কাব্যশ্ৰী মহন্ত
“তিতিৰি তিতিৰি
এমকেম এমকেম এমকেম”
অৰ্থহীন বাক্যষাৰ আওৰাই আছে ছবছৰীয়া নাথুৱে৷ আৰু আওৰাই থকাৰ লগে লগে কেইটামান বেলেগ বেলেগ আকাৰৰ শিলগুটি কাৰ্পেটৰ ওপৰত সজাই আছে ৷ শিলগুটিবোৰত সি তাৰ কালাৰ পেঞ্চিলেৰে বেলেগ বেলেগ নক্সা আঁকি লৈছে৷ চৌপাশে তাৰ পুতলা গাড়ীৰ পাৰ্টছ, স্পাইডাৰমেন প’কেমন, জিগছ্ পাজলৰ খণ্ডিত টুকুৰা আৰু পেন্চিল কাটাৰেৰে ঘুৰাই ঘুৰাই জোঙলা পেন্চিলৰ ৰম্বাছৰ শাৰীৰ আকৃতিত ওলাই অহা মিহি কাঠবোৰ৷ নাথুৰ খেলাবোৰৰ কোনো নাম নাই৷ পুতলা গাড়ীবোৰ চলোৱাতকৈও সি প্ৰথমেই চকা খুলি চায়৷ কোনো এখন গাড়ীয়েই তাৰ অবিকৃত ৰূপত নাই৷ অনবৰতে বাওঁহাতত কাটাৰটো লৈ ঘুৰাই ঘুৰাই পেনচিল জোঙালি থকা তাৰ অভ্যাস৷ বাধা দিয়াৰ কোনো উপায়েই নাই৷ স্কুলৰপৰা সদায় ৰিপৰ্ট আহে নাথুৱে প্ৰেয়াৰৰ সময়ত শাৰীৰপৰা আঁতৰি দিয়ে৷ ক্লাছৱৰ্ক সময়মতে নকৰে৷ য়ুনিফৰ্মৰ শ্বাৰ্টৰ বুটাম দাঁতেৰে কামুৰি ছিঙি দিয়ে৷
দেউতাকে বিশেষ চিন্তা নকৰে৷ ককায়েকতকৈ ন বছৰে সৰু নাথু এতিয়াও কেঁচুৱাৰ দৰেই৷ তাৰ পঢ়াৰ কথাটোত গুৰুত্ব দিবৰ সময় হোৱাই নাই যেন লাগে৷ নাথুৰ ককায়েক অকুৱে এইবাৰ দশম মানৰ ফাইনেল দিব৷ কিছু বছৰৰ আগতে খুব বিখ্যাত হৈ পৰা এখন হিন্দী চিনেমাৰ প্ৰসংগৰে অকুৱে মাককো বুজায় নাথুক জোৰ-জবৰদস্তি নকৰিবলৈ। কিছুমান ল’ৰা হেনো থাকেই তেনেকুৱা৷ পাছলৈ হিনো সিহঁত খুব ক্ৰিয়েটিভ হয়৷ খুব বিজ্ঞ এজনৰ দৰে অকুৱে নাথুৱে খেলা খেলবোৰ চায়৷ ক্লাছমেট্ কোম্পানিৰ ধুনীয়া নোটবুকবোৰত সি অঁকা ছবিবোৰ চায় ৷ মাজে মাজে মাককো দেখুৱায়৷
“চোৱাঁচোন মা নাথুৰ স্পীডৰ ইমাজিনেশ্যন! দৌৰি যোৱা হৰিণটোৰ আগঠেংকেইটা সি কিমান দাঙি দেখুৱাইছে ৷” মাকে চায়৷ একো নকয়৷
এবাৰ স্কুলৰ পি টি এম-ত মাক গৈছিল৷ নাথুৰ ড্ৰয়িং টিচাৰে তাৰ ড্ৰয়িঙৰ বহীখন দেখুৱাইছিল মাকক৷ এটা হাতীপোৱালিৰ প্ৰায় ষোলখনমান ভৰি! “মই ইমানকৈ ক’লো হাতীৰ ভৰি চাৰিখন, তুমি চাৰিখন আঁকা৷ নাই সি বাৰে প্ৰতি তেনেকৈহে আঁকিলে৷ ঘৰত আহি মাকে নাথুক সুধিলে কিয় সি মিছে কোৱাৰ পাছতো হাতীটো তেনেকৈ আঁকিলে?
“মইতো এটা হাতী অঁকা নাই৷ ডাঙৰ হাতীটোৰ পৰা সিফালে আৰু তিনিটা হাতী আছিল৷ সিহঁত সৰু আছিল বাবে ডাঙৰ হাতীটোকহে চবেই দেখিছিল৷”
নাথুৰ স্পষ্ট উত্তৰ৷
ড্ৰয়িংৰুমৰ অৱস্থা নাই৷ চেয়াৰবেকবোৰত কাট্ৱৰ্কৰ ডিজাইন এটা আছিল৷ এনুৱেল এগ্জাম হৈ যোৱাৰ পাছত মাক অফিচলৈ যাওঁতে নাথুৱে আঙুলি সুমুৱাই সুমুৱাই চব ছিঙিলে৷
দেউতাকৰ মূৰ দাঙিব নোৱাৰা ৰুটিন৷ অকুৰ স্কুলৰপৰা অহাৰ পিছত সদায় টিউচন থাকে ৷ মাকে অফিচলৈ যোৱাৰ আগতে এশ এবুৰি কাম, ঘুৰি অহাৰ পাছত বজাৰ সমাৰ, আলহী, ইউনিফৰ্ম ধোৱা, ইস্ত্ৰি কৰা, কেনিও চাবলৈ সময় নাই৷ গতিকে নাথুৱে কি কৰিছে চাবলৈ কাৰো সময় নাথাকে৷ আপোন মনে সি নিজৰ পৃথিৱীখনত অদ্ভূত খেলবোৰকে লৈ ব্যস্ত থাকে৷
তাৰ এনুৱেল হৈ যোৱাৰ কেইদিনমান পাছত অকুৰো ক্লাছবোৰ শেষ হ’ল৷ এমাহৰ পাছত স্কুলৰ ফাইনেল পৰীক্ষা৷ মাকৰ চিন্তা কিছু কমিল৷ নহ’লে এবাৰ মাজতে ঘৰলৈ আহি যাব লাগে৷ কাম কৰা মানুহজনীয়ে বা কি খুৱায়? এতিয়া পুৱাই দিহা দি যোৱা মতে ৰান্ধি টেবুলত থয়৷ দুইটা ল’ৰাই একেলগে খায়৷
“মা নাথু জানা পুৰা চে’ঞ্জ হৈ গ’ল৷ কালি নিজে নিজে cursive writing খন লিখিছে৷”
মাকে দুই হাত মেলি নাথুক কোলাত তুলি ল’লে৷ সি চুঁচৰি নামি গৈ দিনত লিখা cursive writing-অৰ বহীখন মাকক দেখুৱালে৷ মাকে চালে ৷
“এতিয়া মেগী বনোৱা৷” নাথুৱে যি কয় মাকে লগে লগে কৰিব লাগিব৷ ন’ অলটাৰনেটিভ!
মেগী খোৱা হৈ গ’ল৷ নাথু আকৌ গৈ কাৰ্পেটৰ ওপৰৰ তাৰ নিৰ্দিষ্ট চুকটোত বহি ল’লে৷ সেইখিনিতে পুতলা গাড়ীৰ এটা দ’ম৷ কোনোবাখনৰ চকা খুলি আন এখনত পকাই লগাই থোৱা আছে৷ বাছ এখনৰ ভিতৰৰ যাত্ৰীকেইজন উলিয়াই আনি বলেৰ’ এখনত বহুৱাই থোৱা আছে৷ টানি উলিয়াই আনোতে এজন যাত্ৰীৰ ডিঙিটোৱেই বেঁকা হৈ গ’ল৷
“কিয় উলিয়ালা বাবু তেনেকৈ ? দেখিবলৈ বেয়া হৈ যাব নহয় ৷”
“এতিয়াতো স্কুল বন্ধ৷ ইহঁতে এতিয়া পিকনিক খাবলৈ যাব৷” নাথুৰ গহীন উত্তৰ৷ অকুৱে এবাৰ তালৈ চালে আৰু তাৰ পিছত মাকলৈ চাই হাঁহিলে৷ “দেখিলা? আমাৰ নাথুৱে জানে যে পিকনিক খাবলৈ বাছত নাযায়৷ বলেৰ’ত হে যায় ৷”
“মা আজি চিকেন ৰান্ধিবা? নাথুৰ মুখত পিকনিকৰ কথা শুনি চিকেন খাবৰ মন গৈছে৷”
“ঠিক আছে ৷ দেতাক ফোন কৰি দিয়াঁ।আঁহোতে লৈ আহিব৷”
“কিয় তুমি আৰু মই যাওঁ ব’লা বজাৰলৈ৷” নাথুহঁতৰ দেউতাক আহি পোৱা সময় বহুত দেৰি হয়৷ মাংস-পাচলিৰ বজাৰ মাকেই কৰে৷ ছুপাৰমাৰ্কেটলৈ যাব লগা থাকিলে অকুও লগতে যায় ৷ কিটকেট লৈ আহিব বুলি নাথুক থৈ যায়৷ তাৰো কোনো আপত্তি নাই৷ আপোন মনে কাৰ্পেটৰ ওপৰত বহি লৈ খেলি থাকে৷
“ওঁহো মই আজি নাযাওঁ৷ আজি শনিবাৰ৷”
অকুৱে জানে শনিবাৰে ওচৰৰ গলিটোৰ মূৰত গাহৰি মাংস কাটে৷ মাকে এই দৃশ্য চাব নোৱাৰে৷ তাৰ লগৰ অচিন্ত্যৰ ঘৰত পৰ্ক ৰান্ধে৷ মাকে তাক হাক দি থৈছে অচিন্ত্যৰ ঘৰত যাতে সি পৰ্ক নাখায়৷ অচিন্ত্যৰ জন্মদিনৰ দিনা লগৰ গোটেইকেইটাই দবনি পিটি খালে৷ তাক চবেই জোকালেও৷ কিন্তু অচিন্ত্যৰ মাক-দেউতাকে তাৰ পাতত নিদিলে মাকে বেয়া পাব বুলি৷ সেইদিনা তাৰ মনটো অলপ বেয়া লাগিছিল৷
হুৰমূৰকৈ দেউতাক সোমাই আহিল৷ ঘড়ীত দেখোন ছয়ো বজা নাই৷
“ইমান সোনকালে আহিলাযে আজি?”
“কাইলৈ ৰাতিপুৱাই মই গুৱাহাটীলৈ যাব লাগিব৷ মেনেজিং ডাইৰেক্টৰ আহিছে ৷”
“কাইলৈ দেখোন দেওবাৰ।”
“হোঁহ্, দেওবাৰ৷ কিন্তু তেওঁৰ সোমবাৰে কলিকতাত এখন মিটিং আছে৷ সেয়ে ইম্পৰটেণ্ট মেটাৰ এটাৰ কাৰণে দুজনমানক মাতিছে৷”
“দেতা তুমি মাৰ চকুলৈ চাই কিয় কোৱা নাই? তুমি দেখোন কোৱাঁ মানুহে কথা কওঁতে সদায় চকুলৈ চাই ক’ব লাগে৷”
“চাওঁ চাওঁ বাবু আজি তুমি কি আঁকিলা?”
দেউতাক ওচৰলৈ আহোঁতেও নাথুৰ চকু-মুখত কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল৷ হাত-মুখ ধুই চাহ খাই দেউতাক অফিচৰ কাম কৰা কোঠাত বহিলগৈ৷ ৰাতি ভাত খাবলৈ বহোঁতে অকুৱে মাকক ক’লে যে কাইলৈ সিও অলপ ওলাই যাব। সিহঁতৰ গ্ৰুপ প্ৰজেক্ট চাবমিট কৰিব লাগিব৷ লগৰ এটাৰ ঘৰতে গোটেইকেইটা বহি ল’ব৷
“কাইলৈ তেতিয়াহ’লে দিনত অকল নাথু আৰু মই?”
দেউতাকে কিবা চিন্তা কৰি ভাত খাই আছে৷ দুবাৰ কওঁতেহে কাণ দিলে মাকৰ কথালৈ৷ ভাত খাই উঠি আকৌ গ’ল অফিচ ৰূমলৈ৷ মাকে গাৰুত আউজি নাথুৰ স্কুলবেগটোৰপৰা বহী-কিতাপ উলিয়াই চাবলৈ ল’লে তাৰ কিবা হ’মৱৰ্ক আছে নেকি৷ নাথুৱেও মাকক কাষত পোৱা তাৰ প্ৰিয় সময়কণত তাৰ বন্ধু-বান্ধৱ স্পাইডাৰমেন প’কেমন ডৰিমন চবকে লৈ মাকৰ কাষত আহি বহি ল’লে৷ বহুত চেষ্টা কৰি মাকে তাৰ হতুৱাই ৱৰ্ডছ কেইটামান লিখালে৷ তাৰ পাছত সি ঘোষণা কৰিলে যে সি আৰু নিলিখে৷
হাতত স্পাইডাৰমেন লৈয়েই গাৰুটোত ওভোটাকৈ সি টোপনি গ’ল৷
পুৱা দেউতাক সোনকালেই ওলাই গ’ল৷ পুৱাৰ আহাৰ কৰি অকুৱেও বেছি দেৰি নকৰিলে৷ পিঠিত বেগটো আঁৰি মা যাওঁ বুলি কৈ সি ওলাই গ’ল৷
অকু ওলাই যোৱা সময়তে দেউতাকেও হাইৱে’ইদি গাড়ী চলাই গৈ আছিল৷ মনত হাজাৰ দুঃশ্চিন্তা৷ ঘৰতো একো ক’ব পৰা নাই৷ পাৰিবনে তেওঁ সাম্ভাৱ্য বিপদটোৰ পৰা উদ্ধাৰ পাব? আজি যিজন উকীলক লগ ধৰিবলৈ আহিছে তেওঁ এনেকুৱা কে’চত কাহানিও হৰা নাই বুলি শুনিছে৷ কিন্তু তেওঁৰ ফীজ বহুত৷ হ’লেও তেওঁকেই ধৰিব লাগিব৷ ভুল কৰিলে তেওঁ৷ ডেপুটি মেনেজাৰজনক সৰু কথা এটাতে শ্ব’কজ কৰিব নালাগিছিল৷ সিয়েই সুবিধাটো ল’লে৷ যোৱা দুবছৰ তেওঁ টাৰ্গেট ক্ৰছ কৰিব পাৰিছিল৷ প্ৰমোচন আশা কৰি থকাৰ সময়তে এইবোৰ হ’ল৷
ভাত খাবৰ সময়তে দেউতাকৰ ফোন আহিল৷ গুৱাহাটী পাইছেগৈ৷ আবেলি তিনিমান বজাত ঘূৰিব৷
নাথু আৰু মাকে ভাত খালে ৷
ঠিক একেখিনি সময়তে অকুৱেও চহৰৰ এমূৰে থকা এখন নতুন ৰেস্তোৰাঁত ভাত খাইছিল তাৰ লগৰ দুটা ল’ৰাৰ সৈতে৷ লাইশাক দি ৰন্ধা গাহৰি মাংসৰ বাটিটো তাৰ ফালে আগবঢ়াই দি অচিন্ত্য নামৰ বন্ধুটোৱে কৈছিল “খা এয়া তই খা৷ আমাৰ পাপাই ইয়াৰপৰা নিয়েই সপ্তাহত এবাৰমান৷” আনজন বন্ধু নিলয়ে কৈছিল “নাই প্ৰথমদিনা খাইছ যেতিয়া কমকৈ খোৱাই ভাল৷ “অকুৱে একো কোৱা নাছিল৷ তাৰ মুখখন ৰঙা পৰিছিল৷ অলপ জ্বলা থকা মাংসৰ সোৱাদতকৈও নিষিদ্ধ কিবা এটা সম্পাদন কৰাৰ উত্তেজনাত সি মৃদুভাৱে কঁপিছিল৷ সেইখিনি সময়তো তাৰ মনলৈ ভাব আহিছিল যে মাকে যদি তাক বাৰম্বাৰ হাক দি নাথাকিলহেঁতেন সি হয়তো এনে এটা অভিযানলৈ আগ নাবাঢ়িলহেঁতেন৷ বহুদিনৰপৰা ভাবি থকা আঁচনিমতে কামটো কৰাৰ পাছত সি ভাবিছিল এইটো নো কি ডাঙৰ কথা? এদিন অচিন্ত্যৰ ঘৰত মুখত দি চোৱাহ’লেই তাৰ ইমান কৌতূহল নাথাকিলহেঁতেন৷ তাৰ লগতে যোগ হৈছিল ভাত খোৱাৰ আগতে সিহঁত তিনিটা লগ হৈ চোৱা প্ৰাপ্তবয়স্কৰ ইংৰাজী মুভিখনৰ দৃশ্যবোৰৰ উত্তেজনা৷
ভাত খাই উঠি নাথুক লৈ মাক বিছনালৈ আহিল৷ পুৱা সোনকালে উঠা৷ আগবেলা ঘৰ-দুৱাৰৰ কামো কিছু কৰা হ’ল। তেওঁৰ ভাগৰ ভাগৰ লাগিছিল৷ নাথুৰ বাবে এইখিনি বৰ প্ৰিয় সময়৷ মাকক অকলে পালে সি খুব শান্ত হৈ থাকে। কিন্তু আনৰ সমুখত মাকে তাক কিবা কৰিবলৈ ক’লেই সি অবুজন হৈ উঠে৷ মাকে ফোনত কথা পাতি থাকিলেও সি অসহিষ্ণু হৈ পৰে৷ “মা চাইনীজ চেকাৰ খেলিম দেই৷ তুমি তিনিটা ৰং ল’বা মই তিনিটা ৰং ল’ম৷”
“হ’ব দিয়াঁ৷”
চাইনীজ চেকাৰৰ ছটা ৰঙৰ গুটিবোৰ পাতোতে নাথুৰ কিছু সময় লাগিল৷ সেইকণ সময়তে মাকে সিহঁত দুইটাৰে ইউনিফৰ্ম কেইযোৰ আনি ইস্ত্ৰি কৰা টেবুলখনত থ’লে৷ ড্ৰয়িংৰুমৰ পৰা সেইদিনাৰ বাতৰি কাকত কেইখন আনি থৈ ল’লে৷ দেউতাক আৰু অকু নথকা বাবে তেওঁ আনদিনাতকৈ সোনকালেই দেওবৰীয়া দিনটোৰ পৰা আজৰি হৈছে৷ নাথুক শুৱাই লৈ কিবা এটা কৰিব লাগিব৷ চাইনীজ চেকাৰ খেলি থাকোঁতে তেওঁ ছল বুজি তাৰ অকণ অকণ ভৰিকেইটা পিটিকি থাকিল৷ মূৰটোও মোহাৰি থাকিল৷ আপোন পাহৰা হৈ খেলি খেল শেষ হোৱাৰ পিছত নাথুৱে মাকৰ কোলাতে মূৰটো পেলাই দিলে৷ তাৰ ভালকৈ টোপনি যোৱাৰ পাছত সাৱধানে গাৰুত শুৱাই দি নাথুৰ মাক উঠিল৷ কি কৰিব এতিয়া? বাতৰি কাকত পঢ়িব নে ইউনিফৰ্ম ইস্ত্ৰি কৰিব? গিৰীয়েক আহি পোৱালৈ তেতিয়াও ছঘণ্টাতকৈ বেছি আছে৷ পাকঘৰত একো কাম নাই৷ অকুলৈ ফোন কৰিব নেকি? নালাগে৷ কাম শেষ হ’লে সি এনেয়েও আহি যাব৷ তাক লৈ চিন্তা কৰিবলগীয়া নাই৷ তেওঁ আইনাৰ ওচৰত ৰৈ এবাৰ নিজকে চালে আৰু চুলিখিনি আঁচুৰি পিছফালে বান্ধি ল’লে৷ ড্ৰেছিং টেবুলৰ তলৰ ড্ৰয়াৰটো বৰ ধূলি-জাবৰ হৈছে৷ কাম নোহোৱা লাংখা লিংখি বস্তু তাতে ভৰাই থোবা হয়৷ ড্ৰয়াৰটো টানি উলিয়াই আনিলে নাথুৰ মাকে৷ আজি এইটোকে চাফা কৰা যাওক৷ প্ৰায়বোৰেই অদৰকাৰী বস্তু৷ ক’লা ৰেক্সিনৰ ক’ভাৰ লগোৱা এখন পকেট নোটবুক৷ ম’বাইল ফোন কিনাৰ আগতে বেগতে লৈ ফুৰিছিল৷ এড্ৰেছ, ফোন নম্বৰ লিখা৷ তেওঁ ম’বাইলটো লোৱা কিমান বছৰ হ’ল বাৰু? ষোল, সোতৰ নে ওঠৰ? এইখন তাৰমানে তাৰো আগৰ? ইংৰাজী বৰ্ণমালাৰ প্ৰতিটো আখৰৰ ববে এটা এটা পৃষ্ঠা নিৰ্দিষ্ট কৰা আছে নোটবুকখনত৷ হঠাৎ এটা নাম মনলৈ আহিল তেওঁৰ৷ নোটবুকখনৰ নিৰ্দিষ্ট পৃষ্ঠাটো লুটিয়াই চালে৷ আছে৷ সেইটো পৃষ্ঠাৰ প্ৰথমতেই সেইটো নাম আৰু এটা ম’বাইল ফোনৰ নম্বৰ৷ ৰিলায়েঞ্চ কোম্পানীৰ৷ লগৰ বন্ধু-বান্ধৱী, চিনাকি আন বহুতেই তেওঁতকৈ আগতেই ম’বাইল কিনিছিল আৰু তেওঁৰ নোটবুকখনত লিখা আছিল সেই নম্বৰবোৰ৷ নম্বৰটোৰ ওপৰত আঙুলি বুলালে এবাৰ নাথুৰ মাকে৷ খুলি চাফা কৰিবলৈ লোৱা ড্ৰয়াৰটো পুনৰ ভৰাই নোটবুকখন হাতত লৈ তেওঁ উঠি আহিল৷ গাৰুৰ ওচৰৰ পৰা নিজৰ ম’বাইলটো হাতলৈ ল’লে আৰু নাথুলৈ এবাৰ চালে৷ টোপনিতে দীঘলকৈ উশাহ লৈছে ছবছৰীয়া ল’ৰাটোৱে৷ খুব সুখী আজি সি৷ মাকৰ লগত খেলোঁতে সিয়েই জিকিলে৷ কিমান শক্তিশালী এই অকণমান অৱস্থিতি৷
গুৱাহাটীৰ এখন চাৰিতাৰকাযুক্ত হোটেলত বহি নাথুৰ দেউতাকে বিশেষ ব্যক্তিজনৰ লগত প্ৰায় দুঘণ্টা কথা পাতিলে৷ হ’ব৷ মানুহজনে তেওঁক বিপদমুক্ত হোৱাত সহায় কৰিব পাৰিব৷ কিন্তু তাৰ বাবে তেওঁ ভবাতকৈ অধিক খৰচ হ’ব৷ তেওঁ সেয়া মিলাব কিবা কৰি৷
নিজৰ ফোনটো লৈ কোঠাৰপৰা বাহিৰলৈ ওলাল নাথুৰ মাক৷ খিৰিকী এখনৰ মুখত ৰৈ বাহিৰলৈ চাই চাই কিবা ভাবিলে৷ নোটবুকখনৰ বিশেষ পৃষ্ঠাৰ নম্বৰটো ডায়েল কৰিলে৷
“হেল্ল’ ৷” এটা চিনাকি কণ্ঠ৷ তেওঁৰ কণ্ঠও সেইজন ব্যক্তিৰ চিনাকি৷ আগতে লেণ্ড ফোনৰপৰা বহু সময় ধৰি কথা পাতিছিল৷ তেওঁৰ ম’বাইল নম্বৰ আনজনৰ বাবে অচিনাকি৷ বিয়াৰ কিছুদিন পাছতে তেওঁক নাথুৰ দেউতাকে ম’বাইল ফোন এটা উপহাৰ দিছিল৷ ৰঙীন মায়াময় দিনবোৰত মনত পেলোৱাৰ দৰকাৰ নহৈছিল পুৰণা নোটবুকৰ পৃষ্ঠাত সোমাই থকা এটা নম্বৰ৷
অকু আহিছিল তেওঁৰ সংসাৰলৈ৷ তেওঁৰ চাকৰি হৈছিল৷ সংসাৰৰ ব্যস্ততা বাঢ়িছিল৷ আছেনে বাৰু তেওঁৰ কণ্ঠ সিজন ব্যক্তিৰ মনত?
“হেল্ল’।”
তেওঁৰপৰা উত্তৰ নোপোৱা বাবে আনফালৰপৰা পুনৰ শুনা গ’ল ৷ এইবাৰ বহুত সাহ গোটাই তেওঁ মাত দিলে - “হেল্ল’৷
এক মুহূৰ্তৰ মৌনতা৷ এইবাৰ পুনৰ তেৱেঁই মাত দিলে “হেল্ল’ ধৰিব পৰা নাই নহয়?”
“নিলাক্ষী?” বিস্ময়ভৰা কণ্ঠৰ সঁহাৰি ৷ “হঠাৎ মনত পৰিল যে?”
“মোৰতো পৰিছে বাৰু মনত৷ তোমাৰতো ইমানদিন খবৰেই নাই৷” প্ৰথমৰ জড়তা আঁতৰি গ’ল আৰু নিলাক্ষী সহজ হৈ পৰিল৷
হোটেলৰপৰা ওলাই অকুৱে মাকলৈ ফোন লগাইছিল৷ কিন্তু মাকৰ ফোন এনগেজ্ড পাই পেটে পেটে সকাহ পাইছিল। আৰু মিছা কথা একো নোকোৱাকৈয়ে সি ঘৰ পাবহি৷
গুৱাহাটীৰ পৰা ঘৰলৈ উভতিবলৈ লৈ অকুৰ দেউতাকেও ফোন লগাইছিল নিলাক্ষীলৈ৷ ফোন এনগেজ্ড৷ হ’ব৷ গৈ থাকোঁতেই কৰিব৷ এনেয়েও মিছা কথাবোৰ কৈ থাকিবলৈ তেওঁৰ মনো যোৱা নাছিল৷
নাথুৱে টোপনিতে বাগৰ সলাইছিল৷
ঠিকনা :
ডি ৪ পাৰ্ল এনক্লেভ