লোপামুদ্ৰা ভট্টাচাৰ্য
ভড্কাৰ গ্লাছটো লৈ তাই আৰামী চকীখনত অলসভাৱে বহি পৰিছে৷ ভীষণভাৱে ভাগৰুৱা তাই৷ তাই কোনোপধ্যে আজি Party লৈ যাব নোৱাৰে৷ ৰীট্চে বেয়া পালেও তাই নোৱাৰে৷ আচলতে তাইৰ কিবা এটা হৈছে৷ সদায় এই পাৰ্টিবোৰ আৰু তাৰ পিছৰ শৰীৰৰ খেলাবোৰ দেখোন আমনি লগা হৈছে৷ বেলকনিৰ ফালৰ শ্লাইডিং দুৱাৰখন তাই বন্ধ কৰি দিছে৷ কিন্তু পৰ্দাবোৰ কোঁচাই থৈছে৷ কোঠাৰ চকীখনৰ পৰা দেখি থকা পাহাৰটোৰ ঘৰবোৰত পোহৰে তিৰবিৰাই আছে৷ এই কণ কণ পোহৰবোৰেই চহৰখনৰ আশা, হতাশা, সংগ্ৰামৰ প্ৰতীক নহয় জানো? নিজ নিজ সপোনৰ পম খেদি ইয়াত প্ৰতিটো জীৱই নিজ কক্ষপথত তলমূৰ কৰি ঘূৰি আছে৷ কিমান সময় বাৰু হৈছে এতিয়া? দেৱাল ঘড়ীত দহ বাজিছে৷ অন্য দিনবোৰত এই সময়ত তাই ৰীট্চৰ লগত পাৰ্টিত টেংগ’ ডাঞ্চত মচগুল হৈ থাকিলেহেঁতেন৷ হয়তো আৰু কিছু সময়ৰ পাছতে নিজৰ খোজবোৰৰ ওপৰত তাইৰ নিয়ন্ত্ৰণ হেৰাই গ’লহেঁতেন৷ ৰীট্চৰ বাহুত মূৰ থৈ তাই কাষৰ আচুতীয়া কোঠা এটাত সোমালেহেঁতেন৷ কিমান সহজ আৰু একেসুৰীয়া বিৰক্তিকৰ এটা জীৱনৰ লগত তাই অভ্যস্ত হৈ পৰিছে৷ সৰুৰে পৰা ইংৰাজীত ভাল হোৱা বাবে তাই হাইস্কুলতে বহু বিখ্যাত ইংৰাজী ভাষাৰ গল্প-উপন্যাস পঢ়িবলৈ আৰম্ভ কৰিছিল৷ দেউতাকৰ সপোনা আছিল ডাঙৰ জীয়ৰীয়ে ইংৰাজী সাহিত্যত মেজৰ ল’ব৷ গুৱাহাটীৰ ভাল কলেজত পঢ়িব৷ সেয়েহে মেট্ৰিকটো পাছ কৰাৰ পাছতেই চহৰখনত কিনি থোৱা ফ্লেটটোতে জীয়েক আৰু তাইৰ বান্ধৱী এগৰাকীক থকাৰ ব্যৱস্থা কৰি দিলে৷ তাইৰ প্ৰতিভা আছে৷ তাই পাৰিব৷ মহানগৰীৰ কলেজত পঢ়ি ছোৱালী ডাঙৰ মানুহ হ’ব৷ ভবামতেই সকলো আৰম্ভ হ’ল৷ কিন্তু নভবাকৈয়ে তাই ৰঙ বিৰঙৰ স্বপ্নহীন এখন জগতত দিনে দিনে সোমাই যাবলৈ ধৰিলে৷ সকলো ৰঙতে সপোন থাকে নে সপোনৰ ৰং বেলেগ হয় নেকি বাৰু? ইমানবোৰ ৰঙৰ মাজতো তাই আজিকালি কিয় সপোন নেদেখা হ’ল৷ আগতে দেখোন তাই ৰাতি দেখা সপোনবোৰতে ইমানেই হাঁহিছিল যে কাষতে শুই থকা মাকৰ টোপনি ভাগি গৈছিল৷ তল পেটত হোৱা এটা অহস্যকৰ বিষত তাই কোঙা হৈ পৰিছে৷ ওচৰতে থকা থাৰ্মষ্টিলৰ বটলটোৰ পৰা একাপ গৰম পানী উলিয়াই তাই ফুৱাই ফুৱাই খাবলৈ ধৰিছে৷ মনামী, তাইৰ ফ্লেটৰ লগৰীয়াজনী বায়েকৰ বিয়াৰ কাৰণে এমাহমানৰ বাবে ঘৰলৈ গৈছে৷ এই কেইদিন লগত থাকিবলৈ তাই মাকক মাতি আনিব পাৰিলেহেঁতেন৷ কিন্তু তাকে কৰিলে যে তাইৰ হাত-ভৰি সকলো বান্ধ খাই পৰিব৷ অথচ এই মুহূৰ্তত তাইৰ বৰকৈ কাৰোবাৰ লগত কথা পাতিবলৈ মন গৈছে৷ কাৰ লগত পাতিব? ফোনটো হাতত তুলি তাই Contact list ত চকু ফুৰালে৷ প্ৰায় এহেজাৰমান Contact numbers সোমাই আছে৷ কিন্তু কি আচৰিত, এই সময়ত মনৰ কথা পাতিবলৈ এটা নম্বৰো বিচাৰি পোৱা নাই৷ ইমানবোৰ মানুহৰ মাজত মনৰ কথা কোনে শুনিব, মনৰ কথা কোনে পাতিব! তাই ৰীট্চলৈ ফোন লগালে৷ Not reachable আকৌ লগালে৷ এইবাৰ ৰিং কৰিছে কিন্তু ধৰা নাই৷ সি নিশ্চয় এতিয়া পাৰ্টিত আছে৷ তাই নাই যোৱা৷ সি গৈছে৷ সি আজি কাৰ লগত নাচিছে? সি আজি বাৰু কাৰ লগত কোনটো কোঠাত ... বহি থকাতেই তাই ফোঁপাবলৈ ধৰিছে৷ যিমান পাৰে তাই নিজকে স্থিৰ কৰিবলৈ চেষ্টা কৰিছে৷ কপাল আৰু ওঁঠৰ ওপৰত বিৰিঙি উঠা ঘামৰ টোপালবোৰ তাই টিচু পেপাৰ এখনেৰে টুকি পেলাইছে৷ তাই ৰীট্চৰ লগত কথা পাতিবলৈ বিচাৰিছে৷ কিছুমান কথা যিবোৰ কোনোদিনে পতা হোৱা নাই৷ তাই চকুযোৰ মুদি মূৰটো পিছলৈ হাওলাই দিলে৷ ঠিক এইখিনি সময়তে যেন বেলকনিৰ কাষেদি কেতেকী এজনী বিননি জুৰি পাৰ হৈ গৈছে৷
‘‘মই কেতকী, মই কেতেকী৷’’
সৰুতে মাকে কেতেকীৰ মাতটোত এই শব্দবোৰ বিচাৰিবলৈ শিকাইছিল৷ সঁচাকৈয়ে কেতেকীয়ে নিজৰ নামটোকে চিঞৰি থাকে নে? নাইটিংগেলৰ দৰেই কেতেকীয়েও গায় নেকি কোনো হিয়া ভগা গাথা৷ হয়তো কেতেকীয়েই নাইটিংগেল৷ হয়তো কেতেকীয়েই ফিল’মেল৷ সেই ফিল’মেল যি বায়েকৰ লগত কামাতুৰ ভিনিহিয়েকৰ পৰা বাচিবলৈ চৰাই হৈ উৰা মাৰিছিল৷ নাইটিংগেলৰ মাতত ফিল’মেলৰ হুমুনিয়াহ আৰু কেতেকীৰ মাতত কাৰ বিষাদ সনা আছে? কেতেকীজনীয়ে আজিহে মাতিছে নে সদায় এই সময়ত মাতে? হয়তো তাই সদায় মাতে৷ হয়তো তাই আজিহে এই দিশত আহিছে৷ উস্! কোনো এটা কথাই কিয় স্পষ্ট নহয়?
লাহে লাহে কোঠাটোৰ ৰূপ সলনি হৈছে৷ এখন সিংহাসনৰ দৰে চকী৷ চকীৰ কাষৰ দেৱালত এখন দাপোণ৷ দাপোণখন আঙুৰলতাৰ দৰে কাৰুকাৰ্য কৰা এটা ফ্ৰেমত বন্ধাই থোৱা হৈছে৷ এখন মেজত থকা মমবাতিৰ দানিত জ্বলি থকা সাতগছি শিখাৰ কিৰণ দাপোণখনত পৰি উজলি উঠিছে আৰু মেজখনৰ চিকমিকিয়া আইনাত প্ৰতিফলিত হৈ গোটেই কোঠাটো পোহৰাই তুলিছে৷ সেই পোহৰৰ সমানেই জিলিকি আছে চকীত বহি থকা মহিলাগৰাকীৰ আধা খোলা চন্দুকৰ মখমল কাপোৰত ওলাই থকা ৰত্নখচিত অলঙ্কাৰখিনি৷ সৰু সৰু হাতীদাঁতৰ আৰু ৰঙীণ কাচৰ বটলবোৰত প্ৰসাধনৰ জুলীয়া বা গুড়ি মিশ্ৰণ, বিবিধ সুগন্ধি সাঁফৰ নমৰাকৈ থৈ দিয়া হৈছে৷ সেই ঠাইৰপৰাই এক সানমিহলি, অপৰিচিত গোন্ধ কোঠাটোত বিয়পি পৰিছে৷ এই সময়ত খোলা খিৰিকীখনেদি সোমাই অহা সতেজ বতাহখিনিয়ে সেই গোন্ধৰ তীব্ৰতা যেন কিছু ম্লান কৰি আনিছে৷ বতাহজাকৰ সংস্পৰ্শত মমবাতিকেইডাল আৰু অধিক উজ্জ্বল হৈ জ্বলি উঠিছে৷ ওপৰলৈ উঠি যোৱা ধোঁৱাখিনিৰ মাজেদি চিলিঙৰ নক্সাখিনি আন্দোলিত হৈ উঠিছে৷ কোঠাটো উমাল কৰি ৰখা জুইশালখনত নীৰৱে জ্বলি থকা ঈষৎ সেউজীয়া আৰু কমলা ৰঙৰ জুইশিখাক এই সময়ত সাঁতুৰি থকা এটা ডলফিনৰ দৰেই লাগিছে৷ জুইশালৰ ওপৰতে আছে এখন প্ৰতিচ্ছবি য’ত অঁকা আছে খিৰিকীৰে দেখি থকা এখন অৰণ্যৰ দৃশ্য৷ কোঠাৰ দেৱালত আৰু বহু পুৰণি চিত্ৰ অঙ্কন কৰি থোৱা আছে৷ প্ৰতিখন চিত্ৰই যেন নিজৰ আঁৰৰ প্ৰবাদ বা কাহিনীবোৰ ক’বলৈ ইচ্ছুক হৈ আছে৷ কিন্তু চকীত বহি থকা মহিলাগৰাকীৰ বাবে সেইবোৰ কেৱল নিস্তেজ, স্থিৰ চিত্ৰ৷ হয়তো তেওঁ চিত্ৰৰ চৰিত্ৰবোৰে ক’ব বিচাৰি থকা কাহিনীবোৰ শুনিব বিচৰা নাই বা হয়তো তেনে কাহিনী বুজি পোৱাৰ ক্ষমতা তেওঁ কেতিয়াবাই হেৰুৱাই পেলাইছে৷ এতিয়া তেওঁ অধীৰভাৱে কোনোবা এজন অহালৈ অপেক্ষা কৰি আছে৷ চিৰিয়েদি ওপৰলৈ উঠি অহা কাৰোবাৰ পদধ্বনিত তেওঁ উদ্বেলিত হৈ উঠিছে৷ ঘৰধৰকৈ তেওঁ চুলিখিনি ফণিয়াবলৈ ধৰিছে আৰু মনৰ উত্তেজনাত তেওঁ নিজৰ লগতে কথা পাতিবলৈ ধৰিছে৷ কিন্তু হঠাতে এক Nervousness এ তেওঁক আগুৰি ধৰিছে আৰু তেওঁ নীৰৱ হৈ পৰিছে৷ অপেক্ষা কৰা মতেই এজন প্ৰেমিক তেওঁৰ কোঠালৈ আহিছে৷ দুয়ো কথা পাতিছে৷ মহিলাগৰাকীয়ে কৈছে,
‘‘মোৰ আজি গাটো বেয়া৷ অনুগ্ৰহ কৰি থাকি যোৱা৷’’
প্ৰেমিকজনে একো কোৱা নাই৷
‘‘তোমাৰ কি হৈছে? তুমি কিয় একো নোকোৱাঁ? কিবা এটাতো কোৱাঁ? তুমি কি ভাবি আছা? মই কেতিয়াও গম নাপাওঁ তুমি কি ভাবি থাকাঁ? তুমি কেতিয়াও নোকোৱাঁ৷’’
প্ৰেমিকজনে প্ৰত্যুত্তৰত কেৱল কয়,
‘‘নাই, একো নাই৷’’
কিন্তু তেওঁৰ চকুযোৰে হয়তো বেলেগ কথা কিছু কৈছে যি সেই মহিলাগৰাকীয়ে পঢ়িব পৰা নাই৷ তেওঁ হয়তো ভাবিছে যে জীৱনটোত আমি জী জী মৰি থকা নাইনে? হয়তো অকাৰণতে অহা দুখৰ ভাববোৰত তেওঁ ব্যথিত হৈছে৷
ইফালে মহিলাগৰাকীয়ে এগৰাকী স্নায়ৱিক ৰোগীৰ দৰে আচৰণ কৰিবলৈ ধৰিছে৷ সামান্যতম কথাতে তেওঁ উৎকণ্ঠিত হৈছে৷ দুৱাৰৰ তলৰ ফাঁকেদি সোমাই থকা বতাহৰ শব্দটোত তেওঁ অস্থিৰ হৈ পৰিছে৷ পুনৰ তেওঁ প্ৰেমিকক সুধিছে,
‘‘কি! তুমি সঁচাকৈয়ে একো নাজানা নেকি? তুমি একোৱেই দেখা নাই নেকি? একো কথাই তোমাৰ মনত পৰা নাই?’’
ইয়াৰ প্ৰত্যুত্তৰত প্ৰেমিকে কয়,
‘‘মোৰ সেই ডুবিবলৈ ধৰা ফিনিছিয়াৰ নাবিকসকলৰ চকুবোৰ মনত আছে যিবোৰ মুকুতাৰ দৰে জিলিকিছিল৷’’
লাহে লাহে দুয়োৰে কথাৰ মাজৰ সংগতি নাইকিয়া হৈ পৰিছে৷ হতাশাগ্ৰস্তভাৱে মহিলাগৰাকীয়ে কৈছে,
‘‘মই কি কৰিম এতিয়া? আমি কাইলৈ কি কৰিম? কি আমি সদায় এইদৰেই থাকিম? একেবোৰ কামকে কৰিম? আমি কি এইদৰেই বতৰৰ কথা পাতিম, চেছ্ খেলিম আৰু দুৱাৰত কাৰোবাৰ টোকৰ শুনিবলৈ ৰৈ থাকিম?’’
চকীখনত বহি থাকোতে তাইৰ সোঁহাতখন হয়তো বুকুত পৰি আছিল৷ বুকুখনত তাই ভীষণ যন্ত্ৰণা অনুভৱ কৰিছে৷ তাই চট্ফটাবলৈ ধৰিছে৷ একোবত তাই সাৰ পাই গৈছে৷ সপোনত সেয়া কোন আছিল? তাইটো নহয়৷ সিংহাসনৰ দৰে চকীখনটো ইয়াত নাই৷ কথাবোৰ তাই ভাবিব নোৱাৰা হৈছে৷ বিচনালৈ যাবলৈও তাই ভীষণভাৱে অৱশ অনুভৱ কৰিছে৷ পুনৰ তাই বহি থকাতে টোপনিত ঢলি পৰিল৷
কিছুমান টুকুৰা টুকুৰ শব্দ ক্ৰমাৎ অধিক স্পষ্টকৈ শুনিব পৰা হৈ আহিছে৷ কথা পাতিছে৷ কোনে? কাৰ কথা পাতিছে? হয়তো কোনো ৰেষ্টুৰেণ্টত বহি দুই বা তিনিগৰাকী পুৰুষ আৰু মহিলাই কথাপাতি আছে৷ এগৰাকী মহিলাই লিল নামৰ আন এগৰাকী মহিলাৰ কথা কৈ আছে৷ তাৰ মাজতে Waiter এজনে ৰেষ্টুৰেণ্টখন যে বন্ধ কৰিবৰ হৈছে সেই কথা জনাই থৈ গৈছে৷ লিলৰ স্বামী এলবাৰ্টে আৰ্মিত চাকৰি কৰে আৰু সি এই কেইদিনতে ঘৰলৈ আহিব৷ সেয়েহে মহিলাগৰাকীয়ে লিলক নিজৰ মুখাবয়ৱত অলপ শুধৰণি আনিবলৈ কৈছিল কাৰণ এলবাৰ্টে আহি তাইক দাঁত দুপাৰি সলাই ল’বলৈ দি থৈ যোৱা পইচাখিনিৰ কথা সুধিবহি৷ সি তাইৰ এই চেহেৰাটো কেতিয়াও সহ্য নকৰিব৷ মহিলাগৰাকীয়ে লিলক নিজৰ স্বামীৰ সুখৰ কথা ভাবিবলৈ বাৰম্বাৰ জোৰ কৰিছিল৷ চাৰি বছৰ সেনা বাহিনীত কটাই উভতি আহি যিকোনো পুৰুষেই নিশ্চয় নিজৰ পত্নীৰ লগত অলপ ভাল সময় কটাবলৈ বিচাৰিব৷ তাই যদি এলবাৰ্টক সেই আনন্দ দিব নোৱাৰে তেনেহ’লে আৰু বহু নাৰী তাক এইখিনি সুখ দিবলৈ ৰৈ আছে৷ কথাখিনি শুনি লিলে মহিলাগৰাকীলৈ হেনো অৰ্থপূৰ্ণভাৱে চাই আছিল৷ হয়তো তাই মহিলাগৰাকীক সন্দেহ কৰিবলৈ লৈছিল৷ Waiter জনে পুনৰ সকলোকে খৰধৰ কৰিবলৈ ক’লেহি৷ অলপ পিছতে ৰেষ্টুৰেণ্টখন বন্ধ হ’ব৷ তেওঁলোক অৱশ্যে উঠি যোৱা নাছিল৷ কথা-বাৰ্তা চলি আছিল৷ মহিলাগৰাকীয়ে কৈছে যে তেওঁ লিলক এইটোও কৈছিল যে তাই যদি এইবোৰ ভাল নাপায় তেতিয়াহ’লে এলবাৰ্টক এৰি দি আগবাঢ়ি কিয় নাযায়? কিন্তু এলবাৰ্টে যদি তাইক কেতিয়াবা এৰি দিয়ে তাই যাতে আগতীয়াকৈ সাৱধান কৰি নিদিয়া বুলি মহিলাগৰাকীৰ ওপৰত দোষ জাপি নিদিয়ে৷ লিলৰ বয়স কেৱল একত্ৰিছ বছৰ হৈছে যদিও তাইৰ চেহেৰাটোৱে দিনে দিনে এক বিধ্বস্ত ৰূপ লৈছে৷ লিলে কৈছিল যে এই সকলোবোৰ তাই গৰ্ভপাতৰ সময়ত খোৱা বড়িবোৰৰ ফল৷ তাইৰ পাঁচটা ল’ৰা-ছোৱালী আছে আৰু ছয় নম্বৰ সন্তান জন্মৰ সময়ত তাই কোনোমতে মৰাৰ পৰা বাচি আহিছিল৷ তেতিয়াৰে পৰা তাইৰ স্বাস্থ্য দিনক দিনে বেয়াৰ ফাললৈ গৈ আছে৷ অথচ চিকিৎসকে সোনকালে সকলো ঠিক হৈ যাব বুলি কৈছিল৷ মহিলাগৰাকীয়ে কথাবোৰ শুনি তাইক মূৰ্খ বুলিহে কৈছিল৷ এলবাৰ্টে তাইক এতিয়ালৈকে এৰিব বিচৰা নাই৷ ইয়াত তাইৰ কি অসুবিধা থাকিব পাৰে? ল’ৰা-ছোৱালী নিবিচাৰে যদি তাই বিয়াত কিয় বহিছিল? Waiter জন পুনৰ আহি ৰেষ্টুৰেণ্ট বন্ধ হোৱাৰ সতৰ্কবাণী দি থৈ গৈছে৷ তেওঁ বাকী দুজনৰ আগত কোনো এটা দেওবাৰৰ কথা কৈছে যেতিয়া এলবাৰ্ট ঘৰলৈ আহিছিল আৰু তেওঁ লিল আৰু এলবাৰ্টৰ লগত নৈশ আহাৰত তপত সেকা গাহৰি মাংস খাইছিল৷ এইবাৰ Waiter জন আহি সকলোকে যাবলৈ কৈছে৷ চকীবোৰ আঁতৰোৱাৰ শব্দ হৈছে৷ ইজনে সিজনক শুভৰাত্ৰি জনাইছে আৰু লাহে লাহে হয়তো সকলো দূৰলৈ আঁতৰি গৈছে৷ কিন্তু তেনেকুৱাতে ক’ৰবাত এটা ঘণ্টা অহৰহ বাজিবলৈ ধৰিছে৷ শব্দটো অসহ্যকৰ হৈ পৰিছে আৰু তাই সাৰ পাই গৈছে৷
কলিং বেলটো বাজি আছে৷ তাই চকুযোৰ মেলিবলৈ লওঁতে বেলকনিৰ ফালৰ পৰা অহা পোহৰখিনিত পুনৰ জাপ খাই গৈছে৷ গোটেই ৰাতি তাই এই চকীখনতে পৰি থাকিল৷ সপোনত তাই কি দেখিছিল? সেইবোৰ কাৰ কাহিনী আছিল? তাইৰ, আমাৰ নে সকলোৰে? কলিং বেলটো অলপ সময় ৰৈ আকৌ বাজিছে৷ তাই কোনোমতে উঠি গৈ দুৱাৰখন খুলি দিছে৷ মীনা দিদিয়ে মুখেৰে ভোৰভোৰাই ভিতৰলৈ সোমাই আহিছে৷
‘‘ইমান time লাগেনে দুৱাৰ খুলিবলৈ৷ এটা ঘৰতে ইমান দেৰি হ’লে আমাৰ কি ৰকম চলিব৷’’
দিদি সোমাই আহি টেবুলত ৰখা ছেনিটাইজাৰেৰে হাত দুখন মোহাৰি পাকঘৰলৈ সোমাই গ’ল৷ তায়ো বাথৰুমত সোমাল৷ আগৰাতিৰ সপোনৰ হেং অভাৰটো এতিয়াও চলি আছে৷ শ্বাৱাৰটো খুলি তাই বহু সময় পানীত মূৰটো পাতি ৰৈ থাকিল৷ উস্! সকলো পানীয়েই শান্তিজল হয় নে? মনৰ চিন্তা, উদ্বেগবোৰ এনেদৰেই আঁতৰি যায় নে? আজি সোমবাৰ৷ American literature-ৰ ক্লাছটো সোনকালে আছে৷ টাৱেলেৰে মূৰটো মোহাৰি মোহাৰি তাই ওলাই আহিল৷ ৰাতি ফোনটো চাৰ্জ দিয়া নহ’ল৷ বেটেৰীত চাৰ্জ মাত্ৰ ১১ পাৰ্চেণ্টহে আছে৷ তাই ফোনটো প্লাগত লগাই দিলে৷ Kitchen-ত মিনা দিদিয়ে তাইৰ কাৰণে Bread Toast আৰু অম্লেট কৰি আছে৷ তাই চেনী নিদিয়া ফলৰ ৰসখিনি গিলাছ এটাত বাকি লৈ খোৱা মেজত বহিলহি৷ মিনা দিদিয়ে ব্ৰেকফাষ্টৰ থালখন তাইৰ মুখৰ আগত থৈ ফ্ৰীজটো খুলিছেগৈ৷ দুই-তিনিদিনৰ পৰা নোখোৱা বস্তুবোৰ উলিয়াই দিদিয়ে এতিয়া ডাষ্টবিনত পেলাব৷ কিছুমান খাব পৰা যেন দেখিলে মিনা দিদিয়ে প্লাষ্টিকৰ কণ্টেইনাৰত ভৰাই ঘৰলৈ লৈ যাব৷ তাৰ পাছত তাইৰ কাৰণে দিনতেই বা ৰাতিয়েই খাব পৰাকে কিবাকিবি দুবিধমান ৰান্ধি থ’ব৷ হঠাতে তাইৰ মূৰটো বিষাবলৈ ধৰিছে৷ কিমান যে একেআগি এই জীৱন! তাইক কিবা এটা নতুন লাগে৷ তাই এতিয়া কি কৰিব? ক্লাছলৈ যাব নে অলিয়ে গলিয়ে ঘূৰি ফুৰিব?
তাই জীন্ছ আৰু পৰ্ট্ৰেইট নেকৰ শ্লিভলেছ টপ এটা পিন্ধি লৈছে৷ চুলিখিনিত চেৰাম লগাই ভালদৰে আঁচুৰি লৈছে৷ লাইট গ্লছি লিপ্ষ্টিকটো ওঁঠত লগাই বেগত ভৰাই লৈছে৷ ছানগ্লাছ আৰু ফেচমাক্সো লগত লৈছে৷ মিনা দিদিয়ে পাকঘৰৰ কাম সামৰি এতিয়া তাইৰ কোঠাটো চিজিল লগাই আছে৷ সদায়ে তেওঁ এইদৰেই কাম সামৰি তাইৰ লগতে ওলাই যায়গৈ৷ সেয়েহে তাই সঘনাই মিনা দিদিক সোনকালে কৰিবলৈ কৈ আছে৷ বেগটো লৈ তাই ড্ৰয়িং ৰুম পালেগৈ৷ মিনা দিদিৰ কিন্তু এতিয়ালৈকে হোৱা নাই৷ তাই অস্থিৰ হৈ উঠিছে৷ এনেকুৱাতে তাইৰ মনত পৰিছে যে আজিৰ প্ৰথম ক্লাছৰ কিতাপখন লগত ল’বলৈ পাহৰি গৈছে৷ তাই ল’ৰালৰিকৈ পুনৰ নিজৰ কোঠাৰ দিশত খোজ দিলে৷ কোঠাৰ দুৱাৰৰ ওচৰত তাই অলপ থতমত্ খাই ৰৈ গৈছে৷ মিনা দিদিয়ে তাইৰ আইনাখনৰ সন্মুখত থিয় হৈ নিজৰ মুখখন চুই চাইছে৷ কোনোদিনে নোচোৱা মিনা দিদিৰ মুখখন তাই প্ৰথমবাৰলৈ ভালদৰে চাবলৈ যত্ন কৰিছে৷ মানুহগৰাকীৰ বয়স কিমান হ’ব বাৰু? চকু দুটা দ গাঁতত সোমাই পৰিছে৷ ডিঙিৰ সিৰবোৰ জিলিকি উঠিছে৷ মাজে মাজে মিনা দিদিৰ অসুখ হয়৷ কামৰ পৰা ছুটী লয়৷ কি হৈছিল বুলি সুধিলে মাইকী মানুহৰ অসুখ বুলি কয়৷ কোনোবা এবাৰ দিদিৰ পিঠিত তাই জুয়ে পোৰা দাগ দেখিছিল৷ গিৰীয়েক ৰাতি হেনো মদ খাই আহি কাজিয়া কৰিছিলহি৷ দিদিৰ ল’ৰা-ছোৱালী চাৰিটা৷ গোটেইকেইটা চৰকাৰী স্কুলত নাম লগাই দিছে৷ সিহঁতৰ খৰছ-পাতি দিদিয়েই বহন কৰিব লাগে৷ তাই মন কৰিছে যে দিদিৰ শৰীৰটো দিনে দিনে ভাগি গৈ আছে৷ তাই আইনাত দিদিৰ চকুযোৰলৈ চাইছে৷ দিদিয়ে গালৰ চকুপানীখিনি মোহাৰি শাড়ীখন ঠিক কৰি লৈছে৷ হঠাতে তাইৰ ৰাতিৰ সপোনটোলৈ মনত পৰিছে৷ সপোনৰ লিলজনীও মীনা দিদিৰ দৰেই আছিল নেকি বাৰু? তাই কালি ৰাতি বহি থকা চকীখনৰ কাষৰ মেজখনত থকা কিতাপখন ল’বলৈ সোমাই গৈছে৷ কিতাপখনৰ বেটুপাতত এখন মৰুভূমিৰ ছবি অঁকা আছে৷ তাই কিতাপখন ল’ব খোজোতেই সেইখন মজিয়াত পৰি গৈছে৷ কিতাপখন তুলি আনোতে মেল খাই যোৱা পৃষ্ঠা এটাত তাইৰ চকু পৰিছে য’ত লিখা আছে ‘‘A game of Chess’’৷
সংযোগ- ৭০৮৬৭-২৮৬৬৭