অসীম তালুকদাৰ
কিছুমান বস্তুৰ কথা সহজে পাহৰিব নোৱাৰি৷ যেনে জীৱনৰ প্ৰথম ফোনটো৷ মই প্ৰথম ম’বাইল ফোন খুব সম্ভৱ ২০০১ বা ২০০২ চনত লৈছিলোঁ৷ সেই সময়ত মই ইঞ্জিনিয়াৰিং কলেজৰ অন্তিম বৰ্ষৰ ছাত্ৰ আছিলোঁ৷ সেই ন’কিয়া ফোনটো প্ৰথমবাৰ হাতত লৈ যিমান স্ফূৰ্তি পাইছিলোঁ সেই স্ফূৰ্তি পৰৱৰ্তী সময়ৰ আই-ফোন, চেমচাং গেলেক্সী আদি কোনো ফোনেই মোক দিব পৰা নাই৷ আমাৰ অসমৰ ঘৰত মোৰ পুৰণি বস্তুবোৰৰ মাজত সেই ফোনটো চাগে এতিয়াও ওলাব৷ সেই সময়ত অৱশ্যে আজিৰ দৰে প্ৰত্যেকৰে হাতে হাতে ফোন নাছিল৷ লেণ্ড-লাইনো ঘৰে ঘৰে নাছিল৷ ঘৰৰ ফোনৰ কথা বাদেই, বন্ধু-বান্ধৱ, আনকি অঙহী-বঙহীৰো যাক যাক ফোন কৰা দৰকাৰ হয় সকলোৰে ফোন নম্বৰবোৰ মোৰ মুখস্থ আছিল৷ এতিয়া একুৰি বছৰৰ পাছত স্মৃতিশক্তি বহুত বেয়া হ’ল৷ তদুপৰি দৰকাৰ হোৱা ফোন নম্বৰৰ সংখ্যাও হাজাৰ গুণে বৃদ্ধি পালে৷ গতিকে ফোন নম্বৰবোৰ মনত নথকাটো একো অস্বাভাৱিক নহয়৷ কিন্তু আজি মই মনত পেলাব নোৱাৰা ফোন নম্বৰটোৰ ক্ষেত্ৰত সেয়া হ’ব নালাগিছিল৷ কিয়নো সেই নম্বৰটো হৈছে অপৰাৰ মানে অপৰাজিতাৰ৷ পাঁচ বছৰ আগতে এইটো মাহতেই অপৰা আৰু মোৰ পাঁচ বছৰীয়া বৈৱাহিক জীৱনৰ অন্ত পৰিছিল৷
যোৱা চাৰিদিন ধৰি মোৰ গা বেয়া৷ প্ৰচণ্ড জ্বৰ, লগতে অসহ্য গাৰ বিষ৷ আজিহে অলপ ভাল পাইছোঁ৷ ক’ভিডৰ আতংক এতিয়াও কমা নাই৷ কিন্তু মই ক’ভিডত আক্ৰান্ত হোৱা নাই বুলি প্ৰায় নিশ্চিত৷ ক’ভিডৰ ভেকচিন মই কেতিয়াবাই লৈছোঁ৷ তদুপৰি ক’ভিডৰ লক্ষণবোৰো মোৰ নাই৷ ভাইৰেল জ্বৰহে হৈছিল যেন লাগিছে৷ মোৰ অফিচৰ চিনাকি কেইবাজনৰো একে ধৰণৰ বেমাৰ হৈছে৷ ক’ভিড আৰম্ভ হোৱাৰ পৰা কোম্পানীয়ে আমাক ঘৰৰ পৰাই কাম কৰাৰ স্বাধীনতা দিছে কাৰণে সুবিধা হৈছে৷ যোৱা শুক্ৰবাৰে আবেলি মোৰ জ্বৰ আৰম্ভ হৈছিল৷ সাধাৰণ জ্বৰৰ দৰে আৰম্ভ হৈছিল বাবে প্ৰথমে গুৰুত্ব দিয়া নাছিলোঁ৷ সিদিনা সন্ধিয়াৰ পৰা লাহে লাহে জ্বৰ বাঢ়িবলৈ আৰম্ভ কৰিলে৷ কেইবাবাৰো জ্বৰ চালোঁ৷ প্ৰতিবাৰেই মোৰ জ্বৰ ১০৩-১০৫ ডিগ্ৰীৰ মাজত আছিল৷ জ্বৰ বেছি হোৱা যেন দেখি মোৰ বছক কথাটো জনাই সোমবাৰৰ পৰা কেইদিনমানৰ কাৰণে ছুটী লাগে বুলি ইমেইল এখন পঠিয়ালোঁ৷ ছুটী মঞ্জুৰ হ’ল৷ মই অলপ ভয় খাইছিলোঁ, কিয়নো আগতে কেতিয়াও ইমান টান জ্বৰ হোৱা নাই৷ অৱস্থা বেছি বেয়াৰ ফালে ঢাল খালে মোক চাবলৈ ইয়াত কোনো নাই৷ সৰুতে কেতিয়াবা বেছি জ্বৰ হ’লে মাই ডাঙৰ ৰুমাল এখন পটিৰ দৰে ভাজ কৰি ঠাণ্ডা পানীত তিয়াই কপালত দিছিল৷ সেই কামটো মই নিজেই কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ কিচ্চেনৰ পৰা টাৱেল এখন আৰু ঠাণ্ডা পানী এক জগ কিবাকৈ আনিলোঁ৷ কিন্তু গাটো মোৰ ইমানেই দুৰ্বল দুৰ্বল লাগিছিল যে জগটো হাতৰ পৰা পিছলি বিছনাখন তিতি গ’ল৷ পুনৰ পাকঘৰলৈ গৈ পানী আনিবলৈ শক্তি নহ’ল৷ তেনেকৈয়ে বিছনাত পৰি ৰ’লোঁ৷ মাজে মাজে অসহ্য গৰম লাগে – তাৰ অলপ পাছতেই কঁপি কঁপি ঠাণ্ডা লাগে৷ গোটেই ৰাতি তেনেকৈয়ে থাকিলোঁ৷ বহুত দিনৰ আগতে আনি থোৱা জ্বৰৰ টেবলেট কেইটামান খালোঁ৷ কিন্তু একো কামত নাহিল৷
শনিবাৰে ৰাতিপুৱাৰ সময়তে এটা অঘটন ঘটিল৷ বাথৰুমলৈ গৈছিলোঁ৷ ওলাই অহাৰ পাছতেই মোৰ মূৰটোৱে আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ বাথৰুমৰ সম্মুখতে বাগৰি পৰিলোঁ৷ চকুৰে একো নেদেখা হ’লোঁ৷ এম্বুলেঞ্চ নাইবা আন কাৰোবাক ফোন কৰিবলৈও ফোনটো কাষত নাছিল৷ উঠিবলৈও শক্তি নোহোৱা হ’ল৷ তেনেকৈয়ে কাৰ্পেটতেই মোৰ টোপনি আহিল৷ তিনি ঘণ্টামান শোৱাৰ পাছত অলপ শক্তি পাই উঠি লিভিং ৰূমৰ চোফাত বহিলোঁ৷ কাষতে পানীৰ বটল এটা আছিল৷ পানী বটল খাই পুনৰ চোফাতে শুই পৰিলোঁ৷ যেতিয়া সাৰ পাইছোঁ তেতিয়া ৰাতি দহমান বাজিছিল৷ কেনেকৈ ইমান শুলোঁ মই নিজেই নাজানো৷
আগদিনা আবেলিৰে পৰা একো খোৱা নাই কাৰণে খুব ভোক লাগিছিল৷ ফ্ৰিজত দুদিন আগতে অৰ্ডাৰ কৰা পিজ্জা আছিল৷ একেবাৰে শিলৰ দৰে টান হৈ আছিল৷ মাইক্ৰ’ৱে’ভত গৰম কৰাৰ পাছতো খাব নোৱাৰিলোঁ৷ বিস্কুট এক পেকেট আছিল৷ বিস্কুট পেকেট গোগ্ৰাসে গিলিলোঁ৷ ফ্ৰিজত গাখীৰ আছিল৷ এগিলাছ গাখীৰো খালোঁ৷ গাখীৰখিনিৰ এক্সপায়াৰী ডে’ট চাৰিদিনৰ আগতেই আছিল, কিন্তু সেই মুহূৰ্তত সেইবোৰ চাবলৈ ধৈৰ্য নাছিল৷ ভুল কৰিলোঁ৷ দহ মিনিটমান পাছতেই বমি হ’ল৷ বাথৰূম গৈ নাপালোঁৱেই৷ গোটেই বমিখিনি মজিয়াত পৰিল৷ তাৰ পাছত মোৰ অসহ্য পেটৰ প্ৰচণ্ড বিষ আৰম্ভ হ’ল৷ মজিয়াত বাগৰি পৰিলোঁ৷ উঠিব নোৱাৰি তাতেই আধা ঘণ্টামান পৰি থাকিলোঁ৷ ভাব আহিছিল, মই চাগে আৰু বাচি নাথাকিম৷ কাৰোবাক মাতিবৰ মন গৈছিল৷ কিন্তু সিমান ৰাতি ফোন কৰিব পৰাকৈ ওচৰে পাজৰে মোৰ কোনো নাই৷ কিবাকৈ শক্তি গোটাই মোৰ ঘৰৰ ওচৰতে থকা বন্ধু এজনলৈ ইমেইল এখন পঠিয়ালোঁ৷ গা বেয়া বুলি খোৱা বস্তু কেইটামান ৰাতিপুৱা আনি দিবলৈ অনুৰোধ কৰিলোঁ৷ মই যদি শুই থাকোঁ, দুৱাৰৰ কাষতেই থৈ যাবলৈ অনুৰোধ কৰিলোঁ৷ ইমেইলখন পঠিয়াই তেনেকৈয়ে চোফাত শুই পৰিলোঁ ৷
ৰাতিপুৱা সাৰ পাওঁতে এঘাৰ বাজি গ’ল৷ ইমান দুৰ্বল চাগে আগতে জীৱনত কেতিয়াও অনুভৱ কৰা নাই৷ খোজ কাঢ়োঁতে মই আলৰ বুঢ়াৰ দৰে কঁপিছোঁ৷ মোৰ ফোনত অকণো চাৰ্জ নাছিল৷ ফোনটো চাৰ্জ কৰিলোঁ৷ বন্ধুজনৰ মেছেজ এটা আছিল৷ সি হেনো কলিং বেল বজাইছিল৷ দুৱাৰ নোখোলা কাৰণে দুৱাৰৰ কাষতে বস্তুখিনি থৈ গুচি গ’ল৷ তাক ধন্যবাদ দি আৰু অলপ ভাল পোৱা বুলি কৈ মেছেজ এটা কৰিলোঁ৷ মই কোৱা বস্তুখিনিৰ উপৰি অন্য দুটামান বস্তুও আনি থৈ গৈছে৷ দুখন ব্ৰে’ডত জে’লী অলপ লগাই খালোঁ৷ তাৰ পাছত চাউল অলপ ধুই আলু-বিলাহী দুটামানৰে সৈতে প্ৰেচাৰ কুকাৰত বহাই দিলোঁ৷ ভাতত পানী বেছি হৈছিল৷ কিন্তু নিমখ অকণমানেৰে সৈতে সেইখিনি ভাত খাই মই যিমান তৃপ্তি পালোঁ, সিমান তৃপ্তি চাগে ফাইৱ ষ্টাৰ হোটেলৰ পাৰ্টীবোৰতো কেতিয়াও পোৱা নাছিলোঁ৷ লাহে লাহে মোৰ জ্বৰটো অলপ কমিল, কিন্তু গাৰ বিষ অকণো নকমিল৷ তাৰ পাছত দুদিন বাগৰি গৈছে৷ যোৱা দুদিনৰ প্ৰায় আটাইখিনি সময় চোফাত পৰি পৰি টিভি চাই সময় কটাইছোঁ৷ আজি কিছু ভাল পাইছোঁ৷ কিন্তু ওলাই গৈ গাড়ী চলাব পৰাকৈ আত্মবিশ্বাস অহা নাই৷ অফিচৰ ছুটী মঞ্জুৰ হৈ আছে কাৰণে একো অসুবিধা হোৱা নাই৷ এটা যেন ডাঙৰ সুযোগ পালোঁ – মোৰ একচল্লিছ বছৰীয়া অৰ্থহীন জীৱনটোৰ অতীতলৈ ভুমুকিয়াই চাবলৈ৷
সৰুৰে পৰাই ভৱিষ্যতে অভিযন্তা হোৱাৰ হেঁপাহ পুহি ৰাখিছিলোঁ৷ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰাৰ পাছত অসমৰ বাহিৰৰ বিখ্যাত ইঞ্জিনিয়াৰিং কলেজ এখনত নাম ভৰ্তি কৰিবলৈ সুযোগ পাইছিলোঁ৷ সময়ত বহুজাতিক কোম্পানী এটাত ভাল চাকৰি এটাও পালোঁ৷ হায়দৰাবাদত দুবছৰ কটালোঁ৷ কিন্তু উচ্চ শিক্ষাৰ কাৰণে মন এটা আছিল কাৰণে বেছিদিন সেই চাকৰি নকৰিলোঁ৷ অৱশ্যে এতিয়া যদি দকৈ ভাবি চাওঁ, মই উচ্চশিক্ষাৰ কাৰণে আগ্ৰহী আছিলোঁ নে প্ৰকৃততে মোৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিবলৈহে বেছি মন আছিল সঠিককৈ ক’ব নোৱাৰিম৷ যি নহওক, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামজ্বলা ইউনিভাৰ্ছিটি এখনত নাম ভৰ্তি কৰিলোঁ আৰু কম্পিউটাৰ চায়েঞ্চত পি এইচ ডি ডিগ্ৰী ললোঁ৷ কেলিফ’ৰ্নিয়া প্ৰদেশৰ ছান ফ্ৰাঞ্চিস্কো চহৰৰ নিকটৱৰ্টী মাউণ্টেইন ভিউৰ বিখ্যাত ছফ্টৱেৰ কোম্পানি এটাত চাকৰি পালোঁ৷ চাকৰিৰ আৰম্ভণিতে হোৱা ট্ৰেইনিঙৰ প্ৰথম দিনাই মোৰ লগত একেলগে সেই কোম্পানিতে যোগদান কৰা অপৰাজিতাক লগ পালোঁ৷ তাই মোৰ কাষতে বহিছিল৷ পাঁচ মিনিটমান কথা পতাৰ পাছতহে গম পালোঁ তাই অসমীয়া বুলি৷ অপৰা হাঁহিমুখীয়া ছোৱালী৷ সাধাৰণ খুহুতীয়া কথাতে তাই হাঁহি হাঁহি বাগৰি পৰে৷ জুখি-মাখি কথা কোৱাৰ অভ্যাস নাই৷ প্ৰথম দিনাই তাই মোক এবাৰত হায়েষ্ট কিমানটা চি্ছকেন ম’ম’ খাব পাৰিম সুধিলে৷ তাই হেনো এবাৰ বাইছটা খাইছিল৷ খোৱা বোৱাৰ ক্ষেত্ৰত মোৰ দৰেই একো বাচ-বিচাৰ নাই৷ কেৱল মেগী আৰু ভাত-দাইলহে ৰান্ধিব জানে৷ মোৰ দৰে অপৰাৰো সৰু ল’ৰা-ছোৱালী ভাল লাগে৷ কিন্তু তাই নিজে সন্তান জন্ম দি ডাঙৰ দীঘল কৰাৰ যে দায়িত্ব লব পাৰিব তাত হেনো তাইৰ সন্দেহ আছে৷ অপৰায়ো ভ্ৰমণ কৰি ভাল পায়৷ নিজৰে অজানিতে আমি দুয়ো একেলগে সময় কটাবলৈ আৰম্ভ কৰিলোঁ৷
অফিচৰ ওচৰতে আমি ঘৰ এটা কিনিলোঁ৷ দিনবোৰ ভালেই গৈ থাকিল৷ আমি দুয়ো নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকোঁ৷ ইজনে সিজনৰ কামত হস্তক্ষেপ নকৰোঁ৷ প্ৰায়েই বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাওঁ৷ মাজে মাজে মন গ’লে একেলগে এসাজ ৰান্ধোঁ৷ বন্ধ পালেই আমি ফুৰিবলৈ যাওঁ৷ বিয়াৰ প্ৰথম তিনি বছৰত পৃথিৱীৰ বহু ঠাই ফুৰিলোঁ৷ কিন্তু লাহে লাহে আমাৰ ঘৰলৈ যে তৃতীয় কোনোবাৰ আগমন হোৱা নাই, সেই কথাটো মানুহৰ চকুত পৰিবলৈ আৰম্ভ কৰিলে৷ আমাৰ দুইখন ঘৰৰ পৰাও একেটা কথা আকাৰে-ইংগিতে কৈ থকা হ’ল৷ বন্ধু-বান্ধৱৰো একেই কথা৷ মোৰ মন লাহে লাহে অলপ সলনি হ’ল৷ ভাব হ’বলৈ ধৰিলে যে ঘৰত কণমানি কোনোবা এটা থাকিলে ভাল লাগিব৷ অপৰাৰ কিন্তু চাফ চাফ কথা৷ ল’ৰা-ছোৱালী জন্ম দিয়া তাইৰ দ্বাৰা নহ’ব৷ কিয় জানো কথাটো মোৰ ভাল নালাগিল৷ আমাৰ মাজত কথা শেষ হৈ আহিছিল৷ কেতিয়াবা গোটেই দিন দুয়ো ঘৰত থাকিলেও আমাৰ মাজত দুই-এটা কথাৰহে আদান-প্ৰদান হয়৷ দুয়ো নিজৰ নিজৰ ৰূমত কম্পিউটাৰ নাইবা ফোন লৈ ব্যস্ত হৈ থাকোঁ৷ টিভি চলি থাকিলে নাইবা ফোনত কাৰোবাৰ লগত কথা পাতিলে যি শব্দ হয় সেয়াই৷ বাকী সময়ত সমগ্ৰ ঘৰৰ পৰিৱেশ একেবাৰে নিস্তব্ধ হৈ থাকে৷ উপলব্ধি নকৰাকৈয়ে আমি দুয়ো যেন ইজনে সিজনৰ পৰা আঁতৰি গলোঁ৷ বন্ধু-বান্ধৱৰ সৈতে ফুৰিবলৈ যাবলৈ ভাল নলগা হ’ল৷ সকলোঁৱে নিজৰ ল’ৰা-ছোৱালীৰ লগত ব্যস্ত হৈ থাকে৷ আমি যেন সিহঁতৰ গ্ৰুপত খাপ নোখোৱা হ’লোঁ৷
অচিৰেই সেই ৰাতিটো আহিল৷ ঘনিষ্ঠ বন্ধু এজনৰ ঘৰত নিমন্ত্ৰণ আছিল৷ আন কেইজনমান বন্ধু-বান্ধৱীও আছিল৷ তাতেই কোনোবাই কথাটো উলিয়ালে৷ সেই প্ৰশ্নটোৱে মোক অপ্ৰস্তুত কৰি তুলিলে৷ “পঁয়ত্ৰিছ বছৰৰ পাছত গৰ্ভধাৰণ কৰাটো মাক আৰু সন্তান দুয়োৰে কাৰণেই বিপজ্জনক”, “মাক-দেউতাকৰ পঞ্চাছ-পঁচপন্ন বছৰতেই সন্তানে চাকৰি-জীৱন আৰম্ভ কৰিব লাগে” – এনে ধৰণৰ কথা নুশুনিবলৈ আৰু বিষয়টো তাতেই সামৰিবলৈ “আমি ল’ৰা-ছোৱালীৰ কথা এতিয়া ছিৰিয়াছ্লি ভাবিছোঁ” বুলি মই সিহঁতক কলোঁ৷ অপৰা কাষতেই আছিল৷ তাইৰ মুখৰ অভিব্যক্তি সলনি হৈ গ’ল৷
সেই সামান্য ফিৰিঙতিয়েই যে খাণ্ডৱ দাহ কৰিব তাৰ উমান তেতিয়া পোৱা নাছিলোঁ৷ বন্ধুজনৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ গাড়ীত এঘণ্টাৰ পথ৷ গোটেই সময়খিনি আমি কাজিয়া কৰিলোঁ৷ অপৰা আচৰিত যে মই তাইৰ লগত পৰামৰ্শ নকৰাকৈ ইমান ডাঙৰ কথা এটা কেনেকৈ কব পাৰিলোঁ? সেই কাজিয়া কেতিয়াও শেষ নহ’ল৷ তাইৰ এটাই কথা- বিয়াৰ আগতেই ল’ৰা-ছোৱালী তাইৰ দ্বাৰা নহ’ব বুলি স্পষ্ট কৰি দিছিল৷ কেৰিয়াৰৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ সময়ত কেনেকৈ বেলেগ কথা ভাবিব পাৰোঁ ? ছোৱালীবোৰ কি সন্তান জন্ম দিয়াৰ মেচিন নেকি ? তাইহে কাম বন্ধ কৰি সন্তানক নমাহ পেটত ৰাখিব লাগিব৷ অপৰাৰ কথাৰ পৰা মই আচৰিত হ’লোঁ৷ বিয়াৰ আগতে বহুতেই ভাবে ল’ৰা-ছোৱালী জন্ম নিদিওঁ বুলি৷ কিন্তু পাছত মানুহৰ মন সলনি হয়৷ মোৰ কথা হ’ল আমি সাধাৰণ মানুহ৷ সাধাৰণ মানুহৰ দৰেই জীয়াই থাকিব বিচাৰোঁ৷ এ পি জে আবুল কালাম নাইবা অটল বিহাৰী বাজপেয়ীৰ পৰ্যায়ৰ মানুহ নহওঁ আমি৷ ময়ো নিজে গম নোপোৱাকৈ কঠোৰ হৈ পৰিলোঁ৷ এবাৰ মোৰ মুখৰ পৰা ওলাই গল “যদি ল’ৰা-ছোৱালী জন্মই নিদিওঁ, তেন্তে আমি বিয়া হ’লোঁ কিয় ?”
অপৰাই বেলেগ বুজিলে৷ মই চিধাই ডিভোৰ্চৰ কথা কৈছোঁ বুলি ধৰি ল’লে৷ সেয়াই আৰম্ভণি৷ তাৰ পাছতো আমি ডেৰমাহ নামত একেলগে থাকিলোঁ৷ কিন্তু আমাৰ মাজত কথা-বতৰা সম্পূৰ্ণ বন্ধ হৈ গ’ল৷ বেলেগ বেলেগ ৰূমত শোৱা আৰম্ভ কৰিলোঁ আমি৷ এদিন অপৰাই ৰাতি মোৰ কাষলৈ আহি ক’লে যে তাই মাউণ্টেইন-ভিউৰ চাকৰিটো এৰি ছেন-হোজেৰ এটা ছফ্টৱেৰ কোম্পানীৰ চাকৰিত যোগ দিছে৷ পাছদিনাই নিজৰ বস্তু-বাহানি লৈ তাই গুচি গ’ল৷
ছেন-হোছে আৰু মাউণ্টেইন-ভিউ ওচৰা-ওচৰি৷ কিন্তু কিবা এটা জেদ ধৰি মই এবাৰো তাইৰ ওচৰলৈ নগ’লোঁ৷ দৰকাৰী কথাবোৰ যেনে ঘৰটো বিক্ৰী কৰা কথাটো ইমেইলতহে পাতিলোঁ৷ ঘৰটো বিক্ৰী হোৱাৰ পাছৰ কিছুদিন মোৰ খুব বেয়াকৈ গ’ল৷ অপৰাই কিছু কথা ফে’চ্বুকত প’ষ্ট কৰিলে – “ইমান দিনৰ মূৰতহে হেনো তাই শান্তিৰে উশাহ ল’ব পাৰিছে৷ পৃথিৱীৰ সকলোঁ মতা মানুহ একেই৷ মতা মানুহৰ কাৰণে নাৰীৰ প্ৰথম পৰিচয় হেনো নাৰীৰ শৰীৰটো৷” প্ৰথমে মই নিমাতে আছিলোঁ৷ কিন্তু মাজতে খং উঠি ময়ো কিছুমান কথা লিখিব নলগীয়া কথা ফে’চ্বুকত লিখিলোঁ৷ আমি যে সমগ্ৰ পৃথিৱীক দেখুৱাই কাজিয়া কৰিছিলোঁ বুজাই নিশ্চয় বুজিছিল৷ মই কিছুদিনৰ কাৰণে ফে’চ্বুক একাউণ্ট ডি-এক্টিভেট কৰিলোঁ৷ অপৰাৰো চাগে আমনি লাগিল৷ মই মোৰ ফে’চ্বুক একাউণ্ট পুনৰ এক্টিভেট কৰালৈকে অপৰাই তেনেবোৰ কথা প’ষ্ট কৰিবলৈ বাদ দিলে৷ মাউণ্টেইন-ভিউৰ পৰা অলপ দূৰৈৰ ফ্ৰীমণ্ট নামৰ ঠাইখনত তিনিটা বে’ডৰুমৰ ঘৰ এটা কিনিলোঁ৷ আমাৰ ডিভোৰ্চৰ কথাটো ঘৰৰ পৰা অলপ দিন লুকুৱাই ৰাখিছিলোঁ৷ মা শয্যাশায়ী হৈ আছিল বহুদিন৷ শেষ মুহূৰ্তত কথাটো ক’ব লগা হ’ল৷ মায়ে বৰ দুখ পালে৷ তাৰে এসপ্তাহৰ পাছতেই মা ঢুকাল৷ আমাৰ ঘৰৰ বহুতেই মোৰ খবৰটোৰ কাৰণেই মাৰ সেই দশা হ’ল বুলি অপৰাক দোষাৰোপ কৰিলে৷ মই কিন্তু এবাৰো তেনেকৈ ভবা নাছিলোঁ৷
স্বাধীন জীৱন কিছুদিন
পূৰাদমে উপভোগ কৰিলোঁ৷ প্ৰথমতে ভালেই লাগিছিল৷ গোটেই দিন টিভিত খেল চাই থাকিলেও
আপত্তি কৰিবলৈ কোনো নাই৷ সপ্তাহৰ শেষত ৰাতি দুই পেগতকৈ বেছিকৈ মদ খালে নাইবা অন্য
দিনটো মদ খালেও আপত্তি কৰিবলৈ কোনো নাই৷ এসপ্তাহ ঘৰ চাফা নকৰিলেও ক’বলৈ কোনো নাই৷ কিন্তু লাহে লাহে ৰাতিবোৰ কেৱল নেটফ্লিক্স, আমাজন প্ৰাইম ইত্যাদিৰে সৈতে কটাবলৈ আমনি লগা হ’ল৷
মোৰ উপস্থিতিয়ে মোৰ বন্ধু-বান্ধৱক যেন আমনি কৰিবলৈ ধৰিলে৷ সকলোৰে এটাই কথা মই পুনৰ
জীৱনটো আৰম্ভ কৰিব লাগে – অৰ্থাৎ পুনৰ বিয়া পাতিব লাগে৷ বয়স
তেতিয়া মোৰ সাতত্ৰিছ বছৰ হোৱাৰ উপক্ৰম৷ মই বিচাৰিলে মোৰ লগত বিয়া হবলৈ চাগে
অৱস্থাৰ দাস বহুত অসমীয়া ঘৰৰ কম বয়সীয়া ছোৱালী আগবাঢ়ি আহিব৷ মই সেইটো বিচৰা
নাছিলোঁ৷ মোৰ অন্তৰৰ কোনোবা এটা নিভৃত কোণ অপৰাই তেতিয়াও অধিকাৰ কৰি আছিল৷
বহুতেই ভাল ছোৱালী বিচাৰি দিম বুলি উপযাচি কথাও দিছিল৷ সকলোকে মই পুনৰ বিয়া নহওঁ বুলি স্পষ্ট কৰি দিলোঁ৷
পৃথক হোৱাৰ পাছত আমাৰ প্ৰথম দেখাদেখি হ’ল বে’-এৰিয়াৰ ৰঙালী বিহুৰ সময়ত (উত্তৰ কেলিফ’ৰ্নিয়াৰ ছান ফাঞ্চিস্কো, অ’কলেণ্ড, ছেন হোজে অঞ্চলটোক বে’-এৰিয়া বুলি কোৱা হয় )৷ শ শ অসমীয়া মানুহ গোট খোৱা উৎসৱটোত আমি একাধিকবাৰ মুখামুখি হ’লোঁ৷ অপৰাৰ চকুলৈ চায়েই গম পালোঁ যে তাই মোৰ লগত কথা পাতিব বিচৰা নাই৷ ময়ো ইচ্ছা কৰিয়েই পৰিহাৰ কৰিলোঁ৷ দূৰৰ পৰা দেখিলোঁ – অপৰাই বন্ধু-বান্ধৱৰ লগত স্বাভাৱিকতকৈ বেছি উচ্ছ্বসিত হৈ কথা পাতিছে৷ তাই মোক এৰি সঁচাকৈ ইমান সুখী নে মোক তুঁহ জুইত জ্বলাবলৈ অভিনয়হে কৰিছিল নাজানো৷ মই জানিবলৈ চেষ্টাও নকৰিলোঁ৷ কিন্তু মোৰ অবুজন মনটোৱে আঘাত পাইছিল৷ সিদিনা ৰাতি বেছিকৈ মদ খাই বমি কৰা মনত আছে৷ যি নহওক মই কামত বেছি মন দিলোঁ৷ তেতিয়ালৈ মোৰ প্ৰমোচন হৈছে৷ মোৰ তলত তেতিয়া নতুন নতুন ইঞ্জিনিয়াৰে কাম কৰে৷ মই দিন-ৰাতি এক কৰি কাম নকৰিলেও হয়৷ গতিকে মোৰ হাতত যথেষ্ট সময়৷ এক যোগাত্মক পদক্ষেপ লৈ শৰীৰ চৰ্চাত মন দিলোঁ৷ ছান ফাঞ্চিস্কোত হ’বলগীয়া হাফ মাৰাথনত যোগ দিবলৈ প্ৰস্তুতি চলালোঁ৷
অপৰাৰ সৈতে মোৰ দ্বিতীয়বাৰ দেখাদেখি হ’ল ঠিক এবছৰৰ পাছত পুনৰ বে’-এৰিয়া বিহুত৷ সেইবাৰ অপৰাৰ লগত ল’ৰা এজন আছিল৷ ল’ৰাজনক মই চিনি নাপাওঁ৷ মোক দেখি অপৰাই নিজেই আগবাঢ়ি আহি চিনাকি কৰি দিলে৷ ল’ৰাজনৰ নামটো বহুত দীঘল৷ এতিয়া মোৰ মনত নাই৷ তেলেগু ল’ৰা, উপাধি ৰেড্ডী৷ সৌজন্য বিনিময়ৰ পাছত ল’ৰাজন গুচি গ’ল৷ মই বেলেগৰ পৰা গম পালোঁ সেই ল’ৰাজনে হেনো অপৰাৰ সৈতে একে কোম্পানীতে কাম কৰে আৰু বিগত ছমাহৰ পৰা সিহঁতে সহবাস কৰিছে৷ মোৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কি হৈছিল মনত নাই৷ কিন্তু কাৰোবাৰ সম্মুখত মোৰ মুখৰ পৰা ওলাইছিল – “তেলেগু ব্ৰাহ্মণ এজনে যৌতুক বাদ দি কেতিয়াও বিৱাহ বিচ্ছিন্না অসমীয়া ছোৱালী এজনীক বিয়া নকৰায়৷ তাতে অপৰাজিতা ব্ৰাহ্মণো নহয়৷” কথাষাৰ যে মই ফুটাই কোৱা যে উচিত নাছিল লগে লগে উপলব্ধি কৰিছিলোঁ৷ যি হ’ব লগা আছিল সেয়াই হ’ল৷ কোনোবা এজনীৰ পৰা অপৰাই শুনিলে৷ তাই ৰণচণ্ডী মূৰ্তি ধৰি মোক খেদি আহিল৷ মোক এফালে মাতি লৈ গৈ কেইজনমান বন্ধু-বান্ধৱীৰ সন্মুখতে বৰ বেয়াকৈ অপমান কৰিলে- মই হেনো কাৰো ভাল দেখিব নোৱাৰোঁ, মোৰ সমান লুজাৰ হেনো তাই জীৱনতে দেখা নাই, তাই সংগী বিচাৰি পোৱা কথাটো মই সহজভাৱে ল’ব পৰা নাই - ইত্যাদি৷ মনে মনে মই আহত হ’লোঁ৷ তাৰ পৰা ততাতৈয়াকৈ গুচি আহিলোঁ৷ তীব্ৰ হতাশাই মোক গ্ৰাস কৰিলে৷ লাহে লাহে ৰাতিবোৰ মোৰ কাৰণে দীঘল হৈ আহিল৷ ঘৰৰ ভিতৰৰ নিৰ্জনতাক মোৰ ভয় লগা হ’ল৷ শৰীৰ চৰ্চা, পাহাৰ বগোৱা আদি কামত নিজকে যিমান সম্ভৱ ব্যস্ত ৰাখোঁ।
কিন্তু তাৰ পাছত ? দীঘল ৰাতিকেইটা কটাবলৈ নিয়মীয়াকৈ ৰঙীণ পানীয়ৰ আশ্ৰয় লওঁ৷ মই নিজে গম নোপোৱাকৈ মোক দৰকাৰ হোৱা পানীয়ৰ পৰিমাণ বঢ়ি গ’ল৷ নিৰ্জনতা আৰু ৰঙীণ পানীয়ৰ সংমিশ্ৰণত নিশাবোৰ বেছি প্ৰহেলিকাময় হৈ পৰিল৷ নিশাৰ নিস্তব্ধতাৰ মাজতে কেলিফ’ৰ্নিয়াৰ সদাব্যস্ত জীৱন যাত্ৰাত অভ্যস্ত হৈ পৰা মইজনৰ অভ্যন্তৰৰ পৃথিৱীখনক যেন বাহ্যিক বৈষয়িক প্ৰাচুৰ্যক নেওচি মৌনতাৰ সূতাৰে বোৱা নীলা চাদৰ এখনে মেৰিয়াই ধৰে৷ কিন্তু মোৰ অন্তৰৰ সেই সৰ্বব্যাপী তমসাৰ মাজত নিশ্বাসৰ উম আৰু জীয়া জীয়া সঁচা আদৰ যাচিবলৈ মোৰ কাষত কোনো নাছিল৷
তাৰ পাছতেই কোম্পানীৰ প্ৰজেক্ট এটাৰ কামত ভাৰতলৈ গলোঁ৷ কোম্পানিৰ বাংগালোৰৰ অফিচত এটা বিভাগৰ হে’ড হিচাপে ছমাহলৈ পঠিয়ালে মোক৷ বৰ ভাল লাগিল৷ সঁচাকৈয়ে মোক অলপ পৰিৱৰ্তনৰ দৰকাৰ হৈছিল৷ বাংগালোৰত বহুত পুৰণি বন্ধু-বান্ধৱীক লগ পালোঁ৷ বিৱাহোপযুক্তা ছোৱালী, ডিভোৰ্চ হোৱা ছোৱালী কিছুমানকো লগ পালোঁ৷ কেইবাজনীয়েও আগবাঢ়িছিল৷ কিন্তু মোৰ মনটো যেন বীতশ্ৰদ্ধ হৈ পৰিছিল সেইবোৰৰ প্ৰতি৷ মাজতে এবাৰ ঘৰলৈ গৈ দেউতাক বাংগালোৰলৈ লৈ আহিলোঁ৷ সৰুৰে পৰাই মই মোৰ মাৰ বেছি ঘনিষ্ঠ আছিলোঁ৷ দেউতাৰ সৈতে যেন মোৰ কিবা এটা দূৰত্ব আছিল৷ তেওঁক নতুনকৈ আৱিষ্কাৰ কৰাৰ সুযোগ পালোঁ৷ দেউতাই তেওঁক বন্ধুৰ দৰে গণ্য কৰিবলৈ মোক উপদেশ দিলে৷ সত্তৰ বছৰীয়া জীৱনৰ অভিজ্ঞতাৰে পুষ্ট দেউতাই মোক বহুত উপদেশ দিলে – “মানুহ হৈছে সামাজিক জীৱ৷ মানুহক অকলে থাকিবলৈ ভগৱানে সৃষ্টি কৰা নাই৷ পুনৰ বিয়া নাপাতোঁ বুলি জোদ ধৰি হেনো মই ভাল কৰা নাই৷ জীৱনটো দীঘল, ল’ৰা-ছোৱালী নাথাকিলেও জীৱনৰ স্থিৰতাৰ কাৰণেই পুৰুষক সংগী এজনীৰ দৰকাৰ হয়৷” অপৰাৰ কথা সুধিলে৷ মই দেউতাক সকলো কথা কলোঁ৷ তেওঁ মোক অপৰাৰ লগত এবাৰ যোগাযোগ কৰিবলৈ পৰামৰ্শ দিলে৷ দেউতাই কোৱা কথাখিনি স্পষ্টকৈ মনত আছে – “তোৰ আৰু অপৰাজিতাৰ মাজত কি হ’ল মই খুচৰিবলৈ নাযাওঁ৷ কিন্তু সমাজক সাক্ষী কৰি যে সম্পৰ্ক এটাত আৱদ্ধ হৈছিলি, সি সিমান ক্ষণভংগুৰ হোৱা উচিত নহয়৷ যদি তোৰ এতিয়াও অপৰাজিতাৰ প্ৰতি অনুভূতি আছে এবাৰ তাইৰ সৈতে কথা পতা উচিত হ’ব৷ তেনে কৰিলে তই সৰু হৈ নাযাৱ৷ যদি তাইৰ কাৰণে সম্ভৱ নহয়, অন্তত তই নিজৰ ৰাস্তাত আগবাঢ়িব পাৰিবি৷ ধুমুহাই অৰণ্য এখনৰ গছ-বন ভাঙি বিস্তৰ ক্ষতি সাধন কৰিব পাৰে৷ কিন্তু দুদিন পাছত বননিখনে পুনৰ ঠন ধৰি উঠিবই৷”
বাংগালোৰৰ পৰা কেলিফ’ৰ্নিয়ালৈ ঘূৰি অহাৰ এমাহমানৰ পাছতেই আমেৰিকাত ক’ভিডৰ আতংক আৰম্ভ হ’ল৷ এবছৰলৈ অফিচ-ছফিচ চব বন্ধ৷ সকলোকে ঘৰৰ পৰাই কাম কৰিবলৈ সুবিধা দিয়া হ’ল৷ স্বাভাৱিকতেই সেই বছৰ বিহুও নহ’ল৷ গতিকে অপৰাক লগ পোৱা সম্ভৱ নাছিল৷ আমি দুয়োজনৰে ফে’চ্বুক একাউণ্ট আছে৷ কিন্তু কেতিয়াবাই অপৰাই মোক বন্ধু তালিকাৰ পৰা আতৰাই দিছিল৷ গতিকে তাইৰ জীৱনত কি চলি আছে মই গম নোপোৱা হ’লোঁ৷ তাই খুব সম্ভৱ ফে’চ্বুকত সক্ৰিয়ও নহয়৷ তাইৰ প্ৰ’ফাইলৰ ছবিখন ছয়-সাত বছৰৰ আগৰেই৷ ক’ভিডৰ সময়খিনি বৰ ভয়াৱহ আছিল৷ অকলশৰে কটাবলগীয়া সময়খিনিক মোৰ ভয় লাগিছিল ৷ নিজকে বিভিন্ন উপায়েৰে ব্যস্ত ৰাখিলোঁ৷ সেই সময়ছোৱাত বহুত কিতাপ পঢ়িলোঁ৷ অকণমান আধ্যাত্মিক দিশতো মনোনিৱেশ কৰিলোঁ৷
তেনেকৈয়ে দিনবোৰ গৈ থাকিল৷
***
তাৰ পাছত আৰু দুমাহ বাগৰি গৈছে৷ চাৰিদিন আগতে মই বেমাৰত পৰিলোঁ৷ অলপ ভাল পাই যোৱা দুদিন অতীতলৈ ভূমুকি মাৰি চাইছোঁ৷ নিজকে বহুত প্ৰশ্ন সুধিছোঁ৷ এটা কথা নিশ্চিত হৈছোঁ যে এতিয়াও অপৰাৰ প্ৰতি সম্প্ৰতিও অটুট থকা মোৰ অনুভূতি শাৰীৰিক ক্ষুধাৰ বহুত উৰ্ধ্বত৷ ছেন-হোজেৰ কোনোবা এটা অপৰিচিত ঘৰৰ বে’ডৰুমৰ চিন্তাই মোক এবাৰ ঠেলি লৈ গৈছিল প্ৰমোদ নগৰী লাছ ভেগাছলৈ৷ বিদেশিনী সুন্দৰীৰ কৃত্ৰিম মৰম বাৰিষাই মোৰ নিশীথ তৃষ্ণা পূৰণ কৰিলেও কামনাৰ জুইত দগ্ধ মোৰ অন্তৰখন জুৰ পেলাব পৰা নাছিল৷ পৰিধিবিহীন জীৱনৰ সেই বাধাহীন পৰিৱেশত মিলনৰ চৰম মুহূৰ্তত কিয় জানো মোৰ অন্তৰখন বাৰে বাৰে কঁপি উঠিছিল! অকণমান অকৃত্ৰিম মৰম, অকণমান নিশ্বাসৰ উম, অকণমান জীয়া জীয়া আদৰ, অকণমান বিশ্ৰম্ভালাপ পিয়াসী বিশ্ৰান্ত মনটো মোৰ ক্ৰমান্বয়ে বেছি ক্লান্ত হৈ পৰিছিল৷
গোটেই ঘৰটোত এবাৰ চকু ফুৰালোঁ৷ বৈষয়িক দিশৰ পৰা চাবলৈ গ’লে মোৰ ঘৰত সকলো বস্তু আছে৷ বহুজাগতিক কোম্পানি এটাত ঈৰ্ষণীয় দৰমহাৰ চাকৰি কৰোঁ৷ এজন মানুহক দৰকাৰ হোৱাতকৈ বহুত বেছি ডাঙৰ ঘৰ এটা আছে৷ ঘৰখন বস্তুৰে ভৰাই ৰাখিছোঁ৷ বিগ-স্ক্ৰীন টিভি, শেহতীয়া মডেলৰ কম্পিউটাৰ, দামী ফোন, জাৰ্মান আৰু জাপানী কোম্পানীৰ দুখনকৈ বিলাসী গাড়ী– ডাঙৰ ফ্ৰিজ এটাৰ লগতে আধুনিক কিচ্চেন এটাত থাকিবলগীয়া সকলো বস্তুৰে ঘৰখন ভৰি আছে৷ কিন্তু মোৰ ফ্ৰিজটোত কোনো আঞ্জা-পাচলি নাথাকে৷ থাকে মাথোঁ চাইনীজ, ইণ্ডিয়ান, থাই আদি ৰেষ্টুৰেণ্টৰ পৰা কেৰী-আউট কৰা খাদ্যৰ অৱশিষ্ট৷ লগতে থাকে হুইস্কি, ৱাইন আৰু বিয়েৰৰ বটল৷ মোৰ পাকঘৰ চাউল-দাইলৰ পৰিৱৰ্তে পিজ্জাৰ খালী পেকেটেৰেহে ভৰি থাকে৷ ইউনিচেফলৈ মই নিয়মীয়াকৈ পইছা পঠিয়াওঁ, এটা এজেঞ্চিৰ জৰিয়তে ডেম’ক্ৰেটিক ৰিপাব্লিক অফ কংগোৰ গৃহযুদ্ধত গৃহহাৰা হৈ আশ্ৰয় শিবিৰত থকা জুন্তাব্ নামৰ সৰু ল’ৰা এজনৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰি আহিছোঁ বিগত দুবছৰৰ পৰা৷ তথাপি মোৰ অন্তৰৰ ক্ৰন্দসী সম্পূৰ্ণ খালী৷ কেইবাবাৰো কল্পনা কৰি চাইছোঁ– জ্বৰ হৈ পৰি থকা সময়ত কণমানি হাত এখনে পানী এগিলাছ আগবঢ়াই দিছে আৰু ফুটোঁ-নুফুটোঁ মাতেৰে “দে’তা ভাল পাইছানে ?” বুলি সুধি মোৰ কপালত হাত এখন ৰাখিছে৷
জীৱনৰ প্ৰাথমিকতাৰ কথা নতুনকৈ হৃদয়ংগম কৰিছোঁ৷ এবাৰ মোৰ বন্ধু এজনে চাৰি বছৰীয়া ল’ৰাজন সাৰে থাকে কাৰণে গে’ম অব থ্ৰোনছ নামৰ ধাৰাবাহিক এখনৰ শেহতীয়া খণ্ডবোৰ চাব নোৱাৰাৰ কাৰণে তাৰ প্ৰতি পুতৌ জন্মিছিল৷ কিন্তু এতিয়া মোৰ ভাব হয় ব্লকবাষ্টাৰ ধাৰাবাহিক এখনৰ আটাইকেইটা খণ্ড এদিনৰ ভিতৰতে চাই শেষ কৰাৰ মানসিক সন্তুষ্টিৰ তুলনাত সামান্য গা বেয়া হোৱা কণমানি এটা বা এজনীৰ কাষত বহি উজাগৰী ৰাতি কটোৱাটো মোৰ কাৰণে হাজাৰ গুণে বেছি মঞ্জুৰ হ’ব৷ সেই সৌভাগ্য চাগে মোৰ কপালত নাই– কিন্তু জুন্তাবৰ কাৰণেই মই বাচি থাকিব লাগিব৷ জুন্তাবক বাৰু আমেৰিকালৈ লৈ আহিব পৰা যাব নেকি ?
এটা নিঃশব্দ হুমুনিয়াহ
ওলাই আহিল৷ এবাৰ অপৰাৰ লগত কথা পাতিবলৈ মন গৈছে৷ কিন্তু ক’তো অপৰাৰ ফোন নম্বৰটো নাই৷ মোৰ ফোনৰ পৰা মই নিজেই তাইৰ
নম্বৰটো ডিলিট কৰিছিলোঁ৷ মোৰ স্পষ্টকৈ মনত আছে অপৰাই অপমান কৰাৰ দিনা ঘৰলৈ আহি
অপৰাৰ সৈতে জড়িত, অপৰাৰ স্পৰ্শ থকা
প্ৰতিটো বস্তু মই দলিয়াই পেলাইছিলোঁ৷ অপৰাক জীৱনৰ পৰা আতৰাই দিবলৈ তাইৰ প্ৰতিখন
ইমেইল– তাইৰ প্ৰতিখন ছবি মই কম্পিউটাৰৰ পৰা ডিলিট কৰিছোঁ৷
কিন্তু অপৰাই যে মোৰ অন্তৰত ভৱিষ্যতৰ বীজ সিঁচি গৈছিল সেয়া উপলব্ধি কৰিবলৈ বহুত
সময় লাগিল৷ গতিকে অপৰাৰ স্মৃতি সমাধিস্থ কৰিবলৈ কৰা প্ৰতিটো চেষ্টাই মোৰ বৃথা
হৈছিল৷ এই প্ৰশ্নটোৱো নিজকে কেইবাবাৰো কৰিছো অপৰাই কোৱাৰ দৰে মই সঁচাকৈয়ে জীৱন
যুদ্ধৰ এজন পৰাজিত সৈনিক নেকি ? এতিয়া ঘৰৰ বস্তু চলাথ কৰিছোঁ কৰবাত তাইৰ নম্বৰটো বিচাৰি পাওঁ বুলি৷ পুৰণি কাগজ-পত্ৰবোৰ খুলি খুলি চাইছোঁ৷ কিন্তু নাই৷ ক’তো অপৰাৰ নম্বৰটো বিচাৰি নাপালোঁ৷
অৱশেষত তাইৰ নম্বৰটো
বিচাৰি অপৰা আৰু মোৰ উভয়ৰে বান্ধৱী এজনীক মেছেজ এটা কৰিলোঁ৷ নম্বৰটো পালোঁ৷ এতিয়া
নম্বৰটোৰ ফালে চাই ইমান চিনাকি লাগিছে ! ডায়েল কৰিবলৈ লৈ অকণমান দ্বিধাবোধ হ’ল৷ ভয়ো লাগিল অলপ৷ অপৰাৰ প্ৰতিক্ৰিয়া বা কেনে হয় ? তাই
যদি পুনৰ মোক অপমান কৰে ? দেউতাই কোৱা কথাবোৰ মনত পেলালোঁ৷
তাই মোক অপমান কৰিলেও অন্তত “ভাঙি যোৱা ঘৰখন পুনৰ গঢ়িবলৈ
এবাৰো চেষ্টা নকৰিলোঁ” বুলি ভাবি ভৱিষ্যতে অনুতাপ কৰিব
নালাগিব৷ তেতিয়া হয়তো মই জীৱনটো প্ৰকৃতপক্ষে নতুনকৈ আৰম্ভ কৰিবলৈও সক্ষম হম৷ মোৰ
আত্মাভিমানক সদ্যহতে একাষৰীয়াকৈ থোৱাৰ সিদ্ধান্ত ল’লোঁ৷
****
এবাৰ ৰিং হোৱাৰ পাছতেই অপৰাই ফোন উঠালে৷ তাইৰ মাতৰ পৰা গম পালোঁ মোৰ ফোন পাই তাই আচৰিত হৈছে৷ দুইমিনিট মানৰ ভিতৰতে খৰখৰকৈ সকলোৰে খবৰ সুধিলে, মোৰ কাম কেনে চলিছে সেয়া সুধিলে৷ ময়ো সুধিলোঁ৷ কথাৰ মাজতে মই অকলে থাকোঁ নেকি সেয়াও সুধিলে৷ খুব সম্ভৱ মই বিয়া পাতিলোঁ নেকি সেয়া জানিব বিচাৰিছিল৷ তায়ো অকলে থাকে৷ মোৰ কথাৰ পৰাই তাই বুজিলে মোৰ গা ভাল নহয় বুলি৷ মোৰ ক’বলৈ মন নাছিল৷ কিন্তু অৱশেষত সকলোখিনি কবলৈ বাধ্য হ’লোঁ৷
এক বিস্ময়ে মোৰ কাৰণে বাট চাই আছিল৷ তাই কাইলৈ মোৰ ওচৰলৈ আহিবলৈ অনুমতি বিচাৰিছে৷ মই মানা কৰাৰ প্ৰশ্নই নুঠে৷ কিন্তু নতুনকৈ যোগদান কৰাৰ পাছত অফিচ খটি কৰিলে কোম্পানিয়ে ভাল পাবনে ? উত্তৰত তাই কলে যে এসপ্তাহ ছুটী ল’বলৈ তাইৰ একো সমস্যা নহয়৷ এসপ্তাহ থকাকৈ আহিব ? মোৰ কথা শুনি তাইৰ হাঁহি উঠিল৷ ইমান চিনাকি অপৰাৰ হাঁহিটো যেন অলপ ভাগৰুৱা আৰু নাৰ্ভাছ–- “এসপ্তাহ থাকিম বুলি ভয় খাইছা নেকি ?”
কেই ছেকেণ্ডমানৰ মৌনতা৷ তাৰ পাছত সমগ্ৰ শক্তি গোটাই অস্ফুট সুৰত মই ইমানেই কবলৈ সক্ষম হ’লোঁ – “এসপ্তাহ কিয় অপৰা ? মই বিচাৰোঁ তুমি গোটেই জীৱনৰ কাৰণেই মোৰ লগত থাকি যোৱাঁ৷”
অপৰাই লগে লগে একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷ সেই সামান্য নীৰৱতাই মোক সন্ত্ৰস্ত কৰি তুলিলে৷ কিন্তু নীৰৱতায়ো কেতিয়াবা বহুত কথা কৈ দিয়ে৷ গম পালোঁ সিটো মূৰত অপৰাই উচুপিছে৷ তাইৰ কথাবোৰ অস্পষ্ট হৈছে৷ কিন্তু তাইৰ সাদৰী কণ্ঠৰ পৰা নিঃসৃত “আই এম ছ’ৰী” শব্দকেইটাৰ অস্ফুট প্ৰতিধ্বনিয়ে অন্তৰত মোৰ এক অনামী আশাৰ সঞ্চাৰ কৰিলে৷ অলেখ উজাগৰী ৰাতি, অলেখ আঘাত, অলেখ প্ৰতি-আঘাতৰ অন্তত পাঁচ বছৰীয়া অমানিশাৰ অন্ত পৰিব নেকি ? চাৰে সাতশ কিলোমিটাৰ দূৰৈত থাকিও মই যেন অনুভৱ কৰিব পাৰিছোঁ প্ৰিয়তমা অপৰাৰ ক্ৰন্দনমুখৰ কণ্ঠৰ পৰা নিগৰিত মৰম মিহলি কথাৰ আলিংগনৰ সাদৰ৷ মই ফুটাই কব নোৱাৰিলোঁ৷ কিয়নো মই কিমান ‘ছ’ৰী’ সেয়া মোৰ পক্ষে ফোনত প্ৰকাশ কৰা সম্ভৱ নহয়৷
কাইলৈ মোৰ ওচৰলৈ আহিব অপৰা৷ যদি ফ্লাইটৰ টিকেট নাপায় তাই চাৰে-আঠ ঘণ্টাৰ ৰাস্তা নিজে ড্ৰাইভ কৰিব৷
****
শুবলৈ চেষ্টা কৰিছিলোঁ৷ কিন্তু মোৰ টোপনি নাহিল৷ এতিয়া ৰাতিপুৱা চাৰে তিনি বাজিছে৷ অপৰাই মেছেজ এটা থৈছে৷ আজি হেনো ফ্লাইটৰ কোনো টিকেট নাই৷ তাই ইতিমধ্যে ওলাইছে৷ যদি ৰাতিপুৱা তিনি বজাত ছেন ডিয়েগোৰ পৰা আৰম্ভ কৰিছে, দুপৰীয়ালৈ তাই ফ্ৰীমণ্ট আহি পাব৷ অপৰা আহি পোৱাৰ আগতে কৰিবলগীয়া বহুত কাম আছে– গোটেই ঘৰটো খেলিমেলি হৈ আছে৷ নোধোৱাকৈ থোৱা বাচন আছে৷ প্ৰথমতে বাচনখিনি ধুই চাহ একাপ খাম৷ বমি লাগি থকা কাৰ্পেটখন চাফা কৰিম৷ যদিও অপৰাই মানা কৰিছে ৰাতিপুৱা এবাৰ বজাৰলৈও যাম৷ ঢেৰ বস্তু কিনিবলগীয়া হৈ আছে৷ অপৰাই ভাল পোৱা সেই বিশেষ ফ্লে’ভাৰৰ আইছক্ৰীমটোও আনিব লাগিব৷
মই যেন নতুনকৈ শক্তি
ঘূৰাই পাইছোঁ৷
ঠিকনা :
মেডিচনভিল, কেণ্টাকী
আমেৰিকা যুক্তৰাষ্ট্ৰ