পদ্মজা বৰুৱা মহন
উমি উমি জ্বলি থকা জুইকুৰাৰ কাষতে ছমহীয়া কণমানি ছোৱালীজনী বুকুত সাবটি বহি থাকিল যমুনা৷ পুৱাৰ পৰা ছোৱালীজনীৰ গাটো ভাল নাই৷ জ্বৰেই উঠিছে নে পেটেই কামুৰিছে বাৰে বাৰে কান্দি আমনি কৰি আছে৷ ডাঙৰ ছোৱালী দুজনী শুলে কেতিয়াবাই৷
বহু ৰাতি হ’ল৷ গিৰিয়েক আহি পোৱাই
নাই৷ ক’ত বা সোমাইছে কি বা কৰিছে একো নেজানে তাই৷ পুৱাই
মাথোঁ কামলৈ ওলাই যায় কেতিয়াবা সন্ধিয়া ঘূৰি আহে কেতিয়াবা ৰাতি এপৰত৷
খেটলেং ...
চাইকলৰ শব্দত উচপ খাই উঠিল যমুনা৷ আহিছে
হ’ব পায়৷
খাক থু ...
থুই পেলোৱাৰ শব্দ৷
হয় আহিছে৷
লৰালৰিকৈ উমি উমি জ্বলি থকা জুইকুৰাত বাঁহ খৰি এডাল ভৰাই জুহালৰ কাষত বেৰতে আঁওজাই থোৱা ফু-চুঙাটো লৈ তেওঁ জুইকুৰা ফুৱাই দিলে৷ দুবাৰ মান ফুওৱাৰ পাছত খৰিডাল জ্বলি উঠিল৷ গছাটোত বহুৱাই থোৱা টিপচাকিটোৰ মূৰত জ্বলা খৰিডালেৰে জ্বলাই তেওঁ পিছদুৱাৰৰ শলখাডাল এৰুৱাই দুৱাৰখন কাণি দুৱৰীকৈ খুলিলে আৰু বিছনাত হাউলি লাহেকৈ কেঁচুৱাজনী শুৱাই দিলে ৷
কিন্তু ই কি! বিছনাত
পেলাইছিলহে চেৰেউ ফেৰেউকৈ কান্দি উঠিল কেঁচুৱাকণে৷ ইচ্ য’তে
বাঘৰ ভয় ত’তে ৰাতি হয়৷ এনেয়েও গিৰীয়েক মদ খাই মাতাল হৈ আহিছে
আৰু আকৌ এইজনীয়ে চেৰেউ ফেৰেউকৈ কান্দিব ধৰিছে৷ ভয়ে শংকাই যমুনা উচ উচ শব্দ কৰি
কেঁচুৱাজনী পিঠিত থপৰিয়াই শুৱাবলৈ যত্ন কৰিলে৷
ঘেটেং....
বাহিৰৰ বেৰত চাইকেল আঁউজাই থোৱাৰ শব্দ৷
কেঁচুৱাজনী অলপ শুবলৈ ধৰিছিল৷ যমুনা
লৰালৰিকৈ ওলাই গ’ল৷ জ্বলি থকা চাকিটোৰ ফিটাডালতে অইন এটা চাকিৰ মূৰটো লগাই
জ্বলাই ওলাই পোহৰ দেখুৱাই দি তাই দুৱাৰখন বহলাই খুলি দিলে৷
‘কোন কোন ওলাই গ’ল সেইটো...’
খোলা দুৱাৰখনেৰে যমুনাক দেখিয়েই গৰজি
উঠিল গিৰিয়েক৷
‘কোননো... ক’ত কাক দেখিলে আপুনি! কি আজেবাজে কথাবোৰ কৈছে ৰাতিখন৷ ’
‘দিন ৰাতি কি আছে৷’-হাথিয়াৰ ভৰ্তি হাতৰ মোনাটো দলিয়াই দিলে বেৰৰ কাষলৈ গিৰিয়েকে৷
‘মই নথকা অৱস্থাত ঘৰলৈ
কোন কোন আহে কাক কাক মাত মই নেজানো বুলি ভাবিছ চাল্লা... মোৰ আগত বেছি সতী-সাধ্বী হৈ নেদেখুৱাবি৷ ’
দোৰোল খোৱা জিভা গিৰীয়েকৰ৷
‘এই ৰাতিখন কি প্ৰলাপ
বকিছে? আহক ভিতৰলৈ আহক৷ ’
‘নেযাং মই ভিতৰলৈ৷ কোন
ওলাই গ’ল সেইটো ক...’
‘কোনো নাই৷ মিছামিছি
ৰাতিখন কিয় চিঞৰ বাখৰ কৰিছে৷ চুবুৰীয়াই শুনিলে কি ক’ব? আহক
ভিতৰলৈ৷ ভাত পানী খাই শোৱকহি৷ ’
পৰম ধৈৰ্যৰে মদৰ নিচাত থথল বথল হৈ থকা গিৰীয়েকৰ গাত ধৰি ভিতৰলৈ টানিলে যমুনাই৷
‘ঠাঁচ...’
ওলোটাই এটা প্ৰচণ্ড চৰ বহিল যমুনাৰ
গালত৷
‘অত বছৰে ল’ৰা এটা জন্ম দিব নোৱাৰিলি, এতিয়া তই মোক শুবলৈ মাতিছ৷ হেঁ... চাল্লা অকল ছোৱালী ছোৱালী... কি কৰিবলৈ লাগিছে এই মাইকী ছোৱালীখন৷ ওলা, এতিয়াই ওলা মাক জীয়েক চব ওলা...।’
চৰৰ কোবত টাং বাং খাই দুৱাৰখনত ধৰি কোনোমতে ৰ’ল যমুনা৷ প্ৰচণ্ড খং আৰু দুখত তাই কিবা ক’ব খুজিছিল হঠাতে ভিতৰৰ বিছনাত কেঁচুৱাজনী আকৌ চেৰেউ ফেৰেউকৈ কান্দি উঠিল৷ বাপেকৰ দোৰোল খোৱা জিভাৰ ডাঙৰ ডাঙৰ মাত শুনি সাৰ পাই গ’ল তাই৷ গিৰিয়েকক বাহিৰতে এৰি ভিতৰলৈ গৈ লৰালৰিকৈ ছোৱালী কণক বুকুত সাবটি ল’লে৷
‘ভাত দে৷ ভাত দে এতিয়াই৷
’
গিৰীয়েক সোমাই আহিল পিছ পাকতে৷
‘ভাত বাঢ়ি থোৱাই আছে৷ আপুনি উলিয়াই লওকচোন৷ কেঁচুৱাজনী আমনি কৰিছে৷ শুৱাই লওঁ৷ ’
‘তোৰ অকল কেঁচুৱা
কেঁচুৱা৷’ -যমুনাৰ কথাত খেদা মাৰি আহিল মানুহটো৷
‘মতা ল’ৰা হোৱা হলেও বেলেগ কথা আছিল৷ এই মাইকী ল’ৰা হৈ কিহৰ ইমান আমনি৷ দিন-ৰাত চিন নাই চেৰেউ ফেৰেউকৈ কান্দি থাকিব৷ দে মোক দে...।’
অকস্মাত গিৰীয়েক আহি যমুনাৰ হাতৰ পৰা
কেঁচুৱাজনী কাঢ়ি ল’লে ৷ যমুনাই ততকে ধৰিব নোৱাৰিলে৷
হুঁ... নেলাগে মাইকী ছোৱালী...। যাঃ ক’ত মৰ মৰগৈ.... দলিয়াই দিলে কেঁচুৱাজনী ঘৰৰ কাষৰ পিতনিখনৰ ফালে৷
জপং...
ভয়ানকভাৱে উচপ খাই জিকাৰ মাৰি উঠি চকীখনৰ হাতল ডালকে খামুচি ধৰিলে যমুনাই৷
আস্....
যেন ওখ গছজোপাৰ পৰা বেগেৰে নাৰিকল এটা সৰি মাটিত পৰাদি ক’ৰবাৰ বহুত ওপৰৰ পৰা তলত ধপংকৈ পৰিলহি তাই৷ জোৰকৈ চকু দুটা জপাই কিছু পৰৰ পাছত ভয়ে ভয়ে আকৌ চকু মেলিলে৷
পানীৰ শব্দ নহয়৷ সমুখৰ মঞ্চত মাইক্ৰ’ফোনটোহে ফুৱাই টেষ্ট কৰিছে ল’ৰা এজনে৷
আপোন ভাবত বেছ কিছুসময় তন্ময় হৈ থকা যমুনাই আকস্মিক শব্দটোত সম্বিৎ ঘূৰাই পাই ইফালে সিফালে চালে৷
দুই-এজন মানুহ মঞ্চৰ সমুখৰ চকীবিলাকত বহিছে৷ মঞ্চৰ ওপৰত চকী-টেবুল সাজু কৰি তোলা হৈছে৷ বোধহয় অলপ পাছতে সভা আৰম্ভ হ’ব৷ বহু মানুহ বিপণীবোৰত পংপঙাই ফুৰিছে৷ কোনোবাই কিনিছে, কোনোবাই ফটো তুলিছে৷ সাজি-কাচি পৰী যেন হৈ থকা চঞ্চল কিশোৰী কেইজনীমান আহি যমুনাৰ কাষতে গোট খাই কোৰ্হাল লগাই আছে৷ ৰাতিৰ সাংস্কৃতিক সন্ধিয়াত নৃত্য পৰিৱেশন কৰিব চাগৈ তাহাঁতে ৷ প্ৰীতিকো মাজে মাজে দেখি আছে তেওঁ৷ গহীন খোজেৰে অথচ ব্যস্তভাৱে ইফালে সিফালে ঢপলিয়াই ফুৰা ছোৱালীজনীক মাজতে কোনোবাই মাতি ফটো তুলিছে, কোনোবাই অট’গ্ৰাফ লৈছে৷
প্ৰীতি... অকণমানি ছোৱালীজনী৷ কেই বছৰনো
আগৰ কথা? পঁচিছ বছৰ মাত্ৰ৷ যেন পঁচিছ দিনহে হৈছে৷
সিদিনা মদৰ জালতে নে জানি-বুজিয়েই তেওঁৰ কোলাত পৰা কাঢ়ি দলিয়াই দিছিল একাঁঠু পানীলৈ...
এপলকৰ বাবে যমুনাই একো গম পোৱা নাছিল৷ তাই
সপোনতো ভবা নাছিল গিৰীয়েকে তেনেকুৱা কিবা এটা কৰিব বুলি৷
এপলক মাত্ৰ৷
পাছ মুহূৰ্ততে তাইৰ সম্বিৎ ঘূৰি আহিছিল৷
‘আই ঐ মোৰ ছোৱালী এজনী মাৰিলে ঔ।’ বুলি চিঞৰ এটা মাৰি দুৱাৰখন ফালি মেখেলাখনো আঁঠুৰ ওপৰলৈ দাঙি জেওৰাখন বগাই কেনেকৈনো পাৰ হ’ল, উফাল জুফাল খাই তাই একাঁঠু পানীৰ পৰা কেঁচুৱাজনী তুলি আনিলেগৈ৷ মাতাল পুতেকৰ বৰ বৰ মাত শুনি নাতিদূৰত সৰু পুতেকৰ লগত থকা শাহুৱেকেও বাহিৰলৈ আহি হয়তো উমান লৈছিল৷ পানীত জপং কৰাৰ শব্দ শুনি তেৱোঁ বাৰীৰ মাজৰ বাটটোৰে ঢপলিয়াই আহিল৷ নাকে-মুখে পানী সোমাই একাকাৰ হৈছিল কেঁচুৱাকণৰ৷ শাহু, বোৱাৰী দুইজনী মিলি ছোৱালীজনী জোকাৰি জোকাৰি পেটৰ পানীবোৰ উলিয়ালে৷ কান্দিবলৈও শকতি নোহোৱা হৈছিল যেন বেচেৰীৰ৷ কোনোমতে উশাহটো লৈ থকা সংজ্ঞাহীন হৈ পৰা ছোৱালীজনীক যমুনাই লৰালৰিকৈ জুইৰ কাষলৈ লৈ গ’ল, সেক-পোটক দিলে, মিঠাতেল অকণ গৰম কৰি গোটেই গাতে মালিচ কৰিলে৷ বুকুৰ পিয়াহ গুজি দিলে তাইৰ মুখত৷
শাহুৱেকে পুতেকৰ লগতে বোৱাৰীয়েককো উধাই মুধাই বকি মাতাল পুতেকৰ আগত ভাতৰ কাঁহী সজাই দিলে৷ আৰু ভাত এগৰাহো মুখলৈ নিনিয়াকৈ গোটেই কাঁহীত পানী ঢালি বিছনাত পৰিলগৈ যমুনাৰ গিৰীয়েক৷ খন্তেক পিছতে মানুহটোৰ নাকৰ ঘোৰ্ঘোৰণি শুনা গ’ল৷
গোটেই ৰাতি কেঁচুৱাজনী আপডাল কৰি জুইৰ কাষত বহি থাকিল যমুনা৷
কেৱল সেয়াই নে...
আৰু কত আলৈ-আথানি, অনাদৰ -অৱহেলাৰ মাজেৰে
ডাঙৰ হৈ আহিল তিনিওজনী ছোৱালী৷ প্ৰীতি, তাইৰ বায়েক পাহি আৰু
পাপৰি৷
প্ৰীতিৰ দুবছৰ হ’বলৈ পালে কি নেপালে যমুনাৰ কোলালৈ আহিল সৰু পুত্ৰ ভাগ্য৷ কপাল ভাল আছিল যমুনাৰ৷ আকৌ ছোৱালী হোৱা হ’লে হয়তো যমুনাৰ সেইখন ঘৰত ঠাই নহ’লহেতেন৷
ভাগ্য জন্ম হোৱাৰ পাছত গিৰিয়েকৰ সমস্ত
চিন্তা-চৰ্চা পুতেকক কেন্দ্ৰ কৰিয়েই ঘূৰিবলৈ ল’লে৷ সাগৰৰ পাৰত শামুকৰ
খোলাৰ দৰে পৰি ৰ’ল ছোৱালী কেইজনী৷
আৰু এদিন...
সেইবছৰ প্ৰীতিয়ে মেট্ৰিক দিব৷ পঢ়াত ভাল বুলি ইতিমধ্যে তাই চিনাকি দিব পাৰিছে৷ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলাপৰ বাবে কিছু টকাৰ দৰকাৰ৷ ইমান দিনে যমুনাই ঘৰৰে হাঁহ-কুকুৰা এটা বেচি, বাৰীৰ পাচলি এটা বেচি ,কেতিয়াবা গিৰীয়েকে ঘৰ চলাবলৈ দিয়া টকাৰে দুই-এটকা সৰকাই বা কাৰোবাৰ কাপোৰ এযুতিকে বৈ দি সিহঁতৰ পঢ়াৰ যোগাৰবোৰ দি আছিল৷ কিন্তু কিবা কথাত সেইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলাপৰ বাবে টকা যোগাৰ নহৈছেহে নহৈছে৷
‘টকা তিনিশ দিবচোন
যেনেতেনে৷ ’ পুৱা ভাতকিটা সমুখত যতনাই দি গিৰীয়েকক
লাহেকৈ ক’লে যমুনাই৷
‘কেলেই...? কেলেই লাগে তোক টকা..?’ ৰঙা চকুৰে সুধিলে গিৰীয়েকে৷
‘এই প্ৰীতিৰ ফৰ্ম ফিলাপৰ
কাৰণে...।’
‘বাদ দে পৰীক্ষা-চৰীক্ষা দিবলৈ....।’ -যমুনাৰ কথাষাৰ শেষ হ’বলৈকে নেপালে৷ গৰজি উঠিল গিৰীয়েক৷
‘কি ফালিব পঢ়া-শুনা কৰি? ঘৰতে থাকক৷ কাম-বন দুটামান শিকা৷ ভাল মানুহ এটা পালে বিয়া দি দিব লাগিব৷’
‘কি কথা কয় আপুনি
বাপেকীটো হৈ? ছোৱালীজনী পঢ়াতো আগবঢ়া৷ মেট্ৰিকটো দিয়কচোন৷ কিজানি ভালকৈয়ে পাছ কৰে৷ ’
‘থ থ৷ কি কৰিব জীয়েৰে ভালকৈ পাছ কৰি? ইঞ্জিনীয়াৰ হ’বনে অভয়ছাৰ হ’ব? তোক খুৱাব নে মোক খুৱাব?’
দেউতা...৷
হঠাতে সিটো কোঠাৰ পৰা প্ৰীতিৰ মাত ভাহি আহিল৷ চক খাই উঠিল যমুনা৷
‘আপুনি টকা দিবলৈ টান পাইছে নেলাগে দিব৷ কিন্তু মোৰ পঢ়াক লৈ এনেদৰে ইতিকিং নকৰিব৷ মই ইঞ্জিনীয়াৰ-অভাৰছিয়াৰ হ’ব পাৰোঁ নে নোৱাৰোঁ সেয়া ভৱিষ্যতে ক’ব৷ বৰ্তমান পৰীক্ষাটোকে দিওঁচোন৷ আশীৰ্বাদ নিদিয়ে যদি নেলাগে, মনটো ভাঙি নিদিব৷ ’
‘কি ক’লি, কি ক’লি তই? মেট্ৰিক দিবলৈ পোৱাই নাই বাপেৰক দ’ম দিব পৰা হলি? মাইকী ছোৱালী হৈ ইমান দেমাকি তোৰ...’ গৰজি উঠিল যমুনাৰ গিৰীয়েক৷
‘দ’ম দিয়া নাই দেউতা৷ আজিলৈকে আমাক ছোৱালী বুলি যিমান অনাদৰ-অৱহেলা কৰিছে, এদিনো আমি আপোনাৰ মুখত মাত এষাৰ মতা নাই৷ কিন্তু সদায় সদায় কিমান আৰু সহ্য কৰি থাকিম৷ ছোৱালী বুলিয়েই আমাৰ প্ৰতি আপোনাৰ ইমান আক্ৰোশ কিয়৷ আমি কি মানুহ নহয় নে কি...?’
‘চুউপ..৷ ’
বাঢ়ি গৈছিল বাপেক-জীয়েকৰ তৰ্কাতৰ্কি৷ অতদিনে সুপ্ত আগ্নেয়গিৰিৰ দৰে থকা ছোৱালীজনীয়ে সেইদিনা জ্বালামুখীৰ ৰূপ লৈছিল, দেউতাকৰ চকুত চকু থৈ উত্তৰ দিছিল৷ আৰু যমুনাই বৰ কষ্ট কৰিহে ছোৱালীজনীক বাপেকৰ ওচৰৰ পৰা আঁতৰাই পঠিয়াব পাৰিছিল৷
সেই যে তৰ্কাতৰ্কি লাগিল তাৰ পিছৰে পৰা অস্বাভাৱিকভাৱে মৌন হৈ পৰিল বাপেক-জীয়েক হালেই৷ ইটোৱে -সিটোক একেবাৰে মাত-বোলকে নকৰা হৈ পৰিল৷
তেনেকৈয়ে প্ৰীতি ওৰফে প্ৰতিজ্ঞাই মেট্ৰিক পৰীক্ষা দিলে৷ বহুত ভাল ধৰণে পাছো কৰিলে, তাৰ পাছতে ইটো সিটো সংগঠন, শুভাকাংক্ষীৰ সহযোগত পঢ়ি গৈ থাকিল৷ এম. এ. পঢ়িলে, ইটো সিটো পৰীক্ষা পাছ কৰি কলেজ এখনত চাকৰিও পালে৷ এতিয়া ভায়েক ভাগ্যকো তায়েই পঢ়াইছে৷ ঘৰ চলোৱাতো সহায় কৰিছে৷
আজি সেইজনী ছোৱালীয়ে কিতাপো লিখিব পৰা
হ’ল,
লিখি প্ৰকাশ কৰি উলিয়াব পৰা হ’ল৷
আজি পুৱাই ওলাই আহোঁতে কৈছিল প্ৰীতিয়ে-
‘মা, মই অলপ সোনকালে যাওঁ ৷ আবেলি অনসূয়া যাব৷ তুমি তাইৰ লগতে যাবা৷ ’
অনসূয়া প্ৰীতিৰ অন্তৰংগ বান্ধৱী৷
‘হ’ব আই৷ মই যাম৷ তই যা৷
দুপৰীয়া ভাত খাবৰ পৰতে সংকোচভাৱেৰে সুধিছিল গিৰীয়েকক যমুনাই,
‘প্ৰীতিয়ে লিখা কিতাপ এখন উলিয়াব আজি গ্ৰন্থমেলাত৷ মিটিং আছে৷ আপুনিও যাব নেকি..?’
আজিকালি গিৰীয়েকৰ আগৰ দৰে খং-ৰাগ নাইকিয়া হৈছে৷ বিশেষকৈ বাত বিষটোৰ পৰা কাম-বন কৰিব নোৱাৰা হোৱাৰ পৰা, প্ৰীতিয়ে ঘৰখন চম্ভালি লোৱাৰ পৰা৷ যমুনাই অনুমান কৰে তেওঁ প্ৰীতিক হয়তো মাত-বোল কৰিবলৈ সুবিধা বিচাৰে, চেনেহ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ বিচাৰে, প্ৰীতিয়েও দেউতাকক মাত-বোল কৰিবলৈ বিচাৰে কিন্তু কইবা বছৰৰো আগৰ সেই বাপেক-জীয়েকৰ তৰ্কাতৰ্কি আৰু মাত-বোল বন্ধ হোৱা কথাটোৱে দুয়োৰে মাজত ইমান ডাঙৰ দূৰত্ব আৰু অসহজবোধ এটা গঢ়ি পেলালে যে এতিয়া সেই অসহজবোধ ভাঙি ওচৰ চপা, সহজ হোৱাই টান হৈ পৰিছে৷ তথাপি যমুনাই চেষ্টাৰ ত্ৰুটি নকৰে বাপেক-জীয়েকৰ সম্পৰ্ক ভাল কৰি তুলিবলৈ৷
আজিও যমুনাৰ কথাত গিৰীয়েকে মাথোঁ
তলমূৰকৈ ভাত খাই থাকিল৷ মাত-চাত নেমাতিলে৷
মঞ্চৰ কাষতে কাৰোবাৰ লগত কথা পাতি থকা
প্ৰীতিৰ হঠাতে চকু পৰিল মাক যমুনাৰ ওপৰত৷ নিৰ্মল হাঁহি এটা মাৰি আগুৱাই আহিল তাই৷
‘মা পালাহি?’
‘পালোহি মা৷ এই অনসূয়াই লৈ আহিলে৷’
‘অ’, ভাল হ’ল৷ বহাচোন তুমি৷ স্কাৰ্ফখন লৈ আহিছা নহয়?’
‘ওঁ৷ তই মোৰ চিন্তা কৰিব নেলাগে দে৷’
‘হ’ব মা৷ তেতিয়া হ’লে বহা তুমি৷ মিটিং আৰম্ভ হ’বই এতিয়া৷’
তাই গুচি গ’ল আনফালে৷
সময়তকৈ কিছু পলমকৈ সভা আৰম্ভ হ’ল৷ গ্ৰন্থ, গ্ৰন্থমেলা আৰু গ্ৰন্থ অধ্যয়নৰ বিষয়ে বহু বিশিষ্ট ব্যক্তিয়ে বক্তব্য
আগবঢ়ালে৷ কিছু বুজি পালে যমুনাই, কিছু নেপালে৷
‘এইবাৰ আহিছোঁ আমি আজিৰ সভাৰ মূল কাৰ্যসূচী গ্ৰন্থ উন্মোচনী অনুষ্ঠানলৈ৷’ -মঞ্চৰ পৰা ঘোষকৰ মাত ভাঁহি আহিল৷
‘আজি এই গ্ৰন্থ উন্মোচনী
অনুষ্ঠানত পোনপ্ৰথমে আমি উন্মোচন কৰিব বিচাৰিছো কমবয়সীয়া প্ৰতিভাৱান লেখিকা,
বিভিন্ন কাকত-আলোচনীৰ লগতে ছ’চিয়েল মেডিয়াত
লিখা-মেলা কৰিও পাঠক সমাজত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰতিজ্ঞা ওৰফে প্ৰীতি কটকীৰ এখনি মনোৰম উপন্যাস ‘প্ৰীতিৰ সুৱাস’৷ মই লেখিকাক মঞ্চৰ সমুখলৈ আগ বাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ৷
‘মই... মই পাৰিম জানো... ?’ অস্বস্তি আৰু অসহায়তা ফুটি উঠিল যমুনাৰ মুখমণ্ডলত।
‘একো নহয়,পাৰিবা মা৷ আহাঁ৷’ -প্ৰীতিয়ে তেওঁক ধৰি আগুৱাই লৈ গ’ল মঞ্চৰ ওচৰলৈ৷
‘তুমি ইয়াতে ৰোৱাঁ৷ মঞ্চলৈ
মাতিলেই আগবাঢ়ি যাবা৷ হ’ব৷’
মঞ্চলৈ উঠা চিৰিটোৰ কাষতে যমুনাক থিয়
কৰাই তাই তেওঁৰ বাউসীৰ পৰা হাত আঁতৰালে৷
‘হ’ব আই৷ তই যা৷’ -পঠিয়াই দিলে তেওঁ প্ৰীতিক৷
প্ৰীতি আগবাঢ়ি গ’ল৷ মাইক্ৰ’ফোনটো হাতত ল’লে,
‘...মই মোৰ জীৱনৰ প্ৰথমখন কিতাপ উন্মোচন কৰিব বিচাৰিছোঁ মোৰ অফুৰন্ত প্ৰেৰণাৰ উৎস, সুখ-দুখৰ সমভাগী মোৰ জন্মদাত্ৰী মাতৃৰ হাতেৰে৷ আহাঁ মা...।’
মঞ্চৰ পৰা তাই আহ্বান জনালে মাকক৷
কিবা এক অভূতপূৰ্ব আৱেগ আৰু আনন্দত আৰু আগেয়ে কোন কাহানিও কৰি নোপোৱা কাম এটা কৰাৰ শিহৰণত যমুনাৰ বুকুখন ধকধক কৈ কঁপিবলৈ ধৰিলে৷ মঞ্চলৈ উঠা চিৰিখনত উঠিব খুজিও তেওঁ কঁপি উঠিল৷ চকুপানীৰ পৰা চকুকিটা মেলিব পৰা নাই তেওঁ৷ বৰ নিশকতীয়া যেন অনুভৱ হৈছে নিজকে৷ আৰু মঞ্চলৈ উঠা চিৰিখনো ইমান থিয়৷ কেনেকৈ উঠে এনেকুৱা চিৰিয়েদি মানুহবোৰ? তেওঁৰ ভৰিহালত যেন বল-শক্তি একেবাৰে নাইকিয়া হৈ গৈছে৷
আঃ...
কোনোবাই মঞ্চত উঠাত তেওঁক সহায় কৰি দিয়া হ’লে...।এই ভাগ্যটোও ঘৰলৈ বুলি গৈছিল, অহাই নাই নে ইমানপৰে...! নহ’লে প্ৰীতিজনী অলপ আগ বাঢ়ি অহা হ’লে...।
অসহায় ভাবত আকৌ ইফালে-সিফালে চালে তেওঁ৷ নাই, সকলোৰে দৃষ্টি মঞ্চৰ ওপৰত নিৱদ্ধ৷ মঞ্চৰ কাষত থকা মানুহবোৰো আগুৱাই গৈছে সমুখলৈ, উলিয়াই লৈছে তেওঁলোকৰ ম’বাইল, কেমেৰাবোৰ৷ সাজু হৈছে ফটো তুলিবলৈ৷
‘মা আহাঁ...।’ মঞ্চৰ পৰা পুনৰ মাতিলে প্ৰতিজ্ঞাই৷
উঃ মাজনী, তই কেনেকৈ জানিবি কি
দুখত নে আৱেগত মোৰ বুকুখন ধপধপকৈ মাৰিছে, ভৰিত বল-শক্তি
নাইকিয়া হৈ গৈছে ৷ মই দেখোন আগবাঢ়ি যাব পৰা নাই ...
বৰ কষ্টৰে তেওঁ মঞ্চলৈ উঠা চিৰিখনৰ আনটো ঢাপলৈ ভৰি আগ বঢ়ালে৷
হঠাতে যমুনাই অনুভৱ কৰিলে তেওঁৰ বাহু
এটাত কোনোবাই খামুচি ধৰি ওপৰলৈ উঠাত সহায় কৰি দিছে৷
কোন..!
কোন আহিছে...!
তেওঁ পিছমুখ দি ঘূৰি চাই অবাক আশ্চৰ্যত
বাকৰুদ্ধ হৈ গ’ল৷
এয়াচোন যমুনাৰ গিৰীয়েক৷
প্ৰীতিৰ দেউতাক৷
কি আচৰিত...!
‘আপুনি...!’-মনৰ আশ্চৰ্য যমুনাৰ মুখেৰে অস্ফুট স্বৰেৰে প্ৰতিধ্বনিত হ’ল৷
‘অঁ মই৷ ছোৱালীজনীয়ে কিতাপ লিখি উলিয়াইছে, মই বাপেকটোনো কেনেকৈ নহাকৈ থাকো৷ ই ভাগ্য গৈছিল ঘৰলৈ কিবা কামত৷ মই বোলোঁ ময়ো যাওঁ ৰহ্৷ গুচি আহিলোঁ তাৰ লগতে৷’
‘অ’হ ভাল হ’ল, বৰ ভাল হ’ল৷’
পুনৰ সৰসৰকৈ ওলোৱা চকুপানীয়ে তিয়াই
পেলালে যমুনাৰ গাল, বুকু৷
‘ওঁ৷ ব’ল এতিয়া ৷ মাজনীয়ে মাতি আছে নহয় ওপৰলৈ৷ ’
স্তম্ভিত, নিৰ্বাক যমুনাক হাতত ধৰি মঞ্চৰ ওপৰলৈ লৈ গ’ল গিৰীয়েকে৷
‘দেউতা...’
মাকৰ লগতে দেউতাককো দেখি অবাক আশ্চৰ্যত
ক্ৰন্দনসিক্ত কণ্ঠৰে চিঞৰি উঠিল প্ৰীতিয়ে৷
‘দেউতা...।’-তাইৰ মাত থোকাথুকি৷ আজি দহবছৰ, সম্পূৰ্ণ দহটা বছৰৰ পাছত তাই দেউতাকক দেউতা বুলি মাতিছে৷
‘ময়ো আহিলোঁ আই...’
প্ৰীতি আগ বাঢ়ি আহিল৷ পিতৃ-মাতৃ দুয়োৰে চৰণ চুলে৷ তাৰ পাছত মাইক্ৰ’ফোনটো হাতত লৈ শান্ত বিনম্ৰ কণ্ঠৰে ঘোষণা কৰিলে...
‘এয়া মোৰ প্ৰথমখন কিতাপ উছৰ্গা কৰিছোঁ তেওঁলোকৰ নামত যিয়েই মোক এই পৃথিৱীৰ পোহৰ দেখুৱালে, যিয়েই মোক আদৰ-আপডালেৰে মানুহ কৰি গঢ়ি তুলিলে, যাৰ ঋণ মই কেতিয়াও সুজিব নোৱাৰোঁ সেই পৰম পূজনীয় মোৰ পিতৃ-মাতৃৰ নামত৷ আৰু উন্মোচন কৰিব মোৰ মা আৰু দেউতাই৷ ’
বিপুল হাত চাপৰিৰে সভাথলী ৰজনজনাই গ’ল৷ এহাতে কিতাপখন লৈ
এহাতে জীয়াৰীক ওচৰ চপাই আনিলে যমুনাৰ গিৰীয়েকে৷
‘কিবা এষাৰ ক’বা নেকি দেউতা...’-প্ৰীতিয়ে লাহেকৈ সুধিলে তেওঁক৷ যদিও জানিছিল তাই দেউতাকে একো নকয় বুলি৷
কিন্তু প্ৰীতিক আচৰিত কৰি মাইক্ৰ’ফোনটো ল’বলৈ তেওঁ কঁপি থকা হাতখন আগবঢ়াই দিলে৷
‘কি ক’ম আই..! তথাপিও জনাই নজনাই দুআষাৰ কওঁ দে...।’
তেওঁ কৈ গ’ল-
‘ৰাইজ, পুত্ৰ সন্তানৰ দৰেই কন্যা সন্তানো ঘৰৰ মান মৰ্যাদাস্বৰূপ৷ পুত্ৰ যদি বংশ তেন্তে পুত্ৰী অংশ, পুত্ৰ যদি সংস্কাৰ তেন্তে কন্যা সংস্কৃতি, পুত্ৰ যদি ভাগ্য তেন্তে কন্যা সৌভাগ্য৷ গতিকে সকলো ৰাইজলৈ মোৰ অনুৰোধ পুত্ৰই হওক বা কন্যা, সমান চকুৰে চাওক ,সমান গুৰুত্ব দিয়ক,একে আদৰ- আপডালেৰে ডাঙৰ-দীঘল কৰক,সিহঁতকো পুত্ৰ সন্তানৰ দৰেই মুকলি আকাশত উৰিবলৈ দিয়ক৷ ৷ কিয়নো পুত্ৰ-কন্যা মিলিহে এখন ঘৰ, এখন সমাজ উন্নতিৰ পথত আগ বাঢ়িব পাৰে৷ ’
আৰু একো ক’ব নোৱাৰি তেওঁ মাইক্ৰ’ফোনটো আগবঢ়াই দিলে প্ৰীতিলৈ৷ উপস্থিত ৰাইজৰ হাতচাপৰিৰে গোটেই সভাথলী ৰজনজনাই উঠিল৷
আঁৰ চকুৰে যমুনাই দেখিলে গিৰীয়েকৰ চকুত পানী৷
তেনেতে এটা ধুনীয়া সুৱাসে মঞ্চৰ লগতে গোটেই চৌপাশ ধুৱাই তুলিলে৷
ধূপৰ গোন্ধ নেকি ...নে ওচৰে পাঁজৰে
কিবা ফুল ফুলিছে ...ওহোঁ ...অনুভৱ কৰিলে যমুনাই এয়া প্ৰীতিৰ সুবাস... গোটেইখন
আমোলমোলাই গৈছে...৷
ভ্ৰাম্যভাষ - ৮৬৩৮৩৮৩৯২৫