অংগনা চৌধুৰী
তাই তেতিয়া দহ-এঘাৰ
বছৰীয়া৷ পখিলাৰ দৰে উৰি ফুৰাৰ বয়স৷ আবেলি হ’লেই তাইৰ গাত তত্ নাইকিয়া হয়৷
‘মা, গধূলি দবা কোবালে
ঘৰ সোমাম’ বুলি কৈ তাই উধাও হয়৷ সেইখিনি সময়ত যাৰ যাৰ ঘৰৰ সমুখত বহল চোতাল আছে, তাত
চুবুৰিটোৰ ল’ৰা-ছোৱালীবোৰ গোট খাই খেল-ধেমালিত ব্যস্ত হয় আৰু গধূলি দবা কোবোৱাৰ শব্দ
শুনিলেই পুনৰ ঘৰাঘৰি উভতি যায়৷ বাব্লিহঁতৰ দীঘল বাৰাণ্ডাখন তাইৰ সবাতোকৈ প্ৰিয়৷ কাৰণ
ইমূৰৰ পৰা সিমূৰলৈকে বিয়পি থকা বাৰাণ্ডাখনত শাৰী পাতি আছে কেইবাটাও পকী খুঁটা৷৷ খুঁটাকেইটাত
ধৰি ধৰি ‘এটি পইচা দেনা’ খেলটো খেলিবলৈ বৰ ভাল হয়৷ বাব্লিহঁতৰ ঘৰটো প্ৰকাণ্ড৷
বৰদেউতাকৰ পৰিয়াল, খুড়াক সকলো একেটা ঘৰতে থাকে৷ বাব্লিৰ দেউতাক আৰু বৰদেউতাকলৈ তাইৰ
বৰ ভয় লাগে৷ মুখকেইখন গোমোঠা আৰু চকুকেইটাও ঘোপা কৰি থাকে৷ পিছে খুড়াকজন ভাল, বৰ মৰমিয়াল৷
তেওঁ বিয়া পতা নাই৷ তেওঁ তাইক দুই-এদিন ওচৰলৈ মাতি চকলেটো দিছে৷ কাগজত একে পাকতে কেনেকৈ
চৰাই আঁকে সেয়াও শিকাইছে৷ পিছে বাব্লিয়েহে কিয় জানো খুড়াকক বৰ এটা ভাল নাপায় আৰু তাই
তেওঁৰ গুণগান কৰাটো পছন্দ নকৰে৷ বাব্লিয়ে তাইক মাতে চিত্ পখিলী বুলি৷ কয়— ‘চিত্
পখিলী, তুমি মোৰ লগতহে খেলিবলৈ আহিছা, তেন্তে খুড়াৰ ওচৰলৈ কিয় যোৱা? নাযাবা৷’
— ‘তুমি যে হোমৱৰ্ক কৰি আছিলা, শেষ হ’লেহে খেলিবা, সেইকাৰণে গৈছিলোঁ
আকৌ৷’
— ‘দৰকাৰ নাই যাবলৈ৷’
— ‘কিয়? তেওঁ মোক চকলেট দিয়ে, ইমান ভাল৷’
— ‘ময়োতো তোমাক চকলেট দিওঁ৷’
— ‘মই জানো, মই জানো৷ খুড়াই কিজানি তোমাতকৈ মোক বেছি মৰম কৰে
সেই বুলি তোমাৰ চিন্তা ন? হিংসা, হিংসা, গম পালোঁ, গম পালোঁ, বাব্লিৰ কথা গম পালোঁ,
আলু ভজা মই খালোঁ৷ হিঃ হিঃ হিঃ৷’
চিত্পখিলীয়ে দেও দি দি চৌদিশে ঘূৰে আৰু বাব্লিক
জোকায়৷ কিবা এষাৰ কওঁ কওঁ বুলিও বাব্লি ৰৈ যায়৷ ওঁঠৰ ফাঁকেৰে সৰকিব খোজা শব্দও গিলি
থয় সংকোচত৷ যি মন যায় তাকে কৈ দিয়াৰ পৰিৱেশ পোৱা নাই বাব্লিয়ে নিজৰ ঘৰখনত৷ ধেমালি-ধুমুলাৰ
মাজতে ধম্ধম্কৈ দবা কোবোৱাৰ শব্দ হয় নামঘৰত আৰু ঘড়ী নোচোৱাকৈয়ে চুবুৰিৰ ল’ৰা-ছোৱালীজাকে গম পায় গধূলি ছয় বাজিল৷ হুৰমূৰকৈ সিহঁত ঘৰমুৱা হয়, ঘৰমুৱা হয় চিত্পখিলীও৷
বৰষুণ দিলে সিহঁতৰ ঘৰে ঘৰে খেলি ফুৰাটো সাময়িকভাৱে
বন্ধ হয়৷ তথাপি চেগ বুজি তাই মাকক সোধে— ‘মা যাওঁ?’
— নোৱাৰ যাব৷
— ছাতি লৈ যাম৷
— নোৱাৰ বুলি কৈছোঁ নহয়৷ তিতি-বুৰি চৰ্দি-কাঁহ হ’লে আকৌ স্কুল খতি হ’ব৷
তাই সেমেনা-সেমেনিকৈ
খিৰিকীৰে বাহিৰলৈ চাই বহি ৰয়৷ ভিজা মাটিৰ গোন্ধ এটা নাকেৰে উজাই আহে৷ প্ৰথমে কিন্কিনাই
পাষলৈ হিৰ্হিৰাই বৰষুণ দিবলৈ ধৰে৷ এৰিলে বাব্লিহঁততৰ তালৈ যাম বুলি মনতে পাঙি থোৱা
আশাকণো ভিজা মাটিৰ সৈতে মিহলি হয়৷ মাকে ঘনে ঘনে দুৱাৰডলিত ৰৈ বাটলৈ চায়৷ ছতিটো নোলোৱাকৈ
ছোৱালীৰ দেউতাক বজাৰলৈ গৈছে, এতিয়া উভতিব কেনেকৈ? পৃথিৱীৰ সকলোতকৈ ডাঙৰ আৰু গধুৰ সমস্যা
যেন সেইটোৱেই মাকৰ মুখখন দেখি সেই সময়ত তেনে লাগে তাইৰ৷ তাই মাকক নক’লে যে দেউতাকে এনেকৈ
বৰষুণ দিলে ভালেই পায়৷ তিনিআলিৰ হৰেন খুড়াৰ দোকানত চাহ আৰু গৰম গৰম চিংৰা খাই ঠিক্ছে
আড্ডা মাৰিহে তেওঁ ঘৰলৈ ওভতে৷ হৰেন খুড়াৰ জীয়েক তাইৰ লগতে স্কুলত পঢ়ে, সেয়ে চব খবৰ
তাই পাই থাকে৷ তাই ভাবে, দেউতাকে চাগে ছাতিটো ইচ্ছা কৰিয়েই নিনিয়ে৷ অকল সৰুৱেই দুষ্টামি
কৰেনে, ডাঙৰেওতো কৰে৷ এঘণ্টামানৰ পাছত বৰষুণ কমাত দেউতাক ঘৰ আহি সোমায়৷ দেখি মাকে চিঞৰ-বাখৰখন
লগায়— ‘ইছ্ ৰাম, তিতিলে নেকি বাৰু? ছাতিটো নিবলৈও মনত নাথাকেনে আপোনাৰ? যাওক যাওক
হাত-ভৰি ধুই আহক৷ ভোকে-পিয়াহে অৱস্থা নাইকিয়া হৈ আহিছে চাগে৷ মই চাহ বহাই দিওঁ৷’
— অ’ মা, মোৰো ভোক লাগিছে৷ পকৰী বনোৱানা৷ বৰষুণৰ বতৰ, মজা লাগিব৷’
— ‘বনাম, বনাম৷ লগত কিন্তু তই গাখীৰগিলাচ এক মিনিটতে খাই শেষ
কৰিব লাগিব কৈ দিলোঁ৷ গাখীৰ নাখালে মগজ নহ’ব আৰু পঢ়া-শুনা ভালকৈ কৰিব নোৱাৰিবি বুজিলি৷’
মোনাৰ পৰা বজাৰৰ বস্তু উলিয়াই উলিয়াই মাকে কৈ থাকে৷ গাখীৰ আৰু পঢ়াৰ লগত যে এই এৰাব নোৱৰা
সম্পৰ্কটো আছে, এই বিষয়ে কোনখন কিতাপত বহলকৈ লিখা আছে তাইৰ চাবলৈ মন যায়৷
ইতিমধ্যে দেউতাকে মুখ-হাত ধুই আজৰি হৈ আহে৷ মাকে তেওঁলৈ বুলি ৰুটী বেলিবলৈ আৰম্ভ কৰাত তেওঁ থেৰোঁগেৰোঁকৈ ক’বলৈ ধৰে— এঃ, আজি বজাৰৰ পৰা ওভতোঁতে মোৰ দেৰিয়ে হ’ল নহয়৷ এতিয়া ৰুটী খালে আৰু ৰাতি ভাত খাব নোৱাৰিম৷ চাহ-বিস্কুটকে দিয়া৷
চিত্পখিলীয়ে মিচিক্-মাচাক্কৈ দেউতাকলৈ চাই হাঁহি কয়— ‘তুমি হৰেন খুড়াৰ দোকানত চাহ-চিংৰা খাই আহিছা ন? সেই কাৰণে ভোক নাই?’
দেউতাকে পেন্দোৱাকৈ
তাইলৈ চায় আৰু নুশুনা ভাও জুৰি বাতৰিকাকতখন লুটিয়াবলৈ ধৰে৷ তেওঁৰ কাণ্ড দেখি তাই আৰু
ৰস পায়৷ ধেমালি কৰিবলৈ বুলি তাই হাত দুখন মেলি পাখি বহলাই তেওঁৰ চাৰিওফালে উৰি ফুৰিবলৈ
ধৰে৷
পাছদিনা দেওবাৰ, সেয়েহে শুই উঠা দেৰি৷ মাকে কৰি দিয়া পাটী চাপ্তা দুখন আৰু গাখীৰ এগিলাচ খাই তাই ঘৰটোৰ আটাইতকৈ প্ৰিয় চুকটোত বহি খিৰিকীৰ গ্ৰীলত গাল দুখন হেঁচি বাহিৰলৈ চাবলৈ ধৰে৷ বৰষুণে ধুই নিয়াৰ পাছত গছ-লতিকাবোৰ আৰু বেছি সেউজ হৈ পৰা যেন লাগে তাইৰ৷ তেতিয়া ফতফটীয়া ৰ’দ৷ ওচৰ-পাঁজৰৰ চিনাকি মানুহক সমুখৰ বাটেৰে অ’লৈ-ত’লৈ যোৱা দেখিলে তাইৰ অ’ খুড়ী ক’লৈ যোৱা, অ’ পেহা, আমাৰ তালৈ নাহা নেকি— এনেকৈ মাতি থাকি বৰ ভাল লাগে৷ সেইবোৰ কৰি থাকোঁতেই দেখে ৰঙা-নীলা কাপোৰ পিন্ধা মানুহ এজনে ‘ফিৰ্কি চাহিয়ে, ফিৰ্কি লে লো’ বুলি চিঞৰি চিঞৰি আহি আছে৷
তাই আনন্দতে কিৰীলি পাৰি উঠে— ‘ৰ’বা, ৰ’বা৷ মোক লাগিব, মই দেউতাক মাতি আনো৷’
টাবত ফুলৰ পুলি ৰুই থকা দেউতাকৰ গেঞ্জীটোত তাই প্ৰায় ওলমি দি কয়
— মোক এতিয়াই কিনি দিয়া৷
— কি লাগে?
— ফিৰ্কি৷
— কি বস্তু সেইটো?
— বতাহ চকৰী৷
— অ’ সেইটো৷ ক’ত দেখিলি?
— মই ৰখাই থৈছোঁ বাহিৰত, বেচিবলৈ আহিছে মানুহ এজনে৷
— আচ্চা ব’ল, ব’ল৷ মই হাত দুখন ধুই লওঁ ৰ৷
— তাই হালধীয়া ৰঙৰ বতাহ চকৰী এটা কিনে৷ মানে পাখিকেইখন হালধীয়া৷ কি যে ধুনীয়া! এতিয়া বতাহ বলে আগে আগে, হাতত বতাহ চকৰী লৈ চিত্পখিলী পাছে পাছে৷ মাজে মাজে চকৰী খৰকৈ ঘূৰে, মাজে মাজে লাহে লাহে, আকৌ কেতিয়াবা নুঘূৰেই৷ তেতিয়া তাই ফুঁ মাৰি মাৰি ঘূৰাবলৈ চেষ্টা কৰে৷ অকণমানি শৰীৰটোৰ ভিতৰত থকা গোটেইখিনি বতাহেৰে ফুঁ মাৰি হ’লেও যেন তাই চকৰীটো ঘূৰাব! ইমানেই উৎসাহ চিত্পখিলীৰ৷
বতাহ চকৰীটো বাব্লিক
দেখুৱাবলৈ ভিতৰি ভিতৰি তাইৰ মনটো উচ্পিচাবলৈ ধৰে৷ হওঁতে বাব্লিয়ে কৈছিলে যে সিহঁতে
বিয়া এখন খাবলৈ যোৱাৰ কথা, ঘৰত নাথাকিব পাৰে৷ পিছে তাইৰ এপাক চাই আহিবৰ মন যায় আছে
নে নাই৷ মাক-দেউতাক যেতিয়া দুপৰীয়া ভাত খাই বিছনাত পৰে, তেতিয়া তাই লাহেকৈ এবাৰ নোসোধা
নহয়— ‘মা, এপাক বাব্লিহঁতৰ তালৈ যাওঁনে?’
টোপনিৰ জালত মাকে ‘হু’ নে ‘ওহোঁ’ কিবা এটা
উচ্চাৰণ কৰে যদিও তাৰ অৰ্থ ‘হা’ নে ‘না’ ভাবি থাকিবলৈ তাইৰ সময় নাই৷ বতাহ চকৰীটো হাতত
লৈ তিৰ্তিৰ্কৈ লৰ মাৰে তাই বাব্লিহঁতৰ ঘৰৰ ফালে৷
ঘৰখন নিজান-নিতাল৷ কিন্তু ভিতৰফালে ৰেডিঅ’ত
গান বাজি থকা শব্দ শুনি তাই কৰিড’ৰেৰে আগুৱাই যায়৷
—
বাব্লি, ক’ত আছা?
মাতি মাতি তাই ইটো
কোঠা সিটো কোঠা ভুমুকিয়াই চায়৷ নাই, কোনো নাই৷ ঠিকেই, বিয়া খাবলৈকে গৈছে হ’বলা৷ পিছে
ৰেডিঅ’ বজাইছে কোনে! শেষৰ কোঠাটোৰ ফাঁক হৈ থকা দৰজাৰে জুমি চাব খোজোতেই দুখন মোটৌহা হাতে তাইক আঁজুৰি ভিতৰলৈ লৈ যায়৷ তাই তত্ ধৰিবই নোৱাৰে কোনে কি কৰিছে৷ পিছে মোটোহা হাতৰ
গৰাকীলৈ চাই ভয় খোৱাৰ বদলি ঢেক্ঢেক্কৈ হাঁহি দিয়ে— ‘খুড়া দেখোন? আপুনি বিয়ালৈ নগ’ল? ইমান ভয় খালোঁ
মই মোক ভূতে ধৰিলে বুলি৷’
খুড়াই উত্তৰ নিদি
অস্থিৰভাৱে তাইৰ গালে-মুখে, বুকুৱে-পিঠিয়ে জোৰে জোৰে হাত ফুৰাবলৈ ধৰে৷ তাই অবাক হৈ
পিছুৱাই যায়৷ তেওঁ পুনৰ তাইক কাষলৈ টানি আনে৷ বলিয়াৰ দৰে তেওঁ তাইৰ হালধীয়া ফুলাম ফ্ৰকটো দাঙি খুলি দিয়াৰ চেষ্টা চলায়৷ বিতত হৈ তাই চিঞৰিব খোজাত তেওঁ চকু ডাঙৰ কৰি ফোঁচফোচাই
উঠে— ‘চুপ্৷ একদম চুপ্৷’
ভৰসা শব্দটোৰ ওপৰতো
যেন ভৰসা উঠি যায় তাইৰ৷ অত দিনে মৰমেৰে ছবি শিকোৱা, চকলেট দিয়া এই মানুহজন চিনেমাত দেখুৱা
বদমাছ ভিলেইনবোৰৰ দৰে লাগে তাইৰ৷ ইফালে-সিফালে চাই হাতত তুলি ল’ব পৰা একো বস্তু নেদেখি
তাই বাব্লিক দেখুৱাম বুলি অনা বতাহ চকৰীডালকে জোৰেৰে খামোচ মাৰি ধৰে আৰু কণমানি শৰীৰটোত
থকা সমস্ত শক্তিৰে খুড়াকৰ চকুত তীব্ৰ গতিত বহুৱাই দিয়ে৷ চিৎকাৰ কৰি তেওঁ পকাত বহি পৰে৷
খোল খাই যায় মোটোহা হাতৰ বান্ধোন৷ এক মুহূৰ্তও পলম নকৰি তাই ঘৰৰ উদ্দেশ্যে বতাহীবেগেৰে
লৰ মাৰে৷
সেইদিনা ইমান বেগেৰে
তাই গৈছিল নিজৰ ঘৰলৈ বুলি যে হালধীয়া উৰি থকা ফ্ৰকটোৰে দূৰৰ পৰা তাইকেই এটি বতাহ চকৰী
যেন লগা হৈছিল৷ তাই নাজানিছিল, সেইদিনা যে সঁচাকৈয়ে তাই এটি বতাহ-চকৰীলৈ ৰূপান্তৰিত
হৈছিল, বতাহৰ সৈতে উমলিবও জনা আৰু প্ৰয়োজনত তীক্ষ্ণ খোঁচ বহুৱায়ো আহিব জনা৷