অন্যযুগ/


ক্ষমা

যশোৱন্ত নিপুণ

  

ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব৷ কিন্তু সেইবোৰ অতীতৰ গৰিমাৰ কেৱল ছাঁটো হৈ কিবাকৈ খহি নপৰাকৈ থিয় হৈ আছিল মাত্ৰ৷ গতিকে বহুতক সোধা-মেলা কৰি তেওঁ কাঠখিনিৰ যোগাৰ কৰিছিল৷ কোনোবাই কৈছিল সেইবোৰ ভালকৈ শুকোৱা নাই৷ গতিকে ভাবি-চিন্তি ছমাহমান ৰ’ব খুজিছিল তেওঁ৷ অৱশেষত এবছৰ পাৰ হৈ যোৱাত মিস্ত্ৰী এজন ঠিক কৰিছিল৷ আচলতে তেওঁ নিজে ঠিক কৰা নাছিল৷ বহু আগতে এৰি অহা গাঁওখনৰ পুৰণি বন্ধু এজনৰ একে নগৰত থাকি কাম কৰা পুতেকেটোৱেহে মিস্ত্ৰীজনৰ খবৰ দিছিল৷ 

ঠাকুৰীয়াৰ একমাত্ৰ পুতেক বলেনে কথাটো প্ৰথমৰে পৰাই ভাল পোৱা নাছিল৷ সি কৈছিল - যি মেৰামতি কৰিব লাগে সিয়ে কৰাই দিব নহয়৷ সি সময় পোৱা নাই কাৰণেহে৷

তাৰ মতে পুৰণি অসম আৰ্হিৰ ঘৰটো ভাঙি দুমহলীয়া ঘৰ এটা সজোৱাটোহে ভাল কাম হ’ব৷ ওপৰৰ মহলাত দুটা ফ্লেট থাকিব৷ সেই দুটা ভাৰা দিয়া হ’ব৷ মাকে চিৰি বগাব নোৱাৰিবই, আৰু দেউতাকৰ কাৰণেও সেইটো টান হ’ব পাৰে৷ গতিকে তলৰ মহলাত মাক-দেউতাক থাকিব৷ 

নকুল ঠাকুৰীয়াই একো নক’লেও পুতেকৰ কথাটো তেওঁ বৰ এটা পছন্দ কৰা নাছিল৷ পুতেকেও ব্যৱসায়-সংক্ৰান্তীয় কামত পুৱাৰ পৰা ৰাতি ন-দহ বজালৈকে সদায়ে ব্যস্ত থাকে৷ গতিকে পুৰণি ঘৰটোৱে কিবাকৈ নিজকে বচাই থিয় হৈয়ে থাকিল৷ 

মিস্ত্ৰীজনে সেইদিনা পুৰণি দুৱাৰ-খিৰিকীবোৰৰ জোখ-মাখ লৈ থকা সময়তেই বলেনে কিবাকৈ খবৰ পাই আহি ওলাইছিল৷ “মই সকলো ঠিক কৰাই দিম বুলিছি কৈছিলোঁ নহয়৷ এইবিলাক আকৌ কিয় আৰম্ভ কৰিলা? এই বয়সত এইবিলাক চোৱা-মেলা কৰিব পাৰাঁ নেকি তুমি?”

ঠাকুৰীয়াই পুতেকক সেইবোৰ বৰ এটা চিন্তাৰ বিষয় নহয় বুলি বুজাবলৈ চেষ্টা কৰিছিল৷ কিন্তু পুতেকে তেওঁক এটা বাক্যও সম্পূৰ্ণ কৰিবলৈ দিলেহে তেওঁ বুজাব পাৰে৷

 “মই কিমান ব্যস্ত তোমালোকে জানাই৷ তথাপি এইবোৰ কৰি টেনশ্যন কিয় বঢ়োৱানো মোৰ? আৰু মিস্ত্ৰী ক’ত বিচাৰি পালা? মিস্ত্ৰী ভাল নহ’লে ইমান দামৰ কাঠ, সেই সকলোবোৰ নষ্ট কৰি পেলাব যে জানানে নাই?”

ওখ-পাখ, স্বাস্থ্যবান বলেনৰ মাতটো গলগলীয়া৷ সি কাকো খাতিৰ কৰা ধৰণৰ মানুহ নহয়৷ মিস্ত্ৰীজনে তাৰ কথাবোৰ শুনিব পাৰে বুলি নকুল ঠাকুৰীয়া মনে মনে সন্ত্ৰষ্ট হৈছিল৷ পিছে ঘূৰি যোৱাৰ সময়ত সি তেওঁৰ লগত সাধাৰণভাৱেই কথা পাতিছিল৷ বলেনৰ কথাবোৰ সি শুনা যেন লগা নাছিল৷ শুনিছিল যদিও সেই ধৰণৰ কথা শুনাৰ অভ্যাস কিজানি তাৰ আছিলেই। মিস্ত্ৰীজনৰ লগত সাত-আঠবছৰীয়া পুতেকটোও আছিল৷ সি খুব মনযোগেৰে ঠাকুৰীয়াৰ মুখলৈ চাই চাই মাজে মাজে লাজ লাজকৈ হাঁহিছিল৷ ঠাকুৰীয়াই নাম সুধিছিল৷ সি উপাধি-চুপাধি নলগোৱাকৈ তাৰ নামটো কৈ বাপেকৰ হাতত ধৰিছিলগৈ৷ 

তাৰ পাছত কামবোৰ মোটামুটি ভালে ভালেই আগবাঢ়ি গৈ আছিল৷ জয়ন্তীৰ লগত বা কেতিয়াবা বাহিৰৰ চোতালত বহি ঠাকুৰীয়াই সিহঁতৰ কাম-কাজবোৰ চাই থাকে৷ মিস্ত্ৰীজনৰ লগত আন এজন কম বয়সৰ ডেকা আহে৷ সি বৰ বেছি মাত-বোল নকৰাকৈ কাম কৰে৷ সৰু ল’ৰাটোৱে বাপেকৰ কামত কোনো দিগদাৰ নকৰাকৈ ইফালে-সিফালে ঘূৰাঘূৰি কৰি পাৰ কৰে গোটেইখিনি সময়৷ জয়ন্তীৰ লগত ভিতৰত ঠাকুৰীয়া বহি থাকিলে সি মাজে মাজে ভুমুকিয়াই চাই যায়৷ ল’ৰাটোৱে সদায় ফটা লেতেৰা চোলা পিন্ধি থাকে কাৰণে জয়ন্তীৰ বেয়া লাগিছিল৷ বলেনৰ ডাঙৰটো ল’ৰাৰ সৰু হৈ যোৱা বহুতো পুৰণি চোলা আলমাৰী এটাত ঠাঁহ খাই আছিল৷ জয়ন্তীয়ে তাৰে দুযোৰমান চোলা আৰু পেণ্ট ল’ৰাটোক দিছিল এদিন৷ পাছদিনাৰ পৰাই সি সেইবোৰকেই পিন্ধি আহিছিল৷

কাষৰে ওখ বিল্ডংটোৰ হৰেশ দত্তয়ো আহি কেতিয়াবা ঠাকুৰীয়াৰ লগতে বহি দুৱাৰ-খিৰিকীৰ কাম চাই চাই কথা পাতিছিল৷ এদিন তেওঁ কৈছিল - মিস্ত্ৰীজন বোলে দেখিবলৈ কিছু বলেনৰ দৰেই৷

  জয়ন্তীয়ে আজিকালি খুব লাহে লাহেহে কথা ক’ব পাৰে৷ সেইদিনা তেৱোঁ হৰেশ দত্তৰ কথাষাৰ সমৰ্থন কৰিছিল৷ তেওঁ বোলে প্ৰথম দিনাই কথাটো লক্ষ্য কৰিছিল৷ জয়ন্তীৰ মুখখনত এটা কৌতুকৰ হাঁহি বিৰিঙি উঠা দেখি ঠাকুৰীয়াৰ ভাল লাগিছিল৷ কেৱল বিছনা আৰু চকীখনতেই জীৱনটো কটাব লগা হোৱাৰ পাছৰে পৰা জয়ন্তীৰ মুখত এনে হাঁহি কাচিৎহে দেখা গৈছিল৷

ঠাকুৰীয়ায়ো তেতিয়াহে কথাটো টং কৰিছিল৷ মিস্ত্ৰীজন খীণ-মীন হ’লেও বলেনৰ দৰেই ওখ৷ অৱশ্যে সি বলেনৰ দৰে পোন হৈ নহয়, অলপ কুঁজা হৈ খোজ কাঢ়ে৷

কেতিয়াবা মিস্ত্ৰীজনৰ লগত ঠাকুৰীয়াই কথা পাতি থাকিলে সৰু ল’ৰাটোৱে জয়ন্তীৰ কাষত গৈ থিয় হয়গৈ৷ জয়ন্তীয়ে তাক লাহে লাহে কিবাকিবি সুধি থাকে৷ অৱশ্যে কি কথা সোধে সেইবোৰ ঠাকুৰীয়া বা মিস্ত্ৰীজনৰ কাণত নপৰেগৈ৷ ল’ৰাটোলৈ ঠাকুৰীয়াৰো মৰম লাগি আহিছিল৷ ল’ৰাটো অলপ বেঙা ধৰণৰ বুলি তেওঁ অনুমান কৰিছিল৷ অকাৰণতেই সি কেতিয়াবা ঠাকুৰীয়াৰ আৰু কেতিয়াবা জয়ন্তীৰ মুখলৈ চাই হাঁহিছিল৷ 

ভালে ভালেই কাম আধামান শেষ হৈছিল৷ পিছে হঠাতে এদিন বলেন বন্ধু এজনৰ লগত আহি ওলাইছিল৷ সি খুব খঙত আছিল৷ মিস্ত্ৰীজনক ডাবি মাৰি সুধিছিল - “জগত দাসৰ ঘৰৰ দুৱাৰ-খিৰিকীৰ কাম তই কৰিছিলি নে নাই?”

মিস্ত্ৰীজনে একো বুজি নাপাই থেৰোগেৰো কৰি উত্তৰ দিছিল, “হয়৷ কৰিছিলোঁ।”

“আৰু তই দুৱাৰ খিৰিকীবোৰৰ জইন মাৰিছিলি৷ এখন দুৱাৰো ভালকৈ মাৰিব নোৱাৰি৷ ইমান দামৰ কাঠ, আৰু তোৰ কাম হৈছে সেই৷”

“আচলতে দোষ মোৰ নহয় বাবু৷ ...”

“কাৰ দোষ তেনেহ’লে?” বলেনে গৰজি উঠিছিল৷ সি দেউতাকৰ ফালে মুখ ঘূৰাই, মিস্ত্ৰীজনৰ পিনে আঙুলি টোৱাই কৈছিল, “ইয়াৰ কাম একেবাৰে বেয়া৷ আজিয়ে খেদি দিয়াঁ৷ জগত দাসৰ ঘৰৰ এখন খিৰিকীৰো হুক ভালকৈ নালাগে৷”

“তেওঁৰ তক্তাখিনি কেঁচা আছিল৷ সেইকাৰণে ভাজ লাগি গ’ল৷ মই কৈছিলোঁৱেই বাবু, বোলে ...।”

“মনে মনে থাক৷ মোৰ ওপৰত কথা নক’বি তই৷” বলেনে ঢেৰেকনি মাৰিছিল৷

মিস্ত্ৰীজনৰ পুতেকে চকু দুটা বহলকৈ মেলি বলেনৰ মুখলৈ তধা লাগি চাই আছিল৷ বলেনে এইবাৰ তাৰ পিনে আঙুলি জোকাৰি হুংকাৰ দিলে, “আৰু ইয়াক লগত আন কিয় তই? ইয়াতে কাম কৰিবলৈ আহিছ নে ল’ৰা ৰাখিবলৈ আহিছ?”

ল’ৰাটোৱে ভয়ে ভয়ে বলেনৰ খঙাল মুখখনলৈ চাইছিল৷ তাৰ মুখত লাগি থকা হাঁহিটো কেতিয়াবাই মাৰ গৈছিল৷ যদিও ল’ৰাটো অলপ বেঙা  ধৰণৰ আছিল, তাক লৈ কিবা ডাঙৰ আপত্তি হোৱা বুলি সি ঠিকেই ধৰিব পাৰিছিল৷

“বাবু, ঘৰত তাক থৈ আহিব নোৱাৰোঁ৷ সি একো নাজানে। মাহীমাকে শেষ কৰি দিব তাক৷ সেই কাৰণেহে …৷” মিস্ত্ৰীজনে অসহায় সুৰত কাওবাও কৰি উত্তৰ দিছিল।

কিছু সময় তৰ্জন-গৰ্জন চলাই মিস্ত্ৰীজনে নতুনকৈ কৰা দুৱাৰ আৰু খিৰিকীৰ ফ্ৰেম আৰু পাল্লাবোৰ পৰীক্ষা কৰি বলেন তাৰ দোকানলৈ ঘূৰিছিল৷ সি এইবিলাক কাম নোহোৱা কথাত বেছি সময় কটাব পৰা মানুহ নহয়৷

মিস্ত্ৰীজনে বিৰস বদনে আহি নকুল ঠাকুৰীয়াৰ ওচৰত থিয় হৈছিল৷ তাৰ মুখখন ক’লা পৰি গৈছিল। কামটো হেৰুৱাব বুলি সি ভয় খাইছিল। সৰু পুতেকটোৱেও বাৰাণ্ডাত জুপুকা মাৰি বহি আছিল৷ ঠাকুৰীয়ায়ো গম পাইছিল, মিস্ত্ৰীজনৰ কাম বৰ ভাল নহয়৷ তেওঁ শুনা মতে মাহৰ আধা দিন তাৰ বহি বহিয়েই পাৰ কৰিব লগা হয়৷ তথাপি তেওঁ কৈছিল, “কাম আৰম্ভ কৰিছোঁ যেতিয়া শেষ কৰিবই লাগিব৷ চিন্তা নকৰিবা৷” আৰু মিস্ত্ৰীজন আশ্বস্ত হৈছিল৷

সন্ধিয়া ঠাকুৰীয়াই জয়ন্তীৰ লগত কথাটো আলোচনা কৰিছিল। মানে তেওঁ কৈ গৈছিল আৰু মাজে মাজে জয়ন্তীয়ে সৰুকৈ কিবা মন্তব্য কৰিছিল। শেহত জয়ন্তীয়ে সেই মিস্ত্ৰীজনেই কামটো শেষ কৰা ভাল হ’ব বুলি মত দিছিল৷

পিছদিনা তাৰ জোখতকৈ ডাঙৰ চোলা এটা পিন্ধা সৰু ল’ৰাটো ঘৰৰ বাৰাণ্ডাত মনে মনে বহি আছিল৷ ঠাকুৰীয়াই তাৰ কাষতে চকী এখন পাৰি বহি তাৰ মনটো মুকলি কৰিবলৈ মাজে মাজে এনেয়ে কিবাকিবি সুধিছিল। সি প্ৰায়বোৰ কথাৰেই ভালকৈ উত্তৰ দিব পৰা নাছিল৷

“তোমাৰ গাঁওখনৰ নামটো কোৱাঁচোন৷”

সি উত্তৰ দিছিল৷

তাৰ গাঁওখন চৌধুৰীয়ে খুব ভালকৈয়ে চিনি পায়৷ তেওঁৰ এৰি অহা সৰুকালৰ গাঁওখনৰ পৰা সাত-আঠ কিলোমিটাৰ দূৰৰ এখন গাঁও৷ ঠাকুৰীয়াৰ আলপ সন্দেহ হৈছিল৷ মিস্ত্ৰীজনক সোধোঁতে সি হাঁহি মূৰ দুপিয়াইছিল। কৈছিল, “আপোনাৰ গাঁও মই চিনি পাওঁ দিয়ক৷”

সি  বহুবাৰ ঠাকুৰীয়াৰ গাঁওলৈ গৈছেও৷ কামৰ কাৰণে সি ক’লৈকে যাব লগা নহয় আৰু !

“আপোনাৰ গাঁৱৰ ঘৰটোও দেখিছোঁ। সৰুতে সেইটোৰ আগেৰে কেইবাৰ গৈছোঁ হিচাপ নাই৷”

  সন্ধিয়া ঠাকুৰীয়াই জয়ন্তীক এই “নতুন” কথাটোও কৈছিল৷ জয়ন্তীয়ে শেঁতা হাঁহি এটা মাৰি কৈছিল, “মই জানো৷”

কেনেকৈ জানিছিল জয়ন্তীয়ে? কিজানি সৰু ল’ৰাটোক তেওঁ কথাটো ইতিমধ্যেই সুধিছিল৷ নাইবা তেওঁ মিস্ত্ৰীজনকো সুধিব পাৰে৷

পাহৰি যাব খোজা গাঁও এখনৰ নামটোৱে ঠাকুৰীয়াৰ মনত সেইদিনা গোটেই ৰাতি দোলা দি থাকিল৷ বহু বছৰৰ আগৰ এখন মুখে চৌধুৰীৰ ওচৰে-পাজৰে সঘনে ভুমুকিয়াই থাকিল৷ সেই সাত-আঠ কিল’মিটাৰ দূৰৰ গাঁওখনৰ পৰা সদায় পুৱাই খোজ কাঢ়ি আহি ওলাইছিলহি তৰা৷ তাইৰ তেতিয়া কিমান বয়স আছিল? কিজানি ত্ৰিছ-বত্ৰিছ৷ জয়ন্তীৰ বয়সৰেই আছিল তাই৷

তেতিয়া জয়ন্তীৰ ডাঙৰ অসুখ৷ তাই আগবেলাটো চোতালতে ৰ’দ লগাই বহিছিল৷ কেতিয়াবা ঠাকুৰীয়াই তাইক ধৰি ধৰি ভিতৰলৈ লৈ গৈছিল৷ বহুতেই খবৰ ল’বলৈ আহিছিল৷ আৰু বহুতেই “সকলো ঈশ্বৰৰ ইচ্ছা, যাৰ ভাগত যিখিনি চাউল আছে আৰু।” - এই ধৰণৰ কথাবোৰ কৈছিল৷

সেই দিনবোৰত তৰাই ঘৰখনৰ বহুখিনি আগুৰি ৰাখিছিল৷ কিবা বিশ্বাসেৰে তাই দৃঢ় সুৰত কৈছিল, “বাইদেউৰ ভাল হ’বই৷ ডাক্তৰেনো কি জানে !”

কিবা কাৰণত তাইৰ সেই কথাষাৰে ঠাকুৰীয়াক বৰ সাহস দিছিল৷ তাই কেতিয়াবা জয়ন্তীক ধৰি ধৰি ভিতৰলৈ নিছিল৷ ঠাকুৰীয়াই পিছপিনৰ পৰা চাই ৰৈছিল৷ নিজৰ ভনীয়েকক সাবটি ধৰাৰ দৰে তাইক সাবটি ধৰিছিল জয়ন্তীয়ে৷ জয়ন্তীৰ প্ৰায় সমানেই ওখ আছিল তৰা৷ মাত্ৰ অসুখটোৱে জয়ন্তীৰ শৰীৰটো ভাঙি আনিছিল৷ কিন্তু পুৰণি শাৰীখনেও তৰাৰ নিপোটল শৰীৰটোৰ সকলোখিনি ঢাকি ৰাখিব পৰা নাছিল৷

মাজতে আগতীয়াকৈ নজনোৱাকৈ দুদিনমানলৈ তৰা অহা নাছিল৷ সেই কেইদিন ঠাকুৰীয়াৰ বৰ কষ্ট হৈছিল৷ জয়ন্তীৰো ভাল লগা নাছিল৷ হাঁহিমুখীয়া তৰা আহিলে জয়ন্তীৰ ভাগৰুৱা মুখখনো উজলি উঠিছিল৷ আৰু তৰা থাকিলে ঠাকুৰীয়াৰো কিবা এটা ভাল লাগিছিল আৰু এটা সাহসো পাইছিল৷

ঠাকুৰীয়াই এদিন পুৱাই চাইকেল মাৰি তাইৰ ঘৰ ওলাইছিলগৈ৷ তৰাৰ আমন-জিমন মুখখন দেখি ঠাকুৰীয়া অলপ আচৰিত হৈছিল৷ সদায় হাঁহি থাকিব খোজা মুখখন কান্দো কান্দো হৈ আছিল৷ তাইৰ বোলে অলপ গা অসুখ কৰিছিল৷ সেই কাৰণেই তাই আহিব পৰা নাছিল৷ কিন্তু তাই যেন কিবা এটা কথা লুকুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল৷ খীন-মীন বেমাৰী যেন লগা গিৰীয়েকটোৱে বৰকৈ ধৰাত ঠাকুৰীয়াই চাহ খাই আহিব লগা হৈছিল৷ আটিল, সবল শৰীৰ আৰু ধুনীয়া তৰাৰ লগত গিৰীয়েকটোৰ অকণো মিল নাছিল৷ কি দেখি তৰা সেইটোলৈ আহিছিল? ঠাকুৰীয়া মনত কথাটো এটা সাঁথৰ যেন লাগিছিল৷ তৰাক কথাটো সুধিবৰ মন গৈছিল তেওঁৰ৷

তৰাৰ ঘৰৰ পৰা ওলাই চাইকেলত লাফ মাৰি উঠিব খোজোঁতেই ওচৰৰ বুঢ়ী এগৰাকীয়ে অলপ দূৰৰ পৰা তেওঁক মাতিছিল৷ ঠাকুৰীয়াই ওচৰলৈ গৈ বুঢ়ীৰ ফালে চাইছিল৷

“মানুহটো মহা বদমাচ৷” বুঢ়ীগৰাকীয়ে কৈছিল৷

কাৰ কথা কৈছিল তেওঁ?

বুঢ়ীগৰাকীয়ে ইফালে-সিফালে চাই চাই সৰু সৰুকৈ বুজাই কৈছিল৷ তৰাৰ গিৰীয়েকটো একো কাম-বন নকৰা মহা অকৰ্মণ্য এটা৷ তৰাৰ ওপৰতেই সি চলি থাকে৷ চ’কৰ দোকানত চাহ খাবলৈ, বিড়ি কিনিবলৈ, মাজে মাজে মদ খাবলৈ তৰাই তাক পইচা দিব লাগে৷ দুদিনমান আগতে পইচাৰ কাৰণে সিহঁতৰ কাজিয়া লাগিল আৰু সি তৰাক ফলা খৰি এডাল লৈ বৰকৈ কোবালে৷ তাই আটাহ পাৰি পাৰি তত পোৱা নাছিল৷ কিন্তু সি বদমাচটোৱে আগতেও তেনেকৈ তাইক বহুত বাৰ মাৰিছে৷

নকুল ঠাকুৰীয়াই বিশ্বাসেই কৰিব পৰা নাছিল৷ সেই খীন-মীন মানুহটোৱে তৰাৰ দৰে হৃষ্টপুষ্ট গাভৰু তিৰোতা এজনীক বলে পাৰেনে? তেওঁ ঘূৰি তৰাৰ ঘৰৰ ফালে চাইছিল৷ তাই সৰু চোতালখনৰ পৰা তেওঁলোকৰ পিনেই চাই আছিল৷ বুঢ়ীয়ে কি কৈছিল তাই কিজানি কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰি আছিল৷ চাৱনিটোৰ পৰা তাইৰ বুঢ়ীৰ ওপৰত বৰ খং উঠিছিল বুলি ধৰিব পৰা গৈছিল৷

ৰাতি ঠাকুৰীয়াই তৰাৰ অত্যাচাৰী গিৰীয়েকৰ কথাবোৰ জয়ন্তীক কৈছিল৷ কিন্তু জয়ন্তীয়ে সেইবোৰ আগতেই জানিছিল৷ বুঢ়ীজনীয়ে ঠাকুৰীয়াক নোকোৱা বেলেগ বহু কথাও তৰাই জয়ন্তীক কৈছিল৷  নিষ্কৰ্মা গিৰীয়েকক তৰাই ৰজাৰ দৰে ৰাখিব লাগে৷ পুৱাই বেলেগৰ ঘৰত কাম কৰিবলৈ ওলাই অহাৰ আগতে গিৰীয়েকলৈ ভাত ৰান্ধি থৈ আহে৷ ৰাতি আকৌ গৈ ধোৱা-পখলা, ৰন্ধা-বঢ়া কৰিব লাগে৷ গিৰীয়েকক বেছিকৈ চেনি আৰু গাখীৰ দি চাহ কৰি দিয়ে৷ তথাপি সি সন্তুষ্ট নহয়৷ মদ খাই যিদিনাই ঘৰলৈ আহে সেইদিনাই সি তৰাক মাৰ-পিট কৰে৷ গালি-শপনি পাৰে৷ তাই বোলে তাৰ মাকৰ জীৱনটো খাই পেলালে, এতিয়া তাৰ জীৱনটোও খাব৷ তাই এজনী তেজপিয়া ৰাক্ষসী হেনো৷

“মাকৰ জীৱনটো খালে মানে?” ঠাকুৰীয়াই জানিব বিচাৰিছিল৷

জয়ন্তীয়ে ভাঙি কৈছিল৷ তৰাৰ ল’ৰা-ছোৱালী নাই৷ শাহুৱেকৰ মতে দোষটো তৰাৰেই আছিল৷ কুলক্ষণী বোৱাৰীয়েকজনীৰ কাৰণেই নাতি-নাতিনীৰ মুখ নেদেখাকৈ তেওঁ মৰিব লাগিব৷ সেই কথাটো কৈ কৈ শাহুৱেকে কেতিয়াবা তাইক ঘৰ এৰি যাবলৈও কয়৷ অসহ্য হৈ কেতিয়াবা তৰাই ওলোটাই এষাৰ-দুষাৰ কয়৷ তেতিয়া শাহুৱেকৰ গালি-শপনিৰ মাত্ৰা আৰু বেছি হয়৷ শেহত গোটেই গাঁওখনে শুনিবলৈ পোৱাকৈ শাহুৱেকে চিঞৰি চিঞৰি কান্দিবলৈ ধৰে৷  মাকক সন্তুষ্ট কৰিবলৈ পুতেকে তৰাক চৰ-লাঠি মাৰে, কেতিয়াবা ফলা খৰিৰে কোবায়৷

“তাইনো কিয় সহ্য কৰি থাকিব লাগে সেইবোৰ? গুচি যাব লাগিছিল৷” ঠাকুৰীয়াই মন্তব্য কৰিছিল৷

“ক’লৈ গুচি গ’লহেঁতেন? কথাবোৰ ইমান সহজ নেকি?” জয়ন্তীয়ে ওলোটাই কৈছিল৷

এদিন খঙত একো নাই হৈ তৰাক গালি পাৰিছিল তাইৰ শাহুৱেকে৷ আৰু এটা সময়ত তৰাৰ ডিঙিত টিপি ধৰিছিল তেওঁ৷ তেনেতে হঠাতে ঢাঁচকৈ পৰি গৈ তেওঁৰ তৎ-ভত হেৰাই গৈছিল৷ সেই যে তৎ হেৰাল, তাৰ পাছত শাহুৱেক মানুহজনীৰ আৰু তৎ ঘূৰি নাহিল৷ চৰকাৰী হস্পিটাললৈ নি দুদিনমান ৰাখিছিল৷ ঔষধ-পাতিও খুৱাইছিল৷ কিন্তু শেহত একোৱেই কামত নাহিল৷ শাহুৱেক হস্পিটালতে ঢুকাইছিল। 

গাঁৱৰ মানুহে তৰাই শাহুৱেকক ঠেলি পেলাই দিয়া বুলি বদনাম উলিয়াইছিল৷ নানা কথা ওলাইছিল৷ তৰাইহে বোলে শাহুৱেকৰ ডিঙিত টিপি ধৰিছিল যাৰ কাৰণে শাহুৱেকে তত নোহোৱা হৈ বাগৰি পৰিছিল৷ 

 সেইবোৰ শুনি শুনি তৰাৰ নিজৰ ওপৰতেই বিশ্বাস হেৰাই গৈছিল। সঁচাকৈয়ে তাইৰ দোষৰ কাৰণেই শাহুৱেক হঠাতে মৰি গৈছিল নেকি? যদি সেইটোৱে হয়, তেতিয়াতো তাইৰ বৰ ডাঙৰ পাপ হৈছে, যি পাপৰ শাস্তি তাই নোপোৱাকৈ নাথাকে। 

তৰাই আকৌ ঠাকুৰীয়াৰ ঘৰলৈ আহিবলৈ আৰম্ভ কৰিছিল৷ আৰু জয়ন্তীৰ স্বাস্থ্য অকণ অকণকৈ ভাল হৈ আহিবলৈ ধৰিছিল। ঠাকুৰীয়াই তেওঁৰ দোকান, কিছু দূৰৰ নগৰ এখনত সাজি থকা ঘৰটোৰ প্ৰতি আকৌ মনোযোগ দিব পৰা হৈছিল৷

ঠাকুৰীয়াৰ কামতো তৰাই সহায় কৰিছিল। দুয়োজনে ধৰাধৰিকৈ শুকোৱা ধানৰ বস্তাবোৰ ভিতৰলৈ নি নি থৈছিল। কেতিয়াবা তাইৰ হাতত ঠাকুৰীয়াৰ হাতখন অকস্মাতে লাগি গৈছিল৷ প্ৰথম দুদিনমান তাই চক খাই ভয়তে ছিটিকি যাব খুজিছিল। পাছলৈ অৱশ্যে তাই সহজ হৈছিল। ঠাকুৰীয়াৰ মনত একো খুঁত থাকিব নোৱাৰে বুলি তাই কিজানি ভাবি লৈছিল৷ কিন্তু কোনেও নাভাবিলেও ঠাকুৰীয়াৰ মনৰো ক’ৰবাত অকণমান কিবা এটুকুৰা কোনেও নেদেখাকৈ সৰু ক্ষতৰ দৰে লুকাই লুকাই বাঢ়ি আহিছিল।

ঘামি-জামি কৰি থকা তৰালৈ চাই ঠাকুৰীয়াৰ মাজে মাজে বেয়া লাগিছিল৷ তৰাক কথাবোৰ বুজাই ক’ব খুজিছিল - সকলো সময়তে মানুহৰ কথা কিয় শুনিব লাগে? মানুহে তোমাক সামান্য এটা ছেলুতে ভাগি পেলাবলৈ বিচাৰিব৷ কিন্তু যিমান ধুমুহা আহিলেও থিয় হৈ থকাটোহে তোমাৰ কাম৷

তৰাই ঠাকুৰীয়াৰ এনে ধৰণৰ কথাবোৰ সদায় মন দি শুনিছিল। কিন্তু তাই কিবা বুজি পাইছিল বুলি ঠাকুৰীয়াই ধৰিব পৰা নাছিল৷ এদিন তেওঁ অলপ খঙ কৰি কৈছিল, “মৰদ হ’ল বুলিয়েই সেই অকৰ্মণ্যটোৱে তোমাক অত্যাচাৰ কৰিব নেকি? দিবাচোন তুমিও ফলা খৰিৰে দুকোবমান লগাই৷ কুকুৰে একেদিনাই চিধা হৈ যাব৷”

তৰাই একো নকৈ মুখখন গভীৰ কৰিছিল মাত্ৰ৷ গিৰীয়েকৰ কথা বেয়াকৈ ক’লে ভাল নাপাইছিল তাই৷ তাইৰ মুখখন উজলাবলৈ চেষ্টা কৰি জয়ন্তীয়ে মাত দিছিল, “মানুহজন সিমান বেয়া নহয় দিয়ক৷ আপুনি কিয় তেনেকৈ কয়?”

কিন্তু দুদিনমান পাছতেই তৰাৰ পিঠিত ফলা খৰিয়ে আকৌ দাগ ৰাখিছিল৷ সেইদিনা তাই একো নুলুকুউৱাকৈ কথাবোৰ জয়ন্তীক কৈছিল। গধূলি ঘৰলৈ ঘূৰি যাবলৈ তাইৰ সঁঁচাকৈয়ে খুব ভয় হৈছিল। গিৰীয়েকে আগদিনা দা এখন লৈ তাইক কাটিবলৈকে ওলাইছিল৷

 জয়ন্তীৰ কথামতে তাই সেইবাৰ তেওঁলোকৰ ঘৰতে ৰাতিও আছিল দুদিনমান৷ এদিন ধানৰ বস্তা দাঙি লৈ ভঁৰালৰ কাষৰ ঘৰটোৰ আধা আন্ধাৰ কোঠাটোত আহি ঠাকুৰীয়া আৰু তৰা অলপ সময় ৰৈছিল৷ “তুমি সহ্য কৰি থাকাঁ কিয়? ওলোটাই মাৰিব নোৱাৰাঁ কিয়? নহ’লে চাবা কিন্তু, এনেকৈ মাৰ খাই খায়েই মৰি থাকিবা।”

তৰাৰ চকুহাল চলচলীয়া হৈ আহিছিল৷ তাই তলমূৰ কৰিছিল। সান্ত্বনা দিবলৈকে যেন ঠাকুৰীয়াই এখন হাতেৰে তাইৰ গালত আৰু বাহুত লাহে লাহে টুকুৰিয়াই দিছিল৷ ভয় খাই উচাট মাৰি গুচি যাব খোজা তৰাৰ হাত এখনত ধৰি টানি ৰাখি তেওঁ সৰুকৈ সুধিছিল, “কিয় সি মাৰিব লাগে তোমাক? ক’ত কোবাইছিল?”

তৰাই চকু নমাই লৈ একো কোৱা নাছিল৷ ফুচ ফুচকৈ বাৰে বাৰে সুধিছিল ঠাকুৰীয়াই৷  আৰু তেতিয়া গহীন মুখখন ঠাকুৰীয়াৰ ফালে ঘূৰাই, পিঠিৰ ফালে শাৰীখন অলপ গুচাই তৰাই দেখুৱাইছিল৷ চিৰলা চিৰলিকৈ থকা বহু কেইটা দীঘল দীঘল দাগ তেতিয়াও জামৰা নাছিল৷ তাইৰ চকুলৈ চাই ৰৈছিল ঠাকুৰীয়াই কেইটামান মুহূৰ্ত৷ বাওঁ চকুটো তেতিয়াও সামান্য উখহি আছিল৷ এটা তীব্ৰ খঙত তৰাৰ হাতখন খামুচি ধৰি থকা মুঠিটো টান হৈ আহিছিল৷ তাই বিষ আৰু ভয়ত সৰুকৈ “আস”কৈ কেঁকাই উঠিছিল৷

  “মই তাক শেষ কৰি দিব পাৰোঁ, তুমি জানানে? তাক মাতি আনি গৰু কোবোৱা দিব পাৰোঁ৷”

  “নালাগে নালাগে৷” তৰাই কাকূতি কৰি কৈ উঠিছিল৷ 

কঠিন হাতৰ মুঠিটো শিঠিল হৈ আহিছিল৷ তৰাই প্ৰায় দৌৰি আধা আন্ধাৰ ঘৰটোৰ পৰা ওলাই গৈছিল৷ কিন্তু তাৰ পাছৰ পৰা সেই ঘৰটোৰ ধানৰ বস্তাবোৰৰ কাষত ঠাকুৰীয়াৰ লাহে লাহে লুভীয়া হৈ অহা হাত দুখনক বাধা দিবলৈ তাই বিশেষ কোনো চেষ্টা কৰা নাছিল৷ মাত্ৰ এদিন ঠাকুৰীয়াই তাইক খুব ওচৰ চপাই আনোতে কঁপা কঁপা মাতেৰে কৈছিল, “বাইদেৱে গম পালে কি হ’ব? বেয়া কাম, বেয়া কাম!” ঠাকুৰীয়াই তাইৰ কাণত ওঁঠ ৰাখি ভয় কৰিবলৈ হাক দিছিল, কৈছিল - তেওঁলোকে একোৱেই বেয়া কাম কৰা নাই৷

ঠাকুৰীয়াৰ কিছু দূৰৰ নগৰখনত শহুৰেকৰ ঘৰৰ অলপ দূৰতে সাজি থকা ঘৰটোৰ কাম শেষ হৈছিল৷ তালৈ যোৱাৰ যো-জা চলিছিল৷ বহুত কিবাকিবি থান-থিত লগাবলগীয়া আছিল৷ নিশকতীয়া জয়ন্তীয়ে ঠাকুৰীয়াক একো সহায় কৰিব পৰা অৱস্থাত নাছিল৷ কিবা কাৰণত তেওঁৰ মুখত কোনো উৎসাহৰ চিন নাছিল; অথচ ঠাকুৰীয়াই আশা কৰি আছিল মাকৰ ঘৰৰ কাষলৈ ঘূৰি যাব কাৰণে হ’লেও জয়ন্তীৰ মুখলৈ আকৌ হাঁহিবোৰ ঘূৰি আহিব৷

বাৰীৰ পিছফালে কিছু দূৰৰ পথাৰৰ মাজত অলপ ওখ ঠাই এটুকুৰাত মানুহ লগাই, নিজেও লাগি ঠাকুৰীয়াই শাক-পাচলি, আলু-বিলাহীৰ খেতি কৰিছিল৷ মাটিটুকুৰাৰ চাৰিওফালে আম, কল আৰু কদম গছ৷ ঠাকুৰীয়াৰ দেউতাকৰ দিনৰ পৰাই তাত বাৰ মাহে খেতি কৰে৷ খুব সোনকালেই মাটিখিনি বিক্ৰী কৰি দিয়াৰ কথা ভাবিছিল কাৰণে সেই কেইদিন তেওঁ তাতে অলপ সময় বেছিকৈয়ে কটাইছিল৷ মাজে মাজে কাম কৰা ছোৱালীজনীয়ে চাহ-পিঠা লৈ আহিছিল৷ আৰু কেতিয়াবা তৰায়ো আহিছিল চাহ লৈ৷ তাইক কিবাকিবি পাচলি ঘৰৰ কাৰণে ল’বলৈ কৈছিল ঠাকুৰীয়াই৷ বৰ নিৰ্জন-নিস্তব্ধ এটা দুপৰীয়া এদিন তৰাই চাহ-পিঠা লৈ আহিছিল৷ তাইক কাষত ঘাঁহৰ ওপৰত বহুৱাই লৈ ঠাকুৰীয়াই সুধিছিল, “আমি যে গুচি যাম, তোমাৰ বেয়া লাগিবনে? মোৰ হ’লে বৰ বেয়া লাগি থাকিব, তৰা৷” 

তৰাই চকুযোৰ নমাই লৈছিল৷ কিবা এটা দুখে যেন তাইকো উদাস কৰি আনিছিল আৰু তাইৰ চকুযোৰ চলচলীয়া হৈ পৰিছিল৷ পুৰণি শাৰীখনৰ তলত প্ৰকট হৈ অহা শৰীৰটোৰ ভাঁজবোৰলৈ ঠাকুৰীয়াই চাই ৰৈছিল বহু সময়৷ তাইৰ কান্ধত তেওঁ হাত এখন ৰাখিছিল৷ নীৰৱে কিছু সময় পাৰ হৈছিল৷ উত্তাপ এটা বাঢ়ি আহিছিল তেওঁৰ শৰীৰত৷ আৰু এটা সময়ত সংযমহীন দুখন বলিষ্ঠ হাতে তৰাক কাষলৈ চপাই আনিছিল৷ তাই সচকিত হৈ চাৰিওফালে চাইছিল ; কিন্তু বাধা দিয়া নাছিল৷ সকলোবোৰ বান্ধোন হঠাৎ সুলকি পৰিছিল৷ বহুদিন ভোকত থকা শিকলি ছিগা দুটা জন্তুৰ শৰীৰৰ আন্দোলনত ঠাইখিনিৰ ঘাঁহবোৰ পিষ্ট হৈ গৈছিল৷ 

শেহৰ দুমাহত ধানৰ বস্তা থোৱা আধা আন্ধাৰ ঘৰটোলৈ তৰা আৰু ঠাকুৰীয়া কিবাকিবি কামত সঘনাই গৈ থাকিব লগা হৈছিল৷ প্ৰায়েই তৰাই চাহ লৈ পথাৰৰ মাজৰ আম, কল আৰু কদম গছে আগুৰি ৰখা ওখ ঠাই টুকুৰালৈও গৈছিল৷

যিদিনা ট্ৰাক এখনত শেহৰ খিনি বস্তু বোজা দি নগৰৰ ঘৰখনলৈ বুলি ঠাকুৰীয়াহঁত ওলাই আহিছিল, সেইদিনা তৰাৰ চকু দুটা ঢুলঢুলীয়া হৈ আছিল৷ তাই ঠাকুৰীয়াহঁতৰ ঘৰতেই চাৰি বছৰমান কাম কৰিলে৷ সেই ঘৰখন তাইৰ নিজৰ ঘৰৰ দৰেই হৈ পৰিছিল৷ নিশকতীয়া জয়ন্তীৰো চকুপানী ওলাইছিল৷ তৰাই তাইক সাৱটি ধৰি কান্দিছিল৷

“মোক বেয়া নাপাব বাইদেউ৷ মই বৰ বেয়া মানুহ৷” তৰাই কান্দোনৰ মাজে মাজে বাৰে বাৰে কৈছিল৷ চকুপানীৰ মাজতে জয়ন্তীয়ে তৰাৰ পিঠিত দুৰ্বল এখন হাতেৰে মৰমেৰে পিহি দি দি নিচুকাবলৈ চেষ্টা কৰিছিল৷

 “আমি মাজে মাজে আহি থাকিম দিয়া তৰা৷” ঠাকুৰীয়াই ওচৰত থিয় হৈ কৈছিল৷

আশা, অবিশ্বাস আৰু অপৰাধবোধেৰে ভৰা ঢুলঢুলীয়া চকুযোৰ তুলি তৰাই তেওঁৰ ফালে চাই কিবা ক’ব খুজিও ক’ব পৰা নাছিল৷

“তুমি চিন্তা নকৰিবা৷ আহিলে আমি তোমাক খবৰ দি আনিম৷” ঠাকুৰীয়াই আশ্বাস দিব খুজিছিল৷ কিন্তু তৰাই  বিশ্বাস কৰা নাছিল, তাইৰ চাৱনিটোৰ পৰাই তেওঁ ধৰিব পাৰিছিল৷

 কিন্তু তেওঁ তৰাক আৰু পাছত কেতিয়াও লগ নাপালে ৷ তেওঁ গাঁৱৰ ঘৰ-মাটি সকলো বিক্ৰী কৰি দিছিল আৰু সেইবোৰ কামত মাজতে কেবাবাৰো গাঁৱলৈ অহা-যোৱা কৰিব লগা হৈছিল৷ কিন্তু তৰাক মাতি আনি কৰাব লগা একো কাম তেওঁৰ নাছিল আৰু ব্যস্ততাৰ বাবে মনলৈ তাইৰ কথাও অহা নাছিল৷ 

কিন্তু সেই নিশা ঠাকুৰীয়াৰ তৰাৰ কথাবোৰ বৰকৈ মনত পৰিছিল আকৌ৷ আজিকালি বহু আগৰ কথাবোৰ প্ৰায়ে তেওঁৰ মনলৈ আহে৷ এনে মানুহ কিছুমানৰ মুখ কেইখনে আহি ভুমুকি মাৰেহি যিসকল তেওঁৰ জীৱনৰ পৰা বহু বছৰ আগতেই হেৰাই গুচি গৈছিল৷ তৰা আছেনে এতিয়াও, আছে যদি কেনে আছে তাই? কি কৰি আছে?

 পাছদিনা খুব কমকৈ কথা কোৱা ডেকা মিস্ত্ৰীজনৰ লগত, যিজনো একেখন গাঁৱৰে বুলি ঠাকুৰীয়াই গম পাইছিল, তেওঁ এষাৰ-দুষাৰ কথা পাতিছিল৷ “তোমালোকৰ গাঁৱৰ তৰাক চিনি পোৱানে?” তেওঁ সুধিছিল৷ কিন্তু সি চকু দুটা বহলকৈ মেলি মূৰ জোকাৰিছিল মাত্ৰ৷ কিয় সি চিনি নাপায়? তৰা কিজানি মৰিছেই৷ সেই সন্দেহটো তেওঁৰ মনলৈ আহিবলৈ ধৰিছিল আৰু তেওঁ বৰ বিমৰ্ষ অনুভৱ কৰিছিল৷ কিন্তু তাইৰ কথা জানিবলৈ তেওঁৰ খুব মন গৈছিল৷ সেই যৌৱন উপচি পৰা তৰাজনী যদি এতিয়াও আছে, তাই কেনেকৈ আছে, কি কৰি আছে? ঠাকুৰীয়াহঁতৰ কথা তাইৰ মনত পৰেনে? 

বলেনৰ আপত্তি সত্তেও নতুন দুৱাৰ-খিৰিকী লগোৱা আৰু কিবাকিবি মেৰামতি কৰা কামটো সেই মিস্ত্ৰীজনেই প্ৰায় শেষ কৰি আনিছিল৷ তাৰ কামৰ গতি কিছু লেহেম আছিল৷ কিন্তু মোটামুটি সি ভাল কাম কৰা বুলি ঠাকুৰীয়াৰ বিশ্বাস এটা হ’বলৈ ধৰিছিল৷ সেইদিনা আবেলি কাম শেষ কৰি সৰু ল’ৰাটোক চাইকেলৰ আগৰ লোত গাঁঠি দিয়া গাৰুটোত বহুৱাই দি সি যাবলৈ ওলাইছিল৷ ঠাকুৰীয়াই ভিতৰৰ আৰামী চকীখনত বহি টোপনিয়াই থকা জয়ন্তীলৈ এবাৰ চাই লৈ তাক খুব নিৰাসক্ত সুৰত সুধিছিল, “তোমালোকৰ গাঁৱৰ তৰাক চিনি পোৱা নেকি তুমি?”

মিস্ত্ৰীজনে আচৰিত হৈ ঠাকুৰীয়াৰ ফালে চাই ৰৈছিল কেইমুহূৰ্তমান আৰু তাৰ পাছত সৰুকৈ হাঁহি এটা মাৰি কৈছিল, “চিনি পাওঁ৷ কিয় চিনি নাপাম? আপুনিতো বৰ ভালকৈয়ে চিনি পায়, মই জানো৷”

ঠাকুৰীয়া চমকি উঠিছিল৷ কি জানে মিস্ত্ৰীজনে? কিন্তু নিৰ্বিকাৰ ভাব এটা মুখত ফুটাই তুলি তেওঁ মিস্ত্ৰীজনৰ চকুলৈ চাই ৰৈছিল৷

 মিস্ত্ৰীজনে হাঁহিয়েই কৈছিল, “মোৰ মা৷ আপোনাৰ কথা মই আগৰ পৰাই জানো৷”

 মনৰ শংকা কিবাকৈ লুকুৱাই ঠাকুৰীয়াই সুধিছিল, “ভালে আছেনে তোমাৰ মা?”

এইবাৰ মিস্ত্ৰীজনে ডাঙৰকৈ হাঁহি এটা মাৰিলে৷ তাৰ মুখত তৰাৰ মুখখন এপলকৰ বাবে জিলিকি উঠিছিল৷

“মা, কেতিয়াবাই মৰিল৷ মোৰ তেতিয়া সাতবছৰমান হৈছে কিজানি, তেতিয়াই৷ মাই আপোনাক খুব ভাল মানুহ বুলি কৈছিল৷”

“তৰা মৰি গ’ল, তৰা মৰি গ’ল কেতিয়াবাই …৷” ঠাকুৰীয়াই অস্ফুটভাৱে উচ্চাৰণ কৰিছিল৷ কাষৰ বেঞ্চখনত থৰক বৰককৈ তেওঁ বহি পৰিছিল৷

 ঠাকুৰীয়াৰ ফালে নোচোৱাকৈ, চাইকেলখনৰ চকা এটা পৰীক্ষা কৰি কৰি মিস্ত্ৰীজনে কথাবোৰ কৈ গৈছিল৷ ঠাকুৰীয়াহঁতে এৰি অহা গাঁৱৰ ঘৰখনৰ আগেৰে মাকৰ লগত সি সৰুতে বহুদিন গৈছে ৷ মাকে ঘৰখনলৈ আঙুলিয়াই দি তাক কৈছিল - “তাতে এজন বৰ ভাল মানুহ আছিল আগতে৷” মানুহজনৰ নামটো আগতেও কৈছিল তাক মাকে৷ তাৰেই ভাগ্য ভাল যে সি ইমান ভাল মানুহজনক জীৱনত লগো পালে, মানুহজনৰ ঘৰৰ কামো কৰিলে, ঠিক যেনেকৈ তাৰ মাকে মানুহজনৰ ঘৰত কাম কৰিছিল৷

আৰু তাৰ দেউতাকৰ খবৰ?

দেউতাকো মৰিল কেতিয়াবাই৷ মাক মৰাৰ কেইবছৰমান পাছত দেউতাকো পাৰ হৈছিল৷ বৰ দুৰ্বল আছিল মানুহজন৷ কাম-বন নকৰি এনেয়ে বহি থকা কাৰণে মাকে তেওঁক বৰকৈ গালি-শপনি পাৰিছিল৷ কিন্তু মাক যোৱাৰ পাছত মানুহজনে পুতেকৰ কাৰণে বহুত কষ্ট কৰিছিল৷

“দেউতাই বৰ আশা কৰিছিল মই পঢ়ি-শুনি ডাঙৰ মানুহ হ’ম৷ কিন্তু মোৰ মূৰতেই একো নাছিল দিয়ক৷” মিস্ত্ৰীজনে চাইকেলত লাফ মাৰি উঠিছিল৷

 কিছুসময় বেঞ্চখনতে থৰ লাগি বহি ৰৈছিল ঠাকুৰীয়া৷ এক বিষাদ আৰু শূন্যতাৰে তেওঁৰ বুকুখন তোলপাৰ কৰি উঠিছিল৷ বহু বছৰ আগৰ পৰা তৰাৰ মুখখনে তেওঁক সিয়াঁৰিবলৈ ধৰিছিল,  “মোক মাতি অনাৰ কথা আছিল৷ লগ ধৰাৰ কথা আছিল৷ কিন্তু আপুনি একোৱেই নকৰিলে৷”

 যেতিয়া ঠাকুৰীয়া ভিতৰলৈ যায় তেতিয়া জয়ন্তীয়ে আৰামী চকীখনত টোপনিয়ায়ে আছিল৷ কাষৰ চকীখনত নীৰৱে বহি ৰৈছিল তেওঁ৷

কাম কৰা ছোৱালীজনীয়ে দুকাপ চাহ লৈ আহছিল৷ তাই জয়ন্তীক হেঁচুকি জগাই দিছিল৷

চাহ কাপৰ আধামান শেষ কৰাৰ পাছত তেওঁ জয়ন্তীলৈ চাই কৈছিল, “মিস্ত্ৰীজন তৰাৰ পুতেক৷ তুমি গম পোৱাই নাই কিজানি?”

জয়ন্তীয়ে কিন্তু আগতেই কথাটো গম পাইছিল৷ কেনেকৈ গম পাইছিল সুধিবৰ মন যোৱা নাছিল ঠাকুৰীয়াৰ৷

 “তৰাৰ কথা তোমাৰ মনত আছে?” অলপ ৰৈ ঠাকুৰীয়াই আকৌ সুধিছিল৷

“আছে৷ ভালকৈয়ে মনত আছে৷ কেনেকৈ পাহৰিম তাইক?” জয়ন্তীৰ মুখত বিৰিঙি উঠা ক্ষীণ হাঁহিটো বৰ দুৰ্বোধ্য যেন অনুভৱ হৈছিল ঠাকুৰীয়াৰ৷

 সেই দুদিনমান ঠাকুৰীয়াই মিস্ত্ৰীজনক ঘৰৰ কথা, তাৰ মাকৰ কথা মাজে মাজে সুধিছিল৷ মনে মনে তেওঁ জানিব খুজিছিল - তেওঁৰ প্ৰতি তৰাই মনত কিবা খং বা ঘৃণাৰ ভাব লৈ আছিল নেকি? কিন্তু মিস্ত্ৰীজনৰ কথাৰ পৰা সেইটো তেওঁ ধৰিব পৰা নাছিল৷ মাত্ৰ বুজিব পাৰিছিল, তৰা পাছলৈ বহুত সলনি হৈ গৈছিল আৰু ৰুগীয়া, দুৰ্বল গিৰিয়েকে তাইক বাঘৰ দৰে ভয় কৰিবলৈ লৈছিল৷

“দেউতায়ো আপোনাক ভাল পাইছিল দিয়ক৷ আপুনি বোলে কিমান পাচলি দি পঠাইছিল ৷ এনে মানুহ আজিকালি পাবলৈকে নাই৷”

মিস্ত্ৰীজনে নিজৰ কথাও কৈছিল৷ আগৰ জনী পত্নী অসুখত পৰি ঢুকাল৷ এতিয়াৰ জনী ঘৰ চলোৱাত সহায় হ’ব বুলি আনিলে৷ কিন্তু আগৰ জনীৰ ফালৰ সৰু ল’ৰাটোকো তাই সহ্য কৰিব নোৱাৰে৷ তাক লৈ বৰ অশান্তি কৰি থাকে৷ তাতে দিন-কাল বৰ ভাল নহয়৷ সদায় কাম পোৱাটোও সহজ নহয়৷

ঠাকুৰীয়াই ভালকৈয়ে বুজিব পাৰিছিল কথাবোৰ৷ সি সৰু-সুৰা কাম কৰিব পাৰে৷ কিন্তু বুদ্ধি আৰু পটুতাৰ দৰকাৰ হোৱা কাম, আটক-ধুনীয়া কিবা এটা কৰিব লগা কামত সি ফেইল মাৰিব৷ তৰাৰ ল’ৰা বুলিয়েই তেওঁৰ অলপ মায়া লাগিছিল, কথাটো এনেও নাছিল৷ তাৰ মুখত তেওঁ তৰাৰ মুখখনেই নহয়, আৰু এখন মুখ বিচাৰিবলৈ চেষ্টা কৰিছিল প্ৰায়েই৷ 

ঘৰৰ পুৰণি দুখনমান বিছনাৰ তলৰ তক্তাবোৰ উঁয়ে খাইছিল৷ সৰু দুখনমান টেবুল আৰু চকীৰো দৰকাৰ নোহোৱা নহয়৷ গতিকে আকৌ নতুনকৈ কাঠৰ যোগাৰ কৰা হ’ল৷ গাঁৱৰ পুৰণি বন্ধুৰ পুতেকটোৱে এইবাৰো বৰ সহায় কৰিলে৷ মিস্ত্ৰীজনক যেতিয়া নতুন কামৰ কথাটো কোৱা হ’ল - সি কৃতজ্ঞতাত গদ্গদ হৈ পৰিছিল৷ এনেহেন ভাল মানুহৰ ঘৰত কাম কৰিয়েই তাৰ বৰ ভাল লাগে৷

দুৱাৰ-খিৰিকীৰ কামবোৰ শেষ হোৱাৰ পাছত দুদিনমান “ছুটী” লৈ সি নতুন কাম আৰম্ভ কৰিবলৈ আহি ওলাইছিল৷ লগত সৰু পুতেকটো আৰু খুব কম কথা কোৱা ডেকা মিস্ত্ৰীজন৷ ঠিক কৰা হ’ল প্ৰথমে বিছনাৰ উঁয়ে খোৱা তক্তাবোৰ গুচাই নতুন তক্তা লগোৱা হ’ব৷ তাৰ পাছত চকী-মেজৰ কাম৷ আবেলি মিস্ত্ৰীজন, পুতেকটো আৰু ডেকাজনে চাহৰ কাপ লৈ অলপ বহিছিল৷ ঠাকুৰীয়ায়ো সিহঁতৰ কাষতে চকী এখনত বহি চাহৰ কাপত চুমুক দিছিল৷

আৰু ঠিক তেনেতে লগত তামোল চোবাই থকা দুজন ডেকা লৈ বলেন তাৰ গাড়ীখনৰ পৰা নামিছিল৷ লগে লগে চিঞৰ-বাখৰ - “তোমালোকে কি পাগলামি আৰম্ভ কৰিছা আকৌ৷ মোক নোকোৱাকৈ কাঠ কিনিলা৷ এতিয়া আকৌ ইয়াকেই কাম দিবা নেকি? দুৱাৰ-খিৰিকীবোৰ নষ্ট কৰি পেলালা৷ এতিয়া আৰু কি নষ্ট কৰিবলৈ ওলাইছা?”

 মিস্ত্ৰীজনৰ সৰু পুতেকেটোৱে ভয়ে ভয়ে তাৰ হাতৰ কাপটো মাটিত থৈছিল৷ মিস্ত্ৰীজনেও চাহ খাবলৈ এৰি থতমতকৈ বলেনৰ ফালে চাইছিল৷

“মই তোক কৈছোঁ৷” বলেনে তাৰ ফালে চাই আঙুলি জোকাৰিছিল৷ “তোৰ কাম আজিয়েই বন্ধ কৰ বুলি কৈছোঁ৷ আৰু যা তই ইয়াৰ পৰা৷”

“কিন্তু …৷”  মিস্ত্ৰীজনে সেমেনা-সেমেনিকৈ কিবা ক’ব খুজিছিল৷

“একো কথাই নক’বি তই মোক৷ যি কৈছোঁ সেইটো কৰ আৰু যা৷” বলেনৰ চিঞৰটো ডাঙৰ হৈ আহিছিল৷

“মই মিস্ত্ৰী লৈ আহিছোঁ৷” লগত অহা ডেকা দুজনলৈ দেখুৱাই সি দেউতাকক কৈছিল৷ “এওঁলোকে যি কৰিব লাগে কৰিব৷”

কাষৰ বিল্ডিংটোৰ পৰা হৰেশ দত্তই বলেনৰ গৰ্জন শুনি আহি ওলাইছিল৷ সি অনা মিস্ত্ৰী দুজনে কিমান ভাল কাম কৰে, ঠাকুৰীয়াৰ সেই কাম নোহোৱা অপদাৰ্থ মিস্ত্ৰীজনে জগত দাসৰ ঘৰত কিমান মূল্যবান কাঠ নষ্ট কৰিলে, সেই সকলোৰে বিশদ বিৱৰণ বলেনে হৰেশ দত্তৰ আগত দাঙি ধৰিছিল৷

ঠাকুৰীয়াই অসহায় সুৰত কিবা ক’ব খুজিছিল৷ কিন্তু বলেনে তেওঁৰ এটা শব্দও কাণত তুলিব খোজা মুডত নাছিল৷ এটা সময়ত নতুন কাঠখিনি চাই-চিতি জোখ-মাখ লৈ বলেনে অনা ডেকা মিস্ত্ৰী দুজন তাৰ লগতে ওলাই গৈছিল৷

 হৰেশ দত্তই বলেনৰ গাড়ীয়ে ৰাস্তাত উঠাৰ পাছত হাঁহি কৈছিল, “আজিকালি আমাৰ কথা কোনে শুনে? ল’ৰাৰ মতেই চলিব লাগিব আৰু৷”

 ঠাকুৰীয়াই একো কোৱা নাছিল৷ খুব দুৰ্বল অনুভৱ কৰিছিল তেওঁ৷

“পিছে ইয়াৰ মুখখন তোমাৰ লগত বৰ মিলেহে৷ কিয়বা তেনে লাগিছে মোৰ?” মিস্ত্ৰীজনলৈ চাই কৌতুকৰ সুৰত কৈছিল হৰেশ দত্তই৷

মিস্ত্ৰীজনে শুকানকৈ হাঁহি হতাশ মুখেৰে ভয়ত কম্পমান পুতেকটোক সাহস দিবলৈ কাষলৈ চপাই লৈছিল৷ ঠাকুৰীয়াই মিস্ত্ৰীজনৰ মুখলৈ চাই আছিল বহু সময়৷ তাৰ মুখত তৰাৰ হাঁহিটো তেওঁ কেতিয়াবা দেখিবলৈ পায়৷ তাৰ চকুত তৰাৰ সেই অসহায়, ভীৰু চাৱনিটো৷ কিন্তু তেওঁৰ নিজৰ মুখখন তাৰ মুখত কেতিয়াও বিচাৰ পোৱা নাছিল তেওঁ৷

সিহঁতৰ লগতে তেওঁ ৰাস্তালৈকে গৈছিল৷ হাতত গুজি দিয়া টকাখিনি গণি গণি মিস্ত্ৰীজনে কৈছিল, “নিদিলেও হ’লহেঁতেন৷ কিয়নো দিলে?”

“তোমাকতো মই বহুতেই দিব লাগিছিল৷ কিন্তু আজিকালি একো কৰিব নোৱাৰোঁ৷ কেতিয়াবা খবৰ কৰিবা তুমি৷”  অপৰাধীৰ দৰে ঠাকুৰীয়াই কৈছিল৷ বুকুত হেঁচা মাৰি ধৰা দুখটো তেওঁ লুকুৱাব পৰা নাছিল৷

 মিস্ত্ৰীজনে আচৰিত হৈ তেওঁলৈ চাইছিল৷

“কেতিয়াবা কেতিয়াবা মোৰ খবৰ ল’বা৷ আৰু বেয়া নাপাবা৷” ঠাকুৰীয়াই আকৌ কৈছিল৷ তেওঁৰ চকু দুটা পানীৰে ভৰি আহিছিল৷

মিস্ত্ৰীজনে একোৱেই বুজিব পৰা নাছিল৷ “মাই আপোনাক বৰ ভাল মানুহ বুলি কৈছিল৷ সঁচাকৈয়ে আপুনি বৰ ভাল মানুহ৷” সি পুতেকক চাইকেলৰ আগৰ লোহাডালত বান্ধি লোৱা গাৰুটোৰ ওপৰত বহুৱাই দি লাহে লাহে কৈছিল৷  “আজিকালি এনে মানুহ নায়েই৷ সঁচাকৈয়ে নাই৷”

ঠাকুৰীয়াই সৰু ল’ৰাটোৰ চুলিত আৰু গালে-মুখে হাত ফুৰাই দিছিল৷ ল’ৰাটোৱে ঠাকুৰীয়াৰ চকুলৈ বেঙাৰ দৰে চাইছিল৷ তাক এবাৰ বুকুত সাবটি ল’বৰ প্ৰবল ইচ্ছা এটা হৈছিল তেওঁৰ৷ কিন্তু তেওঁ নিজকে চম্ভালি লৈছিল৷

তিনিওজন ৰাস্তাটোৰ দূৰত চিনিব নোৱৰা হৈ মিলি যোৱালৈকে তেওঁ চাই ৰৈছিল৷

থৰক বৰককৈ ঠাকুৰীয়া ঘূৰি আহিছিল৷ বাৰাণ্ডাৰ জয়ন্তীৰ কাষৰ চকীখনত তেওঁ নিজকে এৰি দিছিল৷ আৰামী চকীখনত বহি বহি জয়ন্তীয়ে সকলোবোৰ মনে মনে চাই আছিল ইমান সময়৷ ঠাকুৰীয়াৰ তপা মূৰটো বুকুৰ মাজলৈ হালি পৰিছিল৷ তেওঁ চকু মুদি নীৰৱে থাকিব বিচাৰিছিল৷ কিন্তু বহু চেষ্টা কৰিও তেওঁ কান্দোন এটা চেপি ৰাখিব পৰা নাছিল৷ অলপ পাছতে সৰসৰকৈ ওলাৱা চকুপানীবোৰে তেওঁৰ সোতোৰা-সোতোৰ গালদুখন তিয়াই পেলাইছিল৷ 

ঠিক তেনেতে মূৰত শীৰ্ণ এখন হাতৰ শীতল স্পৰ্শ তেওঁ অনুভৱ কৰিছিল৷ বহু চিনাকি বহু আপোন সেই চেনেহী স্পৰ্শ৷ ভাগৰুৱাৰ দৰে মূৰ তুলি চাইছিল তেওঁ৷ জয়ন্তীৰ নিষ্প্ৰভ চকুহালত যেন একোৱেই অনুভূতি নাছিল৷  আৰু যদি কিবা অনুভূতিও আছিল কেতিয়াবা, সেয়া যেন বহুদিন আগতেই অৰ্থশূন্য হৈ ক’ৰবাত হেৰাই গৈছিল৷

“মই জানো৷ মই সকলো জানো৷ একো নহয়৷” খুব সৰু সৰুকৈ বৰ কষ্টৰে জয়ন্তীয়ে কৈছিল৷

জয়ন্তীৰ প্ৰশান্তিৰে ভৰা মুখখনলৈ চাইছিল তেওঁ৷ কিন্তু কান্দোনটো তেওঁ বন্ধ কৰিব পৰা নাছিল৷     

 

 

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ