নীলোৎপল বৰুৱা
চক্ৰৰ বিষয়ে
জনাৰ আগলৈকে শ্ৰীচক্ৰধৰ নাথ, পিতা ৺ ডিম্বধৰ নাথ, সাং- লাচিমৰ চুক, মৌজা-চুকাপথাৰ, এজন পুৰামাত্ৰাৰ সৰলৰৈখিক ব্যক্তি আছিল। যেন এটা চিধা পকা আলিত চলি থকা
চিকচিকিয়া বাছগাড়ী এখনৰ যাত্ৰী। ‘ইতি আপোনাৰ একান্ত
বিশ্বাসী’ শৈলীৰ। জীৱনৰ পৰ্যায়বৃত্ত অথৱা আৱৰ্ত গতি সম্পৰ্কে
তেওঁৰ তিলমানো ধাৰণা নাছিল।
শৱদেহৰ ভিৰৰ পৰা বাচিবলৈ চৈধ্য বছৰ বয়সত তেওঁৰ বাওঁ বুকুত স্তনবৃন্তৰ ঠিক তলতে কটা
দাগ এটা পৰিছিল। ঠিক ধনু এখনৰ দৰে। পকা শ’ল ধৰিবলৈ ভেকুলীৰ টোপ
লগোৱা বৰ বৰশীৰ কাঁইটে ফলা অৰাজনৈতিক দাগ। (তদানীন্তন সময়ত কটা-ছিঙাৰ অৰাজনৈতিক দাগ নিশ্চিতভাৱে ভাগ্যৱানৰ দেহাতহে পোৱা গৈছিল। নতুবা
নেতা শ্ৰেণীৰ জাতীয়তাবাদীসকলৰ গাত। অৱশ্যে দ্বিতীয় খলপাৰ যাত্ৰীসকলৰ বাবে দাগ এটা
বিশ্ৰী বিষয়। দাগ থকা মানুহ এনেয়েও ৰজা হোৱাৰ নজিৰ নাই।)
সাত বছৰ বয়সৰ
মুনুমাহীৰ সংঘটন, চৈধ্য বছৰৰ বৰশীৰ দাগ আৰু আঠাইছৰ আজলী
দেৱীৰ আগমন- এই নিৰ্দিষ্ট আৰু শক্তিশালী ঘটনাগুচ্ছৰ আৱৰ্তন হওক হওক বুলি ৰৈ থকাৰ
পাছতো নোহোৱাত, তেওঁৰ জীৱনৰ চক্ৰৱৎ গতিৰ বিষয়ে নজনাটো
স্বাভাৱিক আছিল।
বাকী, শ্ৰীচক্ৰধৰ নাথে জীৱনটোক ডাব’ল ডেকাৰ বাছ এখনৰ যাত্ৰা বুলিয়েই ধৰি আছিল। ... আৰু এই দুনীয়াদাৰীৰ তামাম আদমজাত তাৰ যাত্ৰী।
মহাশূন্যৰ পৰা
মহাশূন্যলৈ অহা-যোৱাৰ মাজত কণমানি অপ-ক্ষিতিৰ জগতখনত চুটি বাট এটাত টুপুককৈ ‘মদন-মোহন’
অথৱা ‘মা তিলোমাই’ নামৰ
বাছ এখনত উঠি দিছে।
আপুনি যদি ঘৰধৰা
আৰু নিপুণ সংসাৰী হয়, পানীৰ বটল এটা লগত লৈছে। বমি নহ’বলৈ নেমু পাত দুটা। অযথা প্ৰস্ৰাৱৰ বেগে যাত্ৰা নষ্ট নকৰিবলৈ পানী কমাই
খাইছে। যিকোনো অৰুচিশীল, অপচন্দ অথৱা অমাৰ্জিত বিষয়ৰ পৰা হাত
সাৰিবলৈ সহযাত্ৰীলৈ চাই যাষ্ট্ মিচিকিয়া হাঁহি এটা মাৰি মুখখন ঘুৰাই লৈছে। ‘ছিটকেইটা অলপ সৰু, দুজনৰ কাৰণে বৰ এটা কমফ’ৰ্টেবল নহয়’ বুলি কৈ অলপ লৰচৰ কৰি নিজৰ ঠাইকণ আৰামদায়ক কৰি লৈছে। এক ইঞ্চিমান ফাক কৰি বতাহ আহিব পৰাকৈ খিৰিকিখন খুলি লৈছে। বেছিকৈ খুলিলেই বিপদ। ধূলি আৰু ধোঁৱাই যাত্ৰাৰ আনন্দ নষ্ট
কৰিব। ম’ষ্টলি তৃতীয় বিশ্বত।
বছ্ ...!!
আয়াসেৰে যাত্ৰা
আৰম্ভ কৰি দিছে। আপোনাৰ কাষৰে বেগৰে পাৰ হৈ যাবলৈ আৰম্ভ কৰিব চেপেটা পৃথিৱীখন।
সৌৱা... সৌৱা... ক্ৰমে
অপসৃয়মান হৈ দূৰৈত নেদেখা হৈ গ’ল বিপিনৰ গেলামালৰ দোকানৰ ওপৰত লগোৱা
হামিদ বিড়িৰ সুদৃশ্য হৰ্ডিংখন। পৃথিৱীৰ সমস্ত আহ্লাদ কেঁকোৰা চুলিত লৈ নায়িকাগৰাকীয়ে বিড়ি হুপি মহান হোৱা নায়কৰ কান্ধত ভেজা দি ৰৈ আছে। নায়কৰ চকুত ছিৰিয়াৰ
শৰণাৰ্থী শিশুৰ বাবে কোটি টকা অনুদান দি উঠাৰ সন্তুষ্টি।
ৰেল’ৱে ক্ৰছিংটোৰ কাষৰ গাৰ্ডৰ ক্ষুদ্ৰ কোঠাটোৰ পৰা ইফালে সিফালে সন্দিগ্ধ দৃষ্টিৰে চাই ততাতৈয়াকৈ ওলাই গৈছে ৰঙা শাড়ী পিন্ধা ত্ৰিছোৰ্ধ নাৰী এগৰাকী। পিছে পিছে ওলাই আহিছে বিহাৰী গাৰ্ডজন। ফুৰুৎকৈ তপা মূৰেৰে পাৰ হৈ যোৱাজন নৰহৰি কলিতা। প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টিৰ এটা সময়ৰ ষ্টেট লেভেলৰ বিষয়ববীয়া। তেওঁৰ পক্ষাঘাতত মৰি যোৱা বাওঁ গালখন আৰু কাঁটা-তাঁৰেৰে বান্ধি থোৱা পাওৰুটি যেন কলিজাটো আপুনি দেখা নাপাব।
সমবায় দোকানখনৰ
সন্মুখত চাইকেলত বান্ধি অনা টেপ লগোৱা কেৰাচিনৰ ড্ৰামৰ তলত লানি লানি গেলন। সদায়
শাৰীৰ প্ৰথমতেই গেলনটো পাতিবলৈ সক্ষম হোৱা সৌৱা অশ্বঘোষ দস্তিদাৰ। এবাৰ তেওঁক ‘উদ্বাস্তু’
বুলি জোকাই চাওকচোন। ...ত’ৰ বাবা উদ্বাস্তু,
ত’ৰ মা উদ্বাস্তু... ত’ৰ
গুৰি গোষ্ঠী উদ্বাস্তু... শালা, আমাৰে উদ্বাস্তু কচ... বুলি
আপোনাক কুকুৰপিটা গালি দি দিব। অথচ ঊনসত্তৰত মৈমনসিঙৰ পৰা টালি-টোপোলা লৈ অহা
শৰণাৰ্থী দস্তিদাৰৰ কান্ধত বহি থাকে মানচিত্ৰৰ ভূত।
ক্ৰমে স্পষ্ট হৈ
আহিছে আদিবাসীসকলৰ অ’হিৰা খেলিবলৈ ওলোৱা দলটো। উৎকট গৰমৰ মাজতে
ভালুকৰ পোছাক পিন্ধাজনে মাদলৰ চেৱে চেৱে নাচিছে। তলত পটলুং আৰু ওপৰত কেফিয়াৰ দি
বনোৱা মুকুটেৰে এটা বিসদৃশ জাম্বৱন্ত। পুলিচৰ টুপী এটা আৰু মলিন ধূতী পিন্ধা
বৃদ্ধজনৰ সুহুৰিৰ শব্দত মাদলৰ তাল সলনি হৈছে। চ্ছুব্বেই... চ্ছুব্বেই... চ্ছুব্বেই!!
সেইখনেই... হয়... হয়
সেইখনেই...
তামোলৰ লানিয়ে
বেৰ দি ৰখাৰ দৰে সেউজীয়া ঠাইডোখৰ। সেইখন গাঁৱতে মুনুমাহী পৰিছে।
হয় হয়। সেইখন
মিলিটেৰীয়ে গজাল সুমুৱাই দিয়া আঙুলিৰে পিঠিত গুলীয়ে চুই যোৱা দাগ লৈ মুনু মাহীৰ
দেওৰেকৰ গাহৰিৰ কটা মঙহৰ দোকানখন। তালপাতৰ ছালিখনত কাঠফুলাও আপুনি স্পষ্টভাৱে দেখিছে।
অনবৰতে কাণদুখনত ৰিং ৰিং বাজি থকা দেওৰেকজন নাই তাত। হঠাতে অলপ
লেলাৱতি আপোনাৰ কাণৰ তলৰে বৈ যোৱা যেন পাব। এইটো অৱশ্যে চক্ৰধৰ নাথৰ একান্ত
ব্যক্তিগত ফিলিং। নিতান্তই নিঃসংগভাৱে তেওঁ বিষাদৰ কৃষ্ণগহ্বৰ এটাত সৰি পৰিব।
তেনেতে হেণ্ডিমেনজনে বাছখনৰ কলগানটো বজাই দিছে। বাছখনৰ আগফালৰ পৰা পিছফাললৈ বৈ আহিছে- ‘হনুমান সাগৰ বান্ধা চাঁউ... সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাঁউ হে’...
পৰস্ত্ৰী
উদ্ধাৰৰ বাবে জীৱন পাত কৰা বান্দৰসকলৰ অৰ্থে দুই একে স্তুতিপাঠ কৰিলে বিৰবিৰাই।
বাছখন ৰৈ গৈছে।
কাকো একো আমনি নকৰাকৈ একৈছটা বছৰে হাপানীত ভুগি থকা ল’ৰাটো
নিশঃব্দে নামি দিছে। ‘এৰিছো দেই, আকৌ
লগ পাম কেতিয়াবা’ বুলি কৈ যাবলৈকো কাষৰ আসনখন খালী।
ছাৎ ছাৎকৈ
জলছবিৰ দৰে অলেখ ঘটনাক্ৰম পাৰহৈ যাব। আপুনি গমেই নাপাব। তাৰ মাজতে গধুৰ লোকাপাৰ
পিন্ধি দীৰ্ঘম্যাদী যৌনক্ৰিয়াৰ সন্তুষ্টিৰে বাঢ়ি অহা উদৰ লৈ দামী ছুইডিছ গাড়ী এখনত
আপোনাৰ প্ৰাক্তন প্ৰেমিকা পাৰ হৈ যাব। এক মুহূৰ্ত, আপুনি বিমৰ্ষ হ’ব। এটা লহমা। তেওঁলোক নেদেখা হোৱাৰ লগে লগে সেই যন্ত্ৰণা অদূৰত বিলীন হৈ
পৰিব।
লাহে লাহে বিয়লিৰ গোন্ধ এটা সোমাব খিৰিকিৰ বতাহেদি। আপুনি দেখি থকা খিৰিকি আকৃতিৰ কেনভাছখনে ধূসৰ বৰণ ল’ব। হয়তো জাক পাতি অহা বগলীৰ জাক এটা দেখিব। ভেৰি নেশ্বাৰেল ... ভেৰি নেশ্বাৰেল। জাকত অহা বগলীৰ জাকে আকৌ আপোনাক একাকী ভাব এটা দি দিব। পচিবলৈ ধৰা নৰা আৰু নিয়ৰে সেমেকাই নিয়া ধূলিয়ৰি গোন্ধ এটাই বহু সময় আপোনাক গৰুখূঁটি এটাত বহুৱাই থ’ব। উৰি ফুৰা কথা কোৱা পখিলা, ভাগ্যৱান হ’লে দূৰৈত দেখা শুকুলা হাতীৰ দল এটা, অথৱা মোহিনী নাৰীৰ ৰূপ ল’ব পৰা অশৰীৰি যখিনী নতুবা দেখ-নেদেখ বুঢ়া ডাঙৰীয়াই আপোনাৰ কেনভাছখন ঐন্দ্ৰজালিক কৰি তুলিব পাৰে। এনিথিং কেন হেপেন ইন আ লং ৰাইড, মঁচ্যিয়ে... এনিথিং কেন হেপেন!
শেষ ষ্ট’পেজ আহিছে। ঢাক্কা-ঢাক্কি নকৰাকৈ নিশঃব্দে নামি দিছে। শেষ। নমাৰ পাছতে আপোনাৰ আসনত অন্য কোনোবা বহি পৰিছে।
চক্ৰধৰ নাথৰ মতে
জীৱনটো সিমানেই।
মাত্ৰ বাছখন ডাব’ল ডেকাৰ হ’ব লাগিব। ... আৰু তেওঁ দ্বিতীয়টো খলপাত বহিব।
এইটো তেওঁৰ একান্তই নিজৰ ধাৰণা। হাজাৰ হাজাৰ লিটাৰ আঙুৰৰ চোকা মদ আৰু সহস্ৰ চুম্বন শেষ কৰি জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ হৈ পৰা কোনোবা উন্নাসিক দাৰ্শনিকে যা-তা ক’লেও, চক্ৰধৰ নাথ নিজা তত্ত্বত অটল আছিল।
চক্ৰধৰ নাথৰ ডাব’ল ডেকাৰ বাছ-তত্ত্ব তেনেই সৰল। ষ্ট’পেজ অনিৰ্ধাৰিত, বাট অনিশ্চিত, সহযাত্ৰী অচিন, মাত্ৰ খিৰিকিৰে দেখা চেপেটা পৃথিৱীখন নিজৰ। দ্বিতীয় খলপা চক্ৰধৰ নাথৰ নিজৰ ৰাজনৈতিক পচন্দ। বৃদ্ধ আৰু অসংলগ্ন ঈশ্বৰৰ প্ৰতি অহৈতুকী আবদাৰ।
চক্ৰধৰ নাথে (চক্ৰকান্ত, চক্ৰলাল, চক্ৰেশ্বৰ, চক্ৰমণি আদি বহুকেইটা ধ্বনিব্যঞ্জনা চাকি চোৱাৰ পাছত চক্ৰধৰ নাথে মোটামুটি ‘চক্ৰ কুমাৰ’টোত সামান্য পচন্দ প্ৰদৰ্শন কৰিব পৰাৰ বহু আগতেই ‘চক্ৰধৰ’ নিৰ্বাচিত হৈ গৈছে। ‘চক্ৰধৰ’ কোনো কাৰণতেই দ্বিতীয় খলপাৰ যাত্ৰীৰ নাম হ’ব নোৱাৰে। অলৱৎ নোৱাৰে। কিন্তু ই এটা আৱশ্যম্ভাৱী ঘটনা আছিল। ঠিক শুকান আখৰোট এটা কোব মাৰি দিলে চিনে চিনে ফাটি যোৱাৰ দৰেই।) যেতিয়া জীৱনত প্ৰথম বাৰৰ বাবে ডাব’ল ডেকাৰ বাছ দেখিছিল তেতিয়া চুকাপথাৰৰ মানুহবোৰ শ্বাহ আৰু খোমেইনীৰ ভিতৰত কাক নিজৰ অনুকম্পা যাচিব, তাক লৈ ব্যতিব্যস্ত আছিল। নাইবা পকাৰ বেঞ্চখনত খালী দেহাৰে পৰি থকা গুৱেভাৰাৰ নিথৰ শৱদেহলৈ শেষ বিদায় আৰু বাটিষ্টাক অভিশাপ দিয়াত লাগি আছিল।
ঠিক সেইখিনি
সময়তেই বাছ তত্ত্ব তেওঁৰ ভিতৰলৈ সোমাই গৈছে।
মোমায়েকৰ
চাইকেলৰ ফ্ৰেমত বন্ধা গাৰুটোত বহি খৰে খোৱা ভৰিখন ওলমাই চক্ৰধৰ নাথ দূৰৈৰ বৰফৰঙী
পৰ্বতখন ধিয়াই গৈ আছিল। চাইকেল ঠেলি ঠেলি মোমায়েক। বায়েকৰ দীৰ্ঘকালীন অনুপস্থিতিত
গাঁৱত হোৱা বহুকেইটা ঘটনাৰ চুটি চুটি
সংবাদ তেওঁ পিছফালে দূৰৈত অনুসৰণ কৰি অহা বায়েকক দি আছিল। মৰমৰ সৰুফুটীয়া এনিমিয়াত
ভোগা বায়েকে খোজৰ তাল মিলাব পৰা নাছিল অথচ বাৰ্তাবোৰ হেৰুৱাবও খোজা নাছিল। তেওঁৰ
হাতত ওলমি আছিল এটা ভেঁকুৰ উঠি বিৱৰ্ণ হোৱা ক’লা চামৰাৰ বেগ।
তাত থকা আটাইতকৈ মূল্যৱান সম্পদবোৰৰ ভিতৰত
আছিল জোৰোণত দিয়া হালধি লগা ৰুমাল বন্ধা সৰু চুৰী এখন, লতি
বাবা থানত নিৰ্মালি হিচাপে পোৱা শুকাই কটুৰ হোৱা বগা ভেটফুলটো। পূজাৰীজনে
ফুচফুচোৱাৰ দৰে কৈছিল- সৰ্বদোষ, পাপ-ত্ৰিপাপ, অমংগল... সকলো ক্ষয় কৰিব আই... সকলো ক্ষয় কৰিব... মাত্ৰ বাবাক লগত ৰাখিবা... শিৰত চড়াই
ৰাখিবা...
একান্তই নিজা
নিভৃত কুঠৰী বুলিবলৈ আয়েকৰ সেই চামৰাৰ বেগটোৰ বাদে আন একো নাছিল..। তাত আৰু
দুটামান বিৱৰ্ণ বস্তু আছিল, যিবোৰৰ পাঠোদ্ধাৰ চক্ৰধৰ নাথৰ কৰা নহ’ল। শীৰ্ণকায় হাতখনত ওফন্দি থকা সিৰা আৰু ছাই ঘঁহি ঘঁহি বিৱৰ্ণ হৈ যোৱা
আঙুলিৰে তেওঁ কচুথোৰ আৰু কণবিলাহীৰে এখন অনবদ্য আঞ্জা ৰান্ধিব জানিছিল। যাৰ
প্ৰশংসাই তেওঁক অবতৰতো সলজ্জ আৰু ৰঙচুৱা কৰি তুলিছিল। সেই ৰক্তাভতাৰ পৰিমাণ চহৰত
চাকৰি কৰা খুৰাৱকৰ ল’ৰা দেওৰেকে কৰা প্ৰশংসাৰ সময়তেই আটাইতকৈ
বেছি আছিল। চক্ৰ নাথৰ জীৱনকালত নীতু খুৰা ঘৰলৈ অহা দিনকেইটাতে মাকক আটাইতকৈ বেছি
ভাল দেখিছিল। যেন কোনোবা ক্ৰুৰ চিকাৰী এজনে পোহৰৰ কঠিন লডা এটা মাৰি পঠিয়াইছিল মাকৰ
মুখলৈ।
বৰফবৰণ পৰ্বতটো পোৱাৰ বহু আগতেই মোমায়েকৰ ঘৰ। কেঁচা শৌচালয়, চতিয়না ফুল আৰু এৰী পলুৰ মিশ্ৰিত গোন্ধ এটাৰ মাজত থমথমকৈ এটা মাতুল গৃহ। বৰ আৱেশময়।
সন্ধ্যালৈ চাহ
বাগিচাৰ মাজে মাজে খোজ কাঢ়ি কাঢ়ি তেওঁলোক বাগান চিনেমা চাবলৈ গৈছিল। খেল পথাৰ এখনৰ
মাজত পৰ্দা এখন তৰি তাতে কালী পূজাৰ সৈতে সংগতি ৰাখি চিনেমা প্ৰদৰ্শন কৰিছিল।
হিমৰ পাতল
প্ৰলেপ লাগি থকা চাহগছৰ পাতৰ মাজে মাজে শৰণাৰ্থীৰ দৰে গৈ তেওঁলোক খেলপথাৰখনত উপস্থিত হৈছিল। আহ্... এখন
চিকুণ নৰক। চৌপাশে জলমল।
যেন দীঘলীয়া যাত্ৰাৰ অন্তত ৰাতি দুপৰত বাছখন এটা ষ্ট’পেজত ৰৈছে। চাৰিওফালে উন্মুখ পোহাৰী আৰু বণিকৰ চিকমিকিয়া বেহা।
ঝাণ্ডি-মুণ্ডাৰ
বিভিন্ন চিহ্ন অঁকা গুটিবোৰ আৰু চামৰাৰ চুঙাকৃতিৰ বাকচটোৰ ঘঁহনিৰ শব্দ। মাজত পাৰি
থোৱা লালপাণ কালাপাণৰ চিহ্ন অঁকা পানীকাপোৰখনৰ
ওপৰত ডাইচ পেলোৱাৰ শব্দ। লগে লগে ভাহি অহা বিজেতাসকলৰ কিৰিলি আৰু হেৰুউৱাসকলৰ
দীৰ্ঘশ্বাস। জীৱিতসকলৰ উদযাপনৰ হৰ্ষোল্লাস।
ক’ৰবাত
গাহৰি মঙহ পুৰিছিল। গোন্ধ এটাই ঢৌৱাই গ’ল। মনোহাৰী দোকানকেইখনৰ কাষতে সৰু গ’লিটোৰে অকণমান গ’লেই অলপ এন্ধেৰুৱা ঠাইকণত
দেশী মদৰ বেহা। বিভিন্ন আকৃতিৰ পাত্ৰত ঘৰুৱা মদ লৈ বহিছে বয়স্কা নাৰীসকল।
প্ৰতিগৰাকী পোহাৰীৰ কাষে কাষে সৰু সৰু চাঙত দ’মাই থোৱা ভজা
পাপৰ আৰু কণী সিজাই ৰঙাকৈ ভাজি বেচা দোকান। হালধি দি সিজোৱা প্ৰায় গলিবলৈ ধৰা
মটৰমাহৰ ওপৰত ডাঠকৈ ছটিয়াই থৈছে মিহিকৈ কুটা ধনীয়া পাত। ষ্টিলৰ চৰিয়াত ৰঙা ৰঙা
কণী। মাহৰ দ’মবোৰ দোকানীজনৰ শিল্পময়তা নিৰ্ভৰ। কোনোবাই
উত্তুংগ, কাৰোবাৰ বৰ্তুলাকৃতিৰে সাজিছে। সিজোৱা বুটমাহৰ পৰা
ধোঁৱা বলি আছে।
নিজৰ
সৰ্বোৎকৃষ্ট পোছাকযোৰ পিন্ধাৰ আনন্দৰে পাটগাভৰু আৰু পাতলীয়া বীৰ্যৰ অসহ্য
থিৰথিৰনি তলপেটত লৈ গোঁফ ঠুটিউৱা কিশোৰসকলে ঠাইডোখৰক এখন যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰি
তুলিছে। মৃত চুমা আৰু যৌৱনৰ প্ৰেতাত্মাই তেওঁলোকৰ ওপৰত ভৰ কৰিছে।
এই সকলোৰে পৰা
দূৰৈত টিনৰ চালি এখনত অকলশৰে কালী দেৱী আৰু পূজাৰীজন। কালীৰ সৈতে বহু বছৰীয়া
ঘনিষ্ঠতাৰ সুবাদত খুব আয়াসেৰে কেঞা আঙুলিত বান্ধি থোৱা দুবৰিৰ মুঠাটো লৰাই লৰাই পুৰোহিতজন বহি আছে। তেওঁৰ মুখখন দেখিলে এনেকুৱা লাগে
যেন কালীয়ে তেওঁক এইমাত্ৰ কৈ উঠিছে ব্ৰহ্মাণ্ড বিনিৰ্মাণৰ পুৰাতন কাহিনী। কিবা এটা অতি গুপুত কথা কৈ হঠাতে নিজকে
সম্বৰণ কৰি জিভাখন উলিয়াই দিছে। প্ৰচণ্ড অহঙেৰে পূজাৰীজনে সেৱা ল’বলৈ অহাসকলক যান্ত্ৰিকভাৱে আশীৰ্বাদ আৰু নিৰ্মালি
প্ৰদান কৰিছে। এবাৰলৈকো তেওঁ সেৱকীসকলৰ মুখলৈ চোৱা নাই।
অলেখ অযুত হট্টগোল আৰু বিশৃংখলতাৰ মাজত বিস্তীৰ্ণ খেলপথাৰখনৰ মাজত শ্ৰীচক্ৰধৰ নাথ বহি আছিল মুনুমাহীৰ গাত গা লগাই। পথাৰখনৰ মাজত তৰি থোৱা বগা পৰ্দাখনত আৰম্ভ হৈছিল চিনেমা। প্ৰচণ্ড হৰ্ষোল্লাস কিম্বা গৰম নিশাহৰ মাজত পৰ্দাখনত আগবাঢ়িছিল মায়াকল্প। কি অদ্ভূত আৱেশত বহি আছিল চক্ৰধৰ নাথ। মুনুমাহীৰ তপত উশাহ, চকৰী ফেটীৰ দৰে কিলবিলিয়া হাতখনে মুচৰি আনিছিল কুমলীয়া যৌনাংগ। লেলাৱতী বৈ আহিছিল কাণৰ কাষেৰে। অনামী আৰু মিশ্ৰিত অনুভূতিৰ মাজত চক্ৰধৰ নাথ ওপঙি আছিল।
ঠিক তেতিয়াই
ঠিক তেতিয়াই
চক্ৰধৰ নাথে জীৱনত প্ৰথম বাৰৰ বাবে ডাব’ল ডেকাৰ বাছ দেখিছিল। নায়িকাৰ হিংসুক পিতাকে পঠিয়াই দিয়া গুণ্ডাৰ হাতত ভুলুণ্ঠিত নায়ক। পৰপুৰুষৰ আৱেষ্টনীত ছটফটাই থকা নায়িকাৰ ক্ৰোধ...। গলি বৈ অহা কাজলৰ ৰেশ... পুখুৰীৰ দৰে চকুত জ্বলাই চাৰখাৰ কৰি দিব পৰা জুই... আউল বাউল চুলিৰ আন্ধাৰ...
... একবেণী জপা কৰ্ণপুৰা নগ্না খড়াস্থিতা...
লম্বৌষ্টি
কৰ্ণিকাকৰ্ণী তৈলভ্যক্তশৰীৰিণী..
আহাহাহ...
কি উষ্ণতাই গলাই
নিছিল চক্ৰধৰ নাথক। কি উষ্ণতা কি উষ্ণতা।
গুণ্ডাৰ দলটোক ধূলিত মিলাই যেতিয়া নায়কে হাতখন খামুচি ধৰিছিল নায়িকাৰ আৱহত সহস্ৰ বীণা একেলগে বাজি উঠিছিল...
চাৎকৈ অৰ্গেজম
হৈ যোৱাৰ দৰে মুখভংগিমা এটাৰে নাকফুলি পিন্ধা নায়িকাই সলজ্জভাৱে মুখ ঘুৰায়!
তৎকালীনভাৱে
দৃশ্যপট সলনি হয়।
জিলিকা আৰু
শুকুলা পৰ্বতময় ধুনীয়া ঠাই এডোখৰত হালধীয়া ৰঙৰ পেণ্ট পিন্ধা আৰু চামৰাৰ ক’লা
জেকেট পিন্ধা নায়ক আৰু উন্মুক্ত নাভী প্ৰদেশেৰে নায়িকা।
মোমায়েকে ভজা
পাপৰ ভাঙি দি বনোৱা ভজা বুটৰ টোপোলা এটা দি যায়। সচেতনভাৱে সলনি হয় মুনুমাহীৰ
শৰীৰ সজ্জা। ক’লা নিমখ আৰু জালুকৰ গুড়িৰ লগতে কেঁচা জলকীয়াৰে ভজা বুট
চোবাই চোবাই চক্ৰ নাথ নিমগ্ন হয় ৰূপালী পৰ্দাত।
দৃশ্য সলনি হয়। চিকচিকিয়া ক’লা ৰাজপথ এটাত দেখা যায় এখন ৰঙা ৰঙৰ ডাব’ল ডেকাৰ বাছ। চিকুণ। ষ্টিলৰ হাতলমাৰিবিলাকে ৰহণ চৰোৱা। কেমেৰা বাছৰ ভিতৰলৈ যায়। নায়ক-নায়িকাক প্ৰথম খলপাত দেখা যায়। খিৰিকিৰে মূৰ উলিয়ায় নায়কে। পিছৰ খিৰিকিত নায়িকাৰ মূৰ। আৱহত সমলয়। বাহিৰত লানি লানি বৰফৰ পৰ্বতমালা। অচিনাকী অথচ সুদৃশ্য গছ আৰু ৰঙীণ ঘৰবোৰ। মৃদু বতাহত কঁপিছে নায়িকাৰ কুঞ্চিত অলকা। (স্বাভাৱিকতে ধূলি আৰু ধোঁৱা থাকিব লাগিছিল। নাই। নায়িকাৰ মুখমণ্ডলত বালিৰ এক বিন্দুও ৰেশ নাই।)
মহাজাগতিক কেলক্যুলেশ্যনৰ পৰা উদ্ভূত হোৱা তিলমানো আশংকা অথৱা জড়তা নাছিল নায়ক নায়িকাৰ মুখত। ইমান মুকলি। আড়ষ্টতাহীন।
মন্ত্ৰমুগ্ধৰ
দৰে প্ৰথম খলপাৰ তামাম যাত্ৰীয়ে একেথৰে চাই আছে তেওঁলোকক। বিমুগ্ধ দৃষ্টি। নতজানু।
সন্মোহিত। চক্ৰধৰ নাথে প্ৰেমিকযোৰৰ পৰা দৃষ্টি আতৰাই বাছখনত বহি থকা যাত্ৰীসকলক
চাই যায়। ডাঠ আৰু দগধা ঊণৰ জীৰ্ণ টুপী এটা পিন্ধা অনুৰ্বৰ বৃদ্ধ। মুখাৱয়ব চকুত লগা
যদিও জীৱন যুদ্ধত পৰাজিত সৈনিকৰ গ্লানি মূৰ্ত। দুই ভৰিৰ ফাকত বাৰ্ণিচ কৰা কমদামী
লাখুটি। নিশ্চিতভাৱে সেয়া চিনেমাৰ প্ৰপচ্ নহয়। তেওঁৰ নিজস্ব। কাষত ধূসৰ স্কাৰ্ট
পিন্ধা প্ৰৌঢ়া, মুৰত বাবৰি ফুলৰ দৰে ধোঁৱাবৰণীয়া চুলি। মেকআপ
আৰ্টিষ্টে ৰুজ আৰু পাউডাৰৰ দুটামান পাফ্ মাৰি ‘হ’ব যাওক’ বুলি আঁতৰাই পঠাইছে।
ঢেৰেহা পেটেৰে
মুখত দৰিদ্ৰতাৰ ছাপ লৈ কৃষ্ণাঙ্গ এজন। বাছখনৰ পৰিচালক বহাৰ আগৰ শাৰীটোত বহিছে। তেওঁ
আচৰিত হৈছে তৃতীয় বিশ্বৰ নাৰী-পুৰুষৰ লাউড আৰু পদ্যময় প্ৰেমাৰতিত। হাকি মুচুম্বাৰ
(স্বাহিলি নাম, এনেই ধৰি লোৱা হৈছে। মুচুম্বাৰ অৰ্থ -মৰমৰ জন, বাকদত্ত, প্ৰেমিক) মতে নায়িকাগৰাকী নায়িকা হ’বৰ উপযুক্ত নহয়েই। কোনো কাৰণতেই নহয়। ইমান ক্ষুদ্ৰাকৃতিৰ নিতম্বৰ জোখেৰে তেওঁ কোনো কাৰণতে সুন্দৰীৰ
তালিকালৈ উত্তীৰ্ণ নহয়।
মহিলাৰ বাবে
সংৰক্ষিত আসনৰ প্ৰথম শাৰীত বহাগৰাকী শীৰ্ণকায়া আইৰিশ্ব্ যুৱতী। নাকৰ তলৰ তিলটোৰ সৈতে
তাই একদম দৰিদ্ৰসকলৰ মেৰিলীন মনৰ’। দীঘল কুন্দত কটা ভৰি এহাল আৰু নিমজ
উদৰপ্ৰদেশ লৈ ঘৰৰ পৰা ওলাই আহিছিল কথাছবিৰ নায়িকা হ’বলৈ। যেতিয়া তাই বুজিছিল যিখিনিক তাই সম্পদ বুলি ভাবি নিজৰ ঠাইখনত গৰৱিনী
আছিল, সেইখিনিৰ উপৰি আৰু বহুত কিবাকিবিৰ প্ৰয়োজন নায়িকা হ’বলৈ। বিভিন্ন প্ৰকাৰৰ শৰ্কৰাযুক্ত খাদ্যশস্যৰ গ্ৰুয়েল আৰু শুকান পাওৰুটি
তাইৰ নিয়মীয়া খাদ্য তালিকা। তাইক বিমৰ্ষ দেখা গৈছে। পুৱাই খোৱা চেণ্ডউইছ এখিলাৰ বাদে তাইৰ পেটত আন
একো পৰা নাই। শেঁতা পৰা ঘেঁহুৰ বৰণৰ নায়িকাগৰাকীৰ ফালে চাই তাই এক মুহূৰ্ত ভাবি উঠিছে- আ.হা.হা. তৃতীয় বিশ্বত যদি জন্ম ল’লোহেঁতেন, ময়েই নিশ্চিত নায়িকা। ময়েই। তৃতীয় বিশ্বত জন্মৰ এটা আয়োজনহীন ভাব লৈ
স্মিত হাঁহি এটা বিৰিঙাই নীৰৱে বহি আছে আচহুৱা সাংগীতিক তালৰ মাজত।
পুনৰ সলনি হৈছে
ফ্ৰে’ম।
নায়ক-নায়িকা এইবাৰ ওপৰ খলপাত। ডাব’ল ডেকাৰ বাছৰ ওপৰ খলপাত।
স্থিৰ কেমেৰা। নাৰীসুলভ দুষ্টামিৰ দৃষ্টিৰে নায়িকা আসনবোৰৰ মাজে মাজে নৃত্য ভংগিমাত। পিছে পিছে নায়ক।
হঠাৎ চক্ৰধৰ
নাথৰ ওপৰ খলপাটো ভাল লাগি গৈছে। ওৰে জীৱনৰ বাবে এৰাব নোৱৰা ভাল লগা এটাই তেওঁৰ
টিলিকি কলিজাটোক পেটিং গজাল এডালৰ দৰে শালি গৈছে।
ওপৰ খলপাটো বৰ
মুকলি। তলৰ খলপাটো গোমা আছিল। এন্ধেৰুৱা। বিপৰীতে দ্বিতীয় খলপা পোহৰ পোহৰ।
উজ্জ্বল। আসনবোৰ সুদৃশ্য। একেখন বাছেৰেই যাত্ৰা কৰিও যেন দ্বিতীয় খলপাটো প্ৰথম খলপাৰপৰা বিচ্ছিন্ন। দুখন পৃথক জগত। একে অক্ষৰ ওপৰতে অৱস্থিত এখন দ্বিতীয় ব্ৰহ্মাণ্ড।
মেক্ আপ্ আৰ্টিষ্টে বহু সময় জুৰি ৰং সানি দ্বিতীয় খলপাৰ যাত্ৰীসকলক তৈয়াৰ কৰিছে।
কাষ্টিং ক্ৰু-সকলে দীৰ্ঘদিন ধৰি বাচি বাচি গোটেই আনিছে সমসাত্তিক অভিনেতা। শীৰ্ণকায়সকলৰ বাবে প্ৰস্থেটিকৰ ব্যৱস্থা। বহু কুশীলৱৰ বিনিৰ্মাণ
প্ৰক্ৰিয়াৰ অন্তত তেওঁলোক পোহৰ পোহৰ। অভিজাত।
গান্ধী ছিটত প’লকা
ডটেড গুলপীয়া চুটি ফ্ৰক্ পিন্ধা যুৱতীৰ দল। গীতৰ তালে তালে তেওঁলোকে হালিছে জালিছে।
কাষে কাষে নায়কোচিত চেহেৰাৰ স্ফূৰ্তিবাজ যুৱকৰ দল এটা। প্ৰেম আৰু প্ৰেমময় পৃথিৱীৰ
বাদে তেওঁলোকৰ চকু-মুখত অন্য কোনো ভাব নাই। টেৰীকটৰ হাফকোট আৰু বাটাৰফ্লাই টাইৰে
তেওঁলোক আভিজাত্যৰ প্ৰতীক। ফৰাচী সুৰা আৰু ডাণ্টেৰ নৰকৰ প্ৰতিক্ৰিয়াশীল প্ৰেমময়তাৰে
মুখৰ। দলটো নায়কৰ প্ৰেম নিৱেদনৰ প্ৰগলভতাৰ প্ৰতি সহমৰ্মী।
নায়িকাই কপটালি
আৰু কৃত্ৰিম খঙেৰে ঠেলা মাৰি দিওঁতে তেওঁলোকে দলৱদ্ধভাৱে পৰি যাব খোজা নায়কক
আঁকোৱালি লৈছে। নায়কৰ যিকোনো নৃত্যময় মুদ্ৰাৰ তাৎক্ষণিক অনুকৃতি কৰিছে।
আস... স্ কি ফৰকাল
পৰিৱেশ। চক্ৰ নাথৰ ভাল লাগি গৈছে।
দ্বিতীয় খলপাৰ মানুহবোৰ মুকলি মুৰীয়া। তেওঁলোকে অৰ্থনৈতিক দাসত্বৰ অৱসান নতুবা নন-ব্ৰা মুভমেণ্টৰ বিষয়ে নিৰ্দ্বিধাই কথা পাতিব পাৰে। কিংবা অকাতৰে ওকালতি কৰিব পাৰে নগ্নতাৰ প্ৰতি নিম্ন-মধ্যবিত্তীয় অহেতুক বিষোদগাৰৰ বিৰুদ্ধে।
ধাঁকৈ শ্ৰীযুত
কেনেডীয়ে কৈ উঠিব পাৰে-
: বৰবৰাক আপোনালোকে কেনেকৈ ভাল বুলিব পাৰে বাৰু!! ফেমিলী হিষ্ট্ৰি চাওকনা... বাপেক অ’ এন জি চি-ৰ বিষয়া আছিল। গ’ল্ডেন
স্পুন। সৰুৰ পৰাই এলিট পৰিৱেশ। দেখিছেনে নাই সুগন্ধি চাহ আৰু বঙলুৱা পাণৰ প্ৰতি
তেওঁৰ হাবিয়াস। হাও কেন হি বি আ মুখ্যমন্ত্ৰী অফ আ ভাষ্ট্ পপুলি অফ দৰিদ্ৰ নাৰায়ণ।
ট্ৰেড ইউনিয়ন কৰা আৰু অসম চলোৱা একে বুলি ভাবিছে নেকি!! অ’হ্
অ’হ্..হি কাণ্ট বি হি কাণ্ট বি...!
কফি ৰঙৰ টাইডাল
এডযাষ্ট্ কৰি কৰি শ্ৰীযুত বন্দৰনায়কে ফোঁহোৰণি মাৰিছে-
: নাঃ নাঃ...ফকীৰ টাইপ সিনহা চাহাবৰ আইৰনি এটা সহি
থকাতকৈ বৰবৰা ইজ ফাৰ বেটাৰ। ঠিক আছে মানি ল’লোঁ সিনহা ইজ
ফাইন... তেওঁ সন্ত। বাকী এম এল এ, মন্ত্ৰীসোপা। হৰলুট কৰি
আছে। বেণ্ডিটচ্ বেণ্ডিটচ্!!
কি ফয়দা... কি ফয়দা... সিনহা টাইপ শিখণ্ডী ৰাখি!! ছ’চিয়েলিষ্টচ আৰ নট ফিট ফৰ ছ’চিয়েলিজম! লুট্টি পেলাইছে!!
চক্ৰধৰ নাথৰ
দ্বিতীয় খলপা ভাল লাগি গৈছে।
প্ৰচণ্ড ভাল লগা।
খুক্ খুক্ কৈ
হাঁহি মাৰি শ্ৰীযুত ব্ৰেঝেনভে নস্যগুড়িৰ পিতলৰ টেমীটো উলিয়াই লৈছে। আঙুলিৰ টিপত লৈ
নাকেৰে উজাই নিছে। চকু টিপ এটা মাৰি কৈ উঠিছে-
: গৌৰী ভট্ট কিন্তু কিছু জিনিচ্। সিনহাক এক তিল শান্তি দিয়া নাই। আফটাৰ অল
বামুণতো। দ’ আ লিবাৰেল ৱান!
চক্ৰ নাথ
দ্বিতীয় খলপাৰ প্ৰেমত পৰি গৈছে। ইমান মুকলি। ইমান ফুৰফুৰীয়া।
যেন পকা কেতেকী
ফুলৰ গোন্ধে মলমল বসন্তৰ দুপৰীয়া এটা। কোনো সংশয় নাই। কোনো দ্বিধা অথবা জড়তা নাই।
মতাদৰ্শগত অহং নাই কাৰো।
ৰাস্তা ভাল। কোনো ধৰণৰ হেঁচা-ঠেলা নাই। ঘাম, বমি আৰু থেতেলা হৈ যোৱা হতাশাৰ উৎকট গোন্ধ নাই। ৰাস্তাৰ ক’ৰবাত যদি ওখোৰা মোখোৰা পাইছে, ঢাক্কাটো প্ৰথম খলপাৰ শ্বক্ অৱজাৰ্ভাৰেই সহি-সামৰি থৈছে।
সৌৱা সৌৱা..
নাৰীৰ বাবে
সংৰক্ষিত আসনত বহি থকা যুতিফুলৰ দৰে সুগন্ধি শ্ৰীমতী আণ্ট’নিঅ’
মাৰিআই খিলখিলাই উঠিছে। নাৰীবাদীসকলৰ চেলাউৰি আৰু যাজিকাসকলৰ বক্ষ ধাৰণ কৰা আণ্ট’নিঅ’ৰ মাতে দ্বিতীয় খলপাটো লেলাৱতিৰ দৰে ভিজাই পেলাইছে। তেওঁ যুতিফুলৰ এখন
সান্দ্ৰ নৈ!
: আই যাষ্ট্ ফাকিং লাভ ৰব্বি!
বহল শোৱনিকোঠাৰ দৰে চকু আৰু মাখনৰ দৰে ওঠেৰে তেওঁ এবছ’ল্যুট গন্ধৰ্ব। মই নিৰ্দ্বিধাই ভৰি মেলি দিব পাৰোঁ ৰবিশংকৰ। আহা... মোক গ্ৰহণ কৰাঁ হে’ প্ৰৌঢ় শিল্পী। চোৱাঁ চোৱাঁ... কেনেকৈ ইজনীৰ পাছত সিজনী ইউৰোপিয়ান নায়িকাক বজাই গৈছে চেতাৰৰ দৰে...!!
গুণগুণাই উঠিছে
আণ্ট’নিঅ’ মাৰিয়াই... আই ছেট অন আ ৰাগ... বাইডিং মাই
টাইম... ড্ৰিংকিং হাৰ ৱাইন...
ইটছ্ টাইম ফৰ
বেড... ইজ নট ইট নৰৱেইয়ান উড...
চেতাৰ চেতাৰ এটা তৰংগময়তাত ডুবি আছিল দ্বিতীয় খলপা।
বছ...
এক মিনিটো
অপব্যয় নকৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈ গৈছে।
বাওঁ স্তনবৃন্তৰ তলৰ দাগেৰে শ্ৰীচক্ৰধৰ নাথ নিশ্চিত, জীৱন এটা ডাব’ল ডেকাৰ বাছৰ যাত্ৰা আৰু তেওঁ তাৰ দ্বিতীয় খলপাৰ যাত্ৰী। সুতীব্ৰ আকাংক্ষা এটা তেওঁ সৰ্বকালৰ বাবে ধাৰণ কৰি ল’লে।
সেই মতেই জীৱন চলি আছিল। তীব্ৰবেগী বাছ এখনৰ দৰে। আয়েক নামি গৈছে বহু আগতেই। বৰ নিঃশব্দে। আনকি সহযাত্ৰীৰ প্ৰতি কৰা সাধাৰণ ভদ্ৰতাটোও কৰা নাই। খকমককৈ টোপনিৰ পৰা সাৰ পাইছে, ইফালে সিফালে চাইছে, ষ্ট’পেজ চিনি পোৱা নাই। মাকৰ ছিটটো খালী। সেইখিনিতেই আছিল, সেইখিনিতেই নাই। ওঠৰ শতিকাৰ পাছৰ সামাজিক শান্তিপূৰ্ণ সহাৱস্থানৰ বিষয়ে নিশিকা কোনো বৃদ্ধই বাছখনৰ পৰা দেহৰ অৰ্ধাংশ উলিয়াই ফিল্টাৰবিহীন ছুটি চাৰমিনাৰ এটা হুপিছিল। খিৰিকিৰে বাহিৰলৈ মূৰ উলিয়াই চিগাৰেট হোপাটোতেই তেওঁ তেওঁৰ সম্পূৰ্ণ ভদ্ৰতা প্ৰদৰ্শন কৰিছিল। বাছখনত মানুহজন নাই। চাৰমিনাৰৰ গোন্ধ এটা থাকি গৈছে। সেইজন চক্ৰধৰ নাথৰ দেউতাক আছিল। মুনুমাহী একেলগে নামি যোৱা বহু যাত্ৰীৰ ভিৰত নামি গৈছে। গমেই নাপালে।
যেনে তেনে পঢ়া
শুনা সামৰি চক্ৰধৰ নাথ কাষৰীয়া চহৰখনলৈ গুচি আহিছে। আক তেল মাৰি, তাৰ কাপোৰ ইস্ত্ৰি কৰি আনি দি, চতুৰ্থ বৰ্গৰ চাকৰিটোত সোমাই লৈছে। তিনিজোপা অমিতা আৰু দুজোপা নাৰিকল গছ থকা বাৰী এখনৰে ঘৰ এটা
ভাড়া লৈছে। আজলী দেৱীৰ শংকা আৰু আবদাৰৰ মাজেৰে মোটামুটি বাছ এখন চলি গৈছে। আজলী দেৱীক
বিয়া কৰোৱাৰ প্ৰথমটো ব’হাগলৈকে তেওঁ মোটামুটি দ্বিতীয় খলপাৰ
যাত্ৰী আছিল। তেওঁ তেনেকৈয়ে ভাৱিছিল। দ্বিতীয়টো ব’হাগ একেটা
চোলাৰেই কটাই দিওঁতে তেওঁ প্ৰথম খলপালৈ নামি অহা যেন পালে। তাৰ পাছত ক্ৰমে জলছবি এখনৰ দৰেই তেওঁৰ মনৰ পৰা দ্বিতীয় খলপাৰ কথাটো নাইকিয়া হ’বলৈ
ধৰিলে।
কথাটো পাহৰিবলৈ
লওঁতেই ষাঠী নম্বৰ জৰ্দা দি মিঠাপট্টি পাণত দুটুকুৰা ডাব বিচৰা অপৌত্তলিকতাবাদী
মানুহজনক লগ পাই গৈছে। তেওঁৰ অফিচটোৰ পৰা নাতিদূৰৈত হাছানৰ তাত তামোল এখন খাবলৈ
যাওঁতে কপালত ক’লা ফোঁটৰ দৰে চিন থকা মানুহজনে কলকলকৈ কৈ গৈছে-
: চক্ৰদা... আপুনি জানে নে নাই নাজানো। আপোনাক বুলিহে কৈছোঁ...
ফিৰিককৈ পিক
এডৰা পেলাই দিছে। তলত পৰি থকা অৰ্শৰোগ নিৰাময়ৰ বিজ্ঞাপনৰ কাগজখন চিনিব নোৱাৰাকৈ
ৰঙা হৈ পৰিছে।
: জিন্দেগীটো আচলতে চক্ৰত চলে। লাইফ চাইকেল। প্ৰতি সাত বছৰৰ মূৰে মূৰে চব সলনি হৈ যায়। আপোনাৰ ব’ডীত থকা ব্লাড, মাংচ, হাড্ডী... আপোনাৰ ভাগ্য চবকিছু সলনি হৈ যায়।
আনকি আপোনাৰ ছেক্স পৰ্যন্ত। হাছান, দুইটুকুৰা পাতলা চুপাৰি দিবি।
চক্ৰধৰ নাথ নিমিষতে উৎসুক হৈ পৰিছে যদিও সাপৰ খেল দেখুউৱা মানুহৰ দৰে চেহেৰাৰ মানুহটোক গুৰুত্ব দিব খোজা নাই। আগতে দেখি থাকে যদিও চিধা চিনাকি নাই।
: সাত বছৰত আপুনি যিটো মানুহ থাকে, সাত এৰি আঠত
সোমোৱাৰ লগে লগে চেইঞ্জ। একৈছত যিজন মানুহ থাকে, সেই একেজন
মানুহ আঠাইছত নাথাকে। ষ্ট্ৰাকচাৰ একে থাকিব পাৰে, কিন্তু
মেটেৰিয়েল একে নাথাকিব। চাৰি পাঁচ নম্বৰ চক্ৰলৈকে বেকাৰ লাফাংগা বহুত মানুহ ক’ব নোৱাৰাকৈয়ে ছয় নম্বৰ চক্ৰত ৰাজা বনি গৈছে।
চক্ৰধৰ নাথে দীঘলীয়া আৰু আমনিদায়ক বাছ যাত্ৰা এটাৰ পৰা মুক্তি বিচাৰি আছিল। মুক্তি মানে সেই ধৰণৰ মুক্তি নহয়। লাষ্ট ষ্ট’পেজৰ কথা ভৱা নাই। মাত্ৰ সাময়িক অৱসৰ এটা। ৰাস্তাৰ কাষৰ যাদুকৰ যেন মানুহটোৱে অৱসৰ বিনোদনৰ টিকেট এটা যেন আগ বঢ়াই দিছে।
: প্ৰথম চক্ৰবোৰত থকা বহু সুৰ্যৰ পোহৰেও চুব নোৱাৰা নাৰী পাছৰ চক্ৰত নটী হৈ
গৈছে চক্ৰদা। কি ক’ম আপোনাক। নিজ চকুৰে দেখিছোঁ। এনকুৱা
ভয়ংকৰ বদলি। আপুনি নিজ চকুৰে নেদেখিলে বিচ্চাছ নকৰিব।
মোৰ কিমান হ’ব কওক বয়স??
মানুহজন এক
মুহূৰ্ত ৰৈ দিলে। চক্ৰধৰ নাথে একো উত্তৰ নিদিলে যদিও প্ৰথমবাৰৰ বাবে চকুলৈ
পোনপটীয়াকৈ চালে। তিৰবিৰাইছে।
: আজি ঊনপঞ্চাছৰ লাষ্ট দিন। কাইলৈৰ পৰা মই আঠ নম্বৰ চক্ৰত সোমাম। আজি যিটো
মানুহ আপোনাৰ সন্মুখত খাৰা হৈ আছে, কাইলৈ নাপাব। একদম নাপাব।
খিক্ খিক্ খিক্!
মানুহটোৱে
সন্তুষ্টিৰ হাঁহি এটা মাৰিছে। এই চক্ৰটোৰ পৰা মুকলি হোৱাৰ হাঁহি!
: কাইলৈ কোনে জানে এই মুচফিৰ আলি কি বনি যাব। কিন্তু যি হ’ব ভাল হ’ব। লাষ্ট চক্ৰটো মোৰ বহুত বেয়া গৈছে। এটা চক্ৰ বেয়া গ’লে জানিব নেক্সট্ চক্ৰ আপোনাৰ পাক্কা ভাল হ’ব। হাছান, এইটো লিখি থ। মিলাই আছো।
বেলেগ এটা চক্ৰত
সোমাবলৈ সাজু হোৱা মানুহ এটাৰ দৰে দ্ৰুত বেগেৰে মানুহটো ভিৰৰ মাজত হেৰাই গৈছে।
চক্ৰধৰ নাথৰ ভাল লাগি গৈছে। বাছৰ যাত্ৰাই তেওঁক আমুৱাইছে।
আজলী দেৱীৰ ফুচফুচটোত বেয়া বেমাৰে লগ দিছে। শাওঁবৰণীয়া মানুহজনীয়ে কেতিয়াবাৰ পৰাই ভুগি আছে। কয় জানো কেতিয়াবা ! কৈ পাইছে জানো কিবা কথা ! একেটা ছিটতে বহি ইমানদূৰ আহিছে। একোৱেই জনা নাই। পানীবেলুন এটাৰ দৰে। ভিতৰত ভৰ কৰা কিবা আছে কিন্তু কলেৱৰত তাৰ চিন মোকাম নাই। ল’ৰাটোৱে জানিছে। বাপেকক ক’ব খোজা নাই। চক্ৰধৰ নাথৰ ল’ৰা-ছোৱালী দুইটাই ভাল। ৰাইজে ভাল বোলা ভাল। জন্মতেই সিহঁত দুইটা দ্বিতীয় খলপাৰ। দেখাতে লাগে। এটা দাগ নাই দেহাত। পঁয়ষষ্ঠিৰ পাছৰখিনি সৰু নেওতা আজিও শুদ্ধকৈ মাতিব নোৱৰা চক্ৰধৰ নাথৰ বাবে চিকিৎসাৰ খৰচৰ অংকটো ভয়ংকৰভাৱে আচহুৱা। কোনেও চিকিৎসাৰ কথা পতা নাই।
ল’ৰা-ছোৱালী দুইটাই মুজুৰা পৰি আছে। ভাড়াঘৰখনত মানুহজনীৰ কাহৰ শব্দৰ বাদে আন শব্দ
শুনা নাযায়। কাহি কাহি মানুহজনী অচেতন হৈ পৰে। ফুচফুচটো প্ৰায় শেষেই চাগৈ।
মাজতে নতুনকৈ
কোম্পানি এটাত সোমোৱা ল’ৰাটোৱে কৈছিল- দেউতা, গাৱঁৰ মাটিখিনিতে ঘৰ এটা আৰম্ভ কৰোঁ। মাটিও যথেষ্ট। তাতে থাকিব পাৰিম।
চক্ৰধৰ নাথ আকৌ ডাব’ল ডেকাৰ এখনৰ দ্বিতীয় খলপাত উঠিবলৈ সাজু হৈছিলেই। মাক-বাপেক এটা ছিটত, কাষৰ শাৰীত ল’ৰা-ছোৱালী দুটা। ফুৰফুৰীয়া বতাহ ব’ব। ওপঙি আহিব- হনুমান সাগৰ বান্ধা চাঁউ...
এপাকত তলৰ খলপাৰ যাত্ৰীসকললৈ চাব আৰু ঘৈণীয়েকে হট্ কে’ছত সুমুৱাই নিয়া ঘিঁউ সানি বনোৱা নাৰিকল দিয়া পাটি চেপেটা পিঠা এটা কামোৰ মাৰিব।
প্ৰথম বাৰৰ বাবে চক্ৰধৰ নাথে বাছতত্ত্ব সামৰি পেলাইছে। বাছ-যাত্ৰিক জীৱনতকৈ চক্ৰাকাৰ জীৱন সহজ। গতানুগতিক বিৰক্তিৰ পৰা মুক্ত।
চক্ৰধৰ নাথ
চিটিবাছখনত ঘৰলৈ উভতিছে। ন নম্বৰ চক্ৰটো শেষ হ’বলৈ তেওঁৰ এতিয়াও চাৰিটা বছৰ বাকী। আজলী দেৱীৰ কেই নম্বৰ চক্ৰ
চলিছে হিচাপ উলিয়াব লাগিব।
নেক্সট চক্ৰ
খাটাং ভাল হ’ব।
ভ্ৰাম্যভাষ : ৯৮৫৪৫৬৬৪২৯