বেদান্ত নাথ
(১)
“পৃথিৱীৰ প্ৰেমে
মোক দেউলীয়া কৰিলে”
ওপৰলৈ মূৰ কৰি চকু
দুটা বন্ধ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ ওঁঠৰ পৰা ডিঙিলৈকে
ডুব গৈ আছে৷ চকুৰ পানীৰ পৰা দুখন ক’লা শীৰ্ণ হাত বৈ অহা চকুপানীৰ ফালে আগবাঢ়ি গৈছে৷
ছবিখন ব’গা টি-ছাৰ্টটোত
প্ৰিণ্ট কৰি তলত ৰঙাৰে কবিতাৰ শাৰীটো লিখি দিছে৷ বিন্দু বাইদেউৰ টেক্সটাইলৰ প্ৰডাক্ট৷
বিন্দু বাইদেৱে নতুনকৈ টেক্সটাইলৰ ব্যৱসায় আৰম্ভ কৰিছে৷ চিনাকি মানুহবোৰে নিজ নিজ
পছন্দ অনুসৰি টি-ছাৰ্টৰ ডিজাইন কৰিছে৷ এই ধৰক, কাৰাগাৰত এজোৰ হাত আৰু তলত লিখা আছে
‘এই দেশ কাৰাগাৰ’৷ কোনোবাই আকৌ নিজৰ ফটোখনকে প্ৰিণ্ট কৰি লিখাই লৈছে ‘জীৱনে মৰণে
চিৰদিন অসমীয়া’৷
মোৰটো পিছে বিন্দু
বাইদেৱে নিজে কৰিছে৷ তেওঁৰ নিজৰ ক্ৰিয়েটিভিটিৰে মোৰ সতে মিলাকৈ ডিজাইনটো কৰিছে৷
মানুহজনী সাংঘাতিক ক্ৰিয়েটিভ৷ যতেই হাত দিয়ে ত’তেই পাৰফেক্টশ্বনে আহি নিজে নিজে
ধৰা দিয়ে৷ মুখামুখিকৈ লগ পোৱা বৰ বেছিদিন হোৱা নাই যদিও তেওঁ মোৰ বহু পুৰণি চিনাকি৷ ভাৰ্শ্বুৱেল পৃথিৱীয়ে আজিকালি দূৰৈৰ মানুহকো আপোন কৰি তোলে৷ বিন্দু বাইদেউৰ লগতো নেদেখা
সেতু এখন গঢ়ি উঠিছিল৷ এক অহৈতুক প্ৰীতি৷
শাসকীয় দলটোৰ লোভনীয়
পদবী এটা অধিকাৰ কৰি আছিল তেওঁ৷ মানুহজনীৰ কথাৰ এক তীব্ৰ আকৰ্ষণ আছে৷ ৰাজনীতিৰ মানুহ
কথাতেই সকলো৷ মোৰ পিছে আগ্ৰহৰ কাৰণটো সুকীয়া৷ মাজে মাজে তেওঁ দুই এটা কবিতা লিখে৷
কলিজা কঁপাই যোৱা৷ দেখনিয়াৰ মানুহজনীৰ গভীৰ বুদ্ধিদীপ্ত চকুজুৰিৰ সিপাৰে সাগৰৰ দৰে
নীলা, বিশাল, কংগো হাবিৰ দৰে ৰহস্যঘন এখন বিচিত্ৰ পৃথিৱী লুকাই থাকে সকলোৰে অলক্ষিতে৷
“এটা পৰুৱা মোৰ ভিতৰলৈ
সোমাই আহিছে
আৰু অকণ অকণকৈ কুটি
টুকুৰা টুকুৰ কৰিছে
সভ্যতাৰ সুযোগত গঢ়ি
উঠা মোৰ
দাসত্বৰ ইতিহাস
.......
এই কথাখিনিকে শুনি
তেওঁ সুধিলে
দাসত্ব মানেনো কি
?”
.....
কবিতাটো পাঠ কৰি
বিন্দু বাইদেউলৈ পঠিয়াই দিলোঁ৷
ৰাতিপুৱাই চাৰপ্ৰাইজ
গিফ্ট৷ সেয়াই আৰম্ভণি৷ তাৰ পিছত মাজে মাজে কথা হয় কবিতাৰ৷ কেতিয়াবা ৰাজনীতিৰ৷ ক্ষমতাৰ
ৰাগী নলগা মানুহ তেওঁ৷ সত্বা বিক্ৰী কৰিব নোৱৰা....
ইথাৰৰ মাজেৰে আত্মীয়তাৰে
ভৰা কোমল মাতটো ভাঁহি আহে .... দেহ-মন জুৰ পৰি যোৱাকৈ৷ হেলুশ্বিনেশ্বন ৷ এক তন্দ্ৰামগ্নতা
ক্ৰমশঃ তেওঁৰ কাষলৈ লৈ যায়৷ তেওঁৰ বিষয়ে অলপ বেছিকৈয়ে জানিবলৈ৷ আৰু অলপ বেছিকৈ
...
তেওঁৰ শৈশৱ-কৈশোৰ,
প্ৰথম যৌৱনৰ দিনবোৰৰ কথা, য়ুনিভাৰ্চিটিত কৃষ্ণচূড়াই আকাশত জুই লগোৱা দিনবোৰৰ কথা
.....৷ সকলোকে সন্মোহন কৰি ৰাখিব পৰা মানুহজনী পৰিয়ালৰ মতৰ বিপৰীতে গৈ অসমৰ ইমূৰৰ
পৰা সিমূৰলৈ ঘৰ এখন পাতিবলৈ গুচি অহাৰ কথা .....৷
: প্ৰেম সত্তাটোৱেই তেনেকুৱা৷ প্ৰেমৰ কাৰণে কিমান যুজ-বাগৰ ইতিহাসত৷ মোৰ সেইখিনিৰ পৰা এইখিনিলৈ অহাটো
কি ডাঙৰ কথাহে৷
তেওঁৰ মুখ-মণ্ডলত
লাজকুৰীয়া হাঁহি এটা বিয়পি পৰে৷ মোৰ বাবে ডাঙৰ কথা৷ জীৱনত কোনো এটা সিদ্ধান্ত সঠিককৈ
ল’ব নোৱাৰা, দুদ্যোল্যমান অৱস্থাত দুলি থকা মানুহ মই৷
বিশ বছৰৰ আগতে এৰি
অহা এযুৰি চকুৰ লগত বিন্দু বাইদেউৰ চকুযুৰিৰ যেন কৰবাত মিল আছে৷ নীলা, গভীৰ, কংগো
হাবিৰ দৰে ৰহস্যময় বিন্দু বাইদেউৰ চকুযুগৰিত মই খুঁটিয়াই চাওঁ৷ পালেনে বাৰু তেওঁ হেঁপাহৰ
প্ৰেমৰ মাজুলী৷ চিৰ আকাংক্ষিত নিৰাপত্তাৰ, সহচৰ্যৰ বন্দৰত লাগিল নে তেওঁৰ জাহাজ৷ সুধিবলৈ
মন যায়৷ প্ৰেমৰ জোৱাৰ-ভাটাত নিজকে উটুৱাই দি পুনৰ আত্মপৰিচয়ৰ সন্ধানত কৰা ওভতনি যাত্ৰা,
মধ্যযুগত এলকেমিৰ সন্ধানত উত্তপ্ত মৰুভূমি পাৰ হৈ পিৰামিডৰ তলত গুপ্ত ধনৰ সন্ধান
কৰা একেই কথা৷ সকলো দুঃসাহসিক যাত্ৰীয়েইটো এলকেমিষ্ট হৈ ঘূৰি নাহে৷ সৰহ সংখ্যককে
গ্ৰাস কৰে মৰুভূমিয়ে৷
(২)
কিছু দিনৰ পৰা ৰাজনীতিৰ
বতাহ বেচ গৰম হৈ আছে৷ প্ৰতিবাদী কন্ঠৰ নতুন নেতাজনৰ পিছত ক্ৰমান্বয়ে মানুহৰ ভীৰ বাঢ়ি
আহিছে৷
অসম আন্দোলনৰ পিছত
তেওঁ মানুহক ৰাজপথলৈ উলিয়াই আনিছে৷ তেওঁৰ কথাবোৰে, তেওঁ দাঙি ধৰিব খোজা বিকল্পৰ ধাৰণাই
মানুহক আকৰ্ষিত কৰিছে৷ বিশেষকৈ নতুন চামৰ ওপৰত তেওঁৰ প্ৰভাৱ অতি বেছি৷ প্ৰতিবাদী মিছিল,
ধৰ্ণা, সত্যাগ্ৰহ, লাঠীচাৰ্জ, কন্দুৱা গেছ, উদ্দাত্ত কণ্ঠৰ ভাষণ, প্ৰেছ মিট, আক্ৰমণ-প্ৰত্যাক্ৰমণৰে
ৰাজনীতিৰ যুঁজখন ক্ৰমাৎ আৰ্কষণীয় হৈ উঠিছে৷
মই তেওঁৰ অনুগামী
নহওঁ৷ তথাপি মই তেওঁৰ উত্থান হোৱাটো বিছাৰিছোঁ৷ তেওঁ আমাৰ কথাবোৰ কওক৷ সাধাৰণ মানুহৰ
সমস্যাবোৰ কওক৷ খেতিয়ক, ঠেলাৱালা, ৰিক্সাৱালা, পাণ-দোকানী, নিবনুৱা ল’ৰা-ছোৱালীৰ কথা
কওক, পদ-পথত বাস কৰা গৃহহীন মানুহবোৰৰ কথা কওক৷ ডিঙিৰ শিৰ ফুলাই কওক৷ আমি ভয়াতুৰ৷
দ্বিধাগ্ৰস্ত৷ তেওঁ নহয়৷ আমি ক’ব নোৱৰা, গোজৰি-গুমৰি থকা কথাবোৰ তেওঁ কওক৷ মানুহবোৰ
এতিয়া চালাক-চতুৰ হ’ল৷ তাহানিৰ দৰে নহয়৷ অসম আন্দোলনে মানুহক বহুত শিকালে৷ এতিয়া
মানুহে কাকোৱেই সহজতে বিশ্বাসত নলয়৷ অসম আন্দোলনৰ প্ৰতাৰণাৰ দাগ মানুহৰ বুকুত বৰ দকৈ
বহি আছে৷ সেয়ে তেওঁ কথাবোৰ মানুহে বুজি পোৱাকৈ কওক৷ বিন্দু বাইদেউৰ সতে মাজে-মাজে
কথাবোৰ পাতোঁ৷ আৰ্দশৰ বৈপৰীত্য৷ মুখৰ আঁৰৰ মুখবোৰে তেওঁক ব্যথিত কৰে৷ ভুলবোৰ আঙুলিয়াই
দিয়াত নিজৰ মাজতে অপ্ৰিয় হৈ অহাৰ কথা কয় বিন্দু বাইদেৱে৷ নিজৰ ঘৰখনো হৈ পৰে কেতিয়াবা
শ্বাসৰূদ্ধকৰ৷ ক্ষমতাত থাকিও যেন ক্ষমতাৰ পৰা তীব্ৰভাৱে মুক্তি বিছাৰে তেওঁ৷ আদৰ্শৰ
সতে কোনোপধ্যে আপোচ কৰিবলৈ ৰাজী নোহোৱা বিন্দু বাইদেউ প্ৰতিবাদী হৈ উঠে৷ কলেজত ৰেগিং
কৰোঁতে চিনিয়ৰৰ বিৰুদ্ধে প্ৰতিবাদী হৈ উঠাৰ দৰে৷ এদিন নিজেই লাঞ্চিত হৈ আন দহজনী অসহায়
মহিলাৰ অধিকাৰৰ হকে যুঁজ দিবলৈ ওলাই যোৱাৰ দৰে ৷
কথাবোৰ কৈ থাকিব
লাগিব৷ মানুহৰ বাবে মানুহৰ কথাবোৰ শুনিবলৈ নিবিচাৰিলেও কৈ যাব লাগিব৷
বিন্দু বাইদেউৰ দৰে
মানুহবোৰে এতিয়া কথাবোৰ ক’বলৈ লৈছে৷ মঞ্চত, ৰাজ পথত, তিনিআলি-চাৰিআলি, নগৰৰ অলি-গলিত
কথাবোৰ ওপঙি ফুৰিছে৷ কথাবোৰ নগৰৰ পৰা সোমাই গৈছে গাঁৱলৈ, গাঁৱৰ পৰা গাঁৱলৈ, কথাবোৰ
ব্ৰহ্মপুত্ৰৰ ঢৌ হৈছে৷ ব্ৰহ্মপুত্ৰৰ পৰা কথাবোৰ দিখৌ- ধনশিৰি হৈছে৷ সোৱণশিৰী হৈছে,
কলং-কপিলী হৈ জীয়াভৰলীৰ শিল চেঁচা সোঁত হৈছে কথাবোৰ৷ কথাবোৰ বৈ গৈছে পাগলাদিয়াৰ বুকুলৈ৷
বেকী নদীৰ পকনৈয়াত পাক খাইছে কথাবোৰে৷ মাজুলীৰ দৰিকাঘাটত দৰক লৈছে৷ কথাবোৰ ধুমুহা
হৈছে৷ ঠায়ে ঠায়ে বজ্ৰপাত হৈ পৰিছে কথাবোৰ৷ কথাবোৰ বুজি পোৱা মানুহবোৰ একেখন চন্দ্ৰতাপৰ
তলত আহি থিয় হৈছেহি৷ মানুহবোৰে বুজি পাইছে অকল মানুহৰ আৱেগক সাৰথি কৰি শক্তিশালী পক্ষ এটাৰ বিৰুদ্ধে যুঁজাটো সহজ কথা নহয়,
তাৰ বাবে আৱশ্যক সুনিৰ্দ্দিষ্ট পৰিকল্পনা আৰু মজবুত গণভিত্তি৷
শাসকীয় দলৰ ক্ষমতা
এৰি থৈ বিন্দু বাইদেউ নতুন দলটোলৈ অহাটো এইখিনি সময়ত দলটোৰ বাবে বৰ ডাঙৰ সফলতা৷ তেওঁৰ
এটা গণভিত্তি আছে৷ তেওঁৰ জনপ্ৰিয়তাই নতুন দলটোক যথেষ্ট সহায় কৰিব৷ বিশেষকৈ ভিতৰুৱা
অঞ্চলৰ মহিলাসকলৰ ওচৰ চপাত তেওঁ লিড্ ল’ব পাৰিব৷ সময় আগবঢ়াৰ লগে লগে আমাৰ ব্যস্ততা
তীব্ৰ হৈ উঠিছে৷ কোনোদিনে ৰাজনীতিৰ কথাবোৰত বৰ বেছি আগ্ৰহ নেদেখুওৱা, সদায় নিৰপেক্ষতাৰ
চোলা এটা পিন্ধি ফুৰা মই মানুহটোও হঠাৎ সক্ৰিয় হৈ উঠিছোঁ৷ ৰাজনৈতিক কৰ্ম-কাণ্ডবোৰ
খুউব সূক্ষ্মভাৱে নিৰীক্ষণ কৰা, বিশ্লেষণ কৰা, বিপক্ষৰ কৌশলক ওচৰৰ পৰা লক্ষ্য কৰি ৰাতি
হ’লে বিন্দু বাইদেউৰ সতে আলোচনা কৰাটো এতিয়া নিয়মীয়া ৰুটিন হৈ পৰিছে মোৰ বাবে৷ মানুহজনীৰ
ৰাজনীতিৰ পথাৰখনৰ জ্ঞান, মানুহক আকৰ্ষণ কৰিব পৰা ক্ষমতা, সৰলতা, উদ্দ্যম, প্ৰাণ-চঞ্চলতা
আৰু সাংঘাটিক পজিটিভটিয়ে এক প্ৰকাৰ মোহগ্ৰস্ত কৰি তুলিছে মোক৷ তেওঁৰ সতে কথা পাতোঁতে
আজিকালি অজান পুলকত পুলকিত হৈ উঠোঁ মই৷ এচাটি শীতল পচোৱা হৈ পাৰ হৈ যায় তেওঁ মোৰ মাজেদি৷
এখন সেতু গঢ়ি উঠিছে মোৰ পৰা তেওঁলৈ৷ এখন অদৃশ্য উৰণীয়া সেতু আত্মীয়তাৰ সহচৰ্যৰ ...
ৰাজনীতিৰ সমীকৰণবোৰ
পলে পলে সলনি হৈছে৷
হিচাব-নিকাচৰ অমিল
হলেই এটা শিবিৰৰ লোক ৰাতিৰ ভিতৰতে আন এটা শিবিৰ পায়গৈ৷ চিপৰাংবোৰ সক্ৰিয় হৈ উঠে৷ আমাৰ
শিবিৰৰ বিভীষণবোৰেও মূৰ দাঙি উঠিছে৷ ৰাজপথৰ শ্ল’গানবোৰ চৰকাৰী প্ৰশস্তিলৈ পৰিণত হবলৈ
দ্বিধা কৰা নাই তিলমানো৷ ৰাইজৰ ভাৱৰীয়াবোৰে ৰাইজৰ লগ এৰি চৰকাৰী বচন আওৰাইছে চৰকাৰী
মঞ্চত উঠি৷ ৰাজপথত কাপোৰ খোলা বিপ্লৱী সকলেও চৰকাৰী কাপোৰ পিন্ধিছে ৰঙ-বিৰঙৰ৷ মুঠৰ
ওপৰত গায়ক, অভিনেতা, বিপ্লৱী ছাত্ৰনেতা, প্ৰায় সকলোৱেই যেন সময় ওচৰ চাপি অহাৰ লগেই
লগেই পিচুৱাই গৈছে ক্ৰমান্বয়ে৷ ৰাজনীতিৰ এই নগ্নৰূপ মোৰ বাবে নতুন আচহুৱা৷ তথাপি আমি
যুঁজিব লাগিব৷ সিমানেই বীৰত্বৰে৷ পৰাজয় নিশ্চিত বুলি জানিও যুঁজিব লাগিব৷ এবাৰ যুদ্ধ
আৰম্ভ কৰি প্ৰকৃত যোদ্ধা পিছুৱাই যাব নোৱাৰে৷ এই যুঁজ ৰাইজৰ বাবে কৰা যুঁজ৷ পৰিৱৰ্তনৰ
বাট কাটিবৰ বাবে এই যুঁজ অপৰিহাৰ্য৷ ক্ৰমশঃ ম্লান হৈ অহা জাতীয় প্ৰেমক জগাই তুলিবলৈ,
এদিন ইতিহাস হ’বৰ বাবেই এই যুঁজ অপৰিহাৰ্য ...
হাবিত জুই লগা সাধুটোৰ
দৰেই এতিয়া আমাৰ অৱস্থা৷
এধানিমান টিপচি চৰাইজনীয়ে
তাইৰ সৰু ঠোঁটটোৰে এচিকুট পানী লৈ আহি বাৰে বাৰে যেতিয়া জুইত চটিয়াই দিছিল তাই জানিছিল
তাইৰ এধানিমান ঠোঁটৰ পানীয়ে জুই নুনুমুৱাই৷ কিন্তু এদিন ইতিহাস লিখা হ’ব আৰু তেতিয়া
তাইৰ নামো জুই নুমুৱাসকলৰ স’তে লিখা হ’ব৷ দেশত জুই জ্বলোৱাসকলৰ শাৰীত নহয়৷ কেতিয়াবা
এই কথা ক’বলৈও যুঁজিব লাগে, যেতিয়া সকলোৱে আত্মসমৰ্পণ কৰিছিল কোনাবা এজন আছিল, যি
শেষলৈকে পথাৰত থিয় হৈ আছিল৷
জনতাৰ ইছুবোৰ সঠিকভাৱে
মানুহৰ মাজলৈ লৈ যাব নোৱাৰা, সাংগঠনিক দুৰ্বলতা, সঠিক ৰণ কৌশলৰ অভাৱ, বিশ্বাসঘাটকৰ
বেত্ৰাঘাটত বিধ্বস্ত হৈ আমাৰ পৰাজয় হৈছে শোচনীয়ভাৱে৷ আমি সাজু হৈয়ে আছিলোঁ৷ তথাপি
এই পৰাজয় অসহনীয়৷ শৰীৰৰ হাড়ঁবোৰ একেলগে গুৰি হৈ যোৱাৰ দৰে যন্ত্ৰণাদায়ক৷ মৰ্মান্তিক৷
তথাপি হাজাৰ হতাশাৰ মাজতো আমাৰ দলপতিৰ জয়ে আমাক উল্লাসিত কৰিছে৷ এই জয় সাধাৰণ জয়
নহয়৷ এই জয়ে পৰিৱৰ্তনৰ ইংগিত লৈ আহিছে৷ এই জয় ৰাইজৰ জয়৷ এই জয় জাতীয় প্ৰেমৰ পুনৰ
উত্থানৰ প্ৰথম খোজ৷ ইতিহাসৰ পাতত লিখা থাকিব এই জয়৷
মছনদ কঁপাই এতিয়া
গোঁজৰি উঠিব তেওঁ৷ তেওঁৰ উদ্দাত্ত কণ্ঠই পাৰ হৈ যাব দেশৰ পৰিসীমা, প্ৰতিধ্বনি তুলিব
আকাশত, বতাহত, নক্ষত্ৰমণ্ডলীত৷ কাৰণ তেওঁ মানুহৰ কথা কয়, মাটিৰ কথা কয়, জাতীয় প্ৰেমৰ
কথা কয়৷ আধুনিক যুগৰ মেণ্ডলা তেওঁ৷
সময় বাগৰাৰ লগে
লগে মানুহৰ আৱেগবোৰো শাম কাটিছে ব্ৰহ্মপুত্ৰৰ ওপৰেদি নিতৌ নতুন পানী বাগৰিছে৷ বেকী
নদীৰ পকনৈয়াত চপৰা-চপৰে গৰা খহিছে৷ সোৱণশিৰী শুকাই পুনৰ বৈছে৷ পাগলাদিয়াৰ পানীত নামনিৰ
পথাৰবোৰ বুৰ গৈছে৷ গছবোৰ উদং হৈছে৷ ঠেঁটুৱৈ লগা জাৰত উচ্ছেদ চলি আছে৷ কা, কেব হৈ আইন
হৈছে৷
আমাৰ নেতা গুজৰি
উঠিছেনে মছনদ কঁপাই? তেওঁৰ কণ্ঠই অতিক্ৰম কৰিছেনে দেশ আৰু কালৰ সীমা? একেই আছেনে তেওঁৰ
আগৰ প্ৰতিবাদী, আপোচবিহীন স্থিতি ! কাৰাগাৰৰ অন্ধকাৰৰ পৰা জনতাৰ হৃদয়লৈ নিৰলস যাত্ৰা
কৰিও কিয় হৈ উঠিব পৰা নাই সৰ্বহাৰাৰ ঈশ্বৰ৷
নে তেওঁৰো আছে মুখৰ
আৰৰ মুখ !!
(৩ )
বিন্দু বাইদেউৱে
টেক্সটাইলৰ ব্যৱসায় আৰম্ভ কৰিছে৷
সক্ৰিয় ৰাজনীতিৰ
পৰা দূৰৈত শিশু সুৰক্ষাৰ কামত আত্ম নিয়োগ কৰিছে নিজক৷ বাইদেউ সদায় নতুন ৰাস্তাৰ সন্ধান
কৰা মানুহ৷ শূণ্যৰ পৰা আৰম্ভ কৰা মানুহ৷ ডিৰ্ভচী, অৱহেলিত, পিছপৰা মহিলাসকলক লগত
লৈ ব্যৱসায় আগৱঢ়াইছে৷ শিশু-শ্ৰমিক উদ্ধাৰ, ড্ৰাগচৰ কৱলত পৰা ল’ৰা-ছোৱালীবোৰক উদ্ধাৰ
কৰা কামত দেহে-কেহে খাটিছে৷ মই আকৌ নিৰপেক্ষতাৰ চোলাটো পিন্ধি নিৰাপদ দূৰত্বত অৱস্থান
কৰিছোঁ৷ নিজৰ দৈনন্দিন কামত ব্যস্ত হৈছোঁ৷ বাতৰি চাইছোঁ৷ টকশ্ব’ চাইছোঁ৷ চৰকাৰক গালি
পাৰিছোঁ৷ বেছি দামত ৰেচন কিনিছোঁ৷
দৰকাৰী কামত সেইফালে
গ’লে বিন্দু বাইদেউৰ ওচৰত এপাক সোমাৱোৰ অভ্যাসটো পিছে এৰা নাই৷ বিন্দু বাইদেউৰ কাপোৰৰ
শ্ব’ৰূমত বহি চাহ খোৱা বিন্দু বাইদেউৰ লগত কথাৰ মহলা মৰা৷ ঘৰলৈ দুই-এপদ বস্তু লোৱা,
কেতিয়াবা প্ৰেয়সীৰ পছন্দৰ কাপোৰ বিছৰা৷ গুজৰাটি বণিয়াৰ সমূখত থলুৱা ব্যৱসায়ীৰ
প্ৰত্যাহ্বান, থলুৱা ব্যৱসায়ীসকলৰ প্ৰতি চৰকাৰৰ অনীহাৰ কথা আলোচনা কৰিছোঁ দীঘলীয়া
সময়জুৰি৷ বিন্দু বাইদেৱে নতুনকৈ লিখা কবিতা এটাৰ কথা পাতিছোঁ৷ নতুনকৈ লিখিবলৈ লোৱা
কিতাপখনৰ কথা ...
বিন্দু বাইদেউৰ সান্নিধ্যৰ
কোমল সময়খিনি আবেলিৰ শীতল বতাহ এচাটিত কঁপি উঠা আঘোণৰ ধাননি পথাৰ এখন হৈছে৷ মই তেওঁৰ
নীলা, ৰহস্যঘন গভীৰ চকুজুৰিলৈ তধা লাগি চাই আছোঁ৷ তিৰবিৰাই থকা চকুজুৰিত জিলিকি আছে
আত্মীয়তাৰ ৰ’দ এচাটি ...
বিন্দু বাইদেউক ক’ম
বুলিও কিছু কথা ৰৈ যায়৷ মনগহনত কিছু কথা নোকোৱাকৈয়ে থাকি যোৱাটো ভাল৷ একান্ত নিজৰ
বাবে ...
ভাল লগা গান এটা
হৈ বিন্দু বাইদেউ গুণ গুণাই বাজি থাকক বুকুৰ মাজত .......
ঠিকনা:
জালুকবাৰী
ভ্ৰাম্যভাষ - ৭০৯৯০০৬৬৯২