অসীম তালুকদাৰ
ডেকা কালত গাখীৰ নিদিয়া চাহ পলাশ কাকতিয়ে খাবই নোৱাৰিছিল৷ চাকৰি পোৱাৰ পৰা বিয়া পতাৰ সময়লৈ তেওঁ প্ৰায়েই গাখীৰত পানী নিদিয়াকৈ চাহপাত দি খাইছিল৷ লগতে সেই অনুপাতে চেনি৷ পূবালীৰ অৱশ্যে তেনে কোনো বাচ-বিচাৰ নাছিল৷ কমকৈ গাখীৰ দিয়া, বেছিকৈ গাখীৰ দিয়া, কমকৈ চেনি দিয়া, বেছিকৈ চেনি দিয়া - সকলো ধৰণৰ চাহেই পূবালীয়ে তৃপ্তিৰে খাইছিল৷ বিয়াৰ পাছত এমাহ পলাশ আৰু পূবালী গাঁৱৰ ঘৰত আছিল৷ তাৰ পাছত পলাশৰ কৰ্মস্থলীলৈ আহিল৷ পলাশে অনতিপলমে গম পালে যে ৰাতিপুৱা সোনকালে উঠিবলৈ পূবালীয়ে বেয়া পায়৷ সেয়েহে ৰাতিপুৱাৰ চাহকাপ সদায় পলাশে কৰিবলৈ আৰম্ভ কৰে৷ অৱশ্যে সন্ধিয়া ভাগৰে-জুগৰে অহা পলাশৰ কাৰণে চাহকাপ পূবালীয়ে নিজে কৰিছিল৷ এদিন পলাশৰ এজন চিকিৎসক বন্ধুৱে গাখীৰ দিয়া চাহৰ অপকাৰিতাৰ বিষয়ে বহলকৈ ব্যাখ্যা কৰিলে৷ লগতে চাহৰ লগত কিয় কমকৈ চেনি খাব লাগে সেয়াও সবিস্তাৰে ক’লে৷ তাৰ পাছৰ পৰাই তেওঁলোকে চেনি নিদিয়া ৰঙা চাহ খাবলৈ আৰম্ভ কৰিলে৷ চাহত অকণমান জালুকৰ গুৰি দিয়া নিয়মটো অৱশ্যে পলাশে নিজে নিজে কৰিছিল৷
চহৰলৈ অহাৰ দেৰ বছৰমান পাছত পূবালীয়ে মাষ্টাৰ ডিগ্ৰী শেষ কৰিলে৷ তাৰ কিছুদিনৰ পাছত ৰোণিতৰ জন্ম হ’ল৷ ৰোণিত অলপ ডাঙৰ হোৱাৰ পাছত পূবালীয়ে ওচৰৰে ব্যক্তিগত প্ৰতিষ্ঠান এটাত কিছুদিন কাম কৰিছিল৷ তৰালীৰ জন্মৰ কেইমাহমান আগতে তেওঁ সেই চাকৰিটো বাদ দিলে৷ তৰালীৰ দুবছৰীয়া জন্মদিনৰ দিনা স্থানীয় স্কুলখনত শিক্ষয়িত্ৰীৰ চাকৰি পোৱাৰ খবৰটো পাইছিল পূবালীয়ে৷ তাৰ পাছত আঠত্ৰিছ বছৰ বাগৰি গৈছে৷ পলাশ আৰু পূবালী দুয়ো চাকৰিৰ পৰা অৱসৰ পালে৷ সময়ত ৰোণিত আৰু তৰালীৰ বিয়া হ’ল৷ এতিয়া ৰোণিতৰ দুজন ল’ৰা আৰু তৰালীৰ এজনী ছোৱালীও আছে৷ কৰ্মসূত্ৰে সিহঁত বেলেগ বেলেগ ঠাইত থাকে৷ কিন্তু সিহঁতে মাক-দেউতাকৰ খবৰ নোলোৱাকৈ নাথাকে৷ প্ৰায়েই আহি সিহঁত দুই-তিনিদিন থাকি যায়৷
ইমান দিনৰ পাছতো ৰাতিপুৱা আৰু সন্ধিয়াৰ চাহকাপ পলাশ কাকতিয়ে নিজেই কৰে৷ অৱসৰৰ পাছত হাতত সময়েই সময়৷ তথাপি চাহকাপৰ দায়িত্ব বেলেগক দিবলৈ তেওঁ ভাল নাপায়৷ আনকি পূবালীৰ মতে গিৰীয়েকে কৰা চাহকাপৰ সোৱাদটো কেতিয়াও কোনেও আনিব নোৱাৰে আৰু সেইকাপ চাহ খালেহে হেনো তেওঁৰ টোপনি ভাগে৷ প্লে’ট এখনত তেওঁ থিন এৰোৰুট বিস্কুট কেইটামান ল’লে৷ ৰাতিপুৱা চাহকাপৰ লগত তেওঁলোকে থিন এৰোৰুট নাইবা অন্য কিবা নিমখীয়া বিস্কুট খায়৷ তেওঁলোক দুয়োজনে সাধাৰণতে বাৰান্দাতে বহি চাহ খায়৷ ট্ৰে’ এখনত কাপ দুটা আৰু বিস্কুটৰ প্লে’টখন লৈ তেওঁ খোজ ল’লে৷
পাকঘৰৰ পৰা বাহিৰলৈ যাবলৈ ড্ৰয়িংৰূমৰ মাজেৰে যাব লাগে৷ ড্ৰয়িংৰূমতেই তেওঁলোকৰ কিতাপৰ ডাঙৰ আলমাৰীটো আছে৷ আলমাৰীৰ কাষতেই থকা চোফাখনৰ ওপৰত পলাশ আৰু পূবালীৰ এখন ফ’টো৷ ফ’টোখনলৈ তেওঁ এখন্তেক চালে৷ পলাশৰ মুখত অকণমান হাঁহি বিৰিঙিল৷ তেওঁৰ স্পষ্টকৈ মনত আছে ফ’টোখন আঁৰিবলৈ ৰোণিতে বেৰত যেতিয়া গজাল এটা পুতিছিল, পূবালীয়ে আপত্তি কৰিছিল৷ পূবালীৰ মতে এনে ধৰণৰ ফ’টো কোনেও ড্ৰয়িংৰুমত নথয়৷ মাকে আপত্তি কৰাৰ কাৰণে ৰোণিতে দুগুণ স্ফূৰ্তি পাইছিল৷ ফ’টোখন তাজমহলৰ সম্মুখৰ বেঞ্চখনত তোলা৷ চাৰি বছৰ মান আগতে পুত্ৰ-বোৱাৰী-নাতিৰ সৈতে তেওঁলোকে উত্তৰ ভাৰত ভ্ৰমণ কৰিবলৈ গৈছিল৷ উত্তৰ ভাৰতৰ কিছুমান ঠাই আগতেও ফুৰিছিল যদিও সেয়া আছিল তেওঁলোকৰ প্ৰথম তাজমহল দৰ্শন৷ ফ’টোখন বোৱাৰীয়েক ৰূপাঞ্জলিয়ে তুলিছিল৷ পূবালীয়ে পলাশৰ বাওঁফালে সামান্য ব্যৱধান ৰাখি বহিছিল৷ ৰূপাঞ্জলিয়ে কাষ চাপি আহিবলৈ বাৰে বাৰে কোৱাৰ পাছত অলপ কাষলৈ আহিছিল৷ তাৰ পাছত ৰূপাঞ্জলিয়ে শহুৰেকক বাওঁহাতখন শাহুৱেকৰ কান্ধত ৰাখিবলৈ কৈছিল৷ পলাশ আৰু পূবালী দুয়ো আপত্তি কৰিছিল৷ অগত্যা ৰূপাঞ্জলিয়ে নিচেই ওচৰলৈ আহি শহুৰেকৰ বাওঁহাতখন শাহুৱেকৰ বাওঁ কান্ধত ৰাখিছিল আৰু চকু পকাই তেওঁলোকক লৰচৰ নকৰিবলৈ নিৰ্দেশ দিছিল৷ “ঘোৰ কলি কাল আহিল৷ আগতে বোৱাৰীয়েকবোৰে শহুৰ-শাহুৰ সন্মুখত লাজ কৰিছিল৷ এতিয়া ওলোটা হ’ল৷” - পূবালীয়ে নিজকে কৈছিল৷ ৰূপাঞ্জলিক একো নোকোৱাকৈ সন্মুখত থিয় হৈ ৰং চাই থকা ৰোণিতৰ ওপৰত দুয়ো কৃত্ৰিম খং কৰিছিল৷
সেই ফ’টোখনৰে তিনিটা কপি ৰোণিতে বন্ধাই আনিলে৷ এখন এইটো ঘৰৰ ড্ৰয়িংৰূমত, এখন তৰালীৰ কাৰণে আৰু এখন নিজৰ ঘৰৰ কাৰণে৷ ফ’টোখন ভালকৈ চালে পূবালীয়ে অলপ লাজ কৰিছে বুলি গম পোৱা যায়৷ ইমান বয়স হোৱাৰ পাছতো লাজ ? পলাশৰ নিজৰে হাঁহি উঠিল৷ ইমান দিন দুয়ো একেলগে কটালে৷ ইজনে সিজনৰ ওপৰত কিমান নিৰ্ভৰশীল তেওঁলোকে চাগে নিজেই নাজানে৷ পলাশৰ মাজে মাজে ভাব হয় পূবালীয়ে যেন তেওঁৰ বিষয়ে তেওঁ নিজে জনাতকৈও বেছিকৈ জানে৷ কেতিয়াবা যে দুয়ো বেলেগ বেলেগকৈ আছিল এতিয়া ভাবিলে বিশ্বাসেই নহয়৷ দৰৱবোৰ সময়ত খাবলৈ যতনাই দিয়াকে ধৰি পলাশৰ প্ৰায়বোৰ কামেই পূবালীয়ে নিয়াৰিকৈ কৰে৷ বয়স বেছি হৈ অহাৰ লগে লগে পলাশ যেন পূবালীৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ গৈ আছে৷ কথাটো পলাশেও নুবুজা নহয়৷ এদিন তেওঁ পূবালীয়ে তৰালী আৰু ৰূপাঞ্জলিক কৈ থকা নিজ কাণেৰে শুনিছিল - “মই তেখেততকৈ আগতে যাব নোৱাৰোঁ৷ মই নোহোৱা হ’লে দেউতাৰৰ অৱস্থা বৰ পুতৌ লগা হ’ব৷”
এইবাৰ পলাশৰ চকু কাষতে থকা আনখন ফ’টোৰ ফালে গ’ল৷ পূবালীৰ অকলে থকা ছবি এখন৷ এমাহ আগতে ফ’টোখন ৰোণিতে ওলমাবলৈ লওঁতে পলাশে মাথোঁ শূন্য দৃষ্টিৰে চাই ৰৈছিল৷ আনকি ৰূপাঞ্জলিয়ে ৰোণিতৰ ফালে কৃত্ৰিম ফুলৰ মালাডাল আগবঢ়াই দিওঁতেও তেওঁ একো ক’ব পৰা নাছিল৷ তেওঁ কাষতে থিয় হৈ উচুপি থকা তৰালীক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল৷ কিন্তু অন্তৰত চলি থকা ধুমুহাজাকৰ আভাস কাকো নিদিবলৈ তেওঁৰ বহুত কষ্ট হৈছিল৷
সকাম হৈ যোৱাৰ পাছত পৰৱৰ্তী দুসপ্তাহ পুত্ৰ, বোৱাৰী, জী, নাতি-নাতিনী সকলো থাকিল৷ তেওঁলোকে আটাইবোৰ গুচি যোৱা আজি এসপ্তাহ হৈছে৷ সকলোকে নিজৰ নিজৰ কামলৈ যাবলৈ পলাশে নিজেই জোৰ দিছিল৷ নিজৰ কামখিনি নিজে কৰিব পাৰিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে৷ অৱশ্যে যোৱা বিছ বছৰে তেওঁলোকৰ ঘৰুৱা কাম-কাজত সহায় কৰি দিয়া চন্দাই ৰাতিৰ সাঁজ ৰান্ধি যায়৷ পলাশ কাকতিৰ হাতত এতিয়া সময়েই সময়৷ গতিকে তেওঁ ভাবিছে অদূৰ ভৱিষ্যতে ৰন্ধা-বঢ়াখিনি তেওঁ নিজেই কৰিব৷
কিছুমান কথা শিকিব লাগিব৷ উদাহৰণস্বৰূপে এক কাপ চাহৰ কাৰণে কিমান চাহপাত, নিমখ আৰু জালুকৰ গুৰিৰ দৰকাৰ হয় সেইটো মনত ৰাখিব লাগিব৷ দুকাপ চাহৰ হিচাপটো তেওঁৰ নখ দৰ্পণত৷ একাপৰ হিচাপটোহে তেওঁ বুজি উঠা নাই৷ একাপ চাহ কৰাটো ইমান কষ্টকৰ হ’ব পাৰে বুলি তেওঁ সপোনতো কেতিয়াও ভাবিব পৰা নাছিল৷
ঠিকনা :
মেডিচনভিল, কেণ্টাকী
আমেৰিকা যুক্তৰাষ্ট্ৰ
ভ্ৰাম্যভাষ :
+1-270-836-0389
Email: aseemtalukdar@gmail.com