অন্যযুগ/


হেমাহি

 স্বপ্না দত্ত ভৰালী

 

প্ৰতিখন ঠাইতে একোজন জনাৰ্দন বৰুৱা থাকে৷ যেনেদৰে প্ৰতিখন চহৰতে চাগৈ একোগৰাকী  কনিকা ভূঞা থাকে৷ আচলতে প্ৰতিজন জনাৰ্দন বৰুৱা নতুবা  কনিকা ভূঞাহঁতৰ স্বভাৱ চৰিত্ৰবোৰ একেটা ৰাগীতে বন্ধা থাকে৷ প্ৰকৃত চৰিত্ৰ মুখাৰ আঁৰত ঢাকি আৰু কিমাননো থাকিব! সময়ত এদিন সিহঁতবোৰৰ মুখাবোৰ সুলকি যায়৷ কাপোৰ পিন্ধি থাকিও মুখৰ কথাৰেই নিজকে নাঙঠ কৰি নিৰ্লজ্জৰ দৰে হাঁহিও থাকে৷ 

জনাৰ্দন বৰুৱা অসুখী মানুহ৷ চাবলৈ গ’লে সুখনো কি? মনৰ এটি অৱস্থা মাথোন! সুখী হ’বলৈ ঢেৰ কিবাকিবি নলগাৰ বিপৰীতে অসুখী হ’বলৈ সাধাৰণ অজুহাত এটায়ো যথেষ্ট৷ জনাৰ্দন বৰুৱা হ’ল এলেহুৱা মানুহ৷ ৰাতিপুৱা তেওঁৰ চকু খোল নাখায়৷ খাবনো কেনেকৈ? নিশা এপৰলৈকে তেওঁৰ যথেষ্ট কাম৷ মোবাইলটো চলাওঁতেই তেওঁৰ নিশা এপৰ হয়৷ সেয়ে ৰাতিপুৱা চকু মোহাৰিয়েই তেওঁৰ অফিচলৈ যোৱাৰ দৰেই৷ অফিচ চুটীৰ পাছতো তেওঁৰ পোনে পোনে ঘৰলৈ অহাৰ নজিৰেই নাই৷ বজাৰ সমাৰৰ পৰা আদি কৰি ল’ৰা-ছোৱালী চম্ভালিবলৈ তেওঁ বিশবছৰৰ আগতেই কেইবালাখো টকা খৰচ কৰি ব্যৱস্থা কৰি থৈছেই৷ মানে সোণৰ গহনা-গাঁথৰিৰ লগতে পাটকাপোৰ পিন্ধাই, ৰাইজক দগৰি খুৱাই শয্যাসংগিনীৰ লগতে আয়া বনাম ৰান্ধনী বনাম ধোবীকে ধৰি সমস্ত কামৰ জেঙা মাৰিব পৰা ‘অল ইন ৱান’ এগৰাকী আনি ঘৰত ৰাখিছেহি৷ গতিকে তেওঁৰনো ঘৰত কাম কি? আৰু এটা কাম তেওঁ কৰে৷ কাম মানে ডাঙৰেই কাম৷ দৰমহাৰ পইচাকেইটা তেওঁ পত্নীৰ হাততেই জমা দিয়ে৷ তেওঁৰ হাতখৰচৰ বাবে টেবুলৰ তলেৰে অহা দুই এটকা আছেই৷ গতিকে পত্নীয়ে তেওঁক বেয়া পোৱাৰ যুক্তি ক’ত? বেমাৰ আজাৰত নিজেই ল’ৰা-ছোৱালীক ডাক্তৰৰ ওচৰলৈ নিলে বুলিয়েই বা ঘৰুৱা বজাৰবোৰ কৰিবলৈ পালে বুলিয়েই ঘৰৰ দায়িত্ব নাই বুলি পত্নীয়ে তেওঁক মাজে মাজে কথা শুনোৱালে হ’বনে? এইবোৰ কথা লৈয়েই জনাৰ্দন বৰুৱা দুখত কাতৰ হৈ থাকে৷ দুখবোৰ যিহেতু ভাগবতৰা কৰিলেহে কমে, সেয়ে তেওঁৰ অফিচৰ সহকৰ্মী কনিকা ভূঞাৰ আগতেই কথাবোৰ কৈ দুখবোৰ পাতলাই৷ কনিকা ভূঞাই আকৌ অফিচৰ কোনটো ফাইলৰ কাম আগত কৰিলে সুবিধা হ’ব বা কোনটো দুদিনমান দেৰিকৈ কৰিলেও আপত্তি নাথাকিব, সেইবোৰ কথা নাজানিলেও কোনষাৰ কথা ক’লে জনাৰ্দন হাজৰিকাৰ দুখ পাতল হ’ব সেয়া ঠিক জানে৷ জনাৰ্দন হাজৰিকাৰ দৰে পতি পায়ো তেওঁৰ পত্নীক আৰু কি লাগেনো বুলি কনিকা হাজৰিকাই জনাৰ্দন বৰুৱাক টিফিন কেৰিয়াৰত অনা বুটৰ ভাজি যাঁচি আফচোচ কৰে৷ ইউ. পি. এচ্. চি. বা  আই. পি. এচ্. চাকৰিৰ বাবেহে আচলতে নিজকে উপযুক্ত বুলি ভাবি থকা, অথচ উপায় নাপাইহে যেন সেইটো অফিচত কেৰাণীৰ পষ্টত কলম ঘঁহাই থকা বুলি ভৱা, তেওঁলোকৰ কাষৰ টেবুলখনত বহা তন্ময় হাজৰিকা সেই সময়ত বৰ ব্যস্ততাৰে চিগাৰেট এটা হুপিবলৈ বাহিৰলৈ ওলাই যায়৷ মধ্যবয়সীয়া কনিকা হাজৰিকা মনেৰে ষোড়শী গাভৰু হৈ পৰে৷ জনাৰ্দন বৰুৱা কনিকা ভূঞাৰ সমবেদনাত মাখন গলাদি গলে৷ জনাৰ্দন বৰুৱাৰ নিম্নস্বৰত কোৱা নিষিদ্ধ ৰগৰ শুনি কনিকা ভূঞাই খিলখিলাই হাঁহে৷ ইফাল সিফালে থকা অফিচৰ দুই এজনৰ কাণত পৰিলেও নুশুনা ভাও জুৰি থাকে৷ ৰাস্তা একেটা হোৱাৰ অজুহাতত অফিচৰ শেষত জনাৰ্দন বৰুৱাৰ গাড়ীত কনিকা ভূঞায়ো ঘৰলৈ যায়৷ আঁতৰৰ চহৰত থাকি কাম কৰা কনিকা ভূঞাৰ পতি সপ্তাহৰ মূৰতহে ঘৰলৈ আহে৷ একমাত্ৰ পুত্ৰও পঢ়াৰ খাতিৰত হোষ্টেলত থাকে৷ গতিকে অকলশৰে থকা কনিকা ভূঞাৰ সৈতে চাহ একাপ বহি যদি খায়েই নাযায়, তেনেহ’লে তেওঁনো কিহৰ সহকৰ্মী হ’ল! সেয়ে ঘৰলৈ যোৱা দেৰি হোৱাটো স্বাভাৱিক কথা৷ তাকেই তেওঁৰ পত্নীয়ে বুজি নাপায়৷ কনিকা ভূঞাৰ ডাঠকৈ লিপষ্টিক লগোৱা ওঁঠদুখন, আইলাইনাৰ লগোৱা চকুদুটা আৰু ব্লাচাৰ লগোৱা গাল দুখন দেখি গৈ ঘৰত দাগ লগা মেক্সি পিন্ধা পত্নীৰ শুকান মুখ আৰু বিবৰ্ণ ওঁঠদুটা দেখি তেওঁৰ বিতৃষ্ণা জন্মে৷ ল’ৰা ছোৱালীদুটাই মুখেৰে একো নকলেও যে মনেৰে মাকৰ ফলীয়া সেয়া তেওঁ বুজে৷ সৰু সৰু কথাতে টিঙিৰি তুলা হৈ পৰা জনাৰ্দন বৰুৱাৰ মনটো ভাত খাই হাতত মোবাইলটো লৈ বিচনাত পৰাৰ পাছতহে ৰঙীন হৈ পৰে৷ 

পিছে সেই জনাৰ্দন বৰুৱা দুদিন আগৰে পৰা যেন এটা বেলেগ মানুহ হৈ পৰিছে৷ এৰা! এই কথা কেৱল তেওঁৰ নিজৰ মানুহজনীৰ চকুতেই নহয়, ল’ৰাছোৱালীহালৰ চকুটো ধৰা পৰিছে৷ এই দুদিন তেওঁ সচৰাচৰ সোমোৱাৰ দৰে দেৰিকৈ ঘৰ সোমোৱা নাই৷ অফিচ চুটিৰ আধাঘণ্টাৰ পাছত ঘৰ সোমাইছে৷ আনকালে ঘৰ সোমোৱাৰ লগে লগে চকু মুখত ওলমি পৰা বিতৃষ্ণাৰ ভাৱটোৰ পৰিৱৰ্তে মুখত যেন কিবা এটা দুঃচিন্তাৰ চাপ৷ দেউতাকৰ এই পৰিৱৰ্তন দেখা পাই ল’ৰা-ছোৱালীহালে মাকৰ সৈতে আকাৰে ইংগিতে কথা হৈছে যদিও একো বুজিব পৰা নাই৷ কিবা এটা সুধো বুলিও দেউতাকে ভেকাহি দিয়ে বুলি নিমাতে আছে৷ 

আচলতে জনাৰ্দন বৰুৱাৰ এই পৰিৱৰ্তিত ৰূপটোৰ এটা কাৰণ আছে৷ কাৰণ মানে ডাঙৰ কাৰণেই৷ কেইদিনমানৰ আগতে তেওঁৰ গা অলপ বেয়া হৈছিল৷ বেয়া মানে বতৰৰ অসুখ৷ তথাপি কাহটো অলপ দীঘলীয়া হোৱাৰ বাবে কণিকা ভূঞাৰ পৰামৰ্শমতেই ডাক্তৰৰ ওচৰলৈ গৈছিল৷ ডাক্তৰে সাময়িক সকাহৰ বাবে জ্বৰ-কাঁহৰ দৰৱ দিয়াৰ লগতে দুটামান পৰীক্ষাও কৰাবলৈ দিছিল৷ ডাক্তৰৰ সৈতে আনকালে বিশেষ যাতায়ত কৰিবলগীয়া নোহোৱাৰ বাবে জনাৰ্দন বৰুৱাৰ বেমাৰ-আজাৰৰ বিষয়ে বিশেষ ধাৰণা নাছিল৷ দুদিনমান আগতে ৰিপৰ্ট আনিবলৈ যাওঁতেহে লেবৰ ল’ৰাজনৰ পৰা গম পালে, তেওঁৰ হেনো অসুখ গুৰুতৰেই৷ সিবিধে পালেগৈ৷ শুনি জনাৰ্দন বৰুৱাই তাতেই জলভৰ দিলে৷ যেনে তেনে লেবৰ পৰা ওলাই তেওঁ চিধাই কণিকা ভূঞাৰ ঘৰলৈ বুলি পোনালে৷ পিছে তেওঁৰ অসুখৰ খবৰ পাই কণিকা ভূঞা যেনেদৰে বিতত হ’ব বুলি ভাবিছিল, নহ’ল৷ পৰিৱৰ্তে কণিকা ভূঞাই পাৰিলে অসমৰ বাহিৰলৈ গৈ চিকিৎসা কৰাবলৈ পৰামৰ্শ দি জনাৰ্দন বৰুৱাক ঘৰত ৰেষ্ট ল’বলৈ বুলি খৰধৰকৈ পঠিয়াই দিলে৷ আনকালে জনাৰ্দন বৰুৱা যাওঁ যাওঁকৈ থাকিলেও, ইটো সিটো অজুহাত উলিয়াই বহুৱাই ৰখা কণিকা ভূঞাই সেইদিনা তেওঁক ঘৰৰ পৰা পঠিয়াবলৈয়ো অজুহাতৰ পাছত অজুহাত উলিয়ালে৷ জনাৰ্দন বৰুৱাই বুজিলে৷ পাছদিনাৰ পৰা নিয়মমাফিক অফিচলৈ যোৱা জনাৰ্দন বৰুৱাক কণিকা ভূঞাই সৌজন্যতাৰ খাতিৰত মাতষাৰহে দিয়া হ’ল৷ জনাৰ্দন বৰুৱাৰ ইমানদিনে চকুত লাগি থকা চামনিখন যেন আঁতৰি সন্মুখত সকলোবোৰ পৰিষ্কাৰ হ’ল৷ ঘৰলৈ উভতিল যদিও কিবা এক অপৰাধবোধত পত্নী তথা ল’ৰাছোৱালীৰ চকুত চকু থব নোৱাৰা হ’ল৷ গাত লম্ভা অসুখটোৰ কথা চিন্তা কৰি খাবলৈ ববলৈয়ো মন নোযোৱা হ’ল৷ ডাক্তৰজনৰ ওচৰলৈ গৈ ৰিপৰ্টটো দেখুৱাবলৈয়ো তেওঁৰ সাহসে কুলোৱা নাই৷ আনকি ঘৰটো কথাটো ভাগবতৰা কৰিব পৰা নাই৷ কি ঠিক! কিজানি তেওঁৰ অসুখৰ বতৰা পাই পত্নীও কণিকা ভূঞাৰ দৰেই সলনি হৈ যায়! কিজানি ল’ৰা-ছোৱালীহালেও তেওঁক অৱজ্ঞা কৰা হ’য়! তেওঁ কেনেকৈ সহ্য কৰিব? 

 

“চাৰ, আমাক মাফ কৰি দিব৷ আমাৰ লেব’ত এনেকুৱা  আগতে কেতিয়াও হোৱা নাই৷ নতুন ল’ৰাজনৰ হেমাহিৰ বাবেই আপোনাৰ লটিঘটি হ’ল৷”

 

পেথ’লেবৰ পৰা অহা ফোনকলটোয়ে মুহূৰ্ততে মই কঢ়িয়াই লৈ ফুৰা গধূৰ বোজাটো যেন জনাৰ্দন বৰুৱাৰ মূৰৰ পৰা নমাই দিলে৷ তাৰমানে তেওঁৰ সেই জটিল অসুখটো নাই হোৱা! অথচ কিমান যে আশংকাত আছিল তেওঁ যোৱা দুটা দিন! জনাৰ্দন বৰুৱাই ল’ৰাটোক একো উত্তৰ নিদিলে৷ কেতিয়াবা কাৰোবাৰ হেমাহিয়ে আন কাৰোবাৰ উপকাৰো কৰিব পাৰে৷ ফোনটো থৈ তেওঁৰ মনলৈ আহিল-‘জীৱন সকলোৰে উৰ্দ্ধত৷’ ৰিপৰ্টটো ভুল হোৱাৰ বাবেইহে তেওঁৰ এই উপলব্ধি! এইটো উপলব্ধিৰ লগতে তেওঁৰ চকুৰ চামনিখন আঁতৰিবৰ বাবেও এই হেমাহিৰ প্ৰয়োজন আছিল৷ 

 

 

ভ্ৰাম্যভাষ : ৮৪৭৩০৭৮০৮৫

মেইলঃ swapnduttabharali@gmail.com

ফেচবুকৰ লিংকঃ https://www.facebook.com/swapanadutta.bharali

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ