জিণ্টু দত্ত
“There is only one really serious philosophical problem, and that is suicide.”
-Albert Camus
(The myth of Sisyphus)
গেছৰ বাৰ্নাৰটোত
লাইটাৰটো মাৰিবলৈ গৈ খন্তেক তভক মাৰি ৰ’ল সি৷ গেছটোৰ ওপৰত খুব সন্তপৰ্ণে পঁইতাচোৰা
এটা খাদ্যৰ সন্ধানত ঘুৰি ফুৰিছে৷ খুবেই সন্ধানী আৰু চঞ্চল তাৰ গতিবিধি, কিন্তু তাৰ
মাজতো এখন্তেক তভক মাৰি পইতাচোৰাটো ৰৈ আছে৷ বোধহয় আশ-পাশৰ পৰিৱেশ পৰিস্থিতি অধ্যয়ন
কৰি পৰৱৰ্তী কাৰ্য্যপন্থা ঠিক কৰিব বিচাৰিছে পইতাচোৰাটোৱে৷ স্বয়ংক্ৰিয়ভাৱে ভৰিৰ পৰা
চেণ্ডেলযোৰ হাতত তুলি ললে সি৷ কিন্তু পিছ মুহূৰ্ততে মনৰ ভাবটো সলাই বাওঁহাতেৰে পলিথিন
এটা লৈ সোঁহাতৰ চেণ্ডেলযোৰেৰে পঁইতাচোৰাটোৱে তৰ্কিব পৰাৰ আগতেই তাক চোঁচৰাই আনি পলিথিনটোত
ভৰাই গাঁঠি মাৰি দিলে সি৷
এক উশাহহীন, নিৰ্বাত সাংঘাতিক পৰিস্থিতি৷ স্বচ্ছ পলিথিনটোৰ ভিতৰত সি দেখিলে পঁইতাচোৰা টোৱে খুব খৰধৰকৈ ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিবলৈ লৈছে৷ অলপ দেৰিৰ পিছতে হয়তো দ্ৰুত গতিত কমি অহা অম্লজানৰ বাবে তাৰ শ্বাস-প্ৰশ্বাস সেই অৱৰূদ্ধ পৰিস্থিতিত কমি আহিব৷ ক’ত জানো পঢ়িছিল সি যে তেনেকুৱা পৰিস্থিতিটো পঁইতাচোৰা প্ৰায় এঘণ্টামান সময় জীয়াই থাকিব পাৰে৷ যুগপৎভাৱে তাৰ আন ক’ৰবাত পঢ়াও মনত পৰে যে পৃথিৱী যদিও শেষো হৈ যায়, তেতিয়াও পৃথিৱীত জীয়াই থকা প্ৰাণীবিধ হ’ব পইতাচোৰা৷
বন্ধ পলিথিনৰ ভিতৰত পঁইতাচোৰাটোৰ এই সহায়হীন পৰিস্থিতিটো লক্ষ্য কৰি সি কি ছেডিষ্টিক প্লেজাৰ ললে? হয়তোবা হয়৷ সৰুতে ঘৰত পোহা মেকুৰীটোক অশান্তি কৰিলে মাকে কোৱা কথাষাৰলৈ মনত পৰিল তাৰ৷ মেকুৰীটোক ডিঙিত ধৰি কেতিয়াবা দুৰলৈ দলিয়াই ৰং চালে মাকে তাক ডবিয়াইছিল- ‘মৰাৰ পিছত যমেও তোক তেনেকৈ দলিয়াই লথিয়াই ফুৰিব ৰ’৷ মাকৰ কথা মনত পৰাত এক দীৰ্ঘশ্বাস এৰে সি৷ আজি দুবছৰৰ আগতে ঢুকোৱা মাকৰ ফ্ৰেমত বন্দী মুখখন মাজে চাই আনমনা হৈ পৰে সি৷
চিন্তাৰ এই অ-নিয়মীয়া গতিত সি পইতাচোৰা আৰু মাকৰ কথা এৰি আন এটা কথা মনত পেলালে৷ কথা মানে একপ্ৰকাৰ সিদ্ধান্ত৷ যোৱা এসপ্তাহ ধৰি নিজকে প্ৰস্তুত কৰি কৰি সি অৱশেষত এটা সিদ্ধান্তত উপস্থিত হৈছেহি আৰু আজি সেই সিদ্ধান্তক সফলভাৱে কাৰ্য্যকৰী কৰাৰ চৰম দিন৷
যোৱা এসপ্তাহ ধৰি নিজকে সাজু কৰি সি ঠিক কৰিছে যে সি আত্মহত্যা কৰিব!
সি এবাৰ বন্ধ পলিথিনটোৰ ফালে চালে৷ আহ্ পঁইতাচোৰাটো দৌৰি ফুৰিছে৷ কি তড়িৎ, তীব্ৰ তাৰ গতি৷ অসহায় অৱৰুদ্ধ পৰিস্থিতিক আয়ত্তাধীন কৰি সি নামি পৰিছে জীৱনৰ আটাইতকৈ কঠিনতম যুজঁত৷
আত্মহত্যাৰ কথাটো আচলতে বহুদিনৰ আগৰে পৰাই তাৰ মনলৈ আহি আছিল৷ বহুদিনৰ আগতেই আত্মহত্যাৰ ধাৰণাটো তাৰ মনৰ গহণ অন্ধকাৰত ক’ৰবাত সোমাই আছিল৷ সেয়া কেতিয়াৰ পৰা আছিল সি ধুৱঁলী-কুৱঁলীকৈ মনত পেলাবলৈ যত্ন কৰিলে৷ হয়তো হায়াৰ ছেকেণ্ডাৰীৰ কথাই আছিল তেতিয়া৷ কোনে জানো মূৰত সুমুৱাই দিছিল যে এইটোৱেই ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা৷ লগৰ সীমান্ততকৈ কেনেকৈ বেছিকৈ নম্বৰ পাব পাৰি সেয়াইটো আছিল তাৰ একমাত্ৰ চিন্তা৷ দিন ৰাতি একাকাৰ কৰি দিছিল সি তাৰ বাবে৷ সেই ঠাণ্ডা দিনৰ ৰাতিপুৱাবোৰত চাইকেলৰ চকাৰে নিয়ৰসনা ভিজা মাটিত দাগ কাটি কাটি টিউশ্বনলৈ যোৱা, সেই ৰাতি দেৰিলৈকে থাকি থাকি ইখনৰ পিছত সিখন কিতাপ চাই আসন্ন পৰীক্ষাৰ বাবে নিজকে সাজু কৰা, আৰু শেষত গৈ কি দেখা গ’ল যে সিঁহতৰ লগৰ সকলোৱে সীমান্তক কান্ধত তুলি লৈছে, গোটেই কলেজ বিপুল উৎসাহ আৰু এক যুদ্ধ জয়ৰ উন্মাদনাত উটি ভাঁহি গৈছে, সীমান্তই ৰাজ্যখনৰ ভিতৰতে এক নামকৰা ৰিজাল্ট কৰিছে, লগৰ এজাকৰ বোকোচাত সি, তাৰ হাঁহিভৰ্তি মুখ, সোঁহাতৰ দুটা আঙুলিৰে সীমান্তই ‘V’ আখৰটোৰ ভংগীমা দিছে - আৰু এই দৃশ্যপটৰ পৰা সকলোৰে অলক্ষিতে সি লাহে লাহে আতৰি আহিছে৷ ৰাতিলৈ বাৰে বাৰে সীমান্তৰ সেই ‘V’ আখৰটো তাৰ দুচকুত ভাঁহি আহিছে আৰু জীৱনত পোন প্ৰথমবাৰৰ বাবে সি আত্মহত্যাৰ কথা ভাবিছে৷
তাৰ পিছত? তাৰ পাছততো ব্যৰ্থতাৰ এক দীঘলীয়া ইতিহাস৷ ভবাৰ দৰেই কোনো ক্ষেত্ৰতেটো সি সফল ন’হল৷ তাৰ সেই অৰ্ন্তমুখী স্বভাৱৰ বাবেই তাৰ তেনেদৰে কোনো বিশেষ বন্ধুও গোট নাখালে৷ কিন্তু তাৰ মাজতো কিতাপৰ মাজত মূৰ গুজি থকা তাৰ ওচৰলৈ কিয় শ্ৰুতি আগবাঢ়ি আহিছিল? কিয় তাৰ ভাগি-ছিগি এচুকত পৰি থকা গীতাৰখনত নতুন স্ট্ৰিং কিনি আনি লগাইছিল? আৰু কলেজ এক্সকাৰশ্বনত সেই টিলাৰ ওপৰত তলত বৈ থকা দুৰ্মদ নিজৰা আৰু ওপৰৰ সুনীল নীলা আকাশক সাক্ষী কৰি সেইবাবেই কি সি শ্ৰুতিৰ ওঁঠত হেঁচি দিছিল নিজৰ ওঁঠ? শ্ৰুতিৰ গৰম নিশ্বাস, আউল বাউল চুলি, নিজৰাৰ শব্দ আৰু আকাশৰ উদাৰ নীলা বহলতা-কিয় নাভাবোঁ নাভাবোঁ বুলিও দৃশ্যটো এতিয়াও মনলৈ আহি থাকে তাৰ! পিছত যেতিয়া শ্ৰুতিৰ বিয়া ঠিক হ’ল, তাক হতবাক কৰি যেতিয়া তাৰ ফোনবোৰ নধৰা হ’ল-হোষ্টেলৰ পৰা মাজৰাতি ওলাই গৈ বৰষুণত তিতি তিতি শ্লিপিং টেবলেট কিনি আনিবলৈ সিয়েই যোৱা নাছিল জানো? অপৰিপক্ক মগজুত কোনে যে কেতিয়া সুমুৱাই দিছিল অত্যাধিক শ্লিপিং টেবলেটে মৃত্যু ঘটাব পাৰে৷
ভাৱনাত যতি পেলাই সি হঠাতে পলিথিনটোলৈ চালে -আহ্ পঁইতাচোৰাটো একে ঠাইতে বন্ধ পলিথিনটোত ৰৈ আছে৷ সি মৰা নাইটো? চিন্তা টো মনলৈ অহাৰ লগে লগেই সি পলিথিনটো জোকাৰি দিলে- নাঃ পঁইতাচোৰা টো দ্ৰুতগতিত ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰিবলৈ ল’লে৷ সেই বিষম পৰিস্থিতিটো সি জীয়াই আছে! জীয়াই থাকিবলৈ চেষ্টা কৰি আছে!! -কথাষাৰে আমোদ দিলে তাক৷
কিন্তু বহুত দেৰি ভাবনাৰ সাগৰত ডুবি থাকিবলৈ তাৰ সময় নাই৷ খিৰিকীৰে সি দেখিছে-বাহিৰত এআকাশ প্ৰাণোজ্বল ৰ’দ৷ কিন্তু সি জানে কাতিমাহৰ এই আবেলি খুব সোনকালেই এতিয়া আনন্দিতা আহি ঘৰ পাবহি৷ হয়তো স্কুলৰ পৰা স্বপ্নিলো আহি পাবহি খুব সোনকালেই৷ তাৰ আগতেই সি কামফেৰা কৰিব লাগিব৷ যোৱা এসপ্তাহৰ পৰা সি ঠিক কৰি আহিছে যে সি শেষ কৰি পেলাব তাৰ এই কপৰ্দকশূণ্য জীৱন৷ জীৱনৰ এই মাজ বয়সত সি হিচাব-নিকাচ কৰি দেখিলে যে আচলতে জীৱন নামৰ এই ৰোমাঞ্চকৰ খেলখন সি খেলিলে ঠিকেই-কিন্তু বৰ বেয়াকৈ সি হাৰিলে৷ আনন্দিতা আৰু স্বপ্নিলৰ কথা ভাবি সি ব্যথিত নোহোৱা নহয় কিন্তু সি বুজি উঠিছে সিহঁতৰ জীৱনত তাৰ অস্বিত্ব এতিয়া যেন আমনি লগাকৈ বিৰক্তিকৰ৷ নাঃ নাঃ তাৰ পৰিবাৰ আনন্দিতা তাৰ প্ৰতি খুবেই বিশ্বাসী৷ কিন্তু যোৱা চাৰিমাহ ধৰি চাচপেণ্ড হৈ পৰিবাৰৰ উপাৰ্জনৰ ওপৰত জীয়াই থকা তাৰ এই পুৰুষ সত্বাক মাজে মাজে আনন্দিতাই যেন উপহাস কৰে তাৰ তেনে যেন লাগে৷ দিনটো ঘৰৰ ভিতৰত সোমাই থকা এই মানুহটোৰ পৰা তাই মনে ভবাকৈ যে একো পোৱা নাই সেয়া তাইৰ আৱ-হাৱাত জলজল পটপটকৈ কৈ জিলিকি উঠে৷ তাই লগৰ সফল, সমাজত জিলিকি থকা, প্ৰতিপত্তিশীল সহকৰ্মী বন্ধুবিলাকৰ লগত হয়তো চাগে তাক মনে মনে ৰিজাই তাই হুমুনিয়াহ পেলায়৷ সিদিনাখনটো ৰাতি তাই তাক কৈয়েই দিছে সামান্য কথাতে বছৰ লগত কাজিয়া লাগি সি চাচপেণ্ড হৈ আচলতে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিলে! সি তাইক বুজালে যে সি শিৰ নত কৰি কাম কৰিব নোৱাৰে৷ আৰু প্ৰত্যুত্তৰত তাইও তাক বুজালে যে শিৰ উচ্চ ৰাখিবলৈ গৈ সি আচলতে obsolete, সমাজৰ এক অচল মুদ্ৰা হোৱাৰ বাহিৰে একো হোৱা নাই৷ এনেকুৱাও নহয় যে সি তাইক সন্তুষ্ট কৰিবলৈ একো কৰাই নাছিল৷ অফিচৰ দিলিং এচিছটেণ্টৰ সকলো কাম নিয়াৰিকৈ কৰিও সি সাজু কৰিছিল নিজকে এচিছটেণ্ট মেনেজাৰৰ পদৱীৰ বাবে৷ তাৰ কামো ভাল আছিল আৰু ওপৰ মহলত ইম্প্ৰেছনো ভাল আছিল৷ শেষত গৈ কি পাকচক্ৰত গৈ তাৰ লগৰ শৰ্মিষ্ঠাই সেই লোভনীয় মেনেজাৰৰ পদৱী পালেগৈ সেয়া তাৰ বোধগম্যতাৰ বাহিৰত৷ বহুতে কোৱা শুনি সিও বিশ্বাস কৰিলে যে শৰ্মিষ্ঠাৰ চাগে মেনেজমেণ্টৰ লগত বিশেষ ভাল৷ ঠিক তেনেদৰেই আনন্দিতাৰ কথামতেই টাউনৰ মাজত মাটি কিনা হৈছিল, ঘৰ বনাবলৈ কণ্ট্ৰেক্টৰৰ ঘৰলৈ ৰাতিপুৱা গধুলি অহা যোৱা কৰা হৈছিল, অৱশ্যে যোৱা চাৰিমাহৰ পৰা তাৰ চাকৰিৰ এই অৱস্থাৰ পৰা এই সকলোবোৰ কাম বন্ধ হৈ আছে৷ ভালৰো ভাল ৰেষ্টুৰেণ্টত মাজে মাজে বাৰ্থদে, বিবাহবাৰ্ষিকীত নি আনন্দিতা আৰু স্বপ্নিলক খুওৱা-এইবিলাক কামটো সি আনন্দিতাৰ সন্তুষ্টিৰ কাৰণেই কৰিছিল৷ কিন্তু তাৰ পাছতো এতিয়া আনন্দিতাৰ তাৰ প্ৰতি আচৰণ খুবেই নিস্পৃহ, উদাসীন৷ সৰীসৃপ সদৃশ এক আচৰিত ধৰণৰ শীতলতাই তাক তাইৰ পৰা লাহে লাহে এক দূৰত্বলৈ যে লৈ গৈ আছে সেয়া আৰু সি নুবুজাকৈ থকা নাই৷
তাৰ একমাত্ৰ ছয়বছৰীয়া পুত্ৰৰ চেতনাতো তাৰ অস্বিত্ব কিমান প্ৰাসংগিক সেয়া লৈ তাৰ সন্দেহ আছে৷ আজিকালি স্বপ্নিল তাৰ ওচৰত নবহে৷ সি শিকাই দিব খোজা সকলো কথা স্বপ্নিলে ভুল বুলি ভাবে৷ ম’বাইলৰ পৰ্দাত অহৰহ ব্যস্ত থকা তাৰ পুত্ৰক সি বাহিৰলৈ লৈ যাব বিচাৰে৷ এদিন সি স্বপ্নিলক লৈ গৈছিল তাৰ অতীতৰ নিজা ঘৰলৈ৷ তাৰ পুৰণি ঘৰৰ সেই বাৰাণ্ডা, সেই জেকা মজিয়া, সেই পিছফালৰ বাঁহনিৰ শীতল বতাহ, সেই পুৰণি ঘৰৰ আলমাৰীত সোমাই থকা তাৰ কবিতাৰ বহী-স্বপ্নিলে এই সকলোবোৰ অকণো ভাল নাপালে৷ বৰঞ্চ গোটেই দিনটো সি ম’বাইলত ব্যস্ত থাকিল৷ স্বাভাৱিকভাৱে ঘৰলৈ আহি সি আনন্দিতাৰ পৰা গালি খালে, স্বপ্নিলৰ পৰা বিদ্ৰুপাত্মক চাৱনি পালে আৰু সেই ৰাতি সি বুজি পালে যে তাৰ অৱস্থা এতিয়া কাফ্কাৰ মেটামৰফচিছৰ গ্ৰেগৰৰ দৰে-ঘৃণিত পোক এটালৈ পৰিৱৰ্তিত হৈ সি যেন অসহায়ভাৱে ৰূমৰ ভিতৰতে চটফটাই ফুৰিছে-ঠিক এইমাত্ৰ সি পলিথিনত সুমুৱাই থোৱা পইতাচোৰাটোৰ দৰে!
আৰু সময় নষ্ট নকৰি সি এইবেলি ঘৰৰ বাহিৰ ওলাল৷ বাহিৰত সুনীল নীলা আকাশত ক’ৰবাত বগা বগা ডাৱৰ কপাহৰ তুলাৰ দৰে ওপঙি ফুৰিছে৷ চুইচাইদ কৰাৰ ব্যৱস্থাটোৰ বিষয়ে সি এই এসপ্তাহে বাৰম্বাৰ ভাবিলে আৰু এই কথাও ভাবি আমোদ পালে যে এই পৃথিৱীৰ পৰা গুচি যাওঁ বুলি ভাবিলেই আচলতে কিমান যে উপকৰণ মজুত আছে প্ৰত্যেকৰে হাতত-একেবাৰে সহজলভ্য আৰু সুবিধাজনক ভাবে! আপুনি চুই দিব পাৰে ওচৰতে থকা বিদ্যুৎ পৰিবাহী যিকোনো এদাল তাঁৰ, জাপ মাৰি দিব পাৰে ৰাজপথৰ অসংখ্য দ্ৰুত বেগী বাহনৰ আগত অথবা সংগোপনে ব্লেড লৈ চিৰাচিৰ কৰি দিব পাৰে নিজৰ হাতৰ সিৰা৷ কিন্তু এইবোৰৰ এটাও কৰিবলৈ তাৰ মন ন’গল৷ আৰু শেষত গৈ সি সেই বহু ব্যৱহৃত প্ৰাচীন উপায়টোকে ঠিক কৰি ললে৷ সি এই কেইদিন অহা যোৱা কৰোতে দেখিছে তিনি আলিটোত নতুনকৈ সৰু দোকান এখন বহিছে৷ ফুটপাথত পাৰি লোৱা বস্তাৰ ওপৰত দিয়া সেই দোকানখনত সৰু বিহাৰী লৰা এটাই অনেক ৰং বিৰঙৰ পেকেট মেলি থয়৷ এদিন ভালকৈ চাই সি নিশ্চিত হ’ল হয়, সেইবোৰ নিগনি, এন্দুৰ মৰা বিহৰ পেকেট৷ তাৰে তিনি পেকেটমান সি এতিয়া গৈ লৈ আহিব৷ আনন্দিতাই ৰাতিপুৱাই বাঢ়ি ঢাকি থৈ দিয়া ভাত সি এতিয়াও খোৱা নাই৷ সেই বিষাক্ত এন্দুৰ মৰা দৰৱ সানি লব সি ভাতত৷ আৰু তাৰ পিছত? হয়তো তাৰ ছটফটনি বাঢ়িব,হয়তোবা ওফন্দি উঠিব পেট , ফাটো-ছিটো যেন হব খাদ্যনলী, চকুৰে হয়তো নেদেখা হৈ আহিব একো, আৰু অলপ দেৰিৰ পিছত হয়তো জঠৰ, নিস্পন্দ হৈ আহিব তাৰ এই দেহ-আনন্দিতাহঁতে আহি বাৰু কি দেখিব?-লাহে লাহে ঘুৰি থকা ফেনৰ কোমল বতাহ চৌদিশে ৰূমত, টিকটিককৈ ঘড়ীৰ চলমান কাটাৰ শব্দ আৰু কোঠাৰ মজিয়াত তাৰ নীৰৱ নিষ্প্ৰাণ মৃত শৰীৰ৷ যেন কাৰোবালৈ প্ৰতীক্ষাৰত৷ কাৰ বাবে প্ৰতীক্ষাৰত? তাৰ বেকেটৰ ৱেটিং ফৰ গডো লৈ মনত পৰিল-”Let’s go/We can’t/Why not/We are waiting for Godot”. সম্ভাব্য দৃশ্যটো কল্পনা কৰি সি সামান্য ৰোমাঞ্চিত হ’ল৷
তিনি আলিটো পোৱাৰ
আগতেই সি এটা চিগাৰেট জ্বলাবলৈ এখন্তেক ৰ’ল৷ আৰু ঠিক তেনেতে সি দেখিলে খুব খৰ খোজেৰে
স্যানাল দা তাৰ ফালেই আহি আছে৷ সি সামান্য বিব্ৰত হ’ল৷ কিবা গম পোৱা নাইটো স্যানালে৷
দীপক স্যানাল তাৰ প্ৰতিবেশী৷ তাৰ সন্মুখৰ এপাৰ্টমেণ্টৰ বেংগলী স্যানালৰ পৰিয়াললৈ মাজে
মাজে তাৰ অহা যোৱা চলি থাকে৷ কিন্তু সেয়া নিতান্তই সৌজন্যতাসূচক৷ মাজে মাজে স্যানালৰ
পৰিবাৰ আহে তাৰ এপাৰ্টমেণ্টত, আনন্দিতাৰ লগত বিভিন্ন খোৱাৰ ৰেচিপি আদান-প্ৰদান হয়,
সিমানেই৷ সি দেখিলে কিবা এক অধীৰ আনন্দত থাওকাল, মিঠা বৰণীয়া স্যানাল উদ্বাউল হৈ আহিছে
আৰু ওচৰ চাপি তাৰ হাত দুখনত কৰযোৰেৰে জোৰকৈ ধৰি এক প্ৰকাৰ বাকৰূদ্ধ হৈ পৰিছে৷
“কি হ’ল স্যানাল
দা? সব ঠিকেই টো?” সি উৎকন্ঠিত হৈ ৰ’ল৷
“খুব ভাল খবৰ মানসদা৷ ছোৱালীয়ে চাকৰি পাইছে বেংগলোৰত৷ আপোনাক অশেষ ধন্যবাদ মানসদা৷ আপুনি যদি তেতিয়া চাই নিদিলে হয়, ছোৱালীয়ে এণ্ট্ৰেন্স ক্লিয়েৰ কৰিব নোৱাৰিলে হয়”-একে উশাহ কথাখিনি কৈ এক প্ৰকাৰ চকু চলচলীয়া কৰি উঠিলে স্যানালে৷
স্থানুৰ দৰে কেইটামান মুহূৰ্ত ওলমি ৰয় তাৰ সন্মুখত৷ হয়,স্যানালৰ জীয়েকক লক ডাউনৰ সময়ত সি ইংৰাজী অলপ-চলপ চাই দিছিল৷ বৰ অমায়িক ছোৱালীজনীয়ে আজি কিবা এটাত সফল হৈছে -মনটো ভাল লাগিল তাৰ৷ সমানুপাতিকভাৱে তেতিয়াও জোৰেৰে তাৰ হাতদুখন চেপি থকা স্যানালৰ এই গভীৰ কৃতজ্ঞতাবোধত সি এক প্ৰকাৰ বাকৰূদ্ধ হয়৷ মনৰ মাজেৰে আন এক ভাৱনাৰ তৰংগ কেইটামান দ্ৰুত গতিত পাৰ হৈ যায় তাৰ বুকুৰ মাজেৰে৷ “আজি গধুলি আহিব হা মানসদা৷ ভালকৈ চাহ একাপ খাম৷”-স্যানালৰ এই আমন্ত্ৰণত একো নকলে সি৷ স্যানাল যোৱাৰ পিছত ছিগাৰেট জ্বলাবলৈ গৈ আকৌ সামান্য সময় ৰয় সি৷ “আজিকালি আপুনি তেনেকৈ নহা হ’ল মানসদা৷”-চিগাৰেটটো তাক দি চিনাকি ক্ষীণাংগ দোকানী ল’ৰাটোৱে এইবেলি মাত দিয়ে৷ “গধুলি ইয়ালৈ অহা সকলোৱে আপোনাৰ কথা কয়৷ আগেয়ে গধুলি আপুনি আহে৷ আপোনাৰ লাহে লাহে কোৱা দুটা এটা কথা সকলোৱে হেনো বৰ ভাল পায়”৷ হয়, গধুলি আগেয়ে প্ৰায়েই এই দোকানী ল’ৰাজনৰ ওচৰলৈ সি আহে৷ জীৱন বীমাৰ কৰ্মচাৰী পৰিতোষদা, ৰিটায়াৰ্দ শিক্ষক দত্ত দা, নতুনকৈ গাড়ী লোৱা আদিল, চাহ দোকানী বুলবুল বুলি ল’ৰাজন-সকলোৰে লগত সি দুআষাৰ কথা পাতে-কিন্তু সি ভবা নাছিল-তাৰ অনুপস্থিতিও কোনোবাই এনেদৰে গ্ৰাহ্য কৰে! অফিচৰ কত সহকৰ্মী, কত বন্ধুৰ লগত আজি কিমান বছৰ পাৰ হ’ল-কিন্তু নাঃ কাৰো লগত তেনে কোনো বিশেষ ঘনিষ্ঠতা গঢ়ি নুঠিল তাৰ৷ কোনো অফিচিয়েল হোৱাটছ এপ গ্ৰুপত তাৰ নাম নাই, কোনো কলিগৰ ঘৰত সি আড্ডা মাৰি থকাৰ কথা জীৱনত ক’ব নোৱাৰে, কাৰো লগত জমি নুঠে তাৰ সংগ, গোলাপী নিচাত কাৰোবাক হৃদয় খুলি কথা কোৱাৰ কোনো অভিজ্ঞতা ন’হল আজিলৈকে তাৰ-একপ্ৰকাৰৰ অপাংক্তেয় হৈ সামাজিক জীৱন কটোৱা তাৰ নিচিনা মানুহৰ উপস্থিতি কোনোবাই আশা কৰা বুলি কথাটো শুনি তাৰ মনত এক পুলক জাগি উঠিল৷ স্যানালৰ লগত কথা পাতোঁতে হোৱা অনভিপ্ৰেত হৃদয়ৰ সেই তৰংগধ্বনি সি যেন আকৌ শুনিবলৈ পালে৷
নাই নাই ইমান দুৰ্বল হলে নহব- সি মূৰ জোকাৰি দিয়ে৷ ছিলভিয়া প্লাথৰ কবিতাৰ দৰে সি আজি দৃঢ়চেতা হৈ আছে নিজৰ সিদ্ধান্তৰ ক্ষেত্ৰত- “her bare feet, seem to be saying,we have come so far,it is over!” এই ছিছিফাছৰ দৰে একঘেয়ামি জীৱন আৰু সি কঢ়িয়াই লৈ ফুৰিব নোৱাৰে! তিনিআলিৰ ফালে সি খোজকেইটা খৰকৈ দিয়ে৷ বেছি সময় নাই, আনন্দিতাহঁত আহি পায়হি যেনেই লাগে৷ গলিটোৰ পৰা ওলাই তিনিআলিৰ মূৰৰ সেই নিৰ্দিষ্ট স্থানত ৰৈ সি হতবাক হৈ যায়, -দোকানী ল’ৰাটোচোন আজি নাই!-সেই গাড়ী মটৰৰ অসংখ্য হট্টগোল, সেই দুপৰীয়াৰ পৰিষ্কাৰ ৰৌদ্ৰোজ্বল পোহৰত সি দেখিলে-সেই বিহাৰী দোকানী ল’ৰাটোৰ দোকান আজি বন্ধ! তাৰ ঠাইত পথৰ দাঁতিত বহি আছে এজন বৃদ্ধ৷ সি ওচৰ চাপি যায়৷ ভালকৈ চাই সি দেখে বৃদ্ধ বহি আছে এখন বিশেষ ভাৱে নিৰ্মিত চাইকেলত৷ বৃদ্ধৰ শৰীৰৰ তলৰ অংশখিনি নাই, -দীঘলকৈ পিন্ধা পায়জামাটো বতাহত সামান্য আন্দোলিত৷ হাতেৰে পেদেল মাৰিব পৰা তেওঁৰ এই বাহনৰ সন্মুখত এখন প্লেট-তাত কোনোবাই দি থৈ যোৱা কেইখনমান দহটকীয়া নোট, কেইটামান খুচুৰা মুদ্ৰা৷ মুখৰ দীঘল শুভ্ৰ ডাড়িখিনিত লাহে লাহে হাত বুলাই বৃদ্ধই আৰ্দ্ৰ কণ্ঠেৰে মাত দিলে তাক-“কিবা এটা দিয়ক বাবু! আল্লাই দোৱা দিব৷” বিশেষ নভবাকৈ সি পকেটৰ পৰা দহটকীয়া এখন প্লেটত থলে৷ “ইয়াত বহা বিহাৰী ল’ৰাটো আজি নাই নি? -সি বৃদ্ধ জনক সুধিলে- “নাজানো মালিক৷ মোৰ কি আছে-য’তে খালী ঠাই পাওঁ, অলপ দেৰি ৰওঁ, ওপৰৱালাই কিবা এটা মিলায় আপোনাৰ দৰে মানুহৰ মাজেৰে-সেয়া লৈ ঘৰলৈ যাওঁ!” মিচিকিয়া হাঁহি এটা বিয়পি থকা মুখখনেৰে বৃদ্ধজনে কোৱা কথাকেইটাত সি কি ক’ব একো ভাবি নাপায়- তেনেকুৱাতে সি দেখে-এটি তেনেই কম বয়সীয়া, বোধহয় সাত আঠ বছৰীয়া শিশু আগবাঢ়ি আহিছে বৃদ্ধৰ ওচৰলৈ- “এয়া মোৰ নাতি মালিক৷ ইয়াৰ আব্বা আম্মা কেতিয়াবাই ঢুকাইছে- এতিয়া আছোঁ ইয়াৰ লগতে ময়ো এনেকৈয়ে!”- বুঢ়াই তাক চিনাকি কৰাই দিয়ে৷ সৰু অকণমানি ল’ৰাটোৱে আকুলতাৰে তালৈ চায়৷ সেই চাৱনিত তাৰ স্বপ্নিলৰ সৰু অকণমানি কোমল মুখখনলৈ মনত পৰে৷ সি লক্ষ্য কৰিলে অকণমানি ল’ৰাটোৰ মূৰত হাত বুলাই থকা বৃদ্ধৰ মুখৰ সেই অম্লান মিঠা হাঁহি এতিয়াও আছে৷
ওচৰৰ ট্ৰেফিকৰ চিগনেল লাইটত সি দেখিলে-ৰঙা লাইটৰ সলনি জ্বলি উঠিছে সেউজীয়া লাইট আৰু অতদেৰি ৰৈ থকা গাড়ী-মটৰ-বাইক-চাইকেলৰ এটি সংমিশ্ৰিত কলৰৱ আগবাঢ়ি গৈছে, যেন ক’ৰবাত ৰৈ আছিল এখিনি বন্ধ পানী, কোনোবাই যেন খুলি দিলে সেই বান্ধ৷ বৃদ্ধৰ সেই হাঁহি, সেই বুকুৰ মাজত বৈ থকা অজান অনুভৱৰ তৰংগ মালা-বৃদ্ধৰ নাতিৰ মুখখন দেখি কিয় বাৰে বাৰে তাৰ স্বপ্নিলৰ মুখখন মনত পৰিছে, হঠাতে জ্বলি উঠা এই গ্ৰীণ ছিগনেলটোৱে যেন কিবা এক ইংগিত দিছে তাক৷ হঠাতে কিবা এটা মনত পৰিল তাৰ৷ খুব খৰ খোজেৰে অহা বাটে সি ঘুৰি খোজ ললে৷ গলিটোৰ মূৰত খোজ খৰ কৰি কৰি সি অৱশেষত দৌৰিবলৈ ল’লে৷ তাৰ উশাহ ঘন হৈ আহিছে, চল্লিছ বছৰীয়া তাৰ এই দেহত ফোঁপনি ধৰিছে, কিন্তু সি প্ৰাণেপণে দৌৰি থাকিল৷ সি থকা এপাৰ্টমেণ্টৰ গধুৰ লোহাৰৰ গেটখন খৰধৰকৈ খুলি সি আকৌ প্ৰাণেপণে দৌৰি গ’ল৷ লিফ্টটোৰ মুখতে থকা চিকিউৰিটি গাৰ্ডজনৰ বিস্ময়সূচক চাৱনিৰ প্ৰতি সি তিলমানো লক্ষ্য নকৰিলে৷ লিফ্টৰ কথা নাভাবি সি চিৰি বগাই দৌৰিবলৈ ললে -এক...দুই...৷ উশাহ ঘন হৈ আহিছে, তাৰ এনে লাগিছে সি যেন পৰি যাব এতিয়া৷ যেনে তেনে তিনি নম্বৰ ব্লকৰ তাৰ এপাৰ্টমেণ্টৰ ছাবি পকাই সি হেচি ধৰিলে৷ দুৱাৰ খুলিয়েই সি দৌৰি দৌৰিয়েই গৈ পাকঘৰ পালে আৰু ফোপাই ফোপাইয়ে সি বন্ধ হৈ থকা পলিথিনটোৰ মুখখন খুলি দিলে৷
ইমান দেৰিয়ে ভিতৰত
সোমাই থকা পঁইতাচোৰাটো লাহে লাহে দুৰ্বল গতিৰে পলিথিনটোৰ পৰা ওলাই এন্ধাৰ চুক এটাত
অদৃশ্য হৈ গ’ল৷
ঠিকনা :
মাৰফৎ-ডাক অধীক্ষকৰ কাৰ্য্যালয়
ভাৰতীয় ডাক বিভাগ
ভ্ৰাম্যভাষ – ৭০০২৮১০৩৩১
যোৰহাট -৭৮৫০০১