে আকাশী পথেৰে উৰা মাৰিছিল৷
নৈপৰীয়া চেঁচা বতাহছাটি পাই বগা চিল্কৰ
স্কাৰ্ফখন আকাশৰ বুকুত উৰিছিল৷ আংগোৰ বুকুত যিদৰে উৰিছিল শান্তিৰ পতাকা এখন,
ঠিক তেনদৰে আকাশত ঢৌ তুলি উৰিছিল চিল্কৰ স্কাৰ্ফখন৷ আংগোই
ভালপোৱা নামটোলৈ মনত পৰে
এলিজাবেথৰ৷ ‘ওখৰাং’! ওখৰাং মানেইতো
আকাশ৷ ৰং আৰু পোহৰৰ বৈচিত্ৰ থাকিলেও যিখন আকাশত নাই মাটিত
থকা বিভাজনৰ জালিকাখন৷
ফোন : ৯১০১৭৫২৯৪২