অন্যযুগ/


গোন্ধ

পল্লৱী মহন্ত 

 


           অতবছৰে তাই আছিল এটা ছাঁ।  ছাঁটোৰ পৰা ওলাই আহিবলৈ তাইক প্রয়োজনতকৈ অধিক সময় লাগিল। তেতিয়ালৈ তাই মাহেকৰ মূৰত তিনিদিনীয়া যন্ত্ৰণাটোৰ পৰা মুক্তি পাইছিল। মাকৰ সেই  যন্ত্ৰণাটো তেতিয়া জীয়েকলৈ বাগৰিছিল । জীয়েকলৈ তাই চাব নোৱাৰে। যেন জুই একুৰাহে। মানুহে ছোৱালীজনী দেখিলেই হায়ৈ বিয়ৈ কৰে। কি খননো অমৃত খুৱাইছে জীয়েকক তাইহে জানে! বেঙেনাটো, থেকেৰাটো কেতিয়াবা জলকীয়া-নহৰু পুৰিয়েই ভাতকেইটা যতনাই দিয়ে। মুখেৰে হু-হা নকৰাকৈ জীয়েকেও টপাটপ গিলে। নিগিলিলে হ'ব কি? মাকেনো তাইৰ ভাল পা/ বুলিয়েই থপথপীয়া মচুৰ দাইল অকণ সদায় ক'ৰ পৰা ৰন্ধিব ! শাকে শোকোতাই দুজনী মানু্হ চলি থাকে। 

            মাকণৰ ঘৰৰ হাঁহ আছিল দুটা। তাৰে এটাৰ ডিঙিটো বেঁকাহৈ গ'ল।  ঘৈণীয়েক-গিৰীয়েক দুয়োটাই লগ লাগি হাঁহটোৰ ঠোঁট ফালি কণজলকীয়াৰ পাতৰ ৰস খুৱালে, বছগছৰ পাত এখিলা থেতেলিয়াই ৰস দুটোপালো খুৱালে। পিছে কামতহে নাহিল। ছটফটাই ছটফটাই হাঁহটো মৰি থাকিল। গঁৰালত থকাটোও জলকা লাগি থকা দেখি মাকণৰ বাপেকে ৰাতিৰ সাঁজত খাই পেলোৱাৰ কথা ক'লে। মাকণৰ মাকে যেনিবা ষ্টিলৰ বাটি এটাতে মাংসৰ জোল একণ চাদৰৰ তলতে দি থৈ গ'ল । মাংসৰ গোন্ধে তাইৰ পেটৰ ভোকটো চৰাই দিলে। 

            মাকে মাংসৰ বাটিটো জীয়েককে যাচিলে। জীয়েক কাঁহীখন চুঁচি চুঁচি আঙুলিকেইটাও  বহুপৰ চেলেকি থাকিল। তাই মাংসৰ খালী বাটিটোকে পানী এচলুৰে আওখালি তাৰেই ভাতকেইটা সানি-পুটকি পৰম তৃপ্তিৰে খালে। ৰাতিটো বিছনাত বাগৰি বাগৰি তাই মাংসৰ সোৱাদটোকে মনত পেলাই থাকিল।  বাপেকৰ ঘৰত থাকোঁতে তাইৰ ককায়েক কেইটাই হোৱাই নোহোৱাই গুল্টি মাৰি কণামূচৰিবোৰ মাৰিছিল আৰু দাংবৰলা বৰদেউতাকে আদা-নহৰু-জালুক বটাৰে সোৱাদ লগাকৈ ৰান্ধিছিল। বিয়াৰ পাছত শাহুৱেক থকালৈকে তাইৰ ভাগত মাংসৰ নামত ধেংধেংকৈ পানী দিয়া জোল এবাটি আৰু হাড়ৰ টুকুৰা তিনিটামান পৰিছিল। নিজেই ৰান্ধনী হোৱালৈ সেয়াও মুদা মৰিল।

            -"বৰজহনী, ভালৰো ভাল মাংসসোপা চাগে নিজলৈ বুলি থৈ দিছ?" গিৰীয়েকৰ চিঞৰত তাই থৰথৰকৈ কঁপে। কঁপি কঁপি তাই কেৰাহীখনকে দাঙি আনি বাকী থকা মাংসৰ জোলকণ গিৰীয়েকৰ বাটিটোত বাকি দিয়েহি। খাই অঁটাই গিৰীয়েকে মাংসৰ হাড়বোৰ চুপি চুপি এসময়ত আঙুলিকেইটা চুপিবলৈ ধৰে। তাই চৰিয়া এটাত পানী আনি হাত ধুৱাই নিদিয়ালৈকে মানুহটো বহিয়েই থাকে। জিৰা-ধনীয়াৰে ৰন্ধা পঠা মাংসৰ জোলকণৰ গোন্ধ এটা নাকত লৈ তাই নিমখ এজেবাত জলকীয়া এটা মোহাৰিয়েই ভাতগাল গিলে। তাইৰ ডিঙিটো কিবা এসোপাই সোপা মাৰি ধৰে। ভাতবোৰ সৰকি নাযায় হে নাযায়। 

            -"আজি খায়েই থাকিবি নেকি তই? ঐ মৰতী , উঠিলিনে ভাতৰ পাতৰ পৰা? "  গিৰীয়েকৰ মাতত লৰালৰিকৈ চুৱা কাঁহী-বাটিবোৰ চপাই পুৱা ধুবলৈ থৈ তাই দুৱাৰখনত দাংডাল দিয়ে। শুই থকা মানুহটোৱে একেজাঁপে আহি তাইক জপটিয়াই ধৰি বিছনালৈ টানে। পঠা মাংসৰ গোন্ধ এটা তাইৰ মূৰৰ পৰা ভৰিলৈকে বগাই যায়।  এসময়ত গোন্ধটো নাকত লৈয়ে তাই টোপনি যায়। 

            ছোৱালীজনী খোজ কাঢ়িব পৰা হৈছিল নেকি জানো তাইৰ ভালকৈ মনত নপৰে। বৰজনাকহঁতৰ সেইদিনা এবিঘা মাটি বোকা দিছিল। তাইকো দুডৰামান ৰুই দিবলৈ কৈছিল। তাই গৈছিল। চাৰি মুঠিমান কঠিয়া ৰুবলৈ পালে কি নাপালে গিৰীয়েকে চোঁচা লৈ আহিল। নিমাখিত বৰজনাকটোৰ লগত সংসাৰৰ অবাইচ মাতবোৰ মাতি মাতি গিৰীয়েকে তাইক যোৰালে। পথাৰৰ পৰা ঘৰলৈকে চোঁচৰাই আনোতে তাই  সোঁহাতখনেৰে বোকাত লেটপেট মেখেলাখনহে কোনোমতে চম্ভালি থাকিল। মানুহবোৰৰ ইচ ইচ আস আসবোৰে তাইৰ কাণত বিন্ধিলে। তাইৰ বাবেনো কি নতুন কথা! চৰ-ভুকু-গঁতা খাই খাই গাটোত ক'লা নপৰা ঠাই অকণ আছে জানো! লেতেৰা মনটোৰ মানুহটোৱে গোটেই গাঁওখনৰ মতাবোৰৰ লগতে তাইক হলি গলি কৰা দেখে। মাৰ খোৱাৰ ভয়ত তাই চোতাললৈ ওলাবলৈও এশবাৰ ভাবে। 

            বছৰৰ পাছত বছৰ তাই গিৰীয়েকৰ কথাত উঠিলে-বহিলে, গিৰীয়েকৰ মাৰত আধামৰা হৈ দিনে নিশাই উচুপিলে, মাংস ৰান্ধি নিমখেৰে ভাত খালে আৰু একেখন বিছনাতে মানুহটোৰ লগতে শুলে। দিনৰ পাছত দিন, ৰাতিৰ পাছত ৰাতি ঈশ্বৰক কাকুতি কৰিলে, মিনতি কৰিলে। যন্ত্ৰণাবোৰ বুকুত সামৰি অস্ফুট কণ্ঠৰে তাই অনবৰতে বিৰবিৰালে -"মাৰি নিয়া ঈশ্বৰ, দয়া কৰাঁ।" দেউতাকৰ মাত শুনি ভয়ত ছোৱালীজনীয়ে তাইক সাবটি ধৰেহি। মাক নাথাকিলে ছোৱালীজনীৰ কি  হ'ব, সেইকথা ভাবি মুহূৰ্তৰ আগত কৰা প্ৰাৰ্থনাটো মনতে শুধৰায় -"উদ্ধাৰ কৰাঁ প্ৰভু, মানুহটোক সুমতি দিয়াঁ।" ঈশ্বৰে পিছে তাইৰ প্ৰাৰ্থনা নুশুনে। মানুহটোৰ সুমতি নাহে হে নাহে। এসময়ত কলপটুৱাৰ বৰণৰ দৰে তাইৰ গাটো ক'লা পৰিল। চুলিকোছা সৰি তেনেই তালু ওলাল। গাৰ মঙহ খহি জেওৰা খৰি যেন হ'ল। 

         তেনেতে এদিন ঈশ্বৰে তাইৰ প্ৰাৰ্থনা শুনিলে। সন্ধিয়াৰে পৰা নেৰা নেপেৰা বৰষুণ। গাজনি-ধেৰেকনিৰ শব্দই মানুহৰ কাণ তাল মাৰিছে। আধা কেজি মাংসৰ দুটুকুৰা ছোৱালীজনীৰ পাতত দি বাকীখিনি অকলেই খাই নাক বজাই শুই থকা মানুহটো কেতিয়া জানো বাহিৰলৈ উঠি গৈছিল! টোপনিত তাই একো গম নাপালে। শেহনিশালৈ বৰষুণ কমিল। তাই আনদিনাতকৈ আগতেই সাৰ পালে। সিখন বিছনাত গিৰীয়েকক নেদেখি তাই উঠি আহিল। দমকলটোৰ পাৰতে মানুহটো থৰ হৈ পৰি আছে। তাই ওচৰ চাপি গৈ নাকত হাতখন দিলে, নাই উশাহ নাই। ওপৰমুৱাকৈ পৰি থকা মানুহটোৱে পিন্ধি থকা গামোচাখনৰ ফাঁকেদি তাই দেখিলে অতবছৰে তাইৰ ওপৰত পুৰুষত্বৰ দম্ভালি মৰা মাংসপিণ্ডৰ টুকুৰাটো অসহায় হৈ তললৈ হাওলি আছে। তাই ঢাকি দিয়াৰ প্ৰয়োজন অনুভৱ নকৰিলে। মানুহটোক তাতে এৰি তাইৰ ভৰি দুটা বৰজনাকৰ ঘৰৰ ফালে আগ বাঢ়িল। খবৰ পাই দৌৰি অহা মানুহবোৰে ইচ ইচ আস আস কৰিলে। ডাঙৰজনী জায়েকে তাইৰ সেন্দূৰৰ ফোঁটটো মোহাৰি দিওঁতে তাই এক আচৰিত প্ৰশান্তি অনুভৱ কৰিলে। বুকুখন তাইৰ পাতল পাতল লাগিল। কোনোবা এজনে মৃতকক সেৱা জনাবলৈ ক'লে। হাতযোৰ কৰি তাই ঈশ্বৰক অস্ফুট মাতেৰে ধন্যবাদ দিলে। ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাত তাইৰ চকুপানী ওলাল। অত বছৰৰ ছাঁটোৰ পৰা তাই হৈ জীয়েকক সাবটি ধৰিলে। ছোৱালীজনীৰ চকুদুটা  স্থিৰ । দুখ সুখ একো নাই। 

            মানুহটো নোহোৱা ঘৰখনত মাংসৰ গোন্ধ এটা ঘূৰি থাকে। মাংস-ভাত একাঁহী দকচি খোৱাৰ হেঁপাহ এটাই তাইক খেদি ফুৰে। মানুহটোৱে বাঁহ, তামোল, নাৰিকল, গছ বেচি উদং কৰি থৈ গৈছে। ফ্ৰী চাউল কেইটাকে সাৰথি কৰি মাক-জীয়েকৰ দিন-ৰাতি পাৰ হয়। গাঁওখনৰ অতবোৰ মানুহে অৰুণোদয়ৰ পইচাবোৰ পায়, তাইৰ  নামটোহে লিষ্টত নোসোমোৱাকৈ ৰৈ যায়। মাংস খোৱাৰ হেঁপাহ এটাই তাইক টানি ফুৰে। গাঁওখনৰ একমাত্ৰ চাকৰি কৰা মানু্হঘৰৰ একমাত্ৰ জীয়েকজনীৰ বিয়া হওঁতে চাৰিটা পঠাৰ ভোজ পতা বুলি শুনি মাক-জীয়েক দুপৰীয়াতে গৈ ওলাইছিল। খাবৰ সময়ত সিহঁত দুইজনীকে দৈ-চিৰা খোৱা বয়সীয়া মানুহবোৰৰ লগতহে বহালে। গিৰীয়েক মৰা বছৰটো নোযোৱালৈ আন মানুহৰ ঘৰত চাউল সিজোৱা খাব নাপায় বোলে। পঠাৰ মাংসৰ গোন্ধটো নাকত লৈয়ে মাক-জীয়েকে ঘৰলৈ আহি নিমখ- জলকীয়া মোহাৰি ধোঁৱাই থকা ভাত একোকাঁহী গিলিলে। 

            মাকণৰ মাকে দিয়া হাঁহ মাংসৰ আঞ্জাকণৰ গোন্ধটোৱে তাইৰ হেঁপাহটো তীব্ৰতৰ কৰি তোলে। মাংসৰ গোন্ধে তাইক বলিয়া কৰি তুলিছে। চাউল এমুঠি  ছটিয়াই খাবলৈ মাতি কপৌ এটাক বাল্টি এটাৰে ঢাকি জালুক দুটামান বিচাৰি তাই বৰজনাকৰ ঘৰলৈ গ'ল। গা ধুবলৈ যাওঁতে জীয়েকে চোতালত উবুৰিয়াই থোৱা বাল্টিটো  দাঙি নিলে। ভুটুংকৈ কপৌ এজনী উৰি গ'ল। চাদৰৰ  আগত জালুক এমুঠি বান্ধি অনা মানুহজনীয়ে চোতালত বাল্টিটো নেদেখি অস্থিৰ হৈ পৰিল। নিবোকা মানুহজনীয়ে ছোৱালীজনীক পৰেমানে বকিলে। বকি বকিয়েই খৰি কাটিলে, কাপোৰ  ধুলে, ভাত ৰান্ধিলে । খোৱাৰ সময়তহে তাইৰ মুখখন বন্ধ হ'ল। পুনৰ বকি বকি বাচনকেইটা ধুলে, থ'লে, বকি বকিয়েই ওলাই গ'ল ।

            উভতি আহোঁতে মানুহজনীৰ মুখখন পোহৰ হৈ আহিল। জীয়েকৰ চকুৱে চকুৱে পৰাত তাইৰ চকুদুটা তিৰবিৰাই উঠিল। তাইৰ আঁঠুলৈকে বোকা। তাই চাদৰৰ আচলখন মেলি দিলে। দহ বাৰটামান পাতবেং যেনি-তেনি জঁপিয়ালে। গোটেইকেইটা গোটাই তাই বাল্টিটোত ভৰালে, খৰাহী এটাৰে ঢাকোন দি তাই ভৰিদুটা ধুলে। জীয়েকক নহৰু এটা গুচাবলৈ দি তাই দাখন লৈ কাঠৰ টুকুৰা এটাত এটা এটাকৈ বেংকেইটাৰ তপিনাবোৰ কাটিলে আৰু  নিমখ-হালধি সানিলে। তপিনা কটা বেংকেইটাই ভালেমান পৰ ছটফটাই থাকিল। বটলটোত থকা গোটেই তেলকণ কেৰাহীত বাকিলে তাই। জীয়েকে মেৰমেৰাই থকা দেখি তাই নিজেই লৰালৰিকৈ নহৰু কেইফুট গুচাই থেতালিলে। জালুক দুটামানো গুড়ি কৰিলে। গিৰীয়েক থাকোঁতে তেজপাত-জিৰা শুকান জলকীয়া থোৱা টেমাটো উবুৰিয়াই দিলত গোটা জিৰা দুটামান ওলাল। সেইকেইটাকে তেলত দি মাংসখিনি কেৰাহীত দি দিলে। অলপ লৰাই চৰাই থেতেলিয়াই লোৱা নহৰু কেইফুট আৰু জালুকৰ গুড়ি ছটিয়াই শুকানকৈ ভাজিলে মাংসখিনি। ধোঁৱাই থকা ভাত একাঁহীৰ লগত পাত বেঙৰ তপিনাবোৰ মাক-জীয়েকে পৰম তৃপ্তিৰে চোবাবলৈ ধৰিলে। মাংসৰ গোন্ধটো তাহাঁতৰ কাঁহী দুখনৰ পৰা গোটেই ঘৰটোলৈ বিয়পি পৰিল। 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ