চিত্তৰঞ্জন ওজা
ৰাতিপুৱাই কীৰ্তনঘৰৰ কাষৰ হাটীকেইটাত হাহাকাৰ লাগিল। স্বয়ং
মহকুমাধিপতি আহিছে ছয় পইছাৰ গাজাৰ ঘৰ বিচাৰি। চাহাবে হয়তো ভাবিছিল সন্মুখত ফুলনি
বাগিচাৰ স’তে দুই-তিনি মহলীয়া বিল্ডিং হ’ব। পিছে কথা ওলোটাহে। দলাহাটীৰ পৰা
কীৰ্ত্তনঘৰলৈ যোৱা পথত ইনোভা গাড়ীখনৰ পৰা নামি খোজকাঢ়ি যাবলগীয়া হ’ল ভলা পাঠেকৰ
ঘৰলৈ। তেওঁৰ পিছে পিছে বুঢ়াৰ পৰা কণমানিলৈ এক দীঘলীয়া শাৰী। সকলোৱে উৎসুকতাৰে ৰৈ
আছে মহকুমাধিপতিয়ে আহি ছয় পইছাৰ গাজাৰ ঘৰত কি কৰে চাবলৈ। হঠাতে এনে কি ঘটিল। ভলা
পাঠকে আধা দাড়ি খুৰাই থকা অৱস্থাতে বাহিৰলৈ ওলাই আহিল। চাহাবক মাত লগালে। ইপিনে
তেখেতে পত্নীক চকুৰে ইচাৰা কৰিলে চাহৰ ব্যৱস্থা কৰিবলৈ। পাচশ টকীয়া নোটখন হাতৰ
কিটিপতে হাটীৰ এজনৰ হাতত দি চন্দেশ, চানাৰ খুৰ্মা আৰু টেপাৰ নিমকি আনিব পঠালে।
ভলা পাঠেকৰ চোতালৰ কাষেৰে সোমাই গৈ ছয় পইছাৰ গাজাৰ চৌহদটো। চৌহদ
বুলিলে এটা সৰু ঘৰ, টিনপাতৰ চালি, বেৰ কেইখন ইটাৰ হ’লে কি হ’ব প্লাষ্টাৰ নকৰা বাবে
আৰু বহু বছৰৰ পৰা কোনো মেৰামতি নকৰাৰ বাবে ঘৰটো থকাৰ অনুপযোগী হৈ পৰিছে। ঘৰৰ
সন্মুখত আছে অলপমান মুকলি ঠাই, তাতেই ছয় পইছাৰ গাজাৰ পত্নী মায়ো আইতাই লালন-পালন
কৰা শাকনিবাৰী। বুঢ়ীয়ে গা-ধুই ভগৱানৰ নাম লৈ চাহ এটোপা মুখত দি শাক বুটলি থকা
সময়তে মহকুমাধিপতি আহি পালে। ইতিমধ্যে ভলা পাঠেকৰ ঘৰৰ পৰা কোনোবাই দৌৰ মাৰি
দুখনমান চকী বুঢ়ীৰ চোতাললৈ আনিলে। মানুহৰ সমদলটো দেখি বুঢ়ী আচৰিত হৈ পৰে। বুকুৰ
ওপৰলৈ মেখেলাখন বান্ধি থকা আইতাই পলকতে গামোচা এখন গাত মেৰিয়াই লয়।
“সদলবলে কি কৰবা আইছা? মই মৰা নাই। ইথানো জী আছু৷” ভলা পাঠেকে লগে
লগে মাত দিলে, “অ’ মায়ো খুৰী, তোক চাইবা কুনি আইছে জানা না? জিলাখেনৰ ডি চি ছাৰ
আইছে। তোৰ ভাগ্য ফুলছে৷”
“কন পৰাহঁত! যমে নেং নেং কে আছে আৰো তই মোৰ ভাগ্যৰ কথা ক’বা আইছা।
বেইৰা বাদ দি আচল কথাক ল’গিন আহ। মোক চাইবা কিয়ো ইমান ডাঙাৰ অফিচাৰ আইভা লাগা হ’ল
ক’ আগোতে৷”
অনা অসমীয়া ডি চি চাহাবজনৰ পক্ষে মায়ো আইতাৰ কথা বুজি পোৱা সহজ
নহয়। ভলা পাঠেকে দুয়োপক্ষৰ মাজত দোভাষীৰ ৰূপত কাম কৰিবলগীয়া হ’ল।
“আইতা, আমিও বুজি পোৱা নাই আপুনি হঠাতে কিয় চৰকাৰৰ বাবে ইমান
গুৰুত্বপূৰ্ণ নাগৰিক হৈ পৰিল। কাইলৈ মুখ্যমন্ত্ৰী মহোদয়ো আপোনাৰ ওচৰলৈ আহিব।
আপোনাৰ খবৰ ল’ব হেনো৷”
“এনে কি কাম কৰলু, মোক চাইবা মুখ্যমন্ত্ৰী আইভা লাগা অৱস্থা পালাক৷”
সকলোৱে ডি চি ছাৰৰ মুখৰ পিনে চাই ৰৈ থাকিল।
ছয় পইছাৰ গাজা মানুহজনৰ মৃত্যু হোৱা দুটা দশকেই হ’ল। তেওঁক কিয় এই
নামটো দিয়া হ’ল আজি কোনেও ক’ব নোৱাৰিব। ভলা পাঠেকেহে জনালে যে তেওঁৰ আচল নামটো
আছিল নগেন পাঠেক। ডেকা কালত হয়তো ছয় পইছাৰে গাজা কিনি মানুহজনে খাইছিল। স্বাধীনতাৰ
আগৰ কথা। পইছাৰ একক হিচাপে ‘আনা’ মানুহৰ মাজত জনপ্ৰিয় আছিল। ছয় পইছা মানে এক আনা,
২৫ পইছা মানে চাৰি আনা বা এক সিকি, ৫০ পইছা মানে আঠ আনা, ৭৫ পইছা মানে বাৰ আনা।
পিছে, মানুহজনে এক আনা হাতত পৰিলেই যে গাজা কিনিছিল সেইটো দেখা পোৱা কোনো এজনো আজি
জীয়াই থকা নাই। গতিকে কথাটো সত্য বুলি মানি ল’ব নোৱাৰি। সৰু ল’ৰাবোৰে
যেতিয়া মানুহজনক ছয় পইছাৰ গাজা বুলি মাতিছিল তেওঁ খং কৰিছিল আৰু গালি পাৰিছিল। ভলা
পাঠেকৰ দৰে বয়োজ্যেষ্ঠ বহুতে দেখিছিল, আজিও মনত পৰিলে কেতিয়াবা ডেকাসকলৰ আগত
ৰূপকথাৰ দৰে ছয় পইছাৰ গাজাৰ কথা কয়। সেই সময়ৰ গালিবোৰ আছিল বেলেগ ধৰণৰ, ইণ্টাৰনেট,
ফেচবুকৰ দিনত সেই শব্দবোৰ নুশুনাৰ দৰেই হ’ল। আজিকালি সেইবোৰ ইমানে অশ্লীল হৈ পৰিছে
যে শুনিব লাগিলে কিছুমানে গা-পা ধুই গোসাঁইঘৰত সেৱা ল’ব। মানুহজন জীয়াই থকালৈ ছয়
পইছাৰ গাজা নামেৰেহে বিখ্যাত অথবা কুখ্যাত হৈ থাকিল। ‘নগেন’ নামটো আজিহে বহুতে পোন
প্ৰথমবাৰৰ বাবে শুনিলে। মানুহজনৰ পুতেক-জীয়েক কেতিয়াবাই গুৱাহাটীত থাকিবলৈ ল’লে।
নাতি-নাতিনী দেশ বিদেশ পালে। মায়ো আবুক সুধিলেও কোনজন নাতি ক’ত থাকে ক’ব নোৱাৰিব।
এগৰাকী জীয়েক আৰু ডাঙৰ পুতেক সিপুৰী পালে হেনো। পৰিয়ালৰ মানুহবোৰ য’তেই নাথাকক কিয়
মায়ো আবু কিন্তু নিজৰ স্বামীৰ ঘৰ নেৰে। ঘৰ উৱলি গৈছে, ধুমুহা-বৰষুণত ঘৰৰ ভিতৰত
পানী সোমাইছে। সেইবোৰলৈ গুৰুত্ব দিয়া নাই আজিলৈ। সত্ৰৰ মাটিত মৰিব, নাম-গুণ গাই
মৰিব। বৈকুণ্ঠপ্ৰাপ্তি হ’ব। আবুৰ হেনো নব্বৈ বছৰ পাৰ হ’ল। তথাপি অকলে থাকে। নিজে
ৰান্ধি খায়। চহৰত পুত্ৰ-বোৱাৰীৰ লগত থাকি নৰকলৈ নাযায়। মহকুমাধিপতিক মায়ো আবুৰ
সকলো কথা খুটি-নাতি মাৰি ক’বলগীয়া হ’ল। সকলোৱে চিন্তা কৰি নাপালে এনে কি কাৰণ হ’ব
পাৰে যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই আওপুৰণি ঘৰটোলৈ কেৱল মায়ো আবুক মানে আইতাক
চাবলৈ বুলি আহিব।
ভলা পাঠেকৰ ঘৰত চাহ-মিঠাই খোৱা পৰ্ব শেষ হোৱালৈ কে’বাজনো ঠিকাদাৰ,
ইঞ্জিনিয়াৰ ধৰণৰ মানুহ আহি পালে। জোখমাখ কৰিবলৈ আৰম্ভ কৰিলে। ভলা পাঠেকৰ ঘৰৰ আগৰ
পৰাই ৰঙা দলিচা পৰা হ’ব। ফুলৰ টাবেৰে গোটেইখন সজোৱা হ’ব। ঘৰৰ চৌহদৰ চাফ-চাফাই,
চাৰি বেৰ আৰু খিৰিকীত যিমানকণ পৰা যায় ৰং দিয়া কাম। ভাগে ভাগে কাম কৰিবলৈ মানুহ
লাগি গ’ল। কাম আৰম্ভৰ লগে লগে আইতাৰ গালি বৰ্ষণো আৰম্ভ হৈ গ’ল।
“কণপৰা আহুং মোৰ বাৰীখেন কিদবলা কৰবা লাগছা। তোৰ মুখমন্ত্ৰী মোৰ
তাতে নালগে আইভা। কৈ দি যা। মোৰ চতলখেন তুহাক এৰি দিবা নৰু৷”
“কাম আৰম্ভ হ’ল না নাই বুঢ়ীয়ে লেঠা লগলাকে না৷” ডি চি অফিচৰ নাজিৰে
চিঞৰিব ধৰিলে।
ডি চি ছাৰ নিজে আইতাক বুজাবলৈ আহে, “চৰকাৰে আপোনাক সকলো ক্ষতিপূৰণ
দিব। বৰং তেনে দহখন বাগিচাৰ উৎপন্ন শাক পাচলি দিব। আপুনি কেৱল সন্মতি দিয়ক। এই
অকণমান ঠাইতে চি এম ছাৰ আৰু আপুনি বহিব লাগিব। সন্মুখত কেমেৰা থাকিব। ভিডিঅ’
কনফাৰেঞ্চিঙো হ’ব। বিদেশত কোনোবা ডাঙৰ মানুহৰ লগত হেনো আপোনাৰ কথা-বতৰা হ’ব৷”
“তুহাৰ বেলেগ কাম নাই নাকি। মোক যে পইছাৰ লালস দিবা আইছা, মোৰ
বাৰীৰ জিকা, পটল, লাই-পালেঙ দিবা পাৰবি নাকি। আৰো মোৰ কাৰো লগত কথা পাতবা লাগা নাই
ইখেন দেশতো নাই বিদেশতো নাই৷”
ডি চি ছাৰৰ সন্মুখত অন্য এক সমস্যা আহি পৰিল। আইতাই কোনোমতে সন্মতি
নজনায়। বাৰীখন থাকিবই। গতিকে ভলা পাঠেকৰ চোতালখনতে সকলো আয়োজন কৰিব লাগিব।
কাৰ্পেটেৰে চোতালখন ঢাকি ৰাখিব। সৰুকৈ ৰভা এখনো লাগিব। ৰভাৰ ভিতৰত বাতানুকূল
পৰিৱেশ সৃষ্টি কৰিব লাগিব। চোফাচেট দুযোৰ মান লাগিল। অন্তত দুশ তিনিশ মানুহৰ চাহৰ
পৰ্বৰ আয়োজন লাগিব। গাড়ীৰ পাৰ্কিঙৰ ব্যৱস্থা, ৰুট লাইনিঙ, চিকিউৰিটিৰ বাবে আৰক্ষী
অধীক্ষক আহি ওলাল। লোকেল এম এল এ, পাৰ্টীৰ সভাপতি, সত্ৰৰ কাষত হোৱাৰ বাবে বুঢ়া
সত্ৰীয়া আদি কৰি নগৰখনৰ সকলো হাইপ্ৰফাইল মানুহখিনি গোট খালে। যুদ্ধকালীনভাৱে কাম
আৰম্ভ হ’ল, এক ৰাতিৰ ভিতৰত গড় নিৰ্মাণ কৰাৰ দৰে।
হঠাতে খবৰ আহিল চি এম ছাৰে প্ৰেছমিট ৰাখিছে সন্ধিয়া সাত বজাত।
তেতিয়াই সকলো কথা খোলোচাকৈ ক’ব। দূৰদৰ্শন আৰু সামাজিক মাধ্যমত লাইভ দেখুওৱা হ’ব।
মায়ো আইতাৰ ঘৰত টেলিভিশ্বন নাই, গতিকে ভলা পাঠেকৰ ঘৰৰ চোতালতে লাৰ্জ স্ক্ৰীণৰ
টেলিভিশ্বনৰ ব্যৱস্থা কৰিলে। ডি চি, এছ পি ছাৰে তাতেই একেলগে প্ৰেছমিট শুনি কীৰ্ত্তনঘৰৰ
দালানত সমূহ ভকতৰ আগত সকলো কথা ভাঙি পাতি ক’ব। পুনৰ লেঠা লগালে মায়ো আইতাই। আবেলি
পাঁচ বজাত কীৰ্ত্তনঘৰৰ অধ্যয়ানাগাৰত যাবই লাগিব, ভাগৱত পাঠ শুনিব লাগিবই। চি এম,
টি এম আইতাই চিনি নাপায়। “সি বেটা কণপৰাই মোৰ হৰি কথা শুনাৰ সময়তে ইবিলাক কৰবা পায়
না?” তাৰো উপায় ওলাল। বাপজনাক ডি চি ছাৰে ফোনত জনাই দিলে সন্ধিয়া ৬।৩০ বজাত সমাৰিব
লাগিব ভাগৱত পাঠ। আইতাই ঘৰ আহি পাব দহ মিনিট পাছত। ভৰি ধুই চাহ একাপ মুখত দিয়ালৈ
সাত বাজিবৰ হ’ব। সময় মিলি যাব।
নগৰখনত এক আলোড়নৰ সৃষ্টি হ’ল। সন্ধিয়ালৈ বজাৰত মানুহ এজন দেখা
পাবলৈ নাইকিয়া হ’ল। প্ৰায় মানুহ সাত বজাৰ আগতে ঘৰত সোমাই টিভিৰ সন্মুখত বহি ল’লে।
কিছু মানুহ দালানৰ সন্মুখত থিয় হ’ল। কোনোবাই পলকতে দালানতে টিভিৰ ব্যৱস্থা কৰি
দিলে। সাত বাজি গ’ল। চি এম ছাৰে মুখ উলিওৱা নাই। মানুহবোৰৰ মাজত কিছু উৎকণ্ঠা দেখা
দিলে। প্ৰেছাৰ থকা মানুহৰ অলপ হ’লেও প্ৰেছাৰ বাঢ়ি গ’ল। ভলা পাঠেকৰ চোতালত ইতিমধ্যে
দুবাৰকৈ চাহৰ পৰ্ব চলিল। সাত বাজি পোন্ধৰ মিনিট যোৱাৰ পাছত চি এম ছাৰে ক’বলৈ আৰম্ভ
কৰে।
“মোৰ পৰম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ। আজি আপোনালোকক জনাবলৈ পাই সুখী
হৈছো যে যোৱা দুমাহ আগত মহাকাশ যানত উঠি মহাকাশ কেন্দ্ৰলৈ যোৱা দুগৰাকী
মহাকাশচাৰীৰ এগৰাকী হ’ল সুমিতা পাঠেক ওৰফে সুমিতা উলিয়ামচ, আপোনালোকে হয়তো জানে
তেওঁ ভাৰতীয় মূলৰ। তেওঁলোক উভতি আহিবলগীয়া আছিল মহাকাশ কেন্দ্ৰত গৈ পোৱাৰ আঠ দিনৰ
দিনাখন। পিছে যানখনৰ বিজুতিৰ বাবে আঠ দিনৰ বিপৰীতে আঠ মাহ থাকিব লাগিব। এই বিপদৰ
সময়ত তেওঁলোকক সাহস দিয়াৰ বাবে পৰিয়ালৰ আপোনজনৰ লগত ভিডিঅ’ কনফাৰেঞ্চিঙৰ ব্যৱস্থা
কৰা হৈছে। কালি সুমিতা পাঠেকে জনালে যে তেওঁ এই নগৰখনৰ দুটা দশক আগেয়ে মৃত্যু হোৱা
মানুহ এজনৰ পত্নী মায়ো আবুৰ লগত কথা পাতিবৰ মন (ক্ষমা কৰিব, মানুহজনৰ প্ৰচলিত
নামটো মই ক’ব নোৱাৰিম আৰু প্ৰকৃত নামটো মই নাজানো)। তেতিয়ালৈ চৰকাৰে জনাই নাছিল যে
সুমিতাৰ দৰে বিশ্ববিখ্যাত মহাকাশচাৰী অসমৰে সন্তান। সেয়েহে মই সিদ্ধান্ত ল’লোঁ যে
অসমৰ বাবে গৌৰৱৰ এই ক্ষণটোত ময়ো উপস্থিত থাকিম। মায়ো আইতা আৰু মই পৃথিৱীৰ পৰা আৰু
সুমিতা পাঠেক মহাকাশৰ পৰা আলোচনাত ভাগ ল’ব। তাৰ লগতে নগৰবাসীৰ পৰা দুই-এজনে সুমিতা
পাঠেকৰ লগত কথা পাতিব পাৰিম। এই সমগ্ৰ অনুষ্ঠানটি ভাৰতৰ সকলো নিউজ চেনেলে লাইভ
দেখুৱাব। ইয়ে অসমৰ লগতে এই নগৰখনৰ মান-সন্মান হাজাৰগুণ বৃদ্ধি কৰিব। সুমিতাই মোক
কোৱা মতে পঁচিশ বছৰ আগেয়ে সুমিতাই আইতাকৰ ঘৰত নিজৰ মাকৰ লগত গৈছিল। প্ৰায় এমাহ সময়
আইতাকৰ স’তে অকণমানি ঘৰটোত থাকে। তেতিয়া সুমিতাৰ বয়স আছিল মাত্ৰ এঘাৰ বছৰ। সেই
বছৰে তাইৰ মাকে দ্বিতীয় বিবাহত সোমায় আৰু পিছৰ বছৰত সকলোবোৰে আমেৰিকালৈ যায়। তাৰ
পিছত তেওঁলোক ভাৰতলৈ অহা নাই। ইতিমধ্যে সুমিতাৰ মাকৰ মৃত্যু হোৱা প্ৰায় দহ বছৰে
হ’ল। - - - ----“
মুখ্যমন্ত্ৰী মহোদয়ে বহুত কিবা কিবিয়ে ক’লে, কিন্তু ভলা পঠেকৰ
চোতালত বহি শুনি থকা মানুহবোৰৰ কোনেও সেইবোৰ কথা শুনা নাপালে। মায়ো আইতাৰ গালি
বৰ্ষণ ইতিমধ্যে আৰম্ভ হৈ গ’ল।
“কণপৰা, শগুনে খাৱা, তেলত জুই কুৰা লাগা, মোৰ নাতি টুকে পালি না
এনকে লৈ যাবা। ইথান ঘূৰি আইভা নৰা কৰলি। ভালোক ভালে লৈ আন মাটিক লগিন। এই মৰন ন’হ
আহুঙ শুনছা না মোৰ কথা বিলাক?“
ডি চি ছাৰ এইবাৰ আন এক সমস্যাত পৰিল। আইতাক কেনেকৈ এতিয়া ঠাণ্ডা
কৰি ৰাখিব পৰা যায়। দায়িত্ব পৰিল ভলা পাঠেকৰ মূৰৰ ওপৰত। মাষ্টৰ মানুহ, পঢ়া-শুনা
কৰা মানুহ, সকলোৱে সমীহ কৰি চলে। তাতে ইমান বছৰ একেলগে বাস কৰি আছে।
: ও খুৰী ক’ চুন তই কথা এটা। আমাৰ ইখেন হ’ল পৃথিৱী য’ত আমাৰ দৰে
নৰ-মনিচে বাস কৰে। আমাৰ উপাৰত কি আছে? স্বৰ্গ। হোই না নহোয় আগতে ক’।
অলপ ভাবি চিন্তি আইতাই ক’লে, “হোইদে ভলা৷”
: সেই স্বৰ্গত থাকাৰ সৌভাগ্য হৈছে আমাৰ আপীটুৰ মানে সুমিতাৰ। তাইৰ
ভাগ্য। আৰো তোৰ ও ভাগ্য দেছুন কালিক ল’গিন স্বৰ্গৰ অলপ হ’লিও দেখা পাবি। তাইক
সুধবা পাৰবি স্বৰ্গত থাকা এই ডেৰমাহত ইন্দ্ৰকে ধৰি কিমানমেন দেৱতাক লগ পালাক,
অপেস্বৰী কেইজনীক দেখা পালাক না নাই।
: মই হ’লি তাইক সাৱধান কৰি থম। এই ইন্দ্ৰ দেৱতাৰ চাল-চলন ভাল নহোয়।
আমাৰ এনেহেন থুগা আপীটুক বয়া চকুই দি চাবাও পাৰে।
আইতাৰ মুখৰ ৰং সলনি হৈ পৰিল। স্বৰ্গ দেখাৰ আনন্দত আইতাৰ মুখনি
হাঁহিৰে ভৰি পৰিল।
: ও খুৰী, তই আৰু কালিক ল’গিন গালি-গালাজ নাপাৰবি। মৰম কৰি কথা
পাতবি। স্বৰ্গৰ কুনবাই যদি চাই থাকে, তই মৰাৰ পাছত স্বৰ্গত ভৰি থলিয়ে তোক ভালকে
ৰাখবো। আমাৰ ভৱিষ্যতৰ কথা আছে দেছোন। আমি গেলিও গৰ্ব কৰি ক’বা পাৰিম সুমিতাৰ জাগাৰ
মানুহ বুলি।
সকলোৱে হাত তালি বজাই ভলা পাঠেকৰ কথাত সমৰ্থন জনালে।
আইতাই স্ফূৰ্তিত ভলা পাঠেকৰ বোৱাৰীক মাতিবলৈ ধৰে।
: ও ভলাৰ ব’ৰী, ক’ত আছা নু। শুন চুন। কালিক ল’গিন ভাল কাপুৰ একযোৰ
ধাৰত দিবিদে। পিন্ধবাক ল’গিন ইস্ত্ৰি কৰা কাপুৰে নাই। আৰু চবোকে চাহ একুকাপ দি এ।
গল টু শুখে গেইছে, তিয়বা মন গেইছে। জীলাপি কিনবা দি ,জীলাপিৰ পইছা মই দিমদে।
চাহৰ পৰ্ব শেষ হোৱাৰ পাছত মায়ো আইতা গ’ল শুবলৈ। ৰাতিপুৱাৰ পৰা
মানুহবোৰ আহিব। সাজি কাচি থাকিব লাগিব।
কীৰ্ত্তনঘৰৰ সন্মুখৰ দালানত আৰম্ভ হোৱা আলোচনা নিশা এঘাৰ বজালৈ
চলিল। সত্ৰখনো সজাব লাগিব। কাইলৈ গোটেই দিন চেনেলবোৰে সত্ৰখনো লাইভ দেখুৱাব। হোলী
গীত গাবলৈ কেইটামান দলে ইতিমধ্যে আহি ওলাইছে। ৰোবিন পাঠেকে বীৰ নাম প্ৰদৰ্শন কৰিব
লাগে বুলিও সজোৰে দাবী জনালে। তেওঁৰ কথাও সত্ৰাধিকাৰে ৰাখিব লাগিব। নগৰৰ বাহিৰৰ
পৰা আহিবলগীয়া মানুহবোৰক বিনামূলীয়াকৈ ভাত খুৱাবলৈ অশোক, কুশানৰ নেতৃত্বত কিছুমানে
আগবাঢ়ি আহিল। সকলো বন্দোবস্ত কেৱল নিশাটোৰ ভিতৰতে হ’ব লাগিব। সত্ৰাধিকাৰে সকলোকে
আহ্বান জনালে, “আমাৰ মাজোত থাকা বামুণ মানা বামুণ নামানা বিশ্বাস-ইবিলাক যেন কালিক
ল’গিন সকলোৱে পাহেৰি যায়। কলিতা – কেওতৰ কাইজাখেনো বাদ দিবা লাগবো। সুৰি, হীৰা,
কৈৱৰ্ত – ইবিলাকো এৰবা লাগবো। আমাৰ সত্ৰনগৰীৰ মান-সন্মান হ’ল প্ৰথম কথা। কালি যেন
কুনিও নকোয় যে সুমিতাৰ ঘৰখেন কেওত হে অথবা হাড়া খা দলৰ হে বুলি৷”
সকলোৱে হয়ভৰ দিলে। স্বৰ্গখন দেখা পোৱাৰ আশা সকলোৰে মনলৈ আহিল।
ইতিমধ্যে মিটিং শেষ হোৱালৈ মায়ো আবুৱে টোপনিতে সপোনজগতত ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিলে।
স্বৰ্গৰ কিছু দৃশ্যই আইতাক মোহিত কৰি ৰাখিলে। তাৰ মাজতে সপোনৰ স্বৰ্গখনত নিজৰ
স্বামী নগেনক বিচাৰি থাকিল।
দোভাগ নিশা হ’ল। আমাৰো কাপোৰ কানি ক’লা হ’ল আৰু ঘৰলৈ উভতি আহোঁ।
***
(ভ্ৰাম্যভাষ : ৯৮৬৪০৩৬১৪৩)