দেৱজিত হাজৰিকা
ব্ৰহ্মানন্দ পাচনিয়ে নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব
পৰা নাই, বাৰে বাৰে ব্যৰ্থ হৈছে, যেন তাৰ কোবাল সোঁতে তুলিকাডাল পিচলাই পিচলাই লৈ যায়,
খোপনিটো ধৰিব পৰা নাই৷ তিনিদিন ধৰি তেওঁ এই চেষ্টা অব্যাহত ৰাখিছে৷ আজিও তাৰ ব্যতিক্ৰম
হোৱা নাই৷
হঠাৎ নৈৰ সিপাৰৰ পৰা অহা ঢোলৰ কেঁচা কঁপনি এটাই ব্ৰহ্মানন্দ পাচনিক চুই গ’ল৷ খন্তেক ৰং-তুলিকা সামৰি কাণ ঊণাই ৰৈ গ’ল তেওঁ৷ কোনোবাই বিহুৰ ৰিহাৰ্চেল কৰিছে৷ চ’তৰ চকৰিত ইতিমধ্যে বহাগ ঘূৰিবলৈ আৰম্ভ কৰিছেই৷ নৈখনৰ সিপাৰত তেওঁৰ পত্নী ৰতিৰ মাকৰ ঘৰ৷ আজিৰ পৰা পঁয়ত্ৰিছ বছৰৰ আগতে এদিনাখন জোনাক ৰাতি নাও লৈ পলুৱাই আনিছিল ১৮ বছৰ বয়সীয়া সুন্দৰী ৰতিক৷
আজিকালি ষাঠিৰ উৰ্ধ্বৰ ব্ৰহ্মানন্দ পাচনিক গাঁৱৰ প্ৰায়বোৰ ল’ৰা-ছোৱালীয়ে বৰদেউতা আনকি দুই-একে ককা বুলিও মাতে৷ তেওঁ দুজনী ছোৱালী বিয়া দিলে৷ কণমানি নাতিও দুটা হ’ল৷
ঢোলৰ মাতটো নদীখনৰ
সোঁতেদি উজাই কেঁকুৰি এটাত ঠেকা খাই ৰজনজনাই উঠিল৷ বাৰ্ধক্যমুখী ব্ৰহ্মানন্দই এবাৰ
তেওঁৰ ভিতৰত লুকাই থকা ভৰ ডেকেৰুৱা ব্ৰহ্মানন্দজনক খেপিয়াই চালে৷
যদিও নদীখন খহনীয়াত আগতকৈ জৰৌৰৌৱা হ’ল, সোঁত পিছে অকণো কমা নাই৷ য’তে বাধা পাইছে ত’ত পানীয়ে ঘূকুটিয়াই ঘূকুটিয়াই ডুবি একোটাহে খান্দি পেলাইছে৷
তেওঁৰ বাবে নৈ এখনৰ চিত্ৰকৰ্ম বৰ কঠিন৷ তাতে এই আজন্ম সহচৰ নৈখন অঁকাটো তাতোকৈও জটিল কাৰবাৰ হ’ব৷ এই নদীতেই তেওঁৰ ককা, আজোককাসকলে বৰ বৰ জালেৰে বৰ-বৰ মাছ ধৰিছিল৷ দেউতাক-বৰদেউতাকহঁতে আনন্দমনে তাত গা-পা ধুইছিল৷ একালত আইতাকহঁত আনকি তেওঁৰ মাক-বৰমাকহঁতে ভাত ৰান্ধিবলৈ চাউল-পাত পৰ্যন্ত তাতে ধুইছিলগৈ৷ তেতিয়া তাৰ পানী আইনাৰ দৰে আছিল৷
এতিয়া তেল কোম্পানীৰ
পাইপ ফুটাই চুৰি কৰা খাৰুৱা তেল, প্লাষ্টিকৰ পেলনীয়া বিবিধ বস্তু আৰু প্ৰদূষিত পদাৰ্থই
তাক লেতেৰা কৰি তুলিলে৷ আজিকালি চাউল পাত শাক-পাচলি ধোৱা দূৰৰ কথা, সৰহভাগ মানুহে তাত
গাও নোধোৱে৷
তেওঁৰ নদীখনলৈ বৰ
দুখ লাগে৷ গোটেই নদীখন যেন এমূৰৰ পৰা আগৰ নিচিনাকৈ চাফা কৰি পেলাব তেওঁ৷ পাহাৰৰ পৰা বৰনৈলৈকে !!
তেওঁৰ মতে নদী নদীয়েই,
সৰুৱেই হওক বা ডাঙৰেই হওক৷ পল ৰবচনৰ বৃদ্ধ
মিচিছিপিয়েই হওক, সুধাকণ্ঠৰ বুঢ়া লুইতেই হওক, ব্ৰহ্মানন্দৰ এই আজন্ম লগৰী চেনেহী নৈখনেই হওক৷ নদীয়াল জীৱন চহকী৷
যেন আকাশৰহে প্ৰতিচ্ছবি এই নদী৷ তাত প্ৰতিফলিত হয় সূৰ্য আৰু ৰাতিৰ তৰাখচিত
ব্ৰহ্মাণ্ড আৰু তাৰ পাৰতে গা ধুই কাপোৰ সলায় ৰাতিৰ জোনে ৷
অমৃতময় আত্মা থাকে
নদীত, থাকে সপোন, অনন্ত কাল নিৰৱধি নদী বৈ থকা বাবেইতো ইমানবোৰ সেউজীয়া পাৰে-পাৰে৷ সিক্ত চহৰ-নগৰ, কৃষিভূমি৷
নদী বেদুইন, বৈ যায় অনন্তকাল সাগৰ অভিমুখে৷
জীয়া জোনটোক বুকুত
লৈ নদীৰ প্ৰাৰ্থনা, নদীৰ নাচোন, সাজোন-কাচোন, সপোন সকলো সাগৰক লৈ৷ সাগৰ নদীৰ উপাস্য
দেৱতা৷ নদীয়ে সপোন দেখে সাগৰৰ, প্ৰেমত পৰে, বিলীন হৈ ৰয় তাতে সৰ্বতিকাল৷ সৰুতে শুনা
কোনোবা এখন নাটকৰ বচন এষাৰি মনত পৰি যায় ব্ৰহ্মানন্দৰ- ‘জানানে বাসন্তী, সাগৰত পৰোঁ
বুলি ওলায় যেতিয়া নদী পৰ্বতবিদাৰি, কাৰ সাধ্য ৰোধে তাৰ গতি? আ: নদীৰ গভীৰত কোনোবা ঐতিহাসিক
মাছৰ প্ৰাচীন মুদ্ৰা৷
অতবোৰ কথাৰে সাধুপৰী
হৈ উঠা নৈ এখনক শিল্পকৰ্মত ধৰি ৰখা বৰ কঠিন কাম৷
কাগজ, ৰং-তুলিকাসমূহ
মোনাত ভৰাই ব্ৰহ্মানন্দই পাৰত বান্ধি থোৱা এজাৰ কাঠৰ নাওখনৰ বান্ধ খুলিলে৷ এখন বহু
পুৰণি নাও, যিখন নাৱত উঠাই ৰতিক পলুৱাই আনিছিল তেওঁ৷ ব’ঠাপাত এৰি তাতে উঠি সোঁতত এৰি
দিলে নিজক৷ ন পানীৰ উতনুৱা সোঁতে অকলশৰীয়া মানুহটোক উটুৱাই লৈ গৈ থাকিল৷
ব’ঠাহীন নাওখন পকনীয়া
এটাৰ প্ৰায় মুখতে পৰি তিনিপাকমান ঘূৰিল৷ অৱশ্যে আকৌ বাট ল’লে৷ কিছু দূৰ গৈ খন্তেক পাছত
কেঁকুৰি এটাৰ কাষৰ পাৰ এছোৱাত লাগি ধৰি ৰৈ গ’ল নাওখন৷ এইবাৰ ব্ৰহ্মা নামি গ’ল পাৰলৈ৷
তেওঁ সিটো পাৰ পালেগৈ৷
দুজন মানুহে দুখন
জাল লৈ মাছ মাৰি আছে৷
পাৰত থিয় দি সৰু সৰু ল’ৰা-ছোৱালী দুটামানে মাছ ধৰা চাইছে৷
একালত গৰম কালি মানুহে
নৈৰ পাৰৰ বাঁহৰ বেঞ্চিত বহি বতাহৰ জুৰ লৈছিল, তাছপাত খেলিছিল৷ কিছুমানে তাতে বহি বানপানী
আৰু মথাউৰিৰ কথা পাতিছিল৷
তাৰ মাজতো বহু মজাৰ ঘটনা ঘটিছিল৷
দুপৰীয়া নিজানত গা
ধোৱা বোৱাৰীবোৰক কেইটামান অঘাইটং আবিয়ৈ ডেকাই
পাৰৰ বৰগছৰ আঁৰৰ পৰা জুমি জুমি চাইছিল৷ সিহঁতৰ কাম কেৱল সেয়াই আছিল বুলি ব্ৰহ্মাই
শুনিছিল৷ আজিকালি সেইখন জগত নাই৷ আজিকালি নদীত গা ধোৱা মানুহো নাই, জুপিবলৈ ডাঠ হাবি
অথবা বৰগছবোৰো নাই, পাৰে পাৰে পিটপিটাই ঘূৰি ফুৰা চেঙেলীয়া ডেকাবোৰো নাই৷ ভাল ভাল ডাঙৰ
গছবোৰ কাটি মানুহে পকীঘৰত লগালে, কোনো কোনোৱে
ফাৰ্নিচাৰ, আলমিৰা আদি সজালে৷ কোনোৱে ছোৱালীৰ যৌতুকৰ বাবে আচবাব সজালে৷
চকুৰ আগতে বহুত সলনি
হ’ল নৈ আৰু তাৰ কাহিনী৷ ব্ৰহ্মাই নাওখন পাৰত বান্ধি মাছমৰীয়া দুটাৰ লগত কথা পাতিবলৈ
ধৰিলে৷
আগৰ দৰে মাছ নাই৷
পানীত কোম্পানীৰ খাৰুৱা তেল মিহলি হোৱাৰ বাবে মাছৰ শ্ৰীবৃদ্ধি একেবাৰে কমি গ’ল৷
ব্ৰহ্মানন্দ পাচনি
এগৰাকী ভাল চিত্ৰকৰ৷ অঞ্চলৰ সকলোৱেই তেওঁক চিনি পায়৷বিশেষকৈ প্ৰকৃতিৰ লগত তেওঁৰ নিবিড়
সম্পৰ্ক৷ পথাৰ, কৃষিজীৱী গ্ৰাম্য জীৱন,অৰণ্য,নদী, চৰাই, বন-উপবন আদিয়েই তেওঁৰ চিত্ৰকৰ্মৰ
মূল উপজীব্য৷ পুৱা-গধূলি ওচৰৰে ল’ৰা-ছোৱালী দুটামানক টিউশ্বন কৰে আৰু এনে ধৰণৰ ছবিসমূহ
আঁকি অতি কম মূল্যতে বিক্ৰী কৰে৷ সেই ধনেৰেই
বহু বছৰ ধৰি চাৰিজনীয়া পৰিয়ালটি চলালে তেওঁ৷ অৱশ্যে এতিয়া ছোৱালী দুজনী দুখন ঘৰলৈ উলিয়াই
দিলে৷
চহৰৰ চিনাকী মানুহবোৰ
আৰু গাঁৱৰ সম্ভ্ৰান্ত লোকসকলে তেওঁক ছবিসমূহ আঁকিবলৈ অৰ্ডাৰ দিয়ে৷ মাহটোত কেতিয়াবা
এখন, দুখন ,খুব বেছি তিনিখন ছবি৷ নিচেই সস্তাতে এৰি দিয়ে৷ হাতে অঁকা ছবিৰ আজিকালি বিশেষ
বেছি কদৰ নাই৷ সেয়ে কেতিয়াবা খাতিৰ কৰিও বিক্ৰী
কৰিবলগীয়া হয়৷
কিন্তু, আজি তেওঁ
যিখন ছবি আঁকিবলৈ নৈৰ পাৰৰ নিজানত বহি লৈছিল, সেইখন ছবি বিক্ৰীৰ বাবে নহয়৷ সেইখন তেওঁ
তেওঁৰ পত্নীৰ বাবে আঁকিব বিচাৰিছে৷ এসপ্তাহমান আগতে তেওঁৰ পত্নী ৰতিয়ে আচম্বিতে কৈ
উঠিছিল, কোনোদিনে নোকোৱা এষাৰ কথা৷
ব্ৰহ্মানন্দৰ কাণত
ৰতিৰ কথা কেইষাৰ পুনৰ ধ্বনিত হ’ল-
“আমি হ’লোঁ দুখীয়া
মানুহ, পেটে ভাতে খাই থকা৷ আমাৰ কোনো উচ্চাকাংক্ষা নাই, থাকিলেও শোভা নাপায়৷ ধনী মানুহবোৰে
পত্নীসকলক গহনা, দামী কাপোৰ আদি উপহাৰ দিয়ে৷ তেওঁলোকে স্বামীৰ পৰা এনেবোৰ উপহাৰ আশাও
কৰে৷ আমাৰতো আৰু জীৱন সংগ্ৰামৰ ব’ঠা কোবাওঁতে কোবাওঁতেই দিন গ’ল! উপহাৰ বুলিওযে শব্দ
এটা আছে সেয়া আমাৰ মন-মগজুৰ পৰা সুদূৰত৷ অৱশ্যে, সৰু-সুৰা কম দামতে পোৱা বস্তুও উপহাৰ
হ’ব পাৰে৷ কিন্তু মই আজিলৈকে আপোনাৰ পৰা কোনো উপহাৰ দাবী অথবা আশা কৰা নাই, আপুনি নিজেই
মোৰ বাবে এক বৃহৎ উপহাৰ৷”
কথাষাৰে ব্ৰহ্মানন্দক
অতিকে আচৰিত কৰি তুলিলে৷ সপোন যেন লগা কথাষাৰৰ উত্তৰত কি ক’ব তেওঁ ভাবিয়ে নাপালে৷ মুখেৰে
একো নামাতিলেও৷
মাথোঁ, ওৰে ৰাতি
নিৰলে ভাবিলে, ৰতিয়ে কি বিচাৰে আৰু কি উপহাৰে তাইৰ মন ভৰাই তুলিব৷
বস্ত্ৰ-গহনাৰ বিলাসিতাতো
তাইৰ সমূলি নাই৷ কিন্তু …
“আপুনি নিজেই মোৰ
বাবে এক বৃহৎ উপহাৰ৷” - এই কথাষাৰে ব্ৰহ্মাৰ অন্তৰত এক অনাবিল আনন্দৰ জোৱাৰ তুলিলে৷
তথাপি যেন ৰতিয়ে
মৰমৰ উপহাৰস্বৰূপে কিবা এটা মূৰ্ত বস্তুৱেই বিচাৰে !
বহু সময় ভাবি ভাবি
অৱশেষত ব্ৰহ্মানন্দই ঠিৰাং কৰিলে যে ৰতিক তেওঁ নিজ হাতে অঁকা এখন ছবি উপহাৰ
দিব, যিখন ছবি তেওঁ ওৰেটো জীৱন অঁকা সকলো ছবিতকৈ সুন্দৰ হ’ব৷
***
ভ্ৰাম্যভাষ : ৭০০২৯৩২৭০২