মুনমী দত্ত হাজৰিকা
মেট্ৰিক পৰীক্ষা দি উঠি
প্ৰথমবাৰৰ বাবে ‘চাহেবপুৰাৰ বৰষুণ’ পঢ়িছিলোঁ৷ তেতিয়া বৰ্ষাতকৈ বন্যাৰ সিদ্ধান্তটোহে মোৰ শুদ্ধ
আৰু সঠিক যেন লাগিছিল৷
হেই, বৰ্ষা
আৱেগিক৷ উচ্চশিক্ষিত ভাবীস্বামী প্ৰান্তিকক এৰি চাহেবপুৰাত ট্ৰেইনৰ পৰা নামি
তৎক্ষণাত এন. জি. অ.-ত সোমাই পৰাটো অপৰিপক্ব সিদ্ধান্ত৷
পিছে বহু বছৰৰ মূৰত
দ্বিতীয়বাৰ পঢ়োঁতে দেখোন বৰ্ষাহে মোৰ প্ৰিয় হৈ পৰিল৷ বৰ্ষা পৰিপক্ব, বৰ্ষা
দৃঢ়, বৰ্ষা শুদ্ধ৷
পঢ়ি শেষ কৰা কিতাপখন শ্বেল্ফত থৈ খিৰিকিমুখত ৰৈ ভাবি থাকিলোঁ৷
তেতিয়া বৰ্ষা নহয় তইহে অপৈণত পাঠক আছিলি৷
মোৰ মনটোৱে মোক কৈ
থাকিল৷ হয়তো কথাটো সঁচাই আছিল৷ সময়েহে মানুহক পৈণত কৰি তোলে৷ ঠিক যেন মাটিত, পানীত,
বালিত আৰু বতাহত বাগৰি বাগৰি তৰপ সলোৱা ৰূপান্তৰিত শিলৰ দৰে৷ সময়ে
সকলো সলনি কৰিব পাৰে৷ মানুহক বুজন কৰে৷ বেলিমুখীয়া দিনবোৰকো মহামাৰীৰ ভয় দেখুৱাই কাৰাৰুদ্ধ কৰিব পাৰে আৰু ৰাতিবোৰকো বহুমাত্ৰিক কৰি তুলিব পাৰে৷
ৰাতিবোৰ বহুমাত্ৰিক? হয়৷
ই কেতিয়াবা নিঃস্বাৰ্থ নিদ্ৰাৰ আৱেশ, কেতিয়াবা স্পৰ্শাকুল
অপেক্ষা কিন্তু কেতিয়াবা ৰাতিবোৰ যে এটা সাপ হৈ পৰে৷ এটা অতি বিষাক্ত অজগৰ৷ অন্ততঃ মোৰ বাবে৷ ড° চম্পাৱতী
হাটীমতাৰ বাবে৷
একালত কৃষিকন্যা আছিলো মই, চম্পাৱতী৷
খেতিয়কৰ ল’ৰাৰ হাত পোন হোৱাৰ দৰে ছোৱালী হৈও মোৰ আছিল
পিতাইৰ পথাৰত সোণগুটি চপোৱাৰ সপোন আৰু লগতে আছিল তালগছৰ দৰে
পোন এক জীৱনাদৰ্শ৷ দুই হাতে কৰা শ্ৰম মোৰ বিকল্পহীন পছন্দ
আছিল৷ সেয়ে মই পিতাইৰ গৌৰৱ আছিলোঁ৷ কিন্তু সতীয়া জী বাবেই আইৰ বাবে আছিলোঁ চকুৰ কুটা
দাতঁৰ হুল৷
তেতিয়া আছিল মচুৰী
কঠিয়া ৰোৱা শাওণীয়া বতৰ৷ দিনটো পথাৰত
পিতাইৰ সৈতে বোকা ফেনেকি আহি সন্ধ্যা ঘৰ সোমাইছিলোঁহি৷ গা ধুই
প্ৰথমবৰ্ষৰ তৰ্কশাস্ত্ৰখনৰ ট্ৰুথ টেবুল
মেলি লৈছিলোঁ৷
ট্ৰুথ+ট্ৰুথ=ট্ৰুথ,
ট্ৰুথ+ফল্চ=ফল্চ,
ফল্চ+ফল্চ=ফল্চ৷ …
পঢ়িলোঁহে৷
কিন্তু সত্য আৰু অসত্যৰ আহ্নিক গতিক উপলব্ধি কৰাৰ আগেয়ে আয়ে মোৰ বাবে যোগাৰ কৰি থোৱা, মই কাহানিও দেখি-শুনি নোপোৱা অজগৰটোৰ
বাকদত্তা হৈ পৰিলোঁ৷ সেই সন্ধ্যাতে৷ অকস্মাতে৷ দেউতাৰ সন্মুখতে৷
চম্পা, তই
অলপো চিন্তা নকৰিবি৷ বৰ ভাল চহকী মানুহ৷ তোক
পঢ়ুৱাই-শুনাই বৰমানুহ কৰিব৷ ভনীয়েৰো ডাঙৰ হৈ আহিছে৷ পিতাৰে খেতিৰ জোৰতে দুজনীৰ খৰছ
কেনেকৈ ব’ব৷
মই দেউতালৈ চালোঁ৷
আইজনী, পঢ়ুৱাম বুলিছে যেতিয়া মই চিন্তা কৰা নাই৷ তোৰ সুখ হ’ব৷ যা৷
দেউতাৰ আশ্বাসত নিশ্চিন্ত হ’লোঁ৷ ভনীলৈ ঘৰখন এৰি আহি
অচিন মানুহটোৰ মাজত প্ৰেমৰ সন্ধানত নামিলোঁ৷
তেতিয়াই তই ভুল কৰি
পেলালি৷— মনটোৱে মোক ক’লে৷
কি কৰিম৷ বৰ্ষাৰ
সলনি বন্যাক শুদ্ধ দেখাৰ সময় আছিল সেয়া৷ প্ৰেমৰ সহজ বাটেৰে গৈ জীৱনৰ নতুন মাদকতা বিচৰাৰ সময় আছিল
সেয়া৷ এবাৰলৈও ভবা নহ’ল যে অসত্যৰ লগত যুক্ত হ’লে সত্যও নিভাঁজ হৈ নাথাকে৷ ট্ৰুথ + ফল্চ = ফল্চ৷ সোনকালেই পিতায়ে দি পঠোৱা আশ্বাস আইৰ প্ৰৱঞ্চনাত হেৰাই গ’ল৷ পিতাইৰ ঘৰৰ পৰা সহস্ৰ মাইল দূৰৈৰ মহানগৰীৰ নিষিদ্ধ গলিত এটা দুটা নহয়
অলেখ অজগৰৰ নিশাৰ আহাৰ হ’লোঁহি৷ ছিঃ কিমান কম বয়সতে যে প্ৰেম
মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ব্যংগ হৈ পৰিল৷
চকুলো টুকিলোঁ
আৰু মচিলোঁ৷ কিন্তু জীৱনত হেৰাই যাবলৈকে মোৰ জন্ম হোৱা নাছিল৷ অজগৰে মোট সলাই আহি পিন্ধোৱা নেপূৰলৈ মোৰ মোহ নাইকিয়া হ’ল৷ কিন্তু নতুনকৈ এটা মোহ বৰকৈ জাগিল৷ জীৱনৰ লক্ষ্যৰ দৰে হৈ পৰিল৷ সেই
মোহে মোক খাবলৈ শুবলৈ নিদিয়া হ’ল৷ বহুদিনীয়া চেষ্টাৰ মূৰত এদিন পোহৰৰ পৃথিৱীলৈ ঘূৰি আহিব পাৰিলোঁ৷
পিতাইৰ মুখখন এবাৰ
চাবলৈ বৰকৈ মন গৈছিল কিন্তু পিতাইৰ অজলা মুখখনে মোৰ নতুন লক্ষ্যটোক দুৰ্বল
কৰি তোলাৰ ভয়তে তালৈ এবাৰো নগ’লোঁ৷ জীৱন জুইত জঁপিয়াই নিজকে সোণ
কৰি গঢ়িবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ৷ সৰুতেই বুকুত থূপ খোৱা
দৃঢ়তাই মোৰ সন্মুখৰ ডাঙৰ-সৰু হেঙাৰবোৰ হেলাৰঙে পাৰ কৰি যোৱাৰ শকতি দিলে৷
নিশাবোৰ পুনৰ
নিঃস্বাৰ্থ নিদ্ৰাৰ আৱেশ হৈ আহিল৷ দীৰ্ঘদিনীয়া কঠোৰ শ্ৰমৰ অন্তত মই নিজকে প্ৰতিষ্ঠা
কৰিলোঁ ড° চম্পাৱতী
হাতীমতাৰূপে৷ ভনীলৈ মনত পৰিল৷ কেনে আছে তাই? মই জানো তাইৰ
ক্ষেত্ৰত ট্ৰুথ + ট্ৰুথ = ট্ৰুথ হ’ব৷ তথাপি ভয় লাগে জীৱনলৈ৷ সময়লৈ৷
চিন্তা জাগে অলেখ ভনীলৈ৷ নিশাবোৰ সকলোৰে বাবে নিঃস্বাৰ্থ নিদ্ৰাৰ আৱেশ হয় নে? হয় নে চাগে প্ৰেমৰ স্পৰ্শাকুল
অপেক্ষা?
মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ
লোৱাৰ পিছতে প্ৰথমখন কেবিনেটতে মোৰ জীৱনৰ লক্ষ্যস্বৰূপ অতদিনীয়া হেঁপাহৰ বিধেয়কখন
আনিলোঁ৷ ৰাজ্যৰ বিৱাহযোগ্য প্ৰতিগৰাকী যুৱতীৰ বিৱাহ আইনী প্ৰক্ৰিয়াৰে হোৱাটো
বাধ্যতামূলক কৰিলোঁ৷ তেতিয়া ছোৱালীহঁতক অজগৰে গিলিবলৈ সুবিধা নাপাব৷ সুবিধা নাপাব, মোট সলাবলৈও৷ বৰ্ষাৰ সলনি বন্যাক শুদ্ধ দেখা আৱেগিক সময়তো সিহঁত নিশ্চিন্ত থাকিব
পাৰিব কাৰণ তেতিয়া ট্ৰুথ সদায় ট্ৰুথ আৰু
স্বচ্ছ হৈয়ে থাকিব৷
* * *