অন্যযুগ/


কীট

 গীতিমণি গোস্বামী (বৰঠাকুৰ)




গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ ঠেং-মূৰ দাঙি চক্ৰাকাৰে ঘূৰি থকা অৱস্থাত দেখিলে৷ লুটিয়াই-বগৰাই দিলে সি পুনৰ হৈ জীয়া জীৱন এটালৈ ঢাপলি মেলিব৷ আচৰিত প্ৰাণী এইবোৰ; কাৰো প্ৰিয় নহয়, অথচ জীৱন-পিয়াসী! সি আঁঠু কাঢ়ি বহিল৷ কিবা এক সমৰূপতাকিবা এক সামঞ্জস্য— কিবা এক মিল৷ তাৰ কিবা এক মায়া জাগিল৷ ভৰিত থকা ছে‍ণ্ডেলপাত হাতত লৈ সি তাক পোনাই দিলে৷ এক লহমাৰ বাবে দৰক লাগি ৰৈ তড়িৎ গতিত পঁইতাচোৰাটো কৰবাত অদৃশ্য হল৷ বাহিৰৰ দৃশ্যজগতখনৰ সকলো এখন ব্লেংক কাগজ হৈ তাৰ-অৱচেতন জগতখন তেতিয়া দলঙৰ খুঁটাত জীৱন-মৰণৰ সীমাৰেখাত ওলমি থকা জীৱ এটাৰ ওচৰত ৰৈছিলগৈ৷

অগণিত বিৰোধ৷ যুঁজিবলৈ বহুত শক্তি লাগে৷ শক্তিৰ বাবে আধাৰ লাগে৷ অনেক সময়ত সেই আধাৰ পাৰিবাৰিক, সামাজিক স্বচ্ছলতাই দিয়ে৷ এবাৰ ঠন ধৰি উঠাৰ পাছত, বগাবলৈ এটা অৱলম্বন পোৱাৰ পাছত জীৱন বগাবৰ জোখাৰে টনকিয়াল হয়৷ সেই আধাৰলৈ নিজক নিবলৈ সহজ নহয়৷ সহজৰ বিপৰীত মেৰুত যাৰ কঠিন অৱস্থান৷

দুপৰ নিশা তাৰ দুৱাৰত ঢকিয়াই পান্নালালে চিঞৰিছিল—

তুই পলা বিক্ৰম।

দিক্বিদিক্হেৰুৱাই সি মাথোঁ দৌৰিছিল৷ এঘণ্টাৰ পাছত ফোনেৰে পান্নালালে তাক জনাইছিল আয়সীৰ আত্মহত্যাৰ খবৰটো৷ ঘৰৰ মানুহে তাক সন্দেহ কৰি বিচাৰি ফুৰিছে৷ দৌৰি থকা ভৰিকেইটা অচল হৈ গধুৰ শিল হৈ পৰিছিল তাৰ৷ এখন কমনীয় মুখতেজাল, সপ্ৰতিভ৷ এখন মিহি মিহি নোমেৰে ঢকা হাতএজনী বহুবল্কী ছোৱালী৷

পঁইতাচোৰাটো সি বিচাৰি চালে৷ নাই৷ কৰবাত জীৱনৰ মিছিলত সি একাকাৰ হৈ মিলি গৈছে৷ তাক বিচৰা অসম্ভৱ৷ সময়ে তাকো লুটি-বাগৰাই এটা পঁইতাচোৰাত পৰিণত কৰিছে৷ আয়ুসীৰ আঙুলিৰ চুক এটাটো ঘা নলগোৱা সিও জীৱনৰ এই বিড়ম্বনাক ওফৰাই পোন হব লাগিব৷ সি ভাবিলে৷

দিনটো মনত আছে তাৰ৷ সেই মাকে সোঁহাতে সেঁওতা ফালি আঁচুৰি দিয়া চুলিৰ ভাঁজেৰেই ডাঙৰ হোৱা আঠাইছ বছৰীয়া লৰাটো সিদিনাও ওলাই গৈছিল৷ নতুনকৈ চৰকাৰীকৰণ হবলগীয়া স্কুলখনলৈ সেয়া আছিল সহস্ৰাধিক তাঁতবাতিপোহৰ হৈ স্কুললৈ যোৱা ককায়েকৰ মুখখনে উভতি আহোঁতে পোৰা বেঙেনাৰ বৰণ লৈছিল৷ হতাশা, নিষ্ঠাহীনতাত ক্ৰমাৎ শুকাই গৈছিল জীৱনৰ শাহ৷ এডাল শুকাই যোৱা লতাৰ দৰে দেখা গৈছিল তাক৷ সন্ধ্যা ভাগি নিশা গভীৰ হৈ পৰিছিল৷ পুৱাতে ওলাই যোৱা লৰাটো ঘূৰি নহাত উৎকণ্ঠাৰে চেপা উত্তেজনাৰে ভৰি থকা সময়তে কোনোবাই দলঙৰ খুঁটাত ওলমি থকা দুঃসম্বাদটো দিছিল৷ পিক্আপ ভান এখনৰ প্ৰচণ্ড খুন্দাত বতাহত উৰি যোৱা কপাহী তুলাৰ দৰে জীৱন-মৃত্যুৰ এটাৰ আশ্ৰয়ত৷ তলত বেগৱতী নদীৰ প্ৰচণ্ড সোঁত৷ সাধ্যৰ সকলো সীমা অতিক্ৰমি জীয়াই থকাৰ প্ৰচেষ্টাৰ ওচৰত নতশিৰ হৈধপচশব্দ কৰি তেওঁৰ আঠাইছ বছৰীয়া পাহোৱাল শৰীৰ নদীৰ প্ৰচণ্ড সোঁতত হেৰাই গৈছিল৷ অলপ সহযোগিতা, অলপ মানৱীয়তাৰ পৰা বঞ্চিত নোহোৱাহলে সেইটো জীৱই আধামৰা পইঁতাচোৰাই নতুন জীৱনৰ স্বাদ পোৱাদি বহুতহেঁতেনক আঁকোৱালি লব পাৰিলেহেঁতেন! চিঞৰ আৰু আৰ্তনাদেৰে ভৰি পৰিছিল দলঙৰ দু্যোটা পাৰ৷ উৎকণ্ঠা আৰু উত্তেজনাৰ শ্বাসৰুদ্ধকাৰী এক দীঘলীয়া সময়ৰ অন্তত বৃহৎ নদীৰ বুকুত পোৱা গল এটা মৃত শৰীৰ৷

দুচৰা কাম কৰ…” গুপ মাৰি বহি থকা তাৰ আকাল পৃথিৱীখনৰ প্ৰত্যক্ষদৰ্শী আছিল পান্নালাল৷ সি কৰা কোম্পানিৰ চকীদাৰ পান্নালাল৷ বন্দোৱস্ত মতে সি মালিকৰ ছোৱালীজনীক অলপ চাই দিছিল৷ বিনিময়ত চক্‌চকীয়া কাগজী নোটকেইটামান আৰু মছলা চাহ একাপৰ সোৱাদ সি পাইছিল৷ আয়ুসী! কোমলাংগী ৰাজকুমাৰীৰ দৰে চাকচিক্য যাৰ আদৱ-কায়দা৷ ভোগৰ পৃথিৱীত উৰি ফুৰা মুক্ত চৰাইজনীক পঢ়ুওৱা যে জটিল আৰু দুৰূঢ় সি বুজিছিল৷ মালিকৰ অন্দৰ মহলৰ এটা আছুতীয়া কোঠাত ঘঁড়ীৰ কাঁটাৰে পূৰা এঘণ্টা গণি গণি সি তাইক টান পাঠবোৰ বুজাইছিল৷ মেহগনি কাঠৰ পুৰণা পালেংখনৰ কাষৰ ক’লা কাঠৰ দুৱাৰখন খুলি ঈষৎ বিৰক্তি এটাৰে তাই নিৰ্দিষ্ট কাঠৰ চকীখনত বহিছিলহি৷ টান পাঠবোৰ তাইৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছিল৷ সঘনে অহা তাইৰ হামিবোৰে তাক বিৰক্ত কৰিছিল৷ কলম-কাগজ দলিয়াই ওলাই আহিবলৈ মন গৈছিল৷ ভৰিৰ আগ আঙুলিৰে মাটিত হেঁচা এটা দি হাঁহি হাঁহি কৈছিল… “যা পানী পি কে আ…

“ছাৰ, মোক এখন প’ট্ৰেইট আঁকি দিব…।” তাৰ ছবি অঁকাৰ দক্ষতাৰ উমান পাই মোবাইলত পঠাই দিয়া ১৮-২৯ বছৰীয়া ল’ৰা এটাৰ ছবি এখন এদিন সি আঁকিও দিছিল৷ তাৰ পৰা থাপ মৰা দি নি ছবিখন তাই ক’ৰবাত থৈ দিছিল৷ তাৰ ঠিক ১৫-২০ দিনৰ পাছত দুপৰ নিশা দুৱাৰত ঢকিয়াই পান্নালালে চিঞৰিছিল “তুই পলা বিক্ৰম…!”

দূৰৰ নগৰ এখনৰ ঠেক গলিৰ ভাড়াঘৰত সি মনে মনে সোমাই আছিল৷ বাকী থকা চিগাৰেটৰ শেষ অংশ সি হুঁপি খালে৷

ফুলকুমলীয়া ছোৱালীজনীৰ শেষ উশাহটো আৰু তাৰ তজবজীয়া ককায়েকৰ উশাহৰ দাম একে নাছিল৷ বেলেগ… একদম বেলেগ৷ এটাই মৰিব বিচাৰিছিল এটাই জীৱ… মৰিব বিচৰাটোক জীয়াই তুলিবলৈ আৰু জীৱ বিচৰাটোক মৰিবলৈ মানুহে এৰি দিব পাৰে!

মঙহাল হাতখন সি মনত পেলায়৷ অংক কৰিবলৈ মন নোযোৱা, অৱসাদ আৰু বিৰক্তিত শিল হোৱা হাতখন সি চাইছিল৷ নাচাওঁ বুলিও হাতখন তাৰ চকুত পৰিছিল৷

যত্নপালিত চুলিকোছাৰ পৰা মধুৰ সুগন্ধি এটা অহা সিও মনটো শিলত কটা শিল হৈ আছিল৷ শেলুৱৈ ধৰা চামনি ডাঠ আৰু দগধা৷ পৰিপাটীকৈ পাৰি থোৱা বিছনাৰ চুক এটাওতো কোঁচ-মোচ নাখাইছিল কোনোদিন৷ অতৰ্কিতে তাৰ চকুৰ পৰা সৰসৰাই পানী ওলাইছিল৷

শেষৰ দিনা অৱশ্যে তাইক বৰ বিষণ্ণ দেখা গৈছিল৷ প্ৰসাধনবিহীন, চুলি অসংযত৷ বিষাদৰ ভৰত কুঁজা হোৱা মানুহ সি৷ একেই পুং এটা দেখি সি সুধিছিল—

“মুস্কিল মে ফচ গয়া ছাৰ…”

প্ৰসাধনৰ উগ্ৰতা, ক্ষমতাৰ ৰাগি, সম্পদৰ অহংকাৰৰ তলত থকা এই “মুস্কিলখিনি’ জানিবলৈকে সি তাইৰ হাতখন নিজৰ মুঠিত ৰাখি সুধিছিল সি—

“ক… মোক ক’…!”

তাৰ ভিতৰখন গলিবলৈ লৈছিল৷ আয়ুসীয়ে একো নকৈছিল৷ মুস্কিলখিনি জনাৰ আগতেই বিহ খাই বেঁকা হৈ গৈছিল তাইৰ কোমল মুখ… আয়ত চকু…৷ ক’ব লগা অনেক কথা বুকুত লৈ নদীৰ বুকুত তল-ওপৰ কৰিছিল তাৰ আঠাইছ বছৰীয়া ককায়েক৷ কি আছিল শেষ কথাষাৰ তেওঁলোকৰ৷ অনেক ছট্‌ফটনি বুকুত লৈয়ে মানুহ ৰৈ থাকে নেকি অন্তিম উশাহলৈকে!

ক্লাছ টেনৰ বিদায় সভা আছিল সিদিনা৷ স্কুল অথবা সহপাঠীসকলক ভাল পাব পৰা মন এটা জন্ম হৈছিল নে নাই তাৰ মনত নাই৷ একাদিক্ৰমে শাৰী পাতি হেডছাৰক সেৱা কৰিছিল লগৰবোৰে৷ লাজকুৰীয়া সিও ছাৰৰ ভৰিকেইটা চুইছিল; অতৰ্কিতে চকুৰে ধল নামি আহিছিল৷ তাক উদ্দেশ্য কৰি ছাৰে কোৱা কথাকেইটা… “চাবা ই বৰ ডাঙৰ মানুহ হ’ব…

…এটা আটকীয়া বিশ্বাসক সাকাৰ দিয়াৰ বাবেই সিওতো খোজবোৰ যথাসাধ্যে দৃঢ় আৰু পোনকৈ দিব লগা হৈছিল৷ এনে অনেকেই অনেক ঠাইত প্ৰকাশ্যে অপ্ৰকাশ্যে তাৰ সম্ভাৱনাৰ কথা কৈছিল৷ বাহিৰৰ তাগিদাৰ এইবোৰ চাপ শিখাৰ দৰে দহনযুক্ত হোৱাৰ বিপৰীতে ভেঙুচালিৰ এটা ভৰা বৈপৰি‍ত্য হৈ থিয় দিছিল দেউতাকৰ পুৰণি চাইকেলৰ মৰমৰনিৰ শব্দ৷ সেই শুকাই যোৱা বিগত দিনৰ পৃষ্ঠাবোৰত লিখা আছিল দেউতাকৰ ককৰ্থনা, অশ্লীল গালি-গালাজ৷ তাত লিখা আছিল নিবনুৱা ককায়েকৰ হতাশা আৰু দুবছৰে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব নোৱৰা বায়েকৰ উখহা চকুত শুকাই কৰ্কৰীয়া মৰা বেথা৷ সেই দিনলিপিৰ প্ৰতিটো পৃষ্ঠা আওৰাই একো একোডাল শেল তাৰ বুকুত নিৰ্বিঘ্নে সোমাই গৈছিল একেবাৰে ভিতৰলৈকে৷

ককায়েক ঢুকোৱাৰ এবছৰৰ পাছত হঠাৎ হোৱা বাপেকৰ মৃত্যুত না সি কান্দিব পাৰিছিল, না কথা ক’ব পাৰিছিল…৷ চি‍গাৰেটৰ ভৰত মাত্ৰ ওঁঠৰ বৰণ মৰা কেঁচুৰ দৰে হৈছিল৷ ৰুক্ষ, খহতা শৰীৰৰ সকলো ঢাকিব নোৱৰা অংশ৷

মোবাইলত সি তাৰ মুখখন চালে৷ বয়সতকৈ অধিক বুঢ়া অধিক পৰিপক্ব যে৷ অৱসৰ নৌ লোৱাৰ আগতেই অৱসৰী দিনবোৰৰ ভয়াৱহ ছবি অতি জীৱন্ত ৰূপত আঁকি আঁকি দেউতাকে সিহঁতক পেঁপুৱা লগাইছিল৷ সেই ভয়াৰ্ত ছবি দেখি ককায়েকে পিন্ধিছিল স্বল্পবাক আৰু আত্মমগ্নতাৰ সাজ৷ দৰিদ্ৰতাৰ গ্ৰাসত পৰি ক্ৰমাৎ চিঁয়া পৰা বায়েকৰ হাত-ভৰিবোৰত একে সময়তে নামহীন আহ্লাদত আহ্লাদিত হোৱা পোহৰ মুখখনৰ কাতৰতাত মুগ্ধ হৈ সি গাঁৱৰ পুতুল দোকানীয়ে গোপনে দিয়া টোপোলাবোৰ তাইৰ হাতত দিছিল৷ ভিটামিনৰ দৰে কাম কৰা বায়েকৰ এন্ধাৰ মুখখনত পৰা হেঙুলীয়া পোহৰকণে তাকো নুবুজা বহুত কথা বুজাইছিল৷ এনেবোৰ দিনতে হেডছাৰে তাৰ মাজত কিবা হোৱাৰ সম্ভাৱনাৰ কথা কৈছিল৷ তেনে এদিন দলঙৰ খুঁটাত ওলমি থকা আঠাইছ বছৰীয়া ককায়েকৰ ছটফটনি এটাই তাক চিনাই দিছিল ক’লা পৃথিৱীখন৷ তদ্ৰূপ মাক আৰু বায়েকৰ মুখৰ ৰং৷ তথাপি এক সুদিনৰ সম্ভাৱনা বুকুৰ ভিতৰত আছিল তাৰ৷

তাৰ পাছৰবোৰ ঘটনা আছিল বায়েকৰ অকাল বৈধব্য, মাকৰ দুৰাৰোগ্য ব্যাধি, ঘৰ, পৰিয়ালৰ বোজা চম্ভালিবৰ বাবে কৰা টিউচনেৰে মৰা জোৰা-টাপলি৷ বি এছ চি পাছ কৰি ব্যক্তিগত স্কুলৰ চাকৰিৰে সি জীৱন সংগ্ৰাম চলাই নিছিল৷ বুজিবলৈ তাৰ বাকী নাথাকিল সমীহ আৰু সন্মানৰ বাদে তাৰ তাত পাবলৈ একো নাই৷ মিছাক মিছা বুলি, সঁচাক সঁচা বুলি কোৱাও য’ত অপৰাধ, তাত তাৰ আত্মসন্মানবোধৰ তাঁৰডাল টেং টেং বজাও বেসুৰা! সেয়ে সামান্য এটা অপৰাধৰ বাবে সহকৰ্মী কুঁৱলীক স্কুলত কৰ্তৃপক্ষই অপদস্থ কৰোঁতে সি মুখ মেলি প্ৰতিবাদ কৰোঁতে সিও ৰোষত পৰিছিল৷ প্ৰচণ্ড আত্মসন্মান থকা কুঁৱলীয়ে স্বইচ্ছাৰে চাকৰি এৰিছিল৷ নিষ্ঠা আৰু আন্তৰিকতাৰে কৰা কামৰ স্বীকৃতিক দেখি সি তাজ্জৱ মানিছিল৷

গণিতৰ শিক্ষয়িত্ৰী কুঁৱলীয়ে তাৰ ওচৰৰ চকীখনতে বহি ষ্টুডেণ্টৰ বহীবোৰ চায়৷ গণিত তাইৰ জীৱন… বাহিৰৰ পৃথিৱীলৈ তাইৰ দৃষ্টি নাযায়৷ সকলোৱে একমুখে তাইৰ কৰ্মস্পৃহাক প্ৰশংসা কৰে৷ তাইৰ বটলৰ পৰা প্ৰতিদিনে সি পানী খোৱাৰ পৰা ৰিপ’ৰ্ট কাৰ্ড বনাওঁতে সহায় কৰি দিয়ালৈকে আপোন ভাৱ এটা তাৰ জাগি উঠিছিল৷ সামান্য এটা ভুলৰ বাবে তাইক বিদ্যালয় কৰ্তৃপক্ষই কটু কথা শুনাওঁতে সেইবাবে সি মৌন হৈ থাকিব নোৱাৰিলে এইকণ মানৱীয় অনুভূতি প্ৰকাশৰ বাবে সি অন্ততঃ কাৰোবাৰ বহতীয়া হৈ থাকিব নোৱাৰে৷

কুঁৱলীক কিছু মানসিক সাহস দিয়াৰ মনেৰে সি গৈ তাইৰ ঘৰত উপস্থিত হৈছিলগৈ৷ দবাপিটা বৰষুণজাক ঘণ্টা ধৰি চলিছিল৷ কিজানি ভাবি সিও হঠাৎ নিজৰ ভিতৰৰ অনেক নপতা কথাৰ দুৱাৰখন খুলি দিছিল৷ তাৰ চলচলীয়া হোৱা চকুলৈ চাই কুঁৱলীৰো চকু ভৰিছিল৷

“এতিয়া কি কৰিবা তুমি…” সি আন্তৰিকতাৰে সুধিছিল৷ তাৰ কথাৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে বৰ গম্ভীৰ স্বৰেৰে তাক কৈছিল—

“মোৰ যদি কিবা ভাল হোৱাটো তুমি বিচাৰা কোনো দিন মোৰ ওচৰলৈ তুমি আৰু নাহিবা…”

এক লহমাৰ বাবে সি তাইলৈ চাই দবাপিটা বৰষুণজাকক তুচ্চ কৰি কুঁৱলীৰ ঘৰৰ পৰা ওলাই আহিছিল৷ বাহিৰখনতকৈ বেছি ভিজিছিল তাৰ ভিতৰখন৷ নিজৰ সুৰক্ষাৰ বাবে নিজে তৈয়াৰ কৰা বৃত্তৰ সেয়া সীমাৰেখাই নে তাৰ ভিতৰখন জোখাৰ এক অভিনৱ চতুৰ কায়দা চকামকা পোহৰত সেই সত্য নজনাকৈয়ে জীৱনৰ মিছিলৰ মাজত সি হেৰাই গৈছিল৷

কোম্পানীৰ চাকৰিৰে আৰম্ভ হ’ল তাৰ আন এটা জীৱন৷ ভদ্ৰ ব্যৱহাৰ, মধুৰ সম্ভাষণ, অনবৰতে সেৱাৰ মনোভাৱেৰে থিয় দি থকা সি হৈ পৰিল জীৱনপ্ৰিয় মানুহৰ নতুন সংস্কৰণ৷

কোম্পানীৰ বছ! ল’ৰাটো সৰু৷ অনবৰতে তাক ‘ছাৰ’ ‘ছাৰ’ সম্বোধন কৰি থাকোঁতে সি দাঁতকামোৰ খায়৷ ডিঙিত কঠিন জৰী লগাই থোৱা ছাগলীৰ ডিঙিৰ পৰা বাহিৰ হোৱা বেবনিৰ দৰে সি মাতে ‘ছ্যা ছ্যা…” মাতটো তাৰ বাৰে বাৰে বহি যায়৷ আত্মসন্মানৰ তন্ত্ৰী এডাল সিৰসিৰাই উঠিলেও সি বুজি পায় ধনবলৰ বিপৰীতে জীৱনৰ সকলো জোৱাৰ এক বিৰাট শীতলতাত সমাধিস্থ হ’বলৈ বাধ্য৷ এই বাধ্যতা জীৱনৰ লগত সহযোগিতা নে সমৰ্পণ, অভাৱত পৰি সৰল জীৱন এটাক আদৰি লোৱাৰ দৰে এটা আত্মপ্ৰবঞ্চনা… তাৰ খেলিমেলি লাগি যায়৷

সেইবোৰ দিনত পান্নালালে তাক টিউশ্বনৰ যোগাৰ কৰি দিছিল৷ ছমাহৰ পাছত মাজৰাতি সিয়েই দিছিল আয়ুসীৰ দুঃসম্বাদটো৷ সন্দেহৰ চকু দুটা তালৈকে অতৰ্কিতে পৰিছিল৷

খালী হৈ যোৱা জুইশলা বাকচটো মোহাৰি-পিটিকি দূৰলৈ দলিয়াই দিলে সি৷ যেন দূৰলৈ দলিয়াই দিব জীৱনৰ বিস্বাদ, তিক্ততা, অমধুৰতা, অপ্ৰাপ্তি আৰু অপ্ৰেমৰ দলীয় আৱাজ এটা৷ কেনেকৈ আয়ুসীৰ পৰিয়ালক বুজাব সি প্ৰেম, ছেক্স এইবোৰ তাৰ জীৱনৰ অভিধানত ঠাই দিবলৈ নটা কিছুমান শব্দৰ শৃংখল মাথোঁ৷ সৰি পৰা সপোনৰ বোজা কঢ়িয়াই কুঁজা হোৱা মানুহে অপৰাধৰ বোজা কঢ়িয়াব পৰাকৈ সবল হৈ থাকিব নোৱাৰে৷ এটা পঁইতাচোৰাৰ দৰে ওপৰঠেঙী হৈ সি মাথোঁ ঘূৰি আছে সময়ৰ বিচিত্ৰ ৰঙী পোহৰত৷

হঠাৎ তাৰ চকুত পৰিল তড়িৎ গতিত ঘূৰি ফুৰা এটা পঁইতাচোৰাত৷ হয়তো কিছু সময়ৰ আগতে জীৱন-মৃত্যুৰ সৈতে খেলা কৰা কীটটোৱেই৷ সি উঠি বহিল৷ কোঁচ খাই থকা লং পেণ্টটো তললৈ টানি ল’লে৷ দুৱাৰখন বন্ধ কৰি সি ফুটপাথত ভৰি থ’লে৷

দূৰৰ পৰা তাৰ দীঘল ভৰিকেইটাৰ ছাঁবোৰ আৰু দীঘল যেন দেখা গৈছিল তেতিয়া৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ