অন্যযুগ/


হাঁহৰ কথা

আৰণ্যক শইকীয়া


 

“ প্রফুল্ল ক’ত?”

ৰাজুৰ প্ৰশ্নত ৰামে বাৰীখনলৈ আঙুলিয়াই দিছে৷ হাঁহৰ গঁড়ালৰ ওচৰত প্রফুল্লক দেখা গৈছে – জুমি-জুমি চাই আছে গঁড়ালৰ ভিতৰলৈ; দিন-দুপৰৰ তীব্ৰ ৰ’দত চকু-কপাল কোঁচ খাই গৈছে যদিও সি কিবা এটা বিচাৰি ফুৰিছে বুলি ধৰিব পাৰি, তাৰ বগা টি-শ্বাৰ্ট ইতিমধ্যে ঘামে তিয়াই পেলাইছে; কপালতো ঘামৰ কণিকা দূৰৈৰ পৰ৷ জিলিকি থকা দেখা পোৱা যেন ৰাজুৰ অনুভৱ হৈছে৷

“বাৰটা ৷” 

প্ৰফুল্লৰ কথাত ৰাজুৱে ওচৰ চাপি আহি বুজিব পাৰিছে– হাঁহজনীয়ে বাৰটা কণী পাৰিছে৷ কেইবাদিনৰ পৰাই এই বাৰটা কণীৰ ওপৰত উমনি দি থকা হাঁহজনীক প্রফুল্লই সদায় চায়– আজিও কোনো ব্যতিক্ৰম হোৱা নাই৷ বাঁহৰ  চালনীখনৰ মাজেদি দেখা গৈছে বহি থকা হাঁহজনী – প্ৰফুল্লই চালনীখনৰ ফুটাইদি সুমুৱাই দিছে এডাল বাঁহৰ মাৰি; লগে লগে সষ্টম হৈ উঠা হাঁহজনীয়ে ফেঁটী সাপৰ দৰে ফণা মেলি ধৰিছে– ডেউকা কেইখন মেলি থিয় হৈ উগ্ৰমূৰ্তি ধৰোঁতে দেখা গৈছে এটা, দুটা, তিনিটা .....বাৰটা কণী৷ 

হাঁহজনীৰ ওচৰতে আছে এটা চৰিয়া– তাত তিয়াই থোৱা চাউল সিঁচৰতি হৈ পৰি আছে৷ কাষতে আছে পানীৰে ভৰা আন এটা চৰিয়া৷

“তাই একোৱে খোৱা নাই দেখোন৷” 

ৰাজুৰ কথাত প্ৰফুল্লই বাঁহৰ মাৰিডাল চালনীখনৰ মাজৰপৰা উলিয়াই আনিছে– সি ক’বলৈ নিশ্চয় ভাবিছে– হয়তো ৰাজুক বুজাব খুজিছে যে উমনি দি থকা হাঁহজনীয়ে সাধাৰণতে খুব কমেই খায়; নাইবা তাৰ কথাত হয়তো প্রফুল্লৰ খঙেই উঠিছে৷ সকলোৱে জনা কথা এটাত আশ্চৰ্য প্ৰকাশ কৰি কি লাভ৷ 

“এই বাৰটা কণী হাঁহজনীয়ে পৰা নাই৷”

প্রফুল্লই এটা সম্পূৰ্ণ বেলেগ বিষয়ত আলোচনা কৰিবলৈ ওলাইছে৷

“মুৰ্গীৰ কণী নেকি?” 

“ধেৎ মূৰ্খ৷ মূৰত যি আহে, তাকেই” – প্রফুল্লৰ টিঙিচকৈ খং উঠিছে যদিও নিজকে সংযত কৰিছে – মুৰ্গীৰ কণীও হ’ব পাৰে৷ ইমান ধৰা-বন্ধা নিয়ম জানো আছে? হাঁহ এজনীক কেইদিনমান কেইটামান কণীৰ ওপৰত বহুৱাই দিলে তাই তাতেই উমনি দিবলৈ ধৰে – কণী অইন হাঁহৰে হওক বা মুৰ্গীৰে হওক, বিশেষ পাৰ্থক্য নাই৷

“হ’বও পাৰে মুৰ্গীৰ কণী৷ ফুটিলেহে গম পোৱা যাব৷” প্রফুল্লই অলপ গহীনাই কোৱাত ৰাজু আৰু কনফিউশ্যনত পৰিছে৷ 

“মুৰ্গীৰ কণী ফুটি পোৱালি হ’লে হাঁহজনীয়ে মাৰি নেপেলাব জানো ?” প্রফুল্লয়ো ডাঠি ক’ব নোৱাৰে– সিহঁতৰ ঘৰত অকল হাঁহেই আছে; কেতিয়াও ৰাজুৰ হাহপ’থিচিছ পৰীক্ষা কৰি চাব পৰা নাই৷ বিৱৰ্তনৰ প্রথম সূত্ৰ অনুসৰি হাঁহজনীয়ে মুৰ্গীৰ পোৱালিকেইটাক মাৰি পেলাব লাগে– অন্য এটা প্রজাতিৰ সহবাসে নিজৰ পোৱালিকেইটাৰ খাদ্য আৰু অইন সমল কমাই দিব, এই অযথা প্রতিযোগিতাৰ পৰা হাত সাৰিবলৈ হয়তো মাকে মুৰ্গীৰ পোৱালিকেইটাক মাৰি পেলাব৷ পিছে ব্যতিক্ৰম হ’বও পাৰে নেকি? 

“হাঁহৰ কথা নাজানো, কিন্তু উপেনহঁতৰ ঘৰৰ মুৰ্গীৰ কথা শুনিছিলোঁ।” 

প্ৰফুল্লই কৈ গৈছে কেনেকৈ মুৰ্গীৰ কণীৰ লগত হাঁহৰ কণী কেইটামান সুমুৱাই দিছিল৷ মুৰ্গীজনীয়ে উমনি দি পাঁচটা মুৰ্গীৰ পোৱালিৰ লগতে তিনিটা হাঁহৰ পোৱালিৰ জন্ম দিছিল৷ হাঁহকেইটায়োও মাহীমাকক নিজৰ মাক বুলিয়ে স্বীকাৰ কৰিছিল৷ গোটেই কেইটাই দিনটো একেলগে কটায়– পিছে এদিন পুখুৰীৰ ওচৰলৈ মুৰ্গীয়ে পোৱালীকেইটাক লৈ যোৱাত হাঁহৰ পোৱালিকেইটাই পুখুৰীৰ পানীৰ পিনে লৰ ধৰিলে – নিজৰ সন্তান হেৰুওৱাৰ দুখ আৰু ভয়ত মাহীমাকে হেনোঁ টেঁটুফালি চিঞৰিছিল৷ পিছে যেতিয়া পলৰীয়া সন্তানকেইটা পানীত ডুবাৰ বিপৰীতে পানীত ইতিমধ্যে চৰি থকা হাঁহকেইটাৰ লগ লাগিল, তেতিয়াৰ পৰা মুৰ্গীৰ পৰিয়ালত বিচ্ছেদ ঘটিল– সেইদিনাৰ পৰা হাঁহৰ পোৱালিকেইটা হাঁহৰ জাকত চামিল হ’ল৷ এইবাৰ পিছে তেনে হ’ব নালাগে...।

 “ইয়াত এটাও মুৰ্গীৰ কণী নাই পিছে,” প্রফুল্লই কৈ গৈছে, “কিন্তু একাধিক হাঁহৰ কণী থূপ খাই আছে৷”

কথাষাৰ কৈ প্রফুল্লই হাঁহিছে যদিও ৰাজুৱে হাঁহিব পৰা নাই৷ সি এতিয়াও বিশ্বাস কৰিব পৰা নাই যে পৰৰ কণীৰ প্রতিও সমানে দায়ৱদ্ধতা দেখুৱাব এজনী হাঁহে– ইহঁত দুটাৰ কথোপকথন লক্ষ্য কৰি উমনিত বহি থকা হাঁহজনীয়ে তেতিয়াৰ পৰা সমানেই সষ্টম হৈ আছে যদিও এই নিৰ্বোধ প্রাণীটোৰো যে পৰৰ সম্ভানৰ প্ৰতি সমানেই দায়িত্ববোধ আছে তাকেই ভাবি ৰাজু অলপ আচৰিত হৈছে । 

“হাঁহজনীয়ে পিছত পোৱালি হ’লে সিহঁতক নামাৰিব নেকি?” 

ৰাজুৱে প্রশ্ন কৰিছে যদিও সিও যেন বুজি পাইছে এই কথাষাৰ তাৰ মুখৰ পৰা ওলোৱাত তাকেই প্ৰফুল্লই হাঁহিব – আৰু হাঁহিছেও। 

“ইয়াৰ মাকতকৈও সমস্যা হ'ব মতা হাঁহকেইটাৰ পৰাহে” – প্রফুল্লই কৰ্তৃত্বশীল সুৰত কৈ গৈছে৷ পিছপিনৰ পৰা শুনা গৈছে কেইটামান কৰ্কশ মাত– ৰাজুৱে নাজানে যদিও প্রফুল্লই ভালদৰে বুজিছে এয়া মতা হাঁহৰ আগমন – আৰু নিমিষতে এটা হাঁহে চোঁচা লৈ আহিছে উমনি দি থকা মাকজনীৰ পিনে– বাঁহৰ চালনীত ঠোঁটে মাৰিছে প্ৰচণ্ড খুন্দা আৰু নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি সি একফুটমান পিছলৈ হুঁহকি গৈছে৷ 

“দেখিলি?” 

প্রফুল্লৰ ইতিমধ্যে কথাৰ সুৰত আৰু অধিক গৌৰৱ আহি পৰিছে– তাৰ অনুমান শুদ্ধ প্রতিপন্ন হোৱাত ৰাজুৱেও দেখুৱাইছে আশ্চৰ্যৰ ভাব; লগতে প্ৰফুল্লৰ কণীকেইটাৰ প্রতি হোৱা আকৰ্ষণত আমোদো পাইছে৷ প্রফুল্লই কৈ গৈছে কিদৰে মতা হাঁহকেইটাই কণীকেইটা নষ্ট কৰিবলৈ উঠি-পৰি লাগি থাকে; সিহঁতে ধৰিবই নোৱাৰে নে পাহৰিয়ে যায় যে এইকেইটা কণীৰ পিতৃ সিহঁতেই, সেই বিষয়ে সি ইমান ভালকৈ নাজানে৷ 

“সেইকাৰণে মাইকীজনীক বাঁহৰ এই সজাটোত ৰাখিছ৷” 

ৰাজুৰ কথাত প্রফুল্লই মূৰ দুপিয়াইছে– মোৰ কথাবোৰ সি ভালদৰে বুজিব পাৰিছে; সি এক আত্মসন্তুষ্টি নিশ্চয় লভিছে যদিও দেখুউৱা নাই৷ তৎক্ষণাৎ আৰু এটা মতা হাঁহৰ আক্ৰমণাত্মক আগমনত প্ৰফুল্লৰ মন ইতিমধ্যে আকৌ সেইপিনে গৈছে – হাতত থকা বাঁহৰ মাৰিডাল লৈ ৰুদ্ৰমূৰ্তি ধৰি সি খেদি গৈছে মতা দুটাৰ পিছে পিছে– ডেউকা মেলি কেঁকাই-কেঁকাই সিহঁত পলাইছে বাৰীৰ কলনীলৈ। 

“কলকেইডালৰ পিছফালে যে খালটো আছে– তাতেই দিনটো কটায়৷”

প্ৰফুল্লই যেন বুজি পাইছে ৰাজুৰ পৰৱৰ্তী প্ৰশ্ন৷ 

“কিন্তু খালটোত একো নাই৷ তলিত পানী অলপ আছে যদিও মাছ-তাছ একো নাই ৷” – প্ৰফুল্লই কথাখিনি সংযোগ কৰিব খুজিছিল যদিও শেষত নক’লে৷ ৰাজুৱে নিশ্চয় বুজিব– মফছলীয় চহৰ এখনত মানুহৰ বাৰী আছে ঠিকেই; কিন্তু সময়ৰ সোঁতত খালী মাটিবোৰত ইতিমধ্যে কংক্ৰিটৰ অট্টালিকা উঠিব ধৰিছে– কেইবা ঠাইতো সচৰাচৰ পোৱা খাল-বিলবোৰ হয় পোত খাইছে; নহয় জাবৰৰ দমত হেৰুৱাই পেলাইছে নিজৰ প্রাণশক্তি৷ প্রফুল্লৰ ঘৰত থকা খালটোৰ আয়ুস বেছি দিন নাই– দেউতাকে এটা দুমহলীয়া ঘৰ সজোৱাৰ পৰিকল্পনাৰ উদ্দেশ্যে ইতিমধ্যে শিল-বালি খালটোৰ কাষতে পেলাইছেহি৷ ওচৰৰে চৰকাৰী হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে প্রফুল্লৰ দেউতাকৰ ঘৰৰ মাটি যথেষ্ট যদিও নতুনত্ব আৰু বিকাশৰ ধামখুমিয়াত তেওঁলোকো পিছ পৰি থাকিব খোজা নাই৷ 

“সেই খালটো দেখোন অকণমানি৷”

ৰাজুৱে কেইবাবাৰো দেখিছে যদিও আজিহে হয়তো অনুধাৱন কৰিছে যে সেই অৰ্ধগোলাকাৰ পানীৰে ভৰ্তি গাঁতটোৰ প্রায় ছটা হাঁহৰ পোহপালৰ ক্ষমতা নাই৷ 

“তাত মাছ-তাছ একো নাই৷ মাত্ৰ সিহঁতে দিনটো পানী খেলি থাকে৷”

“তেন্তে সিহঁতক বাহিৰলৈ যাবলৈ নিদিয় কিয়? ক’ৰবাত পুখুৰী, নলা-নৰ্দমা বিচাৰি ল’ব৷ তাতেই খাই-বৈ দিন কটাব৷”

“পঠাব পাৰিলে নপঠালোহেঁতেন নেকি? ঘৰৰ পৰা ওলায়ে দুই-এটা হাঁহ গাড়ীৰ চেপা খাই মৰিব; বাচি থকাৰ ভিতৰত দুটামানক মানুহে উঠাই নিব; এটা মানক হয়তো ৰাস্তাৰ কুকুৰকেইটায়ো খাব– তোৰ মনত নাই নেকি যোৱা বছৰ যে মই কান্দি আছিলোঁ... এজনী হাঁহক গাড়ীয়ে মাৰি পেলোৱাত? কেনেকৈ মনত থাকিব” –

প্রফুল্লই ক্ষোভ উজাৰিব লৈছে– কিবা এটা ভবাৰ নিচিনা কৰি সি এইবাৰ ক’বলৈ ধৰিছে – “বাহিৰলৈ পঠোৱাতকৈ আমি ঘৰতে দানা আনি দিওঁ৷ তাকেই খায়৷” 

ঠিক সেই মুহূৰ্ততে হাঁহৰ দানা এবস্তা লৈ হাজিৰ হৈছে প্রফুল্লহঁতৰ ঘৰত কাম কৰা ৰাম৷ ৰামে বস্তাটো আওঁজাই থৈছে গঁড়ালৰ খুঁটা এটাত– তাৰ পৰা এবাটি দানা উলিয়াই মাইকী হাঁহজনীৰ সন্মুখত থকা চৰিয়াটোত থৈছে – সাধাৰণতে খাবলৈ উত্ৰাৱল হৈ থকা হাঁহজনীয়ে খোৱাৰ প্রতি দেখুউৱা নিৰ্লিপ্ততাত ৰাজুৱে কৈ পেলাইছে– 

“তাইৰ গাটো বেয়া নেকি? খোৱাৰ প্রতি অকণো ইচ্ছা নাই দেখোন৷”

“উমনি দি থকাৰ সময়ছোৱাত...।”  

ঠিক তেনেতে কেইটামান হাঁহৰ কেঁকনিত ঠাইখন ৰজনজনাই গৈছে– প্রফুল্ল-ৰাজুহঁতৰ পিছপিনৰ পৰা আক্ৰমণাত্মক ভংগিমাৰে খেদি আহিছে তিনিটা হাঁহ– খাদ্য বিতৰণৰ বতৰা ইতিমধ্যে বিয়পি পৰিছে নিশ্চয়৷ দুই মিনিটতে সিহঁত হাজিৰ বস্তাটোৰ কাষত৷

“এতিয়া বুজিলি?”

প্রফুল্লই কথাখিনি মনতে কৈছে যদিও ৰাজুৱে ভালদৰে বুজিছে – ইপিনে ৰামে লাগি গৈছে বস্তাৰ পৰা দানা উলিউৱাত –

“বছৰত কেইবস্তা লাগে?”

“মাহত দুবস্তাকৈ৷”

“ভাল খৰচ হয় তেন্তে৷”

“উপায় নাই৷ হাঁহকেইটাক জানো ভোকে-পিয়াহে ৰাখিব পাৰি? আৰু যোৱাবাৰ যে পোৱালিকেইটা হৈছিল,” – কথাখিনি আধৰুৱাকৈয়ে থৈছে প্রফুল্লই – হাঁহৰ গঁড়ালৰ সন্মুখতে সি ক্ষিপ্ৰগতিত খোজ কাঢ়িব ধৰিছে৷ দুপৰীয়াৰ চোকা ৰ’দে ঠাইখিনি থাকিব নোৱাৰা গৰম কৰি তুলিছে– বাৰীৰ কৰ্দেজোপাত কেইটামান তিয়া চৰাইৰ খলকনিয়ে ৰাজুৰ মন সেইফাললৈ আকৰ্ষিত কৰিছে যদিও সি এতিয়াও প্রফুল্লৰ কথাখিনি শেষ কৰালৈ অপেক্ষা কৰি আছে বুলি প্রফুল্লই বুজিছে৷ 

“এইবাৰ বা পৰীক্ষাৰ ৰিজাল্ট কেনেকুৱা হয় ৷” 

বিষয় সলাবলৈ সি এইবাৰ দিয়া হায়াৰ ছেকেণ্ডাৰি পৰীক্ষাৰ কথা উলিয়াবলৈ ভাবি শেষত থমকি ৰৈছে৷ ৰাজু আৰু প্রফুল্ল দুয়োটা এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিছে – হয়তো দুই-এদিনতে ফলাফল দিব – 

“তাৰ পাছত?” 

ৰাজুৱে কৰা প্রশ্নত প্রফুল্ল আকৌ উভতি আহিছে বৰ্তমানলৈ – “হয়, তাৰ পাছত এই পোৱালিকেইটাক পোহপাল দিয়াত কিমান যে সমস্যা হৈছিল৷ মাহত এতিয়া দুবস্তাৰ ঠাইত চাৰি বস্তা লগা হ’ল৷ খৰচ ভালেখিনি বাঢ়িল৷ তাৰ মাজতে আকৌ দেউতা বেমাৰত পৰিল৷ দেউতাৰ বেমাৰত ব্যস্ত থাকোঁতেই প্রায় পাহৰিয়ে গলোঁ দহটা হাঁহৰ পোৱালিৰ কথা৷” 

প্রায় দুমাহ দানা কিনিবলৈ আহৰি নোপোৱাত হাঁহকেইটাৰ খাদ্য ক্রমান্বয়ে কমিবলৈ ধৰিছিল– তাৰ এতিয়াও মনত আছে কিদৰে পোৱালিকেইটাই মাকৰ পিছে-পিছে খাদ্য বিচাৰি বাৰীখন চলাথ কৰি ফুৰিছিল৷ ঘৰৰ ৰৈ যোৱা ভাত-দাইল-মাছ-মাংস পেলাই দিয়া ডাষ্টবিনটোত পুৱাই হাঁহকেইটাই বিচাৰি-খুচৰি তহিলং কৰি দিছিল– প্ৰফুল্লৰ মাকে এদিন পুৱা বাৰীত হাহাকাৰ লগাইছিল – কোনোবাই তেখেতৰ মৰমৰ লাই আৰু পালেঙৰ পুলিকেইটা গুৰিতে উভালি পেলাই থৈ গৈছে৷ 

“ভোকৰ তাড়নাত হাঁহকেইটাই যে পুৱাই বাৰীখনত খাদ্য বিচাৰি ফুৰিছিল, সেই কথাটো মাক নক’লোঁ যদিও মায়ে নিশ্চয় বুজিছিল।” - প্ৰফুল্লই ৰাজুক কৈ গৈছে৷

“এনেকৈ খাবলৈ নাপালে দেখোন পোৱালিকেইটা বেমাৰত পৰিব৷” 

“তাকেই হ’ল।” – কিন্তু তাৰ পাছতো যে ঘৰত হোৱা আৰ্থিক সংকটৰ ফলত প্রফুল্লহঁতে হাঁহৰ দানা বেছিকৈ কিনিব নোৱাৰিলে, সেই কথাষাৰ নক’লে যদিও ৰাজুৱে ধৰিব পাৰিছে বুলি প্রফুল্লয়ো বুজিছে৷ 

ইতিমধ্যে গঁড়ালৰ বাহিৰত থকা হাঁহকেইটাই দানা খাই শেষ কৰিছে – পেট পূৰাই খাই সিহঁতৰ মুখত এটা তৃপ্তিৰ ভাব ফুটি উঠা যেন প্ৰফুল্লৰ অনুভৱ হৈছে৷ মাত্ৰ ছমাহ আগতে এনে এটা দৃশ্য বিৰল আছিল – ইহঁত পোৱালি আছিল; ইহঁতৰ সংখ্যাও তেতিয়া অধিক আছিল৷ এতিয়া ইহঁতৰ সতীৰ্থ পাঁচটা নাই –

“ মৰাৰ পাছত কেইটা ৰ’ল?” 

– ৰাজুৰ প্ৰশ্নই প্রফুল্লৰ চিন্তাধাৰাত ব্যাঘাত জন্মাইছে৷ “ আঁঠটা ৰ’লগৈ”

“এতিয়া দেখোন মাত্ৰ পাঁচটা আছে৷”

ৰাজুৱে ঠিক কৈছে – বাকী তিনিটা বা ক’ত গ’ল? 

“তয়ে ভাবি কচোন সিহঁতৰ কি হ’ব পাৰে৷” 

প্রফুল্লয়ে ৰাজুলৈকে ঠেলিছে– ৰাজুৱেও কথাটো জুকিয়াই চাইছে নিশ্চয়– কেই মিনিটমানৰ বাবে মৌনতা বিৰাজ কৰিছে– দুপৰীয়াৰ এছাটি চেঁচা বতাহে দুয়োকে জুৰাইছে৷ ৰাজুৱে হয়তো ভাবিছে যে সেই তিনিটাই খাদ্যৰ সন্ধানত ঘৰ এৰি ওলাই গ’ল বা পাছলৈ সিহঁতৰো কিবা বেমাৰ হ’ল নে ওচৰ-চুবুৰীয়াক হাঁহকেইটা পুহিবলৈ দিলে? নে এয়াও হ’ব পাৰে যে ...।

“ তিনিটা হাঁহ খালোঁ ৷” – ৰামে টপৰাই শেষত কৈ উঠিছে৷ ৰামে হাঁহৰ দানাখিনি বস্তাত ভৰাই মুখখন বন্ধ কৰিবলৈ এডাল ৰছীৰে গাঁথি মাৰি আছে– ইতিমধ্যে হাঁহকেইটাই দানা খাই আঁতৰি গৈছে । 

“ দুমাহৰ ভিতৰত তিনিটা হাঁহ খালোঁ । এবাৰ মোৰ জন্মদিনত, আনবাৰ দেউতা সম্পূৰ্ণ সুস্থ হৈ উঠাত; আন এবাৰ ঘৰলৈ আলহী আহোঁতে হাঁহৰ মাংসৰে তৃপ্তিৰে ভাত খালোঁ।” – প্রফুল্লই বুজাই গৈছে কি দৰে হাঁহৰ সংখ্যা কমাৰ লগে-লগে জীয়াই থকা হাঁহকেইটাৰ ওপৰত খাদ্য সন্ধানৰ বোজা কমি গ’ল; কিদৰে সিহঁত দুবস্তা খাদ্যৰেই আকৌ সুচাৰুৰূপে হাঁহৰ পোহপাল দিয়াত সক্ষম হ’ল৷ 

“বাৰীখনৰ পাঁচটা হাঁহ বহনৰ ক্ষমতা আছে– তাতোকৈ অধিক হলে হাঁহৰ জনসংখ্যা কমোৱাৰ কিবা এটা ব্যৱস্থা কৰিবই লাগিব৷” প্রফুল্লই ৰাজুক যুক্তি দেখুৱাই গৈছে– প্রকৃতিৰ নিয়ম এইটোৱে যে অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিয়ে সেই প্ৰজাতিটোলৈকে ভাবুকি লৈ আনে –

“ কিন্তু হাঁহকেইটা মাৰি নেপেলোৱাকৈ কাৰোবাক দি দিব পাৰিলিহেঁতেন?” –ৰাজুৱে প্রফুল্লৰ যুক্তিত পতিয়ন যোৱা নাই৷

“ বেলেগক দিলে হাঁহকেইটা কি কৰিব? মাৰিয়ে নেপেলাব জানো?” – প্রফুল্লৰ কথাত বিৰক্তিৰ সুৰ ভাহি আহিছে৷ 

“এইখন টাউনত কোনে হাঁহ পুহি লোকচান ভৰিব? হাঁহকেইটা পোহপাল দি থকাতকৈ বজাৰৰ পৰা হাঁহৰ মাংস সস্তাত কিনি আনিব পাৰি৷” – কথাখিনি প্রফুল্লৰ মনৰ ভিতৰতে উচ্চাৰিত হৈছে৷ 

“বাৰু, তয়েই কচোন৷ কি কৰিলিহেঁতেন?”– প্ৰফুল্লই পুনৰ ঠেলি দিছে ৰাজুলৈ৷ ৰাজুৱেও একমিনিট মান ভাবিছে – নিশ্চয় সিও বুজি উঠিছে পৰিস্থিতিৰ জটিলতাৰ বিষয়ে৷ যুগ-যুগ ধৰি আমাৰ গাওঁবিলাকত এই প্রথাই চলি আহিছে– হাঁহে কণী পাৰে; কেইটামান কণী ৰান্ধি বা সিজাই খায় আৰু কেইটামানৰ পৰা পোৱালি হয়– জনসংখ্যা বৃদ্ধিৰ পাছত ভাৰসম্য ৰক্ষাৰ উদ্দেশ্য পুৰণি হাঁহ কেইটামান মাৰি খোৱা যায়– “প্রটিন ট্ৰেন্সফাৰ”– এদিন প্রফুল্লই এই সম্পৰ্কে পঢ়িছিল– গাঁৱৰ ঘৰৰ খাদ্য প্ৰণালীত হাঁহ আৰু মুৰ্গীত সঞ্চিত প্র’টিন এইদৰেই জন্তুৰ পৰা মানুহলৈ স্থানান্তৰিত হয়– উদ্ভিদীয় প্র’টিন আহৰণ কৰাতকৈ জন্তুৰ প্র’টিন সংগ্ৰহ কম খৰচী বুলি সিহঁতৰ স্কুলৰ বিজ্ঞানৰ পাঠ্যপুথিত আছে৷ ইমান বছৰে চলি অহা প্ৰথাবোৰৰ যুক্তি নথকা নহয়– কথাখিনি প্ৰফুল্লই মনতে যুঁকিয়াই ৰাজুৰ উত্তৰলৈ অপেক্ষা কৰিছে ।

“ মই নিশ্চয় আমাৰ পাৰ্কখনৰ পুখুৰীটোত এৰি দিলোঁহেঁতেন।”– ৰাজুৰ উত্তৰত দৃঢ়তা নাই৷

“ তাত কেইটা হাঁহ চৰি ফুৰা দেখিছ?”

প্রফুল্লৰ কটাক্ষত ৰাজুৱে উত্তৰ দিব পৰা নাই৷ “এটাও নাই৷ যি দুটামান আছিল, গোটেইকেইটা মানুহে ইতিমধ্যে খালে– খাবই৷ এই হাঁহকেইটাৰ অন্তিম স্থান আমাৰ পেটকেইটাই৷ তোৰ পেটলৈ যায় নে মোৰ পেটলৈ যায়, সেইটো নিৰ্ভৰ কৰিব তোৰ পন্থা লওঁনে মোৰ।” – কথাখিনি প্রফুল্লই ক’বলৈ লৈও  শেষত থমকি ৰৈছে৷ ৰাজুৱে নিশ্চয় বুজিছে৷ এইখিনি নক’লেও হ’ব৷ 

“ তই হাঁহৰ মাংস খাৱ নে ?” 

প্রফুল্লই ৰাজুক আকৌ শ’লঠেকত পেলাবলৈ চেষ্টা কৰিছে৷ ৰাজুৱে খাওঁ বুলি ক’বলৈ ওলাওঁতেই প্রফুল্লৰ মাকৰ চিঞৰ শুনা গৈছে –

“ ভাত খাবলৈ আহি যোৱাঁ তোমালোক দুয়ো৷ আজি হাঁহৰ মাংসৰ জোল আছে৷”

প্রফুল্লই মিচিকিয়াই হাঁহিছে– ৰাজুৱেও ইংগিত দিছে, “ব’ল খাই আহোঁ৷”

“এতিয়া হাঁহৰ মাংস খাবলৈ অলপো বেয়া লগা নাই?”

“ এইকেইটা যে বজাৰৰ পৰা কিনি আনিছে৷”

“ বাঃ৷ বজাৰৰ পৰা৷ কিনি খালে পাপ খণ্ডন হয় বুলি আজিহে গম পালোঁ৷” 

“ যিয়েই নহওক - মইতো তোৰ দৰে সৰুৰে পৰা লালন পালন কৰি ডাঙৰ দীঘল কৰা হাঁহকেইটাক খাই নেপেলাওঁ৷ যি প্রাণীয়ে তোক নিজৰ অভিভাৱক বুলি স্বীকাৰ কৰি লৈছে– এয়া চা৷ তোৰ ভৰিৰ পিছপিনেই আৰু দানা পোৱাৰ আশাত হাঁহকেইটা এতিয়াও থিয় হৈ আছে– তোৰ ওপৰত ইমানেই বিশ্বাস৷ সিহঁতে ধৰিবই পৰা নাই সিহঁতৰ মৃত্যু ওচৰ চাপি আহিছে– কণী ফুটি নতুন জীৱনৰ আগমনেই হৈ পৰিব সিহঁতৰ মৃত্যু ঘণ্টাৰ আগজাননী ৷” -ৰাজুৱে একে লেথাৰিয়ে আৱেগিক হৈ কৰি যোৱা এই মন’লগত প্রফুল্লই বিশেষ একো ক’ব পৰা নাই। 

“ এঃ থ! থ! এইবোৰ লেক্‌চাৰ গাঁৱৰ মানুহক মাৰিবি– যুগ-যুগ ধৰি যি প্রথা চলি আহিছে, সেইবোৰত তোৰ মাত মতাৰ অধিকাৰ নাই ।

 “মই গাঁৱৰ কথা কোৱাই নাই৷ মোৰ মাত্ৰ ভাব হৈছে যে তহঁতৰ ঘৰত চলা ব্যৱস্থাটো অলপ বিশ্বাসঘাতকতা যেন লাগিছে – হাঁহকেইটা তোৰ ওপৰত বিশ্বাসত আছে; তোৰ পৰা খাই ফুৰিছে আৰু এদিন হঠাৎ সিহঁতে চকুৰ সন্মুখতে কছাইৰ দাৰ ঘাপ সতীৰ্থৰ ওপৰত পৰা দেখিছে৷”

“ সতীৰ্থৰ ওপৰত ঘাপ পৰা দেখা নাই৷ খাবলৈ লৈ যোৱা চৰাইটোক আন কেইটাৰ পৰা আঁতৰাই লৈ আহোঁ– দুদিন মান নিজৰ সতীৰ্থ নিৰুদ্দেশ হোৱাত সিহঁত ভয়ত নথকা নহয়৷ কিন্তু মানুহৰ সমান আৱেগ নাই অৱশ্যে– তৃতীয় দিনালৈ পাহৰি যায় ।” – প্ৰফুল্লই ৰাজুক এনেদৰে উত্তৰ দিবলৈ ওলাই শেষত সলনি কৰি কৈছে –

“সিহঁতে ভয় বা বিষ অনুভৱ কৰিবলৈ সময়কে নাপায় – দাৰ একেটা ঘাপতে সকলো শেষ৷”

শেষৰ কথাখিনিত প্রফুল্লই নিজেই নিষ্ঠুৰতা  অনুভৱ কৰিছে – শব্দবোৰ ইতিমধ্যে মুখ ফালি বাহিৰ হৈছে, ৰাজুৱে হয়তো তাৰ নিষ্ঠুৰ হৃদয়ৰ প্রতি ভিতৰি ভিতৰি ঘৃণা পোষণ কৰিছে; কিন্তু শব্দকেইটা জানো ঘূৰাই নিব পাৰি৷ 

“পিছে এয়া জানো বিশ্বাসঘাতকতা? জীৱ-জন্তুৰ ক্ষেত্ৰত বিশ্বাস-অবিশ্বাসৰ কি কাল্পনিক চিন্তাধাৰা আছে? মানৱ সভ্যতাৰ বিৱৰ্তন আৰু সমাজ ব্যৱস্থাৰ সুপ্ৰচলনৰ কাৰণে সৃষ্টি কৰ৷ বিশ্বাস, ভক্তি আৰু একান্ত বাধ্যকতাৰ এই প্ৰাচীৰ প্রকৃতিৰ নিয়মাৱস্থাত কেতিয়াও নাছিল – আৰু নাথাকিবও৷ এটা সিংহই জানো হৰিণ এটাক মৰম কৰি পুহিব পাৰে? কেতিয়াবা দুই-এটা ব্যতিক্ৰম হয়তো পৰিলক্ষিত হ’ব পাৰে কিন্তু ব্যতিক্ৰম কেতিয়াও প্ৰচলিত প্রথা হ’ব নোৱাৰে। মানৱ সভ্যতাৰ আদিম যুগৰে পৰাই চলি অহা এই প্ৰথাক আজি হঠাৎ হেয় প্রতিপন্ন কৰিবলৈ ধৰিছ কিয়? মোক ভিতৰি-ভিতৰি তই ঘৃণা কৰিছ– মই বুজিছোঁ৷ তোৰ তথাকথিত ম’ৰেল ভেল্যু বা নীতিৰ মানদণ্ডত আমাৰ পৰিয়াল বা অইন লাখ-লাখ গাঁৱলীয়া পৰিয়াল কেইবাটাও চিৰিৰ তলত পৰিছে – কিন্তু তই নিজেই যেতিয়া হাঁহৰ মাংস তৃপ্তিৰে খাবি, তেতিয়া হয়তো সেই ভণ্ডামিয়ে তোৰ অন্তৰাত্মাত অন্তঃকন্দলৰ কোনো দাৱানল উদ্‌গীৰণ হ’বলৈ নিদিয়ে।” কথাখিনি প্ৰফুল্লই চিঞৰি ক’ব খুজিছে যদিও সি একো ক’ব পৰা নাই৷ 

ৰাজুৱে চাই আছে ৰামে বস্তাৰ মুখ বন্ধ কৰা– সি যেন প্রফুল্লৰ লগত আৰু এই সম্পৰ্কে তৰ্ক-বিতৰ্কত সোমাব খোজা নাই৷ সিও কিজানি বুজি পাইছে তাৰ নিজৰ অন্তৰ্দ্বন্দ্বৰ কথা– আজি প্ৰফুল্লৰ মাকে ৰন্ধা হাঁহৰ মাংস সি হয়তো সিমান তৃপ্তিৰে খাব নোৱাৰিব– সোৱাদ পালেও তাৰ নিজৰে যেন ভাব হ’ব তাৰ ভণ্ডামিৰ কথা৷ বজাৰৰ পৰা অনা হাঁহৰ জীৱনৰ মূল্য প্ৰফুল্লৰ হাঁহকেইটাতকৈ কম৷ 

“খানা ঠাণ্ডা হৈ যাব৷ সোনকালে আহি যোৱাঁ৷” –প্রফুল্লৰ মাকৰ চিঞৰত দুয়ো ততালিকে গৈছে ঘৰৰ ভিতৰলৈ।

খোৱা টেবুলত বহি মাকে কৈ গৈছে আজিৰ হাঁহৰ মাংসৰ আঞ্জাৰ ৰন্ধন প্রকৰণ– আদা, নহৰু, পিঁয়াজৰ মছলা প্ৰস্তুতিৰ পৰা কেৰাহীত তেল মাৰি ভজালৈকে – প্রফুল্ল আৰু ৰাজুৱে শুনি গৈছে যদিও দয়ো যেন অধিক মগ্ন হাড়ৰ পৰা মাংস আঁতৰাই মাংসখিনি চোবাই তাৰ জুতি লোৱাতহে৷ 

মাংসৰ প্রতিটো কামোৰত মাকৰ হাতৰ দক্ষতা ওলাই পৰিছে যেন প্ৰফুল্লৰ অনুভৱ হৈছে - সি সোৱাদ পাইছে; নিজকে ধন্য মানিছে যে এতিয়াও ৰাজুৰ সেই নীতিশিক্ষাৰ দ্বাৰা প্রভাৱান্বিত হোৱা নাই৷ মনত সি কোনো ধৰণৰ অন্তৰ্কন্দলৰ সন্মুখীন হোৱা নাই– ৰাজুৰ বা কেনে অনুভৱ হৈছে?

প্ৰফুল্পই চকুৰে কেৰাহিকৈ চাই দেখিছে ৰাজুৱেও যেন সমানে তৃপ্তিৰে খাই আছে৷ সি সম্পূৰ্ণৰূপে খোৱাত মগ্ন– প্ৰফুল্লৰ যুক্তিখিনি হৃদয়ংগম হৈছে নে এতিয়াও ভণ্ডামিৰ সেই অলৌকিক পৃথিৱীখনতে আছে...।

ৰামে হঠাৎ আহি খবৰ দিছে যে এটা কণী ফুটি পোৱালি ওলাইছে৷ 

“কণী ফুটি পোৱালি হ’লে ডাঙৰ কেইটাৰ আঞ্জা বনাব লাগিব৷ তুমি আহিবা তেতিয়া ৷”

“নিশ্চয়, খুৰী, আপোনাৰ হাতৰ মাংসৰ সোৱাদেই বেলেগ৷ আজিও বৰ তৃপ্তিৰে খাইছোঁ৷” - ৰাজুৰ কথাতো কোনো অনুতাপ বা অপেক্ষাৰ সুৰ প্রফুল্লই অনুভৱ কৰা নাই৷ ইমান সময়ে সেই ডাঙৰ হাঁহকেইটা নমৰাৰ পক্ষত যুক্তি দাঙি ধৰা ৰাজুই প্ৰফুল্লৰ মাকক তপৰাই উত্তৰ দিছে হাঁহৰ মাংস খাবলৈ অপেক্ষাৰত বুলি৷ হয়তো তাৰ ঠাইত প্ৰফুল্লই থাকিলেও তাকেই কৰিলেহেঁতেন– এগৰাকী জ্যেষ্ঠৰ লগত এনেবোৰ তৰ্ক বিতৰ্কত লিণ্ড হোৱাৰ ধৃষ্টতা তাৰ নিশ্চয় নাই৷ তথাপি অলপ আক্ষেপ প্রকাশ? 

“তই যে মাক আমাৰ হাঁহকেইটাৰ মাংস খাম বুলি ক’লি, অলপ আগতে দিয়া যুক্তিবোৰ পাহৰিলি নেকি? বিশ্বাসঘাতকতাৰ কথাবোৰ কি হ’ল?” 

“ মই খাই থাকোঁতে বহুবাৰ কথাখিনি ভাবিলোঁ৷ তই ঠিকেই কৈছ– নতুন জীৱনৰ সৃষ্টিৰ লগে-লগে পুৰণিকেইটাৰ মৃত্যু অনিবাৰ্য৷ বিশ্বাস-অবিশ্বাসৰ কথাটো মানুহৰ ক্ষেত্ৰতহে যুক্তিকৰ, জীৱ-জন্তুৰ ক্ষেত্ৰত যদি আহি পৰে, তেতিয়াহ’লে মই মাছ-মাংস খোৱা বাদ দিব লাগিব৷” 

ভাত খাই উঠি যাবলৈ ওলোৱাৰ পৰত প্ৰফুল্ল আৰু ৰাজুৰ মাজত হোৱা এই কথোপকথনত ৰাজুৱে কৈ গৈছে কিদৰে গাঁৱৰ প্রতিখন ঘৰতে এনেদৰে হাঁহৰ মাংস খোৱা হয়৷ বজাৰত প্রতিগৰাকী কছায়ে তেনেদৰেই জীৱিকা নিৰ্বাহ কৰি আহিছে। 

“ আৰু আমি টাউনত থাকি নিজৰ ঘৰত মাংস নাকাটি বজাৰৰ পৰা কিনি আনিয়েই নিজকে সেই লেতেৰাৰ পৰা আঁতৰাই এক ম’ৰেল হাই গ্ৰাউণ্ড লওঁ৷ এয়াই আমাৰ ভণ্ডামি৷ তই কোৱা কথাখিনি সেই কাৰণে শেষত মোৰ যুক্তিসংগত যেন লাগিল৷ সিহঁতৰ মৃত্যু অনিবাৰ্য– কিন্তু থকা সময়খিনি সিহঁত মৰম আৰু মৰ্যাদাত আছে –কছাইখানাৰ সেই দুৰ্বিসহ পৰিৱেশত আহি থকা মৃত্যুৰ ক্ষণ গণি নহয়৷” 

প্রফুল্লৰ মুখত এটি হাঁহি বিৰিঙিছে– প্ৰথম বাৰৰ বাবে সি কাৰোবাৰ আগত যুক্তিৰে নিজকে শুদ্ধ বুলি প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে। তাৰ কথাত তাৰ নিজৰ লগৰেই এজনে বিচাৰি পাইছে এটা মৌলিক সত্য ।

“ যাওঁ দে৷ খুৰীক ক’বি যে আজিৰ মাংসৰ আঞ্জা খাই বৰ ভাল লাগিল৷ এতিয়া এটা পোৱালি হৈছে যেতিয়া দুই-এদিনতে গোটেইকেইটা হৈ উঠিব– ডাঙৰকেইটাৰ কাউণ্টডাউন আৰম্ভ–হাঃ হাঃ৷” 

এই বুলি ৰাজুৱে প্রফুল্লক মাত লগাই আঁতৰি গৈছে৷ প্রফুল্লই ততালিকে হাঁহৰ গঁড়ালটোলৈ গৈছে- মাইকী হাঁহজনী এতিয়াও কণীকেইটাৰ ওপৰতে বহি আছে৷ এডাল বাঁহৰ মাৰি সুমুৱাই দিয়াত তাই আকৌ ফেপেৰি পাতি ধৰিছে - কিন্তু থিয় হৈ দিয়াত দেখা গৈছে যে কণীকেইটাৰ মাজত এটা সৰু পোৱালিও চকু মুদি মাকৰ উষ্ম স্পৰ্শৰ হেঁপাহত কঁপি আছে৷ পোৱালিটোৰ দেহত সৃষ্টি কৰা তেজৰ চলাচলখিনি পাতল ছালখনৰ তলৰ সিৰবোৰত দেখিবলৈ পোৱা গৈছে। নিদ্ৰাত মগ্ন হৈ থকা সৰু জীৱটোৱে মাজে-সময়ে ঠোঁট মেলি কিবা ক’বলৈ চেষ্টা কৰে যদিও একো শব্দ নোলায়– সি বাকীকেইটা কণীলৈ লক্ষ্য কৰিছে; ভিতৰত লৰ-চৰ কৰি থকা জীৱকেইটা কণীৰ পাতল বাকলিৰ মাজেদি দেখা গৈছে – আৰু বেছি সময় নাই।

“ ডাঙৰ কেইটাৰ কাউণ্টডাউন আৰম্ভ – হাঃ হাঃ৷”

এই পোৱালিকেইটাই বা বিষ অনুভৱ কৰে নে নাই? ইমান সৰুতে একো ইন্দ্ৰিয়ই ভালকৈ কাম নকৰে বুলি প্ৰফুল্লৰ দেউতাকে কোৱা মনত আছে৷ কিন্তু ডাঙৰকেইটাই বিষ অনুভৱ নকৰিলেও দাখন মূৰৰ ওপৰত থকা সেই দুই-তিনি ছেকেণ্ডৰ বাবে ভয় নিশ্চয় অনুভৱ...। ঠিক সেই সময়তে প্রফুল্লই গঁড়ালৰ ভিতৰত সোমাইছে– ফেপেৰি পাতি থকা মাইকীজনীক বাঁহৰ লাঠিডালেৰে খেদি পঠাইছে; চকু মুদি থকা পোৱালিটোক বাঁহৰ এক কোবত থেতালি দিছে – মাকে টেঁটু ফালি চিঞৰিছে যদিও প্ৰফুল্লই নিৰ্বিঘ্নে বাকীকেইটা কণীও লাঠিৰ কোবত ছেদেলি-ভেদেলি কৰি পেলাইছে৷ দুই মিনিটৰ ভিতৰত কাম শেষ কৰি প্রফুল্ল আঁতৰি আহিছে গঁড়ালৰ পৰা৷ মাইকী হাঁহৰ চিঞৰত অইন ডাঙৰ হাঁহকেইটাও ওচৰত উপস্থিত হৈছেহি যদিও প্রফুল্লই সিহঁতলৈ চাই থকা নাই -সি ইতিমধ্যে লাঠিডাল পেলাই ঘৰলৈ ৰাওনা হৈছে – দূৰৰ পৰা সমগ্ৰ দৃশ্য লক্ষ কৰি থকা ৰাম দৌৰি আহিছে গঁড়ালটোলৈ৷ 

*** 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ