অন্যযুগ/


অস্তিত্ব

 অংগনা চৌধুৰী


সি কামবোৰ মনপুতি কৰে৷ কৰে মানে একদম কামটোৰ ভিতৰত সোমাই যায়৷ কাষত যদি কোনোবাই নাচি-বাগিও থাকে, সি সেইফালে নাচায়৷ তাকে দেখি ঘৰৰ বাকীবোৰে হাঁহে, ওচৰ-চুবুৰীয়ায়ো হাঁহে৷ কিয় হাঁহে সি বুজি নাপায়৷ এই বুজি নোপোৱা কথাটোক লৈ সিহঁতে আৰু হাঁহে৷ তাৰ দুখ লাগে, খঙো উঠে৷ কিন্তু ওলোটাই একো কৰিব নোৱাৰে৷ কোনেও নেদেখাকৈ মনে মনে সি তাৰ শৰীৰটোলৈ চায়৷ তাৰ এখন ভৰি চুটি৷ চুটি মানে ভালেখিনি চুটি৷ মুখখনো থুঁতৰিৰ পৰা বাওঁফাললৈ বেঁকা৷ এয়া হেনো জন্মগত৷ জন্ম হোৱাৰ পাছতে হেনো বাপেকে তাক নদীত উটুৱাই দিব খুজিছিল৷ পিছে মাকে কাউবাউকৈ হাতে-ভৰিয়ে ধৰাত সেইফেৰা কাম কৰা নহ’ল৷ এলাগী পৰিৱেশ এটাত সি লাহে লাহে ডাঙৰ হৈ উঠিল৷ লেকেচিয়াই লেকেচিয়াই হ’লেও খোজ কাঢ়িব পৰা হ’ল৷ বেঁকা মুখখনেৰে অষ্পষ্টকৈ হ’লেও কথা ক’ব পৰা হ’ল৷ তাৰ ওপৰত দুই ককাই এজনী বাই৷ সি হোৱাৰ পাছত মাকে পেটৰ পৰা আৰু ল’ৰা-ছোৱালী উলিয়াবলৈকে ভয় খালে৷ বাপেকেতো খালেই৷ বিতৃষ্ণাত তেওঁ মাকৰ বিছনাৰ ওচৰো নচপা হ’ল৷ চুবুৰীয়াই কয় তেওঁ বোলে গাঁৱৰ সীমামূৰীয়া ঘৰটোত চুলাই বিক্ৰী কৰা তিৰোতাজনীৰ তাত মাজে মাজে থাকি আহেগৈ৷ নিজৰ ঘৰখন থাকোঁতে আনৰ ঘৰতনো বাপেকে মাজে মাজে কিয় থাকিবলৈ যায় সেইটোহে সি বুজি নাপায়৷ 

সি যে আচলতে এতিয়া বহুত ডাঙৰ হ’ল সেই কথাও সি নিজে বুজি পোৱা নাছিল৷ আনে তাক সমুখৰ পৰা দেখি– ‘ঐ তোৰচোন দাঢ়ি-গোফ ওলাইছেই, ডেকা হ’লিয়েই দেখোন৷’ বুলি কওঁতেহে ভিতৰখন কিবা তাৰ ৰাইজাই ৰাইজাই কৰিবলৈ ধৰিছিল৷ তাৰ পাছৰ পৰা নিজকে গজালত ওলমাই ৰখা আইনাখনত সি বহুত দেৰি ৰৈ ৰৈ চাইছিল৷ গহীনত থাকি ঘৰুৱা কথাবোৰত চুচুক-চামাককৈ কিবা এটা মতামত দি নিজৰ অস্তিত্ব প্ৰমাণ দিব বিচাৰিছিল৷ কিন্তু মাক জীয়াই থাকোঁতে ককাই-বাইৰ পৰা যিকণ লেৰেলা সাদৰ পাইছিল, মাক মৰাৰ পাছত সেইকণো নাইকিয়া হ’ল৷ ঘৰখনৰ কোনোবা এটা কোণত কুচিমুচি পৰি থাকিব পৰা ঠাইকণহে তাৰ মাথোঁ আছেগৈ৷ দুবেলা দুমুঠি কোনোৰকম পেটত পৰি আছে, সেয়াই যেন বহুত ডাঙৰ কথা৷ 

বৰ্তমানলৈকে বিভিন্ন কাৰণত বায়েকৰ বিয়াখন হৈ উঠাগৈ নাই৷ সেই লৈ প্ৰায়ে ঘৰত হাই-কাজিয়া হৈ থাকে৷ ককায়েক দুটাই পাছত বিয়া-বাৰু পাতিলে তাক এইখন ঘৰত থাকিবলৈ দিবনে নাই সেয়াও সন্দেহ আছে৷

কেটেৰা-জেঙেৰা খাই ডাঙৰ হ’লেও এইখনেইতো তাৰ নিজৰ ঘৰ! কত ভাললগা সময় পাৰ কৰিছে সি মাকৰ সৈতে এইখন ঘৰত! মাকে তাক গাঁৱৰ পঢ়াশালিতো নাম লগাই দিছিল৷ পিছে পাছলৈ মাষ্টৰে তাক আৰু যাব নালাগে বুলি ক’লে৷ মাকে মাষ্টৰক দুই এবাৰ কৈ চাইছিল৷ পিছে তেওঁ ক’লে সি বোলে শ্ৰেণীত আনবোৰৰ সমানে সমানে আগুৱাই যাব নোৱাৰিব৷ যাব নলগা হোৱাত তেতিয়া সি ভালেই পাইছিল মনে মনে৷ এনেয়েও সি পঢ়াশালিৰ পৰিৱেশটো ভাল নাপাইছিল৷ কোনেও তাক মৰমেৰে কথা এষাৰো নকৈছিল৷ লগৰ ল’ৰা-ছোৱালীবোৰে হোৱাই-নোহোৱাই জোকাই থাকিছিল৷ মাষ্টৰে নিজৰ ফালৰ পৰা  মানা কৰাত সেইবোৰ জঞ্জালৰ মুদা মৰিল৷ সি ইতিমধ্যে অ, আ, ক, খ-ৰ লগতে নিজৰ নামটো লিখিবলৈ শিকি গৈছিল৷ এক, দুই, তিনি, চাৰিকৈ পইচা-পাতিও গণিব পাৰিছিল৷ জীয়াই থকা কালত মাকে কিছু হাতৰ বিদ্যাও শিকাই গৈছিল৷ তাকে এতিয়া কামত লগাই সি দুপইচা অৰ্জন কৰিব পাৰিছে৷ তাৰে বিশেষ একো কৰিবলৈ নোজোৰে ঠিকেই, পিছে দৰকাৰত গাত পিন্ধা চোলা, গেঞ্জী দুটা কিনা, আবেলি চাহৰ লগত খাবলৈ বিস্কুট বা চানাচুৰ কিনি অনা আদি কামবোৰ কৰিব পাৰে৷ মাকে শিকাই থৈ যোৱা মতে সি সদায় নিজৰ কামকেইটা যিমানখিনিলৈকে পাৰে নিজে কৰিবলৈ চেষ্টা কৰে৷ নিজে শোৱা তুলিখন পুৱা নুৰিয়াই থয়৷ গাৰ কাপোৰকেইটা নিজেই থুকুচি থুকুচি ধোৱে৷ চোতালখন সাৰি থয়৷ আনকি পিছফালৰ বাৰীতো সি বিলাহী, বেঙেনা, নানাবিধ শাক, জলকীয়া আদি লগাইছে, যাতে ঘনে ঘনে ককায়েকহঁত পাচলিৰ বজাৰলৈ দৌৰিবলগীয়া নহয়৷ 

তদুপৰি ঘৰতে বহি বহি সি দ’ম দ’ম কাগজৰ ঠোঙা তৈয়াৰ কৰে আৰু গেলামালৰ দোকানৰ পৰা আৰম্ভ কৰি ঘুমটি দোকান, চানাচুৰৱালালৈকে বিক্ৰী কৰে৷ আজিকালি তিনিআলিৰ গৰম গৰম পকৰী, পিয়াঁজী বিক্ৰী কৰা ঠেলাখনেও তাৰ পৰা ঠোঙা কিনা হৈছে৷ ঠোঙা কেনেকৈ তৈয়াৰ কৰে সেয়াও মাকেই তাক শিকাই থৈ গৈছিল৷ সমস্যা এটাই; ঠোঙাবোৰ নিখুঁতকৈ তৈয়াৰ কৰোঁতে যিমান কষ্ট হয়, সেই হিচাপে কোনেও দাম দিব নোখোজে৷ এদিন কওঁ নকওঁকৈ সি কৈছিল – ‘ইমান কম দামত কেনেকৈ দিম? মোৰ কষ্টৰ মূল্য, সময়ৰ মূল্য দিব লাগিব...’

গেলামালৰ দোকানীয়ে ঢেক্‌ঢেক্‌কৈ হাঁহি কৈছিল– ‘ঐ, ঘৰৰ চোতালত বহি ঠোঙাকেইটা বনাওঁতে আকৌ তোৰ কিহৰ কষ্ট অ’? আৰু সময়ৰ কথা কৈছ৷ তোৰ দেখোন জীৱনটোত সময়েই সময়৷ না পঢ়া-শুনা, না চাকৰি-বাকৰি, না বিয়া-বাৰু, না ল’ৰা ছোৱালী৷ সময়ৰ মূল্য, কষ্টৰ মূল্য – এইবোৰ ডাঙৰ ডাঙৰ কথা ক’ৰবাত মেলে-মিটিঙে শুনি আহিছ নেকি তই?’ 

মানুহবোৰ এনেকুৱা কিয়! মাজে-মাজে সি ভাবে৷ এই পৃথিৱীখন বাৰু কিয় এনে কঠুৱা মানুহেৰে ভৰা! অৱশ্যে তাৰ মাজত দুই-এক ভাল মানুহো নথকা নহয়৷ কিয়, গোপাল মাষ্টৰৰ জীয়েক ৰেণুৱে জানো কোঁচভৰি অমলখি বুটলি তাক দিবলৈ বুলি বাৰীৰ পিছফালে ৰৈ থকা নাছিল! মাত্ৰ এবাৰহে কৈছিল সি আমলখি খাই ভালপায় বুলি! বিহুৰ দিনা মনে মনে গামোচাত বান্ধি জানো নিজে পোৰা পিঠা দুটামান তাৰ বাবে লৈ অহা নাছিল! কথাই কথাই এদিন তাই কৈছিল – ‘মোৰ তোক বহুত ভাল লাগে জাননে?’ 

শুনি তাৰ লাজত কাণ-মূৰ গৰম হৈ গৈছিল৷ বেঁকা থুতৰিৰে কোনোমতে ঠোতাই-মোজাই সুধিছিল – ‘কিয়... কিয় ভাল লাগে মোক? মই দেখোন দেখাত তেনেই আপচু...।’ 

খিলখিলাই হাঁহি তাই তাৰ হাতখনত ধৰি কৈছিল- ‘তই যে ইমান সৰল-সহজ৷ সেই কাৰণেই ভাল লাগে৷ আাজিকালিৰ যুগত তোৰ দৰে ল’ৰা কেইটা আছে ক ?’ 

আকাশত দেখা ৰামধেনুখনৰ কেউটা ৰং সেইদিনা তাৰ দুচকুত দেখা গৈছিল৷ ঘৰলৈ আহি সেইৰাতি টোপনি অহা নাছিল তাৰ৷ কিবা এটা হ’বলৈ ধৰিছিল ভিতৰখনত৷ ৰংচঙীয়া পখিলা এটা যেন তাৰ দেহ-মনৰ ভিতৰত আনন্দত উৰি ফুৰিছিল কোনেও নেদেখাকৈ৷ দিনবোৰ বাগৰিছিল তেনেকৈয়ে৷ অলীক কল্পনাত বিভোৰ হৈ পৰিছিল সি৷ এদিন হঠাৎ কাৰোবাৰ মুখত খবৰ পালে যে টাউনৰ ঠিকাদাৰ এজনৰ লগত ৰেণুৰ বিয়া ঠিক হৈছে৷ এৰা, অকল সহজ-সৰল হৈয়ে জানো কাৰোবাক ঘৈণী কৰি আনিব পাৰি! সি বুজিলে৷ সি হজম কৰিবলৈ চেষ্টা কৰিলে কঠুৱা বাস্তৱক৷ চোতালত বহি সি ঠোঙা তৈয়াৰ কৰিয়েই থাকিল, কৰিয়েই থাকিল৷ বুকুৰ ভিতৰৰ ধুমুহাখন শাম কাটিলে নে নাই সি নিজেও খবৰ নাৰাখিলে৷ 

কেইবাদিনো ধৰি তাৰ বেমাৰ৷ ভালকৈ খাব নোৱাৰে৷ পেট বিষায়, বমি হয়৷ জ্বৰ জ্বৰ লাগে৷ গাঁৱৰ চৰকাৰী হাস্পাতালৰ ডাক্তৰে চাই ধৰিব পৰা নাই কি হৈছে৷ গেছৰ দৰব দিয়ে, বিষৰ দৰব দিয়ে৷ নাই একোতে ঠিক নহয়৷ ডাক্তৰে কৈছে টাউনলৈ গৈ ভালকৈ টেষ্ট কৰি হাস্পাতালত থাকি-মেলি চিকিৎসা কৰক৷ পিছে সিতো টাউনলৈ গৈয়ে পোৱা নাই৷ তদুপৰি ঢেৰ টেষ্ট কৰা, হাস্পাতালত থাকিবলগীয়া হ’লে থকা, খোৱা-বোৱা... লগত কোনোবা এটা যাবলৈ নোলালে টাউনৰ আওভাও নোপোৱা সি অকলশৰে যায় কেনেকৈ! ঘৰৰ মানুহকেইটাই দেখিও নেদেখা হৈ বুজিও নুবুজা হৈ বহি আছে৷ কেইবাদিনো ধৰি শোৱাপাটীখন নুৰিয়াই থ’বলৈকো শক্তি নাই তাৰ গাত, যেনেকৈ মেলিছিল, সেই ভাঁজেই তাত পৰি ৰৈছে সি৷ ককাই-বাইৰ সৈতে চোতালত বহি দুই এক চুবুৰীয়াই তাৰ বিষয়ে কৰা আলোচনাৰ টুকুৰা-টুকুৰি কথা উফৰি আহি তাৰ কাণতো মাজে মাজে পৰিছেহি৷ কোনোৱে কৈছে – ‘কিবা ডাঙৰ বেমাৰেই লম্ভিলে নেকি? এইবোৰ বেমাৰৰ চিকিৎসাৰ বহুত খৰচ৷ তহঁত দেউলীয়া হৈ যাবি কিন্তু?’ 

কোনোৱে কৈছে – ‘ৰাতি-বিয়লি বেয়া বস্তু গিলাৰ অভ্যাস আছে নেকি বাৰু তাৰ?’ 

কোনোৱে আকৌ পুতৌ কৰি কৈছে– ‘শৰীৰটোৰ ধৰফৰণিবোৰ ক’ত যাব? ডেকা হৈছে, বেঙা হওক, কোঙা হওক ধৰফৰণিবোৰতো বাহিৰ ওলাব খুজিবই৷ সেয়া বা বাহিৰ উলিয়াব জানে নে নাই ই! কিজানি সেইবাবেই পেটৰ বিষ উঠিছে!’

কথাবোৰ বতাহত ঘূৰি থাকে৷ তাৰ কেঁকনি-গেঁথনিৰ সৈতে সেইবোৰ পাকঘূৰণি খাই খাই এটা সময়ত তাৰ মাজতেই বিলীন হৈ যায়৷ এদিন এটা গোমা ডাৱৰীয়া পুৱা সি নিথৰ হৈ পৰিল৷ দহটা কথাৰ ভিতৰত পাঁচটা কথাই বুজি নোপোৱা, সহজ-সৰল, মনপুতি কাম কৰা ডেকা ল’ৰা এটাই চিৰদিনৰ কাৰণে কঠুৱা পৃথিৱীখনৰ পৰা বিদায় মাগিলে৷ সেই কথাক লৈ দুখ কৰোঁতা কোনো নোলাল৷ বৰঞ্চ ঘৰখনৰ কেউটা প্ৰাণীয়ে যেন সকাহৰহে উশাহ ল’লে৷ একেবাৰে যিকেইটা নিয়ম নকৰিলে পাপে চোৱাৰ ভয় কোনোমতে সেইকেইটা কৰি তেওঁলোক লৰালৰিকৈ উদ্ধাৰ হ’ল৷ 

আজৰি-পিজৰি হৈ সেইদিনা চোতালতে মূঢ়া পাৰি ঘৰৰ কেউটি প্ৰাণীয়ে লালচাহ একাপ একাপ লৈ বহিল৷ চাহত হোপা মাৰি বাপেকে ভেকাহি মাৰি ক’লে –‘শুদা চাহসোপা খাব পাৰিনেকি? বিস্কুট ক’ত?’ 

কথা শুনি ইটোৱে সিটোৰ মুখলৈ চালে৷ ঠোঙা বেচা পইচাৰে চাহৰ লগত খোৱা বিস্কুট, মুড়ি, চানাচুৰৰ ব্যৱস্থা সদায় সিহে কৰিছিল৷ বাকীবোৰে সেই লৈ চিন্তাই কৰিব লগা হোৱা নাছিল৷ বায়েকে আঁৰ চকুৰে লেতেৰা হৈ থকা চোতালখনলৈ চাই ভাবিলে এতিয়া চোতাল সৰাৰ পালটো তাইৰ মূৰৰ ওপৰতে পৰিব চাগে আৰু! ইমানদিনে সিহে কৰি আছিল৷ ককায়েকহঁতে মনে মনে পইচা হিচাপ কৰি চালে৷ পাক্‌ঘৰৰ বাবেও শাক-পাচলিবোৰ তিনিআলিৰ বজাৰৰ পৰাই কিনি আনিব লাগিব চাগে৷ কাৰণ পিছফালৰ বাৰীৰ শাক-পাচলিবোৰ যতন নাপাই মৰিয়ে গৈছে৷ ইমানদিনে সিহে যতন লৈ লৈ বাৰীখন কৰিছিল৷ বাপেক, বায়েক আৰু ককায়েক দুটাই শুদা চাহকাপ খাই খাই চোতালতে বহি থাকিল নিশ্চুপ হৈ৷ থমথমীয়া পৰিৱেশটোত ঘৰৰ কোনোবা নহয় কোনোবা কোণত ভুমুকিয়াই থাকিল ভৰি চুটি, বেঁকা থুঁতৰিৰ এক অদৃশ্য অস্তিত্বই৷  

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ