অন্যযুগ/


শুদ্ধি

 ময়ূৰী কাকতি



 

বৰপুখুৰীৰ একোণৰ বাঁহৰ দলঙৰ আগডোখৰৰ সৰু গাঁঠি ঢুকি পোৱা পানীত দৰিকণা মাছবোৰে তাইৰ ভৰিৰ পতাখন খুটুক খুটুককৈ খুটিয়াই....সেই স্পৰ্শ তাইৰ গোটেই শৰীৰত ৰিমৰিমকৈ বিয়পি যায়৷ চকু দুটা মুদি দিলে তাই ৰূপমক দেখে, দৰিকণাৰ দৰে গোন্ধ এটা তাৰ ভিজা চাৰ্টৰ পৰাও ওলায়৷ তাৰ কেঁচা গাটো শুঙি থাকোঁতে তাই প্ৰায়েই জলকুঁৱৰীৰ ৰূপ লয়, তলডোখৰ মাছৰ ফিচাৰ আকাৰৰ দীঘল চুলিৰ ধুনীয়া এজনী জলকুঁৱৰী... ৰূপকথাৰ দৰে, তন্ত্ৰাময়... আৱেগবিহ্বলা৷ জলকোঁৱৰ সাধুটো আইতাকে কৈছিল মৌমণিক- ‘‘আই অকাষৰ বৰপুখুৰীটোত জলকোঁৱৰৰ নিৱাস৷ এদিন তোৰ বৰমাৰক সপোনত দেখা দি কৈছিল- কিমাননো আৰু কলাপাত কাটি কাটি ভাত নাখৱ আই, বৰপুখুৰীৰ দক্ষিণ কোণলৈ আহিবি শেষ ৰাতি...পানীত খেপিয়াই বৰকাঁহী, বাতি, হেতা, লোটা চব পাবি লৈ যাবি৷ভালেহে বৰমাৰে সেইবোৰ দেওলগা বস্তুলৈ লোভ নকৰি কলপাততেই আমাৰ দৰে দুখীয়া নিছলাৰ বাবে ভাল ডাঙৰীয়া, সেৱাহে জনাইছোবুলি দেৱতাক বিদায় দিলে৷ আয়েক নোহোৱা হোৱাৰ বহু বছৰৰ পাছতো আয়েকৰ সাধুহেন কাহিনীটোৰ জলকোঁৱৰ আহি তাইৰ চকুৰ পতাত বহি আছিল৷ কোনোবা দিনা নিজান দুপৰীয়া যেন জলকোঁৱৰে মাতি লৈ যায় তাইক মৰম কৰি৷ তাই জিকাৰ খাই উঠে... জলকুঁৱৰী হবলৈ কতনো মন তাইৰ!

জলকুঁৱৰী তাই! মিঠাতেলৰ বৰণৰ মানুহজনীৰ পকা চুলিবোৰ কহুৱা বনৰ দৰে নাচি আছিল তেতিয়া৷ মৌমণিৰ মাক...মুখৰ ভোৰভোৰণিবোৰ ক্ৰমান্বয়ে ডাঙৰ হৈ বকনিৰ আকাৰ লওঁতেই তাই ওখহা চকু, গোমোঠা মুখখনেৰে সৈতে ভৰিৰ বুঢ়া আঙুলিটোৰে মাটি খুচৰি খুচৰি বাৰাণ্ডাতে ৰৈ আছিল৷ মানুহজনীয়ে বাঢ়নিতাৰেৰে চোতাল ভৰ্তি বাহপাতবোৰ চৰক চৰককৈ দূৰলৈ থেলি লৈ যোৱাৰ দৰে মানুহ দুজনীকো যেন অজ্ঞাত দূৰন্ত শক্তিয়ে ঠেলিহে লৈ গৈছিল৷ কলৈ যাব, কি কৰিব?

এই উকা কপালৰ মানুহজনী সৰুগণকনি৷ ৰঙীন হৈ থকাৰ সংগ্ৰামবোৰ মানুহৰ তেজতে নিহিত থাকে৷ যেন এক নিচা৷ অসুখীয়া মানুহটো এদিন স্মৃতি হল৷ ঘাঁ খুচৰিলে বোলে বহল হয়... মানুহজনে দিব নোৱাৰাৰ হিচাপবোৰ লৈ হা-হুতাহ কৰি থকাতকৈ সৰুগণকনিয়ে পাবলৈ কৰা চেষ্টাবোৰত বেছি সময় কটোৱাটো অভ্যাসত পৰিণত কৰিলে৷ দুজনী ছোৱালী বিয়া দি উকা হোৱা হাত দুখন একমাত্ৰ পুতেকৰ মূৰত ৰাখিলে৷ মৌমণিয়ে হিচাপ নাজানে... যেনেকৈ এটালৈ গ, তেনেকৈ ঘূৰিও আহিল, লগত পোনাকণক লৈ৷ সৰুগণকনিয়ে জানে যে মৌমণিয়ে সপোনহে দেখে জলকুঁৱৰী হোৱাৰ... নাজানে তাই দাইলৰ কেজি কিমান? মিঠাতেলৰ দাম? বাৰী লুৰুকি বন শাক বিচাৰি যোৱা হাত দুখন তেওঁৰ নথমকে৷ থমকিলে খাৱৰীয়াৰ পেট নভৰে৷ খুতুৰা কেইডালমান, কচুথোৰ কেইটাৰ আদৰ বাঢ়ে৷

সৰুগণিকনিয়ে ডেকা-গাভৰুবোৰক বোলে ভালপোৱায়৷ সৰুগণকনিয়ে নিজৰ যাদুৰে কাকনো বশ নকৰে৷ কোনোবাই কয় সৰুগণকনিয়ে বোলে যাদু তনাও কৰে...সৰু গণকনিক বৰষুণে¸ নিতিয়াই, দে নোপোৰে৷ এটা মিঠাতেলৰ বৰণৰ শৰীৰে পথাৰৰ মাটি কাটি আনি ঘৰৰ ভেটি বনায়৷  সুখবোৰ পোৱাটোহে, গোটাই লোৱাতহে তৃপ্তি, কাৰপৰা বা কৰপৰা সেয়া বিচাৰ কৰাৰ কাৰ ইমান গৰজ পৰিছে! আচাৰ হৈ শুকুৱা বিচাৰবোৰ একাষৰীয়া কৰি বজাৰৰ মেল খোৱা মোনা ভৰায়৷

হেৰা, কালি তুমি দান দি যোৱা পাৰ চৰাই দুটা উৰি গল নহয়... নাপায়৷’, সৰু গণকনিয়ে প্ৰদীপক বাটতে আগচি ধৰে৷ ‘‘আকৌ দি গলে ভাল৷’’ গ্ৰহদোষ-কালদোষ মৰিষণ সকলোৱে কৰিব নোৱাৰে৷ লোকৰ দান-দক্ষিণা সকলোৰে হজম কৰিব নোৱাৰে৷ তেওঁলোকে অতদিন সেয়া গ্ৰহণ কৰি মানুহৰ অপায়-অমংগল দূৰ কৰিছে৷ ভগৱানে দিছে সেই শক্তি৷

মন্ত্ৰোচ্ছাৰণ, ফুল-দ্বীপ-ধূপৰ সুগন্ধই সৰুগণকনিৰ মাটিৰ ঘৰটি ঢৌৱাই পেলায়৷ বৰ্ষচক্ৰৰ দোষ, কন্যাকালপ্ৰাপ্ত ছোৱালীৰ দান-দক্ষিণাবোৰে পলকতে ঘৰখন মুখৰ কৰি তোলে৷ বৰ পুতেকে পূজা ঘৰত গোসাঁই থাপনাৰ আগত সেৱকীৰ কুশল-মংগলৰ হকে আশীৰ্বাদ কৰে৷ সৰুগণকনিয়ে মৌমণিৰ লগলাগি পাকঘৰত লাল চাহ বনায়৷ দানত পোৱা ৰঙা-নীলা-হালধীয়া টুকুৰা কাপোৰৰ হাতৰ কামবোৰে প্লাষ্টিকৰ চকীখনত কুচন হৈ গপচত বহি লয় আৰু সৰুগণকনিৰ হাতৰ কামৰ যেন প্ৰশংসাত পঞ্চমুখ হয়৷

সুখৰ দিনবোৰৰ আয়ুস চুটি... মৌমণিৰ অসুখ হয়... জলকুঁৱৰীৰ অসুখ৷ ৰূপমে দিয়া অসুখ৷ মাছবেপাৰী ৰূপমে কোনদিনা জানো ভালকৈ জানিছিল মৌমণিৰ জলকুঁৱৰীৰ সপোনটোৰ কথা৷ দুপৰীয়া বৰপুখুৰীৰ পাৰত সি জলকোঁৱৰ হৈ নিজৰ জলকুঁৱৰীক দৰিকণা মাছৰ দৰে খুটিয়াই চাইছিল... এদিন দুদিন বহুদিন... মৌমণিৰ ৩৬ বছৰীয়া দেহ গৰম, যেন মদিৰা..., ৰূপম বৰপুখুৰীৰ পৰা বৰনদী পোৱা বহুসময় হল... ৰূপমে দিয়া অচিনাকি অসুখটো সাৱটি মৌমণি গোমোঠা লাগিল৷ ডাক্তৰ, কবিৰাজে ভাল কৰিব নোৱৰা অসুখ৷ পোনাকণে শুকাই-খীনাই কংকালসাৰ মৌমণিৰ মুখখনত হাত ফুৰাই কয়- ‘‘সোনকালে ভাল হচোন মা৷’’ মাকৰ বাহিৰেনো তাৰ আছে কোন! সৰু গণকনিৰ সৰ্বশৰীৰ থৰথৰকৈ কঁপে...নাই কোনেও নাজানে! সৰুগণকনি কিছুদিনলৈ নিবোকা লাগে৷

মৌমণিয়ে হিচাপ নাজানে, তাই ভাৱে নীচজাতৰ মানুহৰ লগত কৰা পাপৰ ফলত তাইৰ অসুখ হয়৷ মহাপাপে বেৰি ধৰে৷ পৱিত্ৰ হোৱাৰ প্ৰক্ৰিয়াটোত ঘৰখনে ডুব মাৰে... আকৌ ধূপ-দ্বীপ-ফুল-তুলসী, গংগাজল আৰু বহুতো...৷ এইবাৰ মন্ত্ৰোচ্ছাৰণ মৌমণিৰ বাবে হয়৷ শুদ্ধিকৰণ হৈ যায়৷ মৌমণিয়ে জলকুঁৱৰীৰ সপোনটো বৰপেৰাত ভৰাই থয়৷ জয়াল বৰপুখুৰীৰ পাৰ, আমন জিমন দুপৰীয়াবোৰ পাৰ হয়, পাৰ হয়…পদুম ফুলে, শুকাই... নাৱৰীয়াৰ বঠা লয়লাসে ঢৌ তুলি বগাই যায় পানীত৷

মৌমণিৰ পিছে বেমাৰহে ভাল নহয়৷ এইবাৰ পিছে ঘৰখনে চৰকাৰী ঘৰ অকণ পাইছে... তথাপি বজাৰৰ মোনাখনে মুখ মেলিয়ে থাকে... সৰুগকণিয়ে গ্ৰহৰ দোষৰ দান দিবলৈ অহা মানুহক চাহপানী যাঁচে... পুতেকে নিৰ্মালি...! নিজৰ নিজৰ গ্ৰহৰ দোষবোৰ গণকৰ ঘৰত এৰি প্ৰফুল্লমনে মানুহবোৰ ঘৰাঘৰি যায়৷ গাড়ী লৈ অহা ডাঙৰ মানুহৰ বেগবোৰ খুচৰি সৰু গণকনি কেতিয়াবা তৃপ্ত হয়... তেওঁ গণনা কৰে... সেই গণনা ঘৰখন চলোৱাৰ৷ বৰকটকী কেলেণ্ডাৰখনত কেতিয়াবা বহুকেইডাল আঁচ বহে৷ মৌমণিৰ বেমাৰ ভাল নহয়৷ কেৰমেৰাই থকা বাঁহৰ চুচলিৰ বিছনাখনত তাই যোগ-অভিযোগ হৈ পৰি থাকে৷

ঠিকনা:

শিৱসাগৰ

ভ্ৰাম্যভাষ : ৬০০৩৮০০৮৭৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ