অন্যযুগ/


অৱগাহন

 পাপৰি গোস্বামী

 

 

গংগাধৰৰ  দুয়োপাৰৰ ঘাটত থকা  ডাঙৰ নৌকা দুয়োখনেই বৰ বাড়ি’-ৰ নৌকা। তলীখন পুৰঠ জাম কাঠৰ আৰু কাষ দুটা শাল কাঠৰ। টিং দুটা ৰঙা আৰু হালধীয়া ৰঙেৰে বোলোৱা। দুয়ো কাষে পিতলৰ ঝুনঝুনি লগোৱা। যথেষ্ট মজবুতিৰে  নৌকা দুখন সাজিছিল বলোৰাম ওৰফে বলোৰ দেউতাক কান্তাৰামে।  পঞ্চাশজন যাত্ৰী একো অসুবিধা নোহোৱাকৈয়ে গংগাধৰ পাৰ কৰাব পাৰে।  হাতত বঠা লৈ বলো আৰু ৰজনী দুয়ো গান টানি টানি  নাওঁ মেলি দিয়ে গংগাধৰৰ বুকুত। বলোৰ সুৰত হেনো যাত্ৰীৰ হিয়া ভৰি যায়। ঘাটত থকা বাকীবোৰ নাওঁতকৈ বৰবাড়িৰ নৌকা দুখনৰ প্ৰতিহে যাত্ৰীসকলৰ আগ্ৰহ  বেছি। দিনটোৰ আন সময়ত নৌকা দুখনে আন মানুহক পাৰ কৰায় যদিও নিৰ্দিষ্ট সময়খিনিত কেৱল বৰবাড়িৰ লোকৰ বাবেহে।  সেই নৌকাত উঠিয়েই মানুহজনীয়ে কইনাৰ বেশেৰে বৰবাড়িত প্ৰৱেশ কৰিছিল।  নৈপৰীয়া গাওঁখনে  সেইদিনা সীমাহীন আগ্ৰহেৰে মানুহজনীলৈকে  ৰৈ আছিল । 

মানুহজনীয়ে পুৱাই উঠে। যিমান দূৰ সম্ভৱ সোনকালেই কৰিবলগীয়া বুলি ভবা কামবোৰ কৰি আজৰি হয়। থাওকতে পোৱা কাপোৰযোৰ পিন্ধি  যাবলৈ ওলায়। শাহুৱেকে আঁচলৰে চকু দুটা মচি  কোনোবা লগুৱা এজনৰ  হতুৱাই ডাঙৰ বেগ দুটা পদূলিমুখলৈ নিয়ায়। পদূলিতে   দিনবন্ধুৰ   ৰিক্সা ৰৈ থাকে। ৰিক্সাৰে নদীৰ ঘাটলৈ যাবগৈ। তাত বৰবাড়িৰ নৌকা ৰৈ থাকে। বৰবাড়িৰ  প্ৰকাণ্ড চৌহদৰ সিটো মূৰত ৰাজভোলা আৰু মনভোলাৰ ঘৈণীয়েকহঁতে  মূৰৰ ওৰণিখন টানি টুনি ওলাই আহে। জুপি জুপি মানুহজনীলৈ চায়। বৰবাড়িৰ বৌ বাপেৰ বাড়ি যায়।”  শুন-নুশুনাকৈ কোনোবাজনীয়ে  কয়।

 

মানুহজনীৰ এই ঠাইলৈ বিয়া হৈ অহা প্ৰায় বছৰেই হবৰ হলহি। কিন্তু, বছৰটোৰ বেছিভাগ সময়েই মানুহজনী মাকৰ ঘৰতেই থাকিল। ঠাইখনৰ পৰিৱে, সমাজ জীৱন একোৰে লগত তেওঁ মিলিব নোৱাৰে।

আচলতে মিলিবলৈ নিবিচাৰে। 

ডাঙৰ নদীখন নাৱেৰে পাৰ হৈ কইনা সাজেৰে ওৰণিখন লৈ  যেতিয়া শহুৰেকৰ ঘৰত ভৰি থৈছিল, তেতিয়াই  বুজি পাইছিল যে  তেওঁ এৰি থৈ অহা ঠাইখনৰ সৈতে এই অঞ্চলৰ মাত-কথা, আচাৰ-ব্যৱহাৰ সকলোতে বহুত তফাৎ। বুজা-নুবুজাকৈ বহু কথাই ৰৈ গৈছিল। কোনো ধৰণৰ আধুনিক সা-সুবিধা নথকা ঠাইখনত তেওঁৰ এটা এটা দিন এটা এটা যুগৰ সমপৰ্যায়ৰ হৈছিল। যদিওবা শহুৰেকৰ ঘৰখন ওচৰ-পাজৰৰ সাতখন গাওঁৰ ভিতৰতে আটাইতকৈ চহকী ঘৰ। বৰবাড়িবুলিলে অঞ্চলটোত নিচিনা মানুহ নোলাব। ৰন্ধাই ৰান্ধে, ধোৱাই ধোৱে, সাৰোঁতাই সাৰে, মুঠৰ ওপৰত লা-লগুৱা , মানুহ-দুনুহেৰে ভৰি থাকে দিনৰ দিনটো।  মূল ঘৰটোৰ বাওঁফালে সেয়া ভঁৰাল ঘৰটো বছৰটোত এদিনো খালী নাথাকে। এবিধৰ পিছত এবিধ ফচলেৰে ভৰি থাকে। এবছৰৰ ধানেৰে দুই-তিনি বছৰ চলি যায়। 

 

এইহেন ঘৰত মানুহজনীয়ে কৰিবলৈ কাম কমেইহে থাকে। কামৰ ভিতৰত কেতিয়াবা  মূৰত ওৰণিখন লৈ শহুৰেকৰ লগত দেখা কৰিবলৈ অহা লোকক তামোলৰ বটাখন আগবঢ়োৱা। তাকো, বিশেষ অতিথি হলেহে। শাহুৱেকে মানুহজনীক লগত লৈ  ঘৰখনৰ তদাৰকী কৰে।. আচলতে বোৱাৰীয়েকক শিকাবলৈ চেষ্টা কৰে। জীৱনৰ কথানো কোনে কব পাৰে। উশাহতে নিশাহটো গুচি যাবগৈ পাৰে। ঘৰখনৰ দায়িত্ব কাৰোবাক সঁপি দি যোৱাটোও তেওঁৰ দায়িত্ব।

  মানুহজনীয়ে এইবোৰ ভাল নেপায়। গিৰিয়েকৰ ছুটীৰ দিনকেইটা শেষ হোৱালৈ প্ৰৱল আগ্ৰেহেৰে বাট চায়। পিছে, আঠমঙলাৰ পিছদিনা ৰাতিয়েই  গিৰিয়েকে তেওঁক সাৱটি লৈ সেই ডাঙৰ সিদ্ধান্তটোৰ কথা কৈছিল। “... দেউতাৰ বয়স হৈ আহিছে। আগৰ দৰে চম্ভালিব নোৱাৰে। বহু বিঘা মাটি  এনেয়ে পৰি আছে। বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰি প্ৰচুৰ শস্য উৎপাদন হব। চাকৰিতনো কেইটা টকা..! তাতোকৈ, নিজৰ মাটিতেই বহুগুণ।”    

দৰক লাগিছিল মানুহজনী। গিৰিয়েকৰ আদৰবোৰ শিকলিৰ বান্ধোন যেন লাগিছিল। সেয়াই আছিল আৰম্ভনি। তাৰ পিছত হকে-বিহকে, কাৰণে-অকাৰণে মাকৰ ঘৰলৈ যোৱাটো নিত্য-নৈমিত্তিক হৈ পৰিছিল। প্ৰথম প্ৰথম গিৰিয়েকে লগতে লৈ গৈছিল যদিও পিছলৈ বাৰেপতি শহুৰেকৰ ঘৰলৈ যাবলৈ বেয়া পোৱা হল। 

আচলতে, ঘৰ জামাই” শব্দটোৰ প্ৰতি ভয় ভাৱ আছিল।

কিন্তু, মানুহজনীয়ে দুখ পাব বুলি কোনোদিনে  বাধাও নিদিছিল। যদিওবা দুখ নিজেই পাইছিল। সেই দুখ কোনেও নেদেখা দুখ। সেই দুখ কোনেও নুবুজা দুখ।  তাক নোহোৱা কৰিবলৈ হয়তো বেলেগ উপায় বিচাৰিছিল। মাহেকে-পষেকে মানুহজনীয়ে মাকৰ ঘৰলৈ যায়। ভতে  ডেৰ-দুমাহ পিছত। 

সেইবাৰ গৈ একেবাৰে  প্ৰায় এবছৰ পিছত  ঘূৰিছিল মানুহজনীয়ে। কোলাত পাঁচমহীয়া পুতেকক লৈ।

    বংশধৰক পাই “বৰবাড়ি” ৰ পৰিৱেশ আনন্দমুখৰ হৈ পৰিছিল। গোটেই গাৱৰ মানুহে  দৈ -  মিঠাই  খাই  কেঁচুৱাটিক চাই আশীৰ্বাদ কৰিছিল। গিৰিয়েকে পুতেকক এৰি থাকিবলৈ কোনোমতেই মানি লব পৰা নাছিল।   

 কিন্তু, সন্তানক গাওঁৰ পৰিবেশত কোনোমতে ডাঙৰ দীঘল কৰিব নোখোজে  মানুহজনীয়ে।  আকৌ মাকৰ ঘৰলৈ বুলি ওলাল মানুহজনী। দীনবন্ধুৰ ৰিক্সাৰে গংগাধৰৰ ঘাট,  বৰ বাড়িৰ নৌকা ৰৈ থাকে ঘাটত। নদী পাৰ হৈ তিনিবাৰ বাছ সলাইহে মাকৰ ঘৰ থকা চহৰখন পায়। মাকৰ  পদূলিত ভৰি থওঁতে আগ চোতালৰ তুলসীতলত চাকি জ্বলে।

শাহুৱেকে যতনাই দিয়া টোপোলাকেইটাৰ পৰা চাউল, চিৰা-মুড়ি, বতৰীয়া পাচলিৰ লগতে ৰসগোল্লাৰ হাড়ি দুটা উলিয়াই দিয়ে। ভায়েক-ভনীয়েকহঁতে  বায়েকে লগতে  অনা বস্তুবোৰ উদৰ পূৰাই খায়। নাতিটোক   পাই দেউতাকৰ মনত সুখে নধৰে। মাকে মনতে ইস-ইস... আস-আস.. কৰে,  ইমান ভালৰ শহুৰেকৰ  ঘৰখন এৰি জীয়েক আহি ওলায়।   পিছে গিৰিয়েকৰ মুখৰ আগত একো নকয়।  এনেয়েও তেওঁৰ ভূমিকা ঘৰখনত কমেই।

গ্ৰিকালচাৰ কলেজৰ সহপাঠী আৰু প্ৰিয় বন্ধু সূত্ৰে সৰু মোমায়েকে প্ৰস্তাৱটো দিছিল।  মানুহজনী তেতিয়া কলেজৰ  শেষৰ  বৰ্ষত। ভাল চাকৰি, সম্পত্তিশালী দৰাৰ খবৰ পাই  দেউতাকে পোনচাটেই  মান্তি হৈছিল। মোমায়েকৰ বন্ধুগৰাকীক প্ৰথম দেখাতেই ভালো লাগিছিল মানুহজনীৰ। গহীন গম্ভীৰ কথা-বতৰাই মানুহজনীৰ মন মুহিছিল।

সকলো ঠিকেই আছিল। পিছে হঠাতে চাকৰি বাদ দি গিৰিয়েকে খেতি-বাতিত লগাটোহে তেওঁৰ পচন্দ হোৱা নাছিল। 

 

গিৰিয়েকৰ কথাষাৰে মানুহজনীৰ কাণত বিষতূল্য হৈ পৰিছিল। নোৱাৰে তেওঁ এনেকুৱা পিছপৰা ঠাইত জীৱনটো কটাব। গতিকে, মাহেকে পষেকে মাকৰ ঘৰতেই গৈ থাকে।

নিজে ঠাইখনৰ পৰা, মানুহবোৰৰ পৰা  আঁতৰিব বিচাৰিছিল যদিও ঠাইখনে যে তেওঁক চুম্বকৰ দৰে টানি আছিল সেয়া তেওঁ উপলব্ধি কৰিব পৰা নাছিল।  উপলব্ধি কৰিছিল তেতিয়া, যেতিয়া গিৰিয়েকৰ দেহত দূৰাৰোগ্য বেমাৰবিধে বাহ লোৱা বুলি  জানিছিল। পলমকৈ হলেও যৎপৰোনাস্তি চেষ্টা কৰিছিল গিৰিয়েকক  সুস্থ কৰি তুলিবলৈ।  বৰ মন গৈছিল গিৰিয়েকৰ সৈতে পথাৰলৈ যাবলৈ, মন গৈছিল গিৰিয়েকৰ সৈতে বহি বছৰৰ খেতি বাতি হিচাপ কৰিবলৈ।  পিছে মানুহজনীৰ সেই ইচ্ছা পূৰণ কৰিবলৈ  গিৰিয়েক নাথাকিল। 

তেৰদিনীয়া শৰাধ আৰু পোন্ধৰ দিনৰ মৎসস্পৰ্শৰ পিছত  ষোল্লদিনৰ দিনা দেউতাকে মানুহজনীক  নিবলৈ আহিল। হয়তো একেবাৰেই। ঘৰখনত দ্বিতীয়বাৰৰ বাবে কান্দোনৰ ৰোল উঠিল। সকলো সামৰি-সুতৰি মানুহজনী যাবলৈ  ওলাল।  শহুৰেক মূক হৈ পৰিছিল ইতিমধ্যে। শাহুৱেকে নাতিয়েকক  সাৱটি কোনোমতেই এৰিব নোখোজে। পিছে সময় উকলি আছিল দেখি শাহুৱেকক দুমাহে-তিনিমাহে আহি থাকিম বুলি সান্তনা দি পোনাটিক লৈ ৰিক্সাত বহিল। নদী পাৰ হৈ তিনিখন বাছ সলাই মাকৰ ঘৰ। 

তিনিদিনৰ পিছত পুনৰবাৰ তিনিখন বাছ সলাই বৰবাড়িৰ নৌকাৰে মানুহজনী ঘূৰি আহিল। একেবাৰেই...। গিৰিয়েকে ভাল পোৱা কামবোৰ আগবঢ়াই নিবলৈ। 

 

মানুহজনীয়ে পুৱাই উঠে। নিত্য নৈমিত্তিক কামবোৰৰ পিছত থাওকতে পোৱা কাপোৰযোৰ গাত মেৰিয়াই পথাৰলৈ যায়। বিশাল পথাৰখনৰ কোনো এঠাইত গিৰিয়েকৰ উপস্থিতি  অনুভৱ কৰে। মানুহজনীয়ে গিৰিয়েকে ভাল পোৱা কামবোৰেই কৰি যায়। ভাগে ভাগে মাটিত ভাগে ভাগে খেতিৰ খবৰ লয়। সাতবিঘা মাটিৰ গাছবাড়িখনতো তেওঁ প্ৰতিদিনে এবাৰকৈ হলেও চাবলৈ যায় । শাল, চেগুন  আৰু মেহগনিৰে গাছবাড়ি ভৰি পৰিছে।  তেওঁ জানে গিৰিয়েকে তেওঁৰ কাষে কাষে আছে। গিৰিয়েকৰ উপস্থিতিত তেওঁ প্ৰতিটো কামেই নিয়াৰিকৈ কৰে। 

এতিয়া গংগাধৰৰ বুকুত দলং হল।  ঘৰৰ সন্মুখেদি পকী আলিবাটটো  গৈ ইণ্টাৰনেশ্বনেল মাৰ্কেট পায়গৈ।  গাওঁৰ নক্সা সলনি হৈ গল। এতিয়া মানুহজনীৰ মাকৰ ঘৰলৈ যাবলৈ দিনটো নালাগে। 

বৰবাড়িৰ নৌকা দুখন এতিয়া অলাগতিয়াল হৈ পৰিল। মাজে মাজে  কেৱল মাছ মৰাৰ বাবে ৰজনীৰ পুতেকহঁতে লৈ যায়।  আহিনৰ শেষ আৰু কাতিৰ প্ৰথমতে শুক্লপক্ষত গংগাধৰত ঘোৰেয়ামাছৰ উজান উঠে। বৰবাড়িৰ নৌকাৰ সাইঠহেনো বৰ ভাল। নৌকা পানীত পেলোৱাৰ লগে লগেই দুই তিনিটা ঘোৰেয়া হাতলৈ আহে।  বছৰটোৰ এইখিনি সময়ক বাদ দি বৰবাড়িৰ নৌকা দুখন গাছবাড়িৰ ছায়াত পৰি থাকে।  প্ৰয়োজন নহয় কাৰোয়েই।

গংগাধৰৰ ওপৰেদি এতিয়া ৰেল চলে। মালগাড়ীবোৰে দিনে ৰাতিয়ে গাওঁখনক কঁপাই সশব্দে অহা-যোৱা কৰি থাকে। মানুহজনীয়ে  ভাৱে, হয়তো ইয়াৰে কোনোবাখন মাকৰ ঘৰ থকা চহৰখনলৈকে গৈ আছে। 

পিছে,  মাকৰ ঘৰখনলৈ যোৱা বাটটোত দুবৰি গজিল। আচলতে, মানুহজনীৰ যাবলৈ সময়েই  নাই। 

পুতেকো  বৰ এটা  গজগজীয়া ডেকা হল। বেংকৰ চাকৰি পাই গুৱাহাটীত থাকে।  মাকক নিজৰ সৈতে ৰখাৰ বাবে কিমান যে চেষ্টা।  পিছে অত্যন্ত জোৰ কৰিও  মানুহজনীক গুৱাহাটীলৈ নিব পৰা নাই।

আচলতে, তেওঁৰ আহৰিয়েই নাই।  গিৰিয়েকৰ নামত পাতি দিয়া এম. . স্কুলখন  এইবাৰ হাইস্কুললৈ প্ৰমোচন পালে। গাওঁখনৰ মহিলা সকলৰ আত্মসহায়ক গোটৰ কাম-কাজবোৰ তেৱেঁই চাব লাগে। গাওঁৰ যিকোনো কামে-কাজে বৰবাড়িৰ বৌনহলেই নচলে। অঞ্চলটোত কন্যা মহাবিদ্যালয় এখনৰ বৰ দৰকাৰ। কলেজৰ বাবে প্ৰয়োজনীয় মাটি কেইবিঘাও তেৱেঁই দান কৰিছে।  অফিচিয়েল কামবোৰৰ বাবে জিলা সদৰলৈ অহা-যোৱাৰ বাহিৰে তেওঁ এতিয়া গংগাধৰ  পাৰ নহয়েই।

****

 

 

পাপৰি গোস্বামী

গোলকগঞ্জ, ধুবৰী 

ভ্ৰাম্যভাষ : ৯৭০৬৯১১৫৩৩ 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ