অংকিতা বৰুৱা
ষড়যন্ত্ৰ! এক গভীৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ মই৷ ভীষণ এক টনা-আঁজোৰা৷
কাৰ কি ইমান গৰজ পৰিছে মোৰ নামত ইমান সময় খৰচ কৰিবলৈ! এই ব্যস্ত পৃথিৱীখনত কাৰ
বাবে মোৰ জীৱনৰ ইমান মূল্য? ক’ৰবালৈ ওলাই যাবলৈকে ভয় হৈছে৷ কাৰোবাৰ চকুলৈ চাবলৈ ভয়
হৈছে৷ যেন এইমাত্ৰই কোনোবা আহি মোক চিৰাচিৰ কৰি থৈ যাবহি! আৰু চূৰ্ণ-বিচূৰ্ণ হৈ পৰিম মই৷
কেতিয়াৰপৰা? কেতিয়াৰপৰা এই ষড়যন্ত্ৰই মোৰ পিছ লৈছে মই তলকিবই নোৱাৰিলোঁ৷ মোৰ বৰ্তমানত
বাৰম্বাৰ ভাবুকিস্বৰূপ হৈ পৰা এই গোপন ফন্দিৰ আঁৰৰ ৰহস্য কি? মোৰ অজ্ঞাতে মোকেই ধৰাশায়ী
কৰাৰ ইমান স্পৰ্ধা!
জীৱনৰ মধ্য বয়সত নিজক লৈ মোৰ এক অদ্ভূত সন্মোহনৰ জন্ম হৈছিল৷ কেৱল নিজৰ বাবে অহৰহ ভাবি থাকিব পৰাকৈ মই আত্মকেন্দ্ৰিক হৈ উঠিছিলোঁ৷ নাৰ্চিছিষ্ট! মোৰ নামটোৰ এটা স্থায়িত্ব বিচাৰিছিলোঁ মই৷ মোৰ মৃত্যুৰ পাছত মোৰ নামটো কিদৰে মনত ৰখাটো বিচাৰিম– এবাৰ কোনোবাই সুধিছিল মোক৷ সেই লৈ বহু দিন বহু ৰাতি পাৰ কৰি দিছিলোঁ৷ সেয়াই আৰম্ভণি আছিল নিজক লৈ মজি থকাৰ৷ এক প্ৰকাৰ দিবাস্বপ্নত মজি থাকিবলৈ লৈছিলোঁ৷ যেনেকৈয়ে নহওক মোৰ নামটোৰ এটা উদ্দেশ্য থাকক৷ মানুহে মোৰ মৃত্যুৰ পাছতো নামটো উচ্চাৰণ কৰিবলৈ নাপাহৰক৷ মই ক্ৰমান্বয়ে অবছেচড্ হৈ পৰিছিলোঁ এই এটা মাত্ৰ কথাতে৷ কেনেকৈ এটা অৰ্থ দিয়া যায় নামটোৰ!
তেনেকুৱাতে তেওঁৰ সৈতে এক নাটকীয় পৰিচিতি৷
সুদক্ষ ৰাজনীতিবিদ তেওঁ৷ হাত দীঘল মানুহ৷ তেওঁৰ সৈতে ঘনিষ্ঠতা মোৰ উদ্দেশ্যপ্ৰণোদিতই আছিল৷ একধৰণৰ অঘোষিত চুক্তি হৈছিল আমাৰ মাজত৷ মোক নাম-যশ লাগে আৰু তেওঁক মোক! সেই অজুহাত যথেষ্ট আছিল আমাৰ নৈকট্যৰ বাবে৷
তেওঁৰ বিলাসী গাড়ীৰ মিউজিক ছিষ্টেমত বাজি উঠে ব্ৰায়ন আদমছৰ ‘এভ্ৰিথিঙ আই ডু, আই ডু ইট ফৰ ইউ’ অথবা এলভিছ প্ৰেচলিৰ ‘কাণ্ট হে’ল্প ফলিঙ ইন লাভ’৷ লং ড্ৰাইভত যাওঁতে তেওঁৰ হাত এখন প্ৰায়েই অবাধ্য হৈ উঠে৷ মই আপত্তি নকৰোঁ! বৰঞ্চ মই শিহৰিত হৈ উঠোঁ৷ শৰীৰৰ উত্তেজনাতকৈ মোৰ স্বাৰ্থই মোক বেছিকৈ উত্তেজিত কৰি তোলে তেতিয়া৷ লগতে আন এটা কথায়ো মোক অহংকাৰী কৰি তোলে - তেওঁৰ আশে পাশে অত মানুহ, কিন্তু তেওঁতো কেৱল মোক লৈহে ব্যস্ত হৈছে! তেওঁৰ কৌশলী কথা মই ঠিকেই বুজিছিলোঁ৷ ঠিক যেনেদৰে তেওঁ জানিছিল মোৰ অভীপ্সা৷ আমি আন্তৰিক কিমান হৈছিলোঁ সেয়া মোৰ বাবে কোনো ভাবিবলগীয়া বিষয়েই নাছিল৷ তেওঁৰ সান্নিধ্যত মই কিমান বেছি লাভান্বিত হ’ব পাৰিম তাৰ হিচাপ-নিকাচ অহৰহ চলিছিল মোৰ মনত। তেওঁ যিমানে মোৰ খ্যাতিৰ দিশে বাটবোৰ দেখুৱাইছিল সিমানে তেওঁৰ দুহাতত মোৰ দেহটো পিষ্ট হৈছিল৷ কেতিয়াবা যদি কুঁৱলিৰে ঢকা কোনো পাহাৰীয়া ঠাইত অকলশৰীয়া ৰিজ’ৰ্ট এটাত আমি সময় কটাইছিলোঁ, আন এদিন সীমামূৰীয়া কোনো ঠাইৰ আই বিত আমি একেলগে নিশা কটাইছিলোঁ৷ সেই সময়বোৰত কেৱল আমি নিজক সুখী কৰাৰ চেষ্টাত আছিলোঁ৷ তেওঁ যিমানে মোৰ দেহটোক চেপি সুখী হৈছিল সিমানে মই হিচাপ কৰিছিলোঁ কিদৰে মোৰ নামটো প্ৰতিষ্ঠা কৰাত সহায়ক হ’ব তেওঁ!
তেতিয়া মোৰ শৰীৰে কেৱল মোৰ চেতনাক উত্তাল কৰি ৰখা স্বাৰ্থক চিনিছিল৷ তাৰ বাহিৰে যেন ভাবিবলগীয়া একোৱেই নাছিল!
তেওঁ প্ৰায়েই সহজ আৰু নাম থকা বাটবোৰৰ দিশে আঙুলিয়াই দিছিল৷ মই সুধিছিলোঁ - কি কি কৰিব লাগিব মই? মানে দায়িত্ব বহুত হ’ব নেকি?
তেওঁ বৰকৈ হাঁহিছিল – ‘দায়িত্ব! আৰে, তোমাক কোনে হাতে-কামে লাগিবলৈ কৈছে? তুমি প্ৰথমতে কাৰ হৈ কাম কৰিবা সেইটো ঠিক কৰি লোৱাঁ৷ নাৰী সৱলীকৰণৰ ওপৰত কাম কৰিব পাৰিলে বেছি ভাল৷ বেছি সোনকালে লাইমলাইটলৈ আহিবা৷ এইটো এতিয়া বাৰ্নিঙ ট’পিক৷ মইতো কওঁ জাষ্ট গ’ ফৰ ইট৷’
-‘মানে? কেনেকৈ! - মই সুধিছিলোঁ ৷
তেওঁ মোক কৌশল শিকাইছিল৷ মই আগ বাঢ়ি গৈছিলোঁ৷ তেওঁৰ কথামতেই বেয়া পোৱা মানুহৰ সৈতেও ঘনিষ্ঠতা বঢ়ালোঁ। মোক এতিয়া মানুহ লাগিব৷ মোৰ হাতৰ ইচাৰাত উঠ-বহ কৰা মানুহ লাগিব৷ তাৰ বাবে প্ৰথম কাম হ’ব মানুহৰ বিশ্বাসভাজন হোৱা৷ কত কি যে কছৰৎ চলিল! সমান্তৰালভাৱে বৰ সহজতে প্ৰথম ঢাপৰ সফলতা মোৰ চকুত পৰিল। তেওঁ কোৱাৰ দৰেই মুষ্টিমেয় কিছু লোকক লগত লৈ এটা ৰাতিৰ ভিতৰতে এটা সংস্থাৰ জন্ম দিলোঁ৷ ‘নাম কি ৰাখিলে ভাল হব?’ – সুধিছিলোঁ তেওঁক৷ তেওঁ সুদক্ষতাৰে কৈছিল – ‘নামেই আচল৷ নামতেই তোমাৰ আধা কাম হৈ যাব লাগিব৷ মানুহৰ কাষ চপাৰ কৌশল এই নামেই আৰম্ভ কৰে৷ আৰু এটা কথা সদায় মনত ৰাখিবা, মানুহৰ ওচৰলৈ যোৱাৰ প্ৰথম আহিলাই হৈছে আৱেগৰে খেলা! এই বস্তুটো যিমানেই অৰ্থহীন যেন লাগে, সিমানেই কামৰ৷ আৱেগৰ নামত তুমি ৰাইজক আপোনত্ব দেখুৱাই দিয়াঁ, তাৰ পাছত তুমি খেলখন চাবা৷ এটা সময় আহিব তুমি একোৱেই কৰিব নালাগে৷ তোমাৰ নামটোতেই সকলো নিজে নিজে হৈ থাকিব৷ তোমাৰ নামতেই সংস্থাৰ হৈ চৰকাৰী ফাণ্ডবোৰো আহি থাকিব৷ তুমি মানুহৰ মাজত এগৰাকী ত্ৰাণকৰ্তা হৈ পৰিবা৷ মুঠতে চাৰিওফালে তোমাৰেই জয়গান হব৷ তেতিয়া আকৌ এই চৌধুৰীক পাহৰি নাযাবা!’ - মোৰ বাঁউসীতে খোঁচ এটা মাৰি তেওঁ হো-হোৱাই হাঁহি দিয়ে৷ তেওঁ দেখুওৱা সপোনৰ জখলাডালেৰে মোৰ মনটো বৰ খৰকৈ বগুৱা বাই গৈ থাকিল৷ ইমানেই খৰকৈ যে মই তেওঁৰ শৰীৰৰ ভৰত কিমান বেছি পিষ্ট হৈছোঁ একো অনুভৱেই নোহোৱা হল৷ মদৰ নিচাত মাতাল হৈ দুয়ো কিমান উন্নাসিক হৈছিলোঁ মনত ৰখা নাই৷ বহুত গুণা-গথা কৰি নাম ৰাখিলোঁ ‘মমতা সেৱা সংস্থা’৷ নামটোৱেই আচল! ‘মমতা’ৰ দৰে কোমল শব্দ কি হ’ব পাৰে!
প্ৰথমতেই মোৰ লক্ষ্য কৰি ললোঁ সমাজৰ পিছপৰা শ্ৰেণীৰ অসুৰক্ষিত
আৰু পুষ্টিহীনতাত ভোগা কম বয়সীয়া মাতৃসকল৷ যাৰ এখন ঘৰ থাকিও নথকাৰ দৰে৷ সেই সংক্ৰান্তত
মই নিজেও বহু নাৰীক লগ পাইছোঁ৷ বহুতৰ লগতে কথা হৈছোঁ৷ তেওঁলোকৰ বহুতৰে বাবে প্ৰধান
সমস্যা দুবেলাৰ দুসাজ, যাতে কোলাৰ কেঁচুৱাকণক বুকুৰ গাখীৰকণ খুৱাব পাৰে৷ কামটোৱে মোক
কেতিয়াবা মনোকষ্টও নিদিয়া নহয়৷ নাৰী ইমান দূৰ্বল কিয় হৈ পৰে! শৰীৰৰ গঠনে নাৰীক
দুৰ্বল কৰে নে মনে? কাৰ ওচৰত নাৰী অসুৰক্ষিত হয় আচলতে? জীৱ-জন্তুৰ ক্ষেত্ৰততো নিশ্চয়
নহয়! তেনেহলে নাৰী কেৱল পুৰুষৰ ওচৰত অসুৰক্ষিত? একো একোখন সমাজ গঠন কৰা এই দুই মানৱ
সত্ত্বাৰ এটা আনটোৰ ওপৰত ইমানকৈ প্ৰভাৱশালী কিয় আৰু কিদৰে হবলৈ পালে? ক’ত আৰু কেতিয়া
আৰম্ভণি হৈছিল এই বলী আৰু দুৰ্বলীৰ মান নিৰ্ধাৰণ? কামটো যদিও কেৱল মোৰ নাম-যশৰ বাবেই
আৰম্ভ কৰিছিলোঁ মাজে মাজে মই ইয়াৰ স’তে একাত্ম অনুভৱ কৰোঁ। মোৰ বাঢ়ি যোৱা দায়িত্ববোৰ একাগ্ৰতাৰে কৰি গৈ থাকিলোঁ৷
তেওঁ মাজে মাজে সঁকীয়াই থাকিল– ‘চাবা! খেলৰ আঁৰত থকা তোমাৰ স্বাৰ্থক পাহৰি গৈ নিজেই
আৱেগত হাবু-ডুবু নাখাবা৷’ তেওঁৰ কথাত মই সচকিত হওঁ৷ হয়তো! মই মোৰ উদ্দেশ্য পাহৰিলে
নহব৷
তেওঁ দেখুওৱা বাটটোৰে যিমানে আগুৱাই গৈ থাকিলোঁ তেওঁ মোৰ শৰীৰটোৰ সৈতে সিমানেই বেছিকৈ চিনাকি হৈ গৈ থাকিল৷ মোৰ প্ৰতিটো শৰীৰী আৱেদনত তেওঁ নিত্য নতুন কৌশলেৰে সুখী হৈ গৈ থাকিল৷ বৰ কৌশলী তেওঁ! মই আপত্তি কৰাৰ প্ৰশ্নই নুঠে৷ সঁচা অৰ্থত খেল এখন আমি দুয়োজনেই খেলি থাকিলোঁ৷
লাহে লাহে মোৰ নাম কাগজে-পত্ৰই প্ৰকাশ হ’ল৷ মোৰ নামটোক সকলোৱে সমীহ কৰিবলৈ আৰম্ভ কৰিলে৷ সভা-সমিতিলৈ মাতিবলৈ ল’লে মোক৷ সমল ব্যক্তি হওঁ৷ উদাত্ত ভাষণ দিওঁ৷ নাৰী সৱলীকৰণৰ ওপৰত বিভিন্ন কথা কৈ ৰাইজৰ বাহ্ বাহ্ বোটলোঁ৷ অৱশ্যে তাৰ কাৰণে মই বহু সময়ো খৰচ কৰিছোঁ৷ দিনে দিনে মই ওখ হৈ হৈ গৈ থাকিলোঁ৷ মোৰ উচ্চতাই এসময়ত মোৰ অতীতক এনেদৰে চেৰাই গল যে তাৰপৰা উলটি চালে মোৰ অতীতটোক ধূসৰ এখন ছবিৰ দৰে দেখোঁ৷ আপাততঃ মই বৰ্তমানটোৰ প্ৰেমত পৰোঁ৷ দুৰ্দান্ত প্ৰেম৷ নিজৰ সৈতে৷ নিজৰ নামটোৰ সৈতে৷
সময় গৈ থাকিল৷ মোৰ নাম তেতিয়ালৈ সুধী সমাজৰ লোকসকলৰ সৈতে একেলগে উচ্চাৰিত হল৷ সহজ আৰু সাধাৰণ জীৱন এটাত অভ্যস্ত হৈ থকা মোৰ বাবে সেই নাম-যশক সামৰিবলৈ যাওঁতে মোৰ মনৰ উচ্ছলতাক বৰ সন্তৰ্পণে লুকুৱাই ৰখাৰ কৌশলো মই আয়ত্ত কৰি পেলালোঁ৷ সেই পৰিচিতি মোৰ বাবে গৌণ! মই কেৱল মানুহৰ বাবে জীয়াই থকা মানুহ৷ মানুহৰ কল্যাণৰ হকে নিজক সমৰ্পিত কৰা মানুহ!
ভাবি আচৰিত লাগে সঁচাকৈয়ে মানুহ কিমান বেছি ভণ্ড হব পাৰে! মোৰ নিজৰ মাজতেই এনে এটা অচিনাকী ৰূপ লুকাই আছিল বুলি তেওঁক লগ পোৱাৰ আগলৈকে মইতো জনাই নাছিলোঁ৷ বহু নতুন নতুন অভিজ্ঞতা হ’ল৷ আচলতে আমাৰ সম্পাদিত ৰূপটোক আনৰ আগত ইমান পৰিষ্কাৰকৈ দেখুৱাব জানো যে আমাৰো যে এটা আন্ধাৰ দিশ থাকিব পাৰে কাৰো মনলৈকে নাহে৷ তেওঁৰ লগত থাকি থাকি কৌশলী খেল এখনত ময়ো বৰ নিপুণ হৈ উঠিলোঁ৷
অভাৱনীয়ভাৱে মোৰ সৈতে জড়িত হোৱা কিছু লোকৰ সৈতে মোৰ মতানৈক্য ঘটিল৷ হয়তো মোৰ কথা আৰু ব্যক্তিত্বৰ মাজত থকা বৃহৎ তফাৎ তেওঁলোকৰ চকুত ধৰা পৰিছিল! তেওঁলোক আঁতৰি গল৷ কিছু নতুন মানুহৰ সংযোজন হল৷ তেওঁ বুজালে– ‘এইবোৰ ভাতৰ লগত পানী খোৱা কথা৷ কত যাব, কত আহিব! কিন্তু নামটোতো তোমাৰেই হৈছে! সংস্থাত থকা কিমান সদস্যৰ নাম মানুহে জানিছে কোৱাঁ!’ - তেওঁ হো-হোৱাই হাঁহি দিয়ে। হয়তো! মোৰ প্ৰতি খোজত সহায়ক হৈ ৰোৱা জুৰি, ৰশ্মি, বিদিপ্তা ময়ুৰ, ৰৌচনহঁতে মোতকৈ বেছি দেহে-কেহে খাটে। পুৱাৰপৰা গধূলিলৈকে সংস্থাৰ হৈ ‘ফাণ্ড ৰেইজ’ কৰাৰে পৰা পিছপৰা অঞ্চলবোৰলৈ গৈ খোৱা বস্তুৰ যোগান ধৰা, সময়ে সময়ে সিঁহতৰ বাবে কোনো এজন চিকিৎসকক মে’নে’জ কৰা আৰু যে কত কি! কিন্তু নামটো কেৱল মোৰ হয় - ধৰিত্ৰী মহন্তৰ হয়৷ মোৰ ভিতৰখন উঠলি উঠে। ফুলি উঠে গৰ্বত মোৰ বুকু। তেওঁ দেখুওৱা বাটটো ইমান সহজ হ’ব বুলি মই যে সপোনতো ভবা নাছিলোঁ! বিচৰাৰ দৰেই মোৰ নাম, মোৰ সংস্থাৰ নাম মানুহৰ মুখে মুখে৷
লাহে লাহে মোৰ সেই দুৰন্ত হেঁপাহটো ক’ৰবাত নোহোৱা হৈ পৰিল৷ মনৰ তাগিদা নোহোৱা কাম এটাত হয়তো বেছি দিন নিমজ্জিত হৈ থাকিব নোৱাৰি৷ কামটো কৰি মোৰ আমনি লাগিবলৈ ধৰিলে৷ কিমান আৰু লোকৰ কাৰণে কাম কৰি কৰি সময়বোৰ খৰচ কৰি থাকিম! মই বিচৰা খ্যাতি ইতিমধ্যেই মোৰ হাতলৈ আহিছে৷ কোনে নাজানে মোৰ সংস্থাক! কোনে নিচিনে মোক? মোৰ নামটোতেই যেন লুকাই আছে এসাগৰ মমতা! বিপদত পৰা মানুহে প্ৰথমেই মোৰ নাম লয়৷ সহায়ৰ বাবে মোৰ ওচৰলৈ দৌৰি আহে৷ তাৰ সমান্তৰালভাৱে পইচাৰ খেলখন যেন ব’নাচ পইণ্ট! মুঠতে বিচৰাবোৰ বৰ কম সময়তে আৰু সহজতে পাই যোৱাৰ পাছত মোৰ আমুৱাবলৈ ধৰিলে৷ তেওঁক কোৱাত মোক বুজালে– ‘কনচিছটেন্সি বুজিছা, কনচিছটেন্সি লাগিব৷ তোমাৰ নাম মই ক’লৈকে বিয়পাই দিম চাই থাকাঁ৷ মাত্ৰ মোৰ মতে তুমি কামবোৰ কৰি যোৱাঁ৷’
মই কিন্তু ভিতৰি অস্থিৰ হৈ পৰিলোঁ৷ এই সমাজ সেৱা মোৰ বাবে নহয়৷ মানুহ অলপ স্বৰ্থপৰতো হ’বই পাৰে! এটাইতো জীৱন! তাকো যদি মই নিজৰ নামত খৰচ নকৰোঁ কেনেকৈ হব! তেওঁক আপত্তি কৰিলোঁ৷ তেওঁ দুগুণ জোৰেৰে প্ৰতিবাদ কৰিলে৷ মোৰ সংস্থাৰ কাম দেখুৱাই চৰকাৰৰপৰা বহুত টকা আত্মসাৎ কৰাৰ কৌশল তেওঁ মোক বুজোৱাত লাগিল৷ তাত তেওঁৰো এক বৃহৎ লভ্যাংশ থাকিব৷ এইবাৰ মই উভতি ধৰিলোঁ৷ এয়া কেনে কথা! এয়াতো আমাৰ চুক্তিত নাছিল৷ তেওঁ পুনৰ হো-হোৱাই হাঁহি উঠিল – ‘নাছিল! দস্তুৰমত এয়া আমাৰ মাজত চুক্তি হোৱা নাছিল৷ কিন্তু তুমি ক্ৰিয়েটিভ নহয় হে ধৰিত্ৰী! আমুৱাইছা মোক৷ তাতকৈ অলপ পইচা-পাতিৰেও মোক খুচ হবলৈ দিয়াঁ৷ নে কি কোৱাঁ!’ তেওঁৰ কথাৰ দ্ব্যৰ্থকতাই মোক জোকাৰি পেলালে৷ সহ্য নহ’ল তেওঁৰ তাচ্ছিল্য৷ তীব্ৰ মানসিক অন্তৰ্দ্বন্দ্বত ভুগিবলৈ ধৰিলোঁ মই৷ মানুহৰ লগত আৱেগৰ খেল এখন খেলোঁতে খেলোঁতে কোনোবাখিনিত ময়ো আৱেগৰ চিকাৰ হৈ পৰিলোঁ নেকি! তেওঁৰ সৈতে অনুভৱহীন শৰিৰী খেল এখন খেলোঁতে কেনেবাকৈ সেয়া মোৰ নিচা হৈ পৰা নাইতো! এই প্ৰথম মই মোক খুটিয়াই চালোঁ৷ থাকি গৈছে নেকি মোৰ শৰীৰটোৰ দৰে মনতো ক’ৰবাত কিবা দাগ! অজানিতে তেওঁ মোৰ অভ্যাস হৈ পৰিছে যদি!
মই ক্ৰমে তেওঁৰপৰা নিজক আঁতৰাই আনি থাকিলোঁ৷ তেওঁৰ তীব্ৰ আপত্তি সত্ত্বেও যিদিনা মই মোৰ সংস্থাৰপৰা স্বেচ্ছাই চিৰদিনৰপৰা বাবে আঁতৰি অহাৰ কথা ঘোষণা কৰিলোঁ, তেওঁ সেইদিনা এটা পশুলৈ ৰূপান্তৰিত হ’ল৷ অজি অতদিনে কৌশলেৰে খেলি থকা মোৰ শৰীৰটোক যিমান পাৰে সিমান তীব্ৰভাৱে আঘাত হানিলে তেওঁ৷ মই চিৎকাৰ কৰিলোঁ৷ নাৰী সৱলীকৰণৰ হকে হাজাৰ কথা চিঞৰি থকা মোৰ বাবে এয়া সময়ৰ কেনে পৰিহাস!
তেওঁ মোক হেঁচা মাৰি ধৰিলে৷ এক বিভৎস গোন্ধে মোক উশাহহীন কৰি পেলালেহি৷ মোৰ নাক-মুখ সোপা মাৰি ধৰা সেই গোন্ধ যে তেওঁৰ শৰীৰৰপৰাই নিৰ্গত হৈছে সেয়া বুজিবলৈ মোক কিছু সময় লাগিল৷ যেতিয়া বুজিলোঁ ঘৃণাত মোৰ ওকালি আহিল৷ বিভৎস৷ কদৰ্য৷ বমিৰ শেষতো মোৰ ভাগৰুৱা দেহটোৰপৰা আৰু কিবা এসোপা যেন আঁজুৰি উলিয়াই পেলাম! অথচ আক্ষৰিক অৰ্থত কিবা এটা কৰিব পৰাকৈ মোৰ চেতনা লুপ্ত হৈছিল তেতিয়ালৈ৷ শৰীৰী খেলত যাতনাৰ উপলব্ধি মোৰ সেয়াই প্ৰথম৷ হয়তো তেওঁৰ সৈতে থকা মোৰ স্বাৰ্থৰপৰা বাহিৰলৈ ওলাই আহি কথাবোৰ বেলেগকৈ ভাৱিবলৈ লোৱাও সেয়াই প্ৰথম! প্ৰথম বাৰলৈ মই মোৰ ভিতৰৰ মানুহজনীক বিচাৰি হাবাথুৰি খালোঁ৷ মোৰতো এনে হোৱাৰ কথা নাছিল! মোৰ অতীত এনে নাছিল!
... সময় পুনৰ উভতি বৈছে৷ সময়ৰ এই নতুন কৌশলে এইবাৰ মোক কোনোবা অতল তলিত শুই পৰা এছোৱা জীৱনলৈ ওভতাই লৈ গ’ল৷ মই দেখিলোঁ সেইজনী মই বৰ আলফুল আছিলোঁ৷ এটা সৰল জীৱন আছিল৷ জীৱনক লৈ হেতালি খেলাৰ কোনো দুঃস্বপ্ন নাছিল৷ নাছিল কোনো স্খলিত সপোন৷
হঠাত মই দেখিলোঁ এখন চঞ্চল নদীৰ দৰেই সদ্য যৌৱনা মই ধাননি পথাৰ এখনৰ এটা লিকলিকিয়া বাটত বহি আছোঁ৷ মোৰ কাষত সেয়া কোন! এখন মুখে ছয়াময়াকৈ আহি মোক কাতৰ কৰি তুলিলে৷ এখন নকৈ ডাঢ়ি ঠুটিওৱা কোমল মুখ৷ মোৰ চকুলৈ চাই থকা এযোৰ ধুনীয়া চকু৷ এখন উমাল হাতে আহি পলকতে মোক আলফুলে সাবটি ধৰিলেহি৷ আস্! কিবা এটা চিনাকী গোন্ধ মোৰ নাকত লাগিলহি৷ কিহৰ গোন্ধ এয়া? কিহৰ গোন্ধ! বৰ চিনাকি যেন মোৰ আত্মাৰ সৈতে একাত্ম হৈ থকা এক প্ৰাচীন সুৱাস! মই উশাহ টানিলোঁ৷ দীঘলকৈ৷ মোৰ চেতনাত এখন ধাননি পথাৰ! হালধীয়াৰে ভৰুণ এখন বিশাল ধাননি পথাৰ৷ মই খেপিয়াই ফুৰিলোঁ সেই মুখখন, সেই চকুযুৰি! সেই উমাল আলফুল স্পৰ্শক হাতৰ মুঠিত সামৰিবলৈ দুহাত মেলি দিলোঁ মই...
ক্ৰমে সপোন এটাৰ শেষত কঠোৰ বাস্তৱলৈ ঘূৰি আহিলোঁ মই৷ মই মোৰ বাবেই অপৰিচিত হৈ পৰিছোঁ৷ দুভাগত বিভক্ত হৈ পৰা মোৰ শৰীৰ আৰু মন দুটা ভিন্ন সত্ত্বা হৈ মোৰ বাট ভেটি ধৰিলেহি৷ সময় ধ্ৰুৱক হৈ পৰিছে৷ মই প্ৰকৃততে কোন? মোৰ শৰীৰটো মই নে মোৰ মনটো মই? কোনজনী মই মোৰ বৰ্তমান! ভৰপক ধাননি পথাৰৰ গোন্ধত তাহানিতে ৰৈ যোৱা মোৰ কোমল মনটো বৰ্তমানৰ পৰিপক্ক দাগভৰ্তি শৰীৰটোৰ সৈতে যে কোনোপধ্যে সহযাত্ৰী নহয় আৰু! মোৰ দেহটোতে অতবোৰ ষড়যন্ত্ৰ ৰচনা হৈ গৈছে অথচ মই উমানেই নাপালোঁ!
মই খুটিয়াই খুটিয়াই সোমাই গৈ থাকিলোঁ নিজলৈ৷ তাহানিৰ মই এতিয়াৰ মোৰ সৈতে কোনোপধ্যেই একাত্ম নহয়৷ সেই বিভেদ কেতিয়া ঘটি গল মোৰ অজানিতে? সময়ৰ সৈতে, মোৰ জীৱনৰ প্ৰথম আৰু শেষজন পুৰুষৰ সৈতে কিয় ঘটি গ’ল সেই বিচ্ছেদ মোৰ মনত নপৰে৷ কি তাড়নাই মোক সেই নিষ্পাপ অনুভৱৰপৰা আঁজুৰি লৈ আহিল মোৰ বোধৰ বাহিৰত৷ মোৰ চেতনৰ এক অৱশেষ নিঃস্বৰ দৰে পৰি ৰ’ল কোনোবা এখন হালধীয়া ধাননি পথাৰত৷ কি এক আচৰিত ৰহস্যঘন মোৰ এই চেতন অৱচেতনৰ তৰপবোৰ! কি এক প্ৰহসন! কি এক দুৰ্বোধ্য ষড়যন্ত্ৰ সময়ৰ, মোৰ শৰীৰৰ, মোৰ মনৰ মোৰেই সমগ্ৰতাৰ বিৰুদ্ধে! ভীষণ টনা-আঁজোৰা চলিছে মোৰ মাজত৷ মই পুনৰবাৰ পিষ্ট হৈ পৰিছোঁ৷ মোৰ মনে ত্যাগ কৰা এই শৰীৰটো মই নে শৰীৰে বিচ্ছিন্ন কৰি পেলোৱা মনটো মোৰ? মই আচলতে কোন? সময়ে নিদিয়ে এই উত্তৰ৷ সময় এতিয়া ধ্ৰুৱক মোৰ পৃথিৱীত৷
ঠিকনা :
গুৱাহাটী
ভ্ৰাম্যভাষ - ৯৮৫৪০৮৫৭২০