আব্দুচ ছামাদ
বহুদিনৰ পৰা মই মানুহজনক বিচাৰি ফুৰিছোঁ৷
অ’ত-ত’ত লগ পোৱা সকলোকে সুধিছোঁ, চিনি পায় নেকি তেওঁ মই
বিচাৰি ফুৰা মানুহজনক?
‘চিনি পাওঁ মানে? আপুনি বিচাৰি ফুৰা মানুহজন ময়ে৷’
সকলোৱে প্ৰায় একে কথা, একে ধৰণেই কৈছে৷
খন্তেকৰ বাবে মোৰ চকু-মুখ উজলি উঠিছে৷
কিন্তু শেষত সেই একে কথাই হৈছে৷
তথাপি মই হতাশ হোৱা নাই৷ মানুহজনক মই
বিচাৰি আছোঁ৷ আৰু বিচাৰি থাকিমো৷ নিশ্চয় ক’ৰবাত মানুহজনক লগ পাই যাম৷ নাইবা
কাৰোবাৰ পৰা মই মানুহজনৰ সন্ধান পাম৷
এই যে, এইপিনে আহি থকা, পৰিপাটি পোছাক পিন্ধা আগন্তুকজনকো মই সুধিম বুলি ভাবিলোঁ৷ সুধিলোঁও তেওঁক
মোৰ সন্মুখ পাওঁতে– ‘হেৰি, আপুনি
মানুহজনক চিনি পায়নে?’
‘কাক চিনি পোৱাৰ কথা কৈছে
আপুনি?’
‘মই বিচাৰি ফুৰা মানুহজনক৷’
‘কাকবা বিচাৰি ফুৰিছে
আপুনি!’ তেওঁ এইবাৰ অলপ বিৰক্তিৰে ক’লে–
‘আচ্ছা কওকচোন, মানুহজন দেখিবলৈ কেনে?’
‘মানুহজনক মই দেখা নাই
কেতিয়াও৷ কিন্তু জানো, মানুহজন দেখিবলৈ সাইলাখ মোৰ-আপোনাৰ
দৰে৷’ মই বিচাৰি ফুৰা মানুহজনৰ দৈহিক বৰ্ণনা দিবলৈ ধৰিলোঁ–
‘মানুহজনৰ দুখন ভৰি আছে৷ দুখন হাত আছে৷ এখন মুখ আছে৷ মুখখনৰ ঠিক
ওপৰতে দুটা ফুটাৰে সৈতে এটা নাক আছে৷ নাকটোৰ ওলপ ওপৰত দুফালে দুটা চকু আছে৷ চকু
দুটাৰ দুফালে দুখন কাণ আছে৷ আৰু....৷’
‘হ’ব,
হ’ব দিয়ক৷’ আপোনাৰ মানুহ
বিচৰাৰ কষ্ট গুচিল দিয়ক৷’ কথাৰ মাজতে মোক ৰখাই দি, বিৰক্তিৰ ঠাইত এইবাৰ চকুৱে-মুখে হাঁহি বিৰিঙাই তেওঁ ক’লে– ‘আপুনি বিচাৰি ফুৰা মানুহজন ময়ে৷’
‘হয় নেকি?’ মাতত হ’বও পাৰে নহ’বও পাৰে
ধৰণৰ ভাব সানি মই ক’লোঁ৷
'হয়, পাক্কা' বুলি তেওঁ অলপ জঁপিওৱাৰ দৰে কৰি ক’লে– ‘এয়া চাওক, মোৰ দুখন ভৰি
আছে৷’ হাত দুখন মোৰ চকুৰ আগত দাঙি ধৰি ক’লে– ‘এয়া চাওক, মোৰ দুখন হাত
আছে৷’ কুৰি চেকেণ্ডমানৰ বাবে কথা বন্ধ কৰি ওঁঠ দুটা ৰৌমাছে
লৰোৱাদি লৰাই লৈ ক’লে– ‘এইবাৰ চাওক,
মোৰ এখন মুখ আছে৷’ নাকটো কোঁচাই কিবা শুঙাৰ
দৰে কৰি ক’লে– ‘এইটোলৈ চাওক, মোৰ এটা নাক আছে৷’ চকুযুৰি দুবাৰমান পিৰিকিয়াই লৈ ক’লে– ‘এইহাল চাওক, মোৰ দুটা চকু
আছে৷’ বিশেষ কায়দাৰে কাণ দুখন লৰাই লৈ ক’লে– ‘এয়া চাওক, মোৰ দুখন কাণ
আছে৷ আৰু....৷’
‘এইবোৰ ঠিকে আছে৷’ মই ক’লোঁ– ‘মই এতিয়ালৈ
মানুহজনক চিনি পায়নে বুলি যাকে সুধিছোঁ সিয়ে প্ৰায় আপুনি কোৱাৰ দৰে কৈছে৷’
‘ক’ব
পাৰে৷ মানিছোঁ৷ এশবাৰ মানিছোঁ৷ কিন্তু মোক সেইসকলৰ লগত নাসাঙুৰিব৷’ তেওঁ অলপ উষ্মাৰে কৈ ক’লে– ‘আপুনি
বিচাৰি ফুৰা মানুহজন ময়ে৷’
‘হ’বও
পাৰে৷’ তথাপি মোৰ সন্দেহ নুগুচিল৷
‘হ’বও
পাৰে মানে? আপুনি মোক অবিশ্বাস কৰিছে?’
‘নাই নাই, মই আপোনাক ক’ত অবিশ্বাস কৰিলোঁ? মই কেৱল ক’ব খুজিছোঁ, মই
বিচাৰি ফুৰা মানুহজনৰ মাজত কিছু কথা আছে৷ সেই কথাবোৰ আপোনাৰ মাজত থাকিলে, মই বিচাৰি ফুৰা মানুহজন আপুনি নহৈ নোৱাৰে৷’
‘কি কথা, কওকচোন৷’
কৈছোঁ ৰ’ব' বুলি
মই কৈ গ’লোঁ– ‘মুখেৰে থাককে, মই বিচাৰি ফুৰা মানুহজনে কোনোদিন কাকো হাতেৰেও আঘাত নকৰে৷ আনৰ দুখত
মানুহজন সদায় দুখী হয়, সুখত হয় সুখী৷ লগৰীয়াৰ উন্নতিত
মানুহজনে পায় অশেষ ফূৰ্তি৷ কাৰোবাক হেয় কৰি নিজকে মানুহজনে ভাল বোলাবলৈ নাযায়৷
পৰচৰ্চা, ষড়যন্ত্ৰ, প্ৰৱঞ্চনা আদি
শব্দবোৰ মানুহজনৰ জীৱনৰ অভিধানতে নাই৷ আৰু.... ৰ’ব, কিমান দীঘলীয়া কৰিম, এক কথাত কওঁ– মানুহজনে সদায় মানুহৰ দৰে কথা কয়৷ কাম কৰে৷’
মোৰ এইবাৰৰ কথা শুনি তেওঁ একেবাৰে বিৱৰ্ণ
হৈ পৰিল৷ তেওঁৰ চকুৱে-মুখে খঙো বিৰিঙি উঠিল৷ খঙেৰেই তেওঁ ক’লে– ‘যাওক, আপুনি তেজপুৰলৈ যাওক!’
‘মই তেজপুৰলৈ যাব লাগে কিয়?’
‘আপুনি মানসিকভাৱে সুস্থ
নহয়! আপোনাৰ মানসিক চিকিৎসা গ্ৰহণ কৰাটো খুব দৰকাৰী হৈ পৰিছে!’
তেওঁৰ খং উঠাৰ কাৰণ মই বুজিলোঁ৷ বুজি হাঃ
হাঃকৈ হাঁহিলোঁ৷ আৰু ক’লোঁ– ‘হ’ব দিয়ক,
খং নকৰিব৷ মই বিচাৰি ফুৰা মানুহজন আপুনি নহ’ব
পাৰে, কিন্তু আপুনি মই ইতিমধ্যে লগ পোৱাসকলতকৈ অলপ বেলেগ৷
নিজৰ মনৰ দাপোনত আপুনি অন্ততঃ আপোনাৰ আচল মুখখন দেখে৷’
মোৰ কথা বুজি নাপালে চাগৈ৷ তেওঁৰ খং
চৰিল৷ আৰু খঙৰ খোজেৰে তেওঁ নিজৰ বাটেৰে আগবাঢ়িল৷
আৰু মই আগবাঢ়িলোঁ, মই বিচাৰি ফুৰা মানুহজনক
বিচাৰি৷ নিশ্চয় ক’ৰবাত....৷
…
লেখকৰ ঠিকনা :
ঠিকনা - মলয় নগৰ, এ ই চি ৰ’ড, জালুকবাৰী,
গুৱাহাটী - ৭৮১০১৩
ভ্ৰাম্যভাষ - ৯৪৩৫১১৯৮৯২