পুলিন কলিতা
(১)
: ঈগল নেকি? প্ৰশ্নটো কৰিছিল ভগীৰথে।
: নহয় নহয়-ঈগল নহয়।
ঈগলৰ দৰেই, কিন্তু ৰং সম্পূৰ্ণ নীলা। ডাৱৰ নাথাকিলে আকাশৰ ৰঙৰ সৈতে মিলি থাকে।-নিজৰ
স্থিতি স্পষ্ট কৰিলে টেনজুনে।
জাহ্নৱীৰ পাৰ এৰি
অহাৰ কিছুদিন হ’ল ভগীৰথৰ। এতিয়া তাৰ ঠিকনা অলকানন্দাৰ পাৰ। অলকানন্দাই এতিয়াও জাহ্নৱীক
লগ পোৱা নাই। এয়া “বদ্ৰী কা আশ্ৰম”, এই অলকানন্দাৰ পাৰত এদিন ধ্যানত বহিছিল বিষ্ণু; তেওঁক ৰ’দৰ তাপৰ পৰা ৰক্ষা কৰিবলৈ নিজেই বদ্ৰী গছ হৈ পৰিছিল তেওঁৰ পত্নী লক্ষ্মী-
সেই বাবেই এইখন বদ্ৰীৰ আশ্ৰম। ইয়াৰ অৰণ্য বদ্ৰীৰ
অৰণ্য; ইয়াত সেয়ে আছে বদ্ৰীনাথ। এই বদ্ৰীনাথৰে মন্দিৰৰপৰা দূৰৱৰ্তী এটা আপাত নিৰ্জন
ঘাটত বহি আছে ভগীৰথ। বহু সময় ধৰি। ৰ’দৰ উষ্ণতা আৰু নৈৰ পানীৰ শীতলতাক সংযোগ কৰিছে ৰিব
ৰিব হিমেল বতাহে। মোহনীয় কাব্যিক পৰিৱেশ। এই পৰিবেশে ভগীৰথৰ কৰ্ণকুহৰলৈ বোৱাই আনিছে
মিঠা কিন্তু সোঁৱৰণিদগ্ধ এটি গান :
নিৰ্জনতাই দিবনে মোক
নিৰ্জনতাই ক’বনে মোক
নিৰ্জনতাই যাবনে শুনাই জীৱনৰ হেৰোৱা গীত...
ভগীৰথে বুজিব খোজে
অলকানন্দাক। অলকানন্দাৰ বুকুত কিয় নিজক বিলীন কৰি দিলে জাহ্নৱীয়ে, নিজস্ব অস্তিত্ব
লৈ কিয় বৈ নগ’ল , সেয়া সি জানিব খোজে। আচলতে সি বুজিব খোজে অলকক। তাৰ তুলনাত অলকৰ গ্ৰহণযোগ্যতা
জাহ্নৱীৰ বাবে কোনখিনিত বেছি হ’ল, সি বুজিব খোজে।
তাৰ কাণত আজিও বাজি আছে জাহ্নবীয়ে অলকৰ বিষয়ে কোৱা কথাখিনি : আপোনাক মই শ্ৰদ্ধা
কৰো। আগতেও কৈছোঁ, মোক বন্ধ পুখুৰীৰপৰা বৈ
থকা নদী কৰিছিল আপুনি। তাৰ বাবে মই আজীৱন কৃতজ্ঞ হৈ থাকিম আপোনাৰ ওচৰত। কিন্ত্ত আপোনাৰ
বাবে ৰৈ ৰৈ অকলশৰে গোটেই জীৱনটো কটাব নোৱাৰোঁ। মই কাৰোবাৰ ঘাটত উঠিব খোজোঁ। মোৰ বাবে
অলক সেই ঘাটটো।
: কিন্তু তুমিতো
কাৰো ঘাটত উঠাৰ কথা নাছিল? তেনে কথাতো আমাৰ
মাজত হোৱা নাছিল কেতিয়াও? কথা আছিল তুমি বৈ থাকিবা, তোমাৰ বৈ যোৱাৰ পথ আজীৱন দেখুৱাম মই। জাহ্নৱী আৰু
ভগীৰথৰ মাজৰ চুক্তিতো এনেকুৱাহে আছিল? -এয়া তাৰ কথা ।
: চুক্তিবোৰ পৰিস্থিতিসাপেক্ষ।
চুক্তিবোৰ কৰা হয় পৰিবৰ্তিত পৰিস্থিতিত এদিন ভংগ কৰিবলৈকে ।- জাহ্নৱীৰ গহীন উত্তৰ ।
: আৰু শুনক, ভগীৰথৰ
বুকুত জাহ্নবী জাহ যোৱা নাছিল। ভগীৰথৰ আশ্ৰয়ত বৈ গৈছিল জাহ্নৱী আৰু মিলি গৈছিল অলকানন্দাৰ
বুকুত। এই মিলন নহ’লে জাহ্নৱী জানো গংগা হ’ব পাৰিলেহেঁতেন?
জাহ্নৱীৰ সৈতে এয়াই
আছিল শেষ কথা । তাৰ পাছত তাৰ সৈতে সকলো ভাৰ্চুৱেল যোগাযোগ বন্ধ কৰি দিছিল জাহ্নৱীয়ে
। ভাৰ্চুৱেল পৃথিৱীৰ পৰা তাৰ ওচৰলৈ অহা জাহ্নৱী হেৰাই গৈছিল সেই ভাৰ্চুৱেল পৃথিৱীতে ।
পাৰে পাৰে ইমান দিন-মাহ
ঘূৰি ঘূৰিও ভগীৰথে বুজিব নোৱাৰিলে এই জাহ্নৱী
নামৰ নৈখনক। বৰ জটিল মনোজগত জাহ্নৱীৰ। বহু গিৰিশৃংগৰ জলধাৰা, বহু হিমবাহৰ জলস্ৰোত নিজৰ
মাজত লৈ, শিল ভাঙি বৈ অহা নৈ জাহ্নৱী । জটিল জীৱন, কঠিন অন্তৰ্জগত। সেই বাবেই সি উপস্থিত হৈছিলহি অলকানন্দাৰ
পাৰত । সি বুজিব খোজে অলকানন্দাক। অলকক।
জাহ্নৱীৰ সোঁততকৈ
ধীৰ অলকানন্দাৰ সোঁত। সেই অলকানন্দাৰ পানীত ভৰি জুবুৰিয়াই পাৰৰ এচটা শিলত বহি আছে ভগীৰথ।
তাৰ দুভৰিত অলকানন্দাৰ শীতল স্পৰ্শ, শৰীৰত কোমল বতাহৰ মৃদু পৰশ; কাণত শিলে শিলে ঠেকা
খোৱা নদীৰ গান...
তেতিয়াই, নিচেই ওচৰতে
হোৱা কথোপকথনৰ টুকুৰা এটাই কাণত খুন্দিয়ালে ভগীৰথৰ।
: You must have
to go there to see the blue bird.
মূৰটো সামান্য ঘূৰাই
কথোপকথনৰ উৎসলৈ চালে ভগীৰথে। তাৰ ঠিক পাছফালেই তিনিচটা শিলত বহি তিনিগৰাকী মানুহ। দুগৰাকী
বিদেশী। সম্ভৱতঃ দম্পতী। তাৰ দৰেই দুয়োকে বনে-জংঘলে ঘূৰি ফুৰি থকা এই কেইদিন দেখি আছে
ভগীৰথে। তৃতীয় গৰাকী এজন স্থানীয় যুৱক। সদায়ে দেখে ভগীৰথে। বাইক এখনত ভালেমান বস্তা
বান্ধি সদায়ে পুৱা উপস্থিত হয় বদ্ৰীত। বস্তাবোৰত বিভিন্ন পাচলি থাকে। দিনটোত কেইবাবাৰো
যুৱকজনক দেখে ভগীৰথে। বিভিন্ন পৰ্যটকৰ লগত। হয়তো গাঁৱৰপৰা পাচলি আনি পুৱাই ইয়াত বেপাৰীক
বা হোটেল-পৰ্যটন নিবাসত দি বাকীখিনি সময় “গাইড”ৰ কাম কৰে আৰু সন্ধিয়া গাঁৱলৈ উভতি যায়।
ইয়াৰ ওচৰ-পাঁজৰৰ গাঁওবিলাক এই বদ্ৰী কা আশ্ৰমক নিৰ্ভৰ কৰিয়েই জীয়াই আছে। কোনোবাই পাচলি
যোগান ধৰিছে; কোনোবাই হোটেল-পৰ্যটন নিবাসত ইটো-সিটো কৰিছে; আন কোনোবাই টুৰিষ্ট গাইডৰ
কাম কৰিছে। এই যুৱকজনেও সম্ভৱত কোনো ঠাইলৈ পৰ্যটক টনাৰ চেষ্টা কৰিছে।
এৰা, পেটৰ দায়ত মানুহে যে কি কি নকৰিব লগীয়া কাম কৰিবলৈ
বাধ্য হয়!
: No no, they
are divine birds. They never make any nests, they just come flying from
nowhere, cleans the bank of Satopanth lake and vanishes in the sky.
বাহ নবন্ধা, হ্ৰদৰ পাৰ পৰিষ্কাৰ কৰা আৰু নিমিষতে আকাশত নাইকিয়া
হৈ যোৱা স্বৰ্গীয় চৰাই? নীলা চৰাই? সি যি কৰি আছে, সেয়া জানো নীলা চৰাই বিচৰাৰ নামান্তৰ
নহয়? এই হিমগিৰিৰ কোনোটো হ্ৰদৰ পাৰলৈ সঁচাকৈয়ে
যদি আহে এজনী নীলা চৰাই, তাক বিচাৰি যোৱাত ক্ষতি কি? ভগীৰথে যুৱকজনক প্ৰস্তাৱ দিলে যে বিদেশী দম্পতীটো
যাওঁক-নাযাওক, সি নীলা চৰাই চাবলৈ যাবই।
মানা উপত্যকাত থাকে
এই নীলা চৰাই।
যুৱকজনৰ সৈতে অলকানন্দাৰ
বুকুৰ পৰা উঠি আহোতে ভগীৰথৰ মনৰ মাজত গুণ্ গুণাই উঠিছিল এটা প্ৰাচীন বিয়া নামৰ সুৰ
: নীলা চৰাই অ’ নীলা চৰাই/ চিৰদিন কান্দিলেও ৰাখোঁতা নাই...
(২)
মণিভদ্ৰপুৰত, সৰস্বতী
নৈৰ পাৰৰ এটা গুহাত ৰৈ আছিল ব্যাসদেৱ । “মহাভাৰত” লিখাৰ কাম শেষ হৈ আহিছে। নিজে এই
মহাকাব্য লিখা নাই ব্যাসদেৱে ; তেওঁ শ্ৰুতি দিছে, তেওঁৰ শ্ৰুতি লৈ লিখি গৈছে গণেশদেৱে
। আজি লিখাৰ কাম বন্ধ ৰাখিছে ব্যাসদেৱে; কাৰণ আজি এই ঠাই পাবহি দ্ৰৌপদীসহ তেওঁৰ প্ৰপৌত্ৰ
পাণ্ডৱসকল। স্বৰ্গাৰোহণৰ উদ্দেশ্যে। প্ৰপিতামহৰ আশীৰ্বাদ ল’ব আটায়ে; তাৰ পাছত সৰস্বতী
নৈ পাৰ হৈ সৌ নীলা হ্ৰদটোলৈ নামি যাব ।তাত আটায়ে পৰিত্যাগ কৰিব মানৱী বস্ত্ৰ আৰু জীৱন
জুৰি অৰ্জিত সমস্ত পাপ। ইয়াৰ পৰাহে পাণ্ডুপুত্র আৰু পাঞ্চালকন্যাই প্ৰকৃত স্বৰ্গপথত খোজ দিব।
কাহিনীৰ পাতনি দীঘলীয়াকৈয়ে
তৰিছে টেনজুনে। টেনজুন শ্বেৰ্পাই। বদ্ৰী কা আশ্ৰমত, অলকানন্দাৰ পাৰত ভগীৰথে লগ পোৱা
যুৱকজনে। আশ্ৰমৰ পৰা চাৰি কিলোমিটাৰমান ওপৰত, হিমগিৰিৰ বুকুত, সৰস্বতী নৈৰ পাৰত ঘৰ
টেনজুনৰ। এই গাঁৱৰ নাম মানা গাঁও। মানা গিৰিপথত, মানা উপত্যকাৰ বুকুত শুই থকা এখন নিৰ্জু
গাঁও। তিব্বতৰ সীমান্তত এই পথেৰে এইখন হ’ল শেষ ভাৰতীয় গাঁও। ইয়াৰ সিপাৰে কি আছে নাজানে
টেনজুনে। মানা গাঁৱৰ বেছি ভাগেই নাজানে সিপাৰে কি আছে। কিন্ত্ত সৌ নীলা হ্ৰদটোৰ কথা
জানে। সৰস্বতী নৈত থকা ভীমপুলৰ কথা জানে। ব্যাস গুহা আৰু ব্যাসপুথিৰ কথা জানে। এইখন
নৈত সদায়ে স্নান কৰিছিল ব্যাসদেৱে।এইটো ব্যাসগুহাতে বহি গণেশদেৱক শ্ৰুতি দি বিশাল মহাভাৰত
লিখিছিল ব্যাসদেৱে। সেই পুথি শিলা হৈ সৌ এতিয়াও পূণ্য বিলাই আছে এই গাঁৱত। আৰু ভীমপুল? খৰস্ৰোতা আৰু শিলুৱা নৈ সৰস্বতী পাৰ হ’বলৈ দ্ৰৌপদীৰ
অসুবিধা নহ’বলৈকে দ্বিতীয় পাণ্ডৱ ভীমে হিমগিৰিৰ
বুকুৰপৰা এচটা শিল খহাই আনি নৈৰ ওপৰত সাজি দিছিল এই দলং!
: মানৱীয় বস্ত্র
ত্যাগৰ কথাটো বাৰু বুজিলো। স্বৰ্গত নিশ্চয় মানৱীয় বস্ত্ৰৰ প্ৰয়োজন নাই। কিন্ত্ত পাপ
ত্যাগৰ কথাটোহে নুবুজিলো। পাঞ্চালী-পাণ্ডৱৰ পাপ? আজীৱন শ্ৰীকৃষ্ণৰ সান্নিধ্যত থকাসকলৰ
পাপ? -প্ৰশ্ন ভগীৰথৰ।
: ইমান গভীৰ কথা
মই বুজি নাপাওঁ। সিমানৰ মানুহ মই নহয়। কিন্ত্ত, সাধাৰণ জ্ঞানৰপৰা এইখিনি বুজি পাওঁ
যে মানুহে নিজে নজনাকৈ কৰা পাপৰ সংখ্যাও তেনেই কম নহয়!-ক’লে টেনজুনে।
: আমি সতোপন্থলৈ
যাম কেতিয়া? নীলা চৰাইবোৰ চাবলৈ যে মই উদ্গ্ৰীৱ হৈ আছো।-প্ৰসংগ সলাই ক’লে ভগীৰথে।
: সতোপন্থলৈ আমি
যেতিয়াই তেতিয়াই যাব পাৰো। অৱশ্যে নীলা চৰাই দেখিবলৈ পোৱাটো ইমান সহজ নহয়। কাৰণ সতোপন্থলৈ
নীলা চৰাই যেতিয়াই তেতিয়াই নাহে।
: কেতিয়া আহে নীলা
চৰাই?
: যেতিয়া কোনোবাই
লেতেৰা কৰে সতোপন্থৰ পাৰ। -দাৰ্শনিকভাৱে কথাষাৰ ক’লে টেনজুনে।
সতোপন্থ হ্ৰদৰ পাৰ
সদায় পৰিষ্কাৰ হৈ থাকিব লাগিব। কাৰণ, কোনো বিশেষ ক্ষণত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ
একেলগে এই হ্ৰদলৈ আহিব স্নান কৰিবলৈ। তেওঁলোক কেতিয়া আহিব, আনহে নালাগে নীলা চৰায়েও নাজানে! গতিকেই নীলা চৰাই
প্ৰতিমুহূৰ্ত সতৰ্ক হৈ থাকে। কোনোবাই সতোপন্থৰ পাৰত কিবা পেলালেই আকাশৰ নীলাৰ বুকুত
হঠাৎ আৱিৰ্ভাব হয়, চোঁ মাৰি নামি আহে আৰু ঠোঁটেৰে পৰিষ্কাৰ কৰি পেলায় হ্ৰদৰ পাৰ।
: তুমি বাৰু কেতিয়াবা
হ্ৰদৰ পাৰত নীলা চৰাই দেখিছানে? -টেনজুনক সুধিলে ভগীৰথে।
: নাই দেখা।-টেনজুনৰ
চমু আৰু স্পষ্ট উত্তৰ।
হঠাৎ নিজকে প্ৰতাৰিত
অনুভৱ কৰিলে ভগীৰথে। আকৌ এবাৰ।
সিটো এজনী নীলা চৰাইৰে
সন্ধান কৰি ভ্ৰমি ফুৰিছে এই হিমগিৰিৰ বুকুত! ইটো গিৰিশৃংগৰপৰা সিটোলৈ, ইখন নৈৰ পাৰৰপৰা
সিখনৰ পাৰলৈ ঘূৰি ফুৰিছে এজনী নীলা চৰাইৰে সন্ধানত! সেই নীলা চৰাইৰ নাম জাহ্নৱী। তাৰ
দুবাহুৰ বান্ধোন ছিঙি হেৰাই গৈছে যি অলকানন্দাৰ বুকুত।
হঠাৎ তাৰ মনত এটা
কণ্ঠ গমগমাই উঠিল : I know that you are looking for the Blue Bird, that is to
say, the great secret of things and of happiness, so that man may make our servitude still harder .
চঁক খাই উঠিল ভগীৰথ।
এইটোচোন ‘দি ব্লু বাৰ্ড’ নাটকৰ সংলাপ। নীলা চৰাই বিচাৰি হাবিলৈ যোৱা তিলতিল আৰু মিতিলক
কৈছিল ওক গছজোপাই। ভগীৰথৰ মনত পৰিল, সি সেই নাটকখনত ওক গছ হৈছিল। সেই ওক গছ, যি আশ্ৰয়
দিছিল নীলা চৰাইবোৰক। “মানুহ”ৰপৰা ৰক্ষা কৰিবলৈ! তাৰ মনত পৰিল, তিলতিল আৰু মিতিলক হাবিলৈ
বাট দেখুৱাই নিছিল সিহঁতৰ পোহনীয়া কুকুৰটোৱে। কি নাম আছিল বাৰু কুকুৰটোৰ? ভগীৰথে মনত পেলাব নোৱাৰিলে!
: আপুনি জানেনে জাহ্নৱী
নৈৰ উৎসটো সৌ টিলাটোৰ সিপাৰৰ এটা গ্লেচিয়াৰ? - কাহিনীৰ বুকুৰপৰা হঠাৎ বাস্তৱলৈ টানি
আনি ভগীৰথক উদ্দেশ্যি প্ৰশ্ন কৰিলে টেনজুনে।
হিমগিৰিৰ বুকুত কিমান
আশ্চৰ্যই বাট চাই আছে তালৈ! ভাবিলে ভগীৰথে। কোন সুদূৰত সি এৰি আহিছে জাহ্নৱীক। অলকানন্দাৰ
লগত মিলিত হ’বলৈ। জাহ্নৱীক মুক্তমনে ব’বলৈ দিবৰ বাবেই সি গুচি আহিছিল অলকানন্দাৰ পাৰলৈ।
তাত সি শুনা পালে নীলা চৰাইৰ কাহিনী এটা। সেই নীলা চৰাইৰ সন্ধানত আহি উপস্থিত হোৱা
মানা গাঁৱতো তাক লগ এৰা দিয়া নাই জাহ্নৱীয়ে।
: এই ঠাইত নৈখনৰ
নাম পিছে জাহ্নৱী নহয়, ঝড়গংগাহে। ইয়াৰ শৃংগবোৰৰ প্ৰত্যেকটোৱেই কোনো নহয় কোনোবাটো নদীৰ
উৎস।-ক’লে টেনজুনে।
ঝড়গংগা, জাহ্নৱী,
ভাগিৰথী গংগা। একেখনেই নদী। ঠাই বেলেগ নাম বেলেগ। নদীখনো বেলেগনে? নিজকে প্ৰশ্ন কৰিলে ভগীৰথে। জাহ্নৱী নামটো নদীখনৰ
মধ্যৱৰ্তী এটা অংশৰহে পৰিচয়। ওপৰে-তলে ইচোন গংগাই! তেন্তে জাহ্নৱী কি এক ভাবনা মাত্র
? নিজৰ বুলিবলৈ একো নাই জাহ্নৱীৰ? মাথোন আনৰ গাত হেলান দিয়েই জাহ্নৱীয়ে ধৰি ৰাখে নিজৰ
অস্তিত্ব?
: তেওঁ আছিল মোৰ
বাইদেউৰ গৃহ শিক্ষক। সপ্তাহত দুদিনকৈ বাইদেউক পঢ়ুৱাবলৈ অহাৰ বন্দোবস্ত হৈছিল। পিছে
সেই বন্দোবস্ত বেছি দিন কাৰ্যকৰী নহ’ল।-এদিন তাক কৈছিল জাহ্নৱীয়ে।
: কিয়, কি হৈছিল?
-ভগীৰথৰ প্ৰশ্ন।
: বাইদেউক পঢ়াই
থকাৰ মাজতে তেওঁক চাহ-পানী ময়েই দিছিলোঁ। লাহে লাহে দেখিলোঁ, সপ্তাহত তিনিদিন, আনকি
চাৰিদিনো আমাৰ ঘৰলৈ আহিবলৈ ল’লে তেওঁ!
: বাইদেউৰাৰ প্ৰেমত পৰিল হ’বলা?
: মই ক্লাছ এইট পাইছোঁহে
তেতিয়া। প্ৰেম-প্ৰীতিৰ বিষয়ত মোৰ জ্ঞান আৰু আগ্ৰহ দুয়োটাই শূন্য আছিল। তেওঁ পিছে বাইদেউৰ
বাবে নহয়, মোৰ বাবেহে আহিছিল!
: ইমান সৰু ছোৱালীজনীৰ
বাবে?
: কৈছোৱেই নহয়, এই
বিষয়ত মোৰ জ্ঞান আৰু আগ্ৰহ আছিল শূন্য। কিন্ত্ত কথাটো মায়ে ধৰিব পাৰিছিল।
: কিনো কৰিছিল তেওঁ?
: বাইদেউক পঢ়ুৱাই
থাকোঁতে পানীৰ পিয়াহ লাগি থাকিছিল। মই বাৰে বাৰে পানী দিবগৈ লাগিছিল। জাহ্নৱীৰ মুখত
হাঁহি এটা জিলিকিল। সেই ট্ৰে’ডমাৰ্ক হাঁহিটো, তলৰ ওঁঠখন সামান্য তললৈ বেঁকা হৈ গ’ল,
গালত দুটা টোল পৰিল আৰু ফিককৈ সৰু শব্দ এটা হ’ল।
: হাঁহিলা যে? -সি
সুধিলে।
: এদিন তেওঁ অহাৰ
আগতেই মস্ত জাৰ এটা গিলাছ এটাৰ সৈতে টেবুলত থৈ আহিলোঁ। সিদিনা তেওঁ বাইদেউক নপঢ়ালেই,
আহিয়ে গুচি গ’ল। কেইবা দিনলৈ নাহিলেই। জাহ্নৱীৰ ওঁঠত আকৌ ট্ৰে’ডমাৰ্ক হাঁহি।
: তাৰ পাছত?
: তাৰ পাছত বাইদেৱে
কলেজ পাছ কৰি বিশ্ববিদ্যালয়ো সামৰিলে। চাকৰি পালে। বিয়াও ঠিক হ’ল। তেওঁ আহি থাকিল।
আৰু এদিন সেই ঘটনাটো ঘটিল।-জাহ্নৱী হঠাৎ গহীন আৰু নীৰৱ হ’ল। বেছ গুৰুত্বপূৰ্ণ কথা কোৱাৰ
প্ৰস্তুতি হিচাপে জাহ্নৱী এনেদৰে গহীন আৰু নীৰৱ হৈ পৰে। ভগীৰথে জানে, আৰু সেইবাবেই
এইবাৰ কোনো প্ৰশ্ন নকৰিলে।
বিয়াৰ ৰাতি। দৰা
আহিছে। চোতালত দিয়া ৰভাতলীত খদমদম, উথপথপ। কইনাৰ সৰু ভনীয়েক হিচাপে জাহ্নৱীৰ কামো বেছি,
গুৰুত্বও বেছি। তাৰ মাজতে ছাৰে জাহ্নৱীক এইফালে আহাঁচোন বুলি মাতি লৈ গ’ল ; কোঠা এটাত
সুমুৱাই ল’লে। ঘৰটোৰ এটা মূৰে সেইটো জাহ্নৱীৰে পঢ়া কোঠা। ভিতৰত সুমুৱাই লৈ ছাৰে কোঠাৰ
দুৱাৰখনত খিলি লগাই দিলে আৰু দুহাতৰ বন্ধনত লৈ জাহ্নৱীৰ গালে-মুখে চুমা খাবলৈ আৰম্ভ
কৰি দিলে। চুমাৰ আতিশয্য ক্ৰমাৎ বাঢ়ি গ’ল। জাহ্নৱীয়ে অনুভৱ কৰিলে- এখন এখনকৈ তাই হেৰুৱাই
আহিছে শৰীৰৰ বস্ত্ৰ। সকলো বস্ত্ৰ হেৰুওৱাৰ পাছত কঠিন কিবা এটা তাইৰ ভিতৰলৈ সোমাই আহিল।
এয়াতো ধুমুহা। ধু-মু--হা। ধুমুহাত ছাৰ নামৰ গছজোপা এসময়ত ঢলি পৰিল তাইৰ বুকুতে। বৰ
কষ্টেৰে গছজোপা গাৰ ওপৰৰপৰা আঁতৰালে জাহ্নৱীয়ে। কাপোৰবোৰ যথাস্থানত যিমান পাৰি দ্ৰুততাৰে
সুমুৱাই ল’লে।
: আপুনি পৰিস্থিতিটো
ভাবি চাওক। চোতালত এচোতাল মানুহ। বাইদেউৰ বিয়া। সেই পৰিস্থিতিত নিজক যদি ধৰ্ষণৰ বলি
হ’বলৈ এৰি নিদিওঁ, ছাৰৰ সৈতে দবৰা-দবৰি কৰো বা সহায় বিচাৰি চিঞৰো, বিয়াখন হ’বগৈনে?
মোৰ জীৱনটো বাৰু জহন্নামলৈ যাবই, বাইদেউৰ জীৱনটোও নৰক নহ’বনে? সমাজে শাস্তি কাক দিব
: ছাৰক নে মোক-বাইদেউক? - অত বছৰৰ গোপনীয়তা ভঙাৰ ক্লান্তিবিধ্বস্ত জাহ্নৱীয়ে কৈছিল
তাক।
: নাৰী-পুৰুষৰ এই
সম্পৰ্কৰ বিষয়ে মোৰ কোনো জ্ঞান নাছিল। এই বিষয়ে মই একোৱেই নাজানিছিলোঁ। গান গাইছিলো,
কবিতা আবৃত্তি-তৰ্ক কৰিছিলোঁ। সেইবোৰ কৰিবলৈ বিভিন্ন ঠাইলৈ গৈছিলোঁ। ছোৱালীবোৰ এইবোৰ
কৰিবলৈ নোলাইছিল; কাৰোবাক লগ ধৰিলে কৈছিল ল’ৰাৰ লগত যাবলৈ ভয় লাগে বুলি। ল’ৰাক কিয়
ভয় লাগে ছোৱালীবোৰৰ, মই বুজি নাপাইছিলোঁ। সিদিনা পালোঁ।
: আচলতে, আপোনাক
পোৱাৰ আগলৈ যৌনতা মোৰ বাবে ভয়ঙ্কৰ কাম আছিল। মাৰ বাবেই বিয়া হৈছিলোঁ। বিয়াৰ ৰাতি মানুহজনৰ
লগত শুবলৈ গৈছিলোঁ সেইটো নিয়ম বুলিয়েই। বাধ্য আছিলো তেনে কৰিবলৈ। সন্ধিয়াৰপৰাই পিন্ধি
থকা গধুৰ কাপোৰসাজ সলাই গা ধুই কোঠাত সোমাওঁতে ৰাতি এক বাজিছিল। ৰাতিৰ বাকীখিনি সময়
মই শুবলৈ পোৱা নাছিলোঁ। স্বামীৰ ৰূপ লৈ ছাৰেই
উভতি আহিছিল। যৌনতা যে আনন্দদায়ক হ’ব পাৰে, সেই অভিজ্ঞতা আপোনাৰপৰাই পাইছিলোঁ।অথচ অভিসাৰৰ
কোনো প্ৰস্তাৱ আপুনি মোক দিয়া নাছিল। এদিনো। মই নিজেই আপোনাৰ ওচৰলৈ গৈছিলোঁ। মোৰ ঘৰত
আপোনাৰ প্ৰথম ৰাতিটোত, আপুনি গা ধুই বাথৰূমৰপৰা ওলাওঁতেই আপোনাক সাবটি ধৰিছিলোঁ, ৰাতিটো আমাৰ হ’ব বুলি কৈছিলোঁ, -সেই সকলোবোৰ স্বতস্ফূৰ্ত আছিল...
(৩)
Your pride has
built a wall
So strong that
I can’t get through
If we go again
all the way from the start
I would try to
change the things
That killed our
love
Is there really
no chance to start again?
I will be
loving you...
মোবাইলত বাজিছিল
জাহ্নৱী হেৰিছনৰ গীত। তাকে শুনি শুনি সতোপন্থৰ পাৰত থিয় হৈছেহি ভগীৰথ। একবিংশ শতিকাৰ
ভগীৰথ। নীলা চৰাই বিচাৰি, অলকানন্দাৰ মনৰ তলি বিচাৰি। তিনিচুকীয়া হ্ৰদটোৰ পূব পাৰে
মানা গাঁও; গাঁওখনৰপৰা আহিলে সেয়ে পূবপাৰটোকে প্ৰথম পোৱা যায়। টেণ্ট এটা তৰি লৈছে ভগীৰথে।
এইটো মহাদেৱৰ পাৰ। ইয়াত থিয় হৈ পশ্চিম মুৱাকৈ চালে বাঁওফালে ব্ৰহ্মাৰ আৰু সোঁফালে বিষ্ণুৰ
পাৰ। এই পাৰবোৰতো বহু কেইটা টেণ্ট। বিভিন্ন যন্ত্ৰ লৈ এইবোৰত বহুত লোক। এই বোৰেৰে এই
মানুহবোৰে কিবা পৰীক্ষা, কিবা জোখ-মাপ কৰে। দিনটো জুৰি। মাজে-সময়ে এই মানুহবোৰ ভগীৰথৰ
ওচৰলৈকো আহে। কথা পাতে। টেনজুনৰ কৌতূহল হয়,
টেনজুন আচৰিত হয়।
: সৌটো কি? -সোণবৰণীয়া শৃংগ এটালৈ আঙুলিয়াই টেনজুনক
সুধিলে ভগীৰথে।
: সেই শৃংগটোৱেইতো
ভগীৰথ খৰক মানে গ্লেচিয়াৰ। অলকানন্দাৰ উৎস। -ক’লে টেনজুনে।
: ভগীৰথ? অলকানন্দাৰ
উৎস? মানে অলকানন্দাৰ আৰম্ভণিতো ভগীৰথ? কি
আশ্চৰ্য!
: চাহাব, আমাৰ বিশ্বাস
যে নীলা চৰাইবোৰ সেই খৰকটোৰ বৰফত গাঁত খান্দি বাস কৰে আৰু খাদ্যৰ সন্ধানত এই হ্ৰদৰ
পাৰলৈ আহে।-টেনজুনে ক’লে।
: নীলা চৰাই সঁচাকৈ
আছে? সিহঁতে বাহ বান্ধে? তুমিতো অন্য ধৰণে কৈছিলা? প্ৰশ্নৰ উপৰি প্ৰশ্ন ভগীৰথৰ।
হাঁহিলে টেনজুনে।
ক’লে, চাহাব, কাহিনী নক’লে, কাহিনীত অলৌকিকতা সানি নিদিলে কোন পৰ্যটক এই মানা গাঁৱলৈ
আহিব, কওকচোন? আপুনিয়ে জানো মায়াবী চৰাই বিচাৰি
ইয়ালৈ অহা নাই?
নীলা চৰাই বাস্তৱত
আছে, সিহঁত থাকে ভগীৰথ নামৰ সৌ সোণবৰণীয়া হিমবাহটোৰ বৰফৰ স্তুপত গাঁত খান্দি! অলকানন্দাৰ
উৎস ভগীৰথ? নীলা চৰাই-অলকানন্দা-ভগীৰথ! ভগীৰথ-
নীলা চৰাই- অলকানন্দা! কিবা এটা সমাধান ওলাই আহিছে, ওলাব খুজিছে। কি সেই সমাধান, যাক দেখিছে অথচ ভ্ৰমৰ কুৱঁলীত সোমাই আছে সি? তিলতিল
আৰু মিতিলে যেনেকৈ ভ্ৰমৰ কুৱঁলীত দেখা পাইছিল নীলা চৰাইক!
: চাহাব, এই পৃথিৱীখনত
তিলতিল আৰু মিটিলৰ সংখ্যা কম নহয়। নীলা চৰাই সকলোকে লাগে। কম আয়াসত সফল হ’ব খোজাৰ মানসিকতাই
হ’ল নীলা চৰাইৰ সন্ধান কৰাৰ বাস্তৱতা। আপুনিও তিলতিল-মিটিল।-এজন দাৰ্শনিক অথবা মনোবৈজ্ঞানিকৰ
দৰেই কৈ উঠিল টেনজুনে। সতোপন্থৰ পাৰত থিয় দিয়াৰ লগে লগেই দাৰ্শনিক হৈ গৈছে টেনজুন নামৰ
মানা গাঁৱৰ পাচলি বিক্ৰেতা আৰু টুৰিষ্ট গাইডজন।
: চাহাব, আপুনি অলকানন্দাক
বুজিব বিচাৰে। অলকানন্দাক বুজিবলৈ সতোপন্থৰ পাৰলৈ আপুনি আহিবই লাগিব। কাৰণ ইয়ালৈ আহিহে
আপুনি লগ পাব, আচলতে দেখা পাব ভগীৰথক। জাহ্নৱীৰ সৈতে অলকানন্দাৰ মিলন অবিহনে গংগাৰ
জন্ম সম্ভৱ নহয়। জাহ্নৱী অকলে গংগা হ’ব নোৱাৰে। গংগা অবিহনে আৰ্যৰ বাবে কৃষিকাৰ্য সম্ভৱ
নহয়। অনাৰ্য গোটবোৰৰ দৰে আৰ্যসকল পৰ্বতনিবাসী
হ’ব নোৱাৰে। আৰ্য নৃপতি ভগীৰথ বাধ্য আছিল প্ৰজাসকলক এখন নদী দিবলৈ। তাৰ বাবেই তেওঁৰ
হিমালয় গমন। তেওঁ জাহ্নৱী খান্দিলে। কিন্ত্ত জাহ্নৱী এটা সৰু নদী হ’ল। ফলত প্ৰয়োজনীয়
পৰিমাণৰ পানী ভগীৰথে নাপালে। তেতিয়াই আৰু এখন নদীৰ কথা ভাবিলে, যি জাহ্নৱীক গ্ৰহণ কৰিব
আৰু গংগা হ’ব। ভগীৰথ খৰকৰ বৰফ গলা পানীৰ নদী অামাৰ সৰস্বতী। এই সৰস্বতীয়ে কিছু তলত
গৈ নাম লৈছে অলকানন্দা। অলকানন্দা ভগীৰথৰে অন্যৰূপ, যি জাহ্নৱীক লগ পোৱাৰ পূৰ্বেই আত্মস্থ
কৰিছে ধৌলি, নন্দাকিনী, পিণ্ডাৰ আৰু মন্দাকিনীৰ শক্তিক।
সতোপন্থৰ পাৰত টেণ্টৰ
ভিতৰত প্ৰস্তৰ হৈ পৰিল ভগীৰথ। হ্ৰদয়ত গুণ্ গুণাই উঠিল ক্লছ মেইন : Your pride has
built a wall...
ভগীৰথৰ বুকুৰ বৰফৰ
ঘৰত থাকে নীলা চৰাই। ৰ’দ পৰিলেই গলিব গ্লেচিয়াৰৰ বৰফ। ভাঙি যাব নীলা চৰাইৰ ঘৰ। পানী
বৈ গৈ অলকানন্দা হ’ব, চৰাইবোৰ, নীলা চৰাইবোৰ উৰি আহি পৰিব এই হ্ৰদৰ পাৰত। সি ধৰি লৈ
যাব নীলা চৰাই এজনী।
(৪)
জৰীপ সম্পূৰ্ণ হৈছে
ভগীৰথৰ। মানা গাঁৱৰ ঠিক তলতে, সৰস্বতী নদীত এটা বান্ধ দিব পৰা যাব বুলি নিশ্চিত হৈছে
ভগীৰথ। ৰান অব দি ৰিভাৰ হ’ব এই বান্ধ। জমা পানী সতোপন্থলৈ উভতি আহিব নোৱৰাকৈ ইয়াত এখন
অতিৰিক্ত দেৱাল দিব লাগিব। পুৰাকালৰ ভগীৰথক প্ৰয়োজন হৈছিল বহুত পানীৰ। সেই বাবেই জাহ্নৱীৰ
সৈতে লগ লগাইছিল অলকানন্দাক। একৈছ শতিকাৰ ভগীৰথক লাগে কম পানী, অৱবাহিকাৰ বানৰ প্ৰাবল্য
হ্ৰাস কৰিবলৈ। সেই বাবেই অলকানন্দাৰ শক্তি কমোৱাৰ প্ৰয়োজন। ধৌলি, নন্দাকিনী, পিণ্ডাৰ
আৰু মন্দাকিনীতো একোটা বান্ধ দিব লাগিব। একপ্ৰকাৰ সিদ্ধান্তলৈ আহিল ভগীৰথ।
: কিন্ত্ত চাহাব,
আপুনি নীলা চৰাইহে বিচাৰি আহিছিল! মোৰ সৈতে সেই কথাহে হৈছিল আপোনাৰ।এতিয়া?--আতংকিত,সন্ত্রস্ত
টেনজুনে ভগীৰথক ক’লে।
: এতিয়াও মই নীলা
চৰাইৰ সন্ধানতে আছো। নদীত বান্ধ দি বিদ্যুৎ উৎপাদনৰ জৰিয়তে কোনো এখন ঠাইৰ উন্নয়ন যে
হ’ব বুলি ভাবো বা কওঁ আমি, সেয়া নীলা চৰাই বিচৰাৰ দৰেই নহয় জানো টেনজুন? - ভগীৰথে ক’লে।
: আৰু, তোমাৰ সৈতে
কি কথা হৈছিল মোৰ? তুমি কি কৈছিলা মোক ? এবিধ মায়াবী চৰাইৰ কথা, নহয়নে? আৰু, সতোপন্থৰ
পাৰত তুমি কি কৈছিলা? নীলা চৰাই সঁচাকৈয়ে আছে বুলি, নহয়নে? -ভগীৰথে টেনজুনক সুধিলে।তাৰ
পাছত অলপ ৰৈ প্ৰশ্নটোৰ উত্তৰ নিজেই দিব ধৰিলে- বাস্তৱ আৰু ভ্ৰমৰ মাজত থকা সেই নীলা
চৰাইজনীৰ নিয়তি আমিহে, তোমালোক নহয়। চৰাইজনী কেতিয়া ক’ত ওলাব, সেয়া আমিহে নিৰ্ধাৰণ
কৰিম, তোমালোকে নহয়!
: এয়া ধৰ্ষণ হ’ব
চাহাব, কুমাৰী প্ৰকৃতিক কৰা ধৰ্ষণ!-টেনজুনৰ
মন্তব্য।
কিন্ত্ত ইয়াত এটা
নদীবান্ধ হ’ব। হ’ব লাগিবই। তেহে অলকানন্দাৰ শক্তি কমিব। ছাৰৰ ৰূপ লৈ সি ধৰ্ষণ কৰিব
জাহ্নৱীক আৰু পাৰৰ বৰফাচ্ছাদিত অৰণ্যক। কুৰি তথা একৈছ শতিকাৰ যন্ত্র-সভ্যতাৰ বিকাশেই হৈছে কুমাৰী প্ৰকৃতিক
ধৰ্ষণৰ পথেদি। দৰাচলতে মানৱ সভ্যতা নামৰ বস্ত্তটোৱেই ধৰ্ষিতা কুমাৰী প্ৰকৃতিৰ জাৰজ
সন্তান।
: চাহাব, ইয়াত এনেকুৱা
দেৱাল দিলে আমাৰ গাঁওখন বুৰি যাব। ক’লৈ যাব আমাৰ মানুহবোৰ? কি কৰি খাব তেওঁলোকে। -হাহাকাৰ
কৰি উঠিল টেনজুন।
: তেওঁলোক নীলা চৰাইৰ
সাধু ক’বলৈ সৌ বদ্ৰীনাথলৈ নামি যাব টেনজুন। ভগীৰথৰ কঠোৰ উত্তৰ ।
ভ্ৰাম্যভাষ : ৮৬৩৮৪৫৮৭৪৮