ৰাজীৱ বৰা
মিছা
মিঠা, তৃপ্তিদায়ক৷
কুঁহিয়াৰৰ ডাবৰিৰ মাজৰ বগা অংশটোৰ আঁহবোৰ এৰুৱাই সৰুকৈ মুঠাই বান্ধিলে মিছা মাছটোৰ
আকৃতি লয়৷ তঙালেৰে মেৰিয়াই বন্ধা,
খামুচীয়া সেই মুঠাটোৰ গাত মিছা মাছৰ ঠেঙৰ দৰে এগাল শুং লৈ সিও সেইটো
নামেই পালে৷ ফেলাহিত পগাই থকা কুঁহিয়াৰৰ ৰসত পেলাই দিয়া মিছাটো, যিটো এডাল ৰছীৰে বান্ধি
ৰাখিছিলোঁ; উতলা ৰসৰ
ফুট উঠাৰ সময়তে সেইটো টানি আনি খোল সাজিবলৈ চেও দিয়া মেলাহী পটুৱাত পেলাই দিছিলোঁ৷
চেঁচা হোৱালৈ ধৈৰ্য্য ক’ত? মিছাটো
আটি থোৱা তঙালৰ বান্ধনিটো নলীয়া কটাৰীখনেৰে কাটিছিলোঁ৷ পকাৰহীৰ আঁঠাই মুঠাটো গোটকৈ
থৈছিল৷ ফুৱাই ফুৱাই তাৰে এথোলা আনি মুখত ভৰাই সেহাই সেহাই চোবাই খাইছিলোঁ৷ আস্ কি
সোৱাদ! পকাৰহীৰ আঠালতীয়া তৃপ্তি৷
কি শৈশৱ, কি
কৈশোৰ-যৌৱন৷ পাতে কাটে৷ কাটক৷ চেঁচুৱে ওঁঠত ৰেপে৷ ৰেপক৷ কাৰোবাৰ কুহিয়াৰতলীৰপৰা
এডাল কুঁহিয়াৰ যদি চুৰ কৰি নাখালা গৰখীয়া দিনবোৰ কেনেকৈনো উদ্যাপন কৰিলা?
কোনোবাই ক’ৰবাত কুহিয়াৰ পেৰা শাল টানিবলৈ গৰু লগায়৷ কোনোবাই ম’হ৷
আমাৰ শালবোৰ আছিল মানুহে টনা৷ আচলতে টনা নহয়৷ ঠেলাহে৷ ভলুকা বাঁহৰ মজবুত
কাঁতৰিডালৰ এফালে পাঁচজন, আনফালে
পাঁচজন মানুহে ঠেলে৷ কেতিয়াবা মানুহৰ সংখ্যাটো কম হ’লেও কথা নাই, গাত ভীমৰ বল হ’লেই হ’ল৷
শালৰ ভীমবোৰ ঘূৰে৷ তাৰ চেপাত দোমোন জোখৰ টৌত ৰসবোৰ চৌ চৌৱাই পৰে৷ কি উছাহ! কিমান
যে উছাহ! দুপৰ আৰু ভাটিবেলা কেতিয়া পাৰ হয় খবৰেই নেথাকে৷ শালত কুঁহিয়াৰ মৰা
মানুহটোৰ একেবাৰে সন্ধি নাথাকে৷ সন্ধিয়ালৈ ৰসে ফলাহি ভৰে৷
এঘৰৰ কুঁহিয়াৰ পেৰিবলৈ কেইবাঘৰৰো একোজনকৈ মানুহ আহে৷ হাজিৰা, পাৰিশ্ৰমিক নালাগে৷ ইঘৰে
সিঘৰক গা সলাই খাতি দিয়ে৷ কলপটুৱাৰ খোলৰ বাও চপচপীয়াকৈ ন-গুৰৰ খোল একোটা শালত ধৰি
সহায় কৰা কেইজনৰ ঘৰে ঘৰে দি আহিলেই হ’ল৷ গাঁৱৰ মাৰ বা আত্মীয়ৰ মাৰ বোলা ধাৰণাটো
এতিয়া সাধু হ’লেও তেতিয়া বাস্তৱ আছিল৷ কাৰোবাৰ নতুনকৈ সজা ঘৰ চাবলৈ গঞাৰ ঘৰমূলি
একোজন আহে৷ এই ঘৰচোৱা মানে ওপৰৰ চালিত খেৰ মেলি বান্ধি-কুন্ধি পাঁচ-ছবছৰলৈ
ৰ’দ-বৰষুণ বান্ধি থৈ যোৱা৷ মাথোঁ চাহপানী বাতি, জলপান এবাতিতে দিনটোৰ পৰিশ্ৰমৰ অন্ত পৰে৷ কাৰণ সিঘৰেও এদিন ঘৰ চাবলৈ
ইঘৰক মাতিব৷ লাওটো চিটিয়ালে ওচৰঘৰীয়া কেইঘৰলে আঁটে৷ একোৱেই অকলে খোৱা নেযায়৷ ‘গাই
গোটে পেটে ভঁৰাল’– নাই কেতিয়াও নহ’ব৷ আনৰ দুখলৈ চোৱাটোৱেই জীৱন৷ খাবলৈ নেপায়
কোনোবা গঞা লঘোনত মৰিব? সেয়া
কেনেকৈ হ’ব৷
মিছা খোৱাৰ উচাহটো শৈশৱত আছিল বুলিয়েই ডাঙৰত এলাগী হ’বনে? কিছুমান তৃপ্তিয়ে বয়স
নেমানে৷ প্ৰবীণহঁতৰ কুহিয়াৰ-শাললৈ গধূলিও এপাক মাৰিব লাগিব৷ দেৱতাৰ প্ৰসাদভাগো
কাঞ্চাই দিয়াৰ কথা৷ পুস্পধৰে কথাটো ভাবিলে৷ কুহিয়াৰ পেৰা সামৰি বাহিৰে বাহিৰে
গৰুকেইটা পথাৰৰ পৰা আনিবলৈ যাওঁতে বিদ্যাধৰৰ ঘৰৰ আগেদি যোৱাটোকে সি ঠিক কৰিলে৷
চোতাল পাৰ হৈ পাছফালৰ পথাৰলৈ ওলোৱা হাবিতলীয়া লুংলুঙীয়া বাটেৰে
যাওঁতে পুস্পধৰে বিদ্যাধৰৰ মুখামুখি হৈ ফুচ্ফুচাই ক’লে–
: গধূলি প্ৰৱীণহঁতৰ কুঁহিয়াৰশাললৈ আহিবিচোন৷ ভাল সিদ্ধি এভাগ আনি
থৈছোঁ৷ শ্ৰীৰামপুৰীয়া মোহনী৷
মোহনী মানে ভাঙৰ ব্ৰেণ্ড৷ বিদেশী৷ আমাৰ গাঁওবোৰত তেতিয়া দুটা
ব্ৰেণ্ডৰ চলতি৷ এটা স্থানীয়ভাৱে হোৱা, যাৰ চোক কম৷ সেইটো জংঘলী৷ আনটো মোহনী– শ্ৰীৰামপুৰৰপৰা অহা৷ জ্বাল
বেছি৷
: মই নেযাওঁ নেকি?
তাই আকৌ এইবোৰ খোৱাটো বেয়া পায়৷ জানইতো বিয়াৰ এমাহ হৈছেহে৷ অকণমান
হকা-বাধা মানি চলাটো ভাল৷ এইকেইদিন এবিধ মুখত দিয়া নাই৷
: হেৰৌ তোৰ গোত্ৰ কি? শিৱ নহয় জানো৷ দেৱ প্ৰসাদক আওকাণ কৰিব নেপায়৷ আমিতো মদ-গাহৰি খাবলৈ
নেযাওঁ৷ দেৱৰ প্ৰসাদহে খাওঁ৷ তাকো মহাদেৱৰ প্ৰসাদ৷ আনফালে আমি মহাদেৱৰপৰাই হোৱা–
শিৱগোত্ৰ৷
: হ’ব বাৰু৷ যাম দে৷
প্ৰথমতে হেহোঁনেহোঁ কৰি বিদ্যাধৰ সতকাই সৈমান হোৱাৰ আচল কাৰণ
অৱশ্যেই বেলেগ৷ তাৰ সৈতে জড়িত হৈ আছে কেশমতীৰ মিছা খোৱাৰ ইচ্চা৷ নৱদম্পতীয়ে নিজাকৈ
পোৱা ৰাতি এটাৰ উত্তেজক মুহূৰ্তত বিদ্যাধৰৰ ওঁঠত ওঁঠ থৈ তৃপ্ত কেশমতীয়ে
অস্পষ্টভাৱে ফুচ্ফুচাই কৈছিল,
: তোৰ ওঁঠ দুখন মিছাৰ নিচিনা মিঠা৷ মোৰ মিছা এটা খাবলৈ মন গৈছে৷
: সেইটোনো কি কথা?
গাঁওখনত কেইবাঘৰতো কুঁহিয়াৰ পেৰি আছে৷ আমাৰ কেইবানতো অহা সপ্তাহত হাত
দিব লাগিব৷ এটা কিয় দহোটা খাবলৈ পাবি৷ এতিয়া ওঁঠৰ সোৱাদেই মিছা৷ মিছাতকৈয়ো মিঠা৷
সেইটো আছিল মুখৰ ভাষাতকৈ শৰীৰভাষা অৰ্থৱহ হোৱাৰ মুহূৰ্ত৷ কেশমতী আৰু
বিদ্যাধৰৰ মন-শৰীৰ একীভূত হোৱাৰ মুহূৰ্ত৷
মিছা এটা ওঁঠৰ অমৃত৷ নহয়৷ সঁচা৷ সঁচা৷ সঁচাকৈয়ে কমনীয় ওঁঠত অমৃতৰ
সোৱাদ৷ কেশমতীক পত্নীৰূপে পাই তাৰ জীৱন সফল হৈছে৷ পুস্পধৰৰ অনুৰোধত সাউৎকৈ সহাৰি
দি সি খৰখোজে ভিতৰ সোমাল৷ এই আচিলাতে কেশমতীৰ ইচ্চাও পূৰ্ণ কৰিব পৰা হ’ব– সি
ভাবিলে৷
গুচি যোৱা বিদ্যাধৰলৈ পুস্পধৰে কেৰাহিকৈ চালে৷ এমাহমানৰপৰা তাৰ
খোজ-কাটল, চাল-চলন, ধৰণ-কৰণ সলনি হৈছে৷ নহ’বইনো
কিয়, গাঁৱৰ
আটাতকৈ ধুনীয়া ছোৱালীজনী– কেশমতীৰ গিৰীয়েক হ’বলৈ তাৰ ভাগ্য ফুলিছে৷ বিয়া হোৱাৰ এমাহো হোৱা নাই, তাক চাগৈ
তাই এনে সুখ প্ৰদান কৰিছে যাৰ ফল তাৰ চকুৱে-মুখে, কামে-কাজে ফুটি উঠিছে৷
হাবিখন পাৰ হৈ গৰুকেইটাৰ ওচৰ পোৱালৈকে কেশমতীৰ ডাঠ ঘন চুলিতলীয়া বগা
সুগোল মুখখন পুস্পধৰৰ চকুৰ আগত ভাহি থাকিল৷ কাণিমুনি সন্ধিয়া দূৰৈৰ এন্ধাৰৰ মাজতো
সি তাইৰ মুখখনকে যেন দেখা পালে৷ তাৰ ঘৰৰ মূধচতো সেই একেখন মুখ? ধেৎ সেইটো চোন চতুৰ্দশীৰ
জোনহে৷ নিজৰ মূৰটোতে থাপৰ এটা মাৰি পুস্পধৰ আগবাঢ়িল৷
এসময়ত সেইখন মুখত চুমা এটা খোৱাৰ সপোনে তাক শুবলৈ নিদিছিল৷ উজাগৰ
ৰাতি পাছ চোতালত কাঁহী-বাটি ধুবলৈ আহোঁতে সেই মুখখন ওচৰৰপৰা চাওঁ বুলি সি জোপোহাৰ
মাজত লুকাই আছিলগৈ৷ কিমান ৰাতি ঘূমটি ভাঙি টোপনিত গাৰু সাবটি সি কেশমতীৰ সৈতে শুই
থকাৰ কল্পনা কৰিছিল৷ নাই তাই তাৰ ভাগ্যতে নাছিল৷
মাঘৰ শেষ৷ জাৰ কমা নাই৷ ৰাতিৰ পৰে পৰে পকা পাত সৰুৱাই বতাহ
এছাটিয়ে এড়ী কাপোৰৰ উম ফালি ছালত হাত ফুৰায়৷ গাটো সিৰসিৰাই যায়৷ ঘৰে ঘৰে জুহাল৷
তথাপি কেতিয়াবা জালিগাঁতৰ কাষত বহি উম ল’বলৈ ভাল৷ সৰিয়হ কটালিৰ জুই থাওকতে জ্বলে
যদিও উতাপ ভাল৷ চেদ-ভেদ নোহোৱাকৈ জুইলৈ দলিয়াই থাকিলে ভৌভৌৱাই জ্বলে৷ গুৰ সোনকালে
বান্ধে৷ পিছে জালিগাঁতৰ কাষত এড়ীকাপোৰ লৈ বহিলে ধোঁৱাই গোটেইখন ক’লা কৰে৷ তাৰ
উপকাৰো নোহোৱা নহয়, সেইখন
ধুবলৈ আন খাৰ বা চাবোন নালাগে৷ কটালি জ্বলা ধোঁৱাই খাৰৰ কাম কৰে৷
সি শাস্ত্ৰ-ভাগৱত বৰকৈ পঢ়া নাই৷ শুনিছেহে৷ গাঁৱৰ সকামে-নিকামে৷ বহুত
শুনিছে৷ বহু আখ্যান শুনি-শুনি তাৰ মনত ৰৈ গৈছে৷ শুনিছে সিবোৰৰ ব্যাখ্যাও৷ নানাজনৰ
মুখত৷ কেতিয়াবা আখ্যানবোৰ একে৷ কেতিয়াবা তফাৎ লগা৷ দেৱ-দেৱীৰ বৃত্তান্তচোন
মানুহতকৈও ৰহইচ্ উঠা৷ দেৱতাৰ কাম-কাজো কেতিয়াবা মানুহতকৈ অধইচ৷ মহাদেৱৰো দুৰ্বলতা
নোহোৱা নহয়, তথাপি
দেৱতাবোৰৰ ভিতৰত তাৰ শিৱকে বেছি ভাল লাগে৷ ভাল লাগে মনুষ্যলৈ তেওঁ থৈ যোৱা চিলিমৰ
প্ৰসাদভাগি৷
বাপেক মৰোঁতে পুৰোহিতে শ্ৰাদ্ধ-বিধি কৰোঁতে তাক ‘শিৱ গোত্ৰস্য’ বুলিছিল৷ মন্ত্ৰত বাৰ বাৰ উচ্চাৰণ কৰিছিল৷ এৰা সিহঁতৰো উৎপত্তি হেনো শিৱৰপৰা৷ আশুতোষ নে কি? অলপতে সন্তুষ্ট হোৱাজন৷ বিষয়-বাসনাৰ প্ৰতি লোভ নথকাজন৷ পিছে সিহে মহাদেৱৰ গুণ ল’ব নোৱাৰিলে৷ লোভ তাৰ থাকি গ’ল৷ মোহৰ বাবেই খাৱন-বোৱন, অভাৱ-অনাটন নাথাকিও সি অসুখী৷ তাৰ মনৰ মানুহজনী আজি আনৰ পাটীৰ তিৰোতা৷
কিন্তু তাক সুখী কৰিবলৈ প্ৰভুৱে যেন থৈ গ’ল ঈশ্বৰৰ প্ৰসাদভাগি৷
ব’মভোলা হোৱাৰ এটাই সুবিধা– চিলিমটো আৰু ধোঁৱাকণ৷ সেইকণত মুখ দি কি যে তৃপ্তি৷ কোনে সাঁথৰ
সাজিছিল– ‘ভঙুৱাই ভাং খায় / খায় গুৰু শপত, দীঘলকৈ সোহা মাৰে / ঘৈণীৰ ফোপত৷’ শুনিবলৈ
বেয়া, পিছে
অৰ্থটো বুজিলে চমৎকাৰ৷ চিলিমটোত যে ৰঙা ফটাকানি এখন মেৰিয়াই লয় সেইখন তিৰোতাই পিন্ধা
কানিসদৃশ নহ’ল জানো? এৰা কোনে
জানো চিন্তা কৰি পায়– চিলিমটো মানে ঘৈণী? ভিতৰি ভিতৰি সি হাঁহিটো ৰখাব নোৱৰা হয়৷
কথাবোৰত লক্ষেশ্বৰ পাঠেকে কেতিয়াবা আউল লগায়৷ বলোৰামৰ ঘৰৰ ভঙুৱা
সকামটোত নিজে নাম-গুণ গাই প্ৰসাদ বিতৰণৰ আগত সমজুৱাকৈ আগবঢ়াই দিয়া চিলিমটোত হাত
নিদি তেওঁ ব্যাখ্যা কৰিছিল– শিৱই চিলিম হোঁপাৰ কথা কোনখন শাস্ত্ৰত পায়? মূলবোৰত নাই৷ অসমীয়া লেখকে, অসমীয়া নিচাৱলাইহে হেনো
ঈশ্বৰক এইবোৰ কামত লগাই লৈছে৷ সঁচা-মিছা সি একো নাজানে৷ কিন্তু প্ৰভুৱে ভাং নাখায়
বুলি ক’লেচোন বিপদেই হ’ব৷ আবকাৰীয়ে মন্দিৰবোৰতো খেপ মাৰিব৷
নাই৷ নাই৷ এইবোৰ পাঠেকে মনে সাজি কোৱা কথা৷ আমাৰ ভীম চৰিততকৈ আৰু
ডাঙৰ শাস্ত্ৰ কিবা থাকিব পাৰেনে?
কথাবোৰ ভাবি সি মন তাপৰে৷
হওঁতে কথাটো মন কৰিবলগীয়া৷ ভোলা বাবাৰ মন্দিৰবোৰ বাটে-পথে৷ প্ৰথমতে
কোনোবা আঁহত এজোপাৰ তলত এনেয়ে এগচি চাকি জ্বলিব৷ পাছত ফুল-তুলসী-সেন্দূৰো পৰিব৷
পাছত এডাল ত্ৰিশূল৷ তাৰ আগত ৰঙা চিটকাণি এখন৷ তাৰ পাছত ওপৰত এখন চালি৷ পাছলৈ বেৰ৷
পিছলৈ এটা মন্দিৰ৷ তাত শিৱলিংগ৷ মন্দিৰ মানেই ভক্তৰ অহা-যোৱা৷ চিলমটো মুখত লোৱাৰ
পাৰ্মিচন পোৱা৷
ছকঠীয়া এড়ীকাপোৰখন গাত মেৰিয়াই পুষ্কধৰ সন্ধিয়াতে গৈ প্ৰৱীণহঁতৰ
কুঁহিয়াৰশাল পালেগৈ৷ বাকীবোৰ ঘৰাঘৰি গ’ল৷ প্ৰৱীণ আৰু তাৰ সাত বছৰীয়া ল’ৰাটোহে আছে৷
গুৰ হ’বৰ সময়ত কোনোবা কোনোবা আহিব৷ বিশেষকৈ গজেন গায়ন৷ ৰসৰ পাগটো অকণমান দেৰি
হ’লেই গুৰ ধমনা হ’ব৷ আগতীয়া হ’লে লেওলিয়া হ’ব৷ খামুচিয়াকৈ ৰাখিবলৈ হ’লে সময় জানিব
লাগিব৷ ফেলাইৰ বাওৰ কাষৰপৰা ওলোৱা ফেনকণ উতলা গুৰৰ মাজলৈ গৈ গৈ নাইকীয়া হোৱাৰ
সময়কণ চিনি পাব লাগিব৷ সেয়া চিনাত তেওঁ পাকৈত৷
জালিগাঁতত জুই দিয়াৰ বেছিপৰ হোৱা নাই৷ প্ৰৱীণৰ ল’ৰাটোৱে বুজন বুজন
তিনিটা মিছা সাজি থৈছে৷ জালিগাঁতৰ কাষত গোটাই থোৱো কটালিবোৰ জুইলৈ মৰাত সি বাপেকৰ
সৈতে লাচনি-পাচনিৰ কাম কৰিছে৷ তাৰ মানুহজনীয়ে গুৰ দি বনোৱা চকোৱা চাউলৰ পায়স এখিনি
আৰু ৰঙা চাহ এক কেট্লি দি গৈছেহি৷
পুষ্পধৰৰ উৎকণ্ঠাৰ অন্ত পেলাই এসময়ত বিদ্যাধৰো আহিল৷ পোনচাটেই
প্ৰৱীণৰ ল’ৰাটোৰ কাষ চাপি সি যাবৰ পৰত মিছা এটা লৈ যোৱাৰ চুক্তি কৰি ল’লে৷ সৰু
ল’ৰাটোকে অলপ সময়ৰ বাবে জালি-গাঁতত কটালি মাৰিবলৈ দি প্ৰৱীণো উঠি আহিল৷ তিনিওটা
কুঁহিয়াৰশালৰ কাষৰীয়াকৈ সজা চালিখনৰ তলত বহিল৷ পুষ্পধৰে সাউৎকৈ খোচনিৰপৰা মোহনী
ভাঙৰ টোপোলাটো উলিয়ালে৷ সি ঘৰতে কুটনাত কুটি-বাচি ঠিক কৰি আনিছে৷ গজেন গায়ন আৰু
প্ৰৱীণৰ বাপেক অহাৰ আগেয়ে হোঁপা মাৰি শেষ কৰিব লাগিব৷ দেৱৰ প্ৰসাদ হ’লেও খোৱাৰ
ব্যৱস্থাটো ইমান মুকলিমূৰীয়া নহয়৷ হাজাৰ হওক নিচাত ঢাকোন লাগিবই৷ সিহঁতে বাবাৰ সিদ্ধিভাগ
লুকাই-চুৰকৈ ধৰে বুলি আটায়ে জানে যদিও ডাঙৰ-সৰুৰ সন্মানো বৰ্তাই চলে৷ কাৰোবাৰ ঘৰৰ ভঙুৱা
সকামতো চিলিম চলোৱা শাৰীত নবহে সিহঁত৷
হাত বাগৰাই তিনিওটাই চিলিমেৰে ধোঁৱা টানি তৃপ্তি ল’লে৷ লগতে ন-গুৰ
আৰু জহা চাউলৰ পায়স আৰু জালুক মিহলি চাহপানী একোবাটিয়ে দিয়া আনন্দত
তিনিওটা মজি ৰ’ল৷ হঠাৎ বিদ্যাধৰে উপলব্ধি কৰিলে তাৰ মনটো, গাটো কেনেবা কেনেবা লাগি আহিছে৷
আগতে সি প্ৰায় নিয়মীয়াকৈ সিদ্ধিভাগ লৈছিল যদিও কেশমতীক আপোন কৰি ল’বৰপৰা, তাইৰ শাসন আৰু হকা-বাধাত
সেইবিধ এৰি দিয়াৰ নিচিনাই৷ আজিতো গুৰৰ পাগশালীলৈ আহিবলৈ তাৰ মন নাছিল৷ নিজৰ
কুঁহিয়াৰ পেৰালৈ বাকী থকাত কেশমতীৰ বাবে মিছাটো নিয়াৰ প্ৰয়োজনেহে তাক আহিবলৈ বাধ্য
কৰালে৷ পুষ্পধৰে বাৰে বাৰে জনোৱা আহ্বানৰ কথাটোও আছিল৷ সিদ্ধিভাগৰ লোভেও তাক হাতবাউল
দিছিল নেকি? নিজৰে তাৰ অসহায় অসহায় লাগিল৷
অৱশ্যে প্ৰৱীণহঁতৰ শাললৈ এপাক অহাটো এক প্ৰকাৰে তাৰ কৰ্তব্যও আছিল৷ কুঁহিয়াৰ
পেৰিবলৈ মতাৰ পাছত দিনততো লাগি দিব নোৱাৰিলেই, ৰাতিলৈকে পাক এটা নামাৰিলে নহ’ব বুলি
সি ভাবিয়ে আছিল৷ তাৰ নিজৰ কুঁহিয়াৰ কেইবান পেৰাৰ সময়ত শালখনতো লাগিব৷ লাগিব মানুহো৷
সেয়ে সি আহি ওলালাহি৷ পুষ্পধৰৰ
নিমন্ত্ৰণৰ প্ৰতি তাৰ আগ্ৰহ একেবাৰে নাছিল৷ চিলিমত প্ৰথম হোঁপাটো মাৰিয়েই
কিবা আখজা লগাত সি কৈছিল–
: বস্তুবিধৰ সোৱাদটো কিবা কেনেবা কেনেবা লাগিছে দেখোন৷ আগেয়ে খোৱাৰ সৈতে মিলা নাই৷
: একদম নিভাঁজ বস্তু৷ তাতে নিচা বাঢ়িবলৈ বুলি কিবা পাওদাৰ দিয়া হেনো! ম’হখুঁটিত আহি বিক্ৰী কৰা নেপালী যোগনিয়াৰটোৱে কৈছিল৷ নিচাৰ জালো বেছি৷
পুস্পধৰে তৃতীয়বাৰলৈ আগবঢ়াই দিয়া চিলিমটো হাতেৰে নুচুই বিদ্যাধৰে
কৈছিল–
: মই নোৱাৰিছোঁ অ’৷ মূৰটো কিবা ঘূৰোৱা যেন লাগিছে৷
তেনেতে প্ৰৱীণৰ বাপেক আহি ওলাইছিলহি৷ লগত গজেন গায়ন৷ তিনিওটাই খোলা
ভাঙি আহি কামত লাগিছিল৷ প্ৰৱীণে কটালি মৰা আৰু বাকী দুয়োটাই কাষৰীয়াকৈ গোটাই থোৱা
কটালিৰ মুঠা কেইটামান ফেলাহীৰ কাষ চপাই আনিছিল৷
এসময়ত কাষৰপৰা ওলোৱা ফেনকণ ফটক্ ফটক্কৈ ফুটা গুৰৰ ৰসৰ মাজ
পাইছিলহি৷ কাণমাৰিডাল ফেলাহীৰ কণাৰি দুডালৰ মাজেৰে সুমুৱাই বাপেকৰ সৈতে চিপ মাৰি
সেইখন চালিখনৰ তললৈ নি প্ৰৱীণে ঘোলনী মাৰিৰে ঘুটিবলৈ আৰম্ভ কৰিছিল৷ ফেলাহীখন উঠাই
নিয়াৰ পাছত জুইৰ তাপ ভালকৈ লওঁ বুলি পুষ্পধৰ জালিগাঁতৰ কাষ চাপিল৷ আঁতৰত জলকা লাগি
বহি থকা বিদ্যাধকো সি কাষলৈ মাতিলে৷ দুই-দিনিবাৰ মতাৰ পাছতো কুৰুং-কাৰাং নকৰাত বিদ্যাধৰৰ বাউসী দুটাত ধৰি জালিগাঁতৰ কাষলৈ আনিলে সি৷ ইতিমধ্যে প্ৰৱীণৰ ল’ৰাটোৱে ফেলাহিৰ কণাৰিত
বান্ধি থোৱা মিছাটো নমাই চেঁচা কৰি কেইডোখৰমান ৰসাল ডাবৰি পটুৱা এখনত আনি সিহঁত
দুটাৰ মাজতে থৈ গৈছিলহি৷
তাৰে এডাল চুপি থাকোঁতে বিদ্যাধৰে উপলব্ধি কৰিলে তাৰ যেন টোপনি
আহিছে৷ চকু দুটা মুদ খাই আহিছে৷ জুইকুৰাও অস্পষ্ট যেন লাগিছে৷ মনটো উৰুৱাই উৰুৱাই
নিছে৷ মানুহটোকো যেন হাতত ধৰি সাধুকথাৰ পৰীয়ে আকাশলৈ উৰুৱাই নিছে৷ সি উৰিছে৷ উৰিব
নোৱৰা হৈছে৷ এজনী পাখিলগা পৰীয়ে এখন হাতত ধৰি তাক লৈ গৈছে৷ সেয়া ডাৱৰৰ পৃথিৱী৷
এজাক মানুহ ডাৱৰৰ ওপৰেদি খোজকাঢ়ি আহিছে৷ সুন্দৰ সাজ-সজ্জা৷ ছোৱালীবোৰৰ গাত
বিহুৱতীৰ সাজ৷ মুনিহবোৰৰ গাত বিহুৱা সাজ৷ সেয়া হুঁচৰি৷ দেৱতাৰ ঘৰত হুচৰি৷ তাত
ধুনীয়াকৈ কঁকাল ভাঙি নাচি থকাজনী তাৰ কেশমতী৷ তাই তাক কাষলৈ মাতিছে৷ তাৰ হাতত
ধৰিছে৷ তাক উৰুৱাই নি আন এচপৰা ডাৱৰত পৰিছেগৈ৷
কাষত কোনো নাই৷ দুই-এচপৰা ডাৱৰ৷ দূৰৈত ডাৱৰৰ সৈতে লুকা-ভাকু খেলা
জোনটো৷ কেশমতীয়ে তাক থোৰালি ভোলৰ নিচিনা বাহু দুটাৰে মেৰাই ধৰিছে৷ তাৰ ওঁঠলৈ
আগবাঢ়ি আহিছে তাইৰ ওঁঠ৷ তাইৰ চুলিকোছাই দুয়োটাৰে মুখ দুখন ঢাকি পেলাইছে৷ চুলিৰ
এন্ধাৰ আঁতৰাই কাষলৈ চাওঁতে সি দেখিছে কোনোবা এটা সিহঁতৰ ফাললৈ আগবাঢ়ি আহিছে৷ কোন? কোন? চিনা যেন লাগিছে৷ পুষ্পধৰ? সি ইয়াত! হুঁচৰিলৈতো সি অহা
নাছিল৷ তেন্তে?
পুষ্পধৰ কাষ চাপি আহিছে৷ কেশমতীৰ বাহুবন্ধনৰ পৰা মুকলি হ’বলৈ সি যত্ন
কৰিছে৷ নাই, তাইৰ উশাহ ঘন৷ বন্ধন দৃঢ়৷ বন্ধুৰ আগত সি ধৰা পৰি গৈছে৷ তাত আচৰিত
হ’বলগা একো নাই৷ কিন্তু ক্ৰমান্বয়ে কাষ চাপি অহা পুস্পধৰক তাৰ অচিনাকি যেন লাগিছে৷
তাৰ চাল-চলনত যেন কিবা অস্থিৰতা৷ জোনৰ পোহৰতে অকণমান মণিব পাৰিছে– তাৰ চকুত কিবা
যেন হিংস্ৰতা৷ আক্ৰমণৰ ভংগী৷ সি যদি দুয়োটাকে ঠেলা মাৰি তললৈ পেলাই দিয়ে!
কোনোৱে তৰ্কিবই নোৱাৰিলে৷ হঠাৎ এটা বিকট চিঞৰে বাঁহনিখনকে ধৰি চৌপাশ চক্ খুৱাই তুলিলে৷ শালখনৰ কাষৰীয়াকৈ থকা কলনি পৰা ধপ্ধপাই কেইটামান বাদুলি উৰি গ’ল৷ ৰাতিৰ নিশ্চুপ কাষৰীয়া গাঁওখনো ৰজন্জনাই উঠিল৷
: কোন পৰিল? জালিগাঁতত
কোন পৰিল? শালত থকা
সকলোৱে আটাহ পাৰিলে৷ দৌৰাদৌৰি উচ্পিচ লাগিল৷
জালিগাঁতৰ তপত হালধীয়া জুইৰ মাজত মৰণকাতৰ চিঞৰ কেইটামান মাৰি কক্বকাই
থকা বিদ্যাধৰক কেনেকৈ তোলা যায়?
’ হাতখন দে৷ হাতখন দে৷
প্ৰৱীণৰ চিঞৰত সঁহাৰি দিবলৈকো বিদ্যাধৰৰ হুঁচ নাছিল৷ জীয়াজুয়ে তাৰ
দেহাটো তল ফালৰ পৰা ক্ৰমে ক্ৰমে পুৰি আনিছে৷ গাত লৈ থকা এড়ী কাপোৰখনো জ্বলিছে৷ সেইখন আঁতৰাবলৈ
সি প্ৰাণপনে চেষ্টা কৰিছে৷ জালিগাঁতৰ পাৰত ধৰি বগুৱা বাই উঠি আহিবলৈকো সামৰ্থ্য হেৰুৱাইছে সি৷ জ্বলি উঠা কাপোৰখনেৰে মানুহটোও এটা অগ্নিপিণ্ড হৈ উঠিছে৷
পোৰা গোন্ধ৷ কাপোৰ পোৰা গোন্ধ৷ চুলি পোৰা গোন্ধ৷ মাংস পোৰা গোন্ধ৷
: কি কৰা যায়? কি কৰা
যায়৷ গুৰ চেঁচা হ’বলৈ ঘুটি থকা জাকৈখনৰ বাওটোৰ দৰে তিনিকোণীয়া নাল লগা
ঘোলনী-মাৰিডালকে তাৰ মূৰত সুমুুৱাই প্ৰৱীণৰ বাপেকে বিদ্যাধৰক জালিগাঁতটোৰপৰা
উঠাবলৈ যত্ন কৰিলে৷ মৰণত শৰণ দি গজেন আৰু পুষ্পধৰে তাৰ হাত দুখনত থপিয়াই ধৰি
যেতিয়া তাক ওপৰলৈ তুলি আনিলে তেতিয়ালৈ তাৰ ডিঙিৰ চিঞৰ স্বৰহীন গেঙনিলৈ ৰূপান্তৰিত
হৈছে৷
দাউদাউকৈ জ্বলা মেজি এটাৰপৰা উলিয়াই অনা খৰিডালৰ দৰে তাৰ গাৰ কাপোৰ
জ্বলিয়েই আছিল৷ শালত থকা কলহটোৰ গোটেই পানীখিনি ঢলি দিয়াৰ পাছত জুই নুমাল যদিও
তেতিয়ালৈ তাৰ মাত নাছিল৷ ৰৈ ৰৈ শৰীৰটোৱে একোটা জিকাৰ মাৰি আছিল৷ ঘটনাটো
তৎক্ষণাতে গাঁওখনত বিয়পি পৰাত গোটেই গাঁওখন উধাতু খাই আহিছিল৷ আৰু কেশমতী? কলপাতত শুৱাই থোৱা
বিদ্যাধৰক তাই চিনিব পৰা নাছিল৷ এঙাৰৰ দৰে ক’লা পৰা শৰীৰ এটা৷ সেয়া যে তাইৰ
মানুহটো চিনাৰ উপায়েই নাছিল৷ তাই মাথোঁ বলিয়াৰ দৰে চিঞৰিছিল৷ কিবা এটা কৰ৷
মানুহটোক কিবা এটা কৰ৷ মোৰ মানুহটোক কেনেবাকৈ বচাহঁক৷
ৰাতি ৰাতি চেগ বুজি পালপাতি অহা বতাহজাকে বিদ্যাধৰৰ গাৰ কাষত ৰখা
চাকিটো যেন ফু মাৰিহে নুমুৱাইহে দিছিল৷ তাৰ নাকত তেতিয়া নিশাহ নাছিল৷ তাৰ আগেয়ে পুষ্পধৰ
ৰাতিৰ এন্ধাৰৰ সৈতে মিলি গৈছিল৷
ঠিকনা :
সহযোগী অধ্যাপক
অসমীয়া বিভাগ
নাজিৰা মহাবিদ্যালয়