অন্যযুগ/


ব্যস্ত নগৰৰ নিৰ্জন ঘৰটো

 বেদান্ত‌ নাথ‌

  

ঘৰটোৰ চাৰিওফালে ওখ ওৱাল৷ প্ৰকাণ্ড গেটখনত দিনতে এটা মস্ত‌ তলা৷ নিমাওমাও পৰিৱেশ‌৷ টাউনৰ ব্যস্ত পথটোৰ একালৰ অভিজাত ঘৰটো এতিয়া নিৰ্জন‌৷ নিঃসঙ্গ৷ এদিন মানুহৰে গিজগিজাই থকা  ঘৰটোৰ এতিয়াৰ নিৰ্জীৱ পৰিৱেশটোৱে ঘৰটোৰ ইতিহাস জনা যিকোনো ব্যক্তিকে ব্যথিত কৰিব৷ টাউনৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ‌ আছিল ঘৰটো৷‌ কিমানক যে আশ্ৰয় দিলে‌ সি৷ কিমানে‌ জীৱন গঢ়িলে‌ ঘৰটোৰ ছাঁতে৷ তাৰ‌ো শৈশৱ-কৈশোৰ পাৰ হৈছিল এই ঘৰটোতে৷ এক বিশেষ পৰিস্থিতিত পৰি যি এদিন ঘৰটোৰ পৰা নীৰৱে ওলাই গৈছিল সুদীৰ্ঘ পোন্ধৰ বছৰে তাৰ আৰু ঘূৰি অহা নহল৷‌ সি চেষ্টা নকৰা নহয়‌৷ কিন্তু পৰিস্থিতিয়ে ঘূৰি অহাৰ প্ৰতিটো বাটেই বন্ধ কৰি গৈ থাকিল৷‌ দূৰৈত থাকিও সি চেতনাত ঘৰটোক কঢ়িয়াই লৈ ফুৰিছে৷ ঘৰটো বাদ দি সি অসম্পূৰ্ণ৷ পোন্ধৰ বছৰে বহুত কথাই শুনিছে ঘৰটোক লৈ৷ প্ৰতিটো কথাই তাৰ কলিজাত এটুকুৰা ক্ষতস্থানৰ সৃষ্টি কৰি গৈছে৷ য’ৰ পৰা সময়ে সময়ে ৰক্তক্ষৰণ হৈ‌ আছে৷‌‌ হৈ থাকিব মৃত্যু পৰ্যন্ত৷

এই সুদীৰ্ঘ সময়ছোৱাত সি নিজক প্ৰতিষ্ঠা কৰিছে৷ একেখন চহৰতে নিজাকৈ এটা ঘৰ সাজিছে৷ অথচ তাৰ এই পথটোত, ঘৰটোৰ সমুখত থিয় হোৱাটো হৈ উঠা নাই৷ তাৰো কৰণীয় আছিল ঘৰটোৰ মানুহখিনিৰ প্ৰতি৷ দায়িত্ব আছিল৷‌ সময়ে তাক তাৰ দায়িত্বৰ পৰা নিৰ্মমভাৱে বঞ্চিত কৰিলে৷ এই কথাটোৱে তাৰ বুকুত মাজে মাজে‌ এক হাহাকাৰৰ সৃষ্টি‌ কৰে৷

দেউতাকৰ মোমায়েকে যেতিয়া এই মাটিডোখৰ কিনিছিল তেতিয়া এতিয়াৰ দৰে ব্যস্ত এলেকা নাছিল এইটো৷ হাবি জঙ্ঘলেৰে ভৰা, বাঁহনি, সৰু সৰু জোপোহা, ঝাও-কঁহুৱাৰে আৱৰা আছিল৷ কিন্তু তেওঁ দূৰদৰ্শীতাৰে জানিছিল এদিন নগৰখন‌ এইফালেই বহল হৈ আহিব৷ চাই থাকোঁতেই মাত্ৰ কেইটামান বছৰতে হাবি-জঙ্ঘলেৰে আৱৰা ঠাইডোখৰ প্ৰধান ৰেছিডেনশ্বিয়েল এৰিয়া এটা হৈ উঠিল৷ নতুন নতুন ঘৰবোৰ ৰাতিৰ ভিতৰতে যেন থিয় হ’ল৷ ৰাস্তা-ঘাট বহল হ’ল৷ নতুন নতুন দোকান-পোহাৰ হ’ল৷ মানুহজনে বৰ আগ্ৰহেৰে ঘৰটো সাজিছিল৷ কিন্তু হাবি ভাঙি নগৰ হোৱা চাবলৈ তেওঁ নাথাকিল৷ হাৰ্টৰ অসুখত ভুগি কম বয়সতে তেওঁ ঢুকাল‌৷ মাটিৰ ধনী পৰিয়ালটোৰ পঢ়ি-শুনি আগবাঢ়ি যোৱা মানুহ দ্বিতীয় এজন নাছিল৷ জীয়াই থাকোঁতে তেওঁ গাঁৱৰ পঢ়া-শুনা কৰা ল’ৰাবোৰক আনি ঘৰতে ৰাখি ইটো-সিটো কামত সুমুৱাই দিছিল৷ চৰকাৰী চাকৰিও সহজলভ্য আছিল তেতিয়া৷ অনেকে তেওঁকে সাৰথি কৰি পাৰ পাই পাছত ঘৰখনলৈ পিঠি দিছিল৷ সেইবোৰ তেওঁ ঢুকুৱাৰ পাছৰ‌ কথা৷ তথাপি ঘৰটোৱে আশ্ৰয় দিয়া ধৰ্ম কৰি গৈছিল৷ তাৰ মানুহজনক বৰ বেছি মনত নাই৷‌ ভালকৈ মনত থাকিবলৈ পাইছিলেই বা কিমান দিন৷ সি এল. পি স্কুলত পঢ়ি থাকোঁতেই তেওঁ ঢুকাইছিল‌৷‌ দেউতাকে তেওঁৰ ফটো এখন ডাঙৰ‌কৈ অঁকাই বাহিৰৰ ৰূমত সজাই থৈছিল৷ সদায় সন্ধিয়া ধূনা-চাকি দিওঁতে ফটোখনত সেৱা এটা কৰাটো সিহঁতৰ নিয়ম আছিল৷ দেউতাকেই মামাককাক, মামীআইতাকক ভক্তি কৰিবলৈ সিহঁতক শিকাইছিল৷

অসম আন্দোলনৰ মাজতে তাৰ মাক দেউতাকৰ বিয়া হৈছিল৷ আন্দোলনৰ বাবে ডাঙৰ গাড়ী নিব নোৱৰাত মামাককাকে সৰু গাড়ীৰে তিনি-চাৰিবাৰকৈ মানুহ অনা-নিয়া কৰিছিল। সেইবোৰ কাহিনী সি দেউতাকৰ পৰা কিমান বাৰ যে শুনিছে৷ মাকৰ অসুখত মামাককাক আৰু মামীআইতাক নথকা হ’লে‌ মাক বাচি অহাটোৱেই টান আছিল৷ মানুহেতো নাবাচিব বুলি ধৰিয়েই লৈছিল৷ দেউতাক সদায় কৃতজ্ঞ হৈ আছিল৷ তাকো শিকাইছিল কৃতজ্ঞতাৰ ভাষা৷ কৃতজ্ঞতা স্বৰূপেই ঘৰৰ বৰা চাউল, কোমল চাউল, পিঠা-পনা মোনা ভৰাই লৈ গৈছিল৷‌ ঘৰৰখনৰ উৎসৱ-পাৰ্ৱণত গোটেই পৰিয়ালটোৱে গৈ দেহে-কেহে খাটিছিল৷ তেতিয়া তাৰ মামাককাকৰ ল’ৰা দুটা আৰু ছোৱালীজনী সৰু হৈ আছিল৷ ডাঙৰ ল’ৰাটো গুৱাহাটীত, সৰু ল’ৰাটো আৰু ছোৱালীজনী‌ ঘৰতে থাকি টাউনৰ কলেজত পঢ়িছিল৷ দেউতাকে জানিছিল সিহঁতৰ লগত ডাঙৰ হবলৈ দিলে তাৰো ভাব-ধাৰা সলনি হ’ব৷ সিও ডাঙৰ সপোন দেখিবলৈ সাহস গোটাব৷ পথাৰৰ বোকা-পানীৰ পৰা সিওঁ চহৰমুখী হ’ব৷ এইবোৰ অন্তৰ্নিহিত কাৰকে‌ দেউতাকৰ মনত ক্ৰিয়া কৰিলেও সকলোৰে উৰ্ধ্বত আছিল হেৰাই যোৱা মোমায়েকৰ ঘৰখনৰ প্ৰতি থকা দেউতাকৰ দায়িত্ববোধ৷ মামীয়েকৰ প্ৰতি থকা শ্ৰদ্ধা৷ জটিল পৰিস্থিতিত দেউতাক সদায় ঘৰখনৰ কাষত সাহস হৈ থিয় দিছিল৷ মাতিলেই যৰ কাম ততে এৰি দৌৰ মাৰিছিল৷

পেহীয়েকৰ লগত, সৰু খুৰাকৰ লগত অভিন্ন সম্পৰ্ক এটা গঢ় লৈ উঠিছিল তাৰ৷ সৰু খুৰাকৰ বিয়াত সি ক্লাছ এইটত পঢ়ি আছিল৷ হঠাতে হৈছিল বিয়াখন‌৷ যেন‌ এক দুৰ্ঘটনাহে৷ মুহূৰ্ততে সলনি হৈছিল সকলো৷ মনোমালিন্য, অসহযোগ, ছোৱালীৰ ঘৰৰ অসন্মতি... গধূৰ ডাৱৰ এচপৰা বুকুত বান্ধি মুখ ওন্দোলাই মানুহবোৰ বিয়ালৈ আহিছিল৷ বিয়াৰ পাছত ডাঙৰ খুৰাক বহু দিন অহা নাছিল ঘৰলৈ৷ এদিন ডাঙৰ খুৰাক আহিছিল৷ কথাবোৰ সহজ হৈও সহজ নহৈছিল৷ দুয়োখন ঘৰৰ মাজত এখন শীতল যুদ্ধ আৰম্ভ হৈছিল৷ আত্মীয়তাৰ ঠাইত অভিমানে, ভালপোৱাৰ ঠাইত ঘৃণাই চকী পাৰি বহিছিল৷ অসন্তুষ্টিৰে ভৰা বিয়াখনৰ বাবেই হয়তো খুৰীয়েক প্ৰাপ্য মর্যাদাৰ পৰাও বঞ্ছিত হৈছিল খোজে খোজে‌৷ কেই বছৰমানৰ পাছত ডাঙৰ খুৰাকৰো বিয়া হৈছিল৷ বাহিৰত পঢ়ি-শুনি ডাঙৰ মানুহ হোৱা ডাঙৰ খুৰাকৰ বিয়া ডাঙৰকৈ হৈছিল৷ সৰু খুৰাকৰ সৰু কাম৷ সৰু মর্যাদা৷ একেখন চালিৰ তলত দুজনী মানুহৰ দুটা  মর্যাদা৷ কথাবোৰ জটিলৰ পৰা জটিল হৈ গৈ আছিল‌৷ সি আছিল নীৰৱ দৰ্শক৷ তথাপি সৰু খুৰীয়েকৰ প্ৰতি তাৰ আনুগত্য আছিল অধিক৷ সকলোকে বিনা স্বাৰ্থই শুশ্ৰূষা কৰা মানুহজনীৰ যন্ত্ৰণাক সি অনুভৱ কৰিছিল৷ আত্মপৰিচয়ৰ সন্ধানত তেওঁ হাহাকাৰ কৰি উঠিছিল৷ পাকঘৰটো বুকুত লৈয়েই মানুহজনীয়ে বি. এড. কৰিলে৷ এম এড পঢ়িলে৷ সিও সৰু চাকৰি এটাত সোমাল৷ তেতিয়া গুৱাহাটীৰ পৰা ৰিলায়েঞ্চ, ভোডাফোন, আই‌ চি আই চি আই আদি কোম্পানিৰ শাখাবোৰ বেলেগ বেলেগ টাউনবোৰলৈ সম্প্ৰসাৰণ হোৱা আৰম্ভ‌ হৈছিল মাত্ৰ৷ চাকৰিটোৰে সি খুৰাকক সকাহ দিয়াৰ সিদ্ধান্ত ললে৷ ঘৰখনৰ প্ৰতি তাৰো দায়িত্ব আছে৷ ঋণ‌ আছে‌৷ তাতে খুৰাকৰ এইখিনি টান সময়৷ ব্যৱসায় বৰ টনা-টনিৰ মাজেদিহে চলি আছে৷

খুৰাকক সহায় কৰিব লাগে বুলিয়েই সি দুটা বছৰে মাক-দেউতাকক এটকাও দি সহায় কৰিব পৰা নাই৷ খুৰীয়েকে ভাল কাম এটা পাইছে কিন্তু খুৰাক-খুৰীয়েকৰ মাজত অবিশ্বাসৰ, মনোমালিন্যৰ দেৱাল এখন গঢ় লৈ উঠিছে৷ দেৱাল‌খন ক্ৰমাৎ ওখ হৈ গৈ আছে৷ সি মন কৰিছে দুয়ো আজিকালি দুটা বেলেগ কোঠাত শোৱে৷ খুৰীয়েক কামত প্ৰায়েই ঘৰৰ বাহিৰতে থাকে৷ যি‌কেইদিন‌ ঘৰলৈ আহে তেতিয়াও বৰকৈ কথা-বতৰা নহয়‌ দুয়োৰে মাজত৷ যেন অচিনাকি দুজন মানুহ দুটা কোঠাত৷‌ ঘৰখনৰ গধুৰ বতাহত তাৰ উশাহ বন্ধ হৈ আহিব খোজে৷ দুয়োৰে সম্পৰ্কটো ভাল কৰাৰ সলনি মানুহবোৰে দুয়োৰে অভিমানৰ জুইকুৰা ফুৱাই বহলাব লাগিছে৷ ইফালে আইতাকৰ সাগৰ-সদৃশ উদাসীনতা৷ এনে এক শ্বাসৰূদ্ধকৰ পৰিৱেশৰ পৰা মুক্তি পাবলৈ সি আকৌ পঢ়াটোকে ঠিক কৰিলে‌৷ পঢ়িব মানে নিজেই পঢ়িব লাগিব তাকো গুৱাহাটীলৈ গৈ৷ এইক্ষেত্ৰত তাক সহায় কৰোঁতা কোনো নাই৷ সি এটা ডাঙৰ  ৰিস্ক্ ল’ব লাগিব৷

য়ুনিভাৰ্ছিটিত এডমিশ্বনটো হৈ গ’ল৷ তেতিয়ালৈ সি কাকোৱেই জানিবলৈ‌ দিয়া নাছিল৷ সময়ত গুৱাহাটীলৈ পঢ়িবলৈ অহাৰ কথাটো যেই খুৰাকক জনালে, তাক সম্পূৰ্ণ আচৰিত কৰি খুৰাকে আকাশ-পাতাল কঁপাই গৰ্জন কৰি উঠিল৷ তাৰ নিজৰ কাণ দুখনকে বিশ্বাস ন’হল৷ তাৰ ভ্ৰম হোৱা নাইতো৷  সদায় উচ্চ শিক্ষাৰ সপক্ষে ওকালতি কৰি ডিঙিৰ সিৰ ফুলাই বক্তৃতা দিয়া মানুহটোৰ‌ এটা সম্পূ্ৰ্ণ বিপৰীত ৰূপ৷ শ শ যুঁজাৰু বিমানেহে যেন একেলগে তাৰ ওপৰত বোমাবৰ্ষণ‌‌ কৰিছে৷ সৰু কোঠাটো প্ৰচণ্ড যুদ্ধ‌ক্ষেত্ৰ এখনলৈ পৰিৱৰ্তিত হ’ল মুহূৰ্ততে৷ খুৰাকে জোৰেৰে কোঠাৰ ভিতৰতে অহা-যোৱা কৰিলে৷ সি গোটোৱা কিতাপবোৰ‌ কোঠাটোত সিঁচৰতি কৰি দলিয়াই দিলে৷ বজ্ৰাহত হৈ সি একে ঠাইতে থৰ লাগিল৷ তাক বিশ্বাসঘাতক সজাই খুৰাক ওলাই যোৱাৰ বহু দেৰি পাছলৈকে সি একে ঠাইতে থিয় দি থাকিল৷

দুদিন পিছত নিৰৱে নিৰ্জন দুপৰীয়া এটাত ঘৰটোৰ গেটখন‌ খুলি সি যি ওলাই গ’ল তাৰ আৰু ঘূৰি অহা নহল৷

গুৱাহাটীলৈ আহি কথাবোৰ ভবাতকৈ বহুত বেছি জটিল হৈহে উঠিল৷ য়ুনিভাৰ্ছিটিৰ ক্লাছ লগে লগে পাৰ্ট টাইম জব৷ খুউব সীমিত উপাৰ্জন‌৷ পঢ়াৰ খৰচ৷ নিজৰ খৰচ৷‌ ঘূৰি চাবলৈ কোনো‌‌ নাছিল‌ তাৰ৷ সাহস দিবলৈ৷ সহায়ৰ হাত এখন আগ বঢ়াই দিবলৈ৷ শূন্য পকেটেৰে ফুট পাথত খোজকাঢ়ি থকা মানুহ এজনৰ আগত চহৰখন যে ইমান নিৰ্দয় হৈ ধৰা দিব পাৰে তাৰ আগতে মুঠেও ধাৰণা নাছিল৷ সৰুতে শুনি অহা বহুতৰ ষ্ট্ৰাগলৰ ৰোমাণ্টিক কাহিনীবোৰে সিহঁতৰ কিশোৰ মনত শিহঁৰণ তুলিছিল৷‌ কিন্তু এতিয়া সি জানে ভালকৈ, ষ্টাগলৰ দিনবোৰ মুঠেও ৰোমাণ্টিক নহয়‌৷‌ প্ৰতিদিন কলিজা ৰক্তাক্ত কৰে৷‌ সি ঘৰৰ লগত সম্পূ্ৰ্ণৰূপে যোগাযোগ বন্ধ কৰি দিছিল৷ তাৰ যন্ত্ৰণাময় দিনবোৰ কোনোবাই জানক সি বিচৰা নাছিল৷ প্ৰচণ্ড স্বভিমানী আৰু জেদী আছিল সি৷ সি ধ্বংস হৈ যাবলৈ নিঃশেষ হৈ যাবলৈ ৰাজী আছিল৷ কিন্তু হাৰিবলৈ নহয়‌৷ অৱশ্যে এতিয়া আৱশ্যক হ’লে সি কেতিয়াবা হাৰিবও পাৰে৷ অভিজ্ঞতাই শিকাইছে কেতিয়াবা হৰাটোও খুউব জৰুৰী হৈ পৰে৷ হৰাৰো থাকিব পাৰে সুকীয়া‌ সৌন্দৰ্য৷

  কোম্পানিটোত জইন কৰি সি উৰা মাৰিছিল মুম্বাইলৈ৷ হেৰুৱাবলৈ সকলো শেষ৷ এতিয়া পাবলৈ এছোৱা দীঘল বাট৷ অভাৱী জীৱনটোত‌ অলপমান ৰং সানি যেতিয়া ঘৰলৈ ঘূৰিছিল৷ সি এটা অদ্ভূত প্ৰাণীলৈ পৰিৱৰ্তিত হৈছিল৷ সি যেন এই পৃথিৱীৰ বাসিন্দাই নহয়‌, কোনো এক নিৰ্জন দ্বীপৰ বৰ্বৰ জনজাতিহে৷ অস্পৃশ্য৷ ঘৃণনীয়৷ সৰ্বাতোপ্ৰকাৰে বৰ্জিত৷ সভ্য সমাজত তাৰ স্থান নাই৷ তাৰ ৰহস্যঘন অৰ্ন্তৰ্ধানৰ পাছতে খুৰীয়েকে খুৰাকক এৰি গুচি যোৱা ঘটনাটোৰ বাবে এতিয়া সিয়েই জগৰীয়া৷ মাক-দেউতাকে ইমান দিনে সি নোহোৱা হোৱাৰ পৰা শাস্তি ভুগিয়েই আছে৷ এতিয়া তাক হাতত পাই জানো কোনোবাই এৰিব৷ তাৰ কাহিনী গাঁৱৰ নামঘৰ, তিনিআলিৰ দোকান, এমূৰৰ কালভাৰ্ট, আঁহত গছৰ তল, পুখুৰীৰ পাৰ, বিয়নি মেল, ৰাইজৰ মেল, গোটৰ মিটিং সকলোৰে‌ মুখ্য বিষয়৷ সকলোৱে‌ নিজৰ ইচ্ছামতে‌ সজাইছে, আ-অলঙ্কাৰ পিন্ধাইছে , ন-কইনাক সজাই‌-পৰাই ৰাইজৰ আগত উলিয়াই দিয়াৰ দৰে নিটোল ৰূপ এটা দি মেলি দিছে মানুহৰ মাজত৷ খৰালি শুকান হাবি পুৰিবলৈ লগাই দিয়া জুইৰ দৰে সিহঁতৰ গাঁওখনৰ পৰা কাষৰ গাঁও কেইখনলৈও কাহিনীটো বিয়পি পৰিছে৷ গাঁৱৰ পৰা অলপ দূৰৈত থকা চেণ্টাৰটোলৈ, তাৰ সতে একেলগে স্কুল-কলেজত পঢ়া লগৰবোৰৰ কাষলৈ বিস্তৃত হৈছে, তাত আকৌ কাহিনীটোৱে এটা নতুন ৰূপ লৈছে৷

দুদিনতে মাক দেউতাকে অতদিনে ভুগি অহা অত্যাচাৰৰ ছবিখন দেখি সি হতাশাত ভাগি পৰিল৷ দুখ-যন্ত্ৰণা, সীমাহীন গ্লানিত সি ক্লান্ত৷ অসহায়৷ কাক বুজাব৷ কিমানক বুজাব৷ সকলোৰে সন্দেহৰ, ঘৃণাৰ দৃষ্টি, পৰিয়ালটো ভাঙি গৈছে৷ দেউতাক চিন্তা কৰি কৰি হাৰ্টৰ অসুখীয়া হৈছে৷ সকলোকে ছাৰপ্ৰাইজ দিবলৈ আহি নিজেই এটা ছাৰপ্ৰাইজ হৈ‌ গৈছে সি৷ খুৰীয়েক গুচি যোৱাৰ কথাটো সি আহিহে গম পাইছে৷ খুৰাকে সকলো জানে৷ মানুহজনী গুচি যোৱাৰ বাবে খুৰাকেই মূল দায়ী, ঘৰৰ বাকী মানুহবোৰ দায়ী কিন্তু দোষবোৰ জাপি দিবৰ বাবে সি এটা সহজ চিকাৰ হৈ‌ পৰিল৷ তাৰ এটা ভুলৰ বাবেই৷ সি কাৰো সতে যোগাযোগ নাৰাখিলে৷ সকলো ঠিক কৰি উভতি অহালে বহুত দেৰি হৈ গ’ল৷ তাক‌ সৰুৰ পৰা পোৱা, জন্মৰ পৰা পোৱা মানুহবোৰৰ তাৰ প্ৰতি হোৱা অবিশ্বাসে তাক মৰাৰ দৰে আঘাত দিছে৷ সিতো এদিন গাৱৰ নামজ্বলা ল’ৰা আছিল৷ সকলোৰে মৰমৰ৷ সকলোৰে বিশ্বাসৰ৷ অথচ সি এনেকুৱা কাম এটা কাম কৰিব নোৱাৰে বুলি কিয় নাভাবিলে মানুহবোৰে৷ দুই-এজন অব্যশ্যে ব্যতিক্ৰম আছে৷ তাৰ‌ প্ৰতি যাৰ এতিয়াও‌ বিশ্বাস আছে৷

মানুহবোৰ শিক্ষিত হোৱা নাই৷ মনবোৰ বহল হোৱা নাই৷ মধ্যযুগীয় অন্ধকাৰ আঁতৰি যাবলৈ এতিয়াও বহু বাকী৷ মানুহক নিঃশেষ কৰি উঠি মানুহবোৰে বন্য আনন্দত জঁপিয়াই উঠে এতিয়াও৷ গাঁওবোৰলৈ অহা আধুনিক‌তা আচলতে এটা ভ্ৰম৷‌ সি মানুহক তাৰ নিৰ্দোষিতাৰ প্ৰমাণ নিদিয়াৰ সিদ্ধান্ত ল’লে৷ সময়ে সকলো ক’ব৷ সময়ৰ ওচৰত সকলো নতজানু৷ মানুহ নিজৰ ওচৰত নিৰ্দোষী হ’ব লাগে৷ নিজৰ ওচৰত মূৰ তুলি থিয় হোৱাটোহে দৰকাৰী৷ সমগ্ৰ পৃথিৱীক ফাঁকি দিলেও মানুহে নিজক ফাঁকি দিব নোৱাৰে৷ সি নিজৰ ওচৰত গ্লানিহীন৷ স্বচ্ছ৷

তাৰ সঘন উপস্থিতিয়ে লাহে লাহে কথাবোৰ তল পেলাই আনিলে কিন্তু ঘৰ দুখনৰ ফাঁটটো আৰু জোৰা নালাগিল৷ অভিমানৰ পাহাৰটো ক্ৰমাৎ ওখ হৈ গৈ থাকিল। লগে লগে ফাঁটটোও বহল হৈ গৈ থাকিল৷ দেউতাকৰ হাৰ্টৰ অপাৰেশ্বন হৈ গ’ল৷ আগৰ সুখৰ স্মৃতিবোৰৰ কথা কৈ মাজে মাজে দেউতাক আৱেগিক হ’য়৷ তাক নোদোষে৷ সি বুজি পায়৷ সকলো সময়৷ সময়ে সকলোবোৰ মুহূৰ্ততে সলনি কৰিব পাৰে৷ খুৰাকে ডিৰ্ভচী মানুহ এগৰাকীক বিয়া পাতিছে৷ ছোৱালী এজনী আছে৷ মানুহবোৰে নতুন কাহিনী এটা পাইছে৷ নামঘৰ, তিনিআলিৰ দোকান, এমূৰৰ কালভাৰ্ট, আঁহত গছৰ তল, পুখুৰীৰ পাৰ, বিয়নি মেল, ৰাইজৰ মেল ... 

মানুহক লগ লাগে৷ জীৱনত এজন সংগী লাগে৷ মনে মিলিলেই হ’ল৷ বাকীবোৰ কথা গৌণ৷ খুৰাকৰ জীৱনটো গতি লগা দেখি সি সুখী হৈছে৷ তালৈ আঙুলি টোঁৱাবলৈ মানুহবোৰে এতিয়া সাহস নকৰে৷ তাক ঢুকি নাপায় এতিয়া কোনেও‌৷‌ ডাঙৰ খুৰীয়েকে মাজে মাজে তাৰ সতে কথা পাতে ফোনত৷ তেওঁ পৰিয়ালৰ সতে বিদেশত থাকে৷ তাক নোদোষে তেওঁ৷ মাজতে আইতাক ঢুকাল৷ সি তেতিয়া মুম্বাইত ট্ৰেইনিং এটাত ব্যস্ত৷ এতিয়া ঘৰটোত এটা মস্ত তলা৷ সৰু খুৰাক গাঁৱৰ পামত থাকে৷ ভৰা অতীতৰ কথিত -অকথিত অনেক কাহিনী লৈ একালৰ ব্যস্ত ঘৰটো‌ শুই থাকে৷ নিৰ্জন৷ নিঃসঙ্গ ...

 

ঠিকনা :

জালুকবাৰী

ফোন: ৭০৯৯০০৬৬৯২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ